মাৰ্ঘেৰিটাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ভোটদান।
ভোটদান কৰি সাংবাদিকৰ আগত এনেদৰে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া।
মাৰ্ঘেৰিটাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ভোটদান।
ভোটদান কৰি সাংবাদিকৰ আগত এনেদৰে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া।
অষ্টাদশ লোক সভাৰ নিৰ্বাচনত ভোট দান কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷
নতুন যোৰহটীয়া গাঁৱৰ শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পত্নী, কন্যাৰ সৈতে ভোট দান কৰে বিধায়ক ফুকনে ৷
EVM বিকল
নগাঁৱৰ ৪৪ নং ভোটকেন্দ্রত বিকল EVM

কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ ভোটকেন্দ্রত EVM বিকল
বোকাখাততো পুনৰ বিকল হৈছে EVM

১৩৬ নং কলাখোৱা এল পি স্কুলৰ ভোটগ্রহণ কেন্দ্রত EVM বিকল
চিলাপথাৰৰ ডিমৌতো দুটা ভোটগ্রহণ কেন্দ্রত বিকল EVM
অখিল মাতৃ প্ৰিয়দা গগৈৰ ভোটদান।
যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টিৰ ৬৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান কৰে বৰ্ষীয়ান মহিলা প্ৰিয়াদা গগৈয়ে।
প্ৰিয়দা গগৈ শিৱসাগৰ বিধায়ক অখিল গগৈৰ মাতৃ। সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে প্ৰিয়দা গগৈয়ে।
প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ।
দেৰগাঁৱৰ বৰ কৰৈয়নিত ভোট বৰ্জন ৰাইজৰ।
পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন।
ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ।
প্ৰায় ৬০০ ভোটাৰে বৰ্জন কৰিলে ভোট দান।
কৰৈয়নিৰ পৰা দাধৰা সংযোগী পথটোৰ দুৰৱস্থাই বহুদিন ধৰি জ্বলা-কলা খুৱাই আহিছে ৰাইজক।
পূৰ্বতে খুমটাই সমষ্টিৰ পথটো এতিয়া দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত।
সমষ্টি সলনি হোৱাৰ পিছতো সলনি নহ’ল ৰাষ্টাৰ অৱস্থা।
পথৰ দুয়োপাৰে বাঁহ বান্ধি ভোট বৰ্জন ৰাইজৰ।
মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ ভোটদান।
আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।
এই ৫ টা লোকসভা সমষ্টিৰ অন্যতম ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি ।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া।
বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ সমুহত পুৱাৰে পৰা ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্তৰ কৰিব বাবে দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে।
ডিব্ৰুগড় লোক সভা সমষ্টিত এইবাৰ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে, ইয়াৰে বিজেপি মিত্ৰজোটৰ হৈ সৰ্ব্বানন্দ সোণোৱালে কংগ্ৰেছ মিত্ৰজোটৰ হৈ লুৰিনজ্যোতি গগৈ আৰু আম আদমী পাৰ্টীৰ হৈ মনোজ ধানোৱাৰে।
উল্লেখ্যে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১, ৬৯, ৯৩ গৰাকী।
ইয়াৰে পুৰুষ ভোটাৰ ৮৪, ০৪৬ জন আৰু মহিলা ভোটাৰ ৮৫৮৮৬ গৰাকী আনহাতে মুঠ ভোটদান কেন্দ্ৰ সংখ্যা ১৯৪ টা।
মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই পুৱা ভাগতেই নিজৰ মৌলিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ১৯৭৫ চনৰ পৰা মেদবহুলতাৰ ৰোগী প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ২০১৬ চনত বিশ্বৰ ৬৫ কোটিতকৈ অধিক প্ৰাপ্তবয়স্ক লোকক মেদবহুল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ১৯৭৫ চনৰ পৰা মেদবহুলতাৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ২০১৬ চনত বিশ্বৰ ৬৫ কোটিতকৈ অধিক প্ৰাপ্তবয়স্ক লোকক মেদবহুল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। এই ক্ৰমাৎ বৃদ্ধি পোৱা সমস্যাটো কেৱল শাৰীৰিক ৰূপৰ লগত জড়িত নহয়, ইয়াৰ ফলত ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ আদি বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। অতিৰিক্ত ওজনৰ বাবে গাঁঠিৰ ওপৰত হেঁচা প্ৰয়োগৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। বিশেষজ্ঞসকলৰ মতে মেদবহুলতাৰ বাবে শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হয়, যাৰ ফলত কোষ বিভাজনৰ প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। অনিয়ন্ত্ৰিত কোষ বিভাজন কৰ্কট ৰোগৰ প্ৰধান কাৰণ।
শৰীৰত উপস্থিত থকা চৰ্বিৰ কলাবোৰে বহু ধৰণৰ হৰম’ন উৎপন্ন কৰে, য’ত ইষ্ট্ৰজেনো অন্তৰ্ভুক্ত। অতিৰিক্ত ওজনৰ বাবে শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত স্তন, জৰায়ু আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও মেদবহুলতাৰ ফলত শৰীৰত প্ৰদাহ হয়, যাৰ ফলত কোষৰ ক্ষতি হয় আৰু অস্বাভাৱিকভাৱে বিভাজন হয়। ইয়াৰ উপৰিও চৰ্বিৰ কলাবোৰে ইনচুলিন প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে, যাৰ ফলত শৰীৰত ইনচুলিনৰ মাত্ৰা অহৰহ উচ্চ হৈ থাকিব পাৰে। ইনচুলিনৰ মাত্ৰা অধিক হ’লে কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সৃষ্টি হ’ব পাৰে।
অধ্যয়নত দেখা গৈছে যে মেদবহুলতাৰ ফলত বৃহদান্ত্ৰ, স্তন, অগ্নাশয়, এণ্ডোমেট্ৰিয়েল (জৰায়ু), বৃক্ক, খাদ্যনলী আৰু যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
ভাল খবৰটো হ’ল মেদবহুলতা এটা নিয়ন্ত্ৰণযোগ্য কাৰক। সুস্থ ওজন বজাই ৰাখিলে শক্তি অনুভৱ কৰাই নহয়, কেন্সাৰকে ধৰি আন বহু ৰোগৰ সম্ভাৱনাও হ্ৰাস পাব পাৰে।
আপোনাৰ খাদ্যাভ্যাস সলনি কৰক
মেদবহুলতা এটা গুৰুতৰ সমস্যা যিটোক আওকাণ কৰা উচিত নহয়। স্বাস্থ্যসন্মত ওজন বজাই ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্যৰ বিকল্প বাছি লওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। যদি আপুনি মেদবহুলতাৰ বাবে অসুবিধা পায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু ওজন কমাবলৈ সঠিক পৰিকল্পনা কৰক।
লোকসভা নিবাচনৰ আজি প্ৰথম পৰ্যায়ত অনুস্থিত হৈছে ভোট গ্ৰহণ। পুৱাৰ ৭ বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰ সমুহত দেখা গৈছে ব্যাপক ব্যস্ততা ভোটাৰৰ দীঘলীয়া শাৰী ৷ ১২নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি বিধান সভা সমষ্টিৰ ৬৫ নং পশ্চিম গোগামুখ এম,ই, স্কুলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ভোট দান ।
ভোট দিলে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই। এই কেন্দ্ৰটোত মুঠ ৮১২, পুৰুষ ৩৮৬ মহিলা ৪২৬, গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷
মাৰ্ঘেৰিটাত ভোট গ্ৰহণ আৰম্ভ।
আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।
এই ৫ টা লোকসভা সমষ্টিৰ অন্যতম ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি ।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া।
বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্তৰ কৰিব বাবে দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে।
ডিব্ৰুগড় লোক সভা সমষ্টিত এইবাৰ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে, ইয়াৰে বিজেপি মিত্ৰজোঁটৰ হৈ সৰ্ব্বানন্দ সোণোৱালে কংগ্ৰেছ মিত্ৰজোঁটৰ হৈ লুৰিনজ্যোতি গগৈ আৰু আম আদমী পাৰ্টীৰ হৈ মনোজ ধানোৱাৰে।
উল্লেখ্যে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১, ৬৯, ৯৩ গৰাকী।
ইয়াৰে পুৰুষ ভোটাৰ ৮৪, ০৪৬ জন আৰু মহিলা ভোটাৰ ৮৫৮৮৬ গৰাকী আনহাতে মুঠ ভোটদান কেন্দ্ৰ সংখ্যা ১৯৪ টা।
আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰতিগৰাকী নাগৰিকক ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

দেশৰ গণতন্ত্ৰৰ মহোৎসৱত প্ৰথম পৰ্যায়ত দেশৰ ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৬ কোটিৰ অধিক ভোটাৰে।
ৰাজ্যৰ ৫ সমষ্টিত ভোট গ্ৰহণ। ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা, শোণিতপুৰত ভোট। EVMত বন্দী হ’ব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেশৰ প্ৰতিগৰাকী নাগৰিকক ভোটদান কৰিবলৈ আহ্বান জনায়।
