সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিলে ফিনলেণ্ডক, ভাৰতৰ স্থান ১২৬ত বিশ্বৰ আটাইতকৈ সুখী লোকসকলে দেশ বাস কৰা দেশ হিচাবে পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড। সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড। আনহাতে সুখৰ ক্ষেত্ৰত ১৪৬ খন দেশৰ তালিকাত ভাৰত ১২৬ সংখ্যক স্থানত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ লোকসকল ভাৰততকৈ অধিক সুখী! তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড। ফিনলেণ্ডে একেৰাহে সপ্তমবাৰৰ বাবে তালিকাত এক নম্বৰ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে।ৰাষ্ট্ৰসংঘই এক দশকৰো অধিক কাল ধৰি এই সুখৰ এই তালিকা প্ৰকাশ কৰি আহিছে। ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, চুইডেন আৰু ইজৰাইলে শীৰ্ষ পাঁচটা স্থান দখল কৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী শীৰ্ষ ২০ত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান হৈছে ২৩ । ২৪ সংখ্যক স্থানত আছে জাৰ্মানী। ব্ৰিটেইন ২০ সংখ্যক স্থানত আছে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত নেপাল ৯৩ সংখ্যক স্থানত আছে। পাকিস্তানৰ স্থান ১০৮ ।
আনহাতে, শ্ৰীলংকা আৰু বাংলাদেশৰ স্থান ভাৰতৰ তলত আছে। এই দেশ দুখনৰ স্থান ক্ৰমান্বয়ে ১২৮ আৰু ১২৯ নম্বৰত আছে। তালিকাৰ একেোৰে তলত তালিবান শাসিত আফগানিস্তান আছে। আফগানিস্তান ১৪৩ নম্বৰত আছে। আফগানিস্তানৰ উপৰি লেবানন আৰু জৰ্ডানৰ অৱস্থানৰো যথেষ্ট অৱনতি ঘটিছে। “সুখ” কেনেকৈ জোখা হয়? গৱেষকসকলে জিডিপি, সামাজিক উন্নয়ন, ব্যক্তিগত স্বাধীনতা আৰু দুৰ্নীতিৰ হাৰৰ ক্ষেত্ৰত ১৫৬ খন দেশত জৰীপ চলাইছিল। বিভিন্ন কাৰক বিশ্লেষণ কৰি আটাইতকৈ সুখী দেশখন নিৰ্বাচন কৰা হৈছে। গৱেষকসকলে কৈছে যে যি খন দেশত মানুহে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, সকলোৰে সৈতে সুখ ভাগ বতৰা কৰে, ইজনে সিজনক বিশ্বাস কৰে, সেই দেশখনকে আটাইতকৈ সুখী দেশখন হিচাপে নিৰ্বাচন কৰা হয়।ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ গৱেষক জেনিফাৰ ডি পাওলাই সংবাদ মাধ্যমক কয় যে ফিনলেণ্ডৰ লোকসকলৰ প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰে। সেয়াই তেওঁলোকৰ জীৱনৰ সন্তুষ্টিৰ আটাইতকৈ ডাঙৰ কাৰণ।
ৰাজকুমাৰ দাই সেই স্থানত এটা গুহাও আছে বুলি কোৱা কথাষাৰত খুব উৎসুকতাৰে ৰাতিটো পাৰ কৰিলো। কাৰণ পিছদিনা পুৱাই গুহাটোৰ অন্নেষণত যোৱাৰ কথাই মনটো ইতিমধ্যেই ব্যাকুল কৰি তুলিছিল। সিদিনা ৰাজকুমাৰ দাৰ ঘৰৰ কাষৰ কাংকন নগৰত থকা গুহাটোলৈ যোৱাৰ কথা কওঁতে তেওঁ ওলোটাই কলে যে, নহয়, কালিলৈ গাৰো বস্তিত থকা গুহাটোলৈ যাও বলক। গাৰো বস্তিৰ গুহাটোৰ কথা শুনি প্ৰথম অৱস্থাত মই আচৰিতেই হৈছিলো। কিয়নো এই স্থানৰ কাষতে থকা মহাদেৱ টিলালৈ বিশেষকৈ শিৱৰাত্ৰীৰ দিনা মই বহু বছৰ ধৰি গৈ আছোঁ যদিও ইয়াৰ কাষতে থকা গুহাটোৰ কথা কোনো দিনেই শুনা নাছিলোঁ। কথাটোত হয়ভৰ দি বন্ধু নিলয়ক লগ ধৰিলো। নিলয় মোৰ দেওবৰীয়া যাত্ৰাৰ লগৰীয়া। দুয়ো মহানগৰীৰ নিকটবৰ্তী পাহাৰ সমূহৰ বহু দুৰ্গম স্থান ঘূৰিলো। কভিদৰ সময়ত আৰম্ভ হোৱা আমাৰ দেওবৰীয়া যাত্ৰাই শেহতীয়াভাৱে এক বিশেষ মাত্ৰা লাভ কৰিছে। অৱশ্যে এটা কথা কব লাগিব যে প্ৰাকৃতিক উৎসসমূহ চলাথ কৰাৰ প্ৰতি থকা মোৰ চখ আৰু নিচা বেছ পুৰণি। প্ৰায় ২০০০ মান চনত ছেভেন চিষ্টাৰ্চ এক্সপ্লৰেচনৰ জৰিয়তে আৰম্ভ কৰা ট্ৰেকিং অথবা এডভেঞ্চাৰ মূলক যাত্ৰাসমূহ পৰবৰ্তী সময়ত বিভিন্ন পৰ্যায়েৰে আহি সম্প্ৰতি এক বিশেষ উদ্যোগ ৰূপে পৰিগণিত হৈছে।
গুহা অভিমুখী যাত্ৰা আৰম্ভ কৰোঁতে পুৱাৰ সূৰুয ক্ৰমাৎ গাভৰু হৈ পৰিছিল। ইতিমধ্যে দুই এজন খৰিকটীয়াই আমি যোৱা পথটিৰে খৰি কটাৰ বাবে অৰণ্যত প্ৰবেশৰ বাট বুলিছিল। মূলতঃ এয়া আমচিং বনাঞ্চল। বন নীতিও প্ৰযোজ্য হয় ইয়াত। তথাপি জীৱন আৰু জীৱিকাৰ বাবে অৰণ্য আৰু পাৰ্শ্ববৰ্তী ঠাইৰ বাসিন্দাৰ সম্পৰ্ক অভিন্ন। এক কথাত ই চিৰযুগমীয়া আৰু অৱধাৰিত। এই আমছিং সংৰক্ষিত বনাঞ্চলৰ মাজতেই অৱস্থিত আজিৰ যাত্ৰাৰ উপলক্ষ এই শ্ৰী শ্ৰী ৰুদ্ৰ বাবা গুহা মন্দিৰ। সঁচা অৰ্থত এটা ৰহস্যময় গুহা আৰু মন্দিৰ। বিশ্বাস অবিশ্বাসৰ দুদুল্যমান স্থিতিৰ মাজত উন্মোচিত এই গুহা বা মহাদেৱ মন্দিৰ। কোৱা হয় বিশ্বাসে মিলয় হৰি। সেই অৰ্থত এই মন্দিৰটোত বহু বিশ্বাস জৰিত হৈ আছে বুলি কব পাৰি। গুহাটো যদিও পাহাৰটোৰ একেবাৰে নামনিত অৱস্থিত । তথাপি ইয়ালৈ আহিবলৈ হলে পাহাৰটোৰ মাজ অংশৰ পৰাই যাত্ৰা আৰম্ভ কৰিব লাগিব । মূল পথৰ পৰা পাহাৰটোৰে উঠি আহি আমি এটা চাৰিআলি সংযোগী স্থান পালোঁ। ইয়াৰ পৰাই পাহাৰীয়া পথেৰে চাৰি দিশৰ চাৰি দিশৰ পৰা চাৰিটা লুংলুঙীয়া পথ আৰম্ভ হয়। তলৰ এটা দিশে নামি গলে গাৰো বস্তি আৰু ওপৰলৈ উঠি গলে পাহাৰৰ শীৰ্ষ স্থানত মানৱ নিৰ্মিত শিৱ মন্দিৰ । মহাদেৱ টিলা খ্যাত এই শিৱ মন্দিৰটোত শিৱ ৰাত্ৰিৰ দিনা ভক্তৰ লানি নিছিগা সোঁত বয়। কিন্তু ইমান সহজ নহয় শিৱ মন্দিৰটোলৈ উঠি যোৱা যাত্ৰাপথ। কোনো কোনো স্থানত খুপি খুপি, বগুৱা বাই উঠিব লাগে। নিৰ্দিষ্ট পথবিহীন অতিশয় থিয় এই পাহাৰীয়া মন্দিৰ অভিমুখী যাত্ৰাৰ বাবে মানসিক ভাবে শক্তি আৰু ভক্তি দুয়োটাই থাকিব লাগিব। অন্যহাতে গুহা অভিমুখী যাত্ৰাটোক প্ৰাকৃতিক ভাবে অনন্য সুন্দৰ এটা পাহাৰীয়া জয়াল পথ বুলিব পাৰি। পথটোৰ এফালে এঢলীয়া গড়া আৰু উপৰিভাগত আকাশ সদৃশ ওখ পাহাৰীয়া ভূমি, যাক উল্লেখ কৰাৰ দৰেই মহাদেৱ টিলাৰ পাৰ্শ্ববৰ্তি স্থান বুলিব পাৰি। আন অৰ্থত এই যাত্ৰাপথক প্ৰাকৃতিক পৰিবেশৰ মাজেৰে নিজকে হেৰুৱাই পেলাব পৰা এক কষ্টহীন সুমধুৰ যাত্ৰা বুলিব পাৰি। ফাগুনৰ তলসৰা শুকান পাতৰ গোন্ধ আৰু মাজে মাজে এই পাতবোৰত ভৰি লাগি সৃষ্টি হোৱা কেৰকেৰিয়া শব্দৰ মাজেৰে প্ৰবাহিত মসৃণ পথটোৰে গৈ থাকোঁতে মনলৈ বহু ভাবে অগা দেয়া কৰিব ধৰিলে। যেন ৰামায়ণ বৰ্ণিত পঞ্চ পাণ্ডৱৰ বন নিবাস যাত্ৰাৰ দৰেই প্ৰাকৃতিক সুন্দৰতাৰ মাজত ভোল গৈ আমি আৰম্ভ কৰিছো এক গুহা অভিমুখী যাত্ৰা। প্ৰকৃতি সৃষ্ট শিল, গছ গচনি, চৰাই, জিলিৰ মাতৰ মাজত নিৰ্জনতাই আবৰি ৰখা এক স্থান। সুদুৰলৈ চাই দিলে ৰিনিকি ৰিনিকি গুৱাহাটী মহানগৰীৰ দুই এটা ধুসৰিত অট্ৰালিকা দেখা যায়। গুহা অভিমুখী পাহাৰীয়া একা বেকা পথটিৰে আগবাঢ়ি গৈ থাকিলে যাত্ৰা পথত লগ পালো পিঠি বোজাই ঘাঁহ কাটি অনা দুই এজন নেপালী বা বিহাৰী সম্প্ৰদায়ৰ লোক। গুহাটোলৈ কিমান দুৰ ককাই বুলি সুধিলত কলে -আধা কিলোমিটাৰ। কিন্তু তেওঁলোকৰ কথাত ভুল নাযাব। কাৰণ তেওঁলোকৰ মুখৰে নিগৰা পাহাৰীয়া পথৰ আধা কিলোমিটাৰ মানে আপোনাৰ বাবে হব প্ৰায় দুই কিলোমিটাৰ। ঠিক মাজুলীৰ কথকথাত বৰ্ণিত ফিৰি নাওঁ, মিৰি নাৱৰ দৰেই। এই দুই কিলোমটাৰ যাত্ৰাত গুহাৰ স্থান পোৱালৈ প্ৰাকৃতিক ভাৱে পোৱা যায় শিলাময় দুখন প্ৰবেশ দ্বাৰ। লিখা আছে গেট নং ১ আৰু গেট নং ২। কিজানি মানুহে এনেদৰে লিখি দিবৰ বাবেই আধ্যাত্মিকতাৰ দোমোজাত বিশ্বাস কৰিব পৰাকৈ প্ৰাকৃতিক ভাৱেই অনাদি কালতেই নিৰ্মাণ কৰা হৈছিল এই প্ৰবেশ দ্বাৰ দুখন। কৌতুহলেই হওঁক বা যিয়েই নহওঁক কিয়, শিলাময় এই প্ৰবেশ দ্বাৰ দুখনক কেন্দ্ৰ কৰি হোৱা অনুভবে আপোনাক লৈ যাব পৌৰাণিক কল্প কাহিনীত বৰ্ণিত আখ্যানৰ মাজলৈ। ঠিক সেইদৰে নামনিত থকা গুহাটোৰ স্থান ডোখৰো প্ৰকৃতি আৰু আধ্যত্মিক ভাবে ইমানেই মনোমোহা আৰু প্ৰকৃতি প্ৰদত্ত যে এই স্থানত উপস্থিত হলে আপুনি ভাবি লব যে আপুনি স্বয়ং ঋষি মুনি বাস কৰা আশ্ৰম এখনত আহি উপস্থিত হল। আপোনাৰ ভাৱ হব আপুনি আৰু এই স্থান এৰি উভতি নাযায়। আপোনাৰ মনত দোলা দি যাব আন বহু ভাৱ। যেন দিন ভৰি পান কৰিব ইয়াৰ ৰূপ ৰস অথবা আধ্যাত্মিকতাৰ মাজত ডুব গৈ আপুনি গ্ৰহণ কৰিব সন্ন্যাস। আপুনি লৈ অহা ভাগৰবোৰ অনায়াসেই আঁতৰি যাব আপোনাৰ মন গহনৰ পৰা। মন্দিৰটোৰ দুয়ো কাষে কেইবাজোপাও ৰক্ত জবা ফুল আৰু বেল গছ। গণেশ আৰু শিৱ পূজাত ৰঙা ফুল লাগে। সেইবাবেই পুৰোহিত কেইজনে বোধহয় ৰক্ত জবা ফুল ৰুই লৈছে এই স্থানত। মূলতঃ গুহাটো অৱস্থিত ঠাই ডোখৰৰ নাম হস্তিনাপুৰ। যেন ঐতিহাসিক হস্তিনাপুৰ। খানাপাৰাৰ পৰা মহানগৰীৰ ১১ মাইল দিশে গলে ইয়াৰ বাওদিশে থকা পাহাৰটোলৈ উঠি গলে পোৱা যায় এই হস্তিনাপুৰ । আশে পাশে থকা ঠাইডোখৰ গাৰোবস্তি বুলি কোৱা হয়। ইয়াৰ পিছত ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে যাত্ৰা কৰিলে আপুনি উপস্থিত হব পাৰিব গুহাৰ স্থানত। মনত এনে বহু ভাব লৈ অৱশেষত গুহাৰ স্থানত উপস্থিত হৈ গেৰুৱা বসন পিন্ধা মন্দিৰৰ পূজাৰীজন দেখি সাক্ষাৎ কোনোবা ঋষি মুনি এজন লগ পোৱা যেন অনুভৱ হল। দেখা পালো এটা বৃহৎ শিলাখণ্ডত সম্পূৰ্ণ প্ৰাকৃতিক ভাবে নিৰ্মিত এটা মন্দিৰ। মন্দিৰৰ প্ৰাৰম্ভিক দৰ্শনত আপোনাৰ অনুভৱ হব যে এয়া যেন কোনো সৰ্পৰাজৰ ৰাজ দৰবাৰ আৰু তেওঁ নিজ খেয়াল খুচি মতেই সাজি লৈছে এই দৰবাৰ। সৰ্পৰাজৰ ফেনাৰে আবৃত হৈ আছে এই দৰবাৰ। মানৱ নিৰ্মিত হিচাপে কেৱল মাত্ৰ মন্দিৰটোৰ প্ৰবেশ কক্ষৰ মজিয়াত টাইলছ কেইডোখৰ মান লগোৱা হৈছে। ভিতৰ ফালে সোমাই আছে কাহিনী বৰ্ণিত গুহাটো। গুহাটোৰ গৰ্ভভাগত কোনো ধৰণৰ কৃত্ৰিমতা অনা নাই। সম্পূৰ্ণ স্বকীয় বাবেই ৰখা হৈছে অন্তৰ ভাগ। লগতে আছে গণেশ দেৱতা, মা লক্ষ্মী, মা ভৱানী আৰু অন্যান্য দেবাদিদেৱ সকলৰ স্থান। মহাদেৱৰ অনন্ত শয্যাৰ লগতে ৰুদ্ৰাস কুণ্ডলীৰ চিহ্ন জাজ্জল্যমান হৈ আছে গুহাৰ অন্তৰ্ভাগত। ভিতৰত আছে গঙ্গা সদৃশ বৈ অহা এটা ক্ষুদ্ৰ জলধাৰা।
পুৰোহিত জনৰ মতে ইয়াত থকা সকলো শিলা খণ্ডই একো একোজন জীৱন্ত ভগৱান। বহুতো অলৌকিক শক্তিৰে সদা জাগ্ৰত এই স্থানত নিশাটো অধিক ৰহস্য ঘন হৈ পৰে। সদায় দেখি থকা পাথৰটোৰ এটা অংশ ৰাতি হলে ওঁমসদৃশ এটা চিহ্নৰ দৰে জ্বিলিকি উঠে আৰু কলা হৈ পৰে। পূজাৰীজনৰ মতে মাজে মাজে বন্য হস্তি, বাঘ আৰু সৰ্পৰাজ আহি দেখা দিয়েহি মন্দিৰ প্ৰাংগনত। পূজাৰীজনৰ মতে তেওঁ যেতিয়া এই স্থানলৈ আহিছিল, তেতিয়া এই স্থানত ৰেডিঅ, টিভিৰ পৰ্দাত গান গোৱাৰ দৰে গান শুনিছিল। অৰ্থাৎ শিলাখণ্ড কেইটাই হওঁক বা গুহাটোৰ ভিতৰ ভাগত হওঁক, এক অজ্ঞাত শক্তিৰ পৰা গান গোৱা শুনিছিল। অৱশ্যে তেওঁ আজিৰ তাৰিখত সেয়া উপলদ্ধ নহয় বুলি কলে। এনেদৰেই মন্দিৰ প্ৰাংগনত জৰিত হৈ আছে অনেক ঘটনা পৰিঘটনা, যিবোৰ বিশ্বাস কৰাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই। গুহাৰ প্ৰবেশ দ্বাৰ ইমানেই সৰু যে প্ৰথম অৱস্থাত যিকোনো লোকৰ বাবেই ইয়াৰ ভিতৰ ভাগলৈ যোৱাৰ পূৰ্বে দহবাৰ বুকু কপি উঠা স্বাভাৱিক। গা পেলাই, বগুৱাবাই প্ৰবেশ কৰিব পৰা যায় এই গুহাটোত। ঠিক জম্মুৰ কাট্ৰাত থকা বৈষ্ণ দেৱী মন্দিৰ পোৱাৰ পূৰ্বে উপনীত হোৱা অৰ্ধকুঁৰীস্থিত গুহাটোত প্ৰবেশ কৰাৰ দৰেই লাগিব আপোনাৰ আৰু অনুভৱ। ঠিক মাতৃগৰ্ভত থকা সন্তানটোৱে মুক্তি লাভৰ বাবে ভগৱানক কৰ যোৰে পূজা কৰি থকাৰ দৰেই। আন অৰ্থত মহানগৰীত থাকি এই গুহাত প্ৰবেশ কৰি আপুনি লাভ কৰিব পাৰে এক অনন্য অনুভৱ আৰু আদায় কৰিব পাৰে এক অদম্য বাস্তব আৰু আধ্যাত্মিক অভিজ্ঞতা। অৱশ্যে এই গুহাতো কিমান পুৰণি তাৰো কোনো লিখিত বিৱৰণ নাই।
পুৰাতত্ত্ব বিভাগেও ইয়াক লৈ কোনো ধৰণৰ অধ্যয়ন কৰাৰ তথ্য পোৱা নাযায়। কেৱল মাত্ৰ এজন লোকে আজিৰ পৰা প্ৰায় ১৬ বছৰ পূৰ্বে সপোনত দেখা এক বিশ্বাসৰ মাজেৰে এই গুহা তথা মন্দিৰটো গড় লৈ উঠিছে আৰু শেহতীয়া ভাৱে ভক্তৰ দৰ্শনৰে উজ্বলিত হৈ পৰিছে। মন্দিৰৰ পূজাৰীজন আজি প্ৰায় ১২ বছৰ ধৰি এনে দুৰ্গম স্থানত দিনে নিশাই বসতি কৰি আহিছে। মন্দিৰ প্ৰাংগনত নিজৰ সুবিধাৰ বাবে সৌৰ শক্তিৰ ব্যৱস্থা কৰি লৈছে। কিন্তু এটা কথা ঠিক যে গুহাটোলৈ যোৱা পথটোৰ প্ৰায় তিনিশ মিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটোত এনে ধৰণৰ বহুতো ঐতিহাসিক উৎস আৱিষ্কাৰ কৰাৰ থল আছে। লগতে এটা কথা কব পৰা যায় যে আধুনিক সমাজ ব্যৱস্থাৰ অলক্ষিতে অধিক প্ৰসাৰ আৰু প্ৰসাৰৰ পৰা আঁতৰি থকাৰ বাবেই এই স্থান সাম্প্ৰতিক সময়তো পবিত্ৰ অথবা প্ৰদূষণৰ পৰা বাচি আছে। সেইবাবেই প্ৰশ্ন হয়, প্ৰচাৰৰ পৰা আঁতৰত থাকি মন্দিৰৰ পবিত্ৰতা অক্ষুণ্ণ ৰখা উচিত নে ইয়াক লৈ অধিক প্ৰচাৰৰ জৰিয়তে বনাঞ্চল অধ্যুষিত স্থান হিচাপে বন আইন তথা বন নীতি বাহাল ৰাখি ইয়াক এক আধ্যাত্মিক পৰ্য্যটন ক্ষেত্ৰলৈ পৰিণত কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰা উচিত।
সময়তকৈ এদিন পূৰ্বেই বুধবাৰে সমান হ’ল দিন আৰু ৰাতি। সচৰাচৰ প্ৰতি বছৰে ২১ মাৰ্চত দিন-ৰাতি সমান হয় যদিও এইবাৰ লীপইয়েৰ বাবে এদিন পূৰ্বেই অৰ্থাৎ ২০ মাৰ্চত দিন আৰু ৰাতি সমান হয়। বুধবাৰৰ দিনটো জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে বিশেষ দিন হিচাবে বিবেচিত হৈছে। বিজ্ঞানীসকলৰ মতে বছৰত দুবাৰ দিন আৰু ৰাতি সমান হয়। ২০ বা ২১ মাৰ্চৰ উপৰি ২৩ ছেপ্টেম্বৰতো দিন-ৰাতি সমান হয়। আজিৰ দিনটোত বিষুৱৰেখা লম্ব হোৱাৰ বাবে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৃথিৱীত পৰে। ফলত ১২ ঘণ্টাৰ দিন আৰু ১২ ঘণ্টাৰ ৰাতি হয়। য়াৰ পিছতে সূৰ্যই উত্তৰ গোলাৰ্ধত প্ৰৱেশ কৰে, ইয়াৰ ফলত দিন দীঘল আৰু ৰাতি চুটি হ’বলৈ ধৰে।
লীপইয়েৰ কি? লীপইয়েৰ হৈছে এনে এটা বছৰ যিটো বছৰত এদিন বেছি হয়। এই বছৰটো প্ৰতি চাৰি বছৰত এবাৰকৈ আহে। প্ৰকৃততে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ প্ৰকৃততে ৩৬৫ দিন আৰু ছঘণ্টা সময় লাগে। এই ছঘণ্টা জমা হৈ গৈ থাকে আৰু চাৰি বছৰত ই ২৪ ঘণ্টাৰ সৃষ্টি কৰে, এয়া হৈছে এটা অতিৰিক্ত দিন। যেতিয়া এই এদিন ফেব্ৰুৱাৰীত যোগ দিয়া হয়, ফেব্ৰুৱাৰী ২৮ ৰ পৰা ২৯ দিনীয়া হয় আৰু বছৰটোক লীপইয়েৰ বুলি কোৱা হয়।
দেশৰ জনগণৰ দৰিদ্ৰতাই দেশৰ প্ৰগতিত বোজা হৈ পৰিছে ৷ আমাৰ দেশৰ আন্তঃগাঁথনিৰ নিৰ্মাণ প্ৰায় শেষ হৈ আহিছে ৷ কিন্তু দেশৰ জনসাধাৰণৰ মাজত বহু দৰিদ্ৰতা থাকি গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাশুধীয়া প্ৰচেষ্টাত দেশৰ দৰিদ্ৰতাৰ বিৰুদ্ধে অহৰহ যুঁঁজ দি আহিছে আৰু ক্ৰমান্বয়ে দেশৰ জনসাধাৰণৰ মাজৰ পৰা দৰিদ্ৰতা শব্দটো হেৰাই গৈছে ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ আজি ধেমাজি জিলাৰ গোগামুখস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্মিলিত গণশক্তি অসমৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত তেওঁ এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়-দেশে স্বাধীনতা লাভৰ পাছৰে পৰা দেশৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা চৰকাৰসমূহেও দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন প্ৰকাৰে যুঁজ দি আহিছে ৷ কংগ্ৰেছ চৰকাৰেও দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি লৈছিল ৷ কিন্তু আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ৰূপত দেশৰ দৰিদ্ৰতা নিৰ্মূলত সফলতা লাভ কৰিছে ই অতুলনীয় ৷ আই ভি এছ, অৰুনোদয়, কিষান কাৰ্ড, ৰেচন কাৰ্ড বিতৰণ, অটল অমৃত যোজনা, চৰকাৰী জীৱন বীমা আঁচনিয়ে দেশৰ দৰিদ্ৰতা নিৰ্মূলত সফল হৈছে ৷ পূৰ্বে আমাৰ গাঁওসমূহত মগনীয়া বা ভিক্ষাৰী ব্যাপক হাৰত আছিল ৷
কিন্তু আজিকালি গাঁৱত এগৰাকীও ভিক্ষাৰী বিচাৰি নাপাব ৷ দিনৰ ভাতসাজ যোগাৰ দিব নোৱাৰি বহু পিতৃ-মাতৃয়ে নিজৰ মৰমৰ সন্তানক আনৰ ঘৰত বিনা টকাত বা কম টকাত কাম কৰিবলৈ ৰাখিছিল ৷ কিন্তু এতিয়া এনে দৃশ্য দূৰ্লভ হৈছে ৷ আমাৰ আঁচনিসমূহে নাৰী শিক্ষা সম্প্ৰসাৰণ আৰু নাৰীৰ উত্তৰণত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিছে ৷ সকলো শ্ৰেণীৰ জনগণৰ জীৱন ধাৰণৰ মাপকাটি উন্নত কৰিছে ৷ বিৰোধী দলসমূহে আমাৰ বিজেপি নেতৃত্বাধীন সন্মিলিত চৰকাৰখনক হিতাধিকাৰীৰ চৰকাৰ বুলি সমালোচনা কৰি আহিছে ৷ কিন্তু চৰকাৰখনে লোৱা আঁচনিসমূহ দেশৰ দৰিদ্ৰতা নিৰ্মূলত সহায় কৰিছে তাক ভাৱি চোৱা নাই ৷ অসমৰ আন্তঃগাঁথনি নিৰ্মাণ সন্দৰ্ভত তেওঁ কয়- আমি দেশৰ প্ৰগতিৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা তৰান্বিত কৰি তুলিছোঁ ৷ আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন পকী দলং নিৰ্মাণ হ’ল তাক হয়তো বহুতে নাজানে ৷ ঢলা-শদিয়া দলং, বগীবিল দলং নিৰ্মাণ হৈ গৈছে ৷ কলিয়া ভোমোৰাত নতনকৈ পুনৰ আন এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ কলিয়া ভোমোৰাত এতিয়া দুখন দলং হ’ল ৷ শৰাইঘাটত নতনকৈ পুনৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ যোৰহাট আৰু মাজুলীক সংযোগ কৰিবলগা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যোৰহাট-মাজুলী সংযোগী দলংখন ২০২৫ বৰ্ষৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আশা আছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰট লখিমপুৰ-মাজুলী সংযোগী লুহিত-খাবলু দলঙৰ নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে ৷ মাজুলীৰ পৰা ডিব্ৰুগড়লৈ পোনপটীয়াকৈ অহা-যোৱা কৰিব পৰাকৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ মথাউৰিটো দুই লেনযুক্তকৈ নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ অসমত বৰ্তমান ১২ খন চিকিৎসা মহাবিদ্যালয় কাৰ্যকৰীভাৱে চলি আছে ৷ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে ৷ সমান্তৰালভাৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ো অসমৰ প্ৰায়বোৰ জিলাত উপলব্ধ হ’ব ৷ ডাঃ পেগুৱে লগতে কয়- বিজেপি আৰু গণশক্তি দলৰ নীতি-আদৰ্শ আৰু শ্ল’গানবোৰ একেই ৷ দয়োটা ৰাজনৈতিক দলেই জনসাধাৰণৰ সমবিকাশ আৰু সমমৰ্যাদাত বিশ্বাস কৰে ৷ আগন্তুক দিনটো দুয়োটা ৰাজনৈতি দলে সন্মিলিতভাৱে আগবাঢ়িব বুলি তেওঁ ভাষণ প্ৰসংগত দোহাৰে ৷ সভাত উপস্থিত থাকি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই তেওঁৰ দিনত লখিমপুৰ লোকসভা সমষ্টিত ৰূপায়ণ কৰা এলানি উন্নয়নমুখী আঁচনিৰ খটিয়ান ডাঙি ধৰে ৷
তেওঁ কয়- আমি ৰূপায়ণ কৰা আঁচনিসমূহে আমাৰ চৰকাৰখনক জনসাধাৰণৰ ওচৰত অধিক সংপৃক্ত কৰিছে আৰু জনসাধাৰণে আগন্তুক দিনবোৰতো আমাৰ লগতে থাকিব ৷ তেওঁ চৰকাৰৰ উন্নয়নমুখী আঁচনিত সকলো ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় ৷ সভাখন সঞ্চালনা কৰে গণশক্তিৰ কেন্দ্ৰীয় সভাপতি পৰমান চায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে এম এম কেৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, উপসভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক ৰঞ্জিত দলে, সম্পাদক ৰাজু খনিকৰ, সদস্য অতুল পেগু, এম এ চিৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে ৷ সভাখনত সহস্ৰাধিক গণশক্তিৰ কৰ্মী-সদস্য উপস্থিত থাকে ৷