Home Blog Page 868

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!

কাইলৈ অৰ্থাৎ ৭ মে’ৰ দিনা অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৪ খন আসন ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কিন্তু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াতো নিশ্চিত হৈ পৰিছে। অসমৰ চাৰি সমষ্টিকে ধৰি দেশৰ মুঠ ৯৪টা সমষ্টিত কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দেশৰ ১০ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত হ’ব ভোটযুদ্ধ। অসমৰ ৪ খন আসনৰ লগতে বিহাৰত ৫খন আসন, ছত্তীশগড়ত ৭খন, কৰ্ণাটকত ১৪খন, মধ্যপ্ৰদেশত ৯খন, মহাৰাষ্ট্ৰত ১১খন আসন, উত্তৰ প্ৰদেশত ১০খন, পশ্চিমবংগত ৪খন, গুজৰাটত ২৫খন, গোৱাত ২খন আসন আৰু জম্মু কাশ্মীৰত ২খন আৰু দাদৰা আৰু নগৰ হাভেলী আৰু ডিউত ২খন আসনত হ’ব ভোটগ্ৰহণ।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। এনে সময়তে দেশৰ কেইবা খনো ৰাজ্যত অহা সাত দিনৰ বাবে বতৰৰ আগজাননী প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে পশ্চিম বংগ, বিহাৰ আৰু ওড়িশাকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ আগজাননী দিছে।

আইএমডিয়ে কয়, “অহা ৭ দিনৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিজুলী-গাজনিৰ সৈতে ধুমুহা আৰু পাতলীয়াৰ পৰা মধ্যমীয়া তথা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।” সোমবাৰে অৰুণাচল প্ৰদেশ, মঙলবাৰে অসম আৰু মেঘালয়ত আৰু ৭ মে’লৈকে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৬ মে’ত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

৬ মে’ত জম্মু-কাশ্মীৰ-লাডাখ-গিলগিট-বাল্টিস্তান আৰু মুজাফ্ফৰাবাদত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে; হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ৮ মে লৈকে যথেষ্ট বৰষুণত হ’ব। বতৰ বিজ্ঞান কেন্দ্ৰই কালিয়েই দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছিল। একেদৰে কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাচাও, কাছাৰ, হাইলাকান্দিত জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এনে পৰিস্থিতিত কাইলৈ অসমৰ চাৰিটা সমষ্ঠিত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত বতৰে বিঘিনি ঘটোৱাটো নিশ্চিত হৈ পৰিছে।

প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…

আজি বিদ্যালয় আৰু কাইলৈ প্ৰতিকূল বতৰৰ বাবে বিদ্যালয়, মহাবিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

তীব্ৰ বৰষুণৰ বাবে সকলো শিক্ষানুষ্ঠান সোমবাৰ (৬ মে’) আৰু মঙলবাৰ (৭ মে’) বন্ধ ৰখাৰ সিদ্ধান্ত বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

X ত এটা পোষ্টত মুখ্যমন্ত্রীগৰাকীয়ে কয়, “ৰাজ্যৰ বতৰৰ পৰিস্থিতিৰ বাবে অহা ৬ মে’ আৰু ৭ মে’, ২০২৪ তাৰিখে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব।বৰ্তমান বতৰৰ পৰিস্থিতিয়ে সৃষ্টি কৰা বিপদৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয় যে, “মই সকলোকে আপডেট হৈ থাকিবলৈ আৰু ঘৰৰ ভিতৰত সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছো। ৰাজ্য চৰকাৰে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত হোৱাসকলক সহায় কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।”

দেওবাৰে মণিপুৰৰ কেইবাটাও অঞ্চলত শিলাবৃষ্টিৰ সৈতে হোৱা প্ৰবল বৰষুণত ঘৰ-দুৱাৰ আৰু যান-বাহনৰ ক্ষতিসাধন হয়।

সেইবাবে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত দুদিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে।

নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…

অসমৰ এটা নিয়মীয়া নাট্যদল নগাঁও জিলাৰ পুৰণিগুদামৰ ৰংগালয় । ইতিমধ্যে ভালেকেইখন উন্নত মানৰ নাট্য প্রযোজনাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই নাট্যদলটোৱে অহা ১১ মে’ তাৰিখে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰহেমীয়ান চ’লছৰ সহযোগত মনস্থ কৰিব বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰৰ কালজয়ী নাটক অথেল’ৰ অসমীয়া অভিযোজনা “অথেল’ — এ পলিটিকেল ট্রেপ” ।

সন্ধিয়া ছয় বজাৰ পৰা মনস্থ হ’ব লগা এই নাটকখনৰ অসমীয়া অনুবাদ সত্য প্ৰসাদ বৰুৱাৰ আৰু অভিযোজনা হেমন্ত কুমাৰ বৰাৰ । অসমীয়া নাট্য সমলেৰে নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছে মৃণাল কুমাৰ বৰাই । নাটকখনত অভিনয় কৰিব অঞ্জল বৰা, দিপু শইকীয়া, বিশ্ব জ্যোতি বৰা, আদিত্য বৰা, পৰশ মণি মহন্ত, তনমি ফুকন আৰু প্ৰহেলিকা বৰাই ।

আৱহ সংগীত ভাৰ্গব বৰা আৰু ৰূপসজ্জা নেত্ৰ কমল বৰাৰ । সাজসজ্জা পৰিকল্পনা কৰিছে মৃদু মৌচম বৰাই । পোহৰ পৰিকল্পনা মৃণাল কুমাৰ বৰা আৰু সহযোগিতা প্ৰশান্ত বৰাৰ । উক্ত নাটখনিত সমূহ ৰাইজৰ উপস্থিতি আয়োজক সমিতিয়ে বিনম্ৰভাৱে কামনা কৰিছে।

চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…

যোৱা বছৰ অৰ্থাৎ ২০২৩ চনৰ বৰদিনৰ বিশেষ উপলক্ষে পাপাৰাজীৰ সন্মুখত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ মৰমৰ কন্যা ৰাহা কাপুৰৰ মুখ দেখুৱাইছিল, বহু সময়ত পেপছৰ কেমেৰাত বন্দী হোৱা ৰাহা প্ৰায়ে লাইমলাইটত থাকে। ছচিয়েল মিডিয়াত প্ৰায়ে ৰহাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। ইফালে ছ’চিয়েল মিডিয়াত ৰাহাৰ আন এটা নতুন ভিডিঅ’ অতি জনপ্ৰিয় হৈছে।

ভাইৰেল ভিডিঅ’টোত ৰাহাৰ মৰমলগা মুখৰ ভাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ভিডিঅ’টোত ৰাহাক মাতৃৰ ফালৰ পৰা মামাক আৰু চলচ্চিত্ৰ পৰিচালক আয়ান মুখাৰ্জীৰ কোলাত থকা দেখা গৈছে।এখন দোকানত দেখা গৈছিল দুয়োকে, ইয়াৰ পিছত আয়ানৰ চকু পাপাৰাজীৰ ওপৰত পৰাৰ লগে লগে ৰাহাৰ লগত তাৰ পৰাই যাবলৈ আৰম্ভ কৰে। অৱশ্যে এই সময়ছোৱাত তেওঁও পেপবোৰক কিবা এটা ক’বলৈও চেষ্টা কৰে, কিন্তু মানুহৰ মনোযোগ ৰাহাৰ মুখত।

ৰাহাক সদায় জিলিকি থকা দেখা যায়, দেখাত বৰ মৰমলগা ৰাহা। লগতে ৰাহাৰ চুলি খোলা আৰু হাতত খাদ্যৰ পেকেট এটা দেখা যায়। ৰহাৰ এই নতুন ভিডিঅ’টো বহুত লাইক হৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত কেপচনত লিখা হৈছে, ‘ৰাহা আয়ান মামাৰ সৈতে’। ভিডিঅ’টোত বহু মন্তব্যও দেখা যায়, য’ত ইউজাৰে কয় যে ৰাহাক তেওঁৰ মাতৃ আলিয়া ভাট আৰু ৰাজ কাপুৰ আৰু ঋষি কাপুৰৰ দৰেই দেখা গৈছে।

২০২২ চনৰ ১৪ এপ্ৰিলত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহ হৈছিল। দুয়োজনে অতি সৰলতাৰে বিয়া পাতিছিল আৰু বিয়াৰ কেইমাহমানৰ পিছত আলিয়া-ৰণবীৰে পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল, তাৰ পিছত ৰাহাৰ জন্ম হৈছিল।


হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…


হাইলাকান্দিত ছোৱাইন ফ্লুৰ আতংক
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু


ডেৰ বছৰীয়া ফাৰহানা খানমৰ মৃত্যু
জিলাখনত হাইএলাৰ্ট জাৰি প্ৰশাসনৰ


শিশুটিৰ দেহত ধৰা পৰিছে H1N1 আৰু H3N2 ভাইৰাছৰ অৱস্থিতি

বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…

বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু ৰাইডঙীয়া ৰজাগাঁৱৰ যুৱক প্ৰাঞ্জল বৰা।

দুই বন্ধুৰ সৈতে ৩ মে’ত গৈছিল ৰাইডঙীয়া ৰজাগাঁৱৰ পৰা ছেকেণ্ডৰাবাদলৈ।

পেটৰ তাড়নাত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে গৈছিল প্ৰাঞ্জল বৰা কাম বিচাৰি বহিঃৰাজ্যলৈ।

সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ প্ৰাঞ্জলৰ মৃতদেহ।

যুৱক জনৰ শৰীৰত আঘাত থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে।

যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গেছভৰ্তি টেংকাৰ-আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত আৰ্টিগা বাহনৰ চালকৰ মৃত্যু। মৃত চালকজন যোৰহাটৰ অভিজিৎ শইকীয়া।

গুৰুতৰভাৱে আহত মহিলাসহ আন দুজন।

৮ ঘণ্টা শুব, বাকী ১৬ ঘণ্টা এই কাম কৰক; আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব…

যদি আপুনি প্ৰতিদিনে ৫ ঘণ্টা থিয় হৈ, ৬ ঘণ্টা বহি, ৮ ঘণ্টা শুই আৰু বাকী ৫ ঘণ্টা লৰচৰ কৰি কটায়, তেন্তে আপুনি সুস্থ জীৱন যাপন কৰিব পাৰিব। শেহতীয়াকৈ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে এই তথ্য। ২৪ ঘণ্টীয়া দৈনন্দিন ৰুটিন, হৃদৰোগ আৰু ডায়েবেটিছৰ সম্পৰ্কৰ ওপৰত কৰা এক নতুন গৱেষণাৰ ফলত চাঞ্চল্যকৰ ফলাফল পোৱা গৈছে।

এক আলোচনীত প্ৰকাশিত নতুন গৱেষণাৰ মতে হৃদৰোগ, ষ্ট্ৰ’ক আৰু ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। লগতে প্ৰতিদিনে কমেও ২.২ ঘণ্টা পোহৰৰ পৰা মধ্যমীয়া কাৰ্য্যকলাপৰো প্ৰয়োজন।

টোপনি স্বাস্থ্যৰ বাবে ঔষধৰ দৰে। এনে পৰিস্থিতিত ৮ ঘন্টা টোপনিয়ে হৃদৰোগ, ষ্ট্ৰোক আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

প্ৰতিদিনে কমেও ২.২ ঘণ্টা পোহৰৰ পৰা মধ্যমীয়া কাৰ্য্যকলাপ, যেনে পানী খাবলৈ উঠি যোৱা, আন্ধাৰ কোঠালৈ যোৱা বা বন্ধু-বান্ধৱীৰ সৈতে খোজ কঢ়া। এই কাৰ্য্যকলাপে চুগাৰ নিয়ন্ত্ৰণ আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

প্ৰতিদিনে কমেও ৫.২ ঘণ্টা থিয় হৈ থাকিব। বহাৰ সময় কমাই থিয় হৈ থকাৰ সময় বৃদ্ধি কৰিলে হৃদৰোগ প্ৰতিৰোধত সহায়ক হ’ব পাৰে।

প্ৰতি মিনিটত ১০০ খোজতকৈ অধিক খোজ কঢ়াৰ দৰে মধ্যমীয়াৰ পৰা জোৰদাৰ কাৰ্য্যকলাপ প্ৰতিদিনে ২ ঘণ্টাতকৈ অধিক সময় কৰিব লাগে।

এই গৱেষণাৰ আধাৰত অষ্ট্ৰেলিয়াত নতুন গাইডলাইন তৈয়াৰ কৰাৰ প্ৰস্তুতি চলিছে। যিসকলে নিজৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে আৰু হৃদৰোগ আৰু ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰে তেওঁলোকৰ বাবে এই গৱেষণা প্ৰেৰণাদায়ক।

EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…

নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত দমে দমে টকা।

উদ্ধাৰ ৩০কোটিতকৈ অধিক টকা।

ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিবৰ ভৃত্যৰ ঘৰৰ পৰা উদ্ধাৰ হয় এই টকাখিনি।

ধন গণনা কৰিবলৈ সাজু কৰি তোলা হৈছে কেইবাটাও মেচিন।

মানী লণ্ডাৰিং গোচৰক লৈ EDয়ে চলাইছিল অভিযান।

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ পূজা-অৰ্চনা।

ৰাম লালাক দৰ্শন আৰু পূজা আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ফটো।

ৰাম লালাক দৰ্শন আৰু পূজা কৰাৰ পিছত আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।