Home Blog Page 942

সত্ৰীয়া নৃত্যগুৰু শিল্পী অনিতা শর্মাক “মাহাৰী বঁটা – ২০২৪” প্ৰদান…

ভাৰতবৰ্ষৰ শাস্ত্রীয় নৃত্য জগতৰ এক বিখ্যাত সম্মান “মাহাৰী বঁটা ২০২৪” এই বছৰ সত্ৰীয়া নৃত্যৰ প্ৰসাৰ প্ৰচাৰৰ বাবে আগবঢ়োৱা হৈছে সঙ্গীত নাটক অকাডেমী বটাপ্ৰাপক, গুৱাহাটীৰ অগ্ৰণী সমাজ সংস্কৃতিসেৱী অনুষ্ঠান অভিনয় ছছাইটিৰ প্ৰতিষ্ঠাপক বিশিষ্ট সত্রীয়া নৃত্য শিল্পী গুৰু অনিতা শৰ্মালৈ। উৰিষ্যাৰ ভুৱনেশ্বৰৰ পংকজ চৰণ ওডিছী ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সৌজন্যত এই মাহাৰী সন্মান ভাৰতীয় শাস্ত্রীয় নৃত্যৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী খ্যাতনামা নৃত্য শিল্পীক প্ৰদান কৰা হয়।

গুৰু অনিতা শৰ্মাক প্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যোৱা ১৯ মার্চত ওড়িশাৰ ভুৱনেশ্বৰৰ ৰবীন্দ্ৰ মণ্ডপত বর্ণাঢ্য কার্য্যসূচীৰে আয়োজন কৰা ৰাষ্ট্ৰীয় গুৰুপংকজ নৃত্য উৎসৱ তথা মাহাৰী বঁটা অনুস্থানত ভাৰতৰ বহু নামজলা বিশিষ্ট অতিথি, নৃত্যশিল্পী, সমালোচক, দৰ্শকৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে অংগবস্ত্ৰ, স্মাৰক, প্রশস্তি পত্ৰ আৰু নগদ এক লাখ টকা। ভুৱনেশ্বৰৰ পংকজ চৰণ ওডিছী ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু উৰিষ্যা চৰকাৰৰ যৌথ উদ্যোগত এই বটা প্রদান অনুষ্ঠান অনুস্থিত হয়।

বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১২৬…

সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিলে ফিনলেণ্ডক, ভাৰতৰ স্থান ১২৬ত
বিশ্বৰ আটাইতকৈ সুখী লোকসকলে দেশ বাস কৰা দেশ হিচাবে পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড। সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড। আনহাতে সুখৰ ক্ষেত্ৰত ১৪৬ খন দেশৰ তালিকাত ভাৰত ১২৬ সংখ্যক স্থানত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ লোকসকল ভাৰততকৈ অধিক সুখী! তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড। ফিনলেণ্ডে একেৰাহে সপ্তমবাৰৰ বাবে তালিকাত এক নম্বৰ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে।ৰাষ্ট্ৰসংঘই এক দশকৰো অধিক কাল ধৰি এই সুখৰ এই তালিকা প্ৰকাশ কৰি আহিছে। ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, চুইডেন আৰু ইজৰাইলে শীৰ্ষ পাঁচটা স্থান দখল কৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী শীৰ্ষ ২০ত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান হৈছে ২৩ । ২৪ সংখ্যক স্থানত আছে জাৰ্মানী। ব্ৰিটেইন ২০ সংখ্যক স্থানত আছে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত নেপাল ৯৩ সংখ্যক স্থানত আছে। পাকিস্তানৰ স্থান ১০৮ ।

আনহাতে, শ্ৰীলংকা আৰু বাংলাদেশৰ স্থান ভাৰতৰ তলত আছে। এই দেশ দুখনৰ স্থান ক্ৰমান্বয়ে ১২৮ আৰু ১২৯ নম্বৰত আছে। তালিকাৰ একেোৰে তলত তালিবান শাসিত আফগানিস্তান আছে। আফগানিস্তান ১৪৩ নম্বৰত আছে। আফগানিস্তানৰ উপৰি লেবানন আৰু জৰ্ডানৰ অৱস্থানৰো যথেষ্ট অৱনতি ঘটিছে। “সুখ” কেনেকৈ জোখা হয়? গৱেষকসকলে জিডিপি, সামাজিক উন্নয়ন, ব্যক্তিগত স্বাধীনতা আৰু দুৰ্নীতিৰ হাৰৰ ক্ষেত্ৰত ১৫৬ খন দেশত জৰীপ চলাইছিল। বিভিন্ন কাৰক বিশ্লেষণ কৰি আটাইতকৈ সুখী দেশখন নিৰ্বাচন কৰা হৈছে। গৱেষকসকলে কৈছে যে যি খন দেশত মানুহে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, সকলোৰে সৈতে সুখ ভাগ বতৰা কৰে, ইজনে সিজনক বিশ্বাস কৰে, সেই দেশখনকে আটাইতকৈ সুখী দেশখন হিচাপে নিৰ্বাচন কৰা হয়।ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ গৱেষক জেনিফাৰ ডি পাওলাই সংবাদ মাধ্যমক কয় যে ফিনলেণ্ডৰ লোকসকলৰ প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰে। সেয়াই তেওঁলোকৰ জীৱনৰ সন্তুষ্টিৰ আটাইতকৈ ডাঙৰ কাৰণ।

নিৰ্বাচনী বণ্ড কি? ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে…

ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ন্যায়ালয়ে কয় যে ইলেক্ট’ৰেল বণ্ড তথ্য জনাৰ অধিকাৰৰ উলংঘন। দলসমূহৰ ফাণ্ডিঙৰ বিষয়ে ভোটাৰে জনাৰ অধিকাৰ আছে। ন্যায়ালয়ে লগতে কয় যে বণ্ড কিনাসকলৰ তালিকা ৰাজহুৱা কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে কয়, নাগৰিকৰ এয়া জনাৰ অধিকাৰ আছে যে চৰকাৰৰ হাতত টকা ক’ৰ পৰা আহে আৰু ক’লৈ যায়। ন্যায়ালয়ে কয় যে বেনামী নিৰ্বাচনী বণ্ড তথ্য জনাৰ অধিকাৰ আৰু অনুচ্ছেদ ১৯(১)(ক)ৰ উলংঘন। ইলেক্টৰেল বণ্ড বা নিৰ্বাচনী ভাৰতৰ ৰাজনৈতিক দলসমূহৰ বাবে ধন আগবঢ়োৱাৰ এক বিশেষ আহিলা । কেন্দ্ৰীয় বাজেট ২০১৭-১৮ৰ সময়ত বিত্তীয় বিধেয়ক ২০১৭ ত অনামী নিৰ্বাচনী বণ্ডৰ আঁচনিখন উত্থাপন কৰা হৈছিল । ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ইয়াক অসাংবিধানিক বুলি ৰায়দান কৰে আৰি ষ্টেট বেংক অৱ ইণ্ডিয়াক এই বণ্ডসমূহ জাৰি কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ আদালতে ভাৰতীয় নিৰ্বাচন আয়োগক ইয়াক তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে । উচ্চতম ন্যায়ালয়ক নিৰ্বাচনী বণ্ডক অবৈধ ঘোষণা কৰিবলৈ আহ্বান জনোৱা আবেদনকাৰীৰ ভিতৰত কেৰালাৰ শাসকীয় বাওঁপন্থী দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) দলো আছিল। ইয়াৰ উপৰি এই বণ্ডসমূহৰ জৰিয়তে আনুষ্ঠানিকভাৱে অনুদান প্ৰত্যাখ্যান কৰা একমাত্ৰ প্ৰধান দলটোৱেই আছিল চিপিএম৷

এসময়ত বিত্তমন্ত্ৰী জেটলীয়ে ৰাজনৈতিক পুঁজিৰ উদ্দেশ্যে বেংকসমূহে নিৰ্বাচনী বণ্ড জাৰি কৰাত সুবিধাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক আইনখন সংশোধন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। বেনামী নিৰ্বাচনী বণ্ড বিশেষভাৱে কেন্দ্ৰীয় বাজেটৰ এক অবিচ্ছেদ্য উপাদান হিচাপে প্ৰৱৰ্তন কৰা হৈছিল আৰু সেয়েহে ভাৰতীয় সংবিধানৰ ১১০ নং অনুচ্ছেদ উলংঘা কৰি কিছুমান পদ্ধতিগত সুবিধা লাভ কৰিবলৈ আৰু কিছুমান সংসদীয় নিৰীক্ষণ প্ৰক্ৰিয়াক বৈধ কৰিবলৈ বিত্তীয় বিধেয়ক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। ভাৰতীয় সংবিধান অনুসৰি বিত্তীয় বিধেয়ক হৈছে এনে আইন যিবোৰক ৰাজ্যসভাত “গৃহীত” হোৱাৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হয় ৷ নিৰ্বাচনী বণ্ড যদিও ২০১৭ চনৰ আৰম্ভণিতে প্ৰৱৰ্তন কৰা হৈছিল, বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০১৮ চনৰ ২ জানুৱাৰীত নিৰ্বাচনী বণ্ড আঁচনি ২০১৮ৰ বিষয়ে গেজেটত অৱগত কৰিছিল ৷ সেই সময়ত ইয়াৰ মূল্য ৯,৮৫৭ কোটি আছিল (২০১৮ চনৰ মাৰ্চৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহলৈকে )৷ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় যে ইলেক্ট’ৰেল বণ্ডৰ উপৰিও ক’লা ধন বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ন্যায়ালয়ে ৰায়ত কয় যে ইলেক্ট’ৰেল বণ্ডৰ গোপনীয়তা ‘জনাৰ অধিকাৰ’ৰ বিৰুদ্ধে। ৰাজনৈতিক দলৰ ফাণ্ডিঙৰ বিষয়ে তথ্য জ্ঞাত হ’লে মানুহে ভোটাধিকাৰৰ ব্যৱহাৰ কৰাত স্পষ্টতা লাভ কৰে।

উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিছিল। সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। ন্যায়ালয়ে লগতে কৈছিল যে এছ বি আয়ে ১২ এপ্ৰিল ২০১৯ৰ পৰা তথ্য ৰাজহুৱা কৰিব লাগিব। এছ বি আইয়ে এই তথ্য নিৰ্বাচন আয়োগক দিব লাগিব আৰু নিৰ্বাচন আয়োগে এই তথা প্ৰকাশ কৰিব।কিন্তু এছবিআইয়ে সেই তাৰিখৰ ভিতৰত তথ্য দিব পৰা নাছিল৷ আচলতে বিগত নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া সংবিধানপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। তিনিদিন ধৰি মতামত শুনাৰ পিছত গোচৰটোৰ সিদ্ধান্ত সুৰক্ষিত ৰাখিছিল ন্যায়ালয়ে। আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে ইলেক্ট’ৰেল বণ্ড আঁচনিয়ে অনুচ্ছেদ 19(1)ৰ অধীনত নাগৰিকৰ তথ্য আৰু মৌলিক অধিকাৰ উলংঘা কৰে, ই ভ্ৰষ্টাচাৰক উদগনি দিয়ে।

মহানগৰীত অৱস্থিত এটা ৰহস্যময় গুহাত এভুমুকি, য’ত দিনৰ ভাগত শিলবোৰে কথা পাতে আৰু ৰাতি হলে শিলৰ বৰণ বদলি হয়…

ৰাজকুমাৰ দাই সেই স্থানত এটা গুহাও আছে বুলি কোৱা কথাষাৰত খুব উৎসুকতাৰে ৰাতিটো পাৰ কৰিলো। কাৰণ পিছদিনা পুৱাই গুহাটোৰ অন্নেষণত যোৱাৰ কথাই মনটো ইতিমধ্যেই ব্যাকুল কৰি তুলিছিল। সিদিনা ৰাজকুমাৰ দাৰ ঘৰৰ কাষৰ কাংকন নগৰত থকা গুহাটোলৈ যোৱাৰ কথা কওঁতে তেওঁ ওলোটাই কলে যে, নহয়, কালিলৈ গাৰো বস্তিত থকা গুহাটোলৈ যাও বলক। গাৰো বস্তিৰ গুহাটোৰ কথা শুনি প্ৰথম অৱস্থাত মই আচৰিতেই হৈছিলো। কিয়নো এই স্থানৰ কাষতে থকা মহাদেৱ টিলালৈ বিশেষকৈ শিৱৰাত্ৰীৰ দিনা মই বহু বছৰ ধৰি গৈ আছোঁ যদিও ইয়াৰ কাষতে থকা গুহাটোৰ কথা কোনো দিনেই শুনা নাছিলোঁ। কথাটোত হয়ভৰ দি বন্ধু নিলয়ক লগ ধৰিলো। নিলয় মোৰ দেওবৰীয়া যাত্ৰাৰ লগৰীয়া। দুয়ো মহানগৰীৰ নিকটবৰ্তী পাহাৰ সমূহৰ বহু দুৰ্গম স্থান ঘূৰিলো। কভিদৰ সময়ত আৰম্ভ হোৱা আমাৰ দেওবৰীয়া যাত্ৰাই শেহতীয়াভাৱে এক বিশেষ মাত্ৰা লাভ কৰিছে। অৱশ্যে এটা কথা কব লাগিব যে প্ৰাকৃতিক উৎসসমূহ চলাথ কৰাৰ প্ৰতি থকা মোৰ চখ আৰু নিচা বেছ পুৰণি। প্ৰায় ২০০০ মান চনত ছেভেন চিষ্টাৰ্চ এক্সপ্লৰেচনৰ জৰিয়তে আৰম্ভ কৰা ট্ৰেকিং অথবা এডভেঞ্চাৰ মূলক যাত্ৰাসমূহ পৰবৰ্তী সময়ত বিভিন্ন পৰ্যায়েৰে আহি সম্প্ৰতি এক বিশেষ উদ্যোগ ৰূপে পৰিগণিত হৈছে।


গুহা অভিমুখী যাত্ৰা আৰম্ভ কৰোঁতে পুৱাৰ সূৰুয ক্ৰমাৎ গাভৰু হৈ পৰিছিল। ইতিমধ্যে দুই এজন খৰিকটীয়াই আমি যোৱা পথটিৰে খৰি কটাৰ বাবে অৰণ্যত প্ৰবেশৰ বাট বুলিছিল। মূলতঃ এয়া আমচিং বনাঞ্চল। বন নীতিও প্ৰযোজ্য হয় ইয়াত। তথাপি জীৱন আৰু জীৱিকাৰ বাবে অৰণ্য আৰু পাৰ্শ্ববৰ্তী ঠাইৰ বাসিন্দাৰ সম্পৰ্ক অভিন্ন। এক কথাত ই চিৰযুগমীয়া আৰু অৱধাৰিত। এই আমছিং সংৰক্ষিত বনাঞ্চলৰ মাজতেই অৱস্থিত আজিৰ যাত্ৰাৰ উপলক্ষ এই শ্ৰী শ্ৰী ৰুদ্ৰ বাবা গুহা মন্দিৰ। সঁচা অৰ্থত এটা ৰহস্যময় গুহা আৰু মন্দিৰ। বিশ্বাস অবিশ্বাসৰ দুদুল্যমান স্থিতিৰ মাজত উন্মোচিত এই গুহা বা মহাদেৱ মন্দিৰ। কোৱা হয় বিশ্বাসে মিলয় হৰি। সেই অৰ্থত এই মন্দিৰটোত বহু বিশ্বাস জৰিত হৈ আছে বুলি কব পাৰি। গুহাটো যদিও পাহাৰটোৰ একেবাৰে নামনিত অৱস্থিত । তথাপি ইয়ালৈ আহিবলৈ হলে পাহাৰটোৰ মাজ অংশৰ পৰাই যাত্ৰা আৰম্ভ কৰিব লাগিব । মূল পথৰ পৰা পাহাৰটোৰে উঠি আহি আমি এটা চাৰিআলি সংযোগী স্থান পালোঁ। ইয়াৰ পৰাই পাহাৰীয়া পথেৰে চাৰি দিশৰ চাৰি দিশৰ পৰা চাৰিটা লুংলুঙীয়া পথ আৰম্ভ হয়। তলৰ এটা দিশে নামি গলে গাৰো বস্তি আৰু ওপৰলৈ উঠি গলে পাহাৰৰ শীৰ্ষ স্থানত মানৱ নিৰ্মিত শিৱ মন্দিৰ । মহাদেৱ টিলা খ্যাত এই শিৱ মন্দিৰটোত শিৱ ৰাত্ৰিৰ দিনা ভক্তৰ লানি নিছিগা সোঁত বয়। কিন্তু ইমান সহজ নহয় শিৱ মন্দিৰটোলৈ উঠি যোৱা যাত্ৰাপথ। কোনো কোনো স্থানত খুপি খুপি, বগুৱা বাই উঠিব লাগে। নিৰ্দিষ্ট পথবিহীন অতিশয় থিয় এই পাহাৰীয়া মন্দিৰ অভিমুখী যাত্ৰাৰ বাবে মানসিক ভাবে শক্তি আৰু ভক্তি দুয়োটাই থাকিব লাগিব।
অন্যহাতে গুহা অভিমুখী যাত্ৰাটোক প্ৰাকৃতিক ভাবে অনন্য সুন্দৰ এটা পাহাৰীয়া জয়াল পথ বুলিব পাৰি। পথটোৰ এফালে এঢলীয়া গড়া আৰু উপৰিভাগত আকাশ সদৃশ ওখ পাহাৰীয়া ভূমি, যাক উল্লেখ কৰাৰ দৰেই মহাদেৱ টিলাৰ পাৰ্শ্ববৰ্তি স্থান বুলিব পাৰি। আন অৰ্থত এই যাত্ৰাপথক প্ৰাকৃতিক পৰিবেশৰ মাজেৰে নিজকে হেৰুৱাই পেলাব পৰা এক কষ্টহীন সুমধুৰ যাত্ৰা বুলিব পাৰি। ফাগুনৰ তলসৰা শুকান পাতৰ গোন্ধ আৰু মাজে মাজে এই পাতবোৰত ভৰি লাগি সৃষ্টি হোৱা কেৰকেৰিয়া শব্দৰ মাজেৰে প্ৰবাহিত মসৃণ পথটোৰে গৈ থাকোঁতে মনলৈ বহু ভাবে অগা দেয়া কৰিব ধৰিলে। যেন ৰামায়ণ বৰ্ণিত পঞ্চ পাণ্ডৱৰ বন নিবাস যাত্ৰাৰ দৰেই প্ৰাকৃতিক সুন্দৰতাৰ মাজত ভোল গৈ আমি আৰম্ভ কৰিছো এক গুহা অভিমুখী যাত্ৰা। প্ৰকৃতি সৃষ্ট শিল, গছ গচনি, চৰাই, জিলিৰ মাতৰ মাজত নিৰ্জনতাই আবৰি ৰখা এক স্থান। সুদুৰলৈ চাই দিলে ৰিনিকি ৰিনিকি গুৱাহাটী মহানগৰীৰ দুই এটা ধুসৰিত অট্ৰালিকা দেখা যায়। গুহা অভিমুখী পাহাৰীয়া একা বেকা পথটিৰে আগবাঢ়ি গৈ থাকিলে যাত্ৰা পথত লগ পালো পিঠি বোজাই ঘাঁহ কাটি অনা দুই এজন নেপালী বা বিহাৰী সম্প্ৰদায়ৰ লোক। গুহাটোলৈ কিমান দুৰ ককাই বুলি সুধিলত কলে -আধা কিলোমিটাৰ। কিন্তু তেওঁলোকৰ কথাত ভুল নাযাব। কাৰণ তেওঁলোকৰ মুখৰে নিগৰা পাহাৰীয়া পথৰ আধা কিলোমিটাৰ মানে আপোনাৰ বাবে হব প্ৰায় দুই কিলোমিটাৰ। ঠিক মাজুলীৰ কথকথাত বৰ্ণিত ফিৰি নাওঁ, মিৰি নাৱৰ দৰেই। এই দুই কিলোমটাৰ যাত্ৰাত গুহাৰ স্থান পোৱালৈ প্ৰাকৃতিক ভাৱে পোৱা যায় শিলাময় দুখন প্ৰবেশ দ্বাৰ। লিখা আছে গেট নং ১ আৰু গেট নং ২। কিজানি মানুহে এনেদৰে লিখি দিবৰ বাবেই আধ্যাত্মিকতাৰ দোমোজাত বিশ্বাস কৰিব পৰাকৈ প্ৰাকৃতিক ভাৱেই অনাদি কালতেই নিৰ্মাণ কৰা হৈছিল এই প্ৰবেশ দ্বাৰ দুখন। কৌতুহলেই হওঁক বা যিয়েই নহওঁক কিয়, শিলাময় এই প্ৰবেশ দ্বাৰ দুখনক কেন্দ্ৰ কৰি হোৱা অনুভবে আপোনাক লৈ যাব পৌৰাণিক কল্প কাহিনীত বৰ্ণিত আখ্যানৰ মাজলৈ। ঠিক সেইদৰে নামনিত থকা গুহাটোৰ স্থান ডোখৰো প্ৰকৃতি আৰু আধ্যত্মিক ভাবে ইমানেই মনোমোহা আৰু প্ৰকৃতি প্ৰদত্ত যে এই স্থানত উপস্থিত হলে আপুনি ভাবি লব যে আপুনি স্বয়ং ঋষি মুনি বাস কৰা আশ্ৰম এখনত আহি উপস্থিত হল। আপোনাৰ ভাৱ হব আপুনি আৰু এই স্থান এৰি উভতি নাযায়। আপোনাৰ মনত দোলা দি যাব আন বহু ভাৱ। যেন দিন ভৰি পান কৰিব ইয়াৰ ৰূপ ৰস অথবা আধ্যাত্মিকতাৰ মাজত ডুব গৈ আপুনি গ্ৰহণ কৰিব সন্ন্যাস। আপুনি লৈ অহা ভাগৰবোৰ অনায়াসেই আঁতৰি যাব আপোনাৰ মন গহনৰ পৰা। মন্দিৰটোৰ দুয়ো কাষে কেইবাজোপাও ৰক্ত জবা ফুল আৰু বেল গছ। গণেশ আৰু শিৱ পূজাত ৰঙা ফুল লাগে। সেইবাবেই পুৰোহিত কেইজনে বোধহয় ৰক্ত জবা ফুল ৰুই লৈছে এই স্থানত। মূলতঃ গুহাটো অৱস্থিত ঠাই ডোখৰৰ নাম হস্তিনাপুৰ। যেন ঐতিহাসিক হস্তিনাপুৰ। খানাপাৰাৰ পৰা মহানগৰীৰ ১১ মাইল দিশে গলে ইয়াৰ বাওদিশে থকা পাহাৰটোলৈ উঠি গলে পোৱা যায় এই হস্তিনাপুৰ । আশে পাশে থকা ঠাইডোখৰ গাৰোবস্তি বুলি কোৱা হয়। ইয়াৰ পিছত ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে যাত্ৰা কৰিলে আপুনি উপস্থিত হব পাৰিব গুহাৰ স্থানত। মনত এনে বহু ভাব লৈ অৱশেষত গুহাৰ স্থানত উপস্থিত হৈ গেৰুৱা বসন পিন্ধা মন্দিৰৰ পূজাৰীজন দেখি সাক্ষাৎ কোনোবা ঋষি মুনি এজন লগ পোৱা যেন অনুভৱ হল। দেখা পালো এটা বৃহৎ শিলাখণ্ডত সম্পূৰ্ণ প্ৰাকৃতিক ভাবে নিৰ্মিত এটা মন্দিৰ। মন্দিৰৰ প্ৰাৰম্ভিক দৰ্শনত আপোনাৰ অনুভৱ হব যে এয়া যেন কোনো সৰ্পৰাজৰ ৰাজ দৰবাৰ আৰু তেওঁ নিজ খেয়াল খুচি মতেই সাজি লৈছে এই দৰবাৰ। সৰ্পৰাজৰ ফেনাৰে আবৃত হৈ আছে এই দৰবাৰ। মানৱ নিৰ্মিত হিচাপে কেৱল মাত্ৰ মন্দিৰটোৰ প্ৰবেশ কক্ষৰ মজিয়াত টাইলছ কেইডোখৰ মান লগোৱা হৈছে। ভিতৰ ফালে সোমাই আছে কাহিনী বৰ্ণিত গুহাটো। গুহাটোৰ গৰ্ভভাগত কোনো ধৰণৰ কৃত্ৰিমতা অনা নাই। সম্পূৰ্ণ স্বকীয় বাবেই ৰখা হৈছে অন্তৰ ভাগ। লগতে আছে গণেশ দেৱতা, মা লক্ষ্মী, মা ভৱানী আৰু অন্যান্য দেবাদিদেৱ সকলৰ স্থান। মহাদেৱৰ অনন্ত শয্যাৰ লগতে ৰুদ্ৰাস কুণ্ডলীৰ চিহ্ন জাজ্জল্যমান হৈ আছে গুহাৰ অন্তৰ্ভাগত। ভিতৰত আছে গঙ্গা সদৃশ বৈ অহা এটা ক্ষুদ্ৰ জলধাৰা।

পুৰোহিত জনৰ মতে ইয়াত থকা সকলো শিলা খণ্ডই একো একোজন জীৱন্ত ভগৱান। বহুতো অলৌকিক শক্তিৰে সদা জাগ্ৰত এই স্থানত নিশাটো অধিক ৰহস্য ঘন হৈ পৰে। সদায় দেখি থকা পাথৰটোৰ এটা অংশ ৰাতি হলে ওঁমসদৃশ এটা চিহ্নৰ দৰে জ্বিলিকি উঠে আৰু কলা হৈ পৰে। পূজাৰীজনৰ মতে মাজে মাজে বন্য হস্তি, বাঘ আৰু সৰ্পৰাজ আহি দেখা দিয়েহি মন্দিৰ প্ৰাংগনত। পূজাৰীজনৰ মতে তেওঁ যেতিয়া এই স্থানলৈ আহিছিল, তেতিয়া এই স্থানত ৰেডিঅ, টিভিৰ পৰ্দাত গান গোৱাৰ দৰে গান শুনিছিল। অৰ্থাৎ শিলাখণ্ড কেইটাই হওঁক বা গুহাটোৰ ভিতৰ ভাগত হওঁক, এক অজ্ঞাত শক্তিৰ পৰা গান গোৱা শুনিছিল। অৱশ্যে তেওঁ আজিৰ তাৰিখত সেয়া উপলদ্ধ নহয় বুলি কলে। এনেদৰেই মন্দিৰ প্ৰাংগনত জৰিত হৈ আছে অনেক ঘটনা পৰিঘটনা, যিবোৰ বিশ্বাস কৰাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই। গুহাৰ প্ৰবেশ দ্বাৰ ইমানেই সৰু যে প্ৰথম অৱস্থাত যিকোনো লোকৰ বাবেই ইয়াৰ ভিতৰ ভাগলৈ যোৱাৰ পূৰ্বে দহবাৰ বুকু কপি উঠা স্বাভাৱিক। গা পেলাই, বগুৱাবাই প্ৰবেশ কৰিব পৰা যায় এই গুহাটোত। ঠিক জম্মুৰ কাট্ৰাত থকা বৈষ্ণ দেৱী মন্দিৰ পোৱাৰ পূৰ্বে উপনীত হোৱা অৰ্ধকুঁৰীস্থিত গুহাটোত প্ৰবেশ কৰাৰ দৰেই লাগিব আপোনাৰ আৰু অনুভৱ। ঠিক মাতৃগৰ্ভত থকা সন্তানটোৱে মুক্তি লাভৰ বাবে ভগৱানক কৰ যোৰে পূজা কৰি থকাৰ দৰেই। আন অৰ্থত মহানগৰীত থাকি এই গুহাত প্ৰবেশ কৰি আপুনি লাভ কৰিব পাৰে এক অনন্য অনুভৱ আৰু আদায় কৰিব পাৰে এক অদম্য বাস্তব আৰু আধ্যাত্মিক অভিজ্ঞতা। অৱশ্যে এই গুহাতো কিমান পুৰণি তাৰো কোনো লিখিত বিৱৰণ নাই।

পুৰাতত্ত্ব বিভাগেও ইয়াক লৈ কোনো ধৰণৰ অধ্যয়ন কৰাৰ তথ্য পোৱা নাযায়। কেৱল মাত্ৰ এজন লোকে আজিৰ পৰা প্ৰায় ১৬ বছৰ পূৰ্বে সপোনত দেখা এক বিশ্বাসৰ মাজেৰে এই গুহা তথা মন্দিৰটো গড় লৈ উঠিছে আৰু শেহতীয়া ভাৱে ভক্তৰ দৰ্শনৰে উজ্বলিত হৈ পৰিছে। মন্দিৰৰ পূজাৰীজন আজি প্ৰায় ১২ বছৰ ধৰি এনে দুৰ্গম স্থানত দিনে নিশাই বসতি কৰি আহিছে। মন্দিৰ প্ৰাংগনত নিজৰ সুবিধাৰ বাবে সৌৰ শক্তিৰ ব্যৱস্থা কৰি লৈছে। কিন্তু এটা কথা ঠিক যে গুহাটোলৈ যোৱা পথটোৰ প্ৰায় তিনিশ মিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটোত এনে ধৰণৰ বহুতো ঐতিহাসিক উৎস আৱিষ্কাৰ কৰাৰ থল আছে। লগতে এটা কথা কব পৰা যায় যে আধুনিক সমাজ ব্যৱস্থাৰ অলক্ষিতে অধিক প্ৰসাৰ আৰু প্ৰসাৰৰ পৰা আঁতৰি থকাৰ বাবেই এই স্থান সাম্প্ৰতিক সময়তো পবিত্ৰ অথবা প্ৰদূষণৰ পৰা বাচি আছে। সেইবাবেই প্ৰশ্ন হয়, প্ৰচাৰৰ পৰা আঁতৰত থাকি মন্দিৰৰ পবিত্ৰতা অক্ষুণ্ণ ৰখা উচিত নে ইয়াক লৈ অধিক প্ৰচাৰৰ জৰিয়তে বনাঞ্চল অধ্যুষিত স্থান হিচাপে বন আইন তথা বন নীতি বাহাল ৰাখি ইয়াক এক আধ্যাত্মিক পৰ্য্যটন ক্ষেত্ৰলৈ পৰিণত কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰা উচিত।

লেখকঃ উৎপল শইকীয়া

পুনৰ বিজেপিত যোগদান তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনৰ…

পুৰণি দলটোৰ মোহ এৰিব নোৱাৰিলে তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে। সেয়ে তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে বুধবাৰে তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামালাইৰ উপস্থিতিত পুনৰ বিজেপিত যোগদান কৰে৷ তেলেংগানাৰ ৰাজ্যপাল পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ ২০১৯ চনত বিজেপি ত্যাগ কৰিছিল। এতিয়া তেওঁ পুনৰ গেৰুৱা শিবিৰলৈ উভতি আহিছে। চৰ্চা চলা অনুসৰি তামিলিচাই সৌন্দৰৰাজনে তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখ্য কিছুদিন পূৰ্বে তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে পদত্যাগ কৰিছিল। তেওঁ সোমবাৰে তেলেংগানাৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষাণা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে তেলেংগানাত থকাৰ সময়তে তেলেংগানাৰ ৰাজ্যপালগৰাকীয়ে হঠাতে পদত্যাগ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে নিশা তেলেংগানাৰ ৰাজভৱনতে আছিল। তেওঁ সোমবাৰে পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।উল্লেখ্য সৌন্দৰৰাজনে দীৰ্ঘদিন ধৰি তামিলনাডুৰ বিজেপি সভাপতি হিচাপে কাম কৰি আহিছিল। তাৰ পিছত তেওঁক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল।

কিন্তু ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ বাৰে বাৰে তামিলনাডুৰ ডিএমকে চৰকাৰক লক্ষ্য কৰি লৈছিল। শুনা গৈছে যে গেৰুৱা শিবিৰে তেওঁক আগন্তুক লোকসভা নিৰ্বাচনত টিকট দিয়াৰ কথা ভাবি আছে। বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তামিলিচাইক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুত হ’বলৈ কোৱা হৈছে। বিজেপিয়ে শীঘ্ৰেই দলটোৰ আন এখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি আশা কৰা হৈছে। সম্ভৱতঃ তামিলিচাইৰ নাম সেই তালিকাত থাকিব। ধাৰণা কৰা অনুসৰি বিজেপিয়ে তেওঁক উত্তৰ তামিলনাডু, পুডুচেৰী বা চেন্নাই দক্ষিণ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে।

সময়তকৈ এদিন পূৰ্বেই বুধবাৰে সমান হ’ল দিন আৰু ৰাতি…

সময়তকৈ এদিন পূৰ্বেই বুধবাৰে সমান হ’ল দিন আৰু ৰাতি। সচৰাচৰ প্ৰতি বছৰে ২১ মাৰ্চত দিন-ৰাতি সমান হয় যদিও এইবাৰ লীপইয়েৰ বাবে এদিন পূৰ্বেই অৰ্থাৎ ২০ মাৰ্চত দিন আৰু ৰাতি সমান হয়। বুধবাৰৰ দিনটো জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে বিশেষ দিন হিচাবে বিবেচিত হৈছে। বিজ্ঞানীসকলৰ মতে বছৰত দুবাৰ দিন আৰু ৰাতি সমান হয়। ২০ বা ২১ মাৰ্চৰ উপৰি ২৩ ছেপ্টেম্বৰতো দিন-ৰাতি সমান হয়। আজিৰ দিনটোত বিষুৱৰেখা লম্ব হোৱাৰ বাবে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৃথিৱীত পৰে। ফলত ১২ ঘণ্টাৰ দিন আৰু ১২ ঘণ্টাৰ ৰাতি হয়। য়াৰ পিছতে সূৰ্যই উত্তৰ গোলাৰ্ধত প্ৰৱেশ কৰে, ইয়াৰ ফলত দিন দীঘল আৰু ৰাতি চুটি হ’বলৈ ধৰে।


লীপইয়েৰ কি? লীপইয়েৰ হৈছে এনে এটা বছৰ যিটো বছৰত এদিন বেছি হয়। এই বছৰটো প্ৰতি চাৰি বছৰত এবাৰকৈ আহে। প্ৰকৃততে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ প্ৰকৃততে ৩৬৫ দিন আৰু ছঘণ্টা সময় লাগে। এই ছঘণ্টা জমা হৈ গৈ থাকে আৰু চাৰি বছৰত ই ২৪ ঘণ্টাৰ সৃষ্টি কৰে, এয়া হৈছে এটা অতিৰিক্ত দিন। যেতিয়া এই এদিন ফেব্ৰুৱাৰীত যোগ দিয়া হয়, ফেব্ৰুৱাৰী ২৮ ৰ পৰা ২৯ দিনীয়া হয় আৰু বছৰটোক লীপইয়েৰ বুলি কোৱা হয়।

“সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা”, ককা-আইতাৰ মুখৰ সাধুৰ আৰু কণ কণ শিশুৰ সাধু কথাৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱন…

“সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা” শীৰ্ষক মন্ত্ৰেৰে বিশ্ব সাধুকথা দিৱসৰ দিনটো মুখৰিত হ’ল তেজপুৰ সাহিত্য সভা ভৱন। ককা – আইতাৰ মুখৰ সাধুৰ আৰু কণ কণ শিশুৰ সাধুকথাৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱন। সাধু ক’লে বিশিষ্ট শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্ত আৰু প্ৰবীণ লেখিকা মায়া শৰ্মাই।

“সাধুকথা সজ কথা লক্ষ্য আমাৰ জগত সভা” শীৰ্ষক মন্ত্ৰেৰে বিশ্ব সাধুকথা দিৱসৰ দিনটোত কণ কণ শিশুৰ সন্মুখত ককা – আইতাৰ সাধু আৰু কণ কণ শিশুৰ মুখৰ সাধুৰে প্ৰতিকুল বতৰৰ মাজতো পুৱাৰ পৰা মুখৰিত হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন ।উল্লেখ্য যে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ শিশু অনুষ্ঠান “কুঁহি” উপসমিতিৰ সহযোগত অনুষ্ঠানটিত ককাৰ ৰূপত জনপ্ৰিয় অভিনেতা মৃগেন চন্দ্র বড়া আৰু তেজপুৰৰ যোগ ক্ৰীড়াৰ শিক্ষয়িত্ৰী নমিতা লহকৰে চাৰিটা শিশুৰ লগত “বুঢ়া বুঢ়ী আৰু শিয়াল” সাধুটো অভিনয় কৰি উপস্থিত শিশু সকল আৰু ৰাইজক মুগ্ধ কৰি তোলে। “অকণিৰ সাহিত্য সভা”ৰ সভাপতি তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় শিশু লক্ষ্যজয় কলিতাৰ আদৰণী ভাষণেৰে ।লক্ষ্যজয়ে বিশ্ব সাধুকথা দিৱসৰ তাৎপৰ্য্য আৰু সাধুকথাৰ মহত্বৰ বিষয়ে সাৱলীল ভাৱে আলোকপাত কৰি ১৯৯১ চনৰ পৰা শিশু সকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে সাধুকথা দিৱস উদযাপন কৰি আহিছে বুলি কৈ সাধু সমূহ লোক কাহিনীৰ ওপৰত সকলো ঠাইতে প্ৰতিষ্ঠিত হৈ আহিছে বুলি কয়। আনহাতে বিভিন্ন প্ৰান্তৰ শিশুৱে বুঢ়ী আইৰ সাধু, পঞ্চ তন্ত্ৰ আদি বিভিন্ন সাধুকথাৰে মুখৰিত কৰি তোলা অনুষ্ঠানটিত প্ৰত্যেকগৰাকী শিশুক আইতা আৰু ককা হিচাপে উপস্থিত থকা বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট লেখিকা ড০ স্বাধীনতা মহন্ত, প্ৰবীণ লেখিকা মায়া শৰ্মা, বিশিষ্ট সমাজকৰ্মী অঞ্জলী কলিতা, মণিমালা শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, অসমীয়া ক্লাবৰ সভাপতি অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱী, তেজপুৰ সাহিত্য সভাৰ সভাপতি দ্বীজেন নাথ, কবি অনুপ অসমীয়া, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰৰ লগতে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা শিশুপ্ৰেমী সমাজকৰ্মী তথা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সহধৰ্মিনী সুজাতা মিশ্ৰই মানপত্ৰ আৰু শিশু গ্ৰন্থেৰে উদ্বুদ্ধ কৰে। শিশুৰ বৌদ্ধিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা সুজাতা মিশ্ৰই শিশু সকলক মোবাইল চোৱাৰ পৰা বিৰত থাকি এনেধৰণৰ সাধুকথা বা গল্প লিখাত মনোনিবেশ কৰি নিজৰ কল্পনা শক্তি বৃদ্ধি কৰিবলৈ পৰামৰ্শ দি নিজৰ নিজৰ সৃষ্টিশীলতাৰে সমাজৰ এগৰাকী সুস্থ নাগৰিক হ’বলৈ আহ্বান জনায় আৰু নিজেও সাধুকথা কৈ শিশু সকলক উদ্বুদ্ধ কৰি তোলে।

আনহাতে অনুষ্ঠানটিত উপস্থিত থকা অভিভাৱক সকলক নিজৰ সময় নাই বুলি সন্তানৰ প্ৰতি গা এৰা দিয়াৰ মনোবৃত্তিৰে সৰুতেই নিজৰ সন্তানৰ হাতত মোবাইল ফোনটো অৰ্পণ নকৰি সন্তান সকলক সৰুৰে পৰাই সৃজনী শক্তি বৃদ্ধি পাব পৰা কামত জড়িত কৰোৱাবলৈ আহ্বান জনায়। উল্লেখ্য যে মনোৰম অনুষ্ঠানটিত বিশিষ্ট শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্তই শিশুৰ মনস্তত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কেনেদৰে শিশু অৱস্থাৰ পৰাই শিশু সকলক সাধুকথা বা শিশু উপকাৰ হ’ব পৰা কাহিনীৰ সৈতে জড়িত হ’ব পাৰি সেই ক্ষেত্ৰত মনোনিবেশ কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই এটি সাধুকথা কৈ শিশু সকলক উদ্বুদ্ধ কৰি তোলে। লগতে প্ৰবীণ লেখিকা মায়া শৰ্মাইও শিশু সকলক উদ্বুদ্ধ কৰি ভাষণ প্ৰদান কৰাৰ লগতে একোটিকৈ সাধু কৈ আপ্লুত কৰে।

“কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দলসমূহৰ সিৰাই সিৰাই সোমাই আছে দুৰ্নীতিৰ মলিয়ন তেজ”: সৰ্বানন্দ সোণোৱাল

“কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰদলসমূহৰ সিৰাই সিৰাই সোমাই আছে দুৰ্নীতিৰ মলিয়ন তেজ”: সৰ্বানন্দ সোণোৱাল। “কংগ্ৰেছ মিত্ৰশক্তি হৈছে বিভাজন আৰু ভ্ৰষ্টাচাৰৰ ধ্বজাবাহক, বিজেপি নেতৃত্বাধীন এনডিএ সমন্বয় আৰু বিকাশৰ ধ্বজাবাহক”: সোণোৱাল। “২০৩০ চনৰ ভিতৰত দেশখনক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিব। এয়া একমাত্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতহে সম্ভৱ হ’ব”: সোণোৱাল। মাকুম বিধানসভা সমষ্টিকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত অনুষ্ঠিত বিজেপি আৰু মিত্ৰজোঁটৰ সাংগঠনিক সভাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে সংকল্পবদ্ধ হ’ল কাৰ্যকৰ্তাসকল। “কংগ্ৰেছ মিত্ৰশক্তি হৈছে বিভাজন আৰু ভ্ৰষ্টাচাৰৰ ধ্বজাবাহক, বিজেপি নেতৃত্বাধীন এনডিএ সমন্বয় আৰু বিকাশৰ ধ্বজাবাহক”, নৱগঠিত মাকুম বিধানসভা সমষ্টিকে ধৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত বিপুল প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে। সোণোৱালৰ অগ্ৰগামী নিৰ্বাচনী ৰণডংকাই কংগ্ৰেছ মিত্ৰশক্তিক শলঠেকত পেলোৱাৰ লগতে কংগ্ৰেছ মিত্ৰশক্তিৰ গণভিত্তিক নস্যাৎ কৰিছে। সোণোৱালে আজি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন সাংগঠনিক সভাত মিলিত হয় আৰু বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে লোৱা কল্যাণকামী পদক্ষেপসমূহক সাৰোগত কৰি জনসংযোগ অধিক ত্বৰান্বিত কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিবলৈ আহ্বান জনায়।

সোণোৱালে কয়, “যোৱা ১০ বছৰত কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিধৰণে সুশাসন অব‍্যাহত ৰাখিছে, তাৰেই প্ৰতিফলন হৈছে সম-বিকাশ আৰু সমন্বয়। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বাবেই আজি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিজন লোকে মৰ্যাদাসহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামাজিক ন‍্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিছে সৰ্বস্তৰৰ জনগণে। সেইবাবেই জনতাই ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত অগাধ আস্থা-বিশ্বাস ৰাখিছে। যোৱা ১০টা বছৰত মোদী ডাঙৰীয়াই সৃষ্টি কৰা এই যোগাত্মক ফলাফলে চৌদিশে পোহৰ বিলাবলৈ সক্ষম হৈছে। প্ৰতিজন নাগৰিকে এতিয়া নিজৰ লগতে পৰিয়াল তথা সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মোৰ দৃঢ় বিশ্বাস যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও মতদানৰ জৰিয়তে নিজৰ শক্তিশালী মনৰ বহিঃপ্ৰকাশ ঘটাব। মোদী ডাঙৰীয়াই আমাক দিয়া লক্ষ‍্য অনুসৰি ভাৰতৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ ‘সবকা সাথ, সবকা বিকাশ’ সাৰ্বজনীন নীতিৰে দীক্ষিত হৈ আমি ২০৩০ চনৰ ভিতৰত দেশখনক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিব। এয়া একমাত্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতহে সম্ভৱ হ’ব। কাৰণ তেখেতৰ দৰে আদৰ্শবান, কৰ্মোদ্যমী আৰু দূৰদৰ্শী নেতাইহে এনেধৰণৰ অসাধ্য সাধন কৰিব পাৰে।” সোণোৱালে কংগ্ৰেছ মিত্ৰশক্তিক অপশক্তি আখ্যা দি কয়, “কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্বকালত তেওঁলোকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন কৰিব নোৱাৰিলে। ভাৰতৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক দিব পৰা ন্যূনতম সা-সুবিধা যেনে থাকিবলৈ এটা ঘৰ, বিশুদ্ধ খোৱা পানী, পোহৰৰ যোগান ধৰিবলৈ বিজুলী আৰু বিজ্ঞানসন্মত ৰন্ধনপ্ৰণালী দিয়াত কংগ্ৰেছ বাৰুকৈয়ে ব‍্যৰ্থ‍ হৈছিল। ভাল ৰাস্তা, পকী দলং আৰু যাতায়াতৰ অন‍্যান‍্য সা-সুবিধাৰ কথাটো ক’ব‌ই নালাগে। কংগ্ৰেছৰ অপশাসনকালত ৰাইজৰ দুৰাৱস্থাই চূড়ান্ত ৰূপ পাইছিল। এইবোৰ হোৱাৰ মূলতে আছিল কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰদলসমূহৰ সিৰাই সিৰাই সোমাই থকা দুৰ্নীতিৰ মলিয়ন তেজ। কেৱল ৰাইজৰ ধন লুটি-পুতি খোৱাতহে তেওঁলোকৰ নেতা-পালিনেতাসকল ব‍্যস্ত আছিল। বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰি সমাজত বিভেদৰ বীজ সিঁচিছিল কংগ্ৰেছে। এইবোৰ অপৰাধৰ বাবেই আজি কংগ্ৰেছক ভাৰতবৰ্ষৰ জনগণ‌ই শাস্তি দিছে। আজি কংগ্ৰেছৰ দুৰাৱস্থা আপোনালোকে নিজ চকুৰে দেখিবলৈ পাইছে। এসময়ত লোকসভাত কংগ্ৰেছৰ আসন যথেষ্ট আছিল, কিন্তু আজি তেওঁলোকৰ অৱস্থা পুতৌলগা। অৰ্ধশতাধিকতকৈও কম আসন লৈ লোকসভাৰ মজিয়াত তেওঁলোকে নিজৰ দুৰ্বল স্থিতি প্ৰদৰ্শন কৰিবলগীয়া হৈছে। তেওঁলোকৰ ৬০ বছৰীয়া মহাপাপৰ মহাশাস্তি জনতাই ভালকৈয়ে প্ৰদান কৰিছে।”

সোণোৱালে কয়, “দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া এনডিএৰ চৰকাৰ চলিছিল, তেতিয়া জনতাই উন্নয়ন আৰু সুশাসনৰ মুখ দেখিবলৈ সক্ষম হৈছিল। একেই শাসন নতুন ৰূপত আৰু অধিক শক্তিশালী ৰূপত যোৱা ১০ বছৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত দেখিবলৈ সক্ষম হৈছে সকলো শ্ৰেণীৰ জনসাধাৰণে। এতিয়া দেশৰ জনতাই আমেৰিকা, চীন, জাপানৰ দৰে উন্নত ৰাষ্ট্ৰৰ নাগৰিকৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। সেয়েহে এই ধাৰা অব্যাহত ৰাখিবলৈ মোদী ডাঙৰীয়াৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ক আমি আগুৱাই নিব লাগিব। এইবোৰ কাৰণতে এই নিৰ্বাচনটো অত‍্যন্ত গুৰুত্বপূৰ্ণ। অসমৰ ৰাইজে ‘বিকশিত অসম, বিকশিত ভাৰত’ৰ লক্ষ‍্য ল’ব লাগিব। দেশৰ অন‍্য সমষ্টিৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিও বিকাশৰ নতুন দিগন্ত চুবলৈ সক্ষম হ’ব বুলি আমি দৃঢ় বিশ্বাসী। ডিব্ৰুগড় শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা, অসম শক্তিশালী হোৱা মানেই ভাৰত শক্তিশালী হোৱা।” আনহাতে, অহা ৬ এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিটো বুথ কমিটিৰ সভাপতি-সম্পাদক তথা কাৰ্যকৰ্তাৰ ঘৰত দলীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় সোণোৱালে। তদুপৰি, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক তথা এসময়ৰ খ্যাতিমান যাদুকৰ সদ্যপ্ৰয়াত ৰূপহ চলিহাৰ বাসগৃহত সোণোৱালে আজি উপস্থিত হৈ শোকাকুল পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জনায়। লগতে চলিহাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আজিৰ বিভিন্ন সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মন্ত্ৰী বিমল বড়া, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কত্ৰয় সুৰেন ফুকন, পোনাকণ বৰুৱা, ভাস্কৰ শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে বিভিন্ন পৰ্যায়ৰ নেতা, বিষয়ববীয়া, কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজে।

আপৰ সাংসদ ৰাঘৱ চাদ্ধা গুৰুতৰ চকুৰ ৰোগত আক্ৰান্ত, চিকিৎসাত পলম হ’লে অন্ধ হোৱাৰ সম্ভাৱনা…

আপ দলৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধা চকুৰ গুৰুতৰ ৰোগৰ সন্মুখীন হৈছে। অস্ত্ৰোপচাৰৰ বাবেও ব্ৰিটেইনলৈ গৈ আছে। এই ৰোগৰ বিষয়ে আপুনিও বিতংভাৱে জানি লওক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ৰোগৰ চিকিৎসাৰ বাবে তেওঁৰ ভিট্ৰেক্টমী অস্ত্ৰোপচাৰ কৰিব লাগিব। ইয়াৰ বাবে তেওঁ অতি সোনকালে ব্ৰিটেইনলৈ যাব। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে ৰাঘৱ বহিঃৰাজ্যলৈ যোৱাৰ খবৰ পাই বিজেপিৰ ৰাজনীতিবিদসকলে সমালোচনাও কৰিছে। কিন্তু আপোনালোকক কওঁ যে তেওঁ ভুগি থকা ৰোগৰ চিকিৎসা অতি সোনকালে কৰি লোৱাটো অতি প্ৰয়োজনীয়, নহ’লে চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰাই যাব পাৰে।

নেচনেল আই ইনষ্টিটিউটৰ মতে, ৰেটিনা ডিটাচমেণ্ট হৈছে চকুৰ সমস্যা, য’ত ৰেটিনা নিজৰ ঠাইৰ পৰা আঁতৰি যায়। ইয়াত ৰেটিনাৰ কোষবোৰ তেজৰ ধমনীবোৰৰ পৰা পৃথক হৈ পৰে যাৰ জৰিয়তে পুষ্টি আৰু অক্সিজেন চকুলৈ যায়। ৰেটিনাৰ বিচ্ছিন্নতা ৩ প্ৰকাৰৰ: ৰেগমেট’জেনাছ, ট্ৰেকচনেল, আৰু এক্সুডেটিভ। প্ৰতিটো প্ৰকাৰৰ কাৰণ বেলেগ বেলেগ সমস্যা যাৰ ফলত আপোনাৰ ৰেটিনা আপোনাৰ চকুৰ পিছফালৰ পৰা আঁতৰি যায়।

সাধাৰণতে ৰেটিনাৰ সৰু সৰু বিচ্ছিন্নতাৰ ক্ষেত্ৰত কোনো লক্ষণ দেখা নাযায়। কিন্তু ৰেটিনা যদি অধিক কোণত নিজৰ স্থানৰ পৰা আঁতৰি গৈছে, তেন্তে ই দৃষ্টিশক্তিত সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও চকুত ক’লা দাগ ওলাবলৈ আৰম্ভ কৰে।


ৰেটিনাৰ বিচ্ছিন্নতাৰ লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসা আৰম্ভ কৰাটো অতি প্ৰয়োজনীয়। কাৰণ এইটো এটা জৰুৰী অৱস্থা। সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে স্থায়ীভাৱে দৃষ্টিশক্তি হেৰুৱাব পাৰে। ইয়াৰ বাবে ভিট্ৰেক্টমী অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে।

ভিট্ৰেক্টমী অস্ত্ৰোপচাৰ কি জ্ঞাত নে?

ভিট্ৰেক্টমী হৈছে ৰেটিনা আৰু ভিট্ৰিয়াছৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ চিকিৎসাৰ বাবে কৰা এক প্ৰকাৰৰ চকুৰ অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰৰ সময়ত অস্ত্ৰোপচাৰ কৰ্মীয়ে ভিট্ৰিয়াছ আঁতৰাই তাৰ ঠাইত আন এটা দ্ৰৱ দিয়ে। ভিট্ৰিয়াছ হৈছে জেলৰ দৰে পদাৰ্থ যিয়ে আপোনাৰ চকুৰ কেন্দ্ৰটো ভৰাই তোলে।

চকুৰ এই সমস্যা কিয় হয়?

ৰেটিনা বিচ্ছিন্ন হোৱাৰ কাৰণ বয়স বৃদ্ধি আৰু চকুৰ আঘাত। যিকোনো ব্যক্তিৰো এই সমস্যা হ’ব পাৰে। কিন্তু জিনীয় কাৰক আৰু ডায়েবেটিছৰ দৰে ৰোগৰ বাবে কিছুমান লোকৰ বিপদ অধিক।


বাংলাদেশৰ পৰা অহা আইছিছ ইণ্ডিয়াৰ মুৰব্বী হৰিশ ফাৰুকী সহায়ক গ্ৰেপ্তাৰ ধুবুৰীত

অসম আৰক্ষীৰ আন এক সফলতা । ভাৰতীয় নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ অগ্ৰগতিৰ স্বৰূপে বাংলাদেশৰ পাৰ হৈ অসমৰ ধুবুৰী জিলাত আইছিছ ইণ্ডিয়াৰ মুৰব্বী আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ । পাৰ্থসাৰথি মহন্তৰ অধীনত এছটিএফৰ এটা দল, আইপিএছ, আই জি পি(এছ টি এফ), শ্ৰী কল্যাণ কুমাৰ পাঠক, এ পি এছ, এডল এছ পি, এছ টি এফ ৰ সহযোগত গ্ৰেপ্তাৰ আইছিছ ইণ্ডিয়াৰ মুৰব্বী হৰিশ ফাৰুকী ।

সোমবাৰে সন্ধিয়া সময়ত দলটো ধুবুৰীলৈ ৰাওনা হৈছিল ।এক বিবৃতিত অসম আৰক্ষীৰ মুৰব্বী জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে এক গোপন সূত্ৰৰ পম খেদি বিশেষ টাস্ক ফ’ৰ্চে ধৰ্মশালা অঞ্চলৰ পৰা আটক কৰে। পিছত তেওঁলোকক গুৱাহাটীস্থিত এছটিএফৰ কাৰ্যালয়লৈ অনা হয়। দুয়োজনেই আইছিছৰ অতি তত্ত্বগত আৰু অনুপ্ৰাণিত নেতা/ সদস্য । তেওঁলোকৰ বিৰুদ্ধে এন আই এ, দিল্লী, এ টি এছ, লক্ষ্ণৌ আদিত কেইবাটাও গোচৰ চলি আছে।


অভিযুক্ত হৰিশ ফাৰুকী ওৰফে ডেৰাডুনৰ চক্ৰতাৰ হৰিশ আজমল ফাৰুখী ভাৰতত আইছিছৰ মুৰব্বী। তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে পানীপাটৰ ৰেহানে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ বিপৰীতে তেওঁৰ পত্নী বাংলাদেশী নাগৰিক।


সমগ্ৰ ভাৰতৰ কেইবাটাও স্থানত আই ই ডিৰ জৰিয়তে নিযুক্তি, সন্ত্ৰাসবাদী পুঁজি আৰু সন্ত্ৰাসবাদী কাৰ্য্য সংঘটিত কৰাৰ ষড়যন্ত্ৰৰ জৰিয়তে ভাৰতত আইছিছৰ কাৰ্য্যক আগুৱাই লৈ গৈছিল। বিবৃতিত জড়িয়তে আৰক্ষীযে জনাই তেওঁলোকৰ বিৰুদ্ধে এন আই এ, দিল্লী, এ টি এছ আৰু লক্ষ্ণৌৰ লগতে অন্যান্য স্থানত কেইবাটাও গোচৰ চলি আছে। এই পলাতকসকলৰ বিৰুদ্ধে অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এছটিএফ, অসমে অভিযুক্তক এনআইএক গতাই দিব।