Home Blog Page 910

চিলাপথাৰৰ চিত্ৰশিল্পী মুনমী বুঢ়াগোহাঁইৰ সাফল্য…

ধেমাজি জিলাৰ চিলাপথাৰৰ বালিজান গাঁৱৰ বোৱাৰী মুনমী বুঢ়াগোহাঁই National Online Art Festivalত Best Artist Award চিত্ৰ অংকনৰ জৰিয়তে পাবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰতিযোগী অংশ গ্ৰহণত উক্ত অনুষ্ঠানত মাত্ৰ ২o জন প্ৰতিনিধিক নিৰ্বাচিত কৰা হয়। চিলাপথাৰৰ বালিজান গাঁৱৰ বিজয় শংকৰৰ পত্নী মুনমী বুঢ়াগোহাঁই আৰু শিৱসাগৰৰ লংকাক গোহাঁই গাঁৱৰ স্বৰ্গীয় বুবুল বুঢ়াগোহাঁই আৰু মঞ্জু বুঢ়াগোহাঁইৰ কনিষ্ঠা কন্যা। মুনমীৰ সৃষ্টিৰাজিৰে কনমানি মনৰ কথা নামেৰে গঠন কৰা ‘মন এটি আশা দল’ আৰু চিত্ৰপৰ্ট ফাইন আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয় সমান্তৰালভাৱে চলাই আহিছে।

একেদৰে মুনমীয়ে চিত্ৰপৰ্ট ফাইন আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ অধ্যক্ষ লগতে মন এটি আশা দলৰ বৰ্তমানৰ পৰিচালিকা হিচাপে কৰ্মৰত। উল্লেখ্য যে, মন এটি আশা দলৰ জৰিয়তে কণ- কণ শিশুসকলৰ লুকাই থকা সুপ্ত প্ৰতিভাসমূহক এখন উচিত মঞ্চ দিয়াটোৱেই মুনমীৰ লক্ষ্য ৰেখা হিচাপে পৰিগণিত কৰি আহিছে। উক্ত কনমানি দলটিৰ জৰিয়তে বৰ্তমান লৈকে ১০ খন শিশু উপযোগী আলোচনী উন্মোচন কৰা হৈছে বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ চক্ৰপাণি পৰাশৰৰ লগত হোৱা “বাৰ্তালাপ” অনুষ্ঠানতে দশম সংখ্যক আলোচনী উন্মোচন কৰাৰ লগতে বৰ্তমান একাদশ আলোচনীৰ কাম পূৰ্ণ গতি চলি আছে বুলি মন্তব্য কৰে। উল্লখ্যযোগ্য যে মুনমীয়ে পেলনীয়া সামগ্ৰীৰে বিভিন্ন ছবি নিৰ্মাণ কৰি India Book Of Records টো নিজৰ নাম সন্নিবিষ্ট কৰি থৈছে। বৰ্তমানলৈকে চিত্ৰ অংকনৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় ৪৫ টাকৈ অধিক সৰু-ডাঙৰ বঁটা বুটলি আনিবলৈ সক্ষম হৈছে।

সমাজকৰ্মী উত্তম টেৰণক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান…

গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্বষ্টে (জি কে বি টি) ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা ‘গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা -২০২৪ ‘এইবেলি ষষ্ঠবাৰৰ বাবে প্ৰদান কৰিছে গুৱাহাটীৰ গড়চুকৰ সমীপৰ পামহীস্থিত পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণক। বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উত্তম টেৰণক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক, এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ, এখন আৰণাই আৰু গ্ৰন্থৰ টোপোলা। উল্লেখযোগ্য যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ১৬৫ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ১৮ এপ্ৰিলৰ দিনটো ২০২২ চনৰ পৰা বি টি আৰ চৰকাৰেও এই দিৱসটো পালন কৰি আহিছে বুলি ট্বাষ্টৰ সভাপতি ড° অজিত বড়োয়ে জানিবলৈ দিয়ে।

আনহাতে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১০ বজাত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, এছ ই ডি এছ’ৰ উপ সভাপতিত্ৰয় ফতেন্দ্ৰ বসুমতাৰী, নিৰঞ্জন ব্ৰহ্ম আৰু থুলেশ্বৰ কছাৰী, বড়ো সমাজৰ সভাপতি বেণুধৰ বসুমতাৰী, সদৌ ব্ৰহ্ম ধৰ্ম মহিলা ফৰামৰ সভানেত্ৰী বিদাংশ্ৰী ব্ৰহ্ম, সদৌ ব্ৰহ্ম ধৰ্ম যুৱ ফৰামৰ সম্পাদক ছানচুমা নাৰ্জাৰীয়ে । আনহাতে দিনৰ ১১ বজাত ট্বাষ্টৰ সভাপতি ড° অজিত বড়োৰ আদৰণী ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে। সভাখন উদ্বোধন কৰে আৰ এছ এছৰ অসম প্ৰান্তৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই। আনহাতে সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ উত্তম টেৰণক ছয় সংখ্যক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। সভাত ধীৰাজ কুমাৰ বায়নে গুৰুদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা আৰু গুৰুদেৱ পাব্লিকেচননে প্ৰকাশ কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে। তেনেদৰে ট্বষ্টে প্ৰকাশ কৰা ‘গুৰুদেৱ কালীচৰণ নি বচন’ নামৰ গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হেমন্ত নাৰ্জাৰীয়ে।

সভাত বিশেষ অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী, বিশিষ্ট অতিথি হিচাপে এছ বি ডি পি এছৰ মুখ্য দায়িত্ববাহী মনোৰঞ্জন ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হেমন্ত নাৰ্জাৰী, বাথৌ মহাসভাৰ সম্পাদক গণেশ দৈমাৰী, জি বি এৰ উপ সভাপতি ৰজনীকান্ত ব্ৰহ্ম, এছ ই ডি এছ’ৰ সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰী, বড়ো কছাৰী স্বায়ত্ত কল্যাণ পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰী আৰু এছ পি এছৰ অধিনায়ক ৰমেশ চন্দ্ৰ ব্ৰহ্মই। শেষত শলাগৰ শৰাই আগবঢ়াই ট্বাষ্টৰ সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই। উল্লেখ্য যে উত্তম টেৰণে দীৰ্ঘদিন ধৰি সমাজৰ অৱহেলিত, দৰিদ্ৰ শিশুসকলৰ শিক্ষা প্ৰদানকে ধৰি মানৱ সেৱাত ব্ৰতী হৈ নিজকে সমৰ্পিত কৰাৰ বাবে ১৭ মাৰ্চত অনুষ্ঠিত জুৰি বৰ্ডৰ বৈঠকত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

তেজপুৰৰ আশ্ৰিত কন্যা শিৱানী ডেকা জিলিকিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত, অনাদৃত শিশুক শিক্ষা দানেৰে মহানুভৱতা মহেন্দ্ৰ বৰুৱাৰ…

আৰ্থিক সমস্যা বা যিকোনো সমস্যা কেতিয়াও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ বা অন্তৰায় যে হ’ব নোৱাৰে সেই কথা পুনৰ এশ শতাংশ সত্য প্ৰমাণিত কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল তেজপুৰৰ নিকটৱৰ্তী গটঙা নামডেকা চুবুৰীত এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰিতা হিচাপে থকা পিতৃহীনা তথা অৱহেলিত আৰু অনাদৃত শিৱানী ডেকা। শিৱানীয়ে তেজপুৰ চাৰিআলি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানত লেটাৰ আৰু ষ্টাৰ নম্বৰ সহ ৭৭ শতাংশ ফলেৰে কৃতিত্ব লাভ কৰা এই সংবাদৰ লগত আন এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতাৰ দিশ পৰিস্ফুট হৈ পৰিছে। উল্লেখ্য যে গটঙা নামডেকা চুবুৰীৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী মহেন্দ্ৰ বৰুৱাই ভালুকপুঙৰ পিতৃহীন শিৱানীক ৬ বছৰ বয়সতে আশ্ৰয় প্ৰদান কৰি পঢ়া শুনা কৰোৱাই নহয় নিজৰ সন্তানৰ দৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছিল।

ডেকাৰ গাঁও প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি বিদ্যালয়লৈ যোৱাৰ সকলো সুবিধা প্ৰদান কৰি আন সকলো দিশতে শিৱানীক আগভাগ লোৱাত সকলো প্ৰকাৰে উদ্বুদ্ধ কৰি অহাৰ মাজতে শিৱানীয়ে ঘৰখনৰ যাৱতীয় সকলো কাম – কাজ সম্পন্ন কৰি সমান্তৰাল ভাৱে আগবঢ়াই নিছিল নিজৰ পঢ়া শুনা।প্ৰাথমিক শ্ৰেণীত পঢ়ি থাকোতেই বৃত্তিও লাভ কৰা শিৱানীৰ মাতৃও আনৰ ঘৰত কাম কৰা মহিলা হিচাপে শিৱানী শিশু অৱস্থাতে অসমৰ বাহিৰৰ কেৰেলাত থকা অৱস্হাত কোনো দিনে নিজৰ পিতৃ – মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়া মহানুভৱ মহেন্দ্ৰ বৰুৱাই গান গোৱাত ৰাপ থকা শিৱানীক গান শিকিবলৈও বিভিন্ন প্ৰকাৰে অনুপ্ৰেৰণা যোগাই আহিছিল বুলি আজি সাংবাদিকৰ আগত সদৰি কৰাৰ লগতে ড০ ভূপেন হাজৰিকাৰ গীত , জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু বিয়ানাম গাই ভাল পাই বুলি জনাই। আনহাতে সৰুৰে পৰা আশ্ৰয় প্ৰদান কৰোতা মহেন্দ্ৰ বৰুৱাক ককা আৰু মহেন্দ্ৰ বৰুৱাৰ পত্নীক আইতা বুলি সম্বোধন কৰা শিৱানীয়ে কেতিয়াও কোনো কাৰণতে পিতৃ – মাতৃৰ অভাৱ অনুভৱ কৰা নাছিল বুলি মন্তব্য কৰি ঘৰখনৰ পৰা পোৱা পৰ্য্যাপ্ত মৰমে সেই অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল বুলি কয়। আনহাতে ইয়াৰ পূৰ্বেও দৰিদ্ৰ আদিবাসী পৰিয়ালৰ এগৰাকী আদিবাসী শিশু নিজ কন্যাৰ দৰে ডাঙৰ – দীঘল কৰি বিয়া পৰ্য্যন্ত দিয়া বদান্য ব্যক্তি মহেন্দ্ৰ বৰুৱাই শিৱানীৰ এই ফলাফলত উৎফুল্লিত হৈ কৈ আগন্তুক সময়ত তাই যি পঢ়ে তাৰ বাবে তেওঁৰ পেন্সনৰ ধন ব্যয় কৰিব বুলি মন্তব্য কৰে। নিজৰ নাতিনীৰ দৰে চেনেহ কৰি সৰুৰে পৰা ডাঙৰ – দীঘল কৰা মহেন্দ্ৰ বৰুৱাৰ পত্নীও আজি শিৱানীৰ এই কৃতিত্বত উৎফুল্ল হৈ পৰাৰ লগতে শিৱানীক বিনা পইচাৰে পঢ়া শুনাৰ তদাৰক কৰা স্হানীয় সমাজ আৰু সাংস্কৃতিক কৰ্মী শ্ৰীমান বৰুৱাই শিৱানীক নিজৰ ঘৰত ইংৰাজী শিক্ষাৰ পাঠদান কৰাৰ সময়তে শিৱানীৰ নিষ্ঠা আৰু একাগ্ৰতা প্ৰতক্ষ কৰিছিলোঁ বুলি কৈ এগৰাকী অৱহেলিত আৰু অনাদৃত শিশুক এনেদৰে ডাঙৰ – দীঘল কৰি সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়া সংস্কাৰী মনৰ মহেন্দ্ৰ বৰুৱা অঞ্চলটোৰ বাবে এক আদৰ্শ ব্যক্তি হিচাপে পৰিগণিত হৈছে বুলি কয়।


উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলত অতি আশাব্যঞ্জক ভাৱে তেজপুৰ কেতেকীবাৰীৰ নৱপ্ৰভাত শিশু গৃহৰ দুগৰাকী ছাত্ৰী জুনুকা বিদ্যুৎ শইকীয়া আৰু ছিংকী বিদ্যুৎ শইকীয়াই ক্ৰমে ৫২ শতাংশ আৰু ৫৯ শতাংশ নম্বৰেৰে উৰ্ত্তীণ হোৱাত শিশু গৃহখনৰ সৈতে জড়িত সকলোৰে লগতে তেজপুৰৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে তেজপুৰৰ আন দুখন শিশু গৃহ স্নেহ বন্ধনৰ মিনু দাস আৰু ছফ্ট চীডৰ বিকী ওৰাঙো উৰ্ত্তীণ হোৱাত ৰাইজ আহ্লাদিত হৈছে। সেইদৰে তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ শংকৰদেৱ শিশু নিকেতনেও আজি ঘোষিত ফলত এশ শতাংশ ফলেৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অঞ্চল বাসী উৎফুল্লিত হৈ পৰিছে। বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ লগতে দুগৰাকীয়ে ষ্টাৰ নম্বৰ, ২২ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৮ গৰাকীয়ে দ্বিতীয় বিভাগৰে এশ শতাংশ ফল লাভ কৰিবলৈ সক্ষম হয়।

কামৰূপত ভোটাৰ সজাগতাৰ বাবে ভোট শিখাৰ সজাগতা ৰেলী…

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে কামৰূপ নিৰ্বাচনী জিলাৰ ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰস্থিত হালীগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰৰ পৰা এক ভোটাৰ সজাগতা যাত্ৰা ‘ভোট শিখা’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। এই যাত্ৰাৰ অংশৰূপে প্ৰথমে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে ‘ভোট শিখা’ নামেৰে নামাকৰণ কৰা এক জলন্ত শিখালৈ হালীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা নিকটৱৰ্তী দহালী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰলৈ অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সৈতে সমদল কৰে। জিলা আয়ুক্ত জল্লীয়ে এই ভোট শিখা হালীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা নিকটৱৰ্তী ৩১ নাং দহালী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰলৈ নি উক্ত কেন্দ্ৰত বি এল অ’ ছুপাৰভাইজাৰক অপৰ্ণ কৰে। উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কলিতাই জিলা আয়ুক্ত গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।


পিছত উক্ত কেন্দ্ৰৰ পৰা পৰৱৰ্তী কেন্দ্ৰলৈ এই ভোটশিখা পুনৰ আন এক সমদলে লৈ যায়। এনেদৰে অহা ৫ মে’ৰ ভিতৰত এই ভোটশিখা যাত্ৰাই কামৰূপ নিৰ্বাচনী জিলাৰ ছমৰীয়া, বকো-ছয়গাঁও, পলাশবাৰী, হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ ৯৬৫ টা ভোটকেন্দ্ৰ সামৰি ল’ব। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্য, বি এল অ’ ছুপাৰভাইজাৰ, অংগনবাড়ী কৰ্মী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য আৰু স্থানীয় লোককে ধৰি প্ৰায় ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰে। শনিবাৰৰ পৰা আৰম্ভ হোৱা ‘ভোট শিখা’ যাত্ৰাই কামৰূপ নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৬৫টা ভোটকেন্দ্ৰক সামৰি ল’ব। অহা ৫ মে’ত কামৰূপ জিলাৰ আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত “ভোট শিখা’ যাত্ৰাৰ অন্ত পৰিব। “ভোট শিখা’ৰ এই যাত্ৰাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত বুথ পৰ্যায়ৰ বিষয়া আৰু বি এল অ’ ছুপাৰভাইজাৰ, স্থানীয় বিশিষ্ট ব্যক্তি, আত্মসহায়ক গোটৰ সদস্য, অংগনবাড়ী কৰ্মী আদি উপস্থিত থাকিব আৰু এই যাত্ৰাৰ জৰিয়তে ভোটাৰ সকলৰ মাজত ভোটাৰ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰা হ’ব। উল্লেখ্য যে ,কামৰূপ নিৰ্বাচনী জিলাৰ SVEEP (প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ) কাৰ্যসূচীৰ অধীনত আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ কামৰূপ জিলা মিছন মেনেজমেণ্ট ইউনিটৰ সহযোগত এই কাৰ্যসূচী হাতত লোৱা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা বক্তব্যত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে এক সুস্থ গণতন্ত্ৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, “আমাৰ উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ মাজত সজাগতা সৃষ্টি কৰা । এই “ভোট শিখা” যাত্ৰাক ৯৬৫টা ভোটকেন্দ্ৰলৈ লৈ গৈ সকলোকে ৭ মে’ত আগবাঢ়ি আহি নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনোৱা হ’ব। “ ভোট শিখাই অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলকে ধৰি কামৰূপ নিৰ্বাচনী জিলাৰ সকলো অঞ্চল সামৰি ল’ব আৰু ভোটাৰ সজাগতা বৃদ্ধি কৰি আৰু অধিক ভোটাৰক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ লগতে কয়।


ভোট শিখা যাত্ৰাত জিলা উন্নয়ন আয়ুক্ত আৰু SVEEP (Systematic Voters’ Education and Electoral Participation) কোষৰ ন’ডেল বিষয়া সুশান্ত কুমাৰ দত্ত, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) আৰু SVEEP কোষৰ সহকাৰী বিষয়া সোমা ৰায় উপস্থিত থাকে। জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক সুদৃঢ় কৰাত প্ৰতিজন ভোটদাতাৰে ভোট অমূল্য বুলি উল্লেখ কৰে। পিছত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে দিব্যাংগ ভোটাৰসকলৰ মাজত সজাগতাৰ বাবে হাতত লোৱা এক কাৰ্যসূচীৰ অংশস্বৰূপে মিৰ্জাৰ কোঁচপাৰাত ডিম্পী বড়ো নামৰ এগৰাকী দিব্যাংগ ভোটাদাতাক নিজ গৃহত গৈ সাক্ষাত কৰে আৰু ভোটদানত অংশ ল’বলৈ আহ্বান জনায়।

মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ১০০শতাংশ উত্তীৰ্ণ…

বোৰ্খা পৰিধান কৰিও যে শিক্ষাৰ জ্ঞান লাভ কৰিব পাৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাকেই প্ৰমাণ কৰি দেখোৱালে মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাই। আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৯৮ গৰাকী ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰে ষ্টাৰ মাৰ্ক-২ গৰাকী, প্ৰথম বিভাগত -৫২ গৰাকী, দ্বিতীয় বিভাগত -৪৪ গৰাকী উত্তীৰ্ণ হোৱাৰ লগতে ২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।


ইয়াৰে বিজ্ঞান, অসমীয়া, ইংৰাজী আৰু আৰবী বিষয়ত মুঠ ৬৮ গৰাকী ছাত্ৰীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়। এই ফলাফল ঘোষণাৰ পাছতে মাদ্ৰাছাৰ পৰিচালনাৰ দায়িত্বত থকা প্ৰধান শিক্ষক কাৰী ৰূহুল আমিনে সংবাদ মাধ্যমৰ আগত কয় যে মাদ্ৰাছা বুলি কলেই ধৰ্মীয় শিক্ষা নহয়। ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও যে গ্ৰহণ কৰিব পাৰি তাকেই আমি প্ৰমাণ কৰি দিছোঁ।আমাৰ দৰে অন্যান্য মাদ্ৰাছা ও ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে। এই মাদ্ৰাছাই দৰিদ্ৰ ছাত্ৰী সকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰী সকলক বিনামূলীয়া কৈ বিদেশ ভ্ৰমণ কৰাই আহিছে। কিছুদিন পূৰ্বে ঘোষণা কৰা ALL ASSAM TALIMI TARAKKI BORADৰ মাদ্ৰাছাৰ আৰবী বিভাগৰ ফলাফলত সকলো ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে গোটেই অসমৰ ভিতৰত 5টা স্থান ৰ ভিতৰত প্ৰথম, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিবলৈ এই জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ছাত্ৰী সকলে সক্ষম হয়।

১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে…

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অক্ষুন্ন ৰাখিলে নগাঁও জিলাৰ বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে। বিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ১৫ গৰাকী প্ৰথম বিভাগত আৰু ১৩ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা পৰীক্ষাৰ্থী সকলৰ ভিতৰত মুচাব্বিৰ আহমেদে ডিষ্টিংচন লাভ কৰাৰ লগতে ঐচ্ছিক গণিতত এশ নম্বৰৰ ভিতৰত এশ নম্বৰ লাভ কৰে। আনিশ্বা শ্বাহনাৰাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আজি সাংবাদিকক এই কথা জানিবলৈ দিয়ে অধ্যক্ষ ৰাকিবুৰ ৰহমানে। ইপিনে সৰুছলা জাতীয় বিদ্যালয়য়ো এশ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰি পোৱা গৈছে। বিদ্যালয়ৰ টোৰ পৰা জেনিফা খাতুন নামৰ এগৰাকী ছাত্ৰী ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়।

পাঁচ খাদ্যঃ ঋতুস্ৰাৱৰ সময়ত অজানিতে পেট বিষৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে…

মহিলাৰ ঋতুস্ৰাৱৰ সময়ত পেটত যন্ত্ৰণাদায়ক বিষ, বমি হ’ব পাৰে। ভাল বেয়া খাদ্য চকুৰ সন্মুখত সজাই থ’লেও মুখলৈ নিবলৈ মন নাযায়। সকলো সময়তে ভাগৰুৱা অনুভৱ হয়। চিকিৎসকৰ মতে, ঋতুস্ৰাৱৰ সময়ত পেট বিষৰ সমস্যাত বহু লোকে ভোগে। চিকিৎসা বিজ্ঞানত ইয়াক ‘ব্লেটিং’ বুলি কোৱা হয়। খালী পেটতো পেট ফুলা হ’ব পাৰে। আকৌ বহু সময়ত খাদ্যৰ পৰাও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।


ঋতুস্ৰাৱৰ সময়ত কি খালে পেটৰ সমস্যা হ’ব পাৰে জানো আহক-

১) উচ্চ ছডিয়ামযুক্ত খাদ্য

যিবোৰ খাদ্যত নিমখ বেছি থাকে, সেইবোৰ খাদ্য ঋতুস্ৰাৱৰ সময়ত খাব নালাগে। অধিক পৰিমাণে নিমখ খালে শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি পাব পাৰে।

২) প্ৰক্ৰিয়াকৃত খাদ্য

পেকেজড বা প্ৰচেছড খাদ্য, টিনত ভৰোৱা চূপ বা বীন – এই ধৰণৰ খাদ্যত নিমখ আৰু চেনি বেছি থাকে। গতিকে ঋতুস্ৰাৱৰ সময়ত এইবোৰ খাদ্য নাখাই ভাল।

৩) কাৰ্বনেটেড পানীয়

কৃত্ৰিম চেনিযুক্ত পানীয়, চ’ডা, শীতল পানীয়ৰ ফলত গেছ হ’ব পাৰে। পাচনতন্ত্ৰৰ সমস্যা, পেট ফুলা অস্বাভাৱিক নহয়।

বীন, শস্য, চজিনা আদি খাদ্যত আঁহৰ পৰিমাণ বেছি। ঋতুস্ৰাৱৰ সময়ত এনে খাদ্য খোৱাৰ ফলত অন্ত্ৰৰ অসুবিধা হ’ব পাৰে। ফলত পেট ফুলাটো অস্বাভাৱিক নহয়।

এই সময়ছোৱাত হৰম’নৰ পৰিৱৰ্তনৰ বাবে বহু লোকৰ মেজাজ সলনি হয়। গতিকে চকলেট বা আইচক্ৰীম খাবলৈ মন যায়। পুষ্টিবিদসকলে কয় যে এনে খাদ্য খালে পেট বিষৰ সমস্যা হ’ব পাৰে।

কংগ্ৰেছে চিকিৎসক সৃষ্টি নকৰাৰ বাবে আজি বহু নীৰিহ মানুহ চিকিৎসা অবিহনে মৃত্যুমুখত পৰিব লগা হৈছেঃমন্ত্ৰী পীয়ূষ হাজৰীকাৰ…

অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে ক’ব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে। – এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও বিধানসভা সমষ্টিৰ মিকিৰভেটা বিহু মঞ্চত আয়োজিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। উল্লেখ্য অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ হয়। প্ৰথম পৰ্যায়ত অসমৰ পাঁচ টা সমষ্টি যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰত কালি নিৰ্বাচন অনুষ্ঠিত হৈ হয়। ব্যাপক জনসমাগম হোৱা সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে কব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে।


সভাত মন্ত্ৰী পীয়ূষ হাজৰীকাই নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ এই সাংসদজনে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ’বৰ হ’ল, কিন্তু পাঁচ বছৰত তেওঁ মৰিগাঁও, জাগীৰোড তথা লাহৰীঘাটলৈকে এদিনো নাহিল। কংগ্ৰেছ দলে আকৌ তেওঁকে প্ৰাৰ্থিত্ব দিছে- এইবাৰ মিকিৰভেটা বাদ দিয়ক, মৰিগাঁও টাউন বাদ দিয়ক, জাগীৰোড, লাহৰীঘাট, ধিঙত, ৰূপহীত বাদ দিয়ক এওঁক এইবাৰ সংখ্যালঘুৱেও ভোট নিদিয়ে, ভোট এইবাৰ বিজেপিক দিব। মন্ত্ৰীগৰাকীয়ে কালি লাহৰীঘাটত উপস্থিত থকাৰ কথা উল্লেখ কৰি কয় যে লাহৰীঘাটত কালি মই ৪ খন সভাত অংশগ্ৰহণ কৰিছিলো। প্ৰত্যকখন সভাত ৮ৰ পৰা ১০ হাজাৰ মানুহৰ সমাগম হৈছিল আৰু ইয়াৰ ৮০ শতাংশই আছিল সংখ্যালঘু মানুহ। সেই সভাত মন্ত্ৰীগৰাকীয়ে এইবাৰ কাক ভোট দিব বুলি প্ৰশ্ন কৰাত লাহৰীঘাটবাসীয়ে একেমুখে অকল বিজেপিক ভোট দিব বুলি কয়। কিয়নো কংগ্ৰেছে লাহৰীঘাটবাসীৰ বাবে একো কাম কৰা নাই। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ চৰকাৰ অসমত ৬০ বছৰ আছিল। এই ৬০ বছৰত কংগ্ৰেছে অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ বনালে আৰু আমি ৭ বছৰ ১০ মাহ অসমখন চলালো, এই ৭ বছৰ ১০ মাহত মেডিকেল কলেজ বনালো ১৮ খন। মন্ত্ৰীগৰাকীয়ে অসমৰ কত কত মেডিকেল কলেজ নিৰ্মাণ কৰা হল আৰু কত কত মেডিকেল কলেজৰ কাম চলি আছে সেই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মেডিকেল কলেজ আমাক কিয় লাগে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰি কয় যে মেডিকেল কলেজ অকল চিকিত্সাৰ বাবেই নহয়, মেডিকেল কলেজ হলেহে ডাক্তৰ পঢ়িব পাৰে। আৰু ডাক্তৰ পঢ়িলেহে আমি মিকিৰভেটাৰ দৰে অঞ্চলসমূহলৈ ডাক্তৰ পঠিয়াব পাৰিম। কংগ্ৰেছৰ দিনত অসমত বছৰত মাত্ৰ ৭২৬ জন ডাক্তৰ ওলাইছিল। সেই কাৰণে আমি গ্ৰামাঞ্চললৈ ডক্তৰ পঠিয়াব পৰা নাই, গাঁৱৰ মানুহ বেমাৰৰ সৈতে জীৱন নিৰ্বাহ কৰিবলগা হৈছে। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ চৰকাৰ দায়ী বুলি মন্ত্ৰীগৰাকীয়ে কয়।

কংগ্ৰেছে যদি মেডিকেল কলেজ বনালেহেঁতেন, আজি আমাৰ ইয়াত চিকিত্সক উভৈনদী হৈ থাকিলহেঁতেন। আমাৰ মানুহ কম বয়সতে আজি মৃত্যুমুখত নপৰিলেহেঁতেন। ইয়াৰ বাবে কংগ্ৰেছক নীৰিহ মানুহৰ হত্যাকাৰী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছে ডক্তৰ সৃষ্টি নকৰাৰ বাবে আজি গাঁৱে-ভূঞে বহু নীৰিহ মানুহে চিকিত্সা অবিহনে মৰিব লগা হল বুলি মন্তব্য কৰে। কংগ্ৰেছক হত্যাকাৰী বুলি পুনৰ তেওঁ ভাষণত উল্লেখ কৰে। এনেকুৱা কংগ্ৰেছক ভোট দি কিবা লাভ হব নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। আনহাতে, কংগ্ৰেছক সমালোচনা কৰি আজি মন্ত্ৰীগাৰাকীয়ে পুনৰ কংগ্ৰেছক সূতা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছক ভোট দিয়া মানে সূতা-কম্বল নিজে নিজে আহি যোৱা। কংগ্ৰেছ আহি গলে আকৌ সূতা-কম্বল আহি যাব ৰাইজৰ কোনো উন্নয়ন নহব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত, ৬০ বছৰত অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা আছিল মাত্ৰ ৭খন। পৰ্যাপ্ত বিশ্ববিদ্যালয় নথকাৰ বাবে আমাৰ দুখীয়া ঘৰৰ লৰা-ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। ইযাৰ ফলত আমাৰ লৰা-ছোৱালী অশিক্ষিত হৈ আছিল বা শিক্ষা আধাৰুৱা হৈ আছিল। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দায়ী, কংগ্ৰেছ চৰকাৰ দায়ী বুলি তেওঁ ভাষণত প্ৰকাশ কৰে। অসম তথা ভাৰতবৰ্ষক পিছুৱাই লৈ যোৱাৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দায়ী বুলি তেওঁ কয়। এই কাৰণে এতিয়া অসম তথা ভাৰতবৰ্ষৰ মানুহে কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে। অসমৰ মানুহে নৰেন্দ্ৰ মোদীক ভোট দিব, হিমন্ত বিশ্ব শৰ্মাক ভোট দিব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক পুনৰ কটাক্ষ কৰি কয় যে মই আজিকালি কংগ্ৰেছ দল বুলি নকওঁ সূতা-কম্বলৰ পাৰ্টি বুলি কওঁ। ভাষণত তেওঁ কংগ্ৰেছ চৰকাৰে দিয়া অনুদানৰ ঘৰকেইটা কেনেকুৱা আছিল আৰু বৰ্তমান বিজেপি চৰকাৰে দিয়া ঘৰবিলাক কেনেকুৱা তাৰ পাৰ্থক্য দাঙি ধৰে। আগতে এই ঘৰৰ নামত ঠিকাদাৰ, পঞ্চায়তৰ প্ৰতিনিধি, বিধায়ক, দালাল আদিয়ে টকা খাই ঘৰ নিৰ্মাণ কৰি দিছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত অনুদানৰ ঘৰ নিৰ্মাণৰ দায়িত্ব কেৱল গৃহস্থক দিয়া হল। অনুদানৰ ঘৰৰ বাবে অহা সকলোখিনি টকাৰে ঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰি দিলে। ইয়াত এতিয়া কোনেও দুৰ্নীতি কৰিব নোৱাৰে, টকা খাব নোৱাৰে। এয়া সম্ভৱ কৰি তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা পায় মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত উল্লেখ কৰে। আনকি চৰকাৰী বিভিন্ন আঁচনি, নিবনুৱাক চাকৰি আদিৰ প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰাৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত অসমত যিমানখিনি পৰিয়ালৰ ৰেচন কাৰ্ড আছে প্ৰত্যককে অৰুণোদয় দিয়াৰ কথা উল্লেখ কৰে। আনহাতে, লাখপতি বাইদেউ সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে কয় যে অহা আগষ্ট মাহৰ ভিতৰত লাখপতি বাইদেউৰ অধীনত প্ৰত্যেকেই ১০ হাজাৰকৈ টকা পাব আৰু অহাবাৰ ২৫ হাজাৰ টকালৈকে পাব। ছোৱালীৰ শিক্ষাৰ বাবে চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰাৰ লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীক একোটাকৈ জীৱন বীমা আৰু দুৰ্ঘটনাৰ বীমা কৰি দিয়াৰ কথাও তেওঁ উল্লেখ কৰে যাৰ প্ৰিমিয়াক চৰকাৰে বহন কৰিব বুলি কয়।


আনহাতে, মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ধিঙৰ বেচামাৰীত আন এখন বিশাল জনসভা সম্বোধন কৰি বহাগ বিহু আৰু হৈ যোৱা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। অহা ২৬ এপ্ৰিলত নগাঁও লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক বিপুল সংখ্যক ভোটত বিজয়ী কৰাবলৈ উপস্থিত ৰাইজক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কালি ধিঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পুৱাই মোক জনাইছে যে কালি ধিঙৰ মানুহে তেওঁক যিমান মৰমৰ দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া খুচ হৈ গৈছে। কালি ধিঙত মামাৰ মিটিং ফালাফালি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এইবাৰ আমাক কোনেও ৰখাব নোৱাৰে, এইবাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ জয় নিশ্চিত। আজিৰ এইখন মিটিঙতো ৰাইজে মন্ত্ৰীগৰাকী ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হয়। সভাত মন্ত্ৰী পীযুষ হাজৰীকাই এআই ইউডিএফক আক্ৰমণ কৰি কয় যে এআইইউডিএফে না ৰাস্তা দিছে, না মথাউৰি নিৰ্মাণ কৰিছে না খহনীয়া প্ৰতিৰোধ কৰিব পাৰিছে। এআইইউডিএফে না চাকৰি দিব পাৰে, না স্কুটি দিব পাৰে না চাইকেল দিব পাৰে, এআইইউডিএফে একো দিব নোৱাৰে, গতিকে এআইইউডিএফক ভোট দি লাভ নাই। সভাত মন্ত্ৰীগৰাকীয়ে কটহগুৰি গাঁও পঞ্চায়তত ৯০০ টা পৰিয়ালে ঘৰৰ অনুদান লাভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যত আমি ৯০ টাও ভোট পোৱা নাছিলো, তাত আমি ৯০০ টা আবাস যোজনাৰ ঘৰ দিছো। ইয়াৰ উপৰি মথাউৰি, ৰাস্তা-ঘাটৰ উন্নয়ন অঞ্চলটোত বিজেপিয়ে কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ভোট বিজেপিক দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

ঋষভ পন্তক অনুকৰণ হাৰ্ডিক পাণ্ডিয়াৰ! সতীৰ্থৰ হৃদয় জয় কৰিবলৈ কি কৰিলে পাণ্ডিয়াই…

৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আই পি এলত আশা কৰা ধৰণে খেলিব পৰা নাই। হাৰ্দিকৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। তেওঁৰ সতীৰ্থসকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ধৰিলে। এনে পৰিস্থিতিত হাৰ্দিকে নিজৰ সতীৰ্থসকলৰ হৃদয় জয় কৰিবলৈ নতুন কৌশল গ্ৰহণ কৰিলে।


হাৰ্ডিকে হয়তো দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তৰ পৰা অনুপ্ৰাণিত হৈছিল। আই পি এলৰ দিল্লী ফ্ৰেঞ্চাইজিয়ে শুকুৰবাৰে পুৱা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰে। ইয়াত অধিনায়ক ঋষভক প্ৰশিক্ষক, সতীৰ্থৰ সন্তানৰ সৈতে সময় কটোৱা দেখা গৈছিল। মুম্বাইৰ অধিনায়ক হাৰ্দিকে সেই পথ অনুসৰণ কৰি সতীৰ্থসকলৰ হৃদয় জয় কৰিছিল। শুকুৰবাৰে নিশা মুম্বাই ইণ্ডিয়ানছ কৰ্তৃপক্ষই ছচিয়েল মিডিয়াত ক্ৰিকেট প্ৰেমীৰ সৈতে হাৰ্দিকৰ ভিডিঅ’ শ্বেয়াৰ কৰে। দেখা গৈছে যে হাৰ্দিকে বিমানবন্দৰত পীয়ুষ চাওলাৰ পুত্ৰ আদভিকক চম্ভালি আছে। চাওলাৰ ল’ৰাটোৰ লগত বল এটা লৈ খেলি আছে। অৰ্থাৎ হাৰ্দিকে পন্তৰ দৰে শিশুটিক চম্ভালি আছে। ভিডিঅ’টোৰ লগতে মুম্বাই কৰ্তৃপক্ষই লিখিছে, “চাওক হাৰ্দিক আৰু আদভিকে বিমানবন্দৰত কেনেকৈ সময় কটায়।”


পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ এইবাৰৰ আই পি এলত আশানুৰূপ ৰূপত খেলিব পৰা নাই। হাৰ্দিক নিজেও নিজৰ সাধাৰণ ৰূপত নাই। তেওঁৰ নেতৃত্বক লৈও প্ৰশ্ন উত্থাপন কৰিছে। এনে পৰিস্থিতিত হাৰ্দিকে হয়তো সতীৰ্থৰ সন্তানক চম্ভালি দলৰ পৰিৱেশ শান্ত কৰিবলৈ চেষ্টা কৰি আছে। সতীৰ্থৰ হৃদয় জয় কৰিব বিচাৰিছে।

অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং…

যৱনিকা পৰিল ডিমা হাছাওৰ ৰহস্যঘন অপহৰণ নাটকৰ। অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং। উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ।

শুকুৰবাৰে নিশা লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উদ্ধাৰ প্ৰসেনজিতক। পাৰিবাৰিক কাৰণত প্ৰসেনজিৎ নাইডিঙে নিজেই ৰচনা কৰিছিল অপহৰণৰ নাটক।

চাথিলজিৎ নাইডিং নামৰ বন্ধুৰ সৈতে ৰচিছিল অপহৰণৰ নাটক। ১৮ এপ্ৰিলৰ পুৱতিনিশা ঘৰৰ পৰা চাথিলজিতৰ বাহনেৰে গৈছিল ডিমাপুৰলৈ।