Home Blog Page 866

হনুমান জয়ন্তীৰ দিনা ধন-সম্পত্তি লাভৰ বাবে তুলসীৰ সৈতে জড়িত এই প্ৰতিকাৰ সমূহ কৰক, ভাল ফলাফল পাব…

চৈত্ৰা পূৰ্ণিমাৰ দিনটোত সমস্যা সমাধানকাৰী হনুমানৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। বজৰংগবলীৰ আশীৰ্বাদ পাবলৈ হনুমান জয়ন্তীৰ দিনটো বিশেষ। ভগৱান হনুমান অতি শক্তিশালী, শক্তিশালী আৰু সকলো বিপদ দূৰ কৰে ভগৱান হনুমানে বুলি বিশ্বাস কৰে। গতিকে হনুমানৰ জন্ম বাৰ্ষিকীক জয়ন্তীৰ সলনি জন্মোৎসৱ বুলি কোৱাটো উচিত। এইবাৰ হনুমান জয়ন্তী ২০২৪ চনৰ ২৩ এপ্ৰিল মঙলবাৰ। সেই দিনটোত হনুমানক কাপোৰ আগবঢ়োৱা, বজৰং বান পাঠ কৰা আৰু হনুমান চলিছা পঢ়া অতি উপকাৰী। তদুপৰি হনুমান জয়ন্তীৰ দিনটো ধন-সম্পত্তি লাভৰ ব্যৱস্থা গ্ৰহণৰ বাবেও বিশেষ। সেই দিনটোত তুলসীৰ লগত জড়িত প্ৰতিকাৰ এটা কৰিলে মা লক্ষ্মী খুব সুখী হৈ উঠে।হনুমানে তুলসীক ভাল পায়-


হনুমানৰ পূজাত সেন্দুৰ, হালধীয়া ফুল, বুণ্ডীয়া লাড়ু, সুগন্ধি আদি আগবঢ়োৱা হয়। কিন্তু অতি কম সংখ্যকেহে জানে যে হনুমানয়ে তুলসীক বৰ ভাল পায়। হনুমান জয়ন্তীৰ দিনা তুলসীৰ লগত জড়িত যিকোনো কাম কৰিলে হনুমানৰ আশীৰ্বাদ পোৱাই নহয়, দেৱী লক্ষ্মীয়েও চকু মেলি চাব।

হনুমান জয়ন্তীৰ দিনা ৰঙা ভাৰমিলিয়নত জেচমিন তেল দি তাৰ পিছত তুলসীৰ পাতৰ লগত হনুমানৰ তিলক লগাব। হনুমানৰ এই প্ৰতিকাৰে তুলসীৰ লগত তিলক লগালে সকলো অসুবিধা দূৰ হয়।

লগতে হনুমান জয়ন্তীৰ দিনা হনুমানক যি প্ৰসাদ আগবঢ়োৱা হয়, তাত তুলসী পাত নিশ্চয় অন্তৰ্ভুক্ত কৰক। এই কাম কৰিলে হনুমান সুখী হৈ পৰে। এই প্ৰতিকাৰ কৰি ভগৱান হনুমানৰ আশীৰ্বাদ ব্যক্তিজনৰ ওপৰত থাকে। তাৰোপৰি ঘৰত ধন-সম্পত্তি আৰু সমৃদ্ধি বাঢ়ি যায়।

আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ তুলসী পাতৰ মালা বনাই হনুমানক আগবঢ়াই দিয়াটোও অতি উপকাৰী। এনে কৰিলে ভগৱান হনুমান আৰু মাতৃ লক্ষ্মী সন্তুষ্ট হয় আৰু আৰ্থিক লাভৰ সম্ভাৱনাও প্ৰবল।


শেৱালী ফুলৰ গছ স্বাস্থ্যৰ বাবে উপকাৰী, ইয়াৰ পাতে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে আপোনাক…

শেৱালী ফুলৰ গছ স্বাস্থ্যৰ বাবে উপকাৰী, ইয়াৰ পাতে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰে পৰিৱেশক সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ঔষধি গুণেৰে ভৰপূৰ বুলি গণ্য কৰা শেৱালী ফুল গছৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১/ ইমিউনিটি বুষ্টাৰ

প্ৰায়ে বতৰৰ পৰিৱৰ্তনৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় যাৰ বাবে চৰ্দি, কাহ আৰু চৰ্দি সাধাৰণ। ইয়াৰ পৰা হাত সাৰিবলৈ পাৰিজাতৰ প্ৰায় ১০ পাত লৈ এগিলাচ পানীৰ লগত মিহলাই খাব লাগে। এই মিশ্ৰণটো এঘণ্টা ৰাখিব পাৰে।

২/ বাতবিষ

বয়স বৃদ্ধিৰ লগে লগে বাতবিষ সাধাৰণতে দেখা যায় যদিও আজিকালি যুৱক-যুৱতীসকলেও এই সমস্যাৰ সন্মুখীন হৈছে। এনে অৱস্থাত পাৰিজাত পাতৰ পৰা আৱশ্যকীয় তেল উলিয়াই তাত নাৰিকল তেল কেইটোপালমান দিব। বিষ হোৱা ঠাইত এই তেল লগাব।

৩/ ডায়েবেটিছ

ডায়েবেটিছ ৰোগীয়ে প্ৰতি মুহূৰ্ততে নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ থাকে, এনে পৰিস্থিতিত পাৰিজাত পাতৰ সহায় ল’ব পাৰি, ইয়াত ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে যিয়ে উচ্চ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতেহে এই কাম কৰিব।

৪. চুলি

বৰ্তমান যুগত অস্বাস্থ্যকৰ খাদ্য, প্ৰদূষণ আৰু ৰাসায়নিক ভিত্তিক চুলিৰ সামগ্ৰী ব্যৱহাৰৰ বাবে বেছিভাগ মানুহেই চুলি সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে, য’ত দুৰ্বল চুলি, ধূসৰ চুলি আৰু চুলি সৰা আদি সমস্যাও আছে। পাৰিজাত পাতৰ পৰা তৈয়াৰী কাঢ়া চাহ খাই তেতিয়া চুলি ক’লা, ডাঠ আৰু চিকচিকিয়া হৈ পৰিব।

মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন…

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ। চ’ত আৰু বহাগ মাহৰ পবিত্ৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন-প্ৰাণ ৰঙীন কৰি তুলিছে। জাতীয় উৎসৱ বিহুৱে ভৌগোলিক পৰিসীমা নেওচি সকলো অসমীয়াৰ মন আলোড়িত কৰি তোলে । একে উছাহৰে মুম্বাইৰ প্ৰৱাসী অসমীয়া সকলকো ৰঙালী বিহু উদযাপন কৰা দেখা গ’ল ৷

২০ এপ্ৰিলৰ দিনা মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা- আছামিজ পিপলছ এছ’চিয়েছনে ৰঙালী বিহুটি ব’হাগী উৎসৱ হিচাপে পালন কৰে। উক্ত দিনা মীৰা ৰোডৰ (পূব) ছেণ্ট জন মাৰাথমা ছাইৰিয়ান ছাৰ্ছৰ প্ৰেক্ষাগৃহত আবেলি পাঁচ বজাৰপৰা নিশা দহ বজালৈ বিহু গীত, বিহু নৃত্য, ঝুমুৰ গীত, বাঁহীবাদন আদিকে ধৰি এক বাৰেৰহণীয়া কাৰ্যসূচীৰে ব’হাগী উৎসৱ পালন কৰা হয়। নৱী মুম্বাইত কৰ্মৰত অসমীয়া কলাকৌশলী লোকসকলৰ সংগঠন ‘কল্পতৰু শিল্পী সমাজ’ৰ দ্বাৰা পৰিৱেশন কৰা হুঁচৰিয়ে দৰ্শকক আপ্লুত কৰি তোলে। অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে নবপ্ৰজন্মক জড়িত কৰাৰ মানসেৰে শিশু আৰু কিশোৰ-কিশোৰী সকলক বিহু নৃত্যৰ প্ৰশিক্ষণ দি মঞ্চত পৰিবেশন কৰোৱা হয়। উল্লেখ্য যে ইয়াত কিছুমান অনা-অসমীয়া ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰি উল্লাসিত হয়।

সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যৰে গগণাই এইবাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনে মাৰাঠী লেখক, চিনেমা পৰিচালক, প্ৰযোজক, আন্তঃৰাষ্ট্ৰীয় জুৰী সদস্য, টেলিভিছনৰ বহুকেইখন ধাৰাবাহিক পৰিচালনা কৰাৰ লগতে বলীউড, মাৰাঠী ভাষাৰ অনেক ছবিত কাম কৰি বহুকেইটা ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত শ্ৰীযুত মনোজ কদম ডাঙৰীয়াক। তেখেতে গগণা মুম্বাইৰ তৰফৰ পৰা লোৱা পদক্ষেপবোৰৰ শলাগ লয় আৰু তেখেতৰ ফালৰ পৰাও সম্পূৰ্ণ সহযোগীতা প্ৰদান কৰিব বুলিও উপস্থিত ৰাইজক অবগত কৰে।


ইয়াৰ উপৰিও নিমন্ত্ৰণ কৰি অনা মৰাঠী শিল্পী সকলে লাউনী নাচ প্ৰদৰ্শন কৰি ৰাইজৰ বিশেষ সমাদৰ লাভ কৰে।গগনাৰ মহিলা নৃত্যশিল্পী সকলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদানেৰে সমৃদ্ধ এটি মেশ্ব-আপ নৃত্য পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰিও, মুম্বাইৰ উদীয়মান শিল্পী হৃদয় কাশ্যপ, লয় বৰুৱাৰ গীতে ৰাইজৰ প্ৰশংসা পাবলৈ সক্ষম হয়।

গগনাৰ বয়োজেষ্ঠ সদস্য সকলৰ দ্বাৰা বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে আমন্ত্ৰিত কণ্ঠশিল্পী ঋষভ বৰচেতিয়াই গীত পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জীপাল কৰি তোলে।অনুষ্ঠানটোত অসম গৌৰৱ সন্মানেৰে সন্মানিত দেৱজিত চাংমাই, গগণা শাখা সাহিত্য সভাৰ সভাপতি জীৱৰাজ বৰ্মন আদিকৰি বহু অসমীয়া আৰু অনা অসমীয়া লোক উপস্থিত থাকি ৰঙালীৰ ৰঙত বুৰ যোৱা পৰিলক্ষিত হয়।অনুষ্ঠানটি আয়োজন কৰাত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেল , আৰু ঠাণেৰ জুপিটাৰ হস্পিটেলে আৰ্থিক সহযোগিতা আগবঢ়ায় । কোকিলাবেন হস্পিটেলৰ মহা প্ৰৱন্ধক জেমচ আৰণহা আৰু জেষ্ঠ চিকিৎসক অসম সন্তান ডাক্তৰ দুৱৰা উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰে।

ইফালে, অসমীয়া থলুৱা খাদ্য সম্ভাৰ লৈ বহা পিঠাপনা বিপণীকে প্ৰমুখ্য কৰি প্ৰাকৃতিক তেল আৰু সুন্দৰ স্বাস্থ্য সম্পৰ্কীয় বিপনীয়েও বিহুখনিত অংশগ্ৰহণ কৰি ৰঙালী বিহু ২০২৪ ৰঙীন কৰি তোলে। ৰাইজে পিঠাপনাৰ লগতে লগে-ভাগে মিলি এসাঁজ থলুৱা খাদ্য গ্ৰহণ কৰে। বিহু সমিতিৰ সকলো সদস্য, বিষয়-ববীয়া সকল, প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জঢ়িত থকা সকলো ৰাইজক গগনাই ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযোগ্য যে গগনা মুম্বাইয়ে পূৰ্বৰেপৰা এনেদৰে নিজৰ সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা অসম তথা মুম্বাই’ৰ সাংস্কৃতিক একত্ৰীকৰণৰ দিশত কাম কৰি আহিছে।

বাপতিসাহোন ৰঙালী বিহুটি সুচাৰুৰূপে সমাপন কৰাৰ বাবে গগনাৰ সভাপতি অমৃত প্ৰীতমে উপ সভাপতি বৰ্ণালী চাংমাই, সাধাৰণ সম্পাদক গুণীন গগৈ, কাৰিকৰী দিশত সহায় কৰা অৰূপ গোহাঁই, সাংস্কৃতিক দিশত হীৰামণি ডেকা, অনুষ্ঠানটি প্ৰথমৰপৰা শেষলৈকে সুন্দৰকৈ আঁতধৰা জুৰি লস্কৰৰ লগতে সকলো ৰাইজলৈ আন্তৰিক ধন্যবাদ জনায়।

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক স্মৃতিদিৱস…

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক স্মৃতিদিৱস।

প্ৰবীণ লেখিকা মায়া শৰ্মাৰ গল্প সংকলন “পটৰ আঁৰৰ যুঁজ” আৰু হৰেশ্বৰ গোস্বামীৰ “একুকি লিমাৰিক – আপদীয়া পদ্য” শীৰ্ষক গ্ৰন্থ উন্মোচন তেজপুৰ সাহিত্য সভাত।

অসমীয়া ভাষা – সাহিত্যৰ সংকটৰ সময়ত গোহাঞি বৰুৱাৰ কৃচ্ছ্ৰসাধনা আমি স্মৰণ কৰা প্ৰয়োজন – ড০ প্ৰাণজিৎ হাজৰিকা।

“সাম্প্ৰতিক প্ৰেক্ষাপটত সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱা :সৃষ্টি আৰু দৃষ্টি” শীৰ্ষক বক্তৃতা সম্পন্ন।


অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক স্মৃতিদিৱস উপলক্ষে দেওবাৰে পুৱাৰে পৰা তেজপুৰৰ সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতি বিজড়িত কেবাটাও অনুষ্ঠানে বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলিৰে স্মৰণ কৰে। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত বিশেষ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ জ্যেষ্ঠ সদস্য হৰেশ্বৰ গোস্বামীৰ “একুকি লিমাৰিক – আপদীয়া পদ্য” শীৰ্ষক গ্ৰন্থ এখনৰ লগতে তেজপুৰৰ প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মায়া শৰ্মাৰ “পটৰ আঁৰৰ যুঁজ” শীৰ্ষক গল্প সংকলন এখন উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ড০ ভূপেন শইকীয়াই। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড০ ভূবনেশ্বৰ চহৰীয়াই উন্মোচনী ভাষণত লিমাৰিকৰ উৎপত্তি আৰু মহত্বৰ প্ৰসংগ উত্থাপন কৰি আয়াৰলেণ্ডেই লিমাৰিকৰ জন্মভূমি বুলি মন্তব্য কৰি ড০ মহেন্দ্ৰ বৰাই লিমাৰিকৰ ধাৰা অসমীয়া সাহিত্যলৈ বোৱাই আনিছিল বুলি কয়। একে সময়তে উপ-পদ্য বা আপদীয়া পদ্য বুলি জনাজাত এই লিমাৰিক সমূহে অসমীয়া সাহিত্যৰ পাঠকক বিশেষভাবে আকৰ্ষিত কৰি ৰাখিছে বুলি মন্তব্য কৰি ড০ চহৰীয়াই অসমীয়া সাহিত্যৰ জনপ্ৰিয় কেইটিমান লিমাৰিক পাঠ কৰি দৰ্শকক -শ্ৰোতাক আমোদ দিয়ে।আনহাতে হৰেশ্বৰ গোস্বামীৰ দ্বাৰা ৰচিত লিমাৰিকখনি অসমীয়া লিমাৰিক সাহিত্যলৈ এটি গুৰুত্বপূৰ্ণ অবদান হিচাপে পৰিগণিত হওক তাৰ কামনা কৰে।

তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক “গণকন্ঠ” কাকতৰ সম্পাদক ড০ প্ৰাণজিৎ হাজৰিকাই সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া ভাষাৰ পুন:প্ৰতিষ্ঠাৰ বাবেই অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিছিল বুলি মন্তব্য কৰি Magnum opus হিচাপে খ্যাত একমাত্ৰ ‘শ্ৰীকৃষ্ণ’ গ্ৰন্হখনিৰ বাবেই গোহাঞি বৰুৱা অসমীয়া সাহিত্যত চিৰনমস্য হৈ থাকিব বুলি মন্তব্য কৰাৰ লগতে শ্ৰীকৃষ্ণক মানৱীয় দৃষ্টিৰে প্ৰতিষ্ঠা কৰাৰ এক অভিনৱ প্ৰয়াস তেওঁৰ শ্ৰীকৃষ্ণ গ্ৰন্হৰ মাজত পৰিলক্ষিত হয় বুলি কয়। আনহাতে আজিৰ অসমীয়া ভাষা-সাহিত্যৰ সংকটৰ সময়ত পদ্মনাথ গোহাঞি বৰুৱাৰ কৃচ্ছ্ৰসাধনা আমি স্মৰণ কৰাৰ প্ৰয়োজন অধিক বুলিও কয় ড০ হাজৰিকাই ।তেজপুৰৰ বিদ্বৎ সমাজে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতিচাৰণ কৰি প্ৰবীণ গীতিকাৰ – সুৰকাৰ তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য কৃতি বহুধা বিভক্ত আছিল বুলি মন্তব্য কৰি একেজন মানুহৰ মাজতে ইমান প্ৰতিভা সঞ্চিত হৈ আছিল সেইয়া আমাৰ বাবে বিস্ময়কৰ! আধুনিক অসমীয়া সমাজ- সাহিত্য নিৰ্মাণৰ মেৰুদণ্ড স্বৰূপ সাহিত্য কাণ্ডাৰীগৰাকীয়ে তেওঁৰ পথত অবতীৰ্ণ হওঁতে ‘বঙাল খেদা পদ্মনাথ’ দৰে অপযশ সহিব লগাও হৈছিল। এনে বিৰুদ্ধ পৰিবেশৰ মাজত আধুনিক অসমীয়া সমাজ- সাহিত্য সুকীয়া ৰূপত গঢ় দিয়াৰ লগতে আধুনিক তেজপুৰ চহৰো নিৰ্মাণৰ ক্ষেত্ৰত নিৰন্তৰ কাম কৰি গৈছিল। অৱশ্যে আজিও ৰায়বাহাদুৰ, সাহিত্য কাণ্ডাৰী গৰাকীৰ সৃষ্টি চেতনা তথা অমূল্য অবদানৰ পুন:মূল্যায়ণৰ ক’ৰবাত আধাৰুৱা হৈ ৰৈছে বুলি কৈ বংকিম শৰ্মাই এই ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে। অনুষ্ঠানটিত প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মায়া শৰ্মাৰ “পটৰ আঁৰৰ যুঁজ” শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰি শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই
উনবিংশ শতিকাৰ এক অমূল্য সৃষ্টি গল্প সাহিত্যৰ জগতখনলৈ মায়া শৰ্মাৰ এই গ্ৰন্হখনি এক উল্লেখযোগ্য সংযোজন হৈ থাকিব বুলি মন্তব্য কৰি গল্প সাহিত্যৰ উৎপত্তি আৰু ইয়াৰ বৈশিষ্টৰ ওপৰত নিৰ্মোহ আলোকপাত কৰি সাহিত্য কাণ্ডাৰী গৰাকীয়ে অসমীয়া ভাষা – সাহিত্যলৈ আগবঢ়োৱা অমূল্য অৱদান সমূহ স্মৰণ কৰে।ইয়াৰ আগেয়ে সাহিত্য কাণ্ডাৰী গৰাকীৰ বোৱাৰী পৰী গোহাঞি বৰুৱা আৰু নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বেনুধৰ কাকতি, ৰূমা দেৱী, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, সাহিত্যিক পেন্সনাৰ ৰাম চন্দ্র চুতীয়া, বিশিষ্ট আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱা, প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতা, তৰুলতা দাস, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অধিবক্তা অনন্ত গোস্বামী, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, সংগীতশিল্পী সীমান্ত কাকতি, শোণিতপুৰ শিল্পী সমাজৰ প্ৰাক্তন সম্পাদক জয়ন্ত কাকতি আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কাৰ্যালয় প্ৰাংগনত গোহাঞিবৰুৱাৰ স্মৃতি দিৱস উপলক্ষে তেখেতৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে অ ভা উ সা সভাৰ সভাপতি শ শান্তনু বৰুৱাৰ লগতে সভাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, কলিবাৰী চিত্ৰলেখা কৃষ্টি সংঘৰ সভাপতি প্ৰণৱ বৰঠাকুৰ, গোহাঞিবৰুৱাৰ পৰিয়ালৰ সদস্য তথা নাতি উদয় কৃষ্ণ গোহাঞিবৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞিবৰুৱা আৰু অভাউসা সভাৰ অন্যান্য সদস্যসকলে।ইয়াৰ উপৰি তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ উদ্যোগত বিয়লি অসমীয়া ক্লাবত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত “সাম্প্ৰতিক প্ৰেক্ষাপটত সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱা :সৃষ্টি আৰু দৃষ্টি” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি, লেখক শান্তনু বৰুৱাই ।সন্ধিয়া বাণ থিয়েটাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি বংকিম শৰ্মাই। অনুষ্ঠানটিত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

DCCI and Rajasthan Royals felicitate Indian Men’s Physical Disability Cricket Team

The Differently Abled Cricket Council of India (DCCI) and Rajasthan Royals (RR) on Sunday felicitated the Indian Men’s Physical Disability Cricket Team for their exceptional series win against England earlier this year. The ceremony took place at the Sawai Mansingh Stadium in Jaipur which saw Ranjit Barthakur (Chairperson, Rajasthan Royals), Jake Lush McCrum (Chief Executive Officer, Rajasthan Royals), Ravikant Chauhan (Secretary, DCCI) and Abhai Pratap Singh (Joint Secretary, DCCI) were among the dignitaries present on the occasion who presented members of the Indian Men’s Physical Disability Team with mementos and a cash reward of ₹11 lacs.

Captain Vikrant Ravindra Keni, Vice Captain Wasim Iqbal, Ravindra Gopinath Sante, Jaffar Amin Bhat, Aamir Hassan, Majid Ah Magray, Lokesh Marghade, Pawan Kumar, Duvvuru Akhil Reddy, Yogender Singh and other members of the team were in attendance, and have also been invited by the Royals to attend their home match against Mumbai Indians on Monday evening at the Sawai Mansingh Stadium in Jaipur.

Notably, the franchise has been extending support to the Differently Abled Cricket Council of India (DCCI) through various initiatives, and earlier this year, hosted the Indian Men’s Physical Disability Team for a comprehensive training camp at the Royals’ High Performance Center in Nagpur from 14th to 20th January 2024, post which the team had registered a 3-1 series win against England in their first-ever T20I bilateral series. Ranjit Barthakur, Chairperson, Rajasthan Royals, said, “It is a privilege for us to be working with the DCCI to make an impact in the lives of these talented players. Their work ethic and commitment is inspirational, and we are delighted to see that their hard work is paying dividends. This is just the start for them, and we are hoping this achievement will get the entire world to notice them.”

Jake Lush McCrum, Chief Executive Officer, Rajasthan Royals commented on the occasion, “It was very special to have hosted the Indian Men’s Physical Disability team at our High Performance Center in Nagpur, and to see them win the series against England. Their commitment, dedication, discipline and talent has inspired our entire team and support staff, and we are looking forward to continue enabling more such achievements for them.” Romi Bhinder, Head of High Performance Operations, Rajasthan Royals, added, “We are so privileged that we were able to host the entire Indian Men’s Physical Disability Team at the High Performance Center in Nagpur as they prepared for their T20I series against England earlier this year. This association with the DCCI and their athletes is unique in its own way, and we are looking forward to continuing supporting the DCCI and its athletes.” Mr. Ravi Kant Chauhan, Secretary, DCCI, extended his heartfelt appreciation, “We are grateful to the Rajasthan Royals for their remarkable efforts in facilitating a comprehensive training camp for the Indian Physical Disability Cricket Team from 14th to 20th January 2024. Under the leadership of Mr. Barthakur, the Rajasthan Royals provided invaluable resources and assistance to ensure that the camp was a resounding success. This gesture of support not only reflects the team’s commitment to promoting inclusivity in sports but also underscores their dedication to fostering an environment that nurtures equal opportunities for persons with disabilities.”

Chauhan added, “It is our sincere hope that the commendable actions of Mr. Barthakur and the Rajasthan Royals will inspire other franchises within the IPL to follow suit and embrace the cause of differently abled cricket with similar enthusiasm. By doing so, they can collectively contribute to the creation of a more inclusive and equitable sporting landscape in our country.”

শিলচৰত অমিত শ্বাহৰ বিশাল ৰোড শ্ব

বৰষুণৰ মাজতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ বৰাক উপত্যকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰ শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ বাবে এক ৰোড শ্ব’ৰ নেতৃত্ব দিয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শ্বাহে এখন সুসজ্জিত বাহনৰ ওপৰত থিয় হৈ এই ৰোড শ্ব’ কৰে। ২ কিলোমিটাৰ দীঘল ৰোড শ্ব’টো চহৰখনৰ মাজভাগৰ জিলা ক্ৰীড়া সংস্থাৰ পৰা সন্ধিয়া ৫ বজাত আৰম্ভ হৈছিল আৰু চেণ্ট্ৰেল ৰোড, প্ৰেমতলা, অম্বিকাপাটি আদি এৱলেকা সমৰি লয়।

ৰাধামাধৱ ৰোডত এই ৰোড শ্ব’ অন্ত পৰে।শ্বাহে পথৰ দুয়োফালে থিয় হৈ থকা লোকসকলক অভিবাদন জনায়।শ্বাহৰ ওপৰত জনতাই পুষ্পবৃষ্টি কৰে। তেওঁ সমবেত জনতাৰ ফালে হাত জোকাৰি সকলোকে সম্ভাষণ জনায়। ঘৰৰ ছাদত থিয় হৈয়ো বহু লোকে শ্বাহক সম্ভাষণ জনায়। ” শিলচৰ ৰোড শ্ব’ত সমৰ্থকৰ সাগৰৰ মাজত,” শ্বাহে ‘এক্স’ত এইবুলি উল্লেখ কৰে ।

শোভাযাত্ৰাৰ সময়ত বিহু আৰু মণিপুৰী নৃত্যশিল্পীৰ সাংস্কৃতিক দলে শ্প্ৰবাহক আদৰণি জনায়। সমৰ্থকসকলক বিজেপিৰ পতাকা উৰুৱাই ‘মোদী-শ্বাহ জিন্দাবাদ’, ‘বিজেপি জিন্দাবাদ’, ‘ভাৰত মাতা কী জয়’, ‘জয় শ্ৰী ৰাম’ৰ দৰে শ্ল’গান দিয়ে। ৫০ মিনিট দীঘল ৰোড শ্ব’টোৱে চহৰখনত প্ৰৱেশ কৰাৰ লগে লগে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। শিলচৰ আসনখন যোৱা বছৰ সীমানিৰ্ধাৰণৰ পিছত অনুসূচীত জাতি (এছচি) সমষ্টি হিচাপে সংৰক্ষিত কৰা হৈছে।

গৰমৰ বাতৰি পঢ়ি থকাৰ সময়তে গৰমত মূৰ্চ্ছা গ’ল টিভি এংকৰ!

দেশত এইবেলি বাঢ়িব গৰম গৰমৰ মাজত এগৰাকী টিভি এংকৰে হিটৱেভৰ বাতৰি লাইভ অন এয়াৰ পঢ়ি থাকোতে মূৰ্ছা গল। বাতৰি পঢ়ি থকাৰ সময়তে তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল। দূৰদৰ্শনৰ কলকাতা শাখাৰ এগৰাকী এংকৰ লোপামুদ্ৰা সিনহাই গৰমৰ খবৰ পঢ়ি থকা সময়তে এনে ঘটনা ঘটে। তেওঁ তেওঁৰ চকীত বাগৰি পৰিছিল।
সিনহাই পিছত কয় যে তেওঁ তীব্ৰ গৰমৰ বাবে আৰু তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু তেওঁ মূৰ্চ্ছা গৈছিল।

এংকৰগৰাকীয়ে লগতে কৈছিল যে কুলিং চিষ্টেমত কিছু বাধাৰ বাবে ষ্টুডিঅ’ৰ ভিতৰত অত্যধিক গৰম আছিল।
তেওঁ কয় “মই কেতিয়াও মোৰ লগত পানীৰ বটল নাৰাখো। পোন্ধৰ মিনিট বা আধা ঘণ্টাৰ সম্প্ৰচাৰ হওঁক, মই মোৰ কেৰিয়াৰৰ ২১ বছৰত সম্প্ৰচাৰৰ সময়ত পানী খোৱাৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাই। কিন্তু, সম্প্ৰচাৰ টো শেষ হ’বলৈ ১৫ মিনিট বাকী থকাৰ সময়তে মই অসুস্থ অনুভৱ কৰিছিলো।”সিনহাই কয় যে তেওঁ অলপ পানী খোৱাৰ সুযোগ পোৱা নাছিল কাৰণ তেতিয়া বাতৰি চলি আছিল।

গৰমৰ দিনত সদায় পানী প্ৰচুৰ খাব লাগে বুলিও তেওঁ কয়। এংকৰ সিনহাই এই দুৰ্ঘটনাটোৰ বাবে তেওঁৰ চেনেলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু তেওঁ মূৰ্ছা যোৱাৰ পিছতো বাতৰিৰ সম্প্ৰচাৰ চলাই থকাৰ বাবে প্ৰযোজক সকলক ধন্যবাদ জনাইছে।


তেওঁ কয় “মই কেতিয়াও সপোনতো ভবা নাছিলো যে এনেকুৱা কিবা ঘটিব,”। এইবেলি গৰমে দেশক দহিব বুলি কৈ অহা হৈছে।দেওবাৰে বংগৰ কিছুমান ঠাইত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ সাতৰ পৰা আঠ ডিগ্ৰী অধিক নথিভুক্ত কৰা হৈছিল।পশ্চিম বংগৰ মিদনাপুৰ আৰু বাংকুৰাত ক্ৰমান্বয়ে ৪৪.৫ ডিগ্ৰী চেলচিয়াছ আৰু ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মিলন সমাৰোহ

মহানগৰীৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মিলন সমাৰোহখন আজি দিনযোৰা কাৰ্যসূচীৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় ।সমাৰোহ উদযাপন সমিতিৰ সভাপতি ছৰিফ উল্লা আৰু সম্পাদকদ্বয় ক্ৰমে কুমুদ চন্দ্ৰ দাস আৰু ছাহজাহান আলীয়ে জানিবলৈ দিয়া মতে আজি পুৱা ৮:৩০ বজাৰ পৰা সদস্য সকলৰ নাম পঞ্জীয়ন কৰা হয় । ইয়াৰ পিছত ৮:৪০ বজাত সন্মিলনৰ পতাকা আনুষ্ঠানিক ভাৱে উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ছৰিফ উল্লাই ।

শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদকদ্বয় কুমুদ চন্দ্ৰ দাস আৰু ছাহজাহান আলীয়ে । পুৱা ৯:৩০ বজাত প্ৰয়াত ছাত্ৰ-ছাত্ৰী , শিক্ষক আৰু কৰ্মচাৰী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । দিনৰ ১০ বজাত বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰীফা আৰা আহমেদ আৰু প্ৰাক্তন ছাত্ৰ আব্দুল আজিজ আলীয়ে । দিনৰ ১০:১৫ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ অশোক ঠাকুৰীয়াই ।

বিয়লি ৩ বজাত স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ভবেন ঠাকুৰীয়াই । বিয়লি ৪ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ মহানন্দ কুমাৰে । ইয়াৰ পিছত অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ অনুষ্ঠানিক ভাৱে মুকলি কৰে ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সিয়ে । এক উছাহমুখৰ পৰিবেশত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখ্য যে আজি অনুষ্ঠিত মিলন সমাৰোহত প্ৰায় তিনি সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আবেগিক হৈ পৰে ।

ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা ‘আচাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক বঁটা প্ৰশান্ত জ্যোতি বৰুৱালৈ

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ২০২৪ বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে অসমৰ প্ৰতিষ্ঠিত ইংৰাজী দৈনিক কাকত ‘আচাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক,জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক নিৰ্বাচন কৰা হৈছে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ এখন বৈঠক
যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়৷ বৈঠকত পাঁচ জনীয়া বাচনি সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰশান্ত জ্যোতি বৰুৱাক বাচনি কৰা হয়৷

অহা ১০ মে’ত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাটি প্ৰদান কৰা হব৷ বঁটাটিৰ লগত মানপত্ৰ, স্মাৰক আৰু নগধ ধন থাকিব৷ এই কথা সদৰি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই ৷

যিয়ে চাকৰিৰ নামত পইচা বিচাৰিৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিধা জেলত ভৰাই দিব: মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও-বটদ্ৰৱা বিধানসভাৰ ৰাইদিঙ্গীয়াত এখনি প্ৰচাৰ সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি গভীৰ আস্থা আৰু আদৰ প্ৰদৰ্শন কৰা ৰাইজক বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। সকলোকে উন্নয়নৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় পীযুষ হাজৰীকাই। তেওঁ ভাষণত কয় যে আজিৰ পৰা ৮ বছৰ পূৰ্বে অসমত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। এই ৮ বছৰত আমি এনে কিছু কাম কৰিলো যাৰবাবে অসমৰ ৰাইজে ৩বছৰ পূৰ্বে ২য় বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰিছে। সেয়া লাগিলে বিধানসভা নিৰ্বাচন হওক, লোকসভা নিৰ্বাচন, উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনেই নহওক কিয়। সকলোতে ৰাইজে ভোট দিছে ভাৰতীয় জনতা পাৰ্টীক। তাৰ আগত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছে ৬০ বছৰ কাল ৰাজত্ব কৰিছে। কিন্তু ইমান বছৰে কংগ্ৰেছে ৰাইজক মিছা কথা কৈছিল, অপশাসন কৰিছিল, মানুহৰ অন্যায় কৰিছিল।

কংগ্ৰেছ ভাৰতবৰ্ষৰ নীৰিহ জনতাৰ হত্যাৰ অপৰাধী। এনেকুৱা দিন আহিছিল কংগ্ৰেছৰ দিনত মানুহে খাবলৈ নাপাই মৃত্যুমুখত পৰিবলগীয়া হৈছিল। কংগ্ৰেছে অসমত ৬০ বছৰত মাত্ৰ ৬ খন মেডিকেল কলেজ বনাইছিল। যাৰবাবে চিকিৎসকৰ অভাৱত ভুগিব লগীয়া হৈছিল। গাঁৱলৈ চিকিৎসক পঠিয়াব নোৱাৰা হোৱাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু ৮ বছৰত মুখ্যমন্ত্ৰীয়ে অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল। নগাঁওত মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে, মৰিগাঁৱত মেডিকেলৰ কাম চলি আছে। নলবাৰীত মেডিকেল কলেজৰ কাম চলি আছে। গুৱাহাটীত ২য় খন মেডিকেল কলেজ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। কোকৰাঝাৰ, ধুবুৰী,ডিফুত মেডিকেল কলেজৰ কাম আৰম্ভ হ’ল। বিশ্বনাথ চাৰিআলিত, ধেমাজীত মেডিকেল কলেজৰ কাম চলি আছে। লখিমপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল। কংগ্ৰেছৰ দিনত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত ১৫ খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি তুলিলে।

বটদ্ৰৱা থানৰ এতিয়া আগৰ পৰিৱেশ নাই। হিমন্ত বিশ্ব শৰ্মাৰ দিনত সকলো সলনি হৈ গ’ল। বৰদোৱাৰ বাবে কংগ্ৰেছে একো নকৰিলে কেৱল বিজেপিয়ে কৰিছে। কংগ্ৰেছে বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড,উজলা গেছ, আয়ুস্মান কাৰ্ড দিয়া নাছিল এই সকলোবোৰ বিজেপিয়ে দিছে। সেয়ে সকলোৱে এটা এটা ভোট বিজেপিক দিয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়ুস্মান কাৰ্ডৰ সুবিধা কৰি দিছে। যাৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰা হয়। ৫ লাখ টকা পৰ্যন্ত ৰেহাই পোৱা হয়। কংগ্ৰেছৰ দিনত এইবোৰ নাছিল বাবে মানুহৰ মৃত্যু হৈছিল। এতিয়া পৰিৱেশ সলনি কৰি দিলে বিজেপি চৰকাৰে। চৰকাৰে যোৱা আঢ়ৈ বছৰত ১ লাখ চাকৰি দিছে। দুখীয়া ঘৰৰ ল’ৰা ছোৱালীয়ে চাকৰি লাভ কৰিছে। কংগ্ৰেছে এইবোৰ কৰা নাছিল কেৱল চাকৰিৰ নামত লাখে লাখে টকা লৈছিল। কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ ধনী ঘৰৰ হ’ব লাগিব। নহ’লে চাকৰি নাপায়। এতিয়া চাকৰি পাবলৈ মেধা সম্পন্ন হ’ব লাগিব। আগতে কংগ্ৰেছৰ দিনত চৰকাৰী ঘৰৰ নামত লাভ কৰিছিল ৭৫ হাজাৰ টকা। একেবাৰে সাধাৰণভাৱে নিৰ্মাণ কৰি দিছিল ঘৰবোৰ। তাতে আকৌ ঠিকাদাৰ,দালালে, BDO, বিধায়কে মিলি পইচা খাইছিল।

আজিকালি ঘৰবোৰ গৃহস্থই নিজৰ ইচ্ছা অনুসৰি সাজি লয়। এতিয়া ডেৰ লাখ টকা লাভ কৰে গৃহস্থই। এই কাম নৰেন্দ্ৰ মোদীয়ে কৰিলে। কংগ্ৰেছৰ দৰে আমি সূতা কম্বলৰ ৰাজনীতি নকৰো আমি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিম। এইবাৰ যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। লাখপতি বাইদেউৰ ফৰ্ম ফিলাপ কৰা মহিলা সকলে জুলাই মাহত ১০ হাজাৰকৈ টকা লাভ কৰিব। সেই টকৰে যিয়ে কাম কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰকৈ টকা লাভ কৰিব। কংগ্ৰেছৰ দিনত ধানৰ মোন আছিল ৪০০ টকা বৰ্তমান ধানৰ দাম ৮০০ টকা হ’ল। কাৰণ অসম চৰকাৰ অসমৰ কৃষকৰ পৰা ধানবোৰ ক্ৰয় কৰি লয়। এনেবোৰ উন্নতিৰ ধাৰা যাতে অব্যাহত থাকে তাৰবাবে সকলোৱে বিজেপিক ভোট দিয়ে তাৰবাবে মন্ত্ৰী পীযুষ হাজৰীকাই সকলোকে অনুৰোধ জনায়। ইয়াৰ পাছতেই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহীৰ শিঙ্গাৰি বজাৰ আঞ্চলিক খেলপথাৰত বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ কিছু সময়ৰ পাছতে মঞ্চৰ পৰা নামি আহি জনতাৰ মাজত সোমাই পৰে পীযুষ হাজৰীকা। ৰাইজক উদ্দেশ্যি আশ্বাস প্ৰদান এইবাৰ দালাল নোহোৱা কৰি দিম ৰূপহীত। কংগ্ৰেছ থকা বাবে ৰূপহীত কিছু দালাল আছে কিন্তু এইবাৰ এটাও দালাল নোহোৱা কৰি দিম। সেয়া মাটিৰ দালালেই হওক বা যি দালালেই হওক।

ল’ৰা ছোৱালী, জ্যেষ্ঠ, মহিলা সকলৰ বাবে কাম কৰিম বিজেপিয়ে সকলোৰে বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। ইয়াৰ পাছতেই পোনে পোনে মন্ত্ৰী পীযুষ হাজৰীকা গৈ উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ লাওগাঁও হাইস্কুল খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আদৰ-স্নেহ লভি সমৃদ্ধ হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিযান চলাই পীযুষ হাজৰীকাই। তেওঁ সভাখনত মঞ্চত নাথাকি ৰাইজৰ সৈতে ৰ’দত একেলগে থিয় দি ভাষণ প্ৰদান কৰে। ৰাইজক কংগ্ৰেছৰ কু্-কীৰ্তিৰ লগতে বিজেপিৰ উন্নয়নৰ কামৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী হাজৰীকাই। বিজেপিক ভোট নিদিয়াকৈ ইমানখিনি কাম কৰাৰ পিছতো যদি এইবাৰ বিমুখ কৰে তেন্তে মনত বহুত কষ্ট পাম বুলি কয় মন্ত্ৰী হাজৰীকাই। বিজেপি আহিলে আজান বন্ধ হ’ব মছজিদ ভাঙি দিব বুলি ভয় দেখুৱাইছে কংগ্ৰেছে কিন্তু তেনে কেতিয়াও নহয় বুলি অভয় প্ৰদান পীযুষৰ।

প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে যোগাযোগ কৰিছিল বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। এইবাৰ কংগ্ৰেছৰ পৰা টিকট নাপালে বিজেপিত যোগদান কৰিলে হয় প্ৰদ্যুৎ বৰদলৈয়ে। গতিকে তেনে এজন মিছলীয়াক ভোট নিদিবলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ। লাওগাঁওত সভা শেষ কৰি মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হয় চামগুৰি বিধানসভা সমষ্টিৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ’চিয়েচনৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত। সভাত উপস্থিত হৈয়ে তেওঁ কয় যিয়ে চাকৰিৰ নামত পইচা বিচাৰিৰ মামাই চিধা জেলত ভৰাই দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ’বই কাৰো সাহস নাই ৰখাবলৈ। কংগ্ৰেছ আহিলে আকৌ সূতা কম্বলৰ ৰাজনীতি আহি যাব। উন্নয়ন কেতিয়াও নহয়। গতিকে কোনেও যাতে নিজৰ বহুমূলীয়া ভোট নষ্ট নকৰে তাৰবাবে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। এনেদৰে উদাণ্ড ভাষণেৰে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মন্ত্ৰী পীযুষ হাজৰীকাই।