Breaking

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র – ছাত্রীক আটাছু , তাই আহোম মহিলা পৰিষদৰ সম্বৰ্ধনা

0 32

সৰুপথাৰত হাইস্কুল শিক্ষান্ত , উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র – ছাত্রীক আটাছু , তাই আহোম মহিলা পৰিষদৰ সম্বৰ্ধনা , উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় দুই শতাধিক ছাত্র – ছাত্রীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷


সৰুপথাৰ দক্ষিণ গোলাঘাট খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , নিদিষ্ট বক্তা হিচাপে অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকনৰ লগতে গোলাঘাট দক্ষিণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস , গোলাঘাট জিলা সাংবাদিক সংস্হাৰ কাৰ্যকৰী সভাপতি দ্বীপেন কুমাৰ বৰা ,চুতীয়া ছাত্ৰ সন্হাৰ ধনশিৰি সমিতিৰ সভাপতি অভিজিৎ চুতীয়াৰ ওপৰিউ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত থাকে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা চাৰি গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট সাহিত্যিক , লোক সংস্কৃতিৰ সাধক , অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন উপ সঞ্চালক ধৰ্মেশ্বৰ দুৱৰা , সাংস্কৃতিক কৰ্মী নয়নমনী ৰাজখোৱা , ক্ৰিয়া সংগঠক শান্তনো গগৈ, লোক শিল্পী অজয় বৰাকো সম্বৰ্ধনা জনোৱা হয় ৷

Leave A Reply