Home Blog Page 960

জাংগল থিয়েটাৰৰ জনক প্রবীণ শইকীয়াৰ সোঁৱৰণত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪…

জাংগল থিয়েটাৰৰ জনক প্রবীণ শইকীয়াৰ সোঁৱৰণত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪

  • দেশৰ আগশাৰী নাট্যদলৰ যোগদান

বিশিষ্ট নাট্য সাধক গহপুৰ বৰঙাবাৰীৰ প্ৰবীণ শইকীয়াৰ সোঁৱৰণত বাট থিয়েটাৰৰ উদ্যোগত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪ অনুষ্ঠিত হয়। যোৱা ৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গহপুৰ মহকুমাৰ বৰঙাবাৰী ভকতচুক গাঁৱত আয়োজিত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪ এইবেলি এই ব্যতিক্ৰমী নাট্য ধাৰাৰ প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা প্ৰবীণ শইকীয়াৰ সোঁৱৰণত ৰূপায়িত হয়। যোৱা বৰ্ষত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক আঁকোৱালি লোৱা শিল্পীগৰাকীৰ পত্নী তথা নাট্যসাধক কিৰণ লিম্বু শইকীয়াৰ তত্ত্বাৱধানত সপ্তমবাৰৰ বাবে ব্যতিক্ৰমী মঞ্চত দ্য জাংগল থিয়েটাৰ অনুষ্ঠিত হয়। ৯ আৰু ১০ মার্চত বৰঙাবাৰীৰ নৱপুৰ, ভকতচুকত অনুষ্ঠিত এই ফেষ্টিভেলৰ সন্ধিয়া বৰেণ্য শিল্পী প্ৰবীণ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে সন্ধ্যা ৭-৩০ বজাত নাট্য মহোৎসৱ উদ্বোধনী অনুষ্ঠান ৰূপায়ণ কৰা হয়। উদযাপন সমিতিৰ সম্পাদক পল্লৱ বৰাই আঁতধৰা অনুষ্ঠানত প্ৰথম দিনাৰ মঞ্চ উদ্বোধন

কৰে অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপ-সমিতিৰ আহ্বায়ক তথা বিশিষ্ট নাট্যকাৰ দিলীপ কুমাৰ শৰ্মাই। তাৰ পাছতে প্ৰবীণ শইকীয়াৰ স্মৃতিচাৰণ কৰে যাদৱ চলিহাই। জাংগল থিয়েটাৰ ফেষ্টিভেলৰ প্ৰথম দিনা সন্ধ্যা ৭.৪৫ বজাত প্রথম নিশাৰ নাট্য মঞ্চ মুকলি অনুষ্ঠানৰ পাছতে ৮ বজাৰ পৰা নাটক মঞ্চায়ন হয়। প্রথম নিশাৰ প্ৰথমখন নাটক ‘অনুজ্ঞা পত্র’ মঞ্চায়ন হয়। ছাদাত্ হাচান মণ্টৰ কাহিনী আৰু বিকাশ দাসৰ নাট্যৰূপ-পৰিচালনাৰে গুৱাহাটীৰ ছিগালৰ শিল্পীসকলে মঞ্চস্থ কৰে। বিশ্বনাথ চাৰিআলিৰ বর্ণমৰ শিল্পীসকলে হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু কুশল ডেকাৰ পৰিচালনাত ‘অম্বিকা গাথা’ নাটকখনি মঞ্চস্থ হয়। তাৰ পাছতে সতীশ কুমাৰৰ ৰচনা আৰু পৰিচালনাৰে স্বতন্ত্র থিয়েটাৰ, পুনে, মহাৰাষ্ট্ৰৰ শিল্পীসকলে ‘অশ্বত্থামা’ নামৰ এখনি ব্যতিক্ৰমী নাটক মঞ্চস্থ কৰি দৰ্শকক আমোদ দিয়ে। প্ৰথম নিশাৰ শেষৰখনি নাটক ‘অত-ভূত’ বাট থিয়েটাৰৰ দ্বাৰা শিল্পীসকলে মঞ্চায়ন কৰে। এই নাটকখনিৰ ৰচনা আৰু পৰিচালনা পংকজ ময়ুৰ বৰাৰ।

ঠিক সেইদৰে দ্বিতীয় দিনা সন্ধ্যা ৬.৩০ বজাত নাট্য মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী চিমী গোস্বামীয়ে। বিশিষ্ট নাট্যকাৰ তথা পৰিচালক প্ৰবীণ শইকীয়াৰ স্মৃতিচাৰণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজা আৰু বিশিষ্ট নাট্যকাৰ বিপ্লৱজ্যোতি ভূঞাই। বিপ্লৱ বৰাৰ ৰচনা আৰু দেৱব্ৰত কাকতিৰ পৰিচালনাত ‘ঈশ্বৰৰ সন্ধানত’ নামৰ নাটকখনি বিহপুৰীয়াৰ ৰুদ্ৰাক্ষ নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰাৰ পাছতে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ কণ কণ শিল্পীসকলে পংকজ ময়ুৰ বৰাৰ ৰচনা আৰু পৰিচালনাৰে ‘ছাৰ, ধুনীয়া ৰামধেনু’ নাটখনি মঞ্চস্থ কৰা হয়। তাৰ পাছতে নগাঁৱৰ নিবেদন নাট্যগোষ্ঠীৰ শিল্পীসকলে জ্যোতি প্রসাদ ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে ‘মই এটি দিনৰ জোনাকী’ মঞ্চস্থ কৰা হয়। উল্লেখ্য যে বাট থিয়েটাৰ, বৰঙাবাৰীয়ে ১৯৯৪ চনৰ পৰা নিৰবিচিছন্নভাবে নাট্য অনুশীলনৰ পৰিবেশন আৰু আধুনিক নাট্যধাৰাৰ প্ৰসাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে। বাট থিয়েটাৰ তথা জাংগল থিয়েটাৰৰ জনক প্রয়াত নাট্যকর্মী প্রবীণ শইকীয়াৰ নেতৃত্বত ২০১৭ চনৰ পৰা অৰণ্য-দ্য জাংগল থিয়েটাৰ ফেষ্টিভেলৰ যোগেদি প্ৰছেনিয়াম থিয়েটাৰ শৈলীৰ পৰা আঁতৰি আহি এক অৰণ্যৰ পৰিবেশত নাট নিবেদন কৰিবলৈ প্ৰয়াস কৰি আহিছে। এই বৰ্ষত সপ্তম বাৰৰ বাবে ৰূপায়ণ হোৱা এই নাট্য কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সিদ্ধেশ্বৰ হাজৰিকাক সভাপতি, কিৰণ লিম্বু শইকীয়াক সম্পাদিকা হিচাপে লৈ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰৰ অধীনত সামগ্ৰী আৰু বিত্তীয় সাহায্য বিতৰণ…

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান টিপলিংত অৱস্থিত চি এছ আৰ একটিভিটি কমপ্লেক্স অইলৰ স্বনিৰ্ভৰত চি এছ আৰ প্ৰকল্প অইল ৰূপান্তৰৰ অধীনত সামগ্ৰী আৰু বিত্তীয় বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰতি বছৰে হিতাধিকাৰি আৰু যুটিয়া দায়বদ্ধ গোটসমূহক অইলে সহযোগিতা আগবঢ়াই আহিছে । এই অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বেৰ তেলী ,বিধায়ক তেৰছ গোৱালা ,অইলৰ আবাসিক মূখ্য বিষয়া আনফৰ আলি হকৰ লগতে অইলৰ অনান্য বিষয়া সকল আৰু প্ৰকল্পৰ হিতাধিকাৰি সকল উপস্থিত থাকে ।

২৩-২৪ বিত্তীয় বৰ্ষত এই প্ৰকল্পই ৩২৫ টা যুটীয়া দায়বদ্ধ গোটৰ লগতে এই গোটসমূহে সামৰি লোৱা ১,৫৫০ টা পৰিয়াললৈ সহযোগিতা আগবঢ়ায় । হিতাধিকাৰি সকলক তেওঁলোকৰ উদ্যোগীকৰণ প্ৰচেষ্টা আৰম্ভ কৰাত সহায় কৰাৰ অংশ স্বৰূপে আজি ১৫০ খন পাৱাৰ টিলাৰ ,১৫০ টা ৱাটাৰ পাপ্ম ,১৫০ টা স্প্ৰেয়াৰ মেচিন ,৭৫০ খন ফ্লাই শ্বটল হেণ্ডলুম চেট বিতৰণ কৰাৰ লগতে ৰিভলভিং ফাণ্ড হিচাপে ১৫ লাখ টকা ,৫,২৫০ কেজি সূতা ,১৫ খন এগ্ৰ’ প্ৰডাক্ট কেৰিয়াৰ , বায়’ফ্লক একুৱাকালচাৰৰ বাবে ২০টাকৈ টেংক বিতৰণ কৰে ।

‘ৰূপান্তৰ’ নামেৰে নামাংকৃত অইল ধ্বজ্জাধাৰী চি এছ আৰ প্ৰকল্পটো হৈছে এক বঁটা বিজয়ী জীৱিকা পদক্ষেপ , তৃণমূল পৰ্যায়লৈ গৈ সফলতাৰে উজনি অসম অসমস্থিত অইলৰ অপাৰেচনেল জিলাসমূহৰ স্থানীয় লোকসকলৰ বাবে অপৰিসীম সমাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে । ২০০৮ চনৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈকে এই প্ৰকল্পৰ অধীনত অইলে ২৮,৭৮৫ টা পৰিয়ালক সামৰি লোৱা ৪,৬৭৬ টা আত্ম সহয়াক আৰু যুটিয়া দায়বদ্ধ গোটক চাচিডি প্ৰদান কৰাৰ লগতে অনান্য আৰ্থিক সহায় আৰু সামগ্ৰী প্ৰদান কৰি আহিছে ।

উত্তৰ গুৱাহাটীৰ বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাৰ বিয়োগ ! সমগ্ৰ উত্তৰ গুৱাহাটীত শোকৰ ছাঁ…

উত্তৰ গুৱাহাটী ৰজাদুৱাৰ নিৱাসী সৰবৰহী , ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাই যোৱা নিশা ইহলীলা সম্বৰণ কৰে । যোৱা ১ মাৰ্চ তাৰিখে শাৰীৰিক অসুস্থ অনুভৱ কৰাত পুত্ৰ বিশ্বজিত বৰুৱাই ততাতৰীয়াকৈ উত্তৰ গুৱাহাটীস্থিত ব্যক্তিগত চিকিৎসালয় জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰে।কেইবাদিন ধৰি অসুস্থ হৈ থকা বৰুৱাই চিকিৎসাধীন অৱস্থাতেই যোৱা নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য,স্বৰ্গগত বৰুৱা উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজ সেৱক ৰবীন্দ্ৰনাথ বৰুৱাৰ পত্নী,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ তথা অসম চৰকাৰৰ পশু ধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ শাহু আছিল। ৰেণু বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধ আহি তেখেতৰ বাসগৃহত ভিৰ কৰে। সকলোৱে প্ৰয়াত বৰুৱালৈ শেষ শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে।অতি অমায়িক ধৰ্মপ্ৰাণা ৰেণু বৰুৱাৰ মৃত্যুত সমগ্ৰ উত্তৰ গুৱাহাটীৰ লগতে ৰজাদুৱাৰত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ৰেণু বৰুৱাৰ গৃহৰ পৰাই পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটীকে আদি কৰি জালুকবাৰীত আঞ্চলিকতাবাদৰ ধাৰা শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ বহু আলোচনা সভাৰ মূল কাৰ্যলয় হিচাপে চিহ্নিত হৈছিল। এই ক্ষেত্ৰত প্ৰয়াত বৰুৱাৰ অৱদান তথা সহযোগ স্মৰণীয় হৈ থাকিব।সততে মুখত হাঁহিটো লৈ থকা প্ৰয়াত বৰুৱাই মৃত্যুৰ আগমূহুৰ্তলৈকে মহাপ্ৰভু দৌল

গোবিন্দ মন্দিৰত হোৱা নাম প্ৰসংগ সমূহত জৰিত হৈ আছিল। সামাজিক ভাৱে সচেতন বৰুৱাৰ মৃত্যুত অসম গণ পৰিষদ জালুকবাৰী বিধান পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ মৃতদেহত দলৰ পতাকা অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে।অগপ দলৰ সম্পাদক জয়ন্ত কুমাৰ নাথ,দলৰ জালুকবাৰী সমষ্টি কমিটীৰ ভাৰ প্ৰাপ্ত সভাপতি শংকৰ কুমাৰ দাস,জেষ্ঠ্য কাৰ্যকৰ্তা গণেশ দাস,শৈল বৰুৱা, চন্দন বৰুৱা,আশিক চৌধুৰী, মাধুৰ্য্য বৰা,দিনেশ দাসকে আদি কৰি দলৰ বহু কৰ্মী উপস্থিত থাকি প্ৰয়াত ৰেণু বৰুৱালৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। মজিন্দাৰ বৰুৱা বংশৰ তৰফৰ পৰা সৌৰভ বৰকাকতীয়ে তেখেতক শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে।অসম বাৰ্তাজীৱি সংঘৰ সভাপতি তথা সদৌ কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধিয়েও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতলৈ এখন গামোচাৰে শেষ শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, উত্তৰ গুৱাহাটী সামাজিক অনুষ্ঠান জিলিঙণিৰ সম্পাদক ৰূপক ডেকা, ৰজাদুৱাৰ ক্লাব এণ্ড লাইব্ৰেৰী, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ তৰফৰ পৰা সৌৰভ বৰুৱা আৰু চন্দন বৰুৱা, উত্তৰ গুৱাহাটী যুৱ সমাজ,অভয়পুৰ ৰদালি সংঘ আৰু

পুথিভঁৰাল, সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা, ভাৰতীয় জনতা পাৰ্টী উত্তৰ গুৱাহাটী মণ্ডলৰ সাধাৰণ সম্পাদক সঞ্জীৱ শৰ্মাই ৰেণু বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা প্ৰয়াত বৰুৱালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰেণু বৰুৱাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।এক শোক বাৰ্তাত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে জালুকবাৰীত পৰৱৰ্তী সময়ত আঞ্চলিকতাবাদৰ ধাৰা শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাত প্ৰয়াত ৰেণু বৰুৱাৰ অৱদান আছিল অপৰিসীম। ৭৭ বছৰ গৰকা ৰেণু বৰুৱাই মৃত্যুৰ সময়ত স্বামী, পুত্ৰ, বোৱাৰী, তিনি গৰাকী জীয়ৰী, জোৱাঁই আৰু নাতি নাতিনী সহ অলেখ গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায়।


টুপামাৰী-ৰাঙ্গাপানী অঞ্চলৰ কৃষকৰ হাহাকাৰ ! জলসিঞ্চনৰ অভাৱ…

টুপামাৰী-ৰাঙ্গাপানী অঞ্চলৰ কৃষকৰ হাহাকাৰ
জলসিঞ্চনৰ অভাৱ
খৰাঙত ইৰিধানৰ খেতিত মেলিছে চিৰাঁল ফাঁট

কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰাৰ টুপামাৰী আৰু ৰাংঙ্গাপানী অঞ্চলত শ শ বিঘা ইৰিধানৰ খেতি কৰিছে যদিও চৰকাৰৰ জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত কৃষক সকলে বিমোৰত পৰিছে। অঞ্চলটোৰ কেইবাগৰাকী কৃষক ৰাইজে জনোৱা মতে, অতিমাত্ৰা খৰাং বতৰে শেহতীয়াকৈ কৃষক ৰাইজক বিপাঙত পেলাইছে। নিতৌ অধিক মূল্যৰ ডিজেল ক্ৰয় কৰি শ্লেলো মেচিনৰ সহয়ত পানী দিও তৎ নহোৱা হৈছে কৃষক সকলৰ। অঞ্চলটোৰ বিদ্যুতৰ লুকাভাকু আৰু কম ভল্টেজৰ বাবে মটৰৰ জড়িতেও খেতিপথাৰত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে বিফল হৈছে কৃষক সকলে ৷ অঞ্চলটোৰ শ শ দৰিদ্ৰ পৰিয়ালে নিজৰ সাচতীয়া ধন ব্যয় কৰাৰ লগতে বেংকৰ পৰা ঋণ লৈ অধিক লাভৰ আশাৰে কৰা ইৰিধানৰ খেতিত একমাত্ৰ পানীৰ অভাৱত খেতিপথাৰ চিৰাঁল ফাঁট মেলি বিনষ্ট হব ধৰিছে।

উল্লিখিত অঞ্চলৰ প্ৰায়ভাগ লোকেই খেতিপথাৰ লগত জড়িত আৰু ইৰিধানৰ খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া শ শ কৃষক ৰাইজে ধানৰ কঠিয়া ৰোপন কৰাৰ পিছত সেউজীয়া হৈ পৰা শ শ বিঘা ধাননি খৰাং বতৰত পানী যোগান ধৰিব নোৱাৰাত ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলাত কৃষক ৰাইজ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিজৰ সপোনৰ ইৰিধানৰ খেতিত সেউজীয়া হোৱাৰ সময়তে ধান খেতিৰ এনে অৱস্থাত দুচিন্তাত পৰাৰ লগতে হাজাৰ হাজাৰ কৃষক ৰাইজে দিশহাৰা হৈ পৰিছে । উল্লেখযোগ্য যে, কৃষি প্ৰধান অঞ্চলত বছৰ বছৰে কৃষক ৰাইজে বহু আবেদন নিবেদন জনোৱাৰ পিছতো আজিলৈকে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে জলসিঞ্চন ব্যৱস্থা নকৰাত ক্ষোভিত

হৈ পৰিছে কৃষক ৰাইজে ৷ একমাত্ৰ পানী যোগান ধৰিব নোৱাৰাত এফালৰ পৰা ইৰিধানৰ খেতি ছিঁৰাল ফাঁট মেলাত কৃষক ৰাইজ আৰু কৃষক পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ খেতি সেউজীয়া হোৱাৰ সময়তে শ শ বিঘা দৰিদ্ৰ পৰিয়ালৰ কৃষকৰ ধাননি পথাৰ ফাঁট মেলাত বৃহৎ ক্ষতি হব বুলি আকাংক্ষা কৰিছে দৰিদ্ৰ কৃষক সকলে। ইমানৰ পিছতো আজিলৈকে ক্ষতিগ্ৰস্ত কৃষক সকলৰ কাষত থিয় দিবলৈ আহৰি নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ৷ অতিশীঘ্ৰে নগৰবেৰাৰ টুপামাৰী-ৰাংঙ্গাপানী অঞ্চলত ক্ষতিগ্ৰস্ত কৃষকৰ উচিত ক্ষতিপূৰণৰ লগতে শীঘ্ৰে চৰকাৰ তথা বিভাগীয় ভাবে জলসিঞ্চনৰ জড়িতে পানী যোগানৰ ব্যৱস্থা কৰিবলৈ ক্ষতিগ্ৰস্ত কৃষকৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজে দাবী জনাইছে।

সংবাদ জগতত সুস্থিৰ হৈ থকা দৈনন্দিন বাৰ্তাৰ চিৰঞ্জীৱ হোৱাৰ লক্ষ্যত আমাৰ শুভেচ্ছা আৰু মনৰ বতৰা…

এটা সময় আছিল বাতৰি কাকতৰ সংখ্যা কম আছিল ,এঘৰে লোৱা কাকতখন গাওঁ এখন ভ্ৰমিছিল। সংবাদ পত্ৰ মানে আমি বুজো কাৰো ওচৰত মুৰ নত নকৰা নিৰ্ভিক, নিৰপেক্ষ, ৰাইজৰ হকে মাত মতা, ন্যায়পালিকা। সেইদিন গ’ল, সময়ৰ লগে লগে সব পৰিৱৰ্তন। টকাৰ বাবে হাবাথুৰি মাথো। যিয়েই নহওঁক আমাৰ চকুত পৰিছে কেইখনমান বাতৰিকাকতৰ কাম – তাৰ ভিতৰত দৈনন্দিন বাৰ্তা। চৈধ্যটা বছৰে অশেষ কষ্ট, সীমাহীন সংগ্ৰামৰ মাজেৰে দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঁইৰ নেৰানেপেৰা প্ৰচেষ্টাত নিৰ্ভিক, নিৰপেক্ষতাৰ এক স্বাক্ষৰ বহন কৰি জনগণৰ (পঢ়ূৱৈৰ)হৃদয়ত থিতাপি লব পাৰিছে বুলি আমি কৰা এক অনুসন্ধানত ধৰা পৰিছে। শংকৰ গোহাঁই যথেষ্ঠ কষ্ট সহিষ্ণু, সহজ-সৰল তথা নম্ৰ, মুখৰ পোহৰ থকা ডেকা ল’ৰা। অধ্যয়নপুষ্ট বুলিও গম পাইছিলো মই লগপোৱা সভা-সমিতিত ভাষণ দিওঁতে। “দৈনন্দিন বাৰ্তাৰ ” মুখ্য সম্পাদক নৰেন হাজৰিকাদেৱো বহু অভিজ্ঞ পুষ্ট। দুয়ো গৰাকীৰ ওচৰত আমি কৃতজ্ঞ।


গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি-কাকতৰ কোনো এটা বাতৰি কৰোতে ঘটনা-পৰিঘটনা তদন্ত কৰাটো উচিত লগতে জনতাৰ মনজয় কৰিবলৈ হ’লে ক্ষেত্ৰ অধ্যয়ন কৰাটোও এক গুৰু দায়িত্ব।চাৰিটা ন-ন-ন-ন অৰ্থাৎ ন্যায় -নিষ্ঠা, নিৰপেক্ষতা, নিৰ্ভিকতাক আগস্থান দিব লাগিব, পৰিহাৰ কৰিব লাগিব লোভ, অন্যায়। এইখিনি কথা এইবাবেই আলোচনাত আনিছো যে দৈনন্দিন বাৰ্তা,,আলোকপ্ৰভঞ্জন আৰু The Assam rising তেওঁলোকৰ উদ্ভাৱনী মন্ত্ৰেৰে ৰাইজৰ ওচৰ চাপিবলৈ সুখ-দুখৰ বুজ ল’বলৈ যিটো পৰিকল্পনা কৰি তাক কাৰ্যতঃ ৰূপায়ন কৰিছে বা কৰি থাকিব সেইটো আগতে কোনো এখন অসমীয়া কাকতে কৰা মনত নপৰে। কৃত্ৰিমতাৰ‌ ঢৌৱে মানৱতাক আওকাণ কৰি মানুহৰ প্ৰতি মানুহৰ দয়া-মৰম, সন্মান -শ্ৰদ্ধাক গুৰত্ব নিদিয়া হোৱা দেখা গৈছে। প্ৰচাৰত স্বাৰ্থপৰতাই ঠেঙুলি মেলিলে, বহুত গুণী-জ্ঞানী, বিদগ্ধ লোকে প্ৰচাৰৰ অভাৱত জনগণৰ অখ্যাত হৈ আছে। নিজাববীয়াকৈ আমিও কিছু তথ্য সংগ্ৰহ কৰি এনে ব্যক্তিক মান্যতা দিয়াৰ চেষ্টা কৰি আহিছো। দৈনন্দিন বাৰ্তাৰ চিৰঞ্জীৱ লক্ষ্যৰে নতুন যাত্ৰা আৰম্ভ কৰাটো আমাৰ সমাজৰ বাবে বিশেষকৈ বৌদ্ধিক জগতৰ বাবে এক আশাৰ সঞ্চাৰ। বিগত ১১/০২/২৪ ইংৰাজী তাৰিখ দেওবাৰৰ পৰাই দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱ হোৱাৰ লক্ষ্যৰে অনন্য মাত্ৰা আৰম্ভ কৰি সংবাদ জগতত আলোড়নৰ সৃষ্টি কৰিছে। প্ৰচাৰৰ অভাৱত কাৰো চকুত নপৰা অসমৰ জিলা সমূহৰ চুকে-কোণে থকা‌ কেবাগৰাকী মহীয়ানলোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি ঘৰে ঘৰে যাত্ৰা আৰম্ভ কৰি একোখন ফুলাম গামোচা , দৈনন্দিন বাৰ্তাৰ, আলোকপ্ৰভঞ্জন আৰু The Assam rising বাতৰি-কাকতৰ একোটা কপিআৰু একোখন সম্বৰ্দ্ধনা পত্ৰ আগবঢ়াই একোটা সাক্ষাৎকাৰ লৈ আনন্দ প্ৰদানৰ উপৰিও মান্যতা দিছিল সেইসকল ব্যক্তিক যাক তেওঁলোকে ক্ষেত্ৰ অধ্যয়নেৰে গুণী অথচ সংবাদ জগতৰ চকুত নপৰা বুলি উপলব্ধি কৰিছিল। আমি গুণী নহয় কিন্তু কিঞ্চিৎ সমাজৰ কাম কৰাৰ , সাহিত্য চৰ্চা কৰি শিকাৰ আগ্ৰহী। আমাৰ দৰে মুৰুখমতিকো ১১ ফেব্ৰুৱাৰীৰ দিনা দৈনন্দিন বাৰ্তাই সম্বৰ্দ্ধনা জনাইছিল আমাৰ ঘৰতে। ভবা নাছিলো শংকৰ গোহাঁইৰ দৰে দেৱতুল্য সম্পাদকৰ দৃষ্টিত আমি নিবন্ধ হ’ম।


আনন্দত মনে মনে চকুলো টুকিছিলো, অন্তৰ আত্মাই আশীৰ্বাদ জনাইছিল “দৈনন্দিন বাৰ্তা” চিৰঞ্জীৱি হওঁক বুলি। গ্ৰন্থ লিখিছো , সমাজক অলপ সময় দিছো কিবা পোৱাৰ আশাত নহয় , কাম কৰি বুকু ভৰে বুলিহে কৰো। আপোনত্বৰ ডোলেৰে সকলোকে কটকটীয়াকৈ বান্ধিবলৈ, এয়া বীৰ লাচিতৰ দেশ, এয়া সতী জয়মতীৰ দেশ আমাৰ চেনেহৰ দেশ। এয়া দৈনন্দিন বাৰ্তাৰ অমৃত যাত্ৰা আমাৰ দৰে মানুহক অমৃত পান কৰাইছে আৰু আমি পান কৰা অমৃতা শপতৰে হিয়াৰ উম দি শংকৰ গোহাঁই আৰু দৈনন্দিন গোষ্ঠীৰ সকলো জনকে ন-যাত্ৰাত জয়ী হবলৈ শুভেচ্ছা সহ আশীৰ্বাদ জানাইছো ,জনাইছো অভিনন্দন আমাৰ মৰমৰ দৈনন্দিন বাৰ্তা গোষ্ঠী অমৰ হওঁক। দৈনন্দিন বাৰ্তা লৈ আহ্বান জনাইছো কাকতখনে সুন্দৰ সুন্দৰ শিতানেৰে উচ্চ মানেৰে শুদ্ধ ৰূপত পঢ়ূৱৈৰ মাজলৈ গৈ শীৰ্ষস্থানত আৰোহণ কৰে তাৰবাবে কষ্ট কৰক, মনত ৰাখিব কষ্টৰ ফল বৰ মিঠা। আমাৰ ঘৰলৈ মোক সম্বৰ্দ্ধনা জনোৱা চন্দন দাস, অভিজিত চলিহা, চাহমেল আলী আহমেদ আদি ছয়জন যুৱ সাংবাদিকক মৰমেৰে ধন্যবাদ জনালো।

আগিয়াত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ প্রতিমূর্তি উন্মোচন…

গোৱালপাৰা জিলাৰ আগিয়া মহাবিদ্যালয় খেলপথাৰত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা নির্মান কৰি উলিওঁৱা স্বাধীনতা সংগ্ৰামী শ্বহীদ নিধানুৰাম ৰাজবংশীৰ প্ৰতিমুর্ত্তী সোমবাৰে উন্মোচন কৰা হয় ! আগিয়া অঞ্চলৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি ,

আগিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বিভিন্ন জাতীয় সংগঠণৰ প্ৰতিনিধি বর্গৰ উপস্থিতিত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ প্ৰতিমুর্ত্তীটো উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই !
প্ৰতিমুর্ত্তী উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত স্বাধীনতা সংগ্ৰামী শ্বহীদ নিধানুৰাম ৰাজবংশীৰ

জীৱন বৃত্তান্ত সম্পর্কে চমুকৈ বক্তৱ্য প্ৰদান কৰে আগিয়া যোগেন্দ্ৰনাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন ৰায়ে ! অনুষ্ঠানত ৰাভা হাছঙৰ অধ্যক্ষ চাৰুমোহন ৰাভা , উপাধ্যক্ষ ৰমাকান্ত ৰাভা , সাধাৰণ সদস্যা সুচিত্ৰা নাথ , অশোক কুমাৰ ৰাভা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে !

জলবায়ু পৰিৱৰ্তন, ডিজিটেল ই-মাৰ্কেটিংৰ সচেতনতা বৃদ্ধি; খানাপাৰাত কৃষি বিষয়াসকলৰ বাবে পাঁচদিনীয়া কৃষি প্ৰশিক্ষণ…

আজিৰে পৰা খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ উদ্যোগত আৰু ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (SAMETI)ৰ সহযোগত  কৃষি উন্নয়ন বিষয়া আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াসকলৰ বাবে পাঁচদিনীয়াকৈ প্ৰশিক্ষণ তথা দিগদৰ্শন কাৰ্যসূচী আয়োজিত কৰা হৈছে ৷ এই পাঁচদিনীয়া কাৰ্যসূচীত ৰাজ্যৰ প্ৰতিখন জিলাৰপৰা অহা প্ৰায় ৩৩৫ কৃষি উন্নয়ন বিষয়া আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াই অংশগ্ৰহণ কৰিব৷ এই পাঁচদিনীয়া কাৰ্যসূচীত অংশ গ্ৰহণকাৰীসকলক কৃষি বিভাগৰ উদ্যোগত ৰাজ্যখনত ৰূপায়িত হৈ থকা বিভিন্ন কৃষি আঁচনিসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বীজ উৎপাদন প্ৰযুক্তি, শস্যৰ বীজ প্ৰমাণীকৰণ পদ্ধতি, সাৰৰ উপযুক্ত প্ৰয়োগ,ডিজিটেল ই-মাৰ্কেটিং আৰু কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু এই প্ৰত্যাহবানৰ সন্মুখীন হ’বপৰাকৈ  ন-কৃষি পদ্ধতিৰ পৰিচালনা ইত্যাদি বিভিন্ন দিশৰ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়োৱা হ’ব৷

কাৰ্যসূচীৰ প্ৰথম দিনটোত উপস্থিত থাকি কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগুয়ে কৃষকৰ স্বাৰ্থত কৃষি বিষয়াসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ লগতে তেখেতে কয় যে পাঁচদিনীয়া প্ৰশিক্ষণ তথা দিগদৰ্শন কাৰ্যসূচীত বিভাগীয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সমল ব্যক্তিৰ যোগেদি লাভ কৰা ব্যৱহাৰিক জ্ঞানে কৰ্মক্ষেত্ৰত আহি পৰিব পৰা বিভিন্ন সমস্যা সমাধানৰ বাবে সহায়ক হ’ব ৷ এই কাৰ্যসূচীৰ অন্তত ন-উদ্যমেৰে কৰ্মক্ষেত্ৰত কৃষি বিষয়াসকল নিয়োজিত হ’ব বুলি কৃষি সঞ্চালকগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ কৰ্মশালাখনত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক শ্ৰী ৰবিজিৎ দত্ত চৌধুৰী প্ৰমুখ্যে ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ ন’ডেল বিষয়াকে ধৰি জ্যেষ্ঠ কৃষি বিষয়াসকল উপস্থিত থাকে।

ধুবুৰীত নকল সোণৰ বিৰুদ্ধে অভিযানত বৃহৎ পৰিমাণৰ নকল সোণ সহ দুজনক গ্ৰেপ্তাৰ…

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গঢ়ি উঠিছে নকল সোণ প্ৰস্তুত কৰা কাৰখানা। তেনে এক কাৰখানা আছিল ধুবুৰীৰ ছাগলচৰা অঞ্চলত। এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষী বিষয়া মুন্না পাচঁনিৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলায়।

জাবেদ হুছেইন নামৰ এজন নকল সোণ ব্যৱসায়ীৰ আত্মীয়ৰ ঘৰত যোৱা কিছু দিনৰ পৰা নকল সোণ প্ৰস্তুত কৰাৰ তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে। সেইমতে আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওঁ প্ৰস্তুত কৰি থকা অৱস্থাতেই হাতে লোটে গ্ৰেপ্তাৰ কৰে দুই সোন ব্যৱসায়ীক।

স্থানীয় জাবেদ ইছলামৰ লগতে আছে উত্তৰ লখিমপুৰৰ বিহপুৰীয়া অঞ্চলৰ নাজিবুৰ ৰহমান। কাৰিকৰী দিশত পাকৈত বিহপুৰীয়াৰ নাজিবুৰ আৰু ধুবুৰীৰ জাবেদৰ লগত বৃহৎ নেটৱৰ্কত কেইবাজনো লোক জড়িত হৈ থকাৰ আশংকা কৰা হৈছে। এতিয়া ধুবুৰী আৰক্ষীৰ জেৰাত কি কি তথ্য পোহৰলৈ আহে সেয়াই গুৰুত্বপূৰ্ণ বিষয়।

ইউ চি এফৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদানঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ সৈতে সংঘটিত হোৱা ঘটনাৰ সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰদান

শেহতীয়াকৈ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক উদ্দেশ্যি প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত সোমবাৰে সংযুক্ত খ্ৰীষ্টান মঞ্চ গোলাঘাটে ৰাজ্যত খ্ৰীষ্টান আৰু তেওঁলোকৰ প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি ক্ৰমাৎ বৃদ্ধি পোৱা ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। সভাপতি জিদান আইণ্ড আৰু সম্পাদক লিয়াণ্ডাৰ টপ্পোৰ নেতৃত্বত ইউ চি এফ গোলাঘাটে খ্ৰীষ্টান ধৰ্মৰ ওপৰত উত্থাপন কৰা অভিযোগসমূহ সমাধানৰ বাবে চৰকাৰী হস্তক্ষেপৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে অসমৰ ৰাজ্যপালক। স্মাৰকপত্ৰখনত কেইবাটাও দুখজনক কাণ্ডৰ ৰূপৰেখা দাঙি ধৰা হৈছে, য’ত কিছুমান বিশেষ গোটে খ্ৰীষ্টান বিদ্যালয়সমূহক ধৰ্মীয় প্ৰতীক আঁতৰাবলৈ দিয়া ভাবুকি আনকি তেওঁৰ বিশ্বাসক উপহাস কৰাৰ বাবে এগৰাকী ননক বাছৰ পৰা নমাই দিয়া আদিও উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰস্তাৱিত MAGIC HEALING বা MAGICAL HEALING বিধেয়ক ২০২৪ য়ে খ্ৰীষ্টানসকলৰ মাজত আশংকা সৃষ্টি কৰিছে, তেওঁলোকৰ ধৰ্মীয় প্ৰথাক লক্ষ্য কৰি সম্ভাৱ্য ভুল ব্যাখ্যা আৰু অপব্যৱহাৰৰ আশংকা কৰিছে। এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইউ চি এফ গোলাঘাটে খ্ৰীষ্টান বিৰোধী কাৰ্যকলাপ ৰোধৰ বাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসামৰিক আৰু সামৰিক কৰ্তৃপক্ষৰ পৰা তৎকালীন সঁহাৰি নিশ্চিত কৰিবলৈ আৰু ভুল ব্যাখ্যা ৰোধ কৰিবলৈ বিধান বিধেয়কত বিতৰ্কিত শব্দৰ ব্যৱহাৰ পুনৰ বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনায়।

বিশেষকৈ শিক্ষা, স্বাস্থ্য, আৰু সমাজ সেৱাৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰি স্মাৰকপত্ৰখনে ভাৰতীয় সংবিধানে নিশ্চিত কৰা ধৰ্মৰ স্বাধীনতাৰ মৌলিক অধিকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে। ইউ চি এফ গোলাঘাটে অসমৰ সকলো ধৰ্মীয় সংগঠনৰ মাজত শান্তি, সম্প্ৰীতি, সহ-অস্তিত্ব ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সামৰণিত স্মাৰক পত্ৰখনে ৰাজ্য চৰকাৰক হস্তক্ষেপ কৰি খ্ৰীষ্টান ধৰ্মৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আহ্বান জনাই সাংবিধানিক নিশ্চয়তা ৰক্ষা আৰু অঞ্চলটোৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে বুলি ইউ চি এফ গোলাঘাটৰ সম্পাদক লিয়াণ্ডাৰ টপ্পোৱে জানিবলৈ দিয়ে।

গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪ গিৰিমল্লিকা শইকীয়ালৈ; বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰৰ ‘প্ৰজ্ঞাৰ পথাৰত’ উন্মোচন…

বোকাখাতত এইবাৰ কেন্দ্ৰীয়ভাৱে ব্যতিক্ৰমী আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগতে গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪ প্ৰদান কৰা হয় গ্ৰাছ, বোকাখাতৰ উদ্যোগত আৰু বোকাখাত অঞ্চলৰ ২১ টা নাৰী সংগঠনৰ সহযোগত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত। প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা উজনি অসমৰ অন্যতম শক্তিশালী বেচৰকাৰী সংগঠন গ্ৰীণ ৰিভলিউশ্যনাৰী এডমায়াৰেবল চিৰিণ চচাইটি, চমুকৈ গ্ৰাছ, বোকাখাতে মূলতঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থতে কাম কৰি আহিছে যদিও সময়ে সময়ে সমাজলৈ জনকল্যানমূলক সেৱাও আগবঢ়াই আহিছে। উল্লেখ্য যে বোকাখাতত প্ৰতি বছৰে সচৰাচৰ নাৰীৰ উদ্যোগত স্থান ভেদে আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত হৈ অহাৰ উদাহৰণৰ বিপৰীতে এইবাৰ কেন্দ্ৰীয়ভাৱে আন্তৰ্জাতিক নাৰী দিৱস উদযাপনত পুৰুষে উদ্যোগ লোৱা দেখা গ’ল। গ্ৰাছ, বোকাখাতে লোৱা ব্যতিক্ৰমী উদ্যোগৰ প্ৰতি সঁহাৰি জনালে বোকাখাত উপ জিলাৰ ২১ টা নাৰী সংগঠনে। নাৰী দিৱস উদযাপনৰ বৰ্ণিল কাৰ্যসূচীৰ আঁত ধৰে কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মাই। এই উদ্দেশ্যে বোকাখাত পুৱতি সাহিত্য সভা ভৱন প্ৰাংগণত যোৱা ৮ মাৰ্চৰ পুৱা গ্ৰাছৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি অংকুৰ বৰঠাকুৰে আৰু সহযোগী ২১ টা নাৰী সংগঠনৰ সভানেত্ৰী সকল ক্ৰমে পুতলী খাউণ্ড, অৰুণা দত্ত শইকীয়া, অনিমা বৰা, জুমি বৰা, বিদিশা ৰাজখোৱা, ডালিমী সন্দিকৈ গগৈ, বন্দনা দত্ত, মাইনা উপাধ্যায়, জাগৃতি বৰা, ভোগেশ্বৰী বৰা, নিৰদা বৰা, মালবিকা চৌধুৰী, মঞ্জু শইকীয়া, বিলুমণি বৰা, অনিতা আগৰৱালা, কুলদা বেহেন, ৰেখামণি বৰা, ইন্দু চেতিয়া, ৰীণা দত্ত আদিয়ে নিজ নিজ সংগঠনৰ পতাকা উত্তোলন কৰে।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে গ্ৰাছ আৰু সহযোগী নাৰী সংগঠনৰ বিষয় ববীয়া, সদস্য সদস্যাৰে বোকাখাত নগৰৰ মাজেদি এটি বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয়। স্মৃতি তৰ্পণ কৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাতৰ সভাপতি আনিছুৰ ৰহমানে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী চন্দ্ৰপ্ৰভা শইকীয়াই। বোকাখাতৰ পূৰ্বৰংগ সংগীত একাডেমীৰ অধ্যক্ষা, শংকৰী সংগীতৰ সাধক তথা বিশিষ্ট বৰগীত শিল্পী ৰিজুমণি বৰা হাজৰিকাৰ নেতৃত্বত সংগীত বিদ‌্যালয়খনৰ শিল্পী সকলে বৰগীত পৰিৱেশন কৰে। আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ অনুষ্ঠান উদ্বোধন কৰি বক্তব্য প্ৰদান কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে। অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মাই ৰচনা কৰা আৰু সুৰ দিয়া গ্ৰাছ, বোকাখাতৰ থীম গীতেৰে সমবেত সংগীত পৰিৱেশন কৰে বিজয় শৰ্মাৰ নেতৃত্বত বোকাখাত শিল্পী সমাজৰ শিল্পী সকলে। নাৰী সুৰক্ষা আৰু আইন বিষয়ক বক্তব্য প্ৰদান কৰে অধিবক্তা ৰাজীৱ উজিৰে। নাৰী সৱলীকৰণ বিষয়ক বক্তব্য প্ৰদান কৰে বিশিষ্ট লেখিকা তথা স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা দত্তই। অনুষ্ঠানতে বিশিষ্ট পৰিৱেশকৰ্মী, নাৰী সৱলীকৰণৰ অগ্ৰণী মহিলা, শিক্ষয়িত্ৰী, লেখিকা গিৰিমল্লিকা শইকীয়াক নুমলী হাজৰিকা সোঁৱৰণি গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪ প্ৰদান কৰা হয়। বঁটা প্ৰাপক গিৰিমল্লিকা শইকীয়াই বক্তব্য ৰাখে।

উল্লেখ্য যে বিগত সময়ছোৱাত গ্ৰাছ, বোকাখাতে সমাজৰ বিভিন্ন দিশত আগবঢ়াই অহা সেৱাই বোকাখাত উপ জিলাখনত সংগঠনটোৰ প্ৰতি জনমানসত সৃষ্টি হোৱা আস্থা আৰু জনপ্ৰিয়তাই ২০২৪ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ ক্ষেত্ৰত ২১ টাকৈ নাৰী সংগঠনক একগোট কৰি বোকাখাতত একতাৰ এক নজিৰ সৃষ্টি কৰিলে বুলি বোকাখাতত এতিয়া সৰ্বত্ৰে চৰ্চিত। অনুষ্ঠানতে বিশিষ্ট কবি, লেখিকা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰৰ প্ৰবন্ধ সংকলন ‘প্ৰজ্ঞাৰ পথাৰত’ উন্মোচন কৰি উন্মোচকৰ বক্তব্য প্ৰদান কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই আৰু লেখক নিজৰা বৰঠাকুৰেও বক্তব্য ৰাখে। অনুষ্ঠানত বিশিষ্ট নাৰী সংগঠক, সমাজকৰ্মী, শিপিনী হেমপ্ৰভা শইকীয়া আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা দীপালী গগৈ বৰুৱাক বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে সম্বৰ্ধনা জনায়। দিব্যাংগ শিল্পী শিল্পা মূড়াই গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মহিলাৰ মাজত প্ৰবন্ধ লিখাৰ প্ৰতিযোগিতাত ক্ৰমে ৰেখা বৰা, ৰিতু বৰা আৰু মণিকা বৰুৱা শৰ্মাই “নিৰু দাস তালুকদাৰ সোঁৱৰণি” প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে উক্ত দিনা মহিলাৰ মাজত থিতাতে চিঠি লিখা প্ৰতিযোগিতাত নিপা মহন্তই প্ৰথম, কমলা শইকীয়াই দ্বিতীয় আৰু নিজৰা দত্তই তৃতীয় স্থান অধিকাৰ কৰে (চিঠি লিখা প্ৰতিযোগিতাৰ পুৰস্কাৰৰ দাতা: ৰিজুমণি বৰা হাজৰিকা)। দুয়োটি প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ নগদ ধন আৰু মানপত্ৰৰে অনুষ্ঠানতে বিতৰণ কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, গোলাঘাট জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি কল্পনা চেতিয়া, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলে, ইমজা বোকাখাতৰ সভাপতি, সম্পাদক ক্ৰমে সঞ্জীৱ হাজৰিকা আৰু সুদীপ্ত তামুলী, কে এন এন-ৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা আৰু অধ্যক্ষ বদন দুৱৰা আদি। অনুষ্ঠানত গ্ৰাছ, বোকাখাত আৰু সহযোগী নাৰী সংগঠন সমূহৰ বিষয় ববীয়া, সদস্য-সদস্যাৰ লগতে বোকাখাতৰ যথেষ্ট সংখ্যক গণ্যমান্য আমন্ত্ৰিত অতিথি উপস্থিত থাকে। অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হৈ যোৱাৰ বাবে সমূহ সহযোগী সংগঠনৰ লগতে বোকাখাতৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে গ্ৰাছ, বোকাখাতৰ সভাপতি, সম্পাদক অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰাই।