Breaking

বিশ্ব কবিতা দিৱসৰ চিন্তা…

0 40

কবিতা হ’ল সৰ্বস্তৰৰ লোকে আঁকোৱালি লোৱা এক সৃষ্টিশীল সাহিত্য। কবিতাৰ ৰূপতেই লিখিত সাহিত্যৰ আৰম্ভ হৈছিল। কবিতাৰ সুৰ, লয়, ছন্দই মানৱ জাতিৰ মন-মগজুক জোকাৰি যায়। অসমীয়া সাহিত্যৰ ইতিহাসৰ দৰে বিশ্বৰ প্ৰায়বোৰ ভাষাৰে সাহিত্যৰ ইতিহাস আৰম্ভ হৈছে কাব্য সাহিত্য অৰ্থাৎ কবিতাৰ জৰিয়তে। সেইয়ে কাব্য অৰ্থাৎ কবিতাৰ ভাষা ভিন্ন হ’লেও ইয়াৰ আবেদন বিশ্বজনীন। হয়তো এনেবোৰ কথা উপলব্ধি কৰিয়েই ৰাষ্ট্ৰসংঘৰ মজিয়াত ‘বিশ্ব কবিতা দিৱস’ পালনৰ কথা আলোচিত হৈছিল পেৰিছত। জানিব পৰা মতে ১৯৯৯ চনৰ ২১ মাৰ্চ তাৰিখে বিশ্বৰ ১৪খন প্ৰভাৱশালী দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসংঘৰ ৩০ সংখ্যক সাধাৰণ অধিৱেশনত ‘বিশ্ব কবিতা দিৱস’ পালনৰ সিদ্ধান্ত গৃহীত হৈছিল। সকলো দেশৰে প্ৰতিনিধিৰ সমৰ্থনৰ ভিত্তিত তাৰ পিছৰ বছৰ অৰ্থাৎ ২০০০ চনৰ ২১মাৰ্চ তাৰিখৰ পৰা প্ৰতিবছৰে ‘বিশ্ব কবিতা দিৱস’ আনুষ্ঠানিকভাৱে পালন কৰিবলৈ লোৱা হয়। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২১ মাৰ্চ দিনটো ‘বিশ্ব কবিতা দিৱস’ ৰূপে জনাজাত হয়।

এই দিৱস পতাৰ মূল উদ্দেশ্য হ’ল যে বহু ভাষা এতিয়াও বিশ্বৰ বুকুত কথিত ৰূপতে আছে। ভাষাটোৱে লিখিত লিপিৰে চৰকাৰী বা কোনো এখন দেশৰ সংবিধানৰ স্বীকৃতি নোপোৱালৈকে সেই ভাষাটো মুখে মুখেহে প্ৰচলিত হৈ থাকে গীত-মাত আদিৰ জৰিয়তে। কিন্তু ভাষাটোৰ চৰ্চা বেছি নোহোৱাৰ ফলত এসময়ত সকলো হেৰাই যায়। ফলত এটা ভাষাৰ মৃত্যু ঘটে ক্ৰমে। সেইয়ে এনেধৰণৰ মুখে মুখে প্ৰচলিত হৈ থকা বিপদাপন্ন ভাষাবোৰৰ বৈচিত্ৰ আৰু বৈশিষ্ট্য যাতে কাব্য বা কবিতাৰ মাধ্যমেৰে জীয়াই ৰাখিব পাৰি, তাৰ প্ৰয়াস স্বৰূপে ৰাষ্ট্ৰসংঘৰ মজিয়াত ‘বিশ্ব কবিতা দিৱস’ৰ প্ৰাসংগিকতা বৃদ্ধি পাইছিল। বিভিন্ন দেশৰ জাতি-জনগোষ্ঠীৰ ভাষাৰ বৈশিষ্ট্যবোৰ চকুত পৰে নিৰ্দিষ্ট ভাষাটোৰ জৰিয়তে মৌখিক বা লিখিত ৰূপত প্ৰচলিত হৈ থকা পুৰণি গীত, সাধু, কবিতা, লোক কথা আদিৰ মাধ্যমেৰে। অসমীয়া সাহিত্যৰ উল্লেখনীয় সম্পদ লোক-সাহিত্যবোৰ যেনে- বিহুনাম, আইনাম, বিয়ানাম, প্ৰাৰ্থনা, দিহানাম, লোকগীত আদি কাব্য সাহিত্যৰে অংশ বুলিব পাৰি। ঠিক তেনেদৰে ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত, কীৰ্তন ঘোষা, বৰগীত, ভটিমা ইত্যাদি লিখিত ৰূপত পোৱা কাব্যৰ এক উৎকৃষ্ট নিদৰ্শন।


‘বিশ্ব কবিতা দিৱস’ৰূপে ২১ মাৰ্চ তাৰিখটো ঠিৰাং কৰাৰ সময়ত ৰাষ্ট্ৰসংঘই ঘোষণা পত্ৰত উল্লেখ কৰিছিল এই বুলি— ‘এই দিনটোৱে ভাষাৰ বৈচিত্ৰ্য ৰখাত কবিতাৰ মহান ভূমিকাক সোঁৱৰাই দিব। সেইয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষাৰ কবিতাৰ আন্দোলনবোৰক উৎসাহ যোগাই বিপদাপন্ন ভাষাবোৰকো জীয়াই ৰখাৰ স্বাৰ্থত প্ৰতিবছৰে ২১মাৰ্চ দিনটোত বিশ্ব কবিতা দিৱস পালন কৰা হওঁক।’ বিশ্ব সাহিত্যই হওঁক বা স্থানীয় সাহিত্যই হওঁক সকলোতে কাব্য সাহিত্য অৰ্থাৎ কবিতাৰ প্ৰভাৱ অপৰিসীম। এটা কথা মন কৰিব লগা যে গৰিষ্ঠ সংখ্যক বিশ্ব বিখ্যাত বা দেশযৰাজ্য বিখ্যাত লেখক-সাহিত্যিকে লেখক জীৱনৰ আৰম্ভণি ঘটাইছিল কবিতাৰেই। পিছতহে নিজাকৈ সাহিত্যৰ বেলেগ ভাগসমূহত নিজৰ দখল চলাইছিল। ‘মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী ঃ সমাঃযযৎ ক্ৰৌকমিথুনদেকমবধীঃ কাম- মোহিতমঃ- এইটোক কোৱা পৃথিৱীৰ প্ৰথম কবিতা। বা{jীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ উল্লেখিত আদি শ্লোকটোৰ পৰাই বৃহৎ মহাকাব্য ৰামায়ণ আৰম্ভ হৈছিল। গতিকে কবিতাৰ জয়গান সকলো প্ৰান্ততে বিদ্যমান। ইলিয়াড-ওডিসিৰ পৰা ৰামায়ণ, মহাভাৰত, কীৰ্তন, ঘোষা, গুণমালালৈকে আৰু অতি সাম্প্ৰতিক কবিতা পুথিবোৰলৈকে কবিতাৰ কথা আলোচনা কৰি একো পাৰ পাব নোৱাৰি। কবিতাৰ পৰিধি অসীম। কবিতা মানুহৰ মনৰ সুকুমাৰ কলাৰ অপূৰ্ব প্ৰকাশ। অসমীয়া সাহিত্যৰ ইতিহাস খুচৰিলে দেখা যায় যে অসমীয়া সাহিত্যৰ আৰম্ভণি কাল কাব্য সাহিত্যৰে হৈছিল। সেই সময়ত মৌখিক আৰু লিখিত ৰূপত চৰ্চা হৈছিল কাব্য বা কবিতাৰ। বিহুনাম, বনঘোষা, আইনাম, বিয়ানাম, নিচুকনি গীত, লোকগীত ইত্যাদি আছিল মৌখিকভাৱে প্ৰচলিত অৰ্থাৎ চৰ্চিত কবিতা। অন্যহাতে ৰামায়ণ, মহাভাৰত, গুণমালা, নামঘোষা, বৰগীত আৰু ভটিমা… ইত্যাদি আছিল লিখিত ৰূপত চৰ্চিত কবিতা। অসমীয়া কাব্য সাহিত্য অৰ্থাৎ কবিতাক সময় অনুসৰি প্ৰধানত চাৰিটা ভাগত ভগাব পাৰি।


ইয়াৰো প্ৰথম ভাগটো হ’ল— আদি বা প্ৰত্ন অসমীয়া কবিতা। দ্বিতীয়টো মধ্য যুগৰ অসমীয়া কবিতা। তৃতীয়টো আধুনিক যুগৰ অসমীয়া কবিতা আৰু চতুৰ্থটো ভাগ হ’ল সাম্প্ৰতিক যুগৰ অসমীয়া কবিতা। প্ৰত্ন অসমীয়া যুগৰ চৰ্চা হোৱা কবিতাৰ নিদৰ্শন পোৱা যায়— ‘চৰ্যাপদ’সমূহত। যেনে- ‘কন্যাসৱে পাৰিল বাটত নেটপাট’যবিশ্বকৰ্মে জানিল গোসাঁই চিন্তে কি কাৰণ।’ ‘ভমন্তি হোন্তিযভয়ে অতি চমকন্তিযৰাম ৰাম উচ্চৰন্তি’ মধ্যযুগৰ অসমীয়া কবিতাৰ নিদৰ্শম পোৱা যায়- হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলি, ৰুদ্ৰ কন্দলি আদিৰ কবিতাৰ মাজত। যেনে- ‘এক দিনা দেৱগনে চিন্তিলা উপাইযকেনমতে দুৰাচাৰ দৈত্য বধা যায়।’ এই সময় সীমাৰ ভিতৰতে শংকৰদেৱ, মাধৱদেৱ আৰু ভট্টদেৱ, গোপাল চৰণ দ্বিজ আদি প্ৰাচীন কবিসকলৰ কবিতাক ধৰা হয়। আধুনিক যুগৰ অসমীয়া কবিতাৰ নিদৰ্শন পোৱা যায়- ৰমাকান্ত চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, নলিনীবালা দেৱী, ৰঘুনাথ চৌধুৰী ইত্যাদি কবিসকলৰ বিভিন্ন কবিতাৰ মাজত। যেনে— ‘মেলিলো প্ৰথম চকুযতোমাৰ কোলাতে আইযজনমৰ আদিম পুৱাতযমুদিম আকৌ চকুযতোমাৰ কোলাতে আইযজীৱনৰ শেষ সন্ধিয়াত।’ (নঃদেঃ)
ই অসভ্য দেশযমনুষ্যৰ লেশযনাই একেবাৰে ভাৰত মাজে।যউলংগ দেশৰ, কাম কি ধোৱাৰ? (কঃভঃ) এই সময় সীমাৰ ভিতৰতে জোনাকী, বাঁহী আলোচনীৰ জৰিয়তে কাব্য চৰ্চা কৰা কবিৰ কবিতা আৰু যুদ্ধোত্তৰ যুগৰ কবিসকলৰ কবিতাকো সামৰি লোৱা হয় আৰু সাম্প্ৰতিক যুগৰ অসমীয়া কবিতাৰ নিদৰ্শন পোৱা যায়। দেৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰণৱ কুমাৰ বৰ্মনলৈকে বৰ্তমানো বিভিন্ন মাধ্যমত কবিতা চৰ্চা কৰি অহা কবিসকলৰ বিভিন্ন শৈলীৰ অতি আধুনিক কবিতাবোৰত। যেনে— ‘সাগৰ দেখিছা?যদেখা নাই কেতিয়াও?যময়ো দেখা নাই,যশুনিছোঁ তথাপিযনীলিম সলিল ৰাশিযবাধাহীন উৰ্ম্মিমালাযআছে দূৰ দিগন্ত বিয়পিয’
‘সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈয
তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো?
তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি
উঠে হুমুনিয়াহ…’
অতি সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতা দুৰ্বোধ্য বুলি দুইযএক অভিযোগ শুনা যায়। তথাপিও কবিতা চৰ্চা কৰা মানুহ আৰু পঢ়ি বা শুনি ভালপোৱা মানুহৰ কিন্তু অভাৱ নাই। সেইয়ে আজি এই ‘বিশ্ব কবিতা দিৱস’ৰ দিনটোত আমি কবিতাৰে জগত জিনাৰ, আইৰ মুখৰ মাত-ভাষাক জীয়াই ৰখাৰ পণ লোৱা দৰকাৰ।

Leave A Reply