Home Blog Page 917

গুৱাহাটীত দুখনকৈ আই পি এল মেচঃ ১৫ মে’ত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ বাবে আজি আবেলিৰে পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে৷ এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে ঘোষণা কৰা অনুসৰি আজি আবেলি চাৰি বজাৰ পৰা অনুৰাগীয়ে পাঞ্জাব কিংছৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আৰ আৰ দলৰ প্ৰথমখন ঘৰুৱা মেচৰ টিকট ক্ৰয় কৰিব পাৰিব৷ অৱশ্যে টিকট ক্ৰয়ৰ প্ৰথম সুবিধা লাভ কৰিব সেইসকল অনুৰাগীয়ে যিসকলে আগতীয়াকৈ ইয়াৰ বাবে অনলাইনত পঞ্জিয়ন কৰিছিল৷

সেই অনুসৰি ইতিমধ্যে আগতীয়াকৈ পঞ্জীয়ন কৰা অনুৰাগীসকলে ১৮ এপ্ৰিল বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ ভিতৰত ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুকমাইশ্ব’ত পঞ্জাৱৰ বিৰুদ্ধে খেলিব লগা মেচখনৰ টিকট সংগ্ৰহ কৰিব পাৰিব৷ অনুৰাগীসকলে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ এই টিকট ক্ৰয় কৰিব পাৰিব৷ ইফালে, আগতীয়াকৈ পঞ্জিয়ন নকৰা অনুৰাগীৰ বাবে গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ টিকট উপলব্ধ হ’ব ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ পাছত৷ এই টিকটো বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ ক্ৰয় কৰিব লাগিব৷

অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব৷ কিন্তু গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকটো মুকলি কৰিছে যিবোৰ পৰৱৰ্তী সময়ত বক্স অফিচত ক্ৰয় কৰিব পৰা যাব৷ ইফালে, অহা ১৯ মে’ত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ টিকট পৰৱৰ্তী সময়ত উপলদ্ধ হ’ব৷ কিন্তু যিসকল অনুৰাগীয়ে গুৱাহাটীৰ প্ৰথম মেচৰ টিকট সংগ্ৰহ কৰিব সেইসকলক দ্বিতীয় মেচৰ টিকট ক্ৰয়ৰ সময়ত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব৷ অনুৰাগীয়ে তলৰ লিংকটোত ক্লিক কৰি মেচসমূহৰ টিকট ক্ৰয় কৰিব পাৰিব৷ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এচিএ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগি ৰঞ্জিত বৰঠাকুৰে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল ছিজনতে নহয়, গৌতেই বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে অহা মে’ মাহত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব৷’

ইফালে, ৰাজস্থান ৰয়েলছৰ অল ৰাউণ্ডাৰ তথা চলিত ছিজনত এতিয়ালৈকে আই পি এলৰ দ্বিতীয় সৰ্বাধিক ৰান স্ক’ৰাৰ ৰিয়ান পৰাগে [সাত মেচত ৩১৮ ৰাণ] নিজৰ দলৰ গুৱাহাটীলৈ পুনৰবাৰ ঘূৰি অহা সন্দৰ্ভত কয় ‘যোৱা বছৰ এচিএ ষ্টেডিয়ামত খেলাটো এটা স্মৰণীয় অভিজ্ঞতা আছিল আৰু আমি সকলোৱে এইবাৰো গুৱাহাটীলৈ উভতি আহি পুনৰ দুখন ঘৰুৱা মেচ খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছো৷ এইবাৰ দলটোৱে কিছু ভাল ক্ৰিকেট খেলি আহিছে আৰু আমি আমাৰ সুন্দৰ প্ৰদৰ্শন ধৰি ৰাখিবলৈ আগ্ৰহী৷ উত্তৰ-পূবৰ অনুৰাগীসকলকো আমাৰ দলৰ জয়ৰ সাক্ষী কৰাটো মুল লক্ষ্য৷’

STFৰ জালত ৰঙিয়াৰ ম’ষ্ট ৱাণ্টেড আইতুল আলী…

STFৰ জালত ৰঙিয়াৰ ম’ষ্ট ৱাণ্টেড আইতুল আলী।

নিষিদ্ধ ওপিয়াম ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড আইতুল।

বুধবাৰে নিশা গ্ৰেপ্তাৰ আইতুল আলীক।

Tickets for Rajasthan Royals’ home match against Punjab in Guwahati NOW LIVE on Official Ticketing Partner BookMyShow…

Tickets for the Royals’ first home match in Guwahati against Punjab Kings on 15th May will be available to the fans to purchase from 4pm IST onwards today.
The franchise has also announced that fans purchasing the tickets for Punjab Kings match will also get first access for tickets to the Kolkata Knight Riders match.

After the successful conduct of two matches during IPL 2023 last year, the Gateway to the NorthEast is set to welcome back Indian Premier League (IPL) action in May when the Rajasthan Royals play two home games at the ACA Stadium. The inaugural IPL champions, led by Sanju Samson, will be seen hosting Punjab Kings on 15th May and Kolkata Knight Riders on 19th May. Given the palpable excitement and anticipation in the NorthEast region, the franchise today announced that tickets for their first home match in Guwahati against Punjab Kings have now gone LIVE on BookMyShow, the Official Ticketing Partner of the team.

Fans who had registered for Early Access to tickets will be able to make their purchase by visiting BookMyShow’s app or website, from 4pm IST on Thursday 18th April 2024 to 4pm IST on Friday 19th April 2024. Meanwhile, tickets for the first match against Punjab Kings will be available to general fans post 4pm IST on Friday 19th April 2024.

With the Royals making a much-anticipated return to the NorthEast in May, fans will be able to secure their tickets from BookMyShow, with the lowest online ticket starting from ₹1000 onwards.

To provide students with the chance to also experience their favourite Royals stars including Guwahati’s own, Riyan Parag, the franchise will also be launching ₹500 tickets which will be available to purchase at the Box Office at a later date which will be communicated closer to the matches. Meanwhile, the franchise has also announced that fans who purchase tickets to the Punjab Kings match will also get the first access to purchase the tickets for Royals’ match against Kolkata Knight Riders on 19th May, which will be made available at a later date.

Ranjit Barthakur, Chairperson, Rajasthan Royals, commented on the IPL coming back to Guwahati, “It was a great experience last season with the IPL coming to the NorthEast for the first time. The fans showed enormous warmth and love for our Royals, and we are thankful to the people of Assam for welcoming back the team again this season to their home. The team has felt their support not just during the season, but also round the year. We believe that the circle of cricket is a circle of great sportsmanship and affection, which our team is hoping to display when they take the field in May.”

Speaking on the impact of the return of the IPL on the region, Barthakur added, “We are hopeful that the IPL coming back to the NorthEast will help in revolutionizing the sporting ecosystem, and promote an athletic and active lifestyle amongst the population. We believe that the NorthEast and Assam itself has the potential to be one of the leaders in the sporting world, and the return of the IPL will accelerate that transformation.”

Royals’ all-rounder and second-highest IPL run-scorer so far this season, Riyan Parag, expressed his excitement at his team’s return to Guwahati. “It was a memorable experience last year to play at the ACA Stadium, and we are all very excited about coming back home to Guwahati to play two matches again. The team has been playing some good cricket, and we are looking forward to maintaining our steady start and providing our fans in the NorthEast with the chance to witness some good victories,” he said.

Fans can grab their tickets to this match by clicking on the below link –
https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড…

শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড। টেংকাৰখনৰ পৰা জুই আৰু ধোৱা ওলোৱা মাত্ৰকে পেট্ৰ’ল পাম্পত থকা লোক সকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়।

 পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুখন অগ্নি নিৰ্বাপক বাহিনীৰ‌ গাড়ী উপস্থিত হৈ টেংকাৰখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অৱশ্যে,সেই সময়ত টেংকাৰখনত কোনো লোক নাছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

তাৎক্ষণিকভাৱে পেট্ৰ’ল পাম্পৰ পৰা জ্বলন্ত টেংকাৰখন টানি পথলৈ লৈ অনা হয় ফলত কথমপি ৰক্ষা পৰে পেট্ৰ’ল পাম্পৰ সমীপৰ কেবাখনো দোকান আৰু অন্যান্য যানবাহন সমূহ।

গৰ্ভতে শিশুক চোকা আৰু বুদ্ধিমান কৰিব বিচাৰে নেকি? তেন্তে এগৰাকী মাতৃয়ে এই ৫টা কাম কৰক…

গৰ্ভত থকা ন মাহৰ ভিতৰত শিশুটিৰ বিকাশ সম্পূৰ্ণৰূপে মাকৰ খাদ্যাভ্যাস আৰু অভ্যাসৰ ভিত্তিত হয়। এনে পৰিস্থিতিত মাতৃয়ে বহু কাম কৰিব পাৰে যিয়ে শিশুটিক স্মাৰ্ট হ’বলৈ সহায় কৰিব। মহাভাৰততো উল্লেখ আছে যে অভিমন্যুৱে মাকৰ গৰ্ভত থাকোঁতে অৰ্জুনৰ পৰা চক্ৰব্যুহ ভেদ কৰাৰ ৰহস্য শিকিছিল। আনকি চিকিৎসা বিজ্ঞানেও এই কথাটো মানি কয় যে শিশুৱে গৰ্ভত থকা অৱস্থাত বহু কথা শিকে। আনকি শিশুৰ মগজুৰ বিকাশও কিছুমান বিশেষ পদ্ধতিৰে বৃদ্ধি কৰিব পাৰি। এনে পৰিস্থিতিত যদি আপুনি গৰ্ভৱতী আৰু স্মাৰ্ট সন্তান জন্ম দিব বিচাৰে তেন্তে ইয়াত উল্লেখ কৰা কামবোৰ কৰিবলৈ আৰম্ভ কৰক-

ব্যায়াম কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয়, ভ্ৰুণৰ মগজুৰ বিকাশৰ বাবেও উপকাৰী। ব্যায়ামৰ সময়ত তেজৰ সঞ্চালন বৃদ্ধি পায়, যাৰ বাবে অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ প্লেচেণ্টাৰ জৰিয়তে শিশুৰ ওচৰলৈ সহজে উপনীত হ’ব পাৰে। ই মগজুৰ বিকাশত সহায় কৰে। এন চি বি আইত প্ৰকাশিত এক অধ্যয়ন অনুসৰি প্ৰসৱৰ পূৰ্বে ব্যায়ামে শিশুৰ বুজাবুজিৰ শক্তিৰ বিকাশ উন্নত কৰিব পাৰে।

শুনিবলৈ আচৰিত হ’ব পাৰে, কিন্তু ভ্ৰুণে শব্দ শুনিব পাৰে। আপুনি আপোনাৰ সন্তানৰ লগত কথা পাতিব পাৰে, তেওঁৰ লগত গান গাব পাৰে বা গল্প পঢ়িব পাৰে। ইয়াৰ ফলত শিশুৱে বিভিন্ন শব্দৰ সৈতে পৰিচিত হ’বলৈ সহায় কৰে, যাৰ ফলত তেওঁৰ মগজুৰ শ্ৰৱণ কেন্দ্ৰ বিকশিত হয়।

এগৰাকী গৰ্ভৱতী মহিলাই সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। সেউজীয়া শাক-পাচলি, ফল-মূল, গোটা শস্য আৰু ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য গ্ৰহণ কৰিলে মগজুৰ বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়।


অত্যধিক মানসিক চাপে গৰ্ভৱতী মহিলাৰ লগতে ভ্ৰুণকো প্ৰভাৱিত কৰিব পাৰে। মানসিক চাপৰ হৰম’নে মগজুৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। গতিকে গৰ্ভাৱস্থাত যোগাসন, ধ্যান বা গভীৰ উশাহ-নিশাহৰ ব্যায়ামৰ দৰে মানসিক চাপ হ্ৰাস কৰা কামবোৰ উপকাৰী হ’ব পাৰে।

গৰ্ভৰ পৰাই সন্তানক শিক্ষিত কৰিব পাৰে। ইয়াৰ বাবে প্ৰেৰণাদায়ক কিতাপ পঢ়ক। ইতিবাচক চিন্তা উপস্থাপন কৰা কিতাপ বাছি লওক। শাস্ত্ৰত গৰ্ভাৱস্থাত ধৰ্মীয় গ্ৰন্থ পঢ়াটো অতি উপকাৰী বুলি কোৱা হৈছে।

বলিউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ ৯৭.৭৯ কোটি টকাৰ সম্পত্তি জব্দ EDৰ…

পুনৰ বিপদত বলিউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। ৰাজ কুন্দ্ৰাৰ ৯৭.৭৯ কোটি টকাৰ সম্পত্তি জব্দ কৰে EDয়ে।

ইডিৰ ৯৭.৭৯ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ সন্দৰ্ভত ব্যৱসায়ী ৰাজ কুন্দ্ৰা আৰু বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ অধিবক্তাৰ বক্তব্য ওলাইছে। এই বিষয়টো ৬৬০০ কোটি টকাৰ বিটকইন পঞ্জি আঁচনিৰ গোচৰৰ সৈতে জড়িত। বিটকইনৰ ৰূপত মানুহৰ পৰা বৃহৎ পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ কুন্দ্ৰাৰ বিৰুদ্ধে।

ব্যৱসায়ী ৰাজ কুন্দ্ৰা আৰু বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ অধিবক্তা প্ৰশান্ত পাটিলে ৰাজ কুন্দ্ৰাৰ গোচৰৰ সন্দৰ্ভত কৈছে যে তেওঁ আৰু তেওঁৰ ক্লায়েণ্টৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁৰ বিশ্বাস যে ন্যায্য তদন্ত হ’ব আৰু তেওঁৰ ক্লায়েণ্টক নিৰ্দোষী বুলি ধৰা পৰিব।

মহাৰাষ্ট্ৰ আৰক্ষী আৰু দিল্লী আৰক্ষীয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল। এই গোচৰত M/S Variable Tech Private Limited আৰু আন কিছুমান নাম জড়িত হৈ আছে। কোৱা হৈছে যে ২০১৭ চনত বিভিন্ন বিনিয়োগকাৰীৰ পৰা ৮০ হাজাৰতকৈ অধিক বিটকইন (৬৬০০ কোটি টকাৰ) অধিগ্ৰহণ কৰা হৈছিল। য’ত মিছা প্ৰতিশ্ৰুতি দিয়া হৈছিল যে তেওঁলোকে ইয়াৰ ওপৰত অধিক ৰিটাৰ্ণ দিব। ইডিৰ তদন্তত প্ৰকাশ পাইছিল যে এই কেলেংকাৰীত ৰাজ কুন্দ্ৰই ২৮৫টা বিটকইন লাভ কৰিছিল।

হৃদ ৰোগৰ বাবে কণী ক্ষতিকাৰক হয়নে নহয় জানক…

অষ্ট্ৰেলিয়াৰ এক গৱেষকৰ দলে “আমেৰিকান জাৰ্নেল অব ক্লিনিকেল নিউটড়িচিয়ান’ত প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতি সপ্তাহত ১২ টা পৰ্যন্ত কণী খালে হৃদৰোগ সম্বন্ধীয় ৰোগ বৃদ্ধি নহয় । তদুপৰি ই ডায়েবেটিছ, কলেষ্টেৰল আদিৰ বাবেও ক্ষতিকাৰক নহয় । অষ্ট্ৰেলিয়াৰ গৱেষকৰ দলটোৱে ১৪০ জন ব্যক্তিক দুটাকৈ শ্ৰেণীত ভাগ কৰি উক্ত গৱেষণা কৰিছিল । তাৰে প্ৰি ডায়েবেটিছ আৰু টু ডায়েবেটিছৰ ব্যক্তিসকলক এটা ভাগেই এবছৰৰ বাবে সপ্তাহত ১২ টাকৈ কণীৰ ডায়েট আৰু আনটো ভাগত এসপ্তাহত ২ টা কণীৰ ডায়েটৰ লগতে স্বাস্থ্যসন্মত খাদ্য তালিকা প্ৰস্তুত কৰি সেইমতে এবছৰ চলিবলৈ দিছিল । এবছৰৰ পিছত পোৱা গৱেষণাৰ তথ্য অনুসৰি দুয়োটা শ্ৰেণীৰে হৃদৰোগজনিত কাৰকসমূহ যেনে কলেষ্টেৰল, হাইব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদিৰ ক্ষেত্ৰত কোনোধৰণৰ তাৰতম্য ঘটা নাই । তদুপৰি দুয়োটা শ্ৰেণীৰ ব্যক্তিসকলৰ একে পৰিমাণে এজন হ্ৰাস হৈছে । এই গৱেষণাই এনেকুৱা বিষয়সমূনহত হোৱা পূৰ্বে গৱেষণাসমূহক সহযোগিতা কৰি দেখুৱাইছে যে যিবোৰ লোকে কণী খায় তেওঁলোকৰ তেজত থকা কলেষ্টেৰলৰ মাত্ৰাত কিছু পৰিমাণে কণীয়ে প্ৰভাৱ পেলায় । কণী হৈছে প্ৰ’টিন আৰু মাইক্ৰ নিউট্ৰিনছৰ উৎস । কণী খোৱাৰ পৰা বিৰত থাকিব নালাগে । কণী স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ এক অংশ

টেক্সট নেক এক আধুনিক ছিনড্ৰম –

ক্সট নেক (Text Neck) হৈছে একেৰাহে বহু সময় ধৰি বা বাৰে বাৰে তলফালে হাউলি স্মাৰ্ট ফ’ন, আইপেড, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ ফলত হোৱা ডিঙিৰ বিষ আৰু তাৰ লগত হ’ব পৰা ৰাজহাড় আৰু ডিঙিৰ মাংসপেশীৰ ক্ষতি । আমেৰিকান কাইৰ’প্ৰেক্টৰ ডা: দীন ফিছমেনে স্মাৰ্টফ’ন ব্যৱহাৰৰ ফলত হ’ব পৰা ডিঙিৰ বিষৰ বৰ্ণনা কৰিবলৈ টেক্সট নেকৰ উদ্ভাৱন কৰিছিল । যেতিয়া আমাৰ ডিঙি আগফালে হাউলি একেৰাহে বহু সময় ধৰি এটা স্থিতিত ৰখা যায়, তেতিয়া ডিঙিৰ মাংসপেশীত আৰু কান্ধত যথেষ্ট পৰিমাণৰ চাপৰ উৎপত্তি হয়, যাৰ ফলত তীব্ৰ আৰু দীৰ্ঘকালীন ডিঙিৰ বিষৰ সৃষ্টি হয় । ইয়াৰ পৰা দীৰ্ঘকালীন মূৰৰ বিষো হ’ব পাৰে ।

এইধৰণৰ বৰ্ধিত সমস্যাৰ মুখ্য কাৰণ হৈছে- মানুহৰ আধুনিক জীৱন শৈলী, স্মাৰ্টফ’ন, কম্পিউটাৰ, আইপেড আদিৰ দৈনন্দিন জীৱনত বহুল ব্যৱহাৰ ।

নতুনকৈ চলোৱা গৱেষণাত প্ৰকাশ পাইছে যে স্মাৰ্টফ’ন ব্যৱহাৰ কৰা সকলোৱে গড় হিচাপত দৈনিক চাৰি ঘণ্টা সময় একেথিৰে নিজৰ স্মাৰ্টফ’ন চাই কটায় (বছৰত প্ৰায় ১৪০০ ঘণ্টা) । সেয়েহে এইটো কোনোধৰণৰ আশ্চৰ্য নহয় যে টেক্সটনেকৰ দৰে ৰোগৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ পৰা ধাৰণা হয় যে ম’বাইল প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অপেক্ষিকভাৱে টেক্সট নেকৰ দৰে অনুৰুপ ঘটনা যথেষ্ট বৃদ্ধি পাবলৈ লৈছে ।

আমাৰ শৰীৰৰ মুদ্ৰা (Posture) আমি যিধৰণে স্মাৰ্টফ’ন ব্যৱহাৰ কৰাৰ সময়ত পালন কৰোঁ ইয়াৰ পৰা ডিঙিৰ হাঁড় আৰু মাংসপেশীত যথেষ্ট পৰিমাণৰ চাপ পৰে আৰু ইয়াৰ ফলত মাত্ৰাধিক ক্ষয় বা স্থায়ী ক্ষতি হ’ব পাৰে ।

প্ৰধান সমস্যাটো হ’ল সাধাৰণভাৱে ম’বাইলৰ স্ক্ৰীনলৈ চাওঁতে মূৰটো সন্মুখৰ ফালে হাউলি চোৱা যায় । এই অস্বাভাৱিক স্থিতিয়ে প্ৰকৃততে ছাৰভাইকেল স্পাইনৰ (ডিঙি) পিছফালৰ স্বাভাৱিক বক্ৰৰ (Curve) ওলোটা প্ৰভাৱ পেলায় । এই পৰিৱৰ্তন প্ৰকৃততে পৰিলক্ষিত হয় X/Ray বা MRI ৰ জৰিয়তে- য’ত আমি ছাৰভাইকেল স্পাইনৰ চিধা বা ওলোটা বক্ৰ দেখিবলৈ পাওঁ ।

মানুহৰ মূৰটোৰ গড় হিচাপত ওজন ৪.৫ ৰ পৰা ৫ কিল’গ্ৰাম । ছাৰভাইকেল স্পাইনৰ (ডিঙি) ৰুপাংকন (designed) এনেদৰে হৈছে যাতে এইখিনি মূৰৰ ওজন সুষমভাৱে তুলি ধৰি থাকিব পাৰে । তথাপি সামান্যৰুপে পিছফালৰ বক্ৰই (backward curve) ইয়াৰ প্ৰভাৱ ধৰি ৰাখিব পাৰে । সি যি নহওক, আমি আমাৰ মূৰটো সন্মুখৰ ফালে যিমান বেছি সময় হাওলাই ৰাখিম সিমান বেছি পৰিমাণৰ চাপ (Stress) আৰু টান ডিঙিত (Neck) বাঢ়িব । এইটো ১৫ ডিগ্ৰী কোণত ইয়াৰ ওজন ১২ কেজি, ৩০ ডিগ্ৰী কোণত ১৮ কেজি আৰু ৬০ ডিগ্ৰীত ইয়াৰ ওজন ২৭ কিল’গ্ৰামলৈ হয় । ফলত ইয়াৰ পৰা ছাৰভাইকেল স্পাইনৰ ওলোটা বক্ৰ আৰু কম বয়সতে হ’ব পৰা ডিঙিৰ স্পণ্ডিলাইটিচৰ সম্ভাৱবা বৃদ্ধি হয় ।

টেক্সট নেকৰ সাধাৰণ লক্ষণ –

*স্মাৰ্টফ’নৰ ব্যৱহাৰৰ সময়ত তাৎক্ষণিক ডিঙি আৰু পিঠিৰ বিষ ।

*কান্ধৰ জঠৰতা আৰু বিষ ।

*স্মাৰ্টফ’ন, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ সময়ত হোৱা মূৰৰ বিষ আৰু মূৰ ঘুৰণি ।

*হাতৰ সৰু গাঁঠি, কিলাকুটি, বাহু আদিৰ বিষ ।

টেক্সট নেকৰ পৰা নিজক বচাই ৰাখিবলৈ ল’বলগীয়া সাৱধানতা :-

*স্মাৰ্টফ’ন ব্যৱহাৰ কৰোঁতে মূৰটো তলফালে হাউলি যোৱাৰ পৰিৱৰ্তে ফ’ন চকুৰ সন্মুখত লৈ ব্যৱহাৰ কৰিব লাগিব ।

*কম্পিউটাৰ লেপটপ আদিৰ ব্যৱহাৰ কৰোঁতে শৰীৰৰ মুদ্ৰা (Posture) শুদ্ধ হ’ব লাগিব ।

*নিয়মিতভাৱে ডিঙিৰ ব্যায়াম কৰিব লাগিব ।

*একেৰাহে বহু সময় ধৰি স্মাৰ্টফ’ন ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ।

ফিজিঅ’থেৰাপি চিকিৎসাৰ সুফল –

*কম বয়সতে হ’ব পৰা ছাৰভাইকেল স্পণ্ডিলাইটিছৰ সম্ভাৱনা হ্ৰাস কৰে ।

*ছাৰভাইকেল (ডিঙিৰ) অস্থিৰতা সম্ভাৱনা হ্ৰাস কৰে ।

*যান্ত্ৰিক ডিঙিৰ বিষৰ (মেকানিকেল নেক পেইন) সম্ভাৱনা হ্ৰাস কৰে ।

*ডিঙিৰ মুদ্ৰাৰ দীৰ্ঘম্যাদী সংশোধন কৰে ।

*ছাৰভাইকেল স্পাইনৰ পৰা হ’ব পৰা মূৰৰ বিষৰ (ছাৰভাইক’জেনিক হেডেক) বিপদাশংকা  হ্ৰাস কৰে ।

লেখক :- ডা: অপূৰ্ব ৰাজবংশী

চীনৰ ছবিগৃহত মুক্তি পাব বিক্ৰান্ত মেছিৰ ছবি 12th ফেইল…

বিক্ৰান্ত মেছিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা টুৱেলভ ফেইল ছবিখন চীনত বিপুল সংখ্যক পৰ্দাত মুক্তি পাবলৈ সাজু হৈছে। অভিনেতাগৰাকীয়ে নিশ্চিত কৰিছে যে ছবিখনে ২০ হাজাৰৰো অধিক পৰ্দাত চীনৰ চিনেমাগৃহত মুক্তি পাব। চীনত হিন্দু চিনেমাৰ ব্যাপক চাহিদা, টুৱেলভ ফেইল মুক্তিৰ বাবে দেশে আমাক ২০ হাজাৰৰো অধিক পৰ্দা দিছে; চীনে মনোৰঞ্জন উদ্যোগক যোগান ধৰে বুলি টুৱেলভ ফেইলৰ অভিনেতাগৰাকীয়ে কয়।

কেৱল এয়াই নহয়, কৰীনা কাপুৰ খান আৰু আনন্দ মহিন্দ্ৰাকে ধৰি বহু জনপ্ৰিয় ব্যক্তিত্ব আৰু বলীউডৰ চেলিব্ৰিটিয়ে ছবিখন আৰু দ্বাবিক্ৰান্তৰ অভিনয়ক প্ৰশংসা কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে বিক্ৰান্তই ফিল্মফেয়াৰ বঁটাও লাভ কৰে।

২০১৯ চনত মুক্তি পোৱা একে নামৰ হিন্দী উপন্যাসখনৰ অভিযোজন অনুৰাগ পাঠকৰ দ্বাৰা ৰচিত এই গ্ৰন্থখন আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মা আৰু আই আৰ এছ বিষয়া শ্ৰদ্ধা যোশীৰ জীৱনৰ ওপৰত আধাৰিত। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছি আৰু মেধা শংকৰে।

তেওঁলোকৰ উপৰিও অনন্ত ভি যোশী, অংশুমান পুষ্কৰ, আৰু প্ৰিয়ংশু চেটাৰ্জীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। বিধু বিনোদ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনেও সমালোচকসকলে অতিশয় শলাগ লৈছিল। থিয়েটাৰত মুক্তি পোৱাৰ প্ৰায় দুমাহৰ পিছত ছবিখনৰ প্ৰিমিয়াৰ হয় ডিজনী+ হটষ্টাৰত।

যদি আপুনি অফিচত আইনা ৰাখিছে তেন্তে এই ৫টা নিয়ম মানি চলক, নহ’লে আপোনাৰ কেৰিয়াৰ ডুবিব…

আইনা এনেকুৱা এটা বস্তু, প্ৰতিখন ঘৰতে পোৱা যায়। বহুতে নিজৰ কৰ্মক্ষেত্ৰতো আইনা ৰাখি ভাল পায়। বাস্তু শাস্ত্ৰৰ মতে কৰ্মক্ষেত্ৰত দাপোন ৰখাটো শুভ বুলি গণ্য কৰা হয় যদিও এই ক্ষেত্ৰত কিছু নিয়ম আছে। যদি সেই নিয়মবোৰ মানি চলা নহয় তেন্তে অৰ্থনৈতিক দুৰ্যোগ হ’বলৈ বেছি সময় নালাগে। যদি আপুনি আপোনাৰ কৰ্মস্থলীত আইনা এখন ৰাখিব বিচাৰে তেন্তে ইয়াৰ আকৃতি ঘূৰণীয়া হ’ লাগে। এই ধৰণৰ দাপোনে ইতিবাচক শক্তি নিৰ্গত কৰে, যাৰ ফলত কেৰিয়াৰৰ অগ্ৰগতি হয়। ত্ৰিভুজ বা বৰ্গক্ষেত্ৰৰ দাপোন ৰখাৰ ফলত ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে বহুতো সমস্যাৰ সৃষ্টি হয়।


বাস্তু শাস্ত্ৰৰ মতে কৰ্মক্ষেত্ৰত আইনাখন ৰখা ঠাইৰ চাৰিওফালে বেছি বস্তু ৰখা উচিত নহয়। ইয়াৰ বাবেই গ্লাছ ভাঙি যোৱাৰ আশংকা সদায় থাকিব। লগতে দাপোনৰ পৰা নিৰ্গত ধনাত্মক শক্তি বিয়পি ঋণাত্মক শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে, যাৰ ফলত ক্ষতি হ’ব।


আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সংস্থাপন কৰিব বিচৰা দাপোনৰ পিছফালৰ ৰং নীলা হ’ব লাগে। ক’লা বা আন ৰঙৰ আইনা এখন ৰাখিলে আপোনাৰ কামৰ পৰা বিচলিত হ’ব পাৰে। যাৰ বাবে আপোনাৰ চাকৰিৰ অগ্ৰগতিৰ আশা ম্লান হ’ব পাৰে। ইয়াৰ উপৰিও চাকৰিটোৰ প্ৰতিও ভাবুকি আহিব পাৰে।


যদি আপুনি আপোনাৰ কৰ্মস্থলীত দাপোন ৰাখিব বিচাৰে, তেন্তে ইয়াৰ কোণ এনেকুৱা হ’ব লাগে যাতে আপোনাৰ ছবিখন পোনে পোনে দেখা নাযায়। অৰ্থাৎ অফিচৰ এনে ঠাইত ৰাখিব লাগে, য’ত আপোনাৰ প্ৰতিচ্ছবি তাত ওলাই নাহে। এনে কৰিলে আপোনাৰ কামত বাধা আহিব পাৰে।


বাস্তু শাস্ত্ৰৰ মতে যদি আপুনি অফিচৰ ডেস্কত আইনা এখন ৰাখে, তেন্তে নিশ্চিতভাৱে ইয়াৰ আকাৰৰ প্ৰতি গুৰুত্ব দিব। ই বেছি ডাঙৰ হ’ব নালাগে, বেছি সৰুও হ’ব নালাগে। মধ্যমীয়া আকাৰৰ দাপোন থকাটো ভাল বুলি ধৰা হয়। এই ধৰণৰ আইনা বজাৰত সহজে পোৱা যায়, যিখন অফিচত ৰাখিব পাৰি।


ৰঙিয়াত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যসূচী…

ৰঙিয়াত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বতাহ বলা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে ৰঙিয়াৰ চেপ্তীত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো উদ্বোধন কৰে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । কাৰ্যালয়টো উদ্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ বাহিৰতো বিপিএফক সমৰ্থন দিয়া বহু ৰাইজ আছে ।

এইবছৰৰ নিৰ্বাচনত সুদীৰ্ঘ বিশ বছৰৰ পিছত বিজেপি হাৰিব বুলি আত্মবিশ্বাসেৰে কৈ নেতা গৰাকীয়ে কয় যে ৰাইজে দিলীপ শইকীয়াক বেয়া পোৱা হৈছে । বিগত সময়চোৱাত দিলীপ শইকীয়া ৰাইজৰ পৰা দুৰত্ব বজাই চলিছিল ।

গতিকে ৰাইজে এইবাৰ দিলীপ শইকীয়াক বৰ্জন কৰিব । আনহাতে বিপিএফৰ দৰং ওদালগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে ভাষণ দি কয় যে কা বলবৎ কৰাৰ পূৰ্বে আইনখন বিৰুদ্ধে অসমৰ ৰাইজে একেস্বৰে মাত মাতিছিল । এই আন্দোলনত পাঁচজনকৈ অসমীয়া স্বহীদ হ’ল । কিন্তু অসমৰ ৰাইজৰ মতৰ বিৰুদ্ধে গৈ দিল্লীত বিজেপিয়ে কা খন বলবৎ কৰিলে আৰু দিলীপ শইকীই এবাৰো ৰাইজৰ মত দিল্লীৰ আগত উপস্থাপন নকৰিলে ।