মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকাল মন্দিৰ পৰিদৰ্শন অভিনেত্ৰী ছাৰা আলী খানৰ। মন্দিৰ পৰিদৰ্শন কৰি ভাস্মা আৰতি অনুষ্ঠানত অংশগ্ৰহণ কৰে।শেহতীয়াকৈ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰিছিল ছাৰা আলী খান। বুধবাৰে অনলাইনত প্ৰকাশ পোৱা এটা ভিডিঅ’ত অভিনেতাগৰাকীয়ে আন ভক্তৰ সৈতে মন্দিৰৰ ভিতৰত প্ৰাৰ্থনা কৰা দেখা গৈছে। ভিডিঅ’টোত ছাৰাই ক্লিপটোত থকা পুৰোহিতসকলৰ সৈতে মত বিনিময় কৰা দেখা গৈছিল। মন্দিৰ ভ্ৰমণৰ বাবে গোলাপী ৰঙৰ সাজ-পোছাক পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে ছাৰাই লক্ষ্ণৌৰ এটা মন্দিৰ পৰিদৰ্শন কৰিছিল।
#WATCH | Actress Sara Ali Khan offers prayers at Ujjain's Mahakal temple in Madhya Pradesh pic.twitter.com/qdBYLZlYUK
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) May 31, 2023
মঙলবাৰেও চাৰা আৰু বিকিয়ে লক্ষ্ণৌৰ এটা মন্দিৰলৈ গৈছিল। ফটোখনত ছাৰা আৰু বিকিক প্ৰাৰ্থনা কৰি থকা দৈছিল। ছাৰাই বগা কুৰ্তা চেট পিন্ধি চুলিখিনি ডুপাট্টাৰে ঢাকি লৈছিল, আনহাতে বিকিয়ে চাৰ্ট আৰু ক’লা ট্ৰাউজাৰ পিন্ধিছিল। তেওঁলোকৰ ফটো শ্বেয়াৰ কৰি ছাৰাই নিজৰ ইনষ্টাগ্ৰাম কেপচনত লিখিছে, “জয় ভোলেনাথ।”