ধুবুৰী জিলাত কংগ্ৰেছ দলক পৰিচালনা কৰে বাহিৰৰ লিডাৰে,, নীতি বহিৰ্ভূত ভাৱে। সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যি মন যায় তাকেই কৰি আছে। তেনে দলত আমি থকাটো মই ভাবোঁ,, মাথোন অন্যায় নহয় পাপ হ’ব। আমি বিগত সময়চোৱাত কলেজ জীৱনৰ পৰা NSUI ,যুৱ কংগ্ৰেছ, কংগ্ৰেছৰ Minority department chairman আদিৰ লগতে ধুবুৰী সমষ্টিৰ পৰা যুৱ কংগ্ৰেছৰ সভাপতি মোৰ নিজৰ সৰু ভাই আৰিফুল ইছলাম আছিল। উক্ত সময়ছোৱাত, আমাৰ সকলোৰে অতি আদৰৰ বৰ্তমানৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমান বিজেপিৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, আদি ভাল ভাল নিষ্ঠাবান লিডাৰ বোৰে কংগ্ৰেছ দলক আগুৱাই লৈ গৈছিল। সাধাৰণ মানুহে এওঁলোকৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ কংগ্ৰেছ দলৰ হৈ কাম কৰিছিল। এনেধৰণৰ আদৰ্শৱান মানুহ বোৰে যেতিয়া কংগ্ৰেছৰ পৰা আতঁৰি গল লাহে লাহে আজি চাওক গোটেই অসমতেই কংগ্ৰেছৰ কি অৱস্থা। যি কি নহওঁক, মোৰ বহুত পলম হৈ গ’ল, মই বহুত আগতেই এই দল ত্যাগ কৰিব লাগিছিল। ইমান দিনে আমাৰ ধুবুৰী বিধান সভা সমষ্টিৰ ১৫ টা পঞ্চায়ত আৰু ১৬ খন ৱাৰ্ডৰ বিভিন্ন পদবীত থকা কংগ্ৰেছ কৰ্মী সকলক লৈ মই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি অ গ প দলত যোগদান কৰিলোঁ, আৰু ভৱিষ্যতে মই আৰু মোৰ সহকৰ্মী সকলোৱে নিষ্ঠাবদ্ধতাৰে অসম গণ পৰিষদ দলৰ হৈ কাম কৰি যাম।অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ লগতে এইবাৰ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ অগপ দলৰ মনোনীত প্ৰাৰ্থী জাভেদ ইছলাম সঁচাই এজন দক্ষ আৰু আদৰ্শ পৰায়ন, তথা বিশিষ্ট ভদ্ৰ মানু্হ হয়। মোৰ বিশ্বাস তেওঁক যদি আমি ধুবুৰী লোকসভাৰ পৰা দিল্লী লৈ পঠাব পাৰোঁ তেন্তে ধুবুৰী সমষ্টিৰ ৰাইজে শোষণৰ পৰা পৰিত্ৰাণ পাব, নিৰাপত্তা পাব।ইমান দিনে ধুবুৰীৰ ৰাইজক আজমল আৰু নজৰুল চাহাবে যি শোষণ কৰি খাই আছিল তাৰ পৰা ১০০% পৰিত্ৰাণ পাব। ধুবুৰীৰ ৰাইজে নিৰাপত্তা হীনত ভুগি আছে। ভোটৰ সময়ত আজমলে আহি মুছলমান মুছলমান কৈ ভোট লৈ যায় হোজাইত আৰু আনফালে বিধায়ক নজৰুল চাহাবে Minority সম্প্ৰদায়ৰ ভোট লৈ থাকে বেংগলত।
উপস্থিত ৰাইজক অনুৰোধ কৰে অসম গণ পৰিষদ দল, জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে গঠিত। এই দলত সকলোৰে সমান স্থান আৰু অধিকাৰ আছে, এই দলত কোনো ধৰণৰ ভেদভাৱ নাই। অসম গণ পৰিষদ দল ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল “ভাৰতীয় জনতা পাৰ্টীৰ” মিত্ৰ দল হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি হাৰে অসমৰ জনসাধাৰণৰ উন্নয়নৰ হকে কাম কৰি আছে, নি সন্দেহ ক’ব পাৰোঁ আপোনালোকে এইবাৰ ধুবুৰীৰ পৰা জাভেদ ভাইক নিৰ্বাচনত জয়ী কৰি হিমন্ত বিশ্ব শৰ্মাৰ লগতে সন্মানীয় নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰক। ধুবুৰী বাসী ৰাইজে অইন অইন জিলাৰ দৰে ধুবুৰীতো উন্নয়ন জোৱাৰ দেখিবলৈ পাব।