Breaking

নিৰ্বাচনী বণ্ড কি? ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে…

0 29

ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ন্যায়ালয়ে কয় যে ইলেক্ট’ৰেল বণ্ড তথ্য জনাৰ অধিকাৰৰ উলংঘন। দলসমূহৰ ফাণ্ডিঙৰ বিষয়ে ভোটাৰে জনাৰ অধিকাৰ আছে। ন্যায়ালয়ে লগতে কয় যে বণ্ড কিনাসকলৰ তালিকা ৰাজহুৱা কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে কয়, নাগৰিকৰ এয়া জনাৰ অধিকাৰ আছে যে চৰকাৰৰ হাতত টকা ক’ৰ পৰা আহে আৰু ক’লৈ যায়। ন্যায়ালয়ে কয় যে বেনামী নিৰ্বাচনী বণ্ড তথ্য জনাৰ অধিকাৰ আৰু অনুচ্ছেদ ১৯(১)(ক)ৰ উলংঘন। ইলেক্টৰেল বণ্ড বা নিৰ্বাচনী ভাৰতৰ ৰাজনৈতিক দলসমূহৰ বাবে ধন আগবঢ়োৱাৰ এক বিশেষ আহিলা । কেন্দ্ৰীয় বাজেট ২০১৭-১৮ৰ সময়ত বিত্তীয় বিধেয়ক ২০১৭ ত অনামী নিৰ্বাচনী বণ্ডৰ আঁচনিখন উত্থাপন কৰা হৈছিল । ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ইয়াক অসাংবিধানিক বুলি ৰায়দান কৰে আৰি ষ্টেট বেংক অৱ ইণ্ডিয়াক এই বণ্ডসমূহ জাৰি কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ আদালতে ভাৰতীয় নিৰ্বাচন আয়োগক ইয়াক তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে । উচ্চতম ন্যায়ালয়ক নিৰ্বাচনী বণ্ডক অবৈধ ঘোষণা কৰিবলৈ আহ্বান জনোৱা আবেদনকাৰীৰ ভিতৰত কেৰালাৰ শাসকীয় বাওঁপন্থী দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) দলো আছিল। ইয়াৰ উপৰি এই বণ্ডসমূহৰ জৰিয়তে আনুষ্ঠানিকভাৱে অনুদান প্ৰত্যাখ্যান কৰা একমাত্ৰ প্ৰধান দলটোৱেই আছিল চিপিএম৷

এসময়ত বিত্তমন্ত্ৰী জেটলীয়ে ৰাজনৈতিক পুঁজিৰ উদ্দেশ্যে বেংকসমূহে নিৰ্বাচনী বণ্ড জাৰি কৰাত সুবিধাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক আইনখন সংশোধন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। বেনামী নিৰ্বাচনী বণ্ড বিশেষভাৱে কেন্দ্ৰীয় বাজেটৰ এক অবিচ্ছেদ্য উপাদান হিচাপে প্ৰৱৰ্তন কৰা হৈছিল আৰু সেয়েহে ভাৰতীয় সংবিধানৰ ১১০ নং অনুচ্ছেদ উলংঘা কৰি কিছুমান পদ্ধতিগত সুবিধা লাভ কৰিবলৈ আৰু কিছুমান সংসদীয় নিৰীক্ষণ প্ৰক্ৰিয়াক বৈধ কৰিবলৈ বিত্তীয় বিধেয়ক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। ভাৰতীয় সংবিধান অনুসৰি বিত্তীয় বিধেয়ক হৈছে এনে আইন যিবোৰক ৰাজ্যসভাত “গৃহীত” হোৱাৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হয় ৷ নিৰ্বাচনী বণ্ড যদিও ২০১৭ চনৰ আৰম্ভণিতে প্ৰৱৰ্তন কৰা হৈছিল, বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০১৮ চনৰ ২ জানুৱাৰীত নিৰ্বাচনী বণ্ড আঁচনি ২০১৮ৰ বিষয়ে গেজেটত অৱগত কৰিছিল ৷ সেই সময়ত ইয়াৰ মূল্য ৯,৮৫৭ কোটি আছিল (২০১৮ চনৰ মাৰ্চৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহলৈকে )৷ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় যে ইলেক্ট’ৰেল বণ্ডৰ উপৰিও ক’লা ধন বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ন্যায়ালয়ে ৰায়ত কয় যে ইলেক্ট’ৰেল বণ্ডৰ গোপনীয়তা ‘জনাৰ অধিকাৰ’ৰ বিৰুদ্ধে। ৰাজনৈতিক দলৰ ফাণ্ডিঙৰ বিষয়ে তথ্য জ্ঞাত হ’লে মানুহে ভোটাধিকাৰৰ ব্যৱহাৰ কৰাত স্পষ্টতা লাভ কৰে।

উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিছিল। সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। ন্যায়ালয়ে লগতে কৈছিল যে এছ বি আয়ে ১২ এপ্ৰিল ২০১৯ৰ পৰা তথ্য ৰাজহুৱা কৰিব লাগিব। এছ বি আইয়ে এই তথ্য নিৰ্বাচন আয়োগক দিব লাগিব আৰু নিৰ্বাচন আয়োগে এই তথা প্ৰকাশ কৰিব।কিন্তু এছবিআইয়ে সেই তাৰিখৰ ভিতৰত তথ্য দিব পৰা নাছিল৷ আচলতে বিগত নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া সংবিধানপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। তিনিদিন ধৰি মতামত শুনাৰ পিছত গোচৰটোৰ সিদ্ধান্ত সুৰক্ষিত ৰাখিছিল ন্যায়ালয়ে। আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে ইলেক্ট’ৰেল বণ্ড আঁচনিয়ে অনুচ্ছেদ 19(1)ৰ অধীনত নাগৰিকৰ তথ্য আৰু মৌলিক অধিকাৰ উলংঘা কৰে, ই ভ্ৰষ্টাচাৰক উদগনি দিয়ে।

Leave A Reply