Home Blog Page 873

মধ্যপ্ৰদেশৰ ৬ খন লোকসভা আসনত ৩০.৪৬ শতাংশ ভোটদান…

মধ্যপ্ৰদেশৰ নক্সাল ক্ষতিগ্ৰস্ত অঞ্চলৰ বুথত ১০০ শতাংশ ভোটদান ।জবলপুৰতো বিদেশীসকলেও ভোটদান প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰিবলৈ আগ্ৰহী।

কানাডাৰ পৰা অহা লাইল আৰু এচিয়ে এমএলবি স্কুলত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান প্ৰক্ৰিয়াটো চাই আছিল। ন্যায্য আৰু শান্তিপূৰ্ণ ভোটদান দেখি তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে ভাৰতৰ গণতন্ত্ৰই আটাইতকৈ শক্তিশালী গণতন্ত্ৰ।

পুৱা ১১ বজালৈকে মধ্যপ্ৰদেশত ভোটদানৰ শতাংশ

পুৱা ১১.০০ বজালৈকে মধ্যপ্ৰদেশৰ ৬ খন লোকসভা আসনত ৩০.৪৬ শতাংশ ভোটদান হৈছিল। তথ্যৰ বাবে জনাওঁ যে পুৱা ৭ বজাৰ পৰা ভোটদান চলি আছে, যিটো সন্ধিয়া ৬.০০ বজালৈকে চলিব।

আজিৰে পৰা আৰম্ভ দেশৰ গণতন্ত্ৰৰ মহোৎসৱ ! নাগালেণ্ডৰ ৬খন জিলাত ভোটদানৰ পৰা বিৰত ৰাইজ…

আজিৰে পৰা আৰম্ভ দেশৰ গণতন্ত্ৰৰ মহোৎসৱ
নাগালেণ্ডৰ ৬খন জিলাত ভোটদানৰ পৰা বিৰত ৰাইজ


পূব নাগালেণ্ডৰ ৬ জিলাৰ ভোটাৰে বৰ্জন কৰিছে ভোট


ENPOৰ আহ্বানক্রমে এই প্রতিবাদী কাৰ্যসূচী
ফ্রন্টিয়াৰ নাগালেণ্ডৰ দাবীত এই প্রতিবাদী কার্যসূচী

তামিলনাডুত ভোটদান সাব্যস্ত কমল হাছান, ৰজনীকান্ত, ধনুষ আৰু বিজয় সেতুপতীৰ…

আজিৰে পৰা আৰম্ভ দেশৰ গণতন্ত্ৰৰ মহোৎসৱ। আজিৰে পৰা ২১খন ৰাজ্যত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ শুভাৰম্ভ। তামিলনাডুত দেশৰ বহু প্ৰিয় চেলিব্ৰিটিয়ে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়।


আজি পুৱা চেন্নাইত ভোটদান কৰিবলৈ উপস্থিত হয় ছুপাৰষ্টাৰ কমল হাছান।

ৰজনীকান্তেও চেন্নাইত পুৱা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ভোটদান সাব্যস্ত কৰে।

আনহাতে ধনুষ আৰু বিজয় সেতুপতীয়েও আজি পুৱা চেন্নাইত ভোটদান কৰে।

ভোটদান সন্দৰ্ভত ৰাইজৰ আগত এক বিশেষ আহ্বান  ৰাহুল গান্ধীৰ…

লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটদানৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে নির্বাচন আয়োগৰ সমান্তৰালকৈ বৃহৎ ৰাজনৈতিক দলৰ নেতাসকলেও ভোটাৰক ভোটদানৰ বাবে আহ্বান জনাইছে৷

এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও ভোটদান সন্দৰ্ভত ৰাইজৰ আগত এক বিশেষ আহ্বান জনাইছে।

ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল, ‘আজি প্ৰথম পৰ্যায়ৰ ভোটদান!

মনত ৰাখিব, আপোনাৰ প্ৰতিটো ভোটে ভাৰতৰ গণতন্ত্ৰ আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত নিৰ্ণয় কৰিবলৈ গৈ আছে। গতিকে বিগত ১০ বছৰত দেশৰ আত্মাক দিয়া ঘাঁত আপোনাৰ ‘ভোট বাম’ প্ৰয়োগ কৰি গণতন্ত্ৰক শক্তিশালী কৰক। ঘৃণাক পৰাস্ত কৰি চুক-কোণে ‘প্ৰেমৰ দোকান’ খুলিব।”

হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা…

আজি ৰাতি পোৱা ৭ টা বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা। প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ই ভি এম মেচিন বিকল হৈ পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় ভোটাৰ ৰাইজ। আনফালে একেখন ভোট কেন্দ্ৰত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ লাইনত শাৰী পাতি নিজ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হয়।


বিধায়ক ৰামকৃষ্ণ ঘোষে নিজ ভোটাধিকাৰ সাব্যস্ত কৰি স্থানীয় সাংবাদিক সকলৰ সন্মুখত নিজ মন্তব্য দাঙি ধৰি কয় যে আবকিবাৰ ৪০০ পাৰ ভাৰতীয় জনতা পাৰ্টীৰ এই সপোন পূৰণ হ’ব । লগতে তেওঁ দৃঢ়তাৰে কয় যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ পৰা অন্তত পক্ষে ১ লাখ ৫০হাজাৰ ভোটত বিজয় লাভ কৰিব। লক্ষণীয় কথাটো হ’ল যে নিৰ্বাচনী আয়োগে যি সকলৰ নীতি নিয়ম বান্ধি দিছিল তাৰে সেই নীতি আদৰ্শ পালন কৰিবলৈ যেন ব্যৰ্থ হৈছে হোজাই জিলা প্ৰশাসন। হোজাই ৰাষ্ট্ৰভাষা ভোট কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাই সচেতন মহলৰ চৰ্চিত হৈ পৰিছে।

আজি ৰাজ্যৰ ৫ সমষ্টিত ভোট গ্ৰহণ ! ভোটদানৰ পৰা বিৰত ঢকুৱাখনাৰ ঘিলাগুৰিবাসী…

আজি ৰাজ্যৰ ৫ সমষ্টিত ভোট গ্ৰহণ।

ভোটদান কেন্দ্ৰত পুৱাই ভোটৰৰ শাৰী।

ভোটদানৰ পৰা বিৰত ঢকুৱাখনাৰ ঘিলাগুৰিবাসী



পকী দলং নির্মাণ নকৰাৰ বাবে এই সিদ্ধান্ত
ঘিলাগুৰি চেনেল কাটিঙৰ ওপৰত থকা দলং নিৰ্মাণ নকৰাৰ বাবে এই সিদ্ধান্ত



ভোটাধিকাৰ সাব্যস্ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ…

মাৰ্ঘেৰিটাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ভোটদান।

ভোটদান কৰি সাংবাদিকৰ আগত এনেদৰে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া।

ভোটাধিকাৰ সাব্যস্ত বিধায়ক বিশ্বজিৎ ফুকনৰ…

অষ্টাদশ লোক সভাৰ নিৰ্বাচনত ভোট দান কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷


নতুন যোৰহটীয়া গাঁৱৰ শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পত্নী, কন্যাৰ সৈতে ভোট দান কৰে বিধায়ক ফুকনে ৷

নগাঁৱৰ ৪৪ নং ভোটকেন্দ্রত বিকল EVM…

EVM বিকল
নগাঁৱৰ ৪৪ নং ভোটকেন্দ্রত বিকল EVM


কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ ভোটকেন্দ্রত EVM বিকল
বোকাখাততো পুনৰ বিকল হৈছে EVM



১৩৬ নং কলাখোৱা এল পি স্কুলৰ ভোটগ্রহণ কেন্দ্রত EVM বিকল
চিলাপথাৰৰ ডিমৌতো দুটা ভোটগ্রহণ কেন্দ্রত বিকল EVM

ভোটদান কৰি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কি ক’লে…

অখিল মাতৃ প্ৰিয়দা গগৈৰ ভোটদান।

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টিৰ ৬৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান কৰে বৰ্ষীয়ান মহিলা প্ৰিয়াদা গগৈয়ে।

প্ৰিয়দা গগৈ শিৱসাগৰ বিধায়ক অখিল গগৈৰ মাতৃ। সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে প্ৰিয়দা গগৈয়ে।