Home Blog Page 963

ৰমজান ২০২৪: কিমান দিনলৈ খেজুৰ বেয়া নহয়, এমাহৰ বাবে কিনিব পাৰিব নে খেজুৰ?

ইছলামসকলৰ পৱিত্ৰ ৰমজান মাহটো এক বিশেষ মাহ। এই মাহটোত মানুহে ৰোজা ৰাখে, নামাজ পঢ়ে, আনক সহায় কৰে। এই সময়ছোৱাত সকলোৱে একেলগে ভাল কাম কৰে আৰু ইজনে সিজনক সহায় কৰে। ৰোজাত খেজুৰৰ গুৰুত্ব অতি বেছি। গোটেই দিনটো ৰোজা ৰাখি ইফতাৰৰ সময়ত সন্ধিয়া খেজুৰ খাই ৰোজা ভংগ কৰে। খেজুৰ খালে শক্তি পোৱা যায় কাৰণ ইয়াত প্ৰচুৰ শক্তি থাকে। ইয়াৰ লগতে খেজুৰত ভিটামিন আৰু খনিজ পদাৰ্থও থাকে যিয়ে আমাক সুস্থ কৰি তোলে। ৰমজানত খেজুৰ খোৱাৰ প্ৰথাই শক্তি প্ৰদান কৰাই নহয় ধৰ্মীয় তাৎপৰ্যও আছে-

খেজুৰ এনেকুৱা এবিধ ফল যাক বহুদিন ৰাখিব পাৰি আৰু খেজুৰ নষ্টও নহয়। যদি আপুনি ভাবিছে যে আপুনি একেলগে গোটেই এমাহৰ বাবে একেলগে খেজুৰ কিনিম বুলি তেন্তে কিনিব পাৰে। খেজুৰ ঠাণ্ডা আৰু শুকান ঠাইত ৰাখিলে সহজেই ৬ৰ পৰা ১২ মাহলৈকে ভাল হৈ থাকিব পাৰে। ফ্ৰীজত ৰাখিলে আৰু বেছি সময় সতেজ হৈ থাকে।

খেজুৰ কিনাৰ সময়ত মাত্ৰ চাব যে খেজুৰবোৰ শুকান আৰু পৰিষ্কাৰ হয়নে। ঘৰলৈ অনাৰ পিছত এয়াৰটাইট পাত্ৰত ৰাখিব আৰু দীৰ্ঘদিন সতেজ কৰি ৰাখিব বিচাৰিলে ফ্ৰীজত ৰাখিব পাৰে।


সাৱধান! বেড টি-এ আপোনাৰ জীৱনলৈ আনিব অন্ধকাৰ…

অকল ভাৰততে নহয়, বিশ্বৰ বহু দেশত ৰাতিপুৱা সাৰ পোৱাৰ পিছত চাহ একাপ খোৱাৰ অভ্যাস আছে। যাক সাধাৰণতে বেড টি বুলি কোৱা হয়, বহুতে চাহৰ অবিহনে থাকিব নোৱাৰে। কিন্তু বেড টি স্বাস্থ্যৰ বাবে ভাল নহয়। খাদ্য বিশেষজ্ঞৰ মতে যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ পিছত খালী পেটত চাহ খায়, তেন্তে আপুনি বহু ক্ষতিৰ সন্মখীন হ’ব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ খালে পেটৰ সমস্যা হ’ব পাৰে। চাহত থকা কেফেইনে পেটৰ বিষৰ সৃষ্টি কৰিব পাৰে আৰু এচিডিটিও বৃদ্ধি কৰিব পাৰে, যাৰ বাবে আপুনি বদহজম, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ সমস্যাত ভুগিব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ খালে শাৰীৰিক পুষ্টিৰ পৰিমাণ কমি যাব পাৰে। চাহত থকা কেফেইনে আপোনাৰ ভোক দমন কৰিব পাৰে, যাৰ ফলত পুষ্টিকৰ উপাদানৰ সঠিক ভাৰসাম্যত প্ৰভাৱ পৰিব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ খালে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চাহত থকা কেফেইনৰ বাবে আপুনি উচ্চ ৰক্তচাপত ভুগিব পাৰে, যিটো হাৰ্ট এটেকৰ দৰে বিপজ্জনক ৰোগৰ প্ৰধান কাৰণ।

ৰাতিপুৱা খালী পেটত চাহ খালে পানীলগা হ’ব পাৰে। সঘনাই চাহ খালে আপোনাৰ প্ৰস্ৰাৱ বৃদ্ধি পায়। গতিকে খালী পেটত চাহ খাব নালাগে আৰু ইয়াৰ পৰিমাণ সীমিত কৰিব লাগে।

চাহে আমাৰ স্নায়ুতন্ত্ৰত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত মাইগ্ৰেইনকে ধৰি টোপনিৰ অভাৱ হ’ব পাৰে।

৪০ সহস্ৰাধিক লোকৰ মুখত ‘আমাৰ সৰ্বা দা’ শ্ল’গান…

ডিব্ৰুগড়ৰ বিমানবন্দৰত উৎসৱমুখৰ পৰিৱেশত আদৰণি জনোৱা হ’ল সৰ্বানন্দ সোনোৱালক। ৪০ সহস্ৰাধিক লোকৰ ‘আমাৰ সৰ্বা দা’ হৰ্ষোধ্বনিৰে ডিব্ৰুগড়ৰ মানকটা পথাৰত আয়োজন কৰা হ’ল ৰাজহুৱা অভ‍্যৰ্থনা অনুষ্ঠান। প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয় কাৰ্যকালৰ ভৱিষ্যতবাণীৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সোমবাৰে ডিব্ৰুগড়ত অৱতৰণ কৰাৰ লগে লগে তেখেতক আদৰিবলৈ হাজাৰ হাজাৰ লোক বিমানবন্দৰত উপস্থিত হয়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দলৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতাজনক আদৰি অনাৰ সময়ত ‘আমাৰ সৰ্বা দা’ হৰ্ষোধ্বনিৰে উপস্থিত জনসাধাৰণে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ডিব্ৰুগড় সমষ্টিৰ বাসিন্দা সৰ্বানন্দ সোণোৱালে বিমানবন্দৰৰ পৰা মানকটা পথাৰলৈ যোৱাৰ সময়ত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ঐতিহাসিক মানকটা পথাৰত সমবেত হোৱা ৪০,০০০ ৰো অধিক লোকক সম্বোধন কৰি সোণোৱালে তেওঁক প্ৰদান কৰা চৰ্তহীন মৰম আৰু সমৰ্থনৰ বাবে ডিব্ৰুগড়ৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰে। বিমানবন্দৰত উপস্থিত হোৱাৰ পৰা ৰোড শ্ব’ৰ জৰিয়তে ৰাজহুৱা সমদলত ভাগ লোৱালৈকে এই গোটেই সময়ছোৱাত ৰাইজে সোণোৱালক স্বাগতম জনাবলৈ ‘আমাৰ সৰ্বা দা’ শ্ল’গানেৰে চৌদিশ মুখৰিত কৰি তোলে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয়, “ডিব্ৰুগড় সমষ্টিৰ ৰাইজে দেখুওৱা মৰম আৰু উষ্মতাৰ বাবে মই সঁচাকৈয়ে ধন‍্য অনুভৱ কৰিছোঁ। আপোনালোককো মই নম্ৰতাৰে নমস্কাৰ জনাইছো, যিহেতু মই মোৰ সামৰ্থ্য অনুসৰি জনসাধাৰণক সেৱা কৰাৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ পুণৰবাৰ আগবাঢ়িছো। জনসাধাৰণে দিয়া উষ্ম সঁহাৰিৰ বাবে এয়া নিশ্চিত যে বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। যোৱা এটা দশকত মোডী চৰকাৰে কৰা নিৰন্তৰ উন্নয়নমূলক কামে অসমক ভাৰতৰ অৰ্থনৈতিক বিকাশৰ শক্তিক্ষেত্ৰ হোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানত ৰাখিছিল। দুৰ্নীতি, হিংসা আৰু অস্পষ্টতাৰ অন্ধকাৰ দিনৰ পৰা ওলাই অহাৰ লগে লগে মোডীজীয়ে অসম আৰু উত্তৰ-পূবৰ উন্নীতকৰণৰ বাবে যি গুৰুত্ব প্ৰদান কৰিছে সেয়া এক আশাৰ পোহৰ হৈ পৰিছে। ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদৰ লগতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে সোণোৱালে লগতে কয়, “আজি, আমাৰ ওচৰত চৰকাৰী কল্যাণমূলক আঁচনি আছে যিবোৰ প্ৰকৃত হিতাধিকাৰীক পোণপটীয়াকৈ প্ৰদান কৰা হয়। মধ্যস্থতাকাৰীসকলৰ পুৰণি দিনবোৰ আজিকালি সম্পূৰ্ণৰূপে আঁতৰি গৈছে। ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগীৰে মোডী চৰকাৰ সকলোকে উন্নয়নৰ পথলৈ লৈ যাবলৈ বদ্ধপৰিকৰ হৈছে। মোডীজীৰ অধীনত, আমি সকলোৱে অনুভৱ কৰিছো যে কেনেকৈ ভাৰত বিশ্বৰ এক অগ্ৰণী শক্তি হৈ পৰিছে। আমি পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মোডীজীক নিৰ্বাচিত কৰি বিকশিত ভাৰতৰ দিশত আমাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ হাত মিলাইছো। মই নিশ্চিত যে মোদীজীৰ নেতৃত্বত কৰা কামে নিশ্চিত কৰিব যে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশত আমাৰ যাত্ৰা সদায় বাধাহীন হৈ থাকিব।” “ডিব্ৰুগড় ~ মোৰ আইৰ কোলাৰ দৰে। ডিব্ৰুগড় – মোৰ জন্মভূমি, কৰ্মভূমি। ইয়াতেই পাৰ হৈছে মোৰ শৈশৱ, কৈশোৰকে ধৰি জীৱনৰ সোণালী সময়। এই ডিব্ৰুগড় লোকসভা সমষ্টিৰে প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দই মোক দায়িত্বভাৰ অৰ্পণ কৰাৰ পাছত আজি গৃহজিলাত উপস্থিত হৈয়েই ৰাইজৰ পাৰভঙা উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰোঁ আৰু সকলোৰে মৰম-আশিস শিৰত তুলি লওঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইবাৰ এনডিএ-ৰ বাবে ৪০০ আসনৰ সীমা পাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই দিশত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বস্তৰৰ জনসাধাৰণে পূৰ্ণোদ্যমে ঐক্যবদ্ধভাৱে সাজু হৈছে। আমাৰ মোদী পৰিয়ালক স্বতঃফূৰ্ত মৰম-স্নেহ, অভূতপূৰ্ব সঁহাৰিৰে উপচাই দিয়াৰ বাবে সদৌটিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।” – সোণোৱালে কয়।

সোমবাৰে সৰ্বানন্দ সোণোৱালৰ সৈতে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম তথা নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ক্ৰমে বিমল বৰা আৰু সঞ্জয় কিষাণ, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক, বিনোদ হাজৰিকা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ঢকুৱাখনাৰ বিধায়ক নৱ দলে, দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা তথা বিজেপি মিত্ৰ জোঁটৰ অন্যান্য জেষ্ঠ বিষয়-ববীয়াসকল উপস্থিত থাকে।

SBIলৈ চুপ্ৰীম ক’ৰ্টৰ নির্দেশনা। আজিৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সকলো তথ্য দাখিল কৰিব লাগিব SBI-এ…

SBIলৈ চুপ্ৰীম ক’ৰ্টৰ নির্দেশনা।

আজিৰ ভিতৰত SBIয়ে দাখিল কৰিব লাগিব নিৰ্বাচনী বণ্ডৰ সকলো তথ্য।

কোন ৰাজনৈতিক দলে কিমান ধন লাভ কৰিছে তাৰ তথ্যও দাখিল কৰিব লাগিব SBIয়ে৷

আজিৰ ভিতৰত যদি বেংকে সবিশেষ নিদিয়ে তেন্তে দেশৰ চুপ্ৰীম ক’ৰ্টে ইয়াৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব বুলি কঠোৰ ভাষাৰে সকীয়াই দিয়ে।

বৰপেটাত ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত জাবেদ ইছলামক প্ৰাৰ্থীত্ব অগপৰ…

আগন্তুক লোক সভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সেই অনুসৰি ৩ নং বৰপেটা সমষ্টিৰ বাবে অগপৰ জেষ্ঠ্য নেতা ফণীভূষণ চৌধুৰী আৰু ২ নং ধুবুৰী সমষ্টিৰ বাবে জাবেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷ সোমবাৰে অগপৰ সভাপতি অতুল বৰাৰ নিৰ্দেশত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। উল্লেখ্য, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ড০ কমলাকান্ত কলিতাৰ নেতৃত্বত বৰপেটা লোকসভা সমষ্টিৰ বাবে গঠন কৰি দিয়া পৰ্যবেক্ষন কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। আনহাতে, অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা আৰু উপ সভাপতি অপূর্ব ভট্টাচার্যীৰ নেতৃত্বত ধুবুৰী লোকসভা সমষ্টিৰ বাবে গঠন কৰি দিয়া পৰ্যবেক্ষণ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত জাবেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়।

ফণীভূষণ চৌধুৰী আৰু জাবেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগে লগে দলীয় কৰ্মীসকল উৎসাহিত হৈ পৰিছে আৰু দুয়োগৰাকী প্ৰাৰ্থীকে জয়ী কৰোৱাৰ বাবে সৰ্বচ্চ উজাৰি দিয়াৰ পণ বান্ধিছে।

কাহিলীপাৰা জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে ৰূপালিম নামেৰে এটি অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ আনুষ্ঠানিক ভাৱে মুকলি…

আজি কাহিলীপাৰা জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে ৰূপালিম নামেৰে এটি অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ।ৰূপালিম নামেৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা  এই  ক্ৰমা ষ্টুডিঅ’ টো আজি  জ্যোতি চিত্রবনৰ

অধ্যক্ষ শ্রী বিদ্যা সাগৰে শুভ উদ্বোধন কৰে।এই মুকলি অনুস্থানত আজি উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা,উপকূল বৰদলৈ,দীপক কুমাৰ দত্ত,অৰূপ বৰঠাকুৰ, নাহিদ আহমেদ,ধীৰাজ কাশ্যপৰ লগতে ছবিজগতৰ বহু কেইজন বিশিষ্ট শিল্পী উপস্থিত থাকে।জ্যোতি চিত্রবনৰ অধ্যক্ষ শ্রী বিদ্যা সাগৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে

যে,অসমীয়া চলচ্চিত্ৰ জগতৰ কাৰনে  এটি ভাল খৱৰ ,জ্যোতি চিত্রবনৰ বহু দিনীয়া অভাৱ পূৰণ কৰি আজি এই অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ টোৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ছবি নিৰ্মাতা সকলোৰে বাবে সুখবৰ যে,বিশ্বৰ চলচ্চিত্ৰ বা ভাৰত বৰ্ষৰ বেলেগ ভাষাৰ চলচ্চিত্ৰ ছবিবিলাক যি দৰে

আগবাঢ়ি গৈছে ,সেই দৰে অসমীয়া ছবি জগতখনক  আগবঢ়াই নিয়াত এই ক্ৰমা ষ্টুডিঅ’ খনে যথেষ্ট সহায় আগবঢ়াব, কিয়নো বৰ্তমান বেছিভাগ ছবিয়ে ক্ৰমাত চুটিং কৰা হয়। গতিকে জ্যোতিচিত্ৰাবনত আনুষ্ঠানিক ভাৱে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলো যে ইয়াত এটি ক্ৰমা নিৰ্মাণ কৰি উলিয়াম আৰু আজি তাৰ পৰিপেক্ষিতত ৰূপালিম নামেৰে এই অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ টি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়

অসমত এতিয়া টায়াৰ জ্বলাই আন্দোলন কৰা সময় নহয়, নতুন অসম গঢ়াৰ সময়-ভুৱন পেগু…

অসমত এতিয়া টায়াৰ জ্বলাই আন্দোলন কৰা সময় নহয়, নতুন অসম গঢ়াৰ সময়-ভুৱন পেগু

চিলাপথাৰত অসম চৰকাৰৰ “বিকাশ যাত্ৰা” কাৰ্যসূচী,কেবাখনো কোটি টকীয়া আঁচনি মুকলি-আধাৰশিলা স্থাপন প্ৰদান-ভূৱনৰ

দেশৰ পাঁচ খন ৰাজ্যৰ ভিতৰতে অসমক অন্যতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে গাঁঞে ভূঞেঁ আৰম্ভ কৰিছে ‘বিকাশ যাত্ৰা ‘ শীৰ্ষক কাৰ্যসূচী।ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বিকাশ যাত্ৰা কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি অসম চৰকাৰৰ লোক নিৰ্মাণ(গৃহ) বিভাগৰ অধীনত ৭ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব লগা অকাজান জনজাতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

আন্তঃগাঁথনি নিৰ্মাণ আৰু ৩ কোটি ৫০ লাখ টকা ব্যয়ৰে ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুয়ে। ইয়াৰ পাছতে লোক নিৰ্মাণ(গৃহ) বিভাগৰ অধীনত ৩.৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগা চিলাপথাৰ কলেজৰ খেলপথাৰ, ১.৬৭ কোটি টকাৰে জোনাইত নিৰ্মান হ’বলগা আম্বেদকাৰ ভৱন,মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ১.৪৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগীয়া ভাঙিদিয়াৰ পৰা বৰচাপৰি হৈ জুঙালি কাৰ্য্যালয় সংযোগী পথ, ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ ২.২৪ কোটি টকা পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া চৌখামটিং চাৰিআলিৰ পৰা চিচিবৰগাঁও চাৰিআলি সংযোগী পথ,২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ ১.৪৮ কোটি টকা পুঁজিৰে নিৰ্মাণ হ’বলগা বতোৱাৰ পৰা হালধিবাৰী সংযোগী পথৰ উপৰি কেবাৰঙ্গ বেলং চেকাইমুখৰ পৰা ২ নং নামঘৰীয়া পথ,কেবাৰঙ্গ বেলং গড়কাপ্তানি পথৰ পৰা

চেকাই মাজগাঁও পথ,শ্ৰীপাণিৰ পৰা নিলখ পথাৰ সংযোগী পথ,শান্তিপুৰ জেংৰাই পৰা ৰমায়াপুৰ দেউৰী গাওঁ সংযোগী পথ,বেতনিপাম চাৰিআলিৰ পৰা গাইনদী মঠাউৰি লৈকে সংযোগী পথ, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত নাবাৰ্দৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ ১৮.৬৮ কোটি টকাৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া চিচিকলঘৰ পৰা দেউৰীঘাটলৈ মঠাউৰি নিৰ্মাণ, জোনাইত ১২ লাখ টকা পুঁজিৰে নিৰ্মাণ হ’বলগীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰ আঁচনি কেইখন আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি জল জীৱন আঁচনি কৈলাশপুৰ (১ কোটি ৩৪ লাখ), ধূনাগুৰি (১ কোটি ৬৬ লাখ),চিৰিপাণি আহোম পথাৰ (১কোটি ১৩ লাখ),ডাম্বুক কলাবাড়ী (৯৭ লাখ), আমগুৰী ডাম্বুক (১ কোটি ৭০ লাখ), নাহৰণি কুলি(৯৭ লাখ) কাৰেঙ গাওঁ (১ কোটি ১৭ লাখ) জল জীৱন আঁচনি শুভ উদ্বোধন কৰে সাংসদ আৰু বিধায়ক দ্বয়ে। আঁচনি উদ্ধোধন কৰি সাংসদ তথা লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ

প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাই কয় চৰকাৰে গ্ৰহণ কৰা এনে অভিলাষী আঁচনিৰ জৰিয়তে জিলাখনৰ শিক্ষা জগতত এক আমুল পৰিবৰ্তন হ’ব বুলি কৈ বানবিধস্ত এলেকাসমূহত আৰু নতুনকৈ ৩০ খন পকী দলঙ নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই। ইফালে এতিয়া অসমৰ ৰাজপথত টায়াৰ জ্বলাই আন্দোলন কৰাৰ সময় নহয়, নতুন অসম গঢ়াৰ সময় বুলি মন্তব্য কৰে বিধায়ক ভুৱন পেগুয়ে। আঁচনি উদ্ধোধন আৰু আধাৰশিলা অনুষ্ঠানত ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰাঁলী, ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱন্য পাইত দলে, ধেমাজি জিলা পৰিষদৰ উপ-সভাপতি বন্তিবালা পেগু, এম এ চি ৰ ইএম জ’হান দলে, সাধাৰণ সদস্য কনক দলে, প্ৰতাপ চন্দ্ৰ টায়ে, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ উপৰিও বিজেপিৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে।

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন সাংসদ কুইন ওজাৰ…

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন সাংসদ কুইন ওজাৰ

গুৱাহাটীৰ শান্তিপুৰস্থিত তথা অন্যতম ঐতিহ্যমণ্ডিত শিক্ষা প্রতিষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ বহু বছৰ আগতে নিৰ্মাণ কৰা সীমাৰ দেৱাল সমূহৰ উত্তৰ দিশৰ দেৱাল পুৰণি হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ফালৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক এই সমস্যাৰ সমাধানৰ বাবে আবেদন জনোৱা হৈছিল। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই সাংসদ কুইন ওজাই বিশেষ তৎপৰতা অবলম্বন কৰি তেঁওৰ ২০২৩-২০২৪ বৰ্ষৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত ২০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰাৰ বাবে আঁচনি

গ্ৰহণ কৰিছে। আজি প্রাগজ্যোতিষ মহাবিদ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত সীমা দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ কুইন ওজাই। এই উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ সাংসদ কুইন ওজাই কয় মই মহাবিদ্যাল়য়খনত সীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপনৰে উন্নয়নৰ অংশীদাৰ হবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আশাকৰো নিৰ্ধাৰিত সময়ৰ ভিতৰত দেৱালখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হব আৰু ইয়াৰ ফলত মহাবিদ্যালয়খনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব। ইফালে

অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতেও সাংসদ কুইন ওজাই বিভিন্ন বিষয়ত মত – বিনিময় অাৰু বাৰ্তালাপ কৰে । অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জগদীন্দ্ৰ ৰায় চৌধুৰী, প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ সভাপতি তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দেৱান ধ্ৰুৱজ্যোতি মৰল , সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসকে ধৰি সন্মিলনৰ কেবাজনো কৰ্মকৰ্তা, অাৰু বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে ।

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি সাহানী কাৱাৰিয়া এনজিঅ’ৰ পানবজাৰ মহিলা থানাত সম্বৰ্ধনা অনুষ্ঠান…

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি সাহানী কাৱাৰিয়া এনজিঅ’ৰ পানবজাৰ মহিলা থানাত সম্বৰ্ধনা অনুষ্ঠান

পানবজাৰ থানাৰ কৰ্মৰত মহিলা আৰক্ষী, পল্টন বজাৰ থানাৰ মহিলা আৰক্ষী, লটাশিল থানাৰ মহিলা আৰক্ষীৰ লগতে যান-বাহন শাখাৰ শতাধিক মহিলা আৰক্ষীক সম্বৰ্ধনা ,সাহানী কাৱাৰিয়া এনজিঅ’ই বিভিন্ন সময়ত দুৰ্গতসকল সহায়ৰ হাত আগবঢ়াই জনসমাদৃত হৈ অহাৰ সমান্তৰালভাৱে বিগত সপ্তাহত নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ভিন্ন স্থানত নাৰী দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰি নাৰীসকলক যথোচিত সন্মান প্ৰদান কৰিছে। সাহানী কাৱাৰিয়া এনজিঅ’ৰ সম্পাদক ৰাজু সাহানীৰ নেতৃত্বত আজি আবেলি ৩ বজাৰ পৰা পানবজাৰ মহিলা থানাত পানবজাৰ থানাৰ কৰ্মৰত

মহিলা আৰক্ষী, পল্টন বজাৰ থানাৰ মহিলা আৰক্ষী, লটাশিল থানাৰ মহিলা আৰক্ষীৰ লগতে যান-বাহন শাখাৰ শতাধিক মহিলা আৰক্ষীক সম্বৰ্ধনা এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত অনুষ্ঠানত দিন ৰাতি একাকাৰ কৰি জন সেৱাৰ্থে কৰ্মৰত প্ৰতিগৰাকী নাৰীক আনুষ্ঠানিকভাৱে ফুলাম গামোছা, জাপি, উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত সম্পাদক ৰাজু সাহানীয়ে – নাৰী সকলৰ মাজতে নিহিত হৈ আছে বিশাল প্ৰতিভাৰ ভাণ্ডাৰ। এই প্ৰতিভা বিকশিত কৰিব পৰাকৈ উপযুক্ত পৰিবেশ দি আমি পুৰুষ সমাজে সহযোগিতা কৰিব লাগিব।


কেৱল বাতৰি কাকত বা ফেচবুক, হোৱাটচএপত মহিয়সী, সৃষ্টিশীলা আদি বিশেষণীয় বিশেষণৰে শুভেচ্ছাবাণী লিখি উপচাই তোলাৰ পৰিৱৰ্তে নাৰীক সন্মান প্ৰদান কৰি প্ৰকৃতাৰ্থত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি নাৰীক মৰ্যাদা দিবলৈ সকলোৱে সংকল্পবদ্ধ হওক বুলি মন্তব্য কৰে। অনুষ্ঠানত পানবজাৰ মহিলা আৰক্ষী বিষয়া টিংকল গোস্বামী, সহ আৰক্ষী বিষয়া বৰষা বৰগোহাঁই, সাহানী কাৱাৰিয়া এনজিঅ’ৰ সভাপতি ৰাজকুমাৰ কনৱাৰ, সম্পাদক ৰাজু সাহানী, সদস্য কে.এন সিংহ, কিষণ জয়ছোৱাল, কনহইয়া জয়ছোৱাল, লেখক কমল কুমাৰ উপস্থিত থাকে।

নৰ্থ ইষ্ট অলিম্পিক গেমছলৈ চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাশা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত…

নৰ্থ ইষ্ট অলিম্পিক গেমছলৈ চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাশা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত।

১৮ মাৰ্চ তাৰিখৰ পৰা ২৩ মাৰ্চ তাৰিখলৈ নাগালেণ্ডত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২৪ত চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাষা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত হৈছে। চৰাইদেউ জিলাৰ সোণাৰি পাৰ্বতীপূৰৰ তিলক লাহন আৰু মাতৃ আৰতি চুতীয়াৰ সুযোগ্য কন্যা অভিলাষা লাহনে বেল্ট ৰেষ্টলিং ক্ৰীড়াৰ ৬৫ কেজি অনুৰ্ধ্ব শাখাত অংশগ্ৰহণ কৰিব আৰু ডিব্ৰুগড় জিলাৰ

নাহৰকটীয়া ৰাঙলী পথাৰ গাঁৱৰ পিতৃ বিশ্বনাথ লংপতীয়া আৰু মাতৃ বন্দনা লংপতীয়াৰ সুযোগ্য সন্তান সমীৰ ৰঞ্জন লংপতীয়াই বেল্ট ৰেষ্টলিং ক্ৰীড়াৰ ৭০ কেজি অনুৰ্ধ্ব শাখাত অংশগ্ৰহণ কৰিব।চৰাইদেউ জিলাৰ বেল্ট ৰেষ্টলিং সন্থাৰ সম্পাদক ও মুখ্য প্ৰশিক্ষক ৰাতুল গগৈ, সভাপতি লংকেশ্বৰ গগৈয়ে দুয়োগৰাকী প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে।

নাগালেণ্ড অলিম্পিক এচচিয়েচন আৰু নৰ্থ ইষ্ট অলিম্পিক এচচিয়েচনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২৪ত অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু চিকিম এই আঠখন ৰাজ্যই অংশগ্ৰহণ কৰিব।