তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ
গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বিজয় সংকল্প সমাৰোহ

এখনৰ পাছত আন এখন জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা
সভাত উপস্থিত বিজেপিৰ কেইবাশতাধিক সমৰ্থক
তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ
গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বিজয় সংকল্প সমাৰোহ

এখনৰ পাছত আন এখন জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা
সভাত উপস্থিত বিজেপিৰ কেইবাশতাধিক সমৰ্থক
অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চৰ সফল সামৰণি । অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমীয়ে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ স্ক’ৰাৰসকলৰ দুদিনীয়া এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ আৰু পৰীক্ষাৰ আজি সফলতাৰে সামৰণি পৰে ।

বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়াম প্ৰাংগনৰ নাইন্টী য়াৰ্ডছ ক্লাব অডিটৰিয়ামত হোৱা এই সফল কাৰ্যসূচীত ৯০ গৰাকীৰো অধিক স্ক’ৰাৰে অংশগ্ৰহণ কৰে ।

সামৰণি অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সচিব তথা এ চি এৰ ক্ৰিকেট একাডেমীৰ সদস্য-সচিব দেৱজিত শইকীয়া, এ চি এৰ উপ সভাপতি ৰাজদীপ ওজা, যুটীয়া সম্পাদক তথা একাডেমীৰ অধ্যক্ষ ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰন্জিত লাংথাছাকে ধৰি বিচিচিআইৰ স্ক’ৰাৰ এডুকেটৰ পি জয়পালো উপস্থিত আছিল।
টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয়
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ
চিকিৎসক নিয়োগৰ দাবী
ৰাজ্যত স্বাস্থ্য সেৱাৰ নামত চলিছে চৰম অৰাজকতা, ঠায়ে-ঠায়ে আটকধুনীয়াকৈ চৰকাৰে কৌটি কৌটি টকা খৰচ কৰি স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও চিকিৎসাৰ বাবে নাই চিকিৎসক। কামৰূপৰ নগৰবেৰাৰ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো তাৰে এক বাস্তৱ উদাহাৰণ। প্ৰায় ২ মাহ ধৰি টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত নাই এজনো চিকিৎসক, চিকিৎসকৰ সলনি এজন ফাৰ্মাচীষ্টে চলাইছে স্বাস্থ্য কেন্দ্ৰটো। যাৰ বাবে অঞ্চলটোৰ প্ৰায় ৭০/৮০ হাজাৰ লোকে চিকিৎসাৰ নামত নৰক যন্ত্ৰণাত ভুগিছে।

প্ৰতিদিনে স্বাস্থ্য কেন্দ্ৰটোলৈ অহা ৰোগী সকলে বিনাচিকিৎসাই বিমূখ হৈ উভতি যাবলগীয়া হৈছে। ৰাইজে বিভাগীয় কতৃপক্ষক বহু আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে স্বাস্থ্য কেন্দ্ৰটোত নিয়োগ নকৰিলে এজনো চিকিৎসক যাৰ বাবে নিম্নতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ১৯৯৫ চনত স্থাপিত হোৱা টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিযুক্তি দিয়াৰ পিছত ৫/৬ মাহ দায়িত্ব পালন কৰাৰ পাছত ৰাস্তা-ঘাট বেয়া হোৱাৰ অভিযোগ কৰি বদলি হৈ যায়। তাৰ পিছতেই ৰোগী সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ। ইয়াৰ উপৰিও স্বাস্থ্য কেন্দ্ৰটোত আছে বহু অভাৱ-অভিযোগ। শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকীকৈ চিকিৎসক নিয়োগ কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰটোত থকা অভাৱ অভিযোগ সমুহ পূৰণ কৰাৰ দাবী জনাইছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে।
১০ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এবিধ ৰোগ হৈছে ডায়েবেটিছ ৰোগ। ইয়াৰ বাবে পিতৃ-মাতৃৰ বহু অভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলী দায়ী, সমগ্ৰ বিশ্বতে শিশুৰ ডায়েবেটিছৰ ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰততো এয়া চিন্তনীয় বিষয় হৈ পৰিছে। আগতে এই ৰোগ কেৱল প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতহে হৈছিল, কিন্তু এতিয়া শিশুৰ ক্ষেত্ৰতো ই সাধাৰণ হৈ পৰিছে। শৰীৰৰ তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি হ’লে আন অংগবোৰতো প্ৰভাৱ পৰে। ইয়াৰ বাবে ডায়েবেটিছক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। কিন্তু আপুনি জানেনে যে শিশুৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ আঁৰৰ কাৰণ কেৱল জিনীয় নহয়, পিতৃ-মাতৃৰ ভুলো। আজি আমি আপোনালোকক এনে কিছুমান ভুলৰ বিষয়ে জনাম-
শিশুৰ ডায়েবেটিছৰ লক্ষণ-
অত্যধিক পিয়াহ
সঘনাই প্ৰস্ৰাৱ কৰা
অত্যধিক ভোক
ওজন কমি যোৱা
ভাগৰ
দৃষ্টি শক্তি অস্পষ্ট
লাহে লাহে ঘাঁ ভাল হোৱা
শিশুৰ ডায়েবেটিছৰ কাৰণ-
কৃত্ৰিম চেনি গ্ৰহণ কৰা
বেছিভাগ অভিভাৱকে নিজৰ সন্তানক কুকিজ, মিঠাই, পেষ্ট্ৰি আদি বস্তু খুৱাই। ইয়াৰ বাবে শিশুৰ ডায়েবেটিছ ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। আচলতে ইয়াত উপস্থিত কৃত্ৰিম চুগাৰৰ বাবেই এনেকুৱা হয়।
চহৰত বাস কৰা অভিভাৱকসকলে নিজৰ সন্তানক জাংক ফুড, অস্বাস্থ্যকৰ খাদ্য আৰু উচ্চ কেলৰিযুক্ত খাদ্য খোৱাৰ পৰা বাধা নিদিয়ে। ইয়াৰ বাবে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।
হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে এখনি সর্বভাৰতীয় পয্যায়ৰ চিত্রকলা প্রদৰ্শনী ২৭ এপ্রিলৰ পৰা ৩০ এপ্রিল ২০১৬ তাৰিখলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চাগুমাৰী আৰ্টিচ গ্ৰিল্ডত অনুস্থিত হৈ মায়। শিশু বিশেজ্ঞ তথা অভিনেত্রী চলচিত্র নির্মাতা ডা’ শান্তনা বৰদলৈ আৰু অসমৰ জনপ্রিয় অভিনেতা ঘোষক তথা শিল্পী কপিল বৰাই এই অনুস্থানটি শুভ উদ্বোধন কৰে।

সাত জন বিশিষ্ট আমন্ত্রিত চিত্র শিল্পীয়ে ইয়াত অংশগ্রহণ কৰে। আমিনুল হক, অতুলচন্দ্র বৰুৱা, ৰাতুল চন্দ্র গগৈ, অনুপ কুমাৰ শর্মা, শোভাকৰ লঙ্কৰ, শিৱপ্রসাদ মাৰৰ আক কমলকুমাৰ মহন্তৰ দৰে খ্যাতিসম্পন চিত্রশিল্পীয়ে অংশগ্রহণ কৰা চিত্রকলা প্রদৰ্শনীত বহুতো পেচাদাৰী চিত্রশিল্পী তথা যুৱ চিত্রশিল্পীয়ে অসমৰ বিভিন্ন প্রান্তৰ পৰা অংশ গ্রহণ কৰি সমগ্র অনুষ্ঠানটোৰ শোভা বৃদ্ধি কৰে। গোৰেশ্বৰ, নলবাৰী, বৰপেটা পাঠশালা, বঙাইগাঁও, চিৰাং, ডিব্ৰুগড়, মৰাণ, শিৱসাগৰ, ধেমাজী তথা শ্বিলঙৰ পৰা ক্রমে, শিল্পীশিক্ষা শর্মা, বন্দনা গগৈ, নিয়টি দাখন, হিষীকেশ নাথ, ডেইজী শর্মা, হিতেশ দাস, সংগীতা ৰয়, ৰাতুল বৰুৱা; গোবিন্দ মণ্ডল, বিশ্বজিত বেজবৰুৱা, উপাসনা শর্মা, পিউ দত্ত, নীলকমল কাশ্যপ, কুইন জী তালুকদাৰ, ডা’ আমিম বাহাদুৰ চাহআলম, কবিতা পাঠক, ৰশ্মি উপাধ্যায়, দর্শিক জ্যোতি পাঠক, স্নেহা পুৰকায়স্থ, সুৰজ প্রতীম সোনোৱাল, দর্শ’ শইকীয়া, সোমা ৰয়, অর্পনা চেতিয়া, গীতার্থ প্রতীম দাস, নিকুজ্যেতি ডেকা, দর্শিত চেতিয়া, তন্ময় দাস, স্বাগত দাস, ৰিয়া দেব, জুহি দাস, বন্দিতা ডেকা, অর্চনাদেৱী শর্মা, জোনমণি দাস, কুইন ৰাজখোৱা, পার্থ প্রতীম বাঢৈ, ক্রিস্টিনা মহন্ত, অম্বৰিশ ডেকা, নিলাঞ্জনা সেন, প্রযূজ্য গগৈ, জন্মদেৱ দত্ত, সুভম গগৈ, মুনসী বৈশ্য, চয়নিকা গগৈ, বর্ণিল প্রীয়ম বড়া, গৌৰব দেব, নৈহৃত তালুকদাৰ, মুৰ্চনা সোনোৱাল, হিয়ামণি দাস, অৰিজিত মণ্ডল, ধীৰাজ বসুমতাৰী, নিৰ্জ্জুমন বৰা আৰু নিবিড় গোঁহাইয়ে এই চিত্র প্ৰদর্শনীখনত অংশগ্রহণ কৰে।
অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ।

টিহুৰ বড়গাঁও নিবাসী বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ

আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।
অসমীয়া মানুহৰ অতি প্ৰিয় আৰু নহ’লেই নোহোৱা ফলবিধেই হৈছে নেমুটেঙা । গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন সকলোৱেই অনুভৱ কৰে । ঘৰৰ কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে । পেটৰ অসুখ হ’লে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে ভাল হয় ।
নেমুটেঙা খাদ্যপ্ৰাণ ‘গ’ ৰ উৎকৃষ্ট উৎস । ১০০ গ্ৰাম নেমুৰ ৰসত ৫৩ মি:গ্ৰাম খাদ্যপ্ৰাণ ‘গ’ থাকে । ইয়াৰ উপৰি চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম , ফছফৰাছ আদি নেমুত পোৱা যায় ।
’স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাত নেমুৱে সহায় কৰে । স্কাৰ্ভিত আক্ৰান্ত হ’লে দাঁতৰ আলু ফুলে আৰু সোপোকা হয় । দাঁতৰ গুৰিৰ পৰা তেজ ওলায় । নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায় ।
বদহজম, জ্বৰ আদি হোৱাৰ পাছত বা আন কোনো কাৰণত ভালদৰে বোক নলগা ভাব হ’লে নেমুৰ চৰবত খাই উপকৃত হ’ব পাৰি । ই তৃষ্ণা নিবাৰক, ৰক্ত পিত্তনাশক অগ্নিমান্দ্য, বাতবিষ, কাহ-কফ ৰোগ, কোষ্ঠবদ্ধতা, কণ্ঠ ৰোগনাশক আৰু জ্বৰনাশক ।

যকৃত শুদ্ধিৰ বাবে নেমুৰ সমান আন ঔষধ হয়তো নাই । অজীৰ্ণ, বুকু জ্বলা পোৰা কৰা, অতিসাৰ, কলেৰা, টেঙা উগাৰ, কাহ, শ্বাস আদি ৰোগ নেমুৰ দ্বাৰা ভাল হ য় ।
*অতি কাঢ়াকৈ কফি বনাই তাত অলপ নেমু টেঙাৰ ৰস দি তিনিবাৰ খালে পুৰণি মেলেৰিয়া ৰোগ ভাল হয় । নেমুটেঙাৰ গছৰ শিপাৰ বাকলি চূৰ্ণক নেমু টেঙাৰ ৰসেৰে মৰ্দন কৰি বড়ি বনাই শুকাই থ’ব । এই বড়ি ৰাতিপুৱা ৩-৪ টা ঠাণ্ডা পানীৰ লগত খালে পেট ফুলা কমি যায় । এই বড়ি খুব বেছি এমাহ ৰাখিব পাৰিব । পাছত ই গুণহীন হয় ।
শুকান আদা চূৰ্ণ, পিপলি চূৰ্ণ আৰু জালুক চূৰ্ণ প্ৰত্যেকৰে ১২৫ মিলিগ্ৰামকৈ লৈ ১০-২০ মিলিলিটাৰ নেমুটেঙাৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে ৪-৫ দিনৰ ভিতৰতে জণ্ডিচ ৰোগ নাশ হয় ।
জালুক চূৰ্ণ ৫০০ মিলিগ্ৰাম ১০-২০ মিলিলিটাৰ নেমুৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে খোৱাৰ প্ৰতি ৰুচি আহে আৰু খোৱা আহাৰ সোনকালে হজম হয় ।

নেমুটেঙাৰ ৰসৰ লগত গৰুৰ ঘি ভালদৰে মিহলি কৰি কপালত লেপ দিলে শিৰশূল নাশ হয় । নেমুটেঙাৰ ফুল এক গ্ৰাম চাউল ধোৱা পানীৰে বটি দিলে ৩-৪ বাৰ সেৱন কৰিলে ৰক্তপিত্ত ৰোগ নিবাৰণ হয় ।
নেমুটেঙাৰ ৰস ৫ মিলিলিটাৰ ২৫ মিলিলিটাৰ পানীৰ লগত দিনে দুবাৰকৈ সেৱন কৰিলে অম্লপিত্তজনিত উদৰশূল নাশ হয় ।
নেমুটেঙাৰ ৰস ১০-২০ মিলিলিটাৰ, অকণমান সৈন্ধৱ লোণ মিহলি কৰি প্ৰায় ২৫ বাৰ খালে হেকতি অহা ৰোগ প্ৰশমন হয় ।
জ্বৰ বা পানী লগাত নেমুৰ ৰস খোৱাটো উত্তম । নেমুৰ ৰসত মৌ মিহলাই খালে শুকান কাহ, পানীলগা জ্বৰ ভাল হয় । নেমুৰ ৰসত থকা ভিটামিন ‘চি’ য়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায় ।
টনচিলাই টিছত এগিলাচ গৰম পানীত এটা নেমুৰ ৰস চাৰি চাহ চামুচমান মৌ আৰু সামান্য নিমখ মিহলাই পি খালে উপশম পোৱা যায় ।
নেমুৰ চৰবত যথেষ্ট টান ৰ’দত ৰাখি বায়ু সোমাব নোৱাৰাকৈ বটলত সাঁফৰ মাৰি ছমাহ পৰ্যন্ত ৰাখিব পাৰি ।
লেখক :- অনিল চন্দ্ৰ শৰ্মা
গ্ৰীষ্মকালত আমি ACক অধিক অগ্ৰাধিকাৰ দিওঁ। ACৰ অবিহনে ঠাণ্ডা অনুভৱ যেন কৰিবয়ে নোৱাৰি। এচিয়ে আৰাম দিয়ে, কিন্তু এয়াৰ কণ্ডিচনাৰটো সকলো সময়তে চলি থাকিব নোৱাৰি। এটা কোঠাত এচি অন কৰিলে পিছৰ কোঠাটো জুই হৈ পৰে। সকলো দিশতে এচিৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ লগে লগে তাপৰ মাত্ৰাও বৃদ্ধি পাই আৰু লোড শ্বেডিং পাহৰি যোৱা উচিত নহয়। তাৰ পিছত এচি নোহোৱাকৈ ঘৰখন শীতল কৰি ৰখাৰ কথা ভাবিব লাগিব। ইয়াৰ বাহিৰেও যদি আপুনি গোটেই দিনটো এচি চলাই থাকে তেন্তে মাহৰ শেষত আপোনাৰ পকেট খালী হ’ব, গতিকে সেই দিশটোৰ বিষয়েও চিন্তা কৰিব লাগিব। গ্ৰীষ্মকালত যদি আপুনি এয়াৰ কণ্ডিচনাৰ বেছি নোলোৱাকৈ ঘৰখন বেলেগ ধৰণে ঠাণ্ডা কৰাৰ কথা ভাবিছে নেকি? এচিৰ খৰচ কমাই গৰমৰ পৰা কেনেকৈ মুক্তি পাব পাৰি জানি লওক-
বজাৰত এচি অহাৰ আগতেও গৰমৰ দিনত মানুহে দিন পাৰ কৰিছিল। সেই সময়ত ঘৰৰ খিৰিকীত তিতা কাপোৰ ওলোমাই ৰাখিছিল। দুপৰীয়া পৰ্দাত অলপ পানী ছটিয়াই দিলে ঘৰটো বৰ ঠাণ্ডা হৈ পৰে।
পৰ্দা নাথাকিলে তিতা চাদৰ এটা ভাল বিকল্প হ’ব পাৰে। ডাঠ চাদৰ এখন তিয়াই খিৰিকীত ওলোমাই দিব পাৰে। দিনত এচিৰ প্ৰয়োজন নহ’ব। লগতে গৰমৰ দিনত পাতল ৰঙৰ কপাহী বিচনা চাদৰ ব্যৱহাৰ কৰিব লাগে। কপাহে তাপ শোষণ কৰে। গতিকে বিচনাখনত মেট বা কুল পেড লগালেও বিচনাৰ তাপ বহুত কমি যাব।
সাধাৰণ টিউব লাইটে কোঠাটো গৰম কৰি তোলে। সম্ভৱ হ’লে কম পোহৰৰ এল ই ডি ব্যৱহাৰ কৰক। ই আপোনাৰ ঘৰখন ঠাণ্ডা কৰি ৰাখিব। দিনত অপ্ৰয়োজনীয়ভাৱে লাইট জ্বলাই ৰাখিব নালাগে।
ঘৰত গছ-গছনি থাকিলেও গৰমৰ দিনত বহুত আৰাম পাব পাৰি। খিৰিকীৰ কাষত গছ-গছনি থাকিলে ভাল।
ঘৰত এচি থাকিলে কাম নহয়। এচিৰ খৰচ ৰাহি কৰিবলৈ ডিভাইচটো বুদ্ধিমানৰূপে চলাব লাগে। এচি চলাওঁতে কেইটামান নিয়ম মনত ৰাখিব।
১. সময়মতে এচি চাৰ্ভিচ কৰক।
২. প্ৰতি সপ্তাহত ঘৰতে এচি ফিল্টাৰ পৰিষ্কাৰ কৰক।
৩. ৰাতি শুই থকাৰ সময়ত ACT টো অফ অৱস্থাত ৰাখক।
৪. শুই উঠাৰ আগতে এচি টাইমাৰ ছেট কৰিবলৈ নাপাহৰিব।
৫. এচিৰ উষ্ণতা বেছি কম নাৰাখিব, প্ৰয়োজন হ’লে ফেনৰ সহায়ত এচি চলাওক।
অসমৰ বাবে ভাল খবৰ
ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’।

চলিত বৰ্ষৰ গ্রীণ অস্কাৰ গ’ল্ড বঁটাপ্ৰাপ্ত একমাত্র পৰিৱেশবিদ।
বুধবাৰে লণ্ডনত ড০ পূৰ্ণিমা দেৱী বৰ্মনক প্রদান কৰা হ’ব গ্রীণ অস্কাৰ গ’ল্ড বঁটা।

দুষ্প্রাপ্য হাড়গিলা সংৰক্ষণত আগবঢ়োৱা অৰিহণাৰ বাবে এই বঁটা প্ৰদান কৰিব।
মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক। অসমীয়াৰ গৌৰৱ ডঃ বুদ্ধ ডেকা বৰুৱাই শিৱসাগৰৰ ডিমৌৰ নিতাইপুখুৰীৰ চৰকাৰী অসমীয়া মাধ্যমত পঢ়িছিল।

মেট্ৰিকত ৫৯% পাই উত্তীৰ্ণ হৈছিল। IISc ত পি এইচ ডি কৰা ডঃ বুদ্ধ ডেকা বৰুৱাই Cambridge University ৰ সন্মানীয় নিউটন ফেলশিপ লাভ কৰিছিল ডক্টৰেটৰ বাবে।

সন্মানীয় নিউটন ফেলশিপ লাভ কৰা তেওঁ হৈছে প্ৰথম অসমীয়া। তেওঁ বৰ্তমান University College London ৰ সহযোগী অধ্যাপক।