Home Blog Page 943

দৰিদ্ৰতাই দেশৰ প্ৰগতিত বাধা দিছেঃ শিক্ষামন্ত্ৰী ডাঃ পেগু…

দেশৰ জনগণৰ দৰিদ্ৰতাই দেশৰ প্ৰগতিত বোজা হৈ পৰিছে ৷  আমাৰ দেশৰ আন্তঃগাঁথনিৰ নিৰ্মাণ প্ৰায় শেষ হৈ আহিছে ৷ কিন্তু দেশৰ জনসাধাৰণৰ মাজত বহু  দৰিদ্ৰতা থাকি গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাশুধীয়া প্ৰচেষ্টাত দেশৰ দৰিদ্ৰতাৰ বিৰুদ্ধে অহৰহ যুঁঁজ দি আহিছে আৰু ক্ৰমান্বয়ে দেশৰ জনসাধাৰণৰ মাজৰ পৰা দৰিদ্ৰতা শব্দটো হেৰাই গৈছে ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ আজি ধেমাজি জিলাৰ গোগামুখস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্মিলিত গণশক্তি অসমৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত তেওঁ এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়-দেশে স্বাধীনতা লাভৰ পাছৰে পৰা দেশৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা চৰকাৰসমূহেও দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন প্ৰকাৰে যুঁজ দি আহিছে  ৷ কংগ্ৰেছ চৰকাৰেও দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি লৈছিল ৷ কিন্তু আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ৰূপত দেশৰ দৰিদ্ৰতা নিৰ্মূলত সফলতা লাভ কৰিছে ই অতুলনীয় ৷ আই ভি এছ, অৰুনোদয়,  কিষান কাৰ্ড, ৰেচন কাৰ্ড বিতৰণ, অটল অমৃত যোজনা, চৰকাৰী জীৱন বীমা আঁচনিয়ে দেশৰ দৰিদ্ৰতা নিৰ্মূলত সফল হৈছে ৷  পূৰ্বে আমাৰ গাঁওসমূহত মগনীয়া বা ভিক্ষাৰী ব্যাপক হাৰত আছিল ৷

কিন্তু আজিকালি গাঁৱত এগৰাকীও ভিক্ষাৰী বিচাৰি নাপাব ৷ দিনৰ ভাতসাজ যোগাৰ দিব নোৱাৰি বহু  পিতৃ-মাতৃয়ে নিজৰ মৰমৰ সন্তানক আনৰ ঘৰত বিনা টকাত বা কম টকাত কাম কৰিবলৈ ৰাখিছিল ৷ কিন্তু এতিয়া এনে দৃশ্য দূৰ্লভ হৈছে ৷ আমাৰ আঁচনিসমূহে নাৰী শিক্ষা সম্প্ৰসাৰণ আৰু নাৰীৰ উত্তৰণত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিছে ৷ সকলো শ্ৰেণীৰ জনগণৰ জীৱন ধাৰণৰ মাপকাটি উন্নত কৰিছে ৷  বিৰোধী দলসমূহে আমাৰ বিজেপি নেতৃত্বাধীন সন্মিলিত চৰকাৰখনক হিতাধিকাৰীৰ চৰকাৰ বুলি সমালোচনা কৰি আহিছে ৷ কিন্তু চৰকাৰখনে লোৱা আঁচনিসমূহ দেশৰ দৰিদ্ৰতা নিৰ্মূলত সহায় কৰিছে তাক ভাৱি চোৱা নাই ৷ অসমৰ আন্তঃগাঁথনি নিৰ্মাণ সন্দৰ্ভত তেওঁ কয়- আমি দেশৰ প্ৰগতিৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা  তৰান্বিত কৰি তুলিছোঁ ৷ আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন পকী দলং নিৰ্মাণ হ’ল তাক হয়তো বহুতে নাজানে ৷ ঢলা-শদিয়া দলং, বগীবিল দলং নিৰ্মাণ হৈ গৈছে ৷ কলিয়া ভোমোৰাত নতনকৈ পুনৰ আন এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ কলিয়া ভোমোৰাত এতিয়া দুখন দলং হ’ল ৷ শৰাইঘাটত নতনকৈ পুনৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ যোৰহাট আৰু মাজুলীক সংযোগ কৰিবলগা ব্ৰহ্মপুত্ৰ  নদীৰ ওপৰত  যোৰহাট-মাজুলী সংযোগী দলংখন ২০২৫ বৰ্ষৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আশা আছে ৷  ব্ৰহ্মপুত্ৰ নদীৰ ওপৰট লখিমপুৰ-মাজুলী সংযোগী লুহিত-খাবলু দলঙৰ নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে ৷ মাজুলীৰ পৰা ডিব্ৰুগড়লৈ পোনপটীয়াকৈ অহা-যোৱা কৰিব পৰাকৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ মথাউৰিটো দুই লেনযুক্তকৈ নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ অসমত বৰ্তমান ১২ খন চিকিৎসা মহাবিদ্যালয় কাৰ্যকৰীভাৱে চলি আছে ৷ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে ৷ সমান্তৰালভাৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ো  অসমৰ প্ৰায়বোৰ জিলাত উপলব্ধ হ’ব ৷ ডাঃ পেগুৱে লগতে কয়- বিজেপি আৰু গণশক্তি দলৰ নীতি-আদৰ্শ আৰু শ্ল’গানবোৰ একেই ৷ দয়োটা ৰাজনৈতিক দলেই জনসাধাৰণৰ সমবিকাশ আৰু সমমৰ্যাদাত বিশ্বাস কৰে ৷  আগন্তুক দিনটো দুয়োটা ৰাজনৈতি দলে সন্মিলিতভাৱে আগবাঢ়িব বুলি তেওঁ ভাষণ প্ৰসংগত দোহাৰে ৷ সভাত উপস্থিত থাকি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই তেওঁৰ দিনত লখিমপুৰ লোকসভা সমষ্টিত ৰূপায়ণ কৰা এলানি উন্নয়নমুখী আঁচনিৰ খটিয়ান ডাঙি ধৰে ৷

তেওঁ কয়- আমি ৰূপায়ণ কৰা আঁচনিসমূহে আমাৰ চৰকাৰখনক জনসাধাৰণৰ ওচৰত অধিক সংপৃক্ত কৰিছে আৰু জনসাধাৰণে আগন্তুক দিনবোৰতো আমাৰ লগতে থাকিব ৷ তেওঁ চৰকাৰৰ উন্নয়নমুখী আঁচনিত সকলো ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় ৷ সভাখন সঞ্চালনা কৰে গণশক্তিৰ কেন্দ্ৰীয় সভাপতি পৰমান চায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে এম এম কেৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, উপসভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক ৰঞ্জিত দলে,  সম্পাদক ৰাজু খনিকৰ, সদস্য অতুল পেগু, এম এ চিৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে ৷ সভাখনত সহস্ৰাধিক গণশক্তিৰ কৰ্মী-সদস্য উপস্থিত থাকে ৷

আই পি এল আৰম্ভ হ’বলৈ দুদিন বাকী, ধোনীৰ আঘাতক লৈ চিন্তিত…

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব আই পি এল। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছ দলৰ কেইবাজনো ক্ৰিকেটাৰ আহত হৈছিল। মহেন্দ্ৰ সিং ধোনী এইবাৰো দলৰ অধিনায়ক। নিলামত তেওঁ নিজৰ দলৰ কেইবাগৰাকীও ক্ৰিকেটাৰ ক্ৰয় কৰিছিল। দলটোক পুনৰ সংগঠিত কৰা হৈছে। কিন্তু আই পি এল আৰম্ভ হোৱাৰ পূর্বে আঘাতক লৈ চিন্তিত হৈ পৰিছে ধোনী৷ শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে কোন ১১ গৰাকী ক্ৰিকেটাৰক দেখা যাব-

ৰচিন ৰবিন্দ্ৰ, ৰুতুৰাজ গাইকৱাদ, অজিংক ৰাহান, শিৱম ডুবে, ডেৰিল মিচেল, ৰবীন্দ্ৰ জাডেজা, মহেন্দ্ৰ সিং ধোনী,মিচেল ছাণ্টনাৰ, শাৰদুল ঠাকুৰ, দীপক চহৰ, মুস্তাফিজুৰ ৰহমান।

আনহাতে আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠি আৰু এবাৰ আই পি এল খেলিবলৈ সাজু হৈছে ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়ক। এটা সময়ত তেওঁ ফিনিছাৰ হিচাপে দলৰ বাবে এক সম্পদ আছিল। কিন্তু যোৱা আই পি এলত তেওঁক বাৰে বাৰে নিম্ন ক্ৰমত বেটিং কৰা দেখা গৈছিল। আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ এইবাৰ ধোনীয়ে কি কৰে সেয়া সকলোৱে বাবে বৰ্তমান সময়ত এক প্ৰশ্ন।

হঠাৎ কামৰ পৰা বিৰতি ঘোষণা ৰণবীৰ সিঙৰ! পত্নী আৰু হ’বলগীয়া সন্তানক সময় দিবলৈ ৰণবীৰৰ এই সিদ্ধান্ত…

‘ডন ৩’ৰ পৰা ‘শক্তিমান’ আৰু ‘বাইজু বাওৰা’ লৈকে ৰণবীৰৰ হাতত আছে অজস্ৰ ছবি। বহু ছবিৰ কামৰ মাজতে ৰণবীৰ সিঙে হঠাতে সিদ্ধান্ত ল’লে যে সকলো কাম এৰি বিৰতি ল’ব ৰণবীৰে। পাঁচ বছৰ বিয়াৰ, বিয়াৰ আগতে ছবছৰ প্ৰেম! বলীউডৰ তাৰকা দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ২০১৮ চনৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল। দম্পতীহালে বিবাহিত জীৱনত পৰিপক্ক স্থানত উপনীত হৈছে। পৰিয়ালত নতুন অতিথিক আদৰিবলৈ সাজু হৈছে দম্পতী। দীপিকা মা হ’বলৈ গৈ আছে। ছেপ্টেম্বৰ মাহত তেওঁলোকৰ পৰিয়াললৈ নতুন অতিথি আহিব। অৱশ্যে দীপিকা গৰ্ভৱতী নে চেৰ’গেচি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ চৰ্চা চলিছে। কিন্তু হঠাৎ ৰণবীৰ সিঙে সকলো কামৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত ল’লে!


এই মুহূৰ্তত ৰণবীৰলৈ বহু ডাঙৰ ছবিৰ অফাৰ আহিছে। উদাহৰণস্বৰূপে, ‘ডন ৩’ৰ পৰা ‘শক্তিমান’ আৰু ‘বাইজু বাওৰা’লৈকে ছবি ৰণবীৰৰ হাতত আছে। প্ৰতিখন ছবিৰ বাবে তেওঁক বেলেগ ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন। কিন্তু তাৰ আগতে অভিনেতাজনে শিশুটিৰ বাবে বিৰতি ল’ব বিচাৰে। যোৱা কেইমাহমানৰ পৰা দীপিকাই নিজৰ কামৰ বোজা কম কৰি আহিছে। তেওঁ কোনো নতুন ছবিৰ অফাৰ গ্ৰহণ কৰা নাই। ছেপ্টেম্বৰ মাহত নতুন অতিথিৰ আগমনৰ পিছত বহুদিন বিৰতি ল’ব অভিনেত্ৰীগৰাকীয়ে। এইবাৰ পত্নী আৰু হ’বলগীয়া সন্তানক সময় দিবলৈ ৰণবীৰে সোনকালে প্ৰস্তুতি আৰম্ভ কৰিলে। ছেপ্টেম্বৰৰ পৰা অহা বছৰলৈ কোনো কাম হাতত নলয় ৰণবীৰে। সূত্ৰ অনুসৰি অহা বছৰৰ পৰা ‘ডন ৩’ৰ পৰা ‘শক্তিমান’ৰ শ্বুটিং আৰম্ভ হ’ব।

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ, বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান টাটা নেতৃত্বৰ…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টাটা নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰিব আৰু তেওঁলোকক জাগীৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব। ইতিমধ্যে অসমৰ যুৱপ্ৰজন্মৰ ১৫০০ প্ৰতিনিধিত্বকাৰীয়ে মুখ্যতঃ মহিলাসকলে, বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।


২০২৫ চনত ছেমিকণ্ডাক্টৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত ইয়ে তেওঁলোকক নেতৃত্বৰ স্থিতিত ৰাখিব।
অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে। আজি মুম্বাইত ৰতন টাটা, এন চন্দ্ৰশেখৰনক জাগীৰোডৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান দিয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।

Trending Now Media invites applications for Altaf Mazid Youth Documentary Fellowship 2024-25

Trending Now Media- a prominent audio-video production company of Assam invites application for the ‘Altaf Mazid Youth Documentary Fellowship 2024-25’ honouring the legacy of the renowned documentary filmmaker Altaf Mazid who died in 2016. The fellowship envisioned by Trending Now Media in association with the family members of the late documentary filmmaker, aims to empower young and emerging documentary filmmakers by providing them with resources and mentorship in creating impactful and thought-provoking documentaries on Northeast India. The fellowship includes financial support worth Rs. 1 lakh for the selected documentary project to aspiring filmmakers falling within the age range of 22 to 35 years. The application process is open till 31 March, 2024. Last date for early-bird submission of proposal is 27 March, 2024. For details about application process, selection criteria and other rules and regulations, log in to trendingnowmedia.com.

Trending Now Media is an emerging production company with a track record of creating award-winning feature films, music videos, short films, and new media content. It is committed to the preservation and celebration of the rich cultural heritage of diverse communities, alongside our work in producing feature films and documentaries.

গৰমত ঘাম ওলালেও গৰম পানীয়ে গা ধুব! গৰম পানীৰে গা ধোৱা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানক…

দেশ-বিদেশৰ বহু অধ্যয়নত দেখা গৈছে যে গৰম পানীয়ে বিভিন্ন শাৰীৰিক কাম-কাজ সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰে। গৰমত ঘাম ওলালেও গৰম পানীয়ে গা ধোলে স্বাস্থ্যৰ বহু উপকাৰ হয়। ভাগৰ কমোৱাৰ উপৰিও গৰম পানীৰে গা ধুলে সংক্ৰমণৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়। দেশ-বিদেশৰ বহু অধ্যয়নত দেখা গৈছে যে গৰম পানীয়েও বিভিন্ন শাৰীৰিক কাম-কাজ সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰে। গতিকে শৰীৰ আৰু মনক শান্ত কৰি ৰাখিবলৈ চিকিৎসকে সকলো ঋতুতে গৰম পানীৰে গা ধোৱাৰ পৰামৰ্শ দিছে-

১)পানী খোৱাৰ ফলত মানসিক অৱসাদ দূৰ হয় বুলি দাবী কৰা হয়। দিনটোৰ ভিতৰত ভাগৰ কমোৱাৰ উপৰিও গৰম পানীয়ে ষ্ট্ৰেছ হৰম’ন বা কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও ই হেপি হৰম’ন বা এণ্ড’ৰ্ফিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

২) শৰীৰৰ স্নায়ুতন্ত্ৰ স্বাভাৱিক কৰি ৰাখিবলৈ গৰম পানীত গা ধোৱাই ভাল। গৰম পানীয়ে শৰীৰৰ নিজৰ ছন্দ বা চাৰ্কেডিয়ান ঘড়ী সক্ৰিয় কৰি ৰখাতো সহায় কৰে।

৩)গৰম পানীত গা ধুলে বাতবিষৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।

৪) কামৰ পিছত গৰম পানীত গা ধুলে টোপনিৰ সমস্যা দূৰ হয়। গৰম পানীৰে গা ধুলে শৰীৰত ৰক্ত সঞ্চালন ভাল হয়। ফলত ইতিমধ্যে টোপনি ভাল হয়।

৫) কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গৰম পানীৰে গা ধুলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। গৰম পানীত গা ধুলে শৰীৰৰ শ্বেত ৰক্তকণিকাবোৰ অধিক পৰিমাণে সক্ৰিয় হয়।


‘নেশ্যনেল ক্ৰাছ’ তৃপ্তী ডিমৰিক দেখিবলৈ পাব আগন্তুক ছবি ‘bhool-bhulaiyaa-3’ত! আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰে অভিনেত্ৰীগৰাকীয়ে…

‘নেশ্যনেল ক্ৰাছ’ৰ মৰ্যাদা লাভ কৰা অভিনেত্ৰী তৃপ্তী ডিমৰিক দেখিবলৈ পাব আগন্তুক ছবি ‘bhool-bhulaiyaa-3’ত!
প্ৰথমবাৰৰ বাবে কাৰ্তিক আৰিয়ানৰ সৈতে দেখা যাব অভিনেত্ৰীগৰাকীক। এনে পৰিস্থিতিত তেওঁ কমেডী ছবিখনৰ বিষয়ে বহু তথ্য শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এনিমেল ছবিত দেখা পোৱা গৈছিল অভিনেত্ৰীগৰাকীক আৰু তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।


ৰণবীৰ-কাপুৰ অভিনীত ছবি ‘এনিমেল’ মুক্তি পোৱাৰ ঠিক পিছতেই তৃপ্তীৰ কেৰিয়াৰ সলনি হয়। আনহাতে আজি অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে, অভিনেত্ৰী তৃপ্তী ডিমৰিকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক সাক্ষাৎ কৰে।
এই বৈঠকৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাণৰ সম্ভাৱনা সন্দৰ্ভত সকলো শিল্পীৰ সৈতে বিতংভাৱে আলোচনা কৰে।

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ…

আকৌ ফুটিল পানীৰ পাইপ!

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ!

গুৱাহাটী মহানগৰীৰ গীতা নগৰত ফুটিল চৰকাৰী পানীৰ পাইপ।

এফালে ৰাজ্যত ধাৰাসাৰ বৰষুণ। তাৰ মাজতে মহানগৰীত জল বিস্ফোৰণ। লগতে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আজিৰে পৰা গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ১৮খন জিলাত জাৰি কৰিছে yellow এলাৰ্ট। ২৩মাৰ্চলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা।

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ…

আকৌ ফুটিল পানীৰ পাইপ!

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ!

গুৱাহাটী মহানগৰীৰ গীতা নগৰত ফুটিল চৰকাৰী পানীৰ পাইপ।

এফালে ৰাজ্যত ধাৰাসাৰ বৰষুণ। তাৰ মাজতে মহানগৰীত জল বিস্ফোৰণ। লগতে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আজিৰে পৰা গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ১৮খন জিলাত জাৰি কৰিছে yellow এলাৰ্ট। ২৩মাৰ্চলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা।

অহা দুই-তিনিদিনৰ লৈকে হৈ থাকিব ডাৱৰীয়া…

মঙলবাৰে নিশাৰ পৰা গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত বৰষুণ দি আছে। আনহাতে অহা দুই-তিনি দিনৰ লৈকে বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা। মঙলবাৰে নিশাৰ পৰা ৰাজ্যজুৰি বৰষুণ দি আছে। বুধবাৰে পুৱাৰে পৰা আকাশখন ডাৱৰীয়া হৈ পৰিছে। অসমৰ চুবুৰীয়া ৰাজ্যসমূহতো কিছু বৰষুণত দিছে। শুকুৰবাৰলৈকে এই বৰষুণ অব্যাহত থাকিব পাৰে।

আনহাতে প্ৰদূষিত চহৰৰ তালিকাত স্থান লাভ গুৱাহাটী মহনগৰীৰ। প্ৰদূষণৰ মাজতে অহা এজাক বৰষুণৰ ফলত মানুহ, জীৱ-জন্তু, গছ-গছনি সকলোৱা সকাহ পাইছে।