Home Blog Page 896

ড০ লুটন চৰকাৰক জনোৱা হয় দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ পৰা সম্বৰ্ধনা…

দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ চৈধ্য বছৰ গৌৰৱ উজ্জ্বল সফল যাত্ৰাৰ লগত সংগতি ৰাখি ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, ঘৰে ঘৰে আলোকপ্ৰভঞ্জন ঘৰে ঘৰে দা ৰাইজিং আসাম আৰু হাতে হাতে ডিবি নিউজ এই প্ৰচেষ্টা আগধৰি দুই মাহ ধৰি অসমৰ চুকে-কোনো বিভিন্ন প্ৰান্তৰ সমাজৰ বিশিষ্ট ব্যক্তি তথা বিভিন্ন দিশত নাম উজলাই তোলা সকলক জনোৱা হয় দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ পৰা সম্বৰ্ধনা। ব্যতিক্ৰম নহয় দৰং ওদালগুৰি সীমান্তৰ কৌপাটি।কৌপাটিত কৌপাটি জাতীয় বিদ্যালয়,কে.জে.বি.স্নাতক মহাবিদ্যালয় আৰু কে.জে.বি. ইংৰাজী বিভাগৰ অধ্যক্ষ তথা পৰিচালক বিশিষ্ট শিক্ষাবিদ ড০ লুটন চৰকাৰক মঙ্গলবাৰে দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ পৰা জনোৱা হয় সম্বৰ্ধনা। ড০ লুটন চৰকাৰ বৃহত্তৰ কৌপাটি অঞ্চলক শিক্ষাৰ দিশত এখোজ আগুৱাই নিবলৈ অ-প্ৰান চেষ্টা কৰা ব্যক্তি। লুটন চৰকাৰে শিশু মনোবিজ্ঞান বিষয়ত লাভ কৰিছে PHD ডিগ্ৰী।এজন সহজ-সৰল,সুদক্ষ, কৰ্মপটু কৌশলী ব্যক্তি।

তেওঁৰ শিক্ষা দান আৰু পৰিচালনা কাৰ্য্যত অভিভূত হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানে আগবঢ়াইছে বিভিন্ন সম্বৰ্ধনা। অসম বংগ মৈত্ৰী সন্মিলন বঁটা,বিগত চৈধ্য বছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীণ বঁটা, সৰ্বাধিক প্ৰথম বিভাগত উৰ্ত্তীণ বঁটা,আদি কৰি ড০ লুটন চৰকাৰ লাভ কৰিছে বহু সন্মান। শিশু শিক্ষাৰ সমল ব্যক্তি হিচাপে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰাৰ ওপৰিও অসম সাহিত্য সভাৰ অধীনত পৰিচালিত অসম আদৰ্শ শিক্ষা সংসদৰ গনিত বিভাগৰ তত্বাৱধাক,শংকৰ সঙ্গ,অসম বুক ডিপু, ইন্টাৰনেছনেল পাব্লিকেচন আদি কিতাপ ৰচনাৰ লগত জড়িত। ড০ লুটন চৰকাৰক সম্বৰ্ধনা জনোৱাত আনন্দিত হৈ পৰে আৰু দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠী ধন্যবাদ জ্ঞাপন কৰে লগতে বাতৰি কাকত আৰু যুৱ প্ৰজন্মৰ বিষয়ে বহু মন্তব্য আগবঢ়ায়।

আমি ৰাজনৈতিক ভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেইয়া এক প্ৰশ্নৰ বিষয়ঃ অধ্যক্ষ ড° ৰমেশ নাথ…

খাগৰিজান মহাবিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৬ এপ্ৰিলত পঞ্চম বাৰৰ বাবে ডঃ সাগৰ বৰুৱা নিধি দ্বি-বাৰ্ষিক বক্তৃতানুষ্ঠানটি অনুষ্ঠিত হৈ যায়। গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ মনোজ কুমাৰ নাথ। অনুষ্ঠানত “Idea of North-East & Look East Policy” শীৰ্ষক বক্তৃতানুষ্ঠানটিৰ আদৰণি ভাষণেৰে শুভাৰম্ভণি কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে। আদৰণি ভাষণ প্ৰসংগত ড° নাথে কয় যে আমি ৰাজনৈতিক ভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেইয়া এতিয়াও এক প্ৰশ্নৰ বিষয়।

লগতে তেওঁ কয় যে নদীমাতৃক দেশ হিচাপে অসমে মূল নদী কেইখনক লৈ কৃষি অৰ্থনৈতিক আৰু জল পৰিবহণৰ দিশটোক বিশেষভাৱে আগবঢ়াই নিব পৰাৰ স্থল আছে । অনুষ্ঠানত সমল ব্যক্তি ড° মনোজ কুমাৰ নাথেও এলানি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে , ৯০ দশকত প্ৰয়াত প্ৰধান মন্ত্ৰী পি. ভি.নৰসিংহ ৰাওৰ নেতৃত্বত ছোভিয়েট ৰাছিয়া পতনৰ পিছত চীনৰ শক্তিৰ বিৰুদ্ধে মোকামিলা কৰাৰ উদ্দেশ্যে দক্ষিণ-পূব এছিয়াত দেশসমূহক লৈ সুসম্পৰ্ক স্থাপন কৰি ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত এক গতি প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখি পূবলৈ যোৱা নীতি গ্ৰহণ কৰিছিল। এইক্ষেত্ৰত সফলতা লাভৰ উদ্দেশ্যে সূচল যোগাযোগৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে নতুন নতুন আঁচনি গ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত এই নীতি বাস্তৱায়িত নোহোৱাৰ কথা ব্যক্ত কৰে। এক্ট ইষ্ট নীতিৰ ক্ষেত্ৰত সফল নোহোৱাৰ বিভিন্ন কাৰণসমূহৰ লগতে মূলতঃ ব্যক্তি সম্পৰ্ক, পৰিবহন আৰু পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বেল্ট, কাউন্সিল, আন্তঃৰাজ্যিক পাৰপত্ৰ, বিভিন্ন জনজাতীয় গাঁঠনি আদি এক্ট ইষ্ট নীতি গ্ৰহণৰ ক্ষেত্ৰত অন্তৰায় হিচাপে থিয় দিয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট বুৰঞ্জীবিদ ডঃ উত্তম বাথাৰীয়ে। সঞ্চালকৰ ভাষণত তেখেতে উত্তৰ পূৰ্বাঞ্চল তথা দাঁতি কাষৰীয়া ৰাষ্ট্ৰসমূহৰ পৰম্পৰাগত সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিবেশ গঢ় লোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট বাধাসমূহৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। তেখেতে বিশেষকৈ ৰাজনৈতিক সমন্বয়হীনতা লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহত ড্ৰাগছ সৰবৰাহ কৰা উত্তৰ পূৰ্বাঞ্চল হৈ ড্ৰাগছ সৰবৰাহ আদি সমস্যাই উক্ত নীতিত সফলকাম নোহোৱাত একপ্ৰকাৰ উদগনি জগাইছে তাৰ ওপৰত এক সমীক্ষামূলক বিশ্লেষণ আগবঢ়ায়। ডঃ বাথাৰীয়ে এক্ট ইষ্ট নীতিয়ে আগন্তুক দিনত অন্তৰায়সমুহ আঁতৰাই প্ৰযোজ্য হোৱাকৈ ভাৰত ৰাষ্ট্ৰই অনুকূল স্থিতি গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলে বাণিজ্যিক, যোগাযোগ, ঔদ্যোগিক দিশত আগবাঢ়ি যোৱাৰ লগতে আর্থিকভাৱে স্বাৱলম্বিতা অর্জন কৰিব পাৰিব বুলি মত ব্যক্ত কৰে আৰু ৰাষ্ট্ৰই ইয়াত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাব।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সন্মিলনীৰ প্ৰাক্তন সভাপতি ডঃ সাগৰ বৰুৱা, অসম সাহিত্য সন্মিলনীৰ নগাঁও জিলাৰ সভাপতি খগেন শইকীয়া, সম্পাদক মুকুল বৰা, বিশিষ্ট সাহিত্যিক তথা কথাশিল্পী বটাপ্ৰাপক শিৱানন্দ কাকতি, খাগৰিজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ দিলীপ শৰ্মা, বিশিষ্ট সমাজকর্মী তথা অৱসৰী অধ্যাপক অমৰেন্দ্ৰ শর্মা, প্ৰবীণ সাংবাদিক তোষেশ্বৰ তামূলী ফুকনকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ৰাইহানুল আহমেদে আৰু শলাগৰ শৰাই আগবঢ়ায় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মাইনুল হক আকন্দই। সভাখনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডঃ ৰামেশ্বৰ কুৰ্মীয়ে।

কাকপথাৰত “ৰাতি বিহু”ৰ আয়োজন…

অসম-অৰুণাচল সীমান্তৱৰ্তী তথা উজনি অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত অসম মৰাণ সভাৰ কাকপথাৰ, টঙনা আঞ্চলিক সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদ আৰু সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত লগতে কাকপথাৰবাসী ৰাইজৰ সহযোগত এয়োদশ বাৰ্ষিক ৰাতি বিহুখনি ২২ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে কাকপথাৰত উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছে। ৩ নং কাকপথাৰৰ জ্যোতিৰ্ময় উচ্চ মাধ্যমিক খেলপথাৰত আয়োজন কৰিবলৈ লোৱা ৰাতি বিহুখনি পৰিচালনাৰ বাবে ধৰ্মেন্দ্ৰ নেওগক সভাপতি,দিলীপ মৰাণক কাৰ্যকৰী সভাপতি ,সীমান্ত মৰাণক মূখ্য সম্পাদক আৰু মন্টু চেতিয়াসহ ৰাজেন্দ্ৰ মৰাণক যুটীয়া সম্পাদক হিচাপে লৈ এখনি পূৰ্ণাংগ উদযাপন সমিতি গঠন কৰিছে। অহা ২২ এপ্ৰিলত উদযাপন কৰিবলৈ লোৱা ৰাতি বিহুৰ কাৰ্যসুচী মতে পুৱা ৯ বজাত উদ্‌যাপন সমিতিৰ সভাপতিকে ধৰি উদ্যোক্তা সংগঠন সমূহৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলনৰ পিছতে উদ্‌যাপন সমিতিৰ মূখ্য সম্পাদকৰ লগতে কেওঁটা সংগঠনৰ সাধাৰণ সম্পাদকে স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰিব। ইয়াৰ পিছতে অসম মৰাণ সভাৰ সম্পাদকে মৰাণ আৰ্হি গৃহ, জাতীয় খাদ্য আৰু বস্ত্ৰ মেলা মুকলি কৰিব।

সন্ধিয়া ৫-৩০ বজাত ডিগবৈৰ বিধায়ক সুৰেন ফুকনে বিহুতলী মুকলি কৰাৰ পিছতে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই বিহুঘৰ উদ্ধোধন কৰিব। পিছলৈ কাৰ্যসুচী অনুসাৰে পৰম্পৰাত ঢাল কড়ি খেলৰ শুভ উদ্ধোধন কৰিব উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ মৰাণে।ক্ৰমাগতভাৱে উদ্‌যাপন সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ নেওগে ৰাতি বিহু আদৰণি জনোৱাৰ পিছতেই শদিয়াৰ বিধায়ক বলিন চেতিয়াই ৰাতি বিহুখনিৰ শুভ উদ্ধোধন কৰাৰ সমান্তৰালকৈ ৮ বজাত মৰাণ স্বায়িত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অৰুণজ্যোতি মৰাণে ৰাতিবিহুৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ৰাতি বহুখনিত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচলৰ উপ-মূখ্যমন্ত্ৰী চৌনা মেইন,অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,সাংসদ প্ৰদান বৰুৱা, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ লগতে মৰাণ জনজাতিৰ কেওঁটা সংগঠনৰ নেতৃবৃন্দ আৰু অসমৰ কৈইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব। উল্লেখ্য যে, ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে। ৰাতি বিহু হ’ল- গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিবেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়। এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভঙ্গীত শালীনতাবোধ আছে। বিহুমেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি কব পাৰি। ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু। মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰি আহিছে । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লবলগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি উলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয়।

বিহু ঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰে। বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয়। তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে। ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে। ৰাতি বিহু গাবৰ বাবে এজন বয়োজ্যেষ্ঠ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । ৰাতি বিহু শেষ হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে। তেলৰ চাকিৰ পোহৰত গীত, বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে। এনে এক স্বকীয় বৈশিষ্টপূৰ্ণ মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহু সংস্কৃতি “ৰাতি বিহু” অহা ২২ এপ্ৰিলত কাকপথাৰত ৰাজহুৱাভাৱে উদ্‌যাপন কৰিবলৈ লৈছে। সেয়েহে উদ্যোক্তামণ্ডলীয়ে উক্তদিনৰ সমূদায় কাৰ্যসুচীত সদৌটি ৰাইজৰ সক্ৰীয় সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

নিৰ্বাচনৰ পিছতে আগষ্ট মাহৰ পূৰ্বে বেংক একাউণ্টত ১০ হাজাৰ টকাকৈ পাব ৰেচন কাৰ্ড থকা সকলে : মুখ্যমন্ত্ৰী…

আজি অসমৰ বিজয় সংকল্প সভাত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। লখিমপুৰত বিজেপিৰ বিজয় সংকল্প সভা আৰু তিনিচুকীয়াৰ বিজয় সংকল্প যাত্ৰা নামৰে আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

বিজয় সংকল্প য়াত্ৰাত পুতুংকে ১০ হাজাৰ টকা সোমাই যাব আৰু নিৰ্বাচনৰ পিছতে আগষ্ট মাহৰ পূৰ্বে বেংক

একাউণ্টত ১০ হাজাৰ টকাকৈ পাব ৰেচন কাৰ্ড থকা দৰিদ্ৰ সকলে এইকথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

ঈদৰ প্ৰাকক্ষণত নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্রিক ভয়ংকৰ মাৰপিট ! গুৰুতৰভাৱে আহত উভয় পক্ষৰ ৪ জনকৈ লোক…

ঈদৰ প্ৰাকক্ষণত নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্রিক ভয়ংকৰ মাৰপিট । প্ৰচণ্ড মাৰপিট ফলত গুৰুতৰভাৱে আহত উভয় পক্ষৰ ৪ জনকৈ লোক । গাঁওখনৰ স্বৰ্গীয় বাৰু মণ্ডলৰ কণ্যা আৰু পুত্ৰ সন্তান সকলৰ মাজত চলি আছিল ভূমি কেন্দ্ৰিক বিবাদ । আজি এই বিবাদে চুড়ান্ত ৰূপ লয়।উভয় পক্ষৰ মাজত দা লাঠি আদিৰে হোৱা প্ৰচণ্ড মাৰপিটত উভয় পক্ষৰ চাৰিজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ।

আহত সকলক ততাতৈয়াকৈ স্থানীয় টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও সেই সময়ত চিকিৎসালয় খনত নাছিল চিকিৎসক । বিগত ১ মাহে চিকিৎসালয়খনত চিকিৎসক নথকাৰ ফলত অসুবিধাত পৰিছে ৰোগী সকল।উল্লেখ্য যে চিকিৎসক অবিহনেই চলি আছে স্বাস্থ্য কেন্দ্ৰটো । ইপিনে স্বাস্থ্য কেন্দ্ৰটোৰ এম্বুলেঞ্চ খনতো নাই পৰ্যাপ্ত সা সুবিধা। ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

স্মৰ্তৱ্য যে চিকিৎসক নথকা হেতুকে আটাইকেইগৰাকী ৰোগাকে চিকিৎসালয়খনৰ ফাৰ্মাচীষ্টে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ সোণতলী আৰু নগৰবেৰালৈ প্ৰেৰণ কৰে । আহত মজিদ আলী, আজাদ আলী, মনোৱাৰ হুছেইন আৰু শ্বহিদুল ইছলামৰ অৱস্থা বৰ্তমান সংকটজনক ।ঈদৰ প্ৰাকক্ষণত সংখ্যালঘু অধ্যুষিত অঞ্চলত সংঘটিত হোৱা এনে মাৰপিটৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁৱৰ মহিলাৰ বাবে আৰণ্যকৰ উদ্যোগত “পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰি ঘৰতে বাগিচা-নাৰ্চাৰী স্থাপনৰ প্ৰশিক্ষণ…

বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি জীৱিকা অটুট ৰখাত ঘৰতে স্থাপন কৰা বাগিচা আৰু নাৰ্চাৰীয়ে কৰা ফলপ্ৰসু সহায়ৰ বিষয়ে অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্য অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে উদালগুৰি জিলাৰ বদলাপাৰা গাঁৱৰ মানৱ-হাতী সংঘাত আক্ৰান্ত মহিলাসকলক প্ৰশিক্ষণৰ বাবে বিশ্বনাথ চাৰিআলিৰ “পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰোৱায়।

আৰণ্যকৰ এই পদক্ষেপে নিজৰ গাঁৱৰ পৰা ওলাই আহিবলৈ সুযোগ নোপোৱা মহিলাসকলক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই অহাত উদগনি যোগায় । নিজৰ ঘৰতে বাগিচা আৰু নাৰ্চাৰী স্থপনৰ ক্ষেত্ৰত উদ্যমিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা “পাভৈ গ্ৰীণছ”ৰ উদ্যোগী নীলম দত্ত(২০০৩ চনৰ অসম গৌৰৱ বঁটাপ্ৰাপক) সৈতে এই গ্ৰাম্য মহিলাসকলে ৪ এপ্ৰিলত মত বিনিময় কৰাৰ সুযোগ লাভ কৰে।

ইউএনডিপি-জিইএফৰ ক্ষুদ্ৰ অনুদান কাৰ্যসূচী আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত টেৰি (TERI) অধীনত আৰণ্যকে ওদালগুৰি জিলাত অব্যাহত ৰখা “মানৱ-হাতী সহাৱস্থান আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক উদগনি যোগোৱাৰ বাবে সম্প্ৰদায়ভিত্তিক সংহত পদ্ধতি” প্ৰকল্পৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । মানৱ-হাতী সংঘাত প্ৰভাৱিত মহিলাসকলে “পাভৈ গ্ৰীণছ”ত বিভিন্ন জাতৰ বিলাহী, কেপচিকাম, জলকীয়া, বেঙেনা, লেটুছ আৰু অন্যান্য বনৌষধি আৰু শাক-পাচলি দেখি উল্লসিত হৈ পৰে। তেওঁলোকক চহ নকৰাকৈ কৰা খেতি, ধানৰ সৈতে মাছ পালন, কলা কৰ্ষণ, বীজ সংৰক্ষণ পদ্ধতি আৰু পঞ্চগব্য, জীৱামৃত, গো-মূত্ৰ আৰু নিমৰ পৰা প্ৰস্তুত কৰা জৈৱ কীটনাশক আদি নতুন পদ্ধতি সমূহৰ সৈতে পৰিচয় কৰাই দিয়া হয় । তেওঁলোকক পথাৰ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বীজ সংগ্ৰহ, সংৰক্ষণ আৰু পেকেজিংলৈ আৰু ঘৰুৱা বাগিচাত শস্যৰ চপোৱাৰ পাছৰ ব্যৱস্থাপনাৰ বাবে ভূমি প্ৰস্তুত কৰা, কেচুসাৰ প্ৰস্তুত কৰা আদিৰো প্ৰশিক্ষণৰ দিয়া হয়।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা অন্যতম মহিলা মাগ্ৰিতা মুছাহাৰীয়ে কয়, “ইয়ালৈ আহি মই নিজাববীয়াকৈ এই ধৰণৰ কাম কৰিবলৈ অনুপ্ৰাণিত হৈছো আৰু মই নিশ্চিত যে মই এই কাম কৰিব পাৰিম”। আৰণ্যকৰ জ্যেষ্ঠ বিষয়ববীয়া জয়ন্ত কুমাৰ পাঠকে এই কাৰ্যসূচীৰ নেতৃত্ব, পৰিচালনা আৰু সমন্বয় ৰক্ষা কৰে। আৰণ্যকৰ ববী নাথ, অৰূপ কুমাৰ দাস, ড: বনশ্ৰী শৰ্মা, ৰাবিয়া দৈমাৰী, বিকাশ টোছা আৰু হাবেন মুছাহাৰীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মেদবহুলতা আৰু হাৰ্ট এটেকৰ আশংকা কমাব পাৰিব যদিহে এই সেউজীয়া বস্তুৰ সৈতে গঢ়ি তোলে বন্ধুত্ব…

আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলেহে আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম আৰু হৃদৰোগ, কেন্সাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ম। ভাৰতত প্ৰতি বছৰে হাৰ্ট এটেক আৰু কেন্সাৰ ৰোগত আক্ৰান্ত হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে এনে সমস্যাই দেখা দিয়ে। ইয়াৰ পৰা হাত সাৰিবলৈ আমি Spirulina গ্ৰহণ কৰিব পাৰো। এইবোৰ হৈছে জলজ উদ্ভিদ অৰ্থাৎ যিবোৰ নদী, হ্ৰদ, জলপ্ৰপাত আৰু সাগৰত পোৱা যায়। ইয়াৰ নাম আপুনি হয়তো খুব কমেইহে শুনিছে, কিন্তু ইয়াৰ ঔষধি গুণৰ অভাৱ নাই। আমাৰ স্বাস্থ্যৰ বাবে ই কেনেকৈ উপকাৰী জানো আহক-

Spirulina খালে আমাৰ তেজত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে, এই কাৰণে ৰক্তচাপও নিয়ন্ত্ৰণত থাকে। ইয়াৰ বাবে আমাৰ হৃদযন্ত্ৰত কোনো অপ্ৰয়োজনীয় মানসিক চাপ নাথাকে, তেজৰ সোঁত ভাল হৈ থাকে আৰু হাৰ্ট এটেকো সুৰক্ষিত হৈ থাকে।

কৰ্কট ৰোগ এটা অতি বিপজ্জনক ৰোগ, যদি প্ৰথম পৰ্যায়ত ধৰা নপৰে তেন্তে ইয়াৰ মৃত্যুৰ আশংকা থাকে।Spirulina ত শক্তিশালী এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেল ধ্বংস কৰে আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে স্পাইৰুলিনা ঔষধতকৈ কম নহয়।ই কেৱল তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয়, ই ফুলাৰ সমস্যাও হ্ৰাস কৰে।

বিটা কেৰটিন, ফেটি এচিড, ক্ল’ৰ’ফিল আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান স্পাইৰুলিনাত পোৱা যায়, যিয়ে ওজন হ্ৰাস কৰাত বহুত সহায় কৰে। স্পাইৰুলিনা খালে বহুদেৰিলৈকে ভোক অনুভৱ নকৰে আৰু তাৰ পিছত ওজন কমাবলৈ সহজ হৈ পৰে।

লখিমপুৰত বিজয় সংকল্প সভাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ…

আজি অসমৰ বিজয় সংকল্প সভাত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। লখিমপুৰত বিজেপিৰ বিজয় সংকল্প সভা আৰু তিনিচুকীয়াৰ বিজয় সংকল্প যাত্ৰা নামৰে আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

মঙলবাৰে দুুপৰীয়া ২ বজাত লখিমপুৰত আয়োজিত বিজয় সংকল্প নিৰ্বাচনী সভাত উপস্থিত শ্বাহ। লখিমপুৰৰ কাৰ্য্যসূচী সামৰিয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাওনা হ’ব তিনিচুকীয়ালৈ।

জিলাখনত বিজয় সংকল্প যাত্ৰা নামেৰে আয়োজন কৰা বিশাল ৰোড শ্ব’ত ভাগ ল’ব অমিত শ্বাহে। চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ হ’ব এই বিজয় সংকল্প যাত্ৰা নামৰ ৰোড শ্ব’। ইয়াৰোপৰি লখিমপুৰত অমিত শ্বাহক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জন্মদিনৰ উপহাৰ কোনে, কি দিব অনন্ত আম্বানীক! অনন্তৰ ২৯ সংখ্যক জন্মদিনত কি কি খুৱাব চাওক খাদ্য তালিকা…

৮ এপ্ৰিল সোমবাৰে গভীৰ নিশা মুম্বাইৰ পৰা গুজৰাটৰ জামনগৰলৈ ৰাওনা হৈছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান। জামনগৰত ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰে ছুপাৰষ্টাৰগৰাকীয়ে। মুম্বাইৰ কলিনা বিমানবন্দৰৰ পৰা ছলমান খানৰ বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত জামনগৰ বিমানবন্দৰতো দেখা গ’ল ছলমান খানক।

ছলমান খানৰ উপৰিও ইণ্টাৰনেট চেন্সেশন অৰী ওৰফে অৰহান অভ্ৰামণি (অৰী)কো বিমানবন্দৰত দেখা গৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অনন্ত আম্বানীৰ জন্মদিন উদযাপনৰ বাবেও জামনগৰলৈ যায় অৰিও। মুম্বাইৰ কলিনা বিমানবন্দৰতো অৰীক দেখা গৈছিল আৰু তেওঁক সদায়ৰ দৰেই তেওঁৰ ষ্টাইলিছ ষ্টাইলত দেখা গৈছিল। খবৰ অনুসৰি, অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু শিখৰ পাহাদিয়াও অনন্ত আম্বানীৰ জন্মদিনৰ অনুষ্ঠানত জামনগৰলৈ ৰাওনা হয়।

আপোনালোকক জনাওঁ যে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ পুত্ৰই অহা ১০ এপ্ৰিলত অতি বিশেষ আৰু আচৰিত ধৰণেৰে ২৯ সংখ্যক জন্মদিন উদযাপন কৰিব।