Home Blog Page 950

ৰাণা গোস্বামীক ৰথী কৰি গৌৰৱ গগৈক ৰুধিবলৈ যোৰহাটত কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্য…

গৌৰৱ গগৈক ৰুধিবলৈ যোৰহাটত ৰথী-মহাৰথীৰ ভিৰ


ৰাইজৰ চক্ৰবেহু ফালি গৌৰৱ গগৈ জয়ী হব নোৱাৰে

সকলো সমষ্টিতকৈ যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক ভোটত জয়ী হ’ব তপন গগৈ

কংগ্ৰেছত এতিয়া কোনো আদৰ্শ নাই, কোনো নেতা নাই, কেৱল কাজিয়া সেইবাবে সকলো এই বোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপিত যোগ দিছে। কংগ্ৰেছ আজিৰ তাৰিখত এটা শূন্য

যোৰহাটত তপন গগৈ ২ লাখ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’বঃ পীয়ূষ হাজৰিকা

ৰাণা গোস্বামীৰ নেতৃত্বত প্ৰায় দুই হাজাৰত কৈ অধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে

কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰীক দল এতিয়া কংগ্ৰেছত মানুহ নাথাকে সেইবাবে সকলো ৰাইজ বিজেপিত যোগ দিছে

গৌৰৱ গগৈয়ে কেৱল পিতৃৰ কাৰণে প্ৰাৰ্থীত্ব পাইছেঃ ভৱেশ কলিতা

দিল্লী কেপিটেলছক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ…

দেওবাৰে ভাৰতত অনুষ্ঠিত হোৱা ২০২৪ চনৰ ক্ৰিকেট মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ ফাইনেলত দিল্লী কেপিটেলছক পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰে।

নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ত দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি আৰ চি বিয়ে জয়লাভ কৰে।

মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে।

বিলাসী পাৰা সাপটগ্ৰামত বিশেষ বৃত্তি মূলক পৰীক্ষা অনুষ্ঠিত…

সাপটগ্ৰামত নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ প্ৰশিক্ষণ সংস্থাই অনুষ্ঠিত কৰে এই বিশেষ পৰীক্ষা।আজি ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰামত নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ প্ৰশিক্ষণ সংস্থাই এক বিশেষ বৃত্তি পৰীক্ষাৰ আয়োজন কৰে, যত প্ৰায় ৩০০ৰ অধিক ছাত্র-ছাত্ৰীয়ে অৱতীৰ্ণ হয় । উক্ত পৰীক্ষাখন অনুষ্ঠিত হয় Sun Shine English School গৃহত, এই বৃত্তি পৰীক্ষাৰ একমাত্ৰ লক্ষ্য হৈছে নামনি অসমত আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান আৰু কম্পিউটাৰ শিক্ষাৰ প্ৰতি ছাত্র-ছাত্ৰী সকলক ধাবিত কৰা ।

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে পাব কম্পিউটাৰ কোৰ্চত বিশেষ ৰেহাইৰ লগতে উচ্চ ফলপ্রাপ্তি শিক্ষাৰ্থীসকলে লাভ কৰিব এক বিশেষ বৃত্তি মূলক আর্থিক অনুদান ।ইয়াৰ উপৰিও এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব সাপটগ্ৰাম নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ চেন্টাৰত বিনামূলীয়া নাম ভৰ্তিৰ সুবিধা ।

তাৎপৰ্য পূৰ্ণ কথা এই যে আজিৰ এই পৰীক্ষাৰ প্ৰশ্নকাকত সম্পূৰ্ণ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে, ইয়াৰ বাবে এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ – ছাত্ৰী সকলে এটা ভাল অভিজ্ঞতা লাভ কৰাৰ উপৰিও এই পৰীক্ষাৰ পৰা ভালখিনি উপকৃত হব বুলি ছাত্ৰ ছাত্ৰী সকলৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে ।

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ ৰিপোৰ্ট।

দুৰ্ঘটনাত পতিত হৈ শীৰ্খা বড়ো (৫৩) নামৰ এগৰাকী লোকৰ চিগি যায় দুয়োখন ভৰি।পথচাৰীজনক মহতিয়াই পিছত খুণ্ডা মাৰে এখন ই-ৰিক্সাক।স্থানীয় ৰাইজৰ সহযোগত শীৰ্খা বড়োক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ।ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ দূৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেল খন আৰক্ষী থানালৈ লৈ যায় ।

পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী ভ্লাদিমিৰ পুটিন…

পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভ্লাদিমীৰ পুটিন। ৮৭.৮% ভোটেৰে নিৰ্বাচনত জয়ী হয় পুটিন। ৬০%ৰো অধিক ভোটাৰে দেওবাৰে সাব্যস্ত কৰে মতদান।

ছোভিয়েট ভূমিস্খলনৰ পিছত অভিলেখ সৃষ্টি কৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেওবাৰে ৰাছিয়াৰ নিৰ্বাচনত ৮৭.৮% ভোট লাভ কৰি জয়লাভ কৰাত আচৰিত হৈ পৰিছে বহু দেশ। ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈ ভ্লাদিমিৰ পুটিনে, বিজয়ৰ ভাষণত কয় ‘সামৰিক শক্তি শক্তিশালী কৰিব’লাগিব।

ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ তিনিটাকৈ মণ্ডলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত…

ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আজি ভাৰতীয় জনতা পাৰ্টিৰ তিনিটাকৈ মণ্ডলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়৷কাৰ্যভাৰতীয় জনতা পাৰ্টিৰ ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তক আদৰণি জনোৱাৰ লগতে দলৰ কাৰ্যকৰ্তা সকলকলৈ কাৰ্যকৰ্তা সন্মিলন আজি ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত হয়৷উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ দলক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ঢেকীয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত উক্ত অনুষ্ঠানটি অনুষ্ঠিত হয়৷

ৰবীন বৰায় আতধৰা আজিৰ অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়াই৷আজি অনুষ্ঠানটিত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই দলৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰাৰ লগতে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷আজিৰ আদৰণি অনুষ্ঠান আৰু কাৰ্যকৰ্তাৰ সন্মিলনত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মত বিনিময় কৰে৷উক্ত সভাখনিত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক জন শইকীয়া,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলি মণ্ডলৰ সভাপতি কাজু দীপ,গুপ্তেশ্বৰ ম

চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য…

চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

যাত্ৰাৰ পদপথত হত্যাৰ সন্দেহ বনকৰ্মীক

ৰাজ্যত দৈনিক বৃদ্ধি পাব ধৰিছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা | অপৰাধ ৰোধ কৰাত প্ৰায়ে ব্যৰ্থ হব ধৰিছে অসম আৰক্ষী | হত্যা আৰু হিংসাই বিয়পি পৰিছে অসম | সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতো ৰাজ্যত নিৰাপত্তা দিশটো পুতৌজনক | শিৱসাগৰ আৰু চৰাইদেউ অবিভক্ত অঞ্চলত হত্যাকাৰীৰ মুকলি বিচৰণ | চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য |

খনামুখ খুতৰাহাবি অঞ্চলৰ ৰাতুল গগৈ (৫০) বুলি চিনাক্ত | যাত্ৰাৰ পদপথত হত্যাৰ সন্দেহ বনকৰ্মীজনক | চৰাইদেউ বৰহাট ষ্টেচনৰ পৰা আমগুৰি ষ্টেচনলৈ আহি আছিল বনকৰ্মীজন | কিন্তু বনকৰ্মীজনৰ ৰহস্যজনক মৃতদেহ চেলেংহাট ৰেল ষ্টেচনত উদ্ধাৰকৈ অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে | DGP G P Sings ডাঙৰীয়াৰ আৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হবনে ? এই দুৰ্ধৰ্ষ গুপ্তহত্যাকাৰীক |

আনহাতে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ঘৰলৈ অহাৰ আগদিনা নিশা বনকৰ্মীজনক বনাঞ্চলিক বিষয়া ময়ুৰ ভৰদ্বাজে শাৰীৰিক ভাৱে প্ৰহাৰ কৰিছিল | বৰহাটৰ পৰাই ঘৰলৈ ফোন কৰি বনকৰ্মীজনে বনাঞ্চলিক বিষয়াজনে প্ৰহাৰ কৰাৰ কথা অৱগত কৰাৰ লগতে চিকিৎসা কৰিবলৈ ঘৰলৈ গৈ আছো বুলি মোবাইল ফ’নত জনাইছিল পৰিয়ালৰ লোকক | ঘটনা তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষীক দাবী জনাইছে ভুক্তভূগীৰ পৰিয়ালৰ লোকে |

১৮ পাকিস্তানীক দিয়া হ’ল ভাৰতীয় নাগৰিকত্ব ! লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান…

ওঁঠৰ পাকিস্তানীক দিয়া হ’ল ভাৰতীয় নাগৰিকত্ব। গুজৰাটৰ গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে শনিবাৰে আহমেদাবাদৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ১৮ জন পাকিস্তানী নাগৰিকক প্ৰদান কৰিলে ভাৰতীয় নাগৰিকত্ব।

এই লোকসকল বহু বছৰ আগতে পাকিস্তানৰ পৰা আহি ভাৰতত আছিল। ইয়াৰ লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান কৰা হৈছে।


ইয়াৰ লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান কৰা হৈছে।

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি…

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি! বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰে উখল মাখল পৰিৱেশ !


নলবাৰী জিলাৰ নপ্তিপাৰাত “উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক অধিৱেশনখন নপ্তিপাৰাস্থিত “বাসুদেৱ ক্ষেত্ৰ,নপ্তিপাৰা সত্ৰ” ত যোৱা ১৫,১৬ আৰু আজি ১৭ মাৰ্চ ২০২৪ ইংৰাজী অৰ্থাৎ ১,২,৩ চ’তলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’য়।

হৰিদেৱ সংঘৰ অধিবেশনখনিৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ উপস্হিত থাকে।

নলবাৰীৰ পৰা গৰিমা মেধিৰ সহযোগত ৰায় চৌধুৰীৰ প্ৰতিবেদন।

গ্ৰীষ্মকালত ৰ্পঁইতা ভাতৰ উপকাৰিতাৰ বিষয়ে জানক…

ৰ্পঁইতা ভাতৰ উপকাৰিতা

পঁইতা ভাতৰ কথা ক’লেই গাঁৱত থকা দিনবোৰলৈ মন পৰে। সকলোবোৰ যেন বিশুদ্ধ আৰু প্ৰাকৃতিক আছিল। ঘৰৰ পাছফালৰ মাটি ডৰাত ঢাপে ঢাপে সাৰ বা কীটনাশক প্ৰয়োগ নকৰা শাক-পাচলিৰ খেতি। খুৰাহঁতৰ ঘৰত খোৱা পঁইতা ভাত, শুকানকৈ পতাত বটা মচুৰ দাইল, নিজৰ গছৰ পৰা ছিঙি অনা ভোট জলকীয়াৰ তুলনাত কোনো ফাষ্টফুড বা অতি বিলাসী হোটেলৰ খাদ্যৰ লগত কৰিব পৰা নাযায়। পঁইতা ভাত, কেঁচা পিয়াঁজ, দাইল বটা, পালেং শাকৰ চাটনি আদিৰ প্ৰাকৃতিক সোৱাদেই বেলেগ। বেছ জুতিলগা হোৱাৰ উপৰিও ই স্বাস্থ্যসন্মত আৰু শক্তিশালীও।

ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যৰ মানুহ ভাতৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে প্ৰায় সকলোৱেগ পঁইতা ভাতৰ কথা জানে। বিশ্ববাসীৰ আগত ‘কোজি ৰাইচ’()নামেৰে পৰিচিত এইবিধ ভাতক পশ্চিম বংগত ‘পান্টা’ ভাত বুলি জনা যায়। নামনি অসমত ‘পন্টা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইয়াক তামিলনাডুত পাজহায়া চৰু, কেৰেলাত পাজহাম কাঞ্জি, চত্তিছগড়ত পাখালা ভাত আৰু উৰিষ্যাত পোখালো বুলি কয়।

বিভিন্ন ৰাজ্যত জনাজাত এই পঁইতা ভাত দৰাচলতে উখুৱা চাউলৰ ভাতক ১২ ঘন্টালৈ পানীত তিয়াই ৰাখি অৰ্থাৎ ফাৰ্মেন্টেড কৰি ৰাখি থৈ এই ভাত প্ৰস্তুত কৰা হয়। অৱশ্যে উখুৱা চাউলৰ বাহিৰে আন চাউলৰো পঁইতা ভাত বনোৱা হয়।

প্ৰাচীন কালৰ পৰা চলি অহা পঁইতা ভাত খোৱা প্ৰথা বৰ্তমানো অসমত প্ৰচলিত হৈ আছে। অসমীয়া সমজাত গৰমৰ দিনত আজিও পঁইতা ভাত যথেষ্ট জনপ্ৰিয় হৈ আছে। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ আটাইকেইখন ৰাজ্যতে এনেদৰে দীৰ্ঘসময় পানীত তিয়াই থোৱা টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়। প্ৰায় ২ গ্ৰাম ওজনৰ জিউ নিয়াং লাডু চাইনাত বিখ্যাত। এচিয়াৰ জনজাতীয় লোকসকলৰ ছালৰ চমক বিশ্ব প্ৰসিদ্ধ। ইয়াৰ কাৰণ হয়তো ‘কোজি ৰাইচ’ হ’ব পাৰে।

প্ৰাকৃতিক সামগ্ৰীৰ আৰু পদ্ধতিৰ যিমানে বিকল্প আৱিষ্কাৰ নহওঁক লাগে, প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা, কোনো ধৰণৰ মা-মছলা ব্যৱহাৰ নকৰা খাদ্যৰ জুতিয়েই বেলেগ।

এই পঁইতা ভাতো এক প্ৰাকৃতিক ভাৱে তৈয়াৰী উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে। পঁইতা ভাতৰ বিজ্ঞান ভিত্তিক উপকাৰীতাবোৰ এনে ধৰণৰ-

  • ভাত সম্পূৰ্ণৰূপে কাৰ্বোহাইড্ৰেটেৰে তৈয়াৰী বাবে ই শক্তিৰ প্ৰধান উৎস। দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বোহাইড্ৰেট  সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়। সৰল শৰ্কৰাই গ্লুকোজ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে আৰু গ্লুকোজৰ পৰিমাণ অধিক হ’লে চৰ্বি হিচাপে সঞ্চিত কৰে। কিন্তু পঁইতাভাতৰ দ্বাৰা শৰীৰত অধিক কেলৰি অথবা চৰ্বি সঞ্চিত নহয়।
  • ভাতক ১২ ঘন্টালৈ পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তাৰোপৰি লেকটিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়। পানীত তিয়াই থোৱা ভাতত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰা দুগুণ হয়।
  • বিজ্ঞানীসকলৰ মতে ১০০ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰণ থাকে। আনহাতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।
  • উখুৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন ‘বি-১২’ৰ দ্বাৰা শৰীৰ মজবুত হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়।

  • মাতৃদুগ্ধ শিশুৰ কাৰণে অতি উপযোগী বুলি সকলোৱে জানে। পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায়ক হয়।
  • কোষ্ঠকাঠিন্য এবিধ মানৱ শৰীৰৰ গুৰুতৰ সমস্যা। তিনিদিনতকৈ অধিক সময় পেটত মল সঞ্চিত হৈ থাকিলে, উদৰ ৰোগ হোৱাটো নিশ্চিত। আনহাতে কোষ্ঠকাঠিন্যৰ দৰব ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া বা আন ৰাসায়নিক ক্ৰিয়াৰ ফলত বৃহদান্ত্ৰত মলৰ গতি অনিয়মীয়া হৈ পৰে। এনে ক্ষেত্ৰত পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।
  • পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন-‘বি’ আৰু আন মাইক্ৰো-অৰ্গেনিজমবিলাকৰ বাবে পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰো সমতা ৰক্ষা কৰে।
  • পঁইতা ভাতে ছাল গঠনৰ প্ৰাথমিক প্ৰোটিন কোলাজনে তৈয়াৰ কৰাত সহায় কৰে। কোলাজনে ছালৰ সংকুচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। সেইবাবেই হয়তো এচিয়াৰ ন্ন লোক প্ৰকৃত বয়সতকৈ কম বয়সৰ যেন দেখা যায়।
  • পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে।
  • ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
  • পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেন্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।

ইষ্টানবুল ভ্ৰমণ কালত পঁইতা ভাতৰ নিচিনা ভাত পালেং শাক ক্ৰীমৰ লগত বনোৱা আঞ্জাৰে খাবলৈ দিয়া কেতিয়াও পাহৰিব নোৱাৰো। তাৰ স্থানীয় লোকৰ ই প্ৰিয় খাদ্য। চীন দেশৰ এক কেম্প পৰিভ্ৰমণৰ সময়তো খাবলৈ পাইছিলো পঁইতা ভাতৰ লগত কণী ভাজি মিহলি কৰি থোৱা মিহলি কৰি থোৱা খাদ্য। বিশ্বৰ বেছিভাগ দেশতে পঁইতা ভাত ব্যৱহাৰ কৰে আৰু যিবোৰ লোকে পঁইতা ভাত খায় তেওঁলোকৰ ছালৰ সম্প্ৰসাৰণশীলতা আৰু দেহৰ শক্তি অধিক।

পঁইতা ভাত বনাওঁতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘন্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে। টেঙা হোৱা পঁইতা ভাত স্বাস্থ্যৰ পক্ষে হানিকাৰকো হ’ব পাৰে। এইদৰে বহুদিনলৈ ভাত ফাৰমেন্টেড কৰি থৈ স্থানীয়ভাৱে মদ প্ৰস্তুত কৰাটো কিছুমান জাতি-জনজাতিৰ পৰম্পৰাগত প্ৰথা। এই ধৰণৰ মদ সীমিত পৰিমাণে গ্ৰহণ কৰাটো হেনো স্বাস্থ্যৰ পক্ষে লাভদায়ক।

প্ৰত্যেক বিষেই নিৰ্দিষ্ট পৰিমাণে ব্যৱহাৰ কৰিলে ই দৰব হৈ পৰে, আনহাতে অধিক পৰিমাণে ব্যৱহাৰ কৰা দৰবেও বিষক্ৰিয়া কৰে। বিজ্ঞানসন্মতভাৱে কৰা বহুতো গৱেষণাৰ পৰাও প্ৰমাণ পোৱা গৈছে যে শৰীৰত পঁইতা ভাতৰ নানান উপকাৰিতা আছে। যিমানেই উপকাৰী অথবা জুতি লগা নহওক কিয়, ঠাণ্ডাৰ দিনৰ এই ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে। অসমত এই ভাত খোৱাৰ পৰম্পৰা কেৱল ৰঙালী বিহুৰ দিনাৰ পৰাই আৰম্ভ হয় আৰু ভাদ মাহৰ পিছৰ পৰা কোনেও পঁইতা ভাত নাখায়। গৰমৰ দিনত বিশেষভাৱে পঁইতা ভাত বা পঁইতা ভাতৰ পানী সুস্বাদু চৰ্বতৰূপে প্ৰায় সকলো কৃষিজীৱী লোকে ব্যৱহাৰ কৰা দেখা যায়।

লেখক: মুনিন হুজুৰী

আচৰণ বিধি বলৱতৰ পাছত সংবাদমেল সম্বোধন ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ…

৮৫ বছৰ ঊর্ধ্বৰ ব্যক্তিয়ে লাভ কৰিব পোষ্টেল ভোটিঙৰ সুবিধা দিব্যাংগ আৰু ক’ৰণাত আক্রান্ত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা দায়িত্বত নিয়োজিত ব্যক্তিয়ে ১২ নম্বৰ


প্ৰ-পত্ৰৰে লাভ কৰিব ভোটদানৰ সুবিধা ইয়াৰ বাবে জিলাই জিলাই স্থাপন কৰা হ’ব ফেচিয়েশ্যন কেন্দ্র সংবাদমেলত

মন্তব্য ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ