Home Blog Page 969

নিয়মিত ব্যৱহাৰ কৰিলে ছালৰ ৰং বৃদ্ধি পাব, আঁতৰিব ছালৰ দাগ! কি ব্যৱহাৰ কৰিব…

যেনেকৈ গৰম বাঢ়িছে, সিমানেই সূৰ্য্যৰ তীব্ৰতা বাঢ়িছে। ছানস্ক্ৰীণ পিন্ধি যিমানেই ওলাই যাব সিমানেই কম বেছি পৰিমাণে ৰ’দত ছাল পুৰিবই। ৰ’দত পোৰা ছালৰ দাগ আঁতৰোৱাটো কোনো কঠিন কাম নহয়। মাত্ৰ কেইটামান বস্তুৰে এই সমস্যা সমাধান কৰিব পাৰিব-


নেমুৰ ৰসত প্ৰাকৃতিক ব্লিচ থাকে, যাৰ ফলত ছালৰ স্থিতিস্থাপকতা বৃদ্ধি পায়। ইয়াৰ উপৰিও মৌৱে ছালৰ আৰ্দ্ৰতা বজাই ৰাখে। কিন্তু এই মিশ্ৰণ প্ৰতিদিনে ব্যৱহাৰ কৰিব নোৱাৰি। এই মিশ্ৰণটো সপ্তাহত দুবাৰ বা তিনিবাৰ প্ৰয়োগ কৰিলেই যথেষ্ট। ছালৰ পৰা ক’লা দাগ আৰু দাগ আঁতৰাবলৈ এই মিশ্ৰণটো গা ধোৱাৰ আগতে তাত ৰাখিব লাগে। ১০ৰ পৰা ১৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব।

বিশেষকৈ ৰ’দত পোৰা ছালৰ দাগ আঁতৰোৱা আৰু বিষ কমোৱাত এই পেকটো ফলপ্ৰসূ। গা ধোৱাত দুই অলপ পিঠাগুৰি আৰু এচামুচ গাখীৰৰ মিশ্ৰণ মুখত লগালে এই সমস্যাটো সহজে সমাধান কৰিব পাৰি।

অমিতাৰ পৰা বিভিন্ন প্ৰকাৰৰ নিষ্কাশন পোৱা যায়। যিয়ে ছালখন উজ্জ্বল কৰাত সহায় কৰে। মৌৰ লগত ই ছালৰ আৰ্দ্ৰতা বজাই ৰাখে। পকা অমিতা লগত মৌ মিহলাই ডাঠ মিশ্ৰণ বনাব। ২০ৰ পৰা ৩০ মিনিট ৰাখি পানীৰে ধুই পেলাব।

আলুৰ ৰসে কেৱল ৰ’দত পোৰাৰ দাগই নহয়, ছালৰ আন যিকোনো দাগ আঁতৰোৱাত ভাল কাম কৰে। আলুৰ বাকলি উলিয়াই তাৰ পৰা ৰস উলিয়াই কপাহ এটা ডুবাই পোৰা ঠাইত আলুৰ ৰস লগাব। ১৫ৰ পৰা ২০ মিনিটৰ পিছত ধুই পেলাব।

বিলাহীত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে আৰু ছালৰ ক’লা দাগ আঁতৰোৱাত সহায় কৰে। নেমুৰ ৰসৰ দৰে বিলাহীতো প্ৰাকৃতিক ব্লিচ থাকে, যাৰ বাবে ৰ’দত পোৰা দাগবোৰ অতি সহজে আঁতৰাই পেলাব পাৰি।

চাপৰ ৰেল ষ্টেচনত পুনৰ আন্দোলনৰ কাৰ্যসূচী…

চাপৰ ৰেল ষ্টেচনত পুনৰ আন্দোলনৰ কাৰ্যসূচী।

চাপৰ ৰেল যাত্ৰী সন্থাৰ উদ্যোগত যাত্ৰীবাহী ৰেল ৰখাৰ দাবীত এই প্ৰতিবাদ।

তিনিদফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ, ৰেল বিভাগ, ৰেল মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ।

ধুবুৰী জিলাৰ চাপৰ ৰেল ষ্টেচনত যাত্ৰীবাহী ৰেল ৰখাৰ দাবীত চাপৰবাসী ৰাইজে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে। চাপৰ ৰেল ষ্টেচনত বিক্ষোভ কাৰ্যসূচীৰে সাৱস্থ কৰে প্ৰতিবাদ। বৃহত্তৰ চাপৰবাসীক অবজ্ঞা, প্ৰতাৰণা কৰা নচলিব, চাপৰত যাত্ৰীবাহী ৰেল ৰখাব লাগিব, ময়নাগুৰি-যোগিঘোপা ৰেলপথত পেছেঞ্জাৰ ৰেল চলোৱাৰ দাবীত বিভিন্ন শ্লোগানাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ।

যিহেতু চাপৰ পৰা বিলাসীপাৰা দুৰত্ব প্ৰায় ৩০ কি:মি: আনফালে অভয়াপুৰীৰ দুৰত্ব ৩৫ কি:মি:। তেনে ক্ষেত্ৰত চাপৰত যাত্ৰীবাহী ৰেল ৰখোৱাটো অত্যন্ত প্ৰয়োজন । যিহেতু চাপৰ তিনিখন জিলাৰ সীমান্তৱৰ্তী হোৱাৰ উপৰিও তিনিখন কৈ চাহ বাগিচা থকাৰ উপৰি কৃষি বিশ্ববিদ্যালয় থকাৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে

অনতিপলমে এই দাবী মানি লবলৈ ৰেল বিভাগক দাবী জনায়। ৰেল বিভাগে চাপৰবাসী ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিলে ইয়াৰ পিছত ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিয়ে আন্দোলনকাৰীয়ে।

নগাঁৱবাসীলৈ কি আহ্বান বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ…

নগাঁৱৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নগাঁও বিজেপি কাৰ্যালয়ত সংবাদমেল সম্বোধন। আগন্তুক লোকসভা নিৰ্বাচনত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বিজেপি দলৰ হৈ ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই ৷

নগাঁও লোকসভা সমষ্টিৰ ৰাইজৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত অধিক শক্তিশালি কৰিবলৈ তেওঁ নগাঁও লোকসভা সমষ্টিৰ ৰাইজলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই।

তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি উন্মোচন

তেজপুৰত জ্যোতি ভাৰতী (পকী)ত অনুস্থিত কৰা তেজপুৰৰ নৱ নিৰ্মিত মূল তোৰণ আৰু ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ব্ৰঞ্জৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ উন্মোচনী অনুস্থান ২০২৪। আজি শোনিতপুৰ জিলা তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতি (পকী)ত আনুস্থানিক ভাৱে অনুস্থিত কৰা হয়।

উন্মোচক, মন্ত্ৰী অশোক সিংহালৰ লগতে উপস্থিত থাকে শোনিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে উপস্থিত থাকে বিহালি সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু এমত্ৰণৰ উপাধক্ষ্য ঋতুবৰন শৰ্মা ও তেজপুৰ মহাভৈৰৱ দেৱালয় পৰিচালনা সমিটী সভাপতি হিৰন্য ভূঞাৰ লগতে উপস্থিত থাকে জ্যোতি ভাৰতী সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাস। ইয়াৰ পিছতে অনুস্থানটি শুভাৰম্ভ কৰা হয়। মূল তোৰনৰ ফিটা কাটি আজি এই অনুস্থানটিৰ লগতে সংগতি ৰাখি জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

১৭,৫০০ কোটি টকাত কৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পত কি কি আছে জানক…

যোৰহাটত ১৭,৫০০ কোটি টকাতৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে’ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে উপস্থিত থকা বিপুল জনসমাগমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ ২০০টা ভিন্ন স্থানৰ পৰা ২ লাখ লোকে যোগদান কৰা বুলিও উল্লেখ কৰে। মোদীয়ে গোলাঘাটৰ জনসাধাৰণে হাজাৰ হাজাৰ বন্তি জ্বলোৱাৰ দৃশ্যও প্ৰত্যক্ষ কৰে আৰু কয় যে জনসাধাৰণৰ মৰম আৰু আদৰেই তেওঁৰ সৰ্ববৃহৎ সম্পদ হিচাপে গঢ় লৈ উঠে। স্বাস্থ্য, গৃহ নিৰ্মাণ আৰু পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত প্ৰায় ১৭,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি অসমৰ উন্নয়নক গতি প্ৰদান কৰা বুলি তেওঁ দৃঢ়তাৰে কয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইয়াক এক অনন্য ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল আখ্যা দি ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰিৱেশ তন্ত্ৰৰ আকৰ্ষণৰ ওপৰত আলোকপাত কৰে। “এশিঙীয়া গঁড়ৰ ৭০ শতাংশ কাজিৰঙাত আছে”, তেওঁ কয়। লগতে জলাশয় হৰিণ, বাঘ, হাতী, বন্য ম’হ আদি বন্যপ্ৰাণী বিচাৰি পোৱাৰ অভিজ্ঞতাৰ বিষয়েও কয়। প্ৰধানমন্ত্ৰীয়ে গাফিলতি আৰু অপৰাধৰ সৈতে সহযোগিতাৰ ফলত গঁড় কেনেদৰে বিপন্ন হৈ পৰিছিল সেই কথা আঙুলিয়াই দি ২০১৩ চনত এবছৰত ২৭টা গঁড় চিকাৰ হোৱাৰ কথা মনত পেলাই দিয়ে। চৰকাৰৰ প্ৰচেষ্টাত ২০২২ চনত এই সংখ্যা শূন্যলৈ হ্ৰাস কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ সোণালী জয়ন্তী বৰ্ষত অসমবাসীক শুভেচ্ছা জনায়, নাগৰিকসকলক ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।

বীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক”। ২০০২ চনত নতুন দিল্লীত তেওঁৰ ৪০০ সংখ্যক জন্ম জয়ন্তী অতি আড়ম্বৰ আৰু সন্মানেৰে উদযাপন কৰাৰ কথাও স্মৰণ কৰি সাহসী যোদ্ধাজনৰ প্ৰতি মূৰ দোঁৱায়।

“বিকাশ ভি ঔৰ বিৰাসত ভি’ বিকাশৰ লগতে ঐতিহ্যও আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্ৰ হৈ আহিছে,” প্ৰধানমন্ত্ৰীয়ে কয়। আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তি খণ্ডত অসমে দ্ৰুত অগ্ৰগতি লাভ কৰিছে। এইমছ, তিনিচুকীয়াৰ দৰে স্বাস্থ্য আন্তঃগাঁথনি, যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট চিকিৎসালয়ে অসমক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে পিএম উৰ্জা গংগা যোজনাৰ অধীনত বাৰাউনী – গুৱাহাটী পাইপলাইন ৰাষ্ট্ৰক সমৰ্পণ কৰাৰ কথাও উল্লেখ কৰে। তেওঁ জনোৱা মতে, গেছ পাইপলাইনে উত্তৰ-পূব গ্ৰীডক ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযোগ কৰি ৩০ লাখ ঘৰ আৰু ৬০০ৰো অধিক চিএনজি ষ্টেচনত গেছ যোগান ধৰাত সহায় কৰিব, যাৰ ফলত বিহাৰ, পশ্চিমবংগ আৰু অসমৰ ৩০খনতকৈও অধিক জিলাৰ লোকসকল উপকৃত হ’ব।

ডিগবৈ শোধনাগাৰ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণৰ শুভাৰম্ভণিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমত শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীক পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰিছিল। তেওঁ জোৰ দি কয় যে বৰ্তমান চৰকাৰৰ প্ৰচেষ্টাত অসমৰ শোধনাগাৰৰ মুঠ ক্ষমতা এতিয়া দুগুণ হোৱাৰ বিপৰীতে নুমলীগড় শোধনাগাৰৰ ক্ষমতা তিনিগুণ বৃদ্ধি পাব। “যিকোনো অঞ্চলৰ উন্নয়ন দ্ৰুত গতিত হয় যেতিয়া উন্নয়নৰ উদ্দেশ্য শক্তিশালী হয়”, তেওঁ লগতে কয়।

তেওঁ পকা ঘৰ পোৱা ৫.৫ লাখ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই ঘৰবোৰ কেৱল ঘৰ নহয় বৰঞ্চ শৌচাগাৰ, গেছ সংযোগ, বিদ্যুৎ আৰু পাইপৰ পানী সংযোগ আদি সুবিধাৰে সজ্জিত কৰা হৈছে। এতিয়ালৈকে ১৮ লাখ পৰিয়ালক এনে ঘৰৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জনায়। এই ঘৰবোৰৰ বেছিভাগেই মহিলাৰ নামত থকা বুলি কৈ তেওঁ সুখ প্ৰকাশ কৰে।

অসমৰ প্ৰতিগৰাকী মহিলাৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ সঞ্চয়ৰ উন্নতিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নাৰী দিৱসত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ কালিৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। আয়ুষ্মান কাৰ্ডৰ দৰে আঁচনিসমূহেও মহিলাসকলক উপকৃত কৰিছে। জল জীৱন অভিযানৰ অধীনত অসমত ৫০ লাখৰো অধিক পৰিয়ালে পাইপৰ পানীৰ সংযোগ লাভ কৰিছে। লগতে ৩ কোটি লাখপতি দিদি সৃষ্টিৰ প্ৰতিশ্ৰুতিও দোহাৰে।

২০১৪ চনৰ পিছত অসমত যি ঐতিহাসিক পৰিৱৰ্তন ঘটে, তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ২.৫ লাখতকৈ অধিক ভূমিহীন থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতে প্ৰায় ৮ লাখ চাহ বাগিচাৰ শ্ৰমিকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰি চৰকাৰী সুবিধাসমূহ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰিত কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ ফলত মধ্যভোগীৰ বাবে সকলো দুৱাৰ বন্ধ হৈ পৰিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

“বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি প্ৰয়োজনীয়,” প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ আৰু কয়, “মোদীয়ে সমগ্ৰ উত্তৰ-পূবক নিজৰ পৰিয়াল বুলি গণ্য কৰে। সেইবাবেই আমি বছৰ বছৰ ধৰি পৰি থকা প্ৰকল্পসমূহৰ ওপৰতো গুৰুত্ব দিছোঁ”। তেওঁ শৰাইঘাটৰ দলং, ধলা-শদিয়া দলং, বগীবিল দলং, বৰাক উপত্যকালৈকে ৰে’লপথৰ ব্ৰড গজ সম্প্ৰসাৰণ, মাল্টি মডেল লজিষ্টিক পাৰ্ক, যোগীঘোপা, ব্ৰহ্মপুত্ৰ নদীত দুখন নতুন দলং আৰু অসমত ২০১৪ত ১ৰ বিপৰীতে উত্তৰ-পূবত ১৮খন জলপথৰ দৰে প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। তেওঁ যোৱা কেবিনেট বৈঠকত বিস্তাৰিত পৰিসৰৰ সৈতে নতুন ৰূপত অনুমোদন জনোৱা উন্নতি আঁচনিৰ কথাও উল্লেখ কৰে। কেবিনেটে মৰাপাটৰ বাবে এমএছপিও বৃদ্ধি কৰিছে যাৰ ফলত ৰাজ্যৰ মৰাপাট খেতিয়কসকল উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে প্ৰতিজন ভাৰতীয়ই তেওঁৰ পৰিয়াল। “ভাৰতৰ ১৪০ কোটি নাগৰিকক তেওঁৰ পৰিয়াল বুলি বিশ্বাস কৰাৰ বাবেই নহয়, দিনে-নিশাই তেওঁলোকক সেৱা আগবঢ়াই থকাৰ বাবেই মোদীৰ ওপৰত জনতাৰ মৰমৰ সূচনা হয়”, আজিৰ অনুষ্ঠানটোৱে এই বিশ্বাসক প্ৰতিনিধিত্ব কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সামৰণি মাৰে আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে নাগৰিকসকলক অভিনন্দন জনাই, ‘ভাৰত মাতা কী জয়’ ধ্বনি দৃশ্যপটত প্ৰতিধ্বনিত হয়। এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰৰ মেডিকেল কলেজ এণ্ড হস্পিতাল আৰু গুৱাহাটীত হেমাট’-লিম্ফ’ইড চেণ্টাৰকে ধৰি পিএম ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন (PM-DevINE) আঁচনিৰ অধীনত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ডিগবৈ শোধনাগাৰৰ ক্ষমতা ০.৬৫ৰ পৰা ১ এমএমটিপিএ (বছৰি মিলিয়ন মেট্ৰিক টন)লৈ সম্প্ৰসাৰণকে ধৰি তেল আৰু গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে; ইয়াৰ ভিতৰত আছে গুৱাহাটী শোধনাগাৰ সম্প্ৰসাৰণ (১.০ৰ পৰা ১.২ এমএমটিপিএ)ৰ লগতে কেটালাইটিক ৰিফৰ্মিং ইউনিট (চিআৰইউ) স্থাপন; আৰু বেতকুচি (গুৱাহাটী) টাৰ্মিনেল: ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত সুবিধাসমূহ বৃদ্ধি কৰা, আদি।

প্ৰধানমন্ত্ৰীয়ে অন্যান্যৰ লগতে গুৰুত্বপূৰ্ণ প্ৰকল্প যেনে তিনিচুকীয়াত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়; আৰু প্ৰায় ৩,৯৯২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৭১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাৰাউনী – গুৱাহাটী পাইপলাইন (প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ) ৰাষ্ট্ৰক সমৰ্পিত কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮,৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামিন (পিএমএৱাই-জি)ৰ অধীনত প্ৰায় ৫.৫ লাখ ঘৰ উদ্বোধন কৰে;

প্ৰধানমন্ত্ৰীয়ে ধূপধৰা-ছয়গাঁও খণ্ড (নতুন বঙাইগাঁও – গুৱাহাটী ভায়া গোৱালপাৰা ডাবলিং প্ৰকল্পৰ অংশ) আৰু নতুন বঙাইগাঁও – সৰভোগ খণ্ড (নতুন বঙাইগাঁও – আজ্ঞাঠুৰী ডাবলিং প্ৰকল্পৰ অংশ)কে ধৰি অসমৰ ১৩০০ কোটি টকাৰো অধিক মূল্যৰ গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্পসমূহ ৰাষ্ট্ৰক সমৰ্পিত কৰে।

২৬ বছৰীয়া পৰ্ণ ছবিৰ তাৰকা ছফিয়া লিয়নী আৰু নাই…

আমেৰিকাত বাস কৰা পৰ্ণ ছবিৰ তাৰকা ছফিয়া লিয়নীৰ মৃত্যু হৈছে। খবৰ অনুসৰি তেওঁৰ মৃতদেহ ১ মাৰ্চতে তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল। অৱশ্যে, চফিয়াৰ মৃত্যুৰ খবৰ তেওঁৰ পৰিয়ালে ইমান দিনে গোপনে ৰাখিছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ভাতৃয়ে ছফিয়াৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰিছে। জানিব পৰা মতে অভিনেত্ৰীগৰাকীক ১ মাৰ্চত অচেতন অৱস্থাত তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল। পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ পৰিয়ালে ছফিয়াৰ মৃত্যুৰ খবৰটো কিয় গোপনে ৰাখিছিল তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষীয়ে ছফিয়াৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে।

ছফিয়া লিয়নে ১৮ বছৰ বয়সৰ পৰাই পৰ্ণ ছবিৰ পৃথিৱীত ভৰি দিছিল। তেওঁ আৰম্ভণিৰে পৰাই মানুহৰ চকুত পৰিছিল। তেওঁ কেইবাটাও বঁটাও লাভ কৰিছিল। মৃত্যুৰ সময়ত ছফিয়াৰ বয়স হৈছিল ২৬ বছৰ। ছফিয়াৰ মৃত্যু স্বাভাৱিক নে তেওঁক হত্যা কৰা হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। পৰিয়ালটোৱে মৃত্যুৰ খবৰ কিয় লুকুৱাই ৰাখিছিল সেই বিষয়ত মাৰ্কিন আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

বিকশিত ভাৰত বিকশিত উত্তৰ-পূবঃ উত্তৰ-পূবৰ বাবে কি কি প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

উত্তৰ-পূবৰ প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সুদৃঢ়কৰণেৰে ইটানগৰত ‘বিকশিত ভাৰত, বিকশিত উত্তৰ-পূৰ্বাঞ্চল’ কাৰ্য্যসূচীত মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ৰেল, পথ, স্বাস্থ্য, গৃহ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, আইটি, শক্তি, তেল আৰু গেছৰ দৰে খণ্ডসমূহৰ সৈতে সম্পৰ্কীয় কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰা হয়৷এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন ঔদ্যোগিক উন্নয়ন আঁচনি ‘উন্নতি’ (UNNATI- Uttar Poorva Transformative Industrialization Scheme)ৰ শুভাৰম্ভ কৰে৷ এই আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বাতাবৰণক সুদৃঢ়, নতুন বিনিয়োগক প্ৰলুব্ধ, নতুন উৎপাদন আৰু সেৱা ইউনিট স্থাপনত সহায় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কৰ্ম-সংস্থাপনৰ ক্ষেত্ৰত উদ্গনি যোগাব। এই আঁচনিখনৰ মূল্য ১০,০০০ কোটি টকা। ভাৰত চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যকেই সামৰি এই আঁচনি ৰূপায়ণ কৰা হ’ব। আঁচনিখনে মূলধনী বিনিয়োগ, সুতৰ সাহায্য আৰু অনুমোদিত ইউনিটসমূহৰ সৈতে উৎপাদন আৰু সেৱা সংযুক্ত ইনচেনটিভৰ বাবে উদ্দীপনা যোগাব।

যোগ্য ইউনিটৰ সহজ আৰু স্বচ্ছ পঞ্জীয়নৰ বাবেও এটা পৰ্টেল আৰম্ভ কৰা হৈছে। ‘উন্নতি’য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অনুঘটক হিচাপে ক্ৰিয়া কৰিব আৰু অৰ্থনৈতিক বিকাশ তথা উন্নয়নত সহায় কৰিব।প্ৰায় ৮২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছেলা টানেল প্ৰকল্পটো হৈছে এক কাৰিকৰী আশ্চৰ্য্য। ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশলৈ বালিপৰা-চাৰিদুৱাৰ- টাৱাং পথৰ ছেলা পাছৰ টাৱাঙলৈকে সকলো বতৰৰে উপযোগী যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। ইয়াক নতুন অষ্ট্ৰিয়ান টানেলিং পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত উচ্চতম মানদণ্ডৰ সুৰক্ষা বৈশিষ্ট্যৰে সমৃদ্ধ কৰা হৈছে। এই প্ৰকল্পই অঞ্চলটোত দ্ৰুত আৰু অধিক কাৰ্য্যক্ষম পৰিবহণ ব্যৱস্থা প্ৰশস্তই নহয়, বৰঞ্চ দেশৰ বাবে ইয়াৰ কৌশলগত গুৰুত্বও আছে। ২০১৯ৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়েই এই ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল।প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত ৪১ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে৷প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ৩১,৮৭৫ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই বান্ধটো হ’ব দেশৰ সৰ্বোচ্চ বান্ধ৷ ইয়াৰদ্বাৰা শক্তি উৎপাদন হ’ব, বানপানীৰ নিয়ন্ত্ৰণত সহায় হ’ব আৰু অঞ্চলটোত কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি আৰু আৰ্থ-সামাজিক উন্নয়নৰ সূচনা হ’ব।

আধাৰশিলা স্থাপন কৰা আন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত ‘প্ৰাণৱন্ত গাঁও কাৰ্যসূচী’ৰ অধীনত কেইবাটাও পথ, পৰিবেশ আৰু পৰ্যটন প্ৰকল্প; ৫০খন বিদ্যালয়ক সোণালী জয়ন্তী বিদ্যালয়লৈ উন্নীত কৰা যি সমূহত অত্যাধুনিক আন্তঃগাঁথনিৰ সুবিধাৰ জৰিয়তে সামগ্ৰিক শিক্ষা প্ৰদান কৰা হ’ব; ডনি-প’ল’ বিমানবন্দৰৰপৰা নাহৰলগুন ৰে’লৱে ষ্টেচনলৈ দ্বৈত পথলৈ উন্নীতকৰণ আদি।প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ কেইবাটাও পথ প্ৰকল্পকে ধৰি ভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ জল জীৱন মিছনৰ প্ৰায় ১,১০০টা প্ৰকল্প, ইউনিভাৰ্চেল ছাৰ্ভিচ অবলিগেচন ফাণ্ড (USOF)ৰ অধীনত ১৭০টা টেলিকম টাৱাৰ যিয়ে ৩০০খনৰো অধিক গাঁওক উপকৃত কৰিব আদি। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত (নগৰীয়া আৰু গ্ৰাম্য উভয়ে) ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৩৫ হাজাৰৰো অধিক গৃহ হিতাধিকাৰীসকলক অৰ্পণ কৰে৷প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে নীলাকুঠিত ইউনিটি মল স্থাপন; মন্ত্ৰীপুখুৰীত মণিপুৰ আইটি এছইজেদৰ প্ৰচেছিং জ’নৰ আন্তঃগাঁথনিৰ উন্নয়ন; মনোৰোগৰ উন্নত চিকিৎসাৰ বাবে লম্পঝেলপাটত ৬০খন বিচনাযুক্ত ৰাজ্যিক চিকিৎসালয় নিৰ্মাণ আৰু ইম্ফল পশ্চিম জিলাৰ মণিপুৰ কাৰিকৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰধানমন্ত্ৰীয়ে আন-আন প্ৰকল্পৰ লগতে মণিপুৰত ভিন্ন পথ প্ৰকল্প আৰু কেইবাখনো পানী যোগান আঁচনি উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে নাগাস্থলত ১,৭০০ কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে একাধিক পথ প্ৰকল্প; চুমৌকেডিমাত ইউনিটি মল স্থাপন আৰু ডিমাপুৰৰ নগৰজানত ১৩২ কেভি উপ-কেন্দ্ৰৰ ক্ষমতা ৰূপান্তৰৰ উন্নীতকৰণৰ কাম। প্ৰধানমন্ত্ৰীয়ে চেণ্ডাং চেডেলৰপৰা নোক্লকলৈ ( প্ৰথম পৰ্য্যায়) পথ উন্নীতকৰণৰ প্ৰকল্প আৰু কহিমা-জেছামি ৰোডকে ধৰি আন কেইবাটাও পথ প্ৰকল্প উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে মেঘালয়ত ২৯০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে তুৰাত আইটি পাৰ্ক স্থাপন আৰু নিউ শ্বিলং টাউনশ্বিপত নতুন ফ’ৰলেনযুক্ত পথ নিৰ্মাণ আৰু বৰ্তমানৰ দ্বৈত পথযুক্ত পথটো ফ’ৰলেনলৈ উন্নীতকৰণৰ কাম।

প্ৰধানমন্ত্ৰীয়ে আপাৰ শ্বিলঙত কৃষকৰ হোষ্টেল-তথা-প্ৰশিক্ষণ কেন্দ্ৰও উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে ছিকিমত ৪৫০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে ৰংপো ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়ন আৰু কেইবাটাও পথ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ থাৰ্পু আৰু দৰমদিন সংযোগী নতুন পথটোও উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত ৮,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে আগৰতলা পশ্চিম বাইপাছৰ নিৰ্মাণ আৰু ৰাজ্যজুৰি একাধিক পথ প্ৰকল্প নিৰ্মাণ; ভাৰতীয় তেল নিগমৰ চেকেৰকোটত নিৰ্মাণ হ’বলগীয়া নতুন ডিপো আৰু ড্ৰাগছ আসক্ত ব্যক্তিৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ভিন্ন পথ প্ৰকল্পও উদ্বোধন কৰে৷ ১.৪৬ লাখ গ্ৰামীণ কাৰ্য্যক্ষম ঘৰুৱা টেপ সংযোগৰ বাবে প্ৰকল্প আৰু প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত দক্ষিণ ত্ৰিপুৰা জিলাৰ চাব্ৰুমত স্থল বন্দৰ উদ্বোধন কৰে৷ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চাব্ৰুম স্থল বন্দৰ স্থাপন কৰা হৈছে। স্থল বন্দৰটো যাত্ৰী টাৰ্মিনেল ভৱন, কাৰ্গো প্ৰশাসনিক ভৱন, গুদাম, অগ্নিনিৰ্বাপক বাহিনীৰ ভৱন, বিদ্যুৎ উপ-কেন্দ্ৰ, পাম্প হাউচ আদিৰ দৰে সুবিধাৰে সমৃদ্ধ। ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী আৰু সামগ্ৰীৰ যাতায়াত আৰু পৰিবহণত সুবিধা হ’ব। ২০২১ৰ মাৰ্চত প্ৰধানমন্ত্ৰীয়েই এই বন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল।

বহুত ধনী মানুহ মোৰ পিছত আছিল! কেৱল টকাৰ বাবেই ৰাজ কুন্দ্ৰাৰ সৈতে বিয়াত বহিছিল নেকি শিল্পা শ্বেট্টী…

টকাৰ বিনিময়ত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ সৈতে বিয়াত বহিছিল জনপ্ৰিয় অভিনেত্ৰী শিল্পা শ্বেট্টী, এইদৰে শিল্পাক বহুতে ট্ৰ’ল কৰিছিল। কিন্তু শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত শিল্পা শ্বেট্টীয়ে ট্ৰ’লাৰসকলক উপযুক্ত উত্তৰ দিছে। ব্যক্তিগত জীৱনক লৈ বহুবাৰ ট্ৰ’লৰ সন্মুখীন হৈছে শিল্পা শ্বেট্টী। শেহতীয়াকৈ শিল্পাই এক সাক্ষাৎকাৰ কৈছিল, য’ত ৰাজ কুন্দ্ৰৰ সৈতে তেওঁৰ বিবাহক লৈ প্ৰশ্ন উত্থাপন কৰাসকলক উপযুক্ত উত্তৰ দিছিল। শিল্পাই কয় যে তেওঁ ৰাজক কেৱল টকাৰ বাবে বিয়া কৰাইছিল বুলি বহুবাৰ অভিযোগ উত্থাপন হৈছে। শিল্পাই কৈছে, যদি কেৱল টকাৰ বাবে বিয়া হ’ব লগা হ’ল হয়, তেন্তে মোৰ পিছত আৰু বহু মানুহ আছিল।’ শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰই বিবাহ বিষয়ত ক’লে- ‘যেতিয়া আপুনি এগৰাকী সফল নাৰী হয়, তেতিয়া আপুনি আপোনাৰ স্বামী হিচাপে এনে এজন ব্যক্তিক বিচাৰে যি আপোনাৰ প্ৰতি অসুৰক্ষিত নহয়। আপুনি আপোনাৰ জীৱনশৈলীৰ সামৰ্থ্য থকা এজন ব্যক্তিক বিয়া কৰাওক, নহ’লে অভিমান চিনেমাৰ দৰে এটা দৃশ্য ঘৰতে হ’ব। শিল্পইও ক’লে- ‘ৰাজ কুন্দ্ৰৰ লগত বিয়া হোৱাৰ কাৰণ তেওঁ নিজেই আছিল। শিল্পাই নিজৰ বক্তব্যৰ সামৰণিত কয় যে, ‘সেই সময়ত বহু ধনী লোক তেওঁৰ পিছত আছিল যদিও তেওঁ জীৱনত কেতিয়াও টকাৰ বাবে কোনো সিদ্ধান্ত লোৱা নাছিল।’

সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰি কি লাভঃ মুখ্যমন্ত্ৰী

পুৱাই বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সন্তান জন্ম হোৱাৰ পাছত নামাকৰণ সময়ত হুলস্থুল কৰিলে কি লাভ হ’ব? আন্দোলন হ’ব লাগিছিল আইন পাছ হোৱাৰ সময়ত। এতিয়া কা বলবৎ হ’বৰ সময়ত আন্দোলন কৰিলে কি লাভ হ’ব। কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায়, ময়ো নতুন মুখ সুমাবলৈ নিদিওঁ। বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কা সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

বটদ্ৰৱা প্ৰকল্পৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপুৰ্তি তথা ১০ মেৰ পূৰ্বে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প। পুৱা হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মিয়মান প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে…

অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰিলে মোদীয়ে,আহ্বান জনালে পৰ্যটকক চাহ বাগিচা পৰিদৰ্শন কৰিবলৈ । অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে।

তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এইবুলি ‘পোষ্ট’ কৰিছে: “অসম ইয়াৰ সুন্দৰ চাহ বাগিচাসমূহৰ বাবে জনাজাত, আৰু অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে।

মই চাহ বাগিচাৰ অসাধাৰণ সম্প্ৰদায়টোক প্ৰশংসা কৰিব বিচাৰিছোঁ, যিসকলে কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সমগ্ৰ বিশ্বতে অসমৰ সন্মান বৃদ্ধি কৰি আহিছে। মই পৰ্যটকসকলক ৰাজ্যখন ভ্ৰমণৰ সময়ত এই চাহ বাগিচাসমূহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছোঁ।”