Home Blog Page 940

পথ দুৰ্ঘটনাত থিতাতে নিহত লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ…

লখিমপুৰ কণানদীত ভয়ংকৰ পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাত থিতাতে নিহত লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ।

নিজা গাড়ীৰে ঢকুৱাখনালৈ গৈ থকাৰ পথতে দুর্ঘটনা সংঘটিত হয়।

প্ৰধানমন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণকলৈ চীনৰ প্ৰতিক্ৰিয়াৰ মাজতে আমেৰিকাই ক’লে- অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ…

অৰুণাচল প্ৰদেশক সদায় নিজৰ বুলি দাবী কৰি আহিছে চীনে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া অৰুণাচল ভ্ৰমণৰ পিছত চীনা সামৰিক বাহিনীয়ে অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ দাবীৰ কথাপুনৰাবৃত্তি কৰিছে। কিন্তু চীনৰ দাবীৰ বিপৰীতে অৰুণাচল প্ৰদেশ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আমেৰিকাই। আমেৰিকাই অৰুণাচলৰ বিষয়ত নিজৰ স্থিতি পৰিষ্কাৰ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাজ্যখনক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিছে আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিষয়ত চীনে কৰা দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে। এখন সংবাদমেলত মাৰ্কিন বিদেশ বিভাগৰ প্ৰধান উপ মুখপাত্ৰ বেদন্ত পেটেলে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰই অৰুণাচল প্ৰদেশক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিছে আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অনুপ্ৰৱেশ বা বেদখল, সামৰিক বা যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে।” উল্লেখ্য ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশত ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা চেলা সুৰংগ ৰাষ্ট্ৰক উৎসৰ্গা কৰিছিল। এই সুৰংগই টাৱাঙলৈ সকলো বতৰতে সংযোগ সহজ কৰি তুলিব আৰু সীমান্ত অঞ্চলত সৈন্যৰ চলাচল সহজ কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণ আৰু সকলো বতৰৰ সুৰংগ উদ্বোধনে চীনক তিন্তিত কৰি তুলিছে। ইয়াৰ পিছতে চীনা সামৰিক বাহিনীয়ে অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ দাবীৰ পুনৰাবৃত্তি কৰে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ জ্যেষ্ঠ কৰ্ণেল ঝাং জিয়াওগাঙে কৈছিল যে জিজাঙৰ দক্ষিণ অংশ (তিব্বতৰ চীনা নাম) চীনৰ ভূখণ্ডৰ এক অন্তৰ্নিহিত অংশ, আৰু বেইজিঙে “ভাৰতৰ দ্বাৰা অবৈধভাৱে স্থাপিত তথাকথিত অৰুণাচল প্ৰদেশ”ক কেতিয়াও স্বীকাৰ নকৰে্ আৰিু ভাৰতৰ দাবীক দৃঢ়ভাৱে বিৰোধিতা কৰে। অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰা চীনে নিয়মীয়াকৈ ভাৰতীয় নেতাসকলৰ অৰুণাচল ভ্ৰমণত আপত্তি কৰি আহিছে। বেইজিঙে অৰুণাচলৰ এক বিশাল অঞ্চলৰ নাম জাংনান দিছে।

আজিৰে পৰা আৰম্ভ আই পি এলৰ মহাৰণ…

আজিৰে পৰা আৰম্ভ আই পি এলৰ মহাৰণ।

উদ্বোধনী মেচত CSK বনাম RCB।

নিশা ৮ বজাত অনুষ্ঠিত হ’ব খেলখন।

চেন্নাইত অনুষ্ঠিত হ’ব আই পি এলৰ প্ৰথমখন খেল।

ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে কোনটো ৰাজনৈতিক দলে কাৰ পৰা পাইছিল কিমান ধন? ন্যায়ালয়ত শপতনামা দাখিল কৰিলে ভাৰতীয় ষ্টেট বেংকে…

ইলেক্ট’ৰেল বণ্ডকলৈ অধিক চাপত পৰিছে চৰকাৰ। বিশেষকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত ষ্টেট বেংকক অধিক হেঁচা প্ৰদান কৰিছে। এতিয়া লাহে লাহে পোহৰলৈ আহিছে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কাৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকাৰ চান্দা? আজি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ভাৰতৰ নিৰ্বাচন আয়োগক ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য জমা দিলে ভাৰতীয় ষ্টেট বেংকে। ভাৰতৰ নিৰ্বাচন আয়োগক জমা দিয়া দুটা লেফাফাৰ ভিতৰত আছে ইলেক্ট’ৰেল বণ্ডৰ ক্ৰমিক নম্বৰ, আলফা নিউমেৰিক নম্বৰ, বণ্ড ক্ৰয় কৰাৰ তাৰিখ তথা বণ্ডৰ ৰাশিৰ সমূদায় তথ্য। ইয়াৰ লগতে বৃহস্পতিবাৰে বিয়লি ৩.৩০ বজাত সকলো তথ্য দাখিলৰ কথা উল্লেখ কৰি আদালতত এক শপতনামাও দাখিল কৰে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ কুমাৰ খাৰাই। শপতনামাত উল্লেখ কৰা মতে ৰাজনৈতিক দলৰ বেংক একাউণ্ট নম্বৰ আৰু KYCৰ বাদে ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য জমা দিয়া হৈছে ভাৰতৰ নিৰ্বাচন আয়োগক। ১৮ মাৰ্চত ইলেক্ট’ৰেল বণ্ডৰ তথ্য সদৰী সন্দৰ্ভত ভেদ ভাৱৰ নীতি অৱলম্বন কৰাৰ বাবে SBIক তীব্ৰ ভৰ্ৎসনা কৰিছিল উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য ২১ মাৰ্চৰ বিয়লি ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। যাৰ ভিত্তিত আজি এনেদৰে সমুদায় তথ্য দিবলৈ বাধ্য হৈ পৰিলে ভাৰতীয় ষ্টেট বেংকৰ কৰ্তৃপক্ষ। এতিয়া এই তথ্যৰ জৰিয়তে জানিব পৰা যাব ২০১৮ৰ পৰা এতিয়ালৈ ইলেক্ট’লেৰ বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কোন কৰ্প’ৰেট গোষ্ঠীৰ পৰা গ্ৰহণ কৰিছিল চান্দা। গুচৰীয়া পক্ষৰ হৈ উচ্চতম ন্যায়ালয়ত আজি যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰীয়াই। ইতিমধ্যে এছবিআইৰ তথ্যৰ আধাৰত ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছিল ইলেক্ট’ৰেল বণ্ডৰ তথ্য। বিগত সময়ছোৱাত ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে প্ৰায় ৭ হাজাৰ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছিল বিজেপিয়ে। তথ্য অনুসৰি তৃণমূল কংগ্ৰেছে ১,৬০৯ কোটি, কংগ্ৰেছে ১,৪২১ কোটি টকাৰ চান্দা। কিন্তু চান্দা গ্ৰহণকাৰী আৰু ডাটাৰ তথ্য এই ক্ষেত্ৰত ৰখা হৈছিল গোপনে। যাৰ বাবে বিগত বৰ্ষৰ ২ নৱেম্বৰত ইলেক্ট’ৰেল বণ্ডৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। তাৰ লগতে ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য সদৰী কৰাৰ নিৰ্দেশ দিছিল এছবিআইক। ইপিনে নিষেধাজ্ঞা জাৰি কৰিলেও ২০২৪ বৰ্ষত ইতিমধ্যে ছপা কৰি উলিওৱা হৈছিল ৮,৩৫০ কোটি টকা মূল্যৰ ইলেক্ট’ৰেল বণ্ড।

শেহতীয়াকৈ এক আৰটিআই তথ্যত এই কথা সদৰী কৰিছে ভাৰতীয় ষ্টেট বেংকে। আনহাতে ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত আটাইতকৈ বিস্ফোৰক আন এক সত্য পোহৰলৈ আহিছে আৰটিআই তথ্যত। ৰাজনৈতিক দলৰ চান্দা সংগ্ৰহৰ অন্যতম আহিলা ইলেক্ট’ৰেল বণ্ড ছপা কৰাৰ বাবে ব্যয় কৰা হৈছে দেশৰ সাধাৰণ কৰদাতাৰ ধন। কিয়নো ২০১৮ৰ পৰা ২০২৩ বৰ্ষলৈ ইলেক্ট’ৰেল বণ্ড ছপা আৰু ব্যৱস্থাপনাৰ বাবে মোদী চৰকাৰে এছবিআইক প্ৰদান কৰিছিল ১৩.৫ কোটি টকা। ইলেক্ট’ৰেল বণ্ডৰ এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিছতে নিৰ্বাচনৰ প্ৰাকক্ষণত স্বাভাৱিকতে অস্বস্তিত পৰিছে বহু কেইটা ৰাজনৈতিক দল।

আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ ৰাজনীতিত জোকাৰণি। আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) নেতা অৰবিন্দ কেজৰিৱালক দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকাল(ইডি)য়ে গ্ৰেপ্তাৰ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি-সম্পৰ্কিত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত বলপূৰ্বক পদক্ষেপৰ বিৰুদ্ধে আইনী সুৰক্ষা প্ৰদান কৰিবলৈ জনোৱা আবেদন অগ্ৰাহ্য কৰাৰ পিছতে ইডিয়ে আজি সন্ধিয়া তেওঁক তেওঁৰ বাসভৱনৰ পৰাই গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে সন্ধিয়া দিল্লীত থকা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছিল প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) এটা দল।

দলটোৱে কেজৰিৱালৰ ঘৰত প্ৰৱেশ কৰি বহু সময় ধৰি তালাচী চলায় আৰু অৱশেষত কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। উচ্চ ন্যায়ালয়ে তেওঁক সুৰক্ষা প্ৰদান কোৰ পিছতে ইডিৰ দলে কেজৰিৱালৰ বাসভৱনলৈ গৈছিল। উল্লেখ্য আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱালে পূৰ্বে আবকাৰী গোচৰটোত ইডিয়ে জাৰি কৰা একাধিক চমন এৰাই চলিছিল। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছতে আপ নেতা সৌৰভ ভৰদ্বাজে কয় যে কেজৰিৱালৰ বাসগৃহত ইডিৰ অভিযান চলি আছেঅগণতান্ত্ৰিক। তেওঁলোকে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰস্তুতি বহু দিনৰে পৰাই চলাই আছিল।তেওঁ কয় ” যিধৰণে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে সেয়া কোনো পধ্যে মানি ল’ব পৰা বিধৰ কথা নহয়”। উল্লেখ্য দিল্লীৰ মুখ্যমন্ত্ৰীক দিল্লীৰ আবকাৰী কেলেংকাৰী সন্দৰ্ভত যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰাই ইডিয়ে নবাৰ মাতি পঠিয়াইছিল। প্ৰতিবাৰেই তেওঁ ইডিৰ চমন এৰাই চলিছিল। অৱশ্যে, তেওঁ শেষবাৰৰ চমনৰ পিছত ইডিৰ সন্মুখত উপস্থিত হ’ব বিচাৰিছিল।

অৱশ্যে, ইডিয়ে কেজৰিৱালৰ প্ৰস্তাৱটোত সন্মত হোৱা নাছিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱাল কেইবাটাও ক্ষেত্ৰত ইডিৰ নিৰীক্ষণত আছে। কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী আৰু দিল্লী জল বোৰ্ডৰ দুৰ্নীতিৰ লগতে ধন অবাধ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে। ইডিয়ে তেওঁক এনেবোৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰিব বিচাৰিছিল। কেজৰিৱালে পূৰ্বেই কৈছিল যে ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবেই বাৰে বাৰে মাতি পঠিয়াইছে। সেইবাবেই তেওঁ ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল।

আমিনগাঁও ৰাজপথত টেক্টৰ চলাই খেতিয়কক উৎসাহিত কৰিলে ৰিণিকি ভূঞা শৰ্মাই…

এতিয়াৰে পৰা মধ্যভোগী দালালৰ বিপৰীতে চৰকাৰৰ কৃষি বিভাগৰ ওচৰত পোনপটীয়াকৈ সঠিক মূল্যত সৰিয়হ বিক্ৰী কৰি লাভৱান হোৱাৰ পথ সুগম হ’ল কৃষকৰ। যিটো নেকি ৰাজ্যৰ কৃষক সকলৰ বাবে সু-খবৰ । তাৰে অংশ হিচাপে বৃহস্পতিবাৰে জালুকবাৰী সমষ্টিৰ কৃষি গোটৰ পৰা বুজন পৰিমাণৰ সৰিয়হ ক্ৰয় কৰে ৰাজ্যৰ কৃষি বিভাগে । চাংসাৰীৰ আঠিয়াবৈৰ “আকাংক্ষা কৃষি গোট”ৰ পৰা ৩০০ কুইণ্টল সৰিয়হ কালি ৰাজ্যিক কৃষি বিভাগে ক্ৰয় কৰি আমিনগাৱৰ চৰকাৰী ভৰাল ঘৰত জমা ৰাখে।ৰাজ্য চৰকাৰে কৃষক সকলৰ প্ৰতি কুইন্টল সৰিয়হৰ বাবদ চৰকাৰে মূল্য নিৰ্ধাৰণ কৰিছে ৫৬৫০/- টকা । মধ্যভোগী বেপাৰীয়ে প্ৰতি কুইন্টল সৰিয়হৰ বাবদ দিয়া ৪২০০ টকাৰ বিপৰীতে এইবাৰ অধিক মূল্যত সৰিয়হ বিক্ৰী কৰি উৎসাহিত হৈ পৰিছে কৃষক সকল।

মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যৰ কৃষক সকলে এতিয়াৰে পৰা মাজত কোনো মধ্যভোগী নথকাৰ বাবে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হব।। আঠিয়াবৈৰ কৃষক ৰাইজে সদৰি কৰা মতে এইবাৰ আঠিয়াবৈ পথাৰৰ প্ৰায় ২০০ বিঘা ভূমিত সৰিয়হৰ লগত সমান্তৰাল ভাৱে মৌ পালন কৰি সৰিয়হৰ উৎপাদন ২০ শতাংশ বৃদ্ধি কৰিবলৈ সামৰ্থ্য হৈছে । আৰু এই মৌ যোগান ধৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই । আজি চাংসাৰীৰ পৰা ৮ খন টেক্টৰৰে আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ অতিথিশালালৈ অনা হয় সৰিয়হ খিনি । পিছত Pride East entertainment pvt ltd সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই নিজে টেক্টৰ চলাই কৃষক সকলক উৎসাহিত কৰে । আমিনগাও লোক নিৰ্মাণ বিভাগৰ অতিথি শালাৰ পৰা উক্ত সৰিয়হ খিনি আমিনগাও চৰকাৰী ভৰাল ঘৰলৈ অনা হয় । উক্ত স্থানতে কৃষি বিভাগে চৰকাৰী নিয়মত সৰিয়হ খিনি আত্মসহায়ক গোটৰ পৰা নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰে কৃষি বিভাগে । সৰিয়হ ক্ৰয়ৰ লগত সংগতি ৰাখি কৃষি বিভাগে এখন সভাৰো আয়োজন কৰে । সভাত কৃষি বিভাগৰ বাণিজ্য পৰিদৰ্শক অপূৰ্ব দাস , বিজেপিৰ ৰাজ্যিক কৃষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্য, কৃষি সম্প্ৰসাৰণ বিষয়া ৰমণী কান্ত কলিতাৰ লগতে আঠিয়াবৈৰ জ্যেষ্ঠ কৃষক সকল উপস্থিত আছিল।

মুখ্যমন্ত্ৰী পত্নীয়ে জ্যেষ্ঠ কৃষক সকলক গামোচাৰে সম্বৰ্ধনা জনাই কৃষক সকলে কৃষিৰ মাধ্যমেৰে কৰি অহা সেউজ বিপ্লৱৰ শলাগ লোৱাৰ লগতে অনাগত দিনত তেখেতে কৃষক সকলক সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে।

“গোপন কাৰ বাবে” শীৰ্ষক নাটৰ সফল মঞ্চস্থ

জাতীয় শ্বহীদ নাট্যশিল্পী বন্ধুৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিগত ২৩বছৰে ধাৰাবাহিক ভাৱে একক প্ৰচেষ্টাৰে নিজে নাটক ৰচনা আৰু পৰিচালনা কৰি দৃষ্টান্ত দেখুওৱা তেজপুৰৰ কৰুণা শইকীয়াই কালি নিশা জাতীয় শ্বহীদ ভূপেন ডেকাৰ সোঁৱৰণত নিজে ৰচনা আৰু পৰিচালনা কৰা “গোপন কাৰ বাবে” শীৰ্ষক সামাজিক নাটকেৰে ২৪ সংখ্যক নাট সফলতাৰে মঞ্চস্থ কৰে। উল্লেখ্য যে, অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামীডাঠ যোদ্ধা ভূপেন ডেকাক স্মৰণ কৰি কৰুণা শইকীয়া সভাপতি হিচাপে থকা তেজপুৰৰ “নাট্যশ্ৰী” ৰ দ্বাৰা কালিও সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত নিবেদন হয় নাটকখন।


তেতিয়া অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ভৰপক সময়। জুয়ে পোৰা ৮৩ ৰ ২০ মাৰ্চৰ দিনটোত দুস্কৃতিকাৰীৰ হাতত জীৱন নিৰ্বাপিত হৈছিল অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামীডাঠ যোদ্ধা তথা প্ৰতিভাশালী মঞ্চাভিনেতা ভূপেন ডেকাৰ ।সেইগৰাকী জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ জাতীয় শ্বহীদ গৰাকীৰ অন্যতম বন্ধু, নাট্যকাৰ – পৰিচালক কৰুণা শইকীয়াই অতি দৃষ্টান্তমূলক ভাৱে প্ৰকৃত বন্ধুত্বৰ চানেকি ৰাখি ৰাখি শ্বহীদ হোৱাৰ পিছৰ বৰ্ষৰ পৰাই ২০ ডিচেম্বৰৰ দিনটোত একপ্ৰকাৰ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নিজৰ কষ্টোপাৰ্জিত ধনেৰে ধাৰাবাহিক ভাৱে একোখনকৈ নাটক নিজে ৰচনা আৰু পৰিচালনাৰে নিজে জড়িত থকা “নাট্যশ্ৰী” শীৰ্ষক নাট্যানুষ্ঠানটিৰ জৰিয়তে মঞ্চস্থ কৰি স্মৃতিচাৰণ কৰি আহিছে। কালি নিশা জাতীয় শ্বহীদ ভূপেন ডেকাৰ ৪২ সংখ্যক স্মৃতিদিৱস আৰু নাট মঞ্চস্থৰ লগতে “নাট্যশ্ৰী” য়ে ৮৮ সংখ্যক নাট নিবেদন কৰে।


তেজপুৰৰ মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ প্ৰেক্ষাগৃহত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা নাটকখনৰ মুখ্য চৰিত্ৰ ডা০ বিনয় বৰুৱাৰ চৰিত্ৰত কৰুণা শইকীয়াই নিজে অভিনয় কৰাৰ লগতে আন এটি অন্যতম মুখ্য চৰিত্ৰ ব্যৱসায়ী দেৱ দত্ত চৌধুৰীৰ চৰিত্ৰত ভূপেন ডেকাৰ আন এগৰাকী সতীৰ্থ, প্ৰাক্তন ছাত্ৰ নেতা তথা বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰাই মনপৰশা অভিনয় কৰাৰ লগতে বাপধনৰ চৰিত্ৰত তেজপুৰৰ দক্ষ অভিনেতা অচ্যুত শৰ্মা, ভদ্ৰেশ্বৰৰ চৰিত্ৰত বাপুকণ বৈশ্য, বাপুটিৰ চৰিত্ৰত দীপক শৰ্মা, সৰু ৰিকুৰ চৰিত্ৰত শিশু কুনাল শইকীয়া আৰু ডাঙৰ ৰিকুৰ চৰিত্ৰত তেজপুৰৰ উদীয়মান বিপ্লৱ শৰ্মাই সাৱলীল অভিনয় কৰি দৰ্শকক আপ্লুত কৰাৰ উপৰি নাটকখনৰ আন আন চৰিত্ৰসমূহতো তেজপুৰৰ নিয়মীয়া শিল্পী অজিৎ চক্ৰৱৰ্তী, ৰঞ্জু শইকীয়া, ৰত্নেশ্বৰ বৰা, ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা আৰু পিনাক প্ৰিয়ম বৰুৱাই ক্ৰুটিহীন অভিনয় কৰে ।আনহাতে কৰুণা শইকীয়াৰ মঞ্চসজ্জা, মৃদুল কুমাৰ দাসৰ সংগীত, চন্দ্ৰিকা শইকীয়াৰ নৃত্য পৰিচালনা, কুলেন বৰাৰ ৰূপসজ্জা, কুৰংগ নয়ন শইকীয়াৰ আলোক নিৰ্দেশনা, বলেন বৰাৰ শব্দৰে সামগ্ৰীক সফলতা লাভ কৰা নাটকখনৰ মহিলা চৰিত্ৰ সমূহত তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী মণিমালা শইকীয়া, ৰেখা বৰুৱা আৰু নৱাগতা ডিম্পী শইকীয়াই প্ৰাণস্পৰ্শী অভিনয় কৰে ।

উল্লেখ্য যে, নাট মঞ্চস্থৰ পূৰ্বে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু বিশিষ্ট অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই জাতীয় শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, জাতীয় শ্বহীদ গৰাকীৰ সতীৰ্থ যশস্কৰ বৰুৱা, যোগেন পটংগীয়া, দীপক বৰুৱা, শংকৰ মন্দিৰ অনুষ্ঠানৰ সভাপতি তোলন ভূঞা, বিশিষ্ট বুৰঞ্জী লেখক ভূৱন চন্দ্র গগৈ, সমাজকৰ্মী জগন্নাথ বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিধায়ক পৃথ্বিৰাজ ৰাভাই অসম আন্দোলনৰ সেই অভিশপ্ত দিনটোৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰচণ্ড জাতীয়তাবাদী, সাহসী যোদ্ধা ভূপেন ডেকাৰ দেশপ্ৰেম আৰু জাতিপ্ৰেমৰ লগতে এগৰাকী বলিষ্ঠ মঞ্চাভিনেতা হিচাপে থকা প্ৰতিভাক স্মৰণ কৰি একপ্ৰকাৰ স্মৃতিকাতৰ হৈ পৰে। ইয়াৰ মাজতেই বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত “নাট্যশ্ৰী” ৰ তৰফৰ পৰা ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সুদৰ্শনা শইকীয়াৰ লগতে ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্য বঁটা লাভ কৰা তেজপুৰৰ বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাক বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই গামোচা, স্মাৰক আৰু প্ৰশস্তি পত্ৰেৰে “নাট্যশ্ৰী” ৰ হৈ অভিনন্দন জ্ঞাপন কৰে।

Union Minister Sarbananda Sonowal extends best wishes to Assam team for North East Games

Assam Olympic Association (AOA) President and Union Minister Sarbananda Sonowal conveyed his heartfelt wishes to the Assam contingent set to participate in the forthcoming North East Games. Expressing optimism, Sonowal voiced his hopes for Assam to clinch a record number of medals and emerge as champions during the competition. The Assam team, comprising 370 members competing across 15 disciplines, is gearing up for the third edition of the North East Games scheduled to take place in Nagaland from March 18 to 23. Sonowal commended the achievements of Assam’s athletes at the Goa National Games last year, where they secured a total of 56 medals. He emphasized the significance of Prime Minister Narendra Modi’s initiatives such as ‘Khelo India’ and the Target Olympic Podium Scheme (TOPS) in nurturing sports talent across the nation. Sonowal also highlighted the Central Government’s decision to offer job opportunities to medal-winning athletes under the Khelo India programme, alongside the proactive measures taken by the Government of Assam to support sportspersons through employment opportunities.

Notably, approximately 2,500 athletes from eight states will be vying for top honours in the third North East Games, organized by the Nagaland Olympic Association in collaboration with the Government of Nagaland. In the previous edition held in Meghalaya, Assam secured the second position with an impressive haul of 203 medals, including 79 gold, 61 silver, and 63 bronze. In anticipation of a stellar performance this time around, Lakhya Konwar, Secretary of the Assam Olympic Association, expressed confidence in Assam’s enhanced showing. Konwar attributed the state’s burgeoning success to the visionary leadership of Chief Minister Dr. Himanta Biswa Sarma, lauding his tireless efforts towards the holistic development of sports in Assam. Konwar highlighted various initiatives undertaken by the state government, including the establishment of stadiums across every block, air travel provisions for athletes, and employment opportunities for junior players, thereby cementing Assam’s position as a model state in sports development. As the North East Games beckon, the Assam contingent stands poised to showcase their prowess and bring glory to the state, fueled by the unwavering support of both the central and state governments.

বিশ্ব কবিতা দিৱসৰ চিন্তা…

কবিতা হ’ল সৰ্বস্তৰৰ লোকে আঁকোৱালি লোৱা এক সৃষ্টিশীল সাহিত্য। কবিতাৰ ৰূপতেই লিখিত সাহিত্যৰ আৰম্ভ হৈছিল। কবিতাৰ সুৰ, লয়, ছন্দই মানৱ জাতিৰ মন-মগজুক জোকাৰি যায়। অসমীয়া সাহিত্যৰ ইতিহাসৰ দৰে বিশ্বৰ প্ৰায়বোৰ ভাষাৰে সাহিত্যৰ ইতিহাস আৰম্ভ হৈছে কাব্য সাহিত্য অৰ্থাৎ কবিতাৰ জৰিয়তে। সেইয়ে কাব্য অৰ্থাৎ কবিতাৰ ভাষা ভিন্ন হ’লেও ইয়াৰ আবেদন বিশ্বজনীন। হয়তো এনেবোৰ কথা উপলব্ধি কৰিয়েই ৰাষ্ট্ৰসংঘৰ মজিয়াত ‘বিশ্ব কবিতা দিৱস’ পালনৰ কথা আলোচিত হৈছিল পেৰিছত। জানিব পৰা মতে ১৯৯৯ চনৰ ২১ মাৰ্চ তাৰিখে বিশ্বৰ ১৪খন প্ৰভাৱশালী দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসংঘৰ ৩০ সংখ্যক সাধাৰণ অধিৱেশনত ‘বিশ্ব কবিতা দিৱস’ পালনৰ সিদ্ধান্ত গৃহীত হৈছিল। সকলো দেশৰে প্ৰতিনিধিৰ সমৰ্থনৰ ভিত্তিত তাৰ পিছৰ বছৰ অৰ্থাৎ ২০০০ চনৰ ২১মাৰ্চ তাৰিখৰ পৰা প্ৰতিবছৰে ‘বিশ্ব কবিতা দিৱস’ আনুষ্ঠানিকভাৱে পালন কৰিবলৈ লোৱা হয়। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২১ মাৰ্চ দিনটো ‘বিশ্ব কবিতা দিৱস’ ৰূপে জনাজাত হয়।

এই দিৱস পতাৰ মূল উদ্দেশ্য হ’ল যে বহু ভাষা এতিয়াও বিশ্বৰ বুকুত কথিত ৰূপতে আছে। ভাষাটোৱে লিখিত লিপিৰে চৰকাৰী বা কোনো এখন দেশৰ সংবিধানৰ স্বীকৃতি নোপোৱালৈকে সেই ভাষাটো মুখে মুখেহে প্ৰচলিত হৈ থাকে গীত-মাত আদিৰ জৰিয়তে। কিন্তু ভাষাটোৰ চৰ্চা বেছি নোহোৱাৰ ফলত এসময়ত সকলো হেৰাই যায়। ফলত এটা ভাষাৰ মৃত্যু ঘটে ক্ৰমে। সেইয়ে এনেধৰণৰ মুখে মুখে প্ৰচলিত হৈ থকা বিপদাপন্ন ভাষাবোৰৰ বৈচিত্ৰ আৰু বৈশিষ্ট্য যাতে কাব্য বা কবিতাৰ মাধ্যমেৰে জীয়াই ৰাখিব পাৰি, তাৰ প্ৰয়াস স্বৰূপে ৰাষ্ট্ৰসংঘৰ মজিয়াত ‘বিশ্ব কবিতা দিৱস’ৰ প্ৰাসংগিকতা বৃদ্ধি পাইছিল। বিভিন্ন দেশৰ জাতি-জনগোষ্ঠীৰ ভাষাৰ বৈশিষ্ট্যবোৰ চকুত পৰে নিৰ্দিষ্ট ভাষাটোৰ জৰিয়তে মৌখিক বা লিখিত ৰূপত প্ৰচলিত হৈ থকা পুৰণি গীত, সাধু, কবিতা, লোক কথা আদিৰ মাধ্যমেৰে। অসমীয়া সাহিত্যৰ উল্লেখনীয় সম্পদ লোক-সাহিত্যবোৰ যেনে- বিহুনাম, আইনাম, বিয়ানাম, প্ৰাৰ্থনা, দিহানাম, লোকগীত আদি কাব্য সাহিত্যৰে অংশ বুলিব পাৰি। ঠিক তেনেদৰে ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত, কীৰ্তন ঘোষা, বৰগীত, ভটিমা ইত্যাদি লিখিত ৰূপত পোৱা কাব্যৰ এক উৎকৃষ্ট নিদৰ্শন।


‘বিশ্ব কবিতা দিৱস’ৰূপে ২১ মাৰ্চ তাৰিখটো ঠিৰাং কৰাৰ সময়ত ৰাষ্ট্ৰসংঘই ঘোষণা পত্ৰত উল্লেখ কৰিছিল এই বুলি— ‘এই দিনটোৱে ভাষাৰ বৈচিত্ৰ্য ৰখাত কবিতাৰ মহান ভূমিকাক সোঁৱৰাই দিব। সেইয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষাৰ কবিতাৰ আন্দোলনবোৰক উৎসাহ যোগাই বিপদাপন্ন ভাষাবোৰকো জীয়াই ৰখাৰ স্বাৰ্থত প্ৰতিবছৰে ২১মাৰ্চ দিনটোত বিশ্ব কবিতা দিৱস পালন কৰা হওঁক।’ বিশ্ব সাহিত্যই হওঁক বা স্থানীয় সাহিত্যই হওঁক সকলোতে কাব্য সাহিত্য অৰ্থাৎ কবিতাৰ প্ৰভাৱ অপৰিসীম। এটা কথা মন কৰিব লগা যে গৰিষ্ঠ সংখ্যক বিশ্ব বিখ্যাত বা দেশযৰাজ্য বিখ্যাত লেখক-সাহিত্যিকে লেখক জীৱনৰ আৰম্ভণি ঘটাইছিল কবিতাৰেই। পিছতহে নিজাকৈ সাহিত্যৰ বেলেগ ভাগসমূহত নিজৰ দখল চলাইছিল। ‘মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী ঃ সমাঃযযৎ ক্ৰৌকমিথুনদেকমবধীঃ কাম- মোহিতমঃ- এইটোক কোৱা পৃথিৱীৰ প্ৰথম কবিতা। বা{jীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ উল্লেখিত আদি শ্লোকটোৰ পৰাই বৃহৎ মহাকাব্য ৰামায়ণ আৰম্ভ হৈছিল। গতিকে কবিতাৰ জয়গান সকলো প্ৰান্ততে বিদ্যমান। ইলিয়াড-ওডিসিৰ পৰা ৰামায়ণ, মহাভাৰত, কীৰ্তন, ঘোষা, গুণমালালৈকে আৰু অতি সাম্প্ৰতিক কবিতা পুথিবোৰলৈকে কবিতাৰ কথা আলোচনা কৰি একো পাৰ পাব নোৱাৰি। কবিতাৰ পৰিধি অসীম। কবিতা মানুহৰ মনৰ সুকুমাৰ কলাৰ অপূৰ্ব প্ৰকাশ। অসমীয়া সাহিত্যৰ ইতিহাস খুচৰিলে দেখা যায় যে অসমীয়া সাহিত্যৰ আৰম্ভণি কাল কাব্য সাহিত্যৰে হৈছিল। সেই সময়ত মৌখিক আৰু লিখিত ৰূপত চৰ্চা হৈছিল কাব্য বা কবিতাৰ। বিহুনাম, বনঘোষা, আইনাম, বিয়ানাম, নিচুকনি গীত, লোকগীত ইত্যাদি আছিল মৌখিকভাৱে প্ৰচলিত অৰ্থাৎ চৰ্চিত কবিতা। অন্যহাতে ৰামায়ণ, মহাভাৰত, গুণমালা, নামঘোষা, বৰগীত আৰু ভটিমা… ইত্যাদি আছিল লিখিত ৰূপত চৰ্চিত কবিতা। অসমীয়া কাব্য সাহিত্য অৰ্থাৎ কবিতাক সময় অনুসৰি প্ৰধানত চাৰিটা ভাগত ভগাব পাৰি।


ইয়াৰো প্ৰথম ভাগটো হ’ল— আদি বা প্ৰত্ন অসমীয়া কবিতা। দ্বিতীয়টো মধ্য যুগৰ অসমীয়া কবিতা। তৃতীয়টো আধুনিক যুগৰ অসমীয়া কবিতা আৰু চতুৰ্থটো ভাগ হ’ল সাম্প্ৰতিক যুগৰ অসমীয়া কবিতা। প্ৰত্ন অসমীয়া যুগৰ চৰ্চা হোৱা কবিতাৰ নিদৰ্শন পোৱা যায়— ‘চৰ্যাপদ’সমূহত। যেনে- ‘কন্যাসৱে পাৰিল বাটত নেটপাট’যবিশ্বকৰ্মে জানিল গোসাঁই চিন্তে কি কাৰণ।’ ‘ভমন্তি হোন্তিযভয়ে অতি চমকন্তিযৰাম ৰাম উচ্চৰন্তি’ মধ্যযুগৰ অসমীয়া কবিতাৰ নিদৰ্শম পোৱা যায়- হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলি, ৰুদ্ৰ কন্দলি আদিৰ কবিতাৰ মাজত। যেনে- ‘এক দিনা দেৱগনে চিন্তিলা উপাইযকেনমতে দুৰাচাৰ দৈত্য বধা যায়।’ এই সময় সীমাৰ ভিতৰতে শংকৰদেৱ, মাধৱদেৱ আৰু ভট্টদেৱ, গোপাল চৰণ দ্বিজ আদি প্ৰাচীন কবিসকলৰ কবিতাক ধৰা হয়। আধুনিক যুগৰ অসমীয়া কবিতাৰ নিদৰ্শন পোৱা যায়- ৰমাকান্ত চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, নলিনীবালা দেৱী, ৰঘুনাথ চৌধুৰী ইত্যাদি কবিসকলৰ বিভিন্ন কবিতাৰ মাজত। যেনে— ‘মেলিলো প্ৰথম চকুযতোমাৰ কোলাতে আইযজনমৰ আদিম পুৱাতযমুদিম আকৌ চকুযতোমাৰ কোলাতে আইযজীৱনৰ শেষ সন্ধিয়াত।’ (নঃদেঃ)
ই অসভ্য দেশযমনুষ্যৰ লেশযনাই একেবাৰে ভাৰত মাজে।যউলংগ দেশৰ, কাম কি ধোৱাৰ? (কঃভঃ) এই সময় সীমাৰ ভিতৰতে জোনাকী, বাঁহী আলোচনীৰ জৰিয়তে কাব্য চৰ্চা কৰা কবিৰ কবিতা আৰু যুদ্ধোত্তৰ যুগৰ কবিসকলৰ কবিতাকো সামৰি লোৱা হয় আৰু সাম্প্ৰতিক যুগৰ অসমীয়া কবিতাৰ নিদৰ্শন পোৱা যায়। দেৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰণৱ কুমাৰ বৰ্মনলৈকে বৰ্তমানো বিভিন্ন মাধ্যমত কবিতা চৰ্চা কৰি অহা কবিসকলৰ বিভিন্ন শৈলীৰ অতি আধুনিক কবিতাবোৰত। যেনে— ‘সাগৰ দেখিছা?যদেখা নাই কেতিয়াও?যময়ো দেখা নাই,যশুনিছোঁ তথাপিযনীলিম সলিল ৰাশিযবাধাহীন উৰ্ম্মিমালাযআছে দূৰ দিগন্ত বিয়পিয’
‘সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈয
তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো?
তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি
উঠে হুমুনিয়াহ…’
অতি সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতা দুৰ্বোধ্য বুলি দুইযএক অভিযোগ শুনা যায়। তথাপিও কবিতা চৰ্চা কৰা মানুহ আৰু পঢ়ি বা শুনি ভালপোৱা মানুহৰ কিন্তু অভাৱ নাই। সেইয়ে আজি এই ‘বিশ্ব কবিতা দিৱস’ৰ দিনটোত আমি কবিতাৰে জগত জিনাৰ, আইৰ মুখৰ মাত-ভাষাক জীয়াই ৰখাৰ পণ লোৱা দৰকাৰ।

গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে…

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ আজি এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে৷ উল্লেখ্য যে কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব ১৭ সংখ্যক আই পি এল৷ লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বি চি চি আয়ে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পাৰম্ভিক সূচীহে ঘোষণা কৰিছে৷ অহা সপ্তাহত লীগৰ পৰবৰ্তী মেচৰ সূচী প্ৰকাশ কৰা হ’ব৷ ইফালে, ব’ৰ্ডৰ সচিব জয় শ্বাহে ১৭ সংখ্যক আই পি এলৰ সকলো মেচ ভাৰততে হ’ব বুলি ব্যক্ত কৰিছে৷ আনহাতে, আজি ৰঞ্জিত বৰঠাকুৰেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত দুখনকৈ মেচ খেলাৰ বিষয়ে নিশ্চিত কৰিছে৷ সূচী প্ৰকাশ নকৰিলেও গুৱাহাটীৰ দূয়োখন মেচে মে’ত অনুষ্ঠিত হোৱাৰ বিষয়ে বৰঠাকুৰে ব্যক্ত কৰে৷ উল্লেখ্য যে পূৰ্বেতে অহা পাঁচ আৰু ১৬ মে’ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত মেচ দুখন খেলাৰ কথা আছিল৷ কিন্তু গুৱাহাটী লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিন অহা সাত মে’ত হোৱাত এতিয়া মে’ৰ তৃতীয়-চতুৰ্থ সপ্তাহত মেচ দুখন হ’ব৷

‘নিৰ্বাচনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমী উৎকণ্ঠাত আছে এইবাৰ গুৱাহাটীত আই পি এলৰ মেচ হ’ব নে নাই৷ ৰাজস্থান ৰয়েলছ অসমৰ মৰমৰ দল৷ আমি অসম তথা উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীক আই পি এল মেচৰ ৰোমাঞ্চৰ পৰা কোনো কাৰণতে বঞ্চিত নকৰো৷ যোৱাবাৰৰ দৰে এইবাৰো ৰাজস্থান ৰয়েলছে দুখন মেচ এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব৷’ বৰঠাকুৰে ব্যক্ত কৰে৷ উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ সবাতোকৈ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল৷ যিগৰাকী অসমীয়াৰ বাবে এই গৌৰৱ অসমে লাভ কৰিছিল তেৱে হ’ল আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্ত্বাধিকাৰী অসম জননীৰ সুদক্ষ সন্তান ৰঞ্জিত বৰঠাকুৰ৷

‘আমি ধন ঘটিবলৈ অসমত আই পি এলৰ মেচ আয়োজন নকৰো৷ যোৱা বছৰ দুখন মেচ আয়োজনৰ বাবে খৰছ যিমানখিনি হৈছিল তাতকৈ কম ধন লাভ কৰিছো৷ তথাপি অসমীয়া হিচাপে মই প্ৰতিবছৰে গুৱাহাটীত খেল অয়োজন কৰাৰ সিদ্ধান্ত লৈছো৷ আই পি এল দুখন দেশৰ খেল নহয়৷ গুৱাহাটীত তিনিটা দলে খেলিব৷ প্ৰতিটো দলতে বিশ্ব ক্ৰিকেটৰ তাৰকাসকল আছে৷ সমগ্ৰ বিশ্বই গুৱাহাটীৰ আই পি এল উপভোগ কৰিব৷ অৰ্থাৎ অসম আৰু গুৱাহাটীৰ নামটো পৰিধি নথকাকৈ বিশ্বত উচ্ছাৰণ হ’ব৷ এয়া আমাৰ বাবে ইতিবাচক দিশ৷ পৰৱৰ্তী সময়ত ইয়াৰ সুপ্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব৷’ বৰঠাকুৰে লগতে কয়৷ উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছে অহা ২৪ মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷