Home Blog Page 850

যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…

যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক। যোৰহাটৰ মেলেং কপাহধৰাত সংঘটিত ধন দাবীৰ ঘটনা।

ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে ৫ লাখ টকা দাবী। তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা ৩০০ টকাকৈ দাবী।

ধন নিদিয়া বাবে ব্যৱসায়ীজনৰ ৪ খন ডাম্পাৰ জব্দ গুণ্ডা বাহিনীৰ।

শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…

নাৰায়ণপুৰৰ শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু।

দুৰ্গা গৌতম আছিল উত্তৰ শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক।

নিজৰ বাৰীত ট্ৰেক্টৰেৰে মাটি পেলাই থকা অৱস্থাত এই অঘটন।

মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…

নগাঁও লোক সভাৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত সম্প্ৰতি লোকসভা আসন খনৰ ফলাফলক লৈ বিভিন্ন দলীয় কৰ্মী সকল যোগ বিয়োগত ব্যস্ত হৈ পৰিছে। দলীয় কাৰ্যালয় সমূহৰ ওপৰিও আনকি চাৰিআলি, হুটেলৰ চাহৰ আদ্দাৰ মাজতো প্ৰাধান্য লাভ কৰিছে নিৰ্বাচনৰ সাম্ভাব্য ফলাফলে। সকলোৱে আত্ম পক্ষ সমৰ্থন কৰি কোন কিয় জিকিব বা হাৰিব তাৰ যোগ বিয়োগ কৰি মন্তব্য আগবঢ়াই পৰিবেশ গৰম কৰি তুলিছে। দুই একে জিকা হাৰাৰ বাজি মাৰি আনকি জুৱাত অৱতীৰ্ণ হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে লাহৰীঘাট মৈৰাবাৰী আদি অঞ্চলত।তাৰ মাজতে নিৰ্বাচনৰ পাছতে মৰিগাঁও জিলাত নিৰ্বাচনৰ দায়িত্ব পালন কৰা পুলিং আৰু প্ৰিজাইডিং অফিচাৰ সকলকে প্ৰমোখ্য কৰি বিভিন্ন নিৰ্বাচন কেন্দ্ৰত নিৰাপত্তাৰ পৰা বিভিন্ন দায়িত্ব পালন কৰা লোক সকলৰ মাজত বিশেষ ভাৱে চৰ্চিত হৈ পৰিছে মৰিগাঁও জিলা উপায়ুক্ত গৰাকীৰ নাম। কিয়নো এই বিষয়া কৰ্মচাৰী সকলে বিভিন্ন ভোট কেন্দ্ৰলৈ যাত্ৰা কৰাৰ পৰা আৰম্ভ কৰি উভতি অহা পৰ্যন্ত কোনো ধৰণৰ যাতে কষ্ট নাপাই তাৰ বাবে মৰিগাঁও জিলা উপায়ুক্ত গৰাকীৰ নেতৃত্বত মৰিগাঁও জিলা জনসংযোগ বিভাগে বিশেষ সতৰ্ক অৱলম্বন কৰে।

উল্লেখ্য যে মৰিগাঁও জিলাত প্ৰাক-নিৰ্বাচনী কাম কাজত জড়ীত লোক সকলক নিম্ন মানৰ খাদ্য প্ৰদান কৰা বুলি এক অভিযোগ উত্থাপন হৈছিল। এনে অভিযোগ উত্থাপন হোৱা মাত্ৰকে জিলা উপায়ুক্ত গৰাকীয়ে নিজেই প্ৰাক-নিৰ্বাচনী কাম-কাজৰ দায়িত্বত থকা লোক সকলৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰি বিষয় টো গুৰুত্ব সহকাৰে পৰ্যবেক্ষন কৰি কোনো কাৰণত যাতে প্ৰাক নিৰ্বাচনী কাম কাজৰ দায়িত্ব পালন কৰা লোক সকলক নিম্ন মানদণ্ডৰ খাদ্য প্ৰধান কৰা নহয় তাৰ বাবে ঠিকা লাভ কৰা প্ৰতিষ্ঠানক কঠোৰ সকিয়নী দিয়ে। সমান্তৰালকৈ জিলা জনসংযোগ বিভাগেও বিষয় টোত তীক্ষ্ণ দৃষ্টি ৰাখে। তেতিয়াৰ পৰা ধাৰাবাহিক ভাৱে নিৰ্বাচনৰ কাম-কাজত জড়ীত লোক সকলে যাতে কোনো কিষেত্ৰত অসুবিধা নাপায় তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখে জিলা প্ৰশাসনে। আনকি ২৪ এপ্ৰিলৰ পৰা উপায়ুক্ত গৰাকীয়ে বিভিন্ন প্ৰান্তৰ পৰা অহা পুলিং আৰু প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে নিৰাপত্তাৰ দায়িত্বত বিভিন্ন ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা লোক সকলে ই ভি এম গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ পৰা খাদ্য গ্ৰহণ কৰি ৰাওনা হোৱালৈ সকলো দিশ পৰ্যবেক্ষণ কৰে কৰে উপায়ুক্ত গৰাকীয়ে। পূৰ্বে হৈ যোৱা বিভিন্ন নিৰ্বাচনত প্ৰায়ে পুলিং আৰু প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে নিৰাপত্তাৰ দায়িত্বত যোৱা লোক সকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিবৰ্তে এইবাৰ অতি নিয়াৰিকৈ জিলা খনত পুলিং প্ৰিজাইডিং অফিচাৰ সকলক বিভিন্ন কেন্দ্ৰলৈ সকলো ধৰণৰ সুবিধা প্ৰদান কৰি জিলা প্ৰশাসনে প্ৰেৰণ কৰিবলৈ সক্ষম হয়। তদুপৰি ভোট গ্ৰহণৰ পাছতো ষ্ট্ৰং ৰূমলৈ ঘুৰি অহা পুলিং প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে বিভিন্ন ভোট কেন্দ্ৰৰ পৰা দায়িত্ব পালন কৰি ঘুৰি অহা অন্যান্য বিষয়া তথা নিৰাপত্তা ৰক্ষী সকলক মৰিগাঁও জিলাৰ ডায়েট ( DIET) ত সাজু কৰা সু-সৰ্জিত মঞ্চৰ সন্মুখত উপায়ুক্ত গৰাকীৰ নেতৃত্বত মৰিগাঁও জিলা জনসংযোগ বিভাগে অভিবাদন জনাই। ভোট কেন্দ্ৰত ভোট গ্ৰহণ কৰি ই ভি এম লৈ প্ৰথমে প্ৰবেশ কৰা পুলিং আৰু প্ৰিজাইডিং অফিচাৰৰ দল টোক গামোছাৰে আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই। তদুপৰি দিনটো অতি কষ্টৰে মানসিক চাপ লৈ ভোট কেন্দ্ৰ সমূহত দায়িত্ব পালন কৰি ঘুৰি অহা কৰ্মচাৰী সকলৰ মানসিক প্ৰশান্তিৰ বাবে মৰিগাঁও জিলা ডায়েট ( DIET) প্ৰাঙ্গনত সু-সৰ্জিতঢ মঞ্চত এখনি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে।

তদুপৰি দায়িত্ব পালন কৰি অহা প্ৰতিগৰাকী বিষয়া, নিৰাপত্তাৰক্ষীক সুস্বাদু ব্যঞ্জনেৰে তৃপ্তিৰ এসাঁজ যোগান ধৰে জিলা প্ৰশাসনে। জিলা উপায়ুক্ত গৰাকীৰ নেতৃত্বত মৰিগাঁও জিলা জনসংযোগ বিভাগেও প্ৰতিজন লোকক আপ্যায়ন কৰাত পূৰ্ণ সহযোগ কৰে। সাধাৰণতে যিকোনো এটা নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে পুলিং – প্ৰিজাইডিং অফিচাৰ সকলে ভোট কেন্দ্ৰৰ পৰা ঘুৰি অহাৰ পাছত ই ভি এম জমা দিয়ালৈকে সাধাৰণতে সন্মুখিন হোৱা তিতা কেহা অভিজ্ঞতাৰ কথা চৰ্চা কৰা পৰিলক্ষিত হয়। তাৰ পৰিবৰ্তে মৰিগাঁও জিলাত নিৰ্বাচনৰ পাছত পুলিং প্ৰিজাইডিং আৰু আন আন দায়িত্ব পালন কৰা লোক সকলৰ মাজত এইবাৰ চৰ্চা হৈছে মৰিগাঁও জিলাৰ নিৰ্বাচন পক্ৰীয়া টো সু-পৰিকল্পিত ভাৱে পৰিচালনা কৰা মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ সফলতাৰ কথা। প্ৰতিজন জিলা উপায়ুক্তই দেৱাশীষ শৰ্মাৰ পদাংকন অনুকৰণ কৰিলে নিশ্চিত ভাৱে প্ৰতিখন জিলাতে প্ৰতিটো নিৰ্বাচন সু – পৰিকল্পিত ভাৱে যে সম্পন্ন হব তাত কোনো সন্দেহৰ অৱকাশ নাই।

তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কৰ্ণাটকৰ শাসকীয় দলক তীব্ৰ আক্ৰমণ চলাই কয় যে কংগ্ৰেছে ৰাজ্যখনৰ ছোৱালীজনীক সুৰক্ষা প্ৰদান কৰিব পাৰিবনে? প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দেশত “চাঞ্চল্য” সৃষ্টি কৰ্ণাটকৰ এখন মহাবিদ্যালয় চৌহদত নেহা হীৰেমথ নামৰ এগৰাকী ছাত্ৰীক হত্যা কৰাৰ বাবে কংগ্ৰেছক আক্ৰমণ কৰে। মোদীয়ে কয়, পৰিয়ালটোৱে ব্যৱস্থা ল’বলৈ বিচাৰিছিল, কিন্তু কংগ্ৰেছ চৰকাৰে তোষণক অগ্ৰাধিকাৰ দিছে।”

মোদীয়ে কয় “তেওঁলোকৰ বাবে নেহাৰ দৰে কন্যাৰ জীৱনৰ কোনো মূল্য নাই, তেওঁলোকে কেৱল তেওঁলোকৰ ভোট বেংকৰ বিষয়েহে ভাবে। কংগ্ৰেছে কেতিয়াবা আপোনাৰ ছোৱালীক সুৰক্ষা প্ৰদান কৰিব পাৰিবনে? এখন মহাবিদ্যালয় চৌহদত, দিনৰ পোহৰত ছোৱালী এজনীক মাৰি পোলোৱা হৈছে।” বাংগালুৰুৰ কেফেত হোৱা বোমা বিস্ফোৰণকো কংগ্ৰেছ চৰকাৰে আৰম্ভণিতে#গুৰুত্বসহকাৰে লোৱা নাছিল বুলি মোদীয়ে কয়। ভোটৰ বাবে কংগ্ৰেছে নিষিদ্ধ পিএফআইৰ সমৰ্থন লৈছে – সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশবিৰোধী সংগঠ এয়া বুলিও মোদীয়ে কয়। মোদীয়ে লগতে কয় “বিজেপিয়ে পিএফআই নিষিদ্ধ কৰিছে আৰু ইয়াৰ নেতাসকলক কাৰাগাৰৰ ভিতৰত ৰাখিছে।”

মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…

উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে প্ৰাচী নিগমে। ৯৮.৫ শতাংশ নম্বৰ পোৱাৰ পিছতো প্ৰাচীক বহুতে প্ৰশংসা কৰাৰ সলনি ছ’চিয়েল মিডিয়াত দৃষ্টিকটুভাবে ট্ৰ’ল কৰিছে। প্ৰাচী এতিয়া নেটৰ পৃথিৱীত কুৎসিত ট্ৰলিঙৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ কাৰণ আন একো নহয়, প্ৰাচীৰ মুখত থকা অতিৰিক্ত নোমৰ বাবেই মেধাবী ছাত্ৰীগৰাকী ট্ৰ’লৰ সন্মুখীন হৈছে। নেটিজেনৰ এটা অংশই তেওঁক ভাবিব নোৱাৰা ধৰণে তাচ্ছিল্য কৰিছে। প্ৰাচীয়ে অৱশেষত ট্ৰলিঙৰ সঁহাৰি দিছে। তেওঁ কৈছে যে তেওঁ পোৱা নম্বৰেই শেষ কথা, মুখত থকা অতিৰিক্ত আৰু অবাঞ্ছিত চুলি নহয়। একাংশ নেটিজেনৰ আচৰণে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ মনোজগতত কেনে প্ৰভাৱ পেলাব সেই কথা সহজেই অনুমেয়। নেটৰ পৃথিৱীত মানুহক মানসিকভাবে নিঃশেষ কৰি দিবলৈ একাংশই যেন খাপ পিটি থাক। সেইসকল লোকৰেই এতিয়া তাচ্ছিল্যৰ চিকাৰ হৈছে প্ৰাচী।


তাচ্ছিল্যৰ বাবে ছাত্ৰীগৰাকীৰ মনত কিমান আঘাত লাগিছে তাকে লৈ ট্ৰ’লাৰসকল চিন্তিত নহয়। প্ৰায় ১০০ শতাংশ নম্বৰৰ সৈতে ৰাজ্যখনত সৰ্বশ্ৰেষ্ঠ হোৱা স্বত্বেও কেৱল মুখৰ অতিৰিক্ত চুলিৰ বাবেই তেওঁক এনেদৰে ট্ৰ’ল কৰাটো কথাই সচেতন মহলক আচৰিত কৰি তুলিছে। এনে তিক্ত অভিজ্ঞতাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাচীয়ে কয়, “মই মানুহক মোক ট্ৰ’ল কৰা দেখিছো। কিন্তু এয়া মোৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয়। কিয়নো মোৰ নম্বৰহে সঁচা, মুখৰ অতিৰিক্ত চুলি নহয়। আনকি চাণক্যয়ো তেওঁৰ চেহেৰাক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু সেই কথাই তেওঁক প্ৰভাৱান্বিত কৰা নাছিল। “অৱশ্যে, প্ৰাচীয়ে এয়াও বুজি পায় যে সকলো নেটিজেন একে নহয়। বহুতে তেওঁক ট্ৰ’ল কৰাৰ বিপৰীতে আন বহুতে আকৌ তেওঁৰ কাষত থিয় দিছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ছোৱালীজনীৰ সৈতে কথা পাতিছে। তেওঁ প্ৰাচীক আন একো চিন্তা নকৰাকৈ আপোনাৰ পঢ়াশুনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে। বহুতে প্ৰাচীক তেওঁৰ সাফল্যৰ বাবে প্ৰশংসাৰে ওপচাই দিছে।

‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…

মধ্যপ্ৰদেশৰ গুণা সমষ্টিত মুখ্যমন্ত্ৰী তথা বিজেপি নেতা মোহন যাদৱে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাক ভোট লাভৰ বাবে ‘গান্ধী’ উপাধি ব্যৱহাৰ কৰা বুলি কয়। মধ্য প্ৰদেশৰ গুণাৰ মিয়ানা চহৰত তেওঁৰ ৰাজহুৱা ৰেলীৰ সময়ত যাদৱে কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীক ‘ভুৱা’ গান্ধী উপাধি লৈ থকা বুলি বুলি কয়। তেওঁ কয় “আমাৰ পৰম্পৰা অনুসৰি, ছোৱালীৰ বিয়া হোৱাৰ লগে লগে, তেওঁৰ নামৰ পিছত শহুৰেকৰ উপাধি যোগ কৰে। প্ৰিয়ংকা কেনেকৈ গান্ধী হৈ আছে? তেওঁলোক সকলো ভুৱা গান্ধী। তেওঁলোকে কেৱল গান্ধীৰ নামত ভোট সংগ্ৰহ কৰিব বিচাৰে”।

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজস্থান ৰেলীৰ সময়ত কৈছিল যে কংগ্ৰেছে আমাৰ মাতৃ আৰু ভগ্নীসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ধন আৰু সোণ লাভ কৰিব পাৰে। মোদীৰ ‘সোণ আৰু মঙ্গলসূত্ৰ’ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰিয়ংকা গান্ধীয়ে তীব্ৰ সমালোচনা কৰি কৈছিল যে তেওঁৰ মাতৃ ছোনিয়া গান্ধীয়ে দেশৰ বাবে তেওঁৰ ‘মঙ্গলসূত্ৰ’ও ত্যাগ কৰিছে। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী য়াদলাভেও বিয়াৰ পিছত ‘মঙ্গলসূত্ৰ’ পৰিধান নকৰাৰ বাবে প্ৰিয়ংকাক লক্ষ্য কৰি লৈছিল। তেওঁ কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মাই নিশ্চয় পৰিয়ালত জন্ম গ্ৰহণ কৰা নাতিনীৰ ওপৰত “চকুপানী ওলাইছে”, যিয়ে আনকি ‘মঙ্গলসূত্ৰ’ পৰিধান নকৰে।”

ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…

অৰিজিত সিঙে পাকিস্তানী শিল্পীৰ ওচৰত ক্ষমা বিচাৰিলে। তিনি বছৰ আগতে আবু ধাবিত এক সংগীতানুষ্ঠানত তেওঁ সুধিছিল, “পাকিস্তানত ভাৰতীয় সংগীত নিষিদ্ধ নেকি?” ভাৰত আৰু পাকিস্তানৰ মাজত কলা আৰু সংস্কৃতিৰ বিভাজন দূৰ কৰাৰ পোষকতা কৰি অহা অৰিজিত সিঙে শেহতীয়াকৈ পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিছে।

ডুবাই কনচাৰ্টৰ সেই ভিডিঅ’ এতিয়া দাবানলৰ গতিত ভাইৰেল হৈ পৰিছে। যদিও মাহিৰা এগৰাকী পাকিস্তানী নায়িকা, সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগীৰ সংখ্যা বহু বেছি। শ্বাহৰুখ খানৰ সৈতে তেওঁ ৰইছ ছবি খনত অভিনয় কৰিছিল। তাৰ পিছৰে পৰাই মাহিৰাই ভাৰততো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। শেহতীয়াকৈ অৰিজিত সিঙে এটা সংগীতানুষ্ঠানৰ বাবে ডুবাইলৈ গৈছিল। মাহিৰাও তাত উপস্থিত আছিল। মাহিৰাই দৰ্শকৰ মাজত বহি অৰিজিতৰ গান উপভোগ কৰি আছিল। অৱশ্যে, অৰিজিতে প্ৰথমে তেওঁক চিনি পোৱা নাছিল। যেতিয়া ভিৰৰ মাজত মাহিৰা খানৰ উপস্থিতি তেওঁৰ দৃষ্টিগোচৰ হৈছিল, তেওঁ ইয়াক এক আকৰ্ষণীয় ধৰণে প্ৰকাশ কৰিছিল।

অৰিজিত সিঙে গান গোৱা বন্ধ কৰি কৈছিল, “আপুনি হতবাক হ’ব পাৰে। মই কি ক’ব পাৰো? ঠিক আছে, মই ইয়াক অলপ বেলেগ ধৰণে উপস্থাপন কৰিছো। তাত কোনো কেমেৰা আছে নেকি? মই তেওঁক বহু সময় ধৰি মনত পেলাবলৈ চেষ্টা কৰি আছিলো। যেতিয়া মোৰ মনত পৰিল, ‘ মই তেওঁৰ বাবে ‘জলিমা’ গানটো গাইছিলো দেখোন। মাহিৰা খান মোৰ সন্মুখত বহি আছে। মোৰ এতিয়া সকলোবোৰ কথা মনত পৰিছে। কিন্তু মই তেওঁক প্ৰথমে চিনি পোৱা নাছিলোঁ। ইয়াৰ বাবে মই খুব দুঃখিত। মই ক্ষমা বিচাৰিছো। মেডাম, আপোনাক বহুত ধন্যবাদ।’’ মাহিৰা সেই সময়ত ক’লা পোছাক পিন্ধি দৰ্শকৰ মাজত বহি আছিল। অৰিজিত সিঙে তেওঁৰ পৰিচয় দাঙি ধৰাৰ ধৰণটো দেখি তেওঁ আপ্লুত হৈছিল। অৰিজিতৰ কথা শুনি মাহিৰাই লাজ লাজ ভাবেৰে হাঁহিছিল। তেওঁক উপস্থিত সকলোকে হাত জোকাৰি থকা দেখা গৈছিল। ভিডিঅ’টো বৰ্তমান নেটত ভাইৰেল হৈ পৰিছে। পাকিস্তানী দৰ্শকসকলেও অৰিজিত সিঙৰ নম্ৰ আচৰণক প্ৰশংসা কৰিছে।

কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…

বিয়পি পৰিল আতংক৷ পুডুচেৰীৰ ল’জপেটত বাঘ ওলাইছে৷ খবৰটো বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে ভয়তে পেঁপৱা লাগিল ল’জপেটৰ বাসিন্দাসকল৷ বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘৰৰ বাহিৰত থকা বহুতেই খৰখেদাকৈ নিশা ঘৰৰ ভিতৰত সোমাই দুৱাৰ মাৰি দিছিল৷ মটৰ চাইকেলত অহা দুজন লোকে অঞ্চলটোত এটা বাঘ ওলোৱা বুলি সতৰ্ক কৰি দিয়াৰ পিছতে আতংক বিয়পি পৰে৷ ছ’চিয়েল মিডিয়াত ‘বাঘ’ৰ ছবিও বহুতে আপলোড কৰিলে৷ আৰক্ষীয়ে খবৰ পাই বাঘৰ সন্ধান কৰিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰাত লাগি গ’ল৷ অৱশেষত চিচিটিভিত আৰক্ষীয়ে বাঘটো দেখাও পালে৷

আৰক্ষী নিশ্চিত হ’ল সেয়া বাঘ নহয়, দেহত কোনোবাই বাঘৰ দৰে আঁক-বাঁক কৰি দিয়া এটা পথৰ কুকুৰহে৷ কোনো দুষ্টচক্ৰই মিছাতে আতংকৰ সৃষ্টি কৰিবলৈ এনেদৰে কুকুৰটোকে বাঘৰ ৰূপ দিয়াৰ বিষয়ে আৰক্ষী নিশ্চিত হোৱাৰ পিছতে চক্ৰটোক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ এলেকাটোৰ বাসিন্দাসকলক অভয়বাণী শুনাই আৰক্ষীয়ে কৈছে ” এই অঞ্চলটোত কোনো বাঘে বিচৰণ কৰা নাই।কোনো দুৰ্বৃত্তই কমলা আৰু ক’লা ৰঙেৰে কুকুৰক বাঘ সজাইছে৷ আন্ধাৰত বহুতেই ইয়াক বাঘ বুলি ভাবিছে৷ গতিকে আতংকিত নহ’ব৷ ’’ ল’জপেটৰ আৰক্ষী পৰিদৰ্শক ভেংকটাচলপতি প্ৰকাশ কৰা মতে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ কুকুৰটোক কোনে এনেদৰে বাঘৰ দৰে সজালে সেয়া জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…

গৰমৰ দিনত তৰমুজ খোৱাৰ এক সুকীয়া আনন্দ। শৰীৰত শীতলতা বজাই ৰাখিবলৈ মানুহে তৰমুজ খাই ভাল পায়। এই ফল পানীৰে ভৰপূৰ। মানুহে তৰমুজ বাকলি পেলাই দিয়ে। গ্ৰীষ্মকালত তৰমুজ খালে আপুনি বহুতো উপকাৰিতা দেখিবলৈ পায়, গৰমৰ আগমনৰ লগে লগে মানুহে এনেবোৰ বস্তু নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে যিয়ে শৰীৰক সতেজতাৰে ভৰাই তোলে। তৰমুজৰ বাকলিত বহু উপকাৰ পোৱা যায়-

তৰমুজৰ বাকলি ভালদৰে চাফা কৰিব লাগে, তাৰ পিছত সিজাই লা সহজে খাব পাৰিব। তৰমুজৰ বাকলি খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায়। তৰমুজ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি প্ৰচুৰ পৰিমাণে ভিটামিন লাভ কৰিব। বহু সংক্ৰমণৰ পৰা আপোনাৰ শৰীৰক ৰক্ষা কৰাত তৰমুজে সহায় কৰে।

ৰক্তচাপ কমোৱাতো বহুখিনি সহায় কৰে তৰমুজৰ বাকলি। তৰমুজৰ বাকলি ৰান্ধি খাব লাগে। বাকলিত ভাল পৰিমাণৰ পটাছিয়াম পোৱা যায়। যদি আপুনি মানসিক চাপৰ সন্মুখীন হৈছে, তেন্তে আপোনাৰ বাবে তৰমুজৰ বাকলি অতি উপকাৰী। হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ তৰমুজৰ বাকলি ব্যৱহাৰ কৰিব লাগে।

ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহে ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তৰমুজৰ বাকলি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। বাকলিত অত্যধিক পৰিমাণৰ আঁহ পোৱা যায়। বিপাকীয় ক্ৰিয়া উন্নত কৰাত বাকলি খুব উপকাৰী। ইয়াক গ্ৰহণ কৰিলে পেট ভৰি থাকে।

বাহিৰৰ যিকোনো বা টেঙা খাদ্য খাই মানুহে পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তৰমুজৰ বাকলি গ্ৰহণ কৰিলে এই সকলোবোৰ সমস্যা নাইকিয়া হৈ যায় আৰু আপুনি আচৰিত ধৰণৰ উপকাৰো দেখা পায়। কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পাব পাৰে।

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ।

সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।

মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ কৰিব এই ৰোড শ্ব’।