Home Blog Page 916

কটন বিশ্ববিদ্যালয় আৰু কলকাতাৰ MAKAIAS ৰ মাজত বুজাবুজি চুক্তি

প্ৰতি বছৰে পৃথিৱীজুৰি ১৮ এপ্ৰিলত পালন কৰা বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ কলকাতাস্থ প্ৰতিষ্ঠান মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (MAKAIAS) ৰ লগত ।

মাকাইয়াছৰ সঞ্চালক ড০ সৰূপ প্ৰসাদ ঘোষ আৰু কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গে চুক্তি স্বাক্ষৰিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড০ ৰিতিকা চাহু, ড০ মঞ্জিল হাজৰিকা আৰু শ্ৰীমতী জৌগাঠি বসুমতাৰী। এই চুক্তি খনৰ জড়িয়তে বিভিন্ন ধৰনৰ গৱেষণা আৰু শিক্ষাদানৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক আদান-প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি দুইটা অনুষ্ঠানে আশা প্ৰকাশ কৰিছে।

বৃহত্তৰ এচিয়াৰ প্ৰাচীন ইতিহাস, ঐতিহ্য আৰু প্ৰত্নতত্ত্বৰ ক্ষেত্ৰখনত ইয়াৰ গৱেষণা আৰু অধ্যয়নৰ লক্ষ্য আগত ৰাখি কৰা এই চুক্তিখনে এনেধৰনৰ গোলকীয় সম্পৰীক্ষাসমূহক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি। ডঃ সৰূপ প্ৰসাদ ঘোষে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাক সাক্ষাৎ কৰি অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰত্নতাত্ত্বিক স্থান আৰু প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ প্ৰচাৰ, সমৰ্থন আৰু সংৰক্ষণৰ বাবে দুইটা অনুষ্ঠানে যুটীয়াভাৱে আগন্তুক সময়ত ল’বলগা কাৰ্য্যসূচীসমূহৰ বিষয়েও বিশদভাৱে আলোচনা কৰে।

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’বঃ পীযুষ হাজৰীকা

কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি, কিন্তু এইবাৰ কৈছে সংবিধান বদলাই দিব।

অসমত ৮ বছৰ, কেন্দ্ৰত ১০ বছৰ বিজেপি শাসনত থাকিল, ক’ৰবাত মছজিদ ভাঙিল নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কংগ্ৰেছে নতুনকৈ কোৱা আৰম্ভ কৰিছে যে বিজেপি শাসনলৈ আহিলে সংবিধান বদলাই দিব। মন্ত্ৰীগৰাকীয়ে এইবোৰ সকলো মিছা কথা বুলি উল্লেখ কৰি কয় যে আমি মানুহৰ কাম কৰিম, আমি ৰাইজৰ কাম কৰিম, সকলোৰে কাম কৰিম, এয়া আমি প্ৰতিশ্ৰুতি দিছো। সকলোৰে কাৰণে কাম কৰা, সকলো শান্তিত থকা, সকলোকে লৈ আগুৱাই যোৱাই নৰেন্দ্ৰ মোদীৰ নীতি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছে কৰা নাই, উন্নয়ন আমি কৰিছো। আমি বিনামূলীয়া চাউল দিছো, অৰুণোদয় দিছো, কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল। ৰাস্তা-ঘাটৰ উন্নয়ন কংগ্ৰেছে কৰা নাছিল। লাহৰীঘাটৰ ৰাইজ বানপানীত ডুব গৈ আছিল। স্বাধীনতাৰ পৰা আজিলৈকে লাহৰীঘাটত অকল কংগ্ৰেছে থাকিল, কিন্তু এই অঞ্চলৰ উন্নয়ন একো নকৰিলে। না মথাউৰি নিৰ্মাণ কৰিলে, না খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ললে। কংগ্ৰেছে একো কাম নকৰিলে। ইয়াত মথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁ নিজে কৰা বুলি উদাত্ত ভাষণত উল্লেখ কৰি কয় যে আমি আপোনালোকক সন্মান কৰোঁ বাবে এই কাম আমি কৰিছো। গতিকে ভোট কংগ্ৰেছক দি লাভ নাই বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক ভোট বিজেপিক দিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে চামগুৰি সমষ্টিত খহনীয়া ৰোধৰ কাৰণে মন্ত্ৰীগৰাকীয়ে এইবেলি ৮ কোটি টকা দিয়া বুলি উল্লেখ কৰে।


মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰে। কংগ্ৰেছৰ দিনত এনেকুৱা একো সুবিধা ৰাইজে পোৱা নাছিল। কংগ্ৰেছে অকল মিছা কথা কয়, সংখ্যালু ৰাইজক পঢ়া-শুনাৰ পৰা দূৰত ৰাখে, গাঁৱৰ ৰাস্তাবিলাক বেয়া কৰি ৰাখে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে। তেওঁ কয় যে একেটা পৰিয়ালৰ মানুহে চামগুৰিত বছৰৰ পাছত বছৰ ধৰি মন্ত্ৰী-বিধায়ক হৈ আছে যদিও কাম একো কৰা নাই। কাম কৰিছে কেৱল বিজেপিয়ে, কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, নগাঁওবাসী ৰাইজৰ সুবিধাৰ কাৰণে নগাঁও মেডিকেল কলেজ ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণই কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মডিকেল কলেজ নিৰ্মাণ কৰা বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ‘মুছলমান ৰাইজৰ ওচৰলৈ যাবলৈ মোৰ ঘিন’ লাগে বুলি প্ৰদ্যুত বৰদলৈয়ে বহুত ঠাইত কৈ ফুৰিছিল বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। তেওঁ আৰু কয় যে এনেধৰণ কথা আমি নকওঁ, সেই কাৰণে আমি আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছো বুলি উল্লেখ কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে। মৰি গলেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহে বুলি তেওঁ কয়। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব, সেয়ে তেওঁ ভোটকেইটা কংগ্ৰেছক দি নষ্ট নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভাষণত কয়। গতিকে সমষ্টিকেইটাক যদি পিছুৱাই নিয়াৰ মন নাই তেন্তে বিৰোধীক ভোট দিয়াৰ বিপৰীতে তেওঁ বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি, কিন্তু এইবাৰ কৈছে সংবিধান বদলাই দিব।

অসমত ৮ বছৰ, কেন্দ্ৰত ১০ বছৰ বিজেপি শাসনত থাকিল, ক’ৰবাত মছজিদ ভাঙিল নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কংগ্ৰেছে নতুনকৈ কোৱা আৰম্ভ কৰিছে যে বিজেপি শাসনলৈ আহিলে সংবিধান বদলাই দিব। মন্ত্ৰীগৰাকীয়ে এইবোৰ সকলো মিছা কথা বুলি উল্লেখ কৰি কয় যে আমি মানুহৰ কাম কৰিম, আমি ৰাইজৰ কাম কৰিম, সকলোৰে কাম কৰিম, এয়া আমি প্ৰতিশ্ৰুতি দিছো। সকলোৰে কাৰণে কাম কৰা, সকলো শান্তিত থকা, সকলোকে লৈ আগুৱাই যোৱাই নৰেন্দ্ৰ মোদীৰ নীতি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছে কৰা নাই, উন্নয়ন আমি কৰিছো। আমি বিনামূলীয়া চাউল দিছো, অৰুণোদয় দিছো, কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল। ৰাস্তা-ঘাটৰ উন্নয়ন কংগ্ৰেছে কৰা নাছিল। লাহৰীঘাটৰ ৰাইজ বানপানীত ডুব গৈ আছিল। স্বাধীনতাৰ পৰা আজিলৈকে লাহৰীঘাটত অকল কংগ্ৰেছে থাকিল, কিন্তু এই অঞ্চলৰ উন্নয়ন একো নকৰিলে। না মথাউৰি নিৰ্মাণ কৰিলে, না খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ললে। কংগ্ৰেছে একো কাম নকৰিলে। ইয়াত মথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁ নিজে কৰা বুলি উদাত্ত ভাষণত উল্লেখ কৰি কয় যে আমি আপোনালোকক সন্মান কৰোঁ বাবে এই কাম আমি কৰিছো। গতিকে ভোট কংগ্ৰেছক দি লাভ নাই বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক ভোট বিজেপিক দিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে চামগুৰি সমষ্টিত খহনীয়া ৰোধৰ কাৰণে মন্ত্ৰীগৰাকীয়ে এইবেলি ৮ কোটি টকা দিয়া বুলি উল্লেখ কৰে।


মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰে। কংগ্ৰেছৰ দিনত এনেকুৱা একো সুবিধা ৰাইজে পোৱা নাছিল। কংগ্ৰেছে অকল মিছা কথা কয়, সংখ্যালু ৰাইজক পঢ়া-শুনাৰ পৰা দূৰত ৰাখে, গাঁৱৰ ৰাস্তাবিলাক বেয়া কৰি ৰাখে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে। তেওঁ কয় যে একেটা পৰিয়ালৰ মানুহে চামগুৰিত বছৰৰ পাছত বছৰ ধৰি মন্ত্ৰী-বিধায়ক হৈ আছে যদিও কাম একো কৰা নাই। কাম কৰিছে কেৱল বিজেপিয়ে, কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, নগাঁওবাসী ৰাইজৰ সুবিধাৰ কাৰণে নগাঁও মেডিকেল কলেজ ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণই কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মডিকেল কলেজ নিৰ্মাণ কৰা বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ‘মুছলমান ৰাইজৰ ওচৰলৈ যাবলৈ মোৰ ঘিন’ লাগে বুলি প্ৰদ্যুত বৰদলৈয়ে বহুত ঠাইত কৈ ফুৰিছিল বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। তেওঁ আৰু কয় যে এনেধৰণ কথা আমি নকওঁ, সেই কাৰণে আমি আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছো বুলি উল্লেখ কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে। মৰি গলেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহে বুলি তেওঁ কয়। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব, সেয়ে তেওঁ ভোটকেইটা কংগ্ৰেছক দি নষ্ট নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভাষণত কয়। গতিকে সমষ্টিকেইটাক যদি পিছুৱাই নিয়াৰ মন নাই তেন্তে বিৰোধীক ভোট দিয়াৰ বিপৰীতে তেওঁ বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা


২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা ।কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি, কিন্তু এইবাৰ কৈছে সংবিধান বদলাই দিব।

অসমত ৮ বছৰ, কেন্দ্ৰত ১০ বছৰ বিজেপি শাসনত থাকিল, ক’ৰবাত মছজিদ ভাঙিল নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কংগ্ৰেছে নতুনকৈ কোৱা আৰম্ভ কৰিছে যে বিজেপি শাসনলৈ আহিলে সংবিধান বদলাই দিব। মন্ত্ৰীগৰাকীয়ে এইবোৰ সকলো মিছা কথা বুলি উল্লেখ কৰি কয় যে আমি মানুহৰ কাম কৰিম, আমি ৰাইজৰ কাম কৰিম, সকলোৰে কাম কৰিম, এয়া আমি প্ৰতিশ্ৰুতি দিছো। সকলোৰে কাৰণে কাম কৰা, সকলো শান্তিত থকা, সকলোকে লৈ আগুৱাই যোৱাই নৰেন্দ্ৰ মোদীৰ নীতি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছে কৰা নাই, উন্নয়ন আমি কৰিছো। আমি বিনামূলীয়া চাউল দিছো, অৰুণোদয় দিছো, কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল। ৰাস্তা-ঘাটৰ উন্নয়ন কংগ্ৰেছে কৰা নাছিল। লাহৰীঘাটৰ ৰাইজ বানপানীত ডুব গৈ আছিল। স্বাধীনতাৰ পৰা আজিলৈকে লাহৰীঘাটত অকল কংগ্ৰেছে থাকিল, কিন্তু এই অঞ্চলৰ উন্নয়ন একো নকৰিলে। না মথাউৰি নিৰ্মাণ কৰিলে, না খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ললে। কংগ্ৰেছে একো কাম নকৰিলে। ইয়াত মথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁ নিজে কৰা বুলি উদাত্ত ভাষণত উল্লেখ কৰি কয় যে আমি আপোনালোকক সন্মান কৰোঁ বাবে এই কাম আমি কৰিছো। গতিকে ভোট কংগ্ৰেছক দি লাভ নাই বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক ভোট বিজেপিক দিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে চামগুৰি সমষ্টিত খহনীয়া ৰোধৰ কাৰণে মন্ত্ৰীগৰাকীয়ে এইবেলি ৮ কোটি টকা দিয়া বুলি উল্লেখ কৰে।


মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰে। কংগ্ৰেছৰ দিনত এনেকুৱা একো সুবিধা ৰাইজে পোৱা নাছিল। কংগ্ৰেছে অকল মিছা কথা কয়, সংখ্যালু ৰাইজক পঢ়া-শুনাৰ পৰা দূৰত ৰাখে, গাঁৱৰ ৰাস্তাবিলাক বেয়া কৰি ৰাখে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে। তেওঁ কয় যে একেটা পৰিয়ালৰ মানুহে চামগুৰিত বছৰৰ পাছত বছৰ ধৰি মন্ত্ৰী-বিধায়ক হৈ আছে যদিও কাম একো কৰা নাই। কাম কৰিছে কেৱল বিজেপিয়ে, কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, নগাঁওবাসী ৰাইজৰ সুবিধাৰ কাৰণে নগাঁও মেডিকেল কলেজ ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণই কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মডিকেল কলেজ নিৰ্মাণ কৰা বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ‘মুছলমান ৰাইজৰ ওচৰলৈ যাবলৈ মোৰ ঘিন’ লাগে বুলি প্ৰদ্যুত বৰদলৈয়ে বহুত ঠাইত কৈ ফুৰিছিল বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। তেওঁ আৰু কয় যে এনেধৰণ কথা আমি নকওঁ, সেই কাৰণে আমি আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছো বুলি উল্লেখ কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে। মৰি গলেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহে বুলি তেওঁ কয়। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব, সেয়ে তেওঁ ভোটকেইটা কংগ্ৰেছক দি নষ্ট নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ২০২৬ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভাষণত কয়। গতিকে সমষ্টিকেইটাক যদি পিছুৱাই নিয়াৰ মন নাই তেন্তে বিৰোধীক ভোট দিয়াৰ বিপৰীতে তেওঁ বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

গুৱাহাটীত দুখনকৈ আই পি এল মেচ : ১৫ মে’ত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ ! অনুৰাগীৰ বাবে আজিৰে পৰা বুকমাইশ্ব’ত মুকলি হ’ল এচিএ ক্ৰিকেট ষ্টেডিয়ামত হ’বলগা প্ৰথমখন খেলৰ টিকট…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব ৷

ইফালে, গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ বাবে আজি আবেলিৰে পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে৷ এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে ঘোষণা কৰা অনুসৰি আজি আবেলি চাৰি বজাৰ পৰা অনুৰাগীয়ে পাঞ্জাব কিংছৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আৰ আৰ দলৰ প্ৰথমখন ঘৰুৱা মেচৰ টিকট ক্ৰয় কৰিব পাৰিব৷ অৱশ্যে টিকট ক্ৰয়ৰ প্ৰথম সুবিধা লাভ কৰিব সেইসকল অনুৰাগীয়ে যিসকলে আগতীয়াকৈ ইয়াৰ বাবে অনলাইনত পঞ্জিয়ন কৰিছিল ৷

সেই অনুসৰি ইতিমধ্যে আগতীয়াকৈ পঞ্জীয়ন কৰা অনুৰাগীসকলে ১৮ এপ্ৰিল বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ ভিতৰত ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুকমাইশ্ব’ত পঞ্জাৱৰ বিৰুদ্ধে খেলিব লগা মেচখনৰ টিকট সংগ্ৰহ কৰিব পাৰিব ৷ অনুৰাগীসকলে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ এই টিকট ক্ৰয় কৰিব পাৰিব ৷ ইফালে, আগতীয়াকৈ পঞ্জিয়ন নকৰা অনুৰাগীৰ বাবে গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ টিকট উপলব্ধ হ’ব ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ পাছত৷ এই টিকটো বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ ক্ৰয় কৰিব লাগিব ৷

অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব ৷ কিন্তু গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকটো মুকলি কৰিছে যিবোৰ পৰৱৰ্তী সময়ত বক্স অফিচত ক্ৰয় কৰিব পৰা যাব৷ ইফালে, অহা ১৯ মে’ত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ টিকট পৰৱৰ্তী সময়ত উপলদ্ধ হ’ব ৷ কিন্তু যিসকল অনুৰাগীয়ে গুৱাহাটীৰ প্ৰথম মেচৰ টিকট সংগ্ৰহ কৰিব সেইসকলক দ্বিতীয় মেচৰ টিকট ক্ৰয়ৰ সময়ত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব ৷ অনুৰাগীয়ে তলৰ লিংকটোত ক্লিক কৰি মেচসমূহৰ টিকট ক্ৰয় কৰিব পাৰিব ৷ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এচিএ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল ৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে ৷


এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগি ৰঞ্জিত বৰঠাকুৰে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল ৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল ছিজনতে নহয়, গৌতেই বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে অহা মে’ মাহত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব ৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব ৷’

ইফালে, ৰাজস্থান ৰয়েলছৰ অল ৰাউণ্ডাৰ তথা চলিত ছিজনত এতিয়ালৈকে আই পি এলৰ দ্বিতীয় সৰ্বাধিক ৰান স্ক’ৰাৰ ৰিয়ান পৰাগে [সাত মেচত ৩১৮ ৰাণ] নিজৰ দলৰ গুৱাহাটীলৈ পুনৰবাৰ ঘূৰি অহা সন্দৰ্ভত কয় ‘যোৱা বছৰ এচিএ ষ্টেডিয়ামত খেলাটো এটা স্মৰণীয় অভিজ্ঞতা আছিল আৰু আমি সকলোৱে এইবাৰো গুৱাহাটীলৈ উভতি আহি পুনৰ দুখন ঘৰুৱা মেচ খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছো৷ এইবাৰ দলটোৱে কিছু ভাল ক্ৰিকেট খেলি আহিছে আৰু আমি আমাৰ সুন্দৰ প্ৰদৰ্শন ধৰি ৰাখিবলৈ আগ্ৰহী৷ উত্তৰ-পূবৰ অনুৰাগীসকলকো আমাৰ দলৰ জয়ৰ সাক্ষী কৰাটো মুল লক্ষ্য ৷’

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন : তুমুল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ-তপন কুমাৰ গগৈ…

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ঃ প্ৰেক্ষাপটত ১৯৫২ – ২০২৪ চনলৈ যোৰহাট লোকসভা সমষ্টি
তুমুল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ-তপন কুমাৰ গগৈ

অসমৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ আৰু সম্ভ্ৰান্ত সংসদীয় সমষ্টি হিচাপে পৰিগণিত হৈ আহিছে যোৰহাট লোকসভা সমষ্টি। উল্লেখ্য যে এসময়ত এই যোৰহাট সমষ্টি আছিল অসমৰ ৰাজনীতিৰ নাভিকেন্দ্ৰ স্বৰূপ। কিয়নো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ পৰাই প্ৰয়াত তৰুণ গগৈৰ দৰে প্ৰবীণ ৰাজনীতিবিদে ২০০১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে ১৫ বছৰ ৰাজ্যৰ শাসনভাৰ চলোৱাৰ উপৰিও সংসদীয় সমষ্টিটোৰ পৰাই হিতেশ্বৰ শইকীয়া, বিমলাপ্ৰসাদ চলিহাৰ দৰে নেতাইও মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। তদুপৰি প্ৰয়াত দেবেশ্বৰ শৰ্মা, খগেন বৰবৰুৱা, দুলাল চন্দ্ৰ বৰুৱা, তৰুণ গগৈ, বিজয়কৃষ্ণ সন্দিকৈ, পৰাগধৰ চলিহা, দেৱ কুমাৰ বৰাৰ দৰে ৰাজ্যৰ দ্বিগ্গজ ৰাজনীতিকৰ বাবে যোৰহাট সংসদীয় সমষ্টিয়েই ৰাজনীতিৰ আখৰা থলী আছিল । কালিলৈ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ১৪ নং যোৰহাট লোকসভা সমষ্টিতো ভোট যুদ্ধলৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ। উল্লেখ্য যে ৰাজ্যৰ আন চাৰিটা লোকসভা সমষ্টিৰ লগতে যোৰহাট সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে সম্ভ্ৰান্ত সমষ্টিটো দখল কৰিবৰ বাবে সকলো ৰাজনৈতিক দলেই সাজু । অৱশ্যে সেয়ে হ’লেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাজুলী বিধানসভা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ লগতে নৱগঠিত ডিমৌ বিধানসভা সমষ্টিয়েও সংসদীয় সমষ্টিটোৰ পূৰ্বৰ সৰল ৰাজনৈতিক সমীকৰণত যে এইবাৰ আউল লগাব সেই কথাও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। মন কৰিব লগীয়া যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, তিতাবৰ আৰু মাজুলী নিৰ্বাচনী জিলাৰ মুঠ দহটা বিধানসভা সমষ্টি ক্ৰমে ৯৩ নং সোণাৰি, ৯৪ নং মাহমৰা, ৯৫ নং ডিমৌ, ৯৬ নং শিৱসাগৰ, ৯৭ নং নাজিৰা, ৯৮ নং মাজুলী, ৯৯ নং টীয়ক, ১০০ নং যোৰহাট, ১১১ নং মৰিয়নী আৰু ১০২ নং তিতাবৰ সমষ্টি সামৰি গঠিত হৈছে যোৰহাট লোকসভা সমষ্টি। উল্লেখ্য যে এইবাৰ যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭,১৮,২৭২ গৰাকী। ইয়াৰে ৮,৮৬,৭৫৪ জন পুৰুষ, ৮,৭১,৫১৬ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ২ জন।

আশীৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা ১৭,১৭৮ জন। আনহাতে, এশ বছৰৰ ওপৰৰ ভোটাৰৰ সংখ্যা ১১৫ গৰাকী। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা ১২,২৬৫ গৰাকী। ১৮-১৯ বছৰৰ যুৱ ভোটাৰৰ সংখ্যা ২৯,৪৬২ গৰাকী। আনহাতে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত সোণাৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭০,৮৭৯। ইয়াৰে ৮৪,৩৬৭ গৰাকী পুৰুষ আৰু ৮৬,৫১২ গৰাকী মহিলা। মাহমৰা বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪৭,৬৬৭ গৰাকী। ইয়াৰে ৭২,৪৯৭ গৰাকী পুৰুষ আৰু ৭৫,১৭০ গৰাকী মহিলা ভোটাৰ। ডিমৌ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭৬,২১৮ গৰাকী। ইয়াৰে ৮৭,৩২৬ গৰাকী পুৰুষ আৰু ৮৮,৮৯২ গৰাকী মহিলা। শিৱসাগৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,০৭,৬০৫ গৰাকী। ইয়াৰে ১,০২,৭৭২ গৰাকী পুৰুষ, ১,০৪,৮৩২ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ। নাজিৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭৮,৭৬৬ গৰাকী। ইয়াৰে ৮৭,৬৮৮ গৰাকী পুৰুষ, মহিলা ভোটাৰৰ সংখ্যা ১১,০৭৭ গৰাকী আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। মাজুলী বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৩৯,৮৬৯। ইয়াৰে পুৰুষৰ সংখ্যা ৭১,১৮৫ আৰু মহিলা ৬৮,৬৮৪ গৰাকী। টীয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৯২,২০৬ গৰাকী। ইয়াৰে পুৰুষৰ সংখ্যা ৯৪,৫৪৫ আৰু মহিলা ৯৭,৬৬১ গৰাকী। যোৰহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪৬,৭৩১। ইয়াৰে পুৰুষৰ সংখ্যা ৭০,৮৯৫ আৰু মহিলা ৭৫,৮৩৬ গৰাকী। মৰিয়নী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৬২,৫৪২ গৰাকী। ইয়াৰে পুৰুষৰ সংখ্যা ৮০,১২৯ আৰু মহিলা ৮২,৪১৩ গৰাকী। তিতাবৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৯৫,৭৮৯। ইয়াৰে পুৰুষৰ সংখ্যা ৯৫,৩৫০ আৰু মহিলা ১,০০,৪৩৯ গৰাকী। পৰ্যালোচনা কৰিলে দেখা যায় যে যোৰহাট লোকসভা সমষ্টিটো বিগত দহবছৰ ধৰি বিজেপিৰ হাতত আছে যদিও অধিকাংশ সময়েই কংগ্ৰেছৰ দখলত আছিল। অৱশ্যে ইয়াৰ মাজতে ১৯৫২ চনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ ৰাজেন্দ্ৰ নাথ বৰুৱা আৰু ১৯৮৫ চনত অসম গণ পৰিষদ দলৰ পৰাগধৰ চলিহা যোৰহাট লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল। আনহাতে কংগ্ৰেছ দলৰ প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈয়ে ১৯৯১ চনত সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে ১৯৯৬, ১৯৯৮, ১৯৯৯, ২০০৪ আৰু ২০০৯ লৈকে মুঠ ছবাৰকৈ সমষ্টিটোত ধাৰাবাহিকভাৱে প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ বিপৰীতে ১৯৭১ আৰু ১৯৭৭ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দুবাৰকৈ যোৰহাটৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে তৰুণ গগৈয়ে ১৯৭১ চনত চি পি আই প্ৰাৰ্থী খগেন বৰবৰুৱাক আৰু ১৯৭৭ চনত ভাৰতীয় লোক দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাক পৰাভূত কৰিছিল। ইপিনে কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়কৃষ্ণ সন্দিকৈ ১৯৮৫ চনৰ অগপৰ প্ৰৱল ঢৌৰ পৰিপ্ৰেক্ষিতত পৰাগধৰ চলিহাৰ হাতত শোচনীয়ভাবে পৰাজিত হৈছিল। অৱশ্যে ইয়াৰ পাছত ১৯৯১ চনৰ পৰা বিজয়কৃষ্ণ সন্দিকৈয়ে সমষ্টিটোত বিজয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখে। ১৯৯১ চনত সন্দিকৈয়ে ৮৫ ৰ শোচনীয় পৰাজয়ৰ পোটক তোলে। ১৯৯১ চনত বিজয়কৃষ্ণ সন্দিকৈয়ে অগপ প্ৰাৰ্থী পৰাগৰৰ চলিহাক শোচনীয়ভাবে পৰাজিত কৰে। সেইবাৰ বিজয়কৃষ্ণ সন্দিকৈয়ে ২,৩৯,৩৬৯ টা ভোট লাভ কৰাৰ বিপৰীতে পৰাগধৰ চলিহাই লাভ কৰিছিল ১,২৮,৭০৬ টা ভোট। ১৯৯৬ চনত কংগ্ৰেছৰ প্ৰাৰ্থী সন্দিকৈয়ে অগপৰ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইক পৰাজিত কৰিছিল। সেই নিৰ্বাচনত সন্দিকৈয়ে ৩,১১,৫৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে বুঢ়াগোহাঁইয়ে লাভ কৰিছিল ২,৬৪,৩৯৯ টা ভোট। ১৯৯৮ চনত বিজয়কৃষ্ণ সন্দিকৈয়ে অগপৰ দেৱকুমাৰ বৰাক পৰাস্ত কৰিছিল। সন্দিকৈয়ে ২,১৬,৪০৬ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰয়াত দেৱকুমাৰ বৰাই লাভ কৰিছিল কেবল মাত্ৰ ৫৪.৩৯৭ টা ভোটহে। ১৯৯৯ চনত সন্দিকৈৰ হাতত পৰাজয় বৰণ কৰিছিল বিজেপিৰ জানকী নাথ সন্দিকৈয়ে। জানকী নাথ সন্দিকৈয়ে ২,০৫,৩৩০ টা ভোট লাভ কৰাৰ বিপৰীতে সন্দিকৈয়ে লাভ কৰিছিল ৩,০৪,৬৯০ টা ভোট। ২০০৪ চনত বিজয়কৃষ্ণ সন্দিকৈয়ে চি পি আই প্ৰাৰ্থী দ্ৰুপদ বুঢ়াগোহাঁইক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। সেই নিৰ্বাচনত সন্দিকৈয়ে লাভ কৰিছিল ২,২৩,৫২৪ টা ভোট আৰু দ্ৰুপদ বুঢ়াগোহাঁইয়ে লাভ কৰিছিল ১,৭২,৩৩২ টা ভোট। ২০০৪ চনত নিৰ্বাচনত সন্দিকৈৰ হাতত পৰাজিত হৈছিল বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হাতত। কামাখ্যা প্ৰসাদ তাছাই ২,৯০,৪০৫ টা ভোট লাভ কৰাৰ বিপৰীতে সন্দিকৈয়ে লাভ কৰিছিল ৩,৬২,৩২০ টা ভোট।

উল্লেখ্য যে ২০০৯ চনৰ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত পুনৰ মুখ ঠেকেচা খাইছিল চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আটছা এৰি গেৰুৱা বসন পিন্ধা কামাখ্যা প্ৰসাদ তাছাই। সেই বৰ্ষত কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। ২০০৯ চনত যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১১,৮২,৩৪৯ গৰাকী। ভোটদান সাব্যস্ত কৰিছিল ৭,৬৩,৪৫৫ গৰাকীয়ে। ইয়াৰ ভিতৰত কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈয়ে ৩,৬২,৩২০ টা আৰু বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছিল ২,৯০,৪০৬ টা ভোট। একেদৰে ২০১৪ চনত যোৰহাট সংসদীয় সমষ্টিত ভোটাৰৰ সংখ্যা আছিল ১১,৮৯,৪৮৬ গৰাকী। ভোটদান সাব্যস্ত কৰিছিল ৯,৩১,৩৩৬ গৰাকীয়ে। ইয়াৰে ৪,৫৬,৪২০ টা ভোট লাভ কৰি বিজয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা। বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়কৃষ্ণ সন্দিকৈয়ে লাভ কৰিছিল ৩,৫৪,০০০ টা ভোট। ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজয়ী হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ বিজেপিত যোগদান কৰা তপন কুমাৰ গগৈয়ে। তপন কুমাৰ গগৈয়ে পৰাস্ত কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক। উল্লেখ্য যে ২০১৯ চনত যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৩,৬৫,০৩৫ গৰাকী। ভোটদান সাব্যস্ত কৰিছিল ১০,৫৭,৯৬৫ গৰাকীয়ে। ইয়াৰে তপন কুমাৰ গগৈয়ে ৫,৪৩,২৮৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে লাভ কৰিছিল ৪,৬০,৬৩৫ টা ভোট। উল্লেখ্য এয়ে যে, যোৰহাট লোকসভা সমষ্টিত বিগত দিনত বিশেষকৈ আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয় ভোটাৰেই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। পৰিসংখ্যা অনুসৰি জানিব পৰা মতে, সমষ্টিটোত প্ৰায় ৫৫ শতাংশৰো অধিক আহোম আৰু চুতীয়া জনগোষ্ঠীৰ ভোটাৰ থকাৰ বিপৰীতে ৩০ শতাংশৰো অধিক চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ ভোটাৰ আছে। সংসদীয় সমষ্টিটোৰ অন্তৰ্গত আহোম জনগোষ্ঠীয় প্ৰধান বিধানসভা সমষ্টিকেইটা হ’ল শিৱসাগৰ, নাজিৰা, মাহমৰা আৰু ডিমৌ। তদুপৰি টীয়ক, মৰিয়নী, তিতাবৰ সমষ্টিটো আছে সীমিতসংখ্যক আহোম সম্প্ৰদায়ৰ ভোটাৰৰ বিপৰীতে চুতীয়া জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। ইপিনে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত আছে ডেৰশৰো অধিক চাহ বাগিচা। এই ডেৰশখন চাহ বাগিচাত থকা চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা হ’ল ৪ লাখৰো অধিক। আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি সমষ্টিটোত শিক্ষিত ভোটাৰৰ হাৰ হ’ল ৭১.৫২ শতাংশ। একেদৰে যোৰহাট লোকসভা সমষ্টিত মুছলমান সম্প্ৰদায়ৰ ভোটাৰ আছে ৮.২ শতাংশ, অনুসূচিত জাতি সম্প্ৰদায়ৰ ভোটাৰৰ সংখ্যা হ’ল ৪.৭ শতাংশ আৰু অনুসূচিত জনজাতি ভোটাৰৰ সংখ্যা হ’ল ৪.৮ শতাংশ। সমষ্টিটোত গ্ৰামাঞ্চলৰ ভোটাৰৰ সংখ্যা হ’ল ৮৩.৪ শতাংশ আৰু নগৰীয়া অঞ্চলৰ ভোটাৰৰ সংখ্যা হ’ল ১৬.৬ শতাংশ। আনহাতে যোৰহাট লোকসভা সমষ্টিটো শাসনাধিষ্ঠিত বিজেপিৰ দখলত থাকিলেও সমষ্টিটোৰ অন্তৰ্গত তিতাবৰ আৰু নাজিৰা বিধানসভা সমষ্টি দুটা কংগ্ৰেছৰ হাতত থকাৰ বিপৰীতে শিৱসাগৰ সমষ্টিটো আছে ৰাইজৰ দলৰ দখলত। তদুপৰি সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্ত হোৱা আমগুৰিৰ লগতে টীয়ক বিধানসভা সমষ্টি আছে মিত্ৰদল অগপৰ হাতত। বিজেপিৰ নিজৰ বুলিবলৈ আছে মাত্ৰ পাঁচটা বিধান সভা সমষ্টিহে। উল্লেখ্য যে বিজেপিৰ এই পাঁচটা সমষ্টিৰ ভিতৰত এইবাৰ মাজুলী বিধানসভা সমষ্টিটো যোৰহাট সংসদীয় সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। পূৰ্বে মাজুলী লক্ষীমপুৰ সংসদীয় সমষ্টিৰ লগত চামিল হৈ আছিল।

গুৰুত্বপূৰ্ণ বিষয় যে যোৰহাট সংসদীয় সমষ্টিটোত বিশেষকৈ আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে যদিও এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা মাজুলী বিধান সভা সমষ্টিৰ ১,৩৯,৮৬৯ গৰাকী ভোটাৰেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কিয়নো মাজুলী বিধানসভা সমষ্টিত মিচিং জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা সৰ্বাধিক হোৱাৰ উপৰিও ইয়াৰ সত্ৰসমূহৰো বিশেষ ভূমিকা আছে। ইতিমধ্যে অসম্পূৰ্ণ বিধ্বস্ত এই সমগ্ৰ পথছোৱাত যোৱা পাঁচটা বছৰত দুৰ্ঘটনাত পতিত হৈ কুৰিৰো অধিক লোকৰ মৃত্যু হোৱাৰ উপৰিও শতাধিক লোক আহত হৈছে। একেদৰে যোৰহাট জিলাৰ মৰিয়নী আৰু সোণাৰি, বিহুবৰৰ অসম-নগালেণ্ডৰ সীমা সমস্যাৰ আজি পৰ্যন্ত সমাধান নোলাল। ইফালেদি যোৰহাট জিলাৰ বাট-পথসমূহৰ কিছু উন্নয়ন হ’ল যদিও বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰা, গেলেকী আৰু মাহমৰা বিধান সভা সমষ্টিৰ গ্ৰামাঞ্চলৰ বাট-পথ যোৱা পাঁচটা বছৰে মানুহ চলাফিৰা কৰিব পৰাকৈ আজিও উন্নত নহ’ল। আনহাতেদি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নিমাতী, ককিলামুখ আৰু জাঁজীমুখৰ বান-খহনীয়া সমস্যা আজিও সমাধান নহ’ল। ইয়াৰ বিপৰীতে নিমাতীৰ গৰাখহনীয়া এচামৰ বাবে চৰকাৰী ধন লুণ্ঠনৰ থলীহে হৈ পৰিল। একেদৰে সমষ্টিটোৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৱে বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাবাসীক বিগত পাঁচবছৰে জীয়াতু ভোগাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ উন্নীত কৰি ২০১৪ চনতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু বহুকেইটা প্ৰতিষ্ঠানক ঠিকা দিয়াৰ পাছতো এনএইচআইডিচিএলে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈ আৰু জাঁজীৰ পৰা ডিমৌলৈ এই পথছোৱাৰ নিৰ্মাণকাৰ্য আজিও সম্পূৰ্ণ হৈ নুঠিল। স্বাভাৱিকতে সমষ্টিটোৰ সমস্যাসমূহ সমাগত লোকসভা নিৰ্বাচনত এতিয়া ভোটাৰৰ মনলৈ আহিছে। যি কি নহওক এনেসমূহ সমস্যাৰ মাজতে ভোটাৰ ৰাইজে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত ইভিএমৰ বুটাম টিপি ঠিৰাং কৰিব এইবাৰ দিল্লীৰ দৰবাৰলৈ সম্ভ্ৰান্ত যোৰহাট সমষ্টিৰ পৰা কাক নিৰ্বাচিত কৰি পঠাব। অৱশ্যে যুৱ প্ৰজন্মৰ বাবে গৌৰৱ গগৈ পচন্দৰ প্ৰাৰ্থী বুলি চৰ্চা লাভ কৰাৰ বিপৰীতে বিশেষকৈ যোৰহাট জিলাত বিজেপিৰ জিলা সভাপতিগৰাকীৰ লবীকেন্দ্ৰিক ৰাজনীতিয়ে বিজেপিৰ বহু নিষ্ঠাবান ক্ষোভিত কাৰ্যকৰ্তাই গৌৰৱ গগৈৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিলেও আচৰিত হ’ব লগা নহ’ব।
অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত এতিয়া সৰ্বত্ৰ চৰ্চিত যোৰহাট লোকসভা সমষ্টি। দুই হাইপ্ৰফাইল নেতা কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি-অগপ মিত্ৰ দলৰ তপন কুমাৰ গগৈৰ মাজত যে এখন তুমুল নিৰ্বাচনী যুদ্ধ হ’ব সেয়া ধুৰূপ।

কুমাৰপাৰাত ‘ব’হাগৰ এসন্ধিয়া’…

ব’হাগ বিহুৰ লগত সংগতি ৰাখি যোৱা ১৭ এপ্ৰিল তাৰিখে কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত কুমাৰপাৰাৰ কালিৰাম চৌধুৰী পথত ( হৰিপ্ৰিয়া বিদ্যাপীঠৰ সন্মুখত) এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি ড: দিলীপ শৰ্মাই বন্তি প্ৰজ্বলন আৰু স্থানীয় মহিলাসকলে নাম প্ৰসংগ কৰে।

মৌচম হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ পটভূমি ব্যাখ্যা কৰে, সত্যেন শৰ্মাই। অনুষ্ঠানত বৰষা দাস, অন্তৰীপা দাস আৰু ৰিমলি দাসৰ পৰিচালনাত ‘নৃত্যসাধনা সাংস্কৃতিক দল’এ অসমৰ বিভিন্ন থলুৱা নৃত্য পৰিবেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰে। অসমৰ চিৰ সেউজ গীতৰ সমাহাৰেৰে পৰিবেশন কৰা ‘ৰংঘৰ দল’ৰ অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠানত ভূয়শী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয়। ‘ৰংঘৰ দল’ৰ শিল্পীসকল আছিল – সন্দীপা শৰ্মা, মৌচুমী বৰদলৈ, মেঘালী বৰদলৈ, ঝৰ্ণা ডেকা আৰু ড° জয়শ্ৰী দেৱী।

‘ব’হাগৰ এসন্ধিয়া’ৰ বিশেষ আকৰ্ষণ আছিল – ‘চৰাইদেউ সমন্বয় বিহুদল’ৰ অনুষ্ঠান। অংকুৰ বৰঠাকুৰৰ গীতৰ অনুষ্ঠান আছিল, অনুষ্ঠানৰ আন এটা অন্যতম আকৰ্ষণ। অনুষ্ঠানৰ মাজতে স্হানীয় সৰবৰহী যুৱক দিপাংকৰ ৰাজবংশীক আনুষ্ঠানিক ভাবে ‘শ্মশান সাৰথি’ উপাধি প্ৰদান কৰা হয়। এই উপলক্ষে ৰাজবংশীক সম্বৰ্ধনা পত্ৰ, শৰাই আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ক’ভিড অতিমাৰীৰ সময়ত ৰাজস্হানৰ জয়পুৰত থকা অসমীয়া মানুহক সেৱা – শুশ্ৰুসা কৰাৰ বাবে অনুষ্ঠানত সুশীল চৌধুৰী আৰু মন্জু চৌধুৰীকো ৰাজহুৱা ভাবে সম্বৰ্ধনা জনোৱা হয়।

‘ব’হাগৰ এসন্ধিয়া’ত সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বিশেষ অতিথি ৰূপে অংশ গ্ৰহন কৰে আৰু অসমীয়া জাতিৰ স্বঅভিমান ৰক্ষাৰ স্বাৰ্থত বিহুৰ তাৎপৰ্য ৰ বিষয়ে দুআষাৰ কয়। অনুষ্ঠানত কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক ( ভাৰপ্ৰাপ্ত) দীপক মেধী, ডা: দ্বীজেন্দ্ৰ চন্দ্ৰ দত্ত, ড: বিষ্ণু প্ৰসাদ দাস, ড: জ্যোতি ভূঞা, ড: কিশোৰ বৰুৱা, ড: অৰ্চনা শৰ্মা, অনুপ পোদ্দাৰ, বুঢ়া গোহাই থানৰ সাধাৰণ সম্পাদক গৌতম দাস প্ৰমুখ্যে ভালেমান গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহন কৰে।

প্ৰাক্তন ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ ঘৰ-সম্পত্তিৰ মূল্যায়নৰ বাবে অভিযান…

প্ৰাক্তন ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান।

চৌধুৰীৰ ঘৰ-সম্পত্তিৰ মূল্যায়নৰ বাবে CM ভিজিলেন্সৰ অভিযান ।

আয়তকৈ প্ৰায় ২০০ শতাংশ অধিক সম্পত্তিৰ গৰাকী চৌধুৰী । ২০২২ চনত অসম আৰক্ষীৰ পৰা বৰ্খাস্ত হৈছিল সন্তোষ চৌধুৰী ।

গুৱাহাটীত দুখনকৈ আই পি এল মেচঃ ১৫ মে’ত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ বাবে আজি আবেলিৰে পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে৷ এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে ঘোষণা কৰা অনুসৰি আজি আবেলি চাৰি বজাৰ পৰা অনুৰাগীয়ে পাঞ্জাব কিংছৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আৰ আৰ দলৰ প্ৰথমখন ঘৰুৱা মেচৰ টিকট ক্ৰয় কৰিব পাৰিব৷ অৱশ্যে টিকট ক্ৰয়ৰ প্ৰথম সুবিধা লাভ কৰিব সেইসকল অনুৰাগীয়ে যিসকলে আগতীয়াকৈ ইয়াৰ বাবে অনলাইনত পঞ্জিয়ন কৰিছিল৷

সেই অনুসৰি ইতিমধ্যে আগতীয়াকৈ পঞ্জীয়ন কৰা অনুৰাগীসকলে ১৮ এপ্ৰিল বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ ভিতৰত ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুকমাইশ্ব’ত পঞ্জাৱৰ বিৰুদ্ধে খেলিব লগা মেচখনৰ টিকট সংগ্ৰহ কৰিব পাৰিব৷ অনুৰাগীসকলে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ এই টিকট ক্ৰয় কৰিব পাৰিব৷ ইফালে, আগতীয়াকৈ পঞ্জিয়ন নকৰা অনুৰাগীৰ বাবে গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ টিকট উপলব্ধ হ’ব ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ পাছত৷ এই টিকটো বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ ক্ৰয় কৰিব লাগিব৷

অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব৷ কিন্তু গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকটো মুকলি কৰিছে যিবোৰ পৰৱৰ্তী সময়ত বক্স অফিচত ক্ৰয় কৰিব পৰা যাব৷ ইফালে, অহা ১৯ মে’ত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ টিকট পৰৱৰ্তী সময়ত উপলদ্ধ হ’ব৷ কিন্তু যিসকল অনুৰাগীয়ে গুৱাহাটীৰ প্ৰথম মেচৰ টিকট সংগ্ৰহ কৰিব সেইসকলক দ্বিতীয় মেচৰ টিকট ক্ৰয়ৰ সময়ত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব৷ অনুৰাগীয়ে তলৰ লিংকটোত ক্লিক কৰি মেচসমূহৰ টিকট ক্ৰয় কৰিব পাৰিব৷ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এচিএ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগি ৰঞ্জিত বৰঠাকুৰে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল ছিজনতে নহয়, গৌতেই বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে অহা মে’ মাহত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব৷’

ইফালে, ৰাজস্থান ৰয়েলছৰ অল ৰাউণ্ডাৰ তথা চলিত ছিজনত এতিয়ালৈকে আই পি এলৰ দ্বিতীয় সৰ্বাধিক ৰান স্ক’ৰাৰ ৰিয়ান পৰাগে [সাত মেচত ৩১৮ ৰাণ] নিজৰ দলৰ গুৱাহাটীলৈ পুনৰবাৰ ঘূৰি অহা সন্দৰ্ভত কয় ‘যোৱা বছৰ এচিএ ষ্টেডিয়ামত খেলাটো এটা স্মৰণীয় অভিজ্ঞতা আছিল আৰু আমি সকলোৱে এইবাৰো গুৱাহাটীলৈ উভতি আহি পুনৰ দুখন ঘৰুৱা মেচ খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছো৷ এইবাৰ দলটোৱে কিছু ভাল ক্ৰিকেট খেলি আহিছে আৰু আমি আমাৰ সুন্দৰ প্ৰদৰ্শন ধৰি ৰাখিবলৈ আগ্ৰহী৷ উত্তৰ-পূবৰ অনুৰাগীসকলকো আমাৰ দলৰ জয়ৰ সাক্ষী কৰাটো মুল লক্ষ্য৷’

STFৰ জালত ৰঙিয়াৰ ম’ষ্ট ৱাণ্টেড আইতুল আলী…

STFৰ জালত ৰঙিয়াৰ ম’ষ্ট ৱাণ্টেড আইতুল আলী।

নিষিদ্ধ ওপিয়াম ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড আইতুল।

বুধবাৰে নিশা গ্ৰেপ্তাৰ আইতুল আলীক।