Home Blog

Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

Book launch of Digdarshan Prakashan in Jorhatযোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
ABBook launch of Digdarshan Prakashan in Jorhat

Book launch

যোৰহাট প্রেছ ক্লাৱত ১ছেপ্টেম্বৰত অনুষ্ঠিত এখন গাম্ভীর্যপূর্ণ গ্রন্থ উন্মোচনী সভাত যোৰহাটৰ বিশিষ্ট লেখিকা তথা গীতার্থী বিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষয়িত্রী ৰূপা ফুকনৰ ‘নগা উৎসৱ’ শীর্ষক অনুবাদ গ্ৰন্থখন উন্মোচন

Book launch

গ্ৰন্থখন উন্মোচন কৰি জনপ্রিয় বিজ্ঞান লেখিকা ড০ অদিতি বেজবৰুৱাই ভাষণ প্রসংগত কয় যে অনুবাদ এক কলা , এই কলা আয়ত্ব কৰিবৰ বাবে এগৰাকী লেখকে বহু কষ্ট স্বীকাৰ কৰিব লগা হয় ।

Book launch

সভাখনত যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ হৈ পংকজ কুমাৰ দাসে প্ৰকাশ কৰা ৰূপা ফুকনৰ আন এখন গ্ৰন্থ “আঁক-বাক” উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই । গ্ৰন্থখন উন্মোচন কৰি উন্মোচক বিনীতা দত্ত কয় অসমীয়া সাহিত্যলৈ এক ব্যতিক্রমী সংযোজন হৈছে আঁক-বাক ।

Book launch

বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জৰিত হৈয়ো লেখিকা ৰূপা ফুকনে হাতত কলম তুলি লৈ ইতিমধ্যে বহুকেইখন গ্ৰন্থ প্রণয়ন কৰিছে। এয়া অসমীয়া সাহিত্যৰ বাবে শুভ বতৰা। বন্দিতা মৃণাই আঁত ধৰা অনুষ্ঠানত কস্তুৰী বৰাই লোকগীত, অর্পিতা শর্মাই আধুনিক গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

যোৰহাট জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ ৰাতুল চন্দ্র বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত গ্ৰন্থ দুখনৰ লেখিকা ৰূপা ফুকনেও ভাষণ আগবঢ়াই নিজৰ অনুভৱ ব্যক্ত কৰে। সভাত যোৰহাটৰ বহুকেইগৰাকী গণ্য- মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক :http://আৱাহন থিয়েটাৰত ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত…

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি

মোডী চৰকাৰে দেশৰ এশখন মহানগৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে অভিলাসী আঁচনি গ্ৰহণ কৰিছিল। এই স্মাৰ্ট চিটী আঁচনিত অন্তৰ্ভুক্ত হৈছিল অসমৰ গুৱাহাটী মহানগৰ। ২০১৬ চনৰ ১৩ মে’ত আনুষ্ঠানিকভাৱে ‘গুৱাহাটী স্মাৰ্ট চিটী ডেভেলপমেণ্ট এজেঞ্চি লিমিটেড’ক কোম্পানী এক্ট ২০১৩ অন্তৰ্গত Ministry Of Corporate Affairs-এ স্বীকৃতি দিয়ে। অৰ্থাৎ তেতিয়াৰ পৰাই গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প আৰম্ভ হয়। কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয় স্মাৰ্ট চিটী মিছনৰ নীতি নিৰ্দেশনা, পুঁজি যোগান ধৰাৰ দায়িত্বত আছে। পিছে গুৱাহাটীৰ স্মাৰ্ট চিটী প্ৰকল্পৰ নামত কেৱল কোটি কোটি টকা অপব্যৱহাৰৰ বাহিৰে ইয়াৰ পৰা ৰাইজে কোনো সুফল পোৱা নাই বুলি মন্তব্য কৰিছে ‘আপ’ অসমে। আজি গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত ‘আপ’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰি কয় যে ২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নামত মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ল ১৬৮.২১ কোটি টকা।

কিন্তু আশ্চৰ্যৰ বিষয় এই যে স্মাৰ্ট চিটীৰ নামত যি পুঁজি ব্যয় কৰা হৈছে তাৰ সুফল ৰাইজে পোৱা নাই আৰু যিবোৰ শিতানত এই পুঁজি ব্যৱহাৰ কৰা হৈছে সেয়াও সন্দেহৰ আৱৰ্তত। তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পত পুঁজি ব্যয় শিতান দেখিলে গুৱাহাটীবাসী হতচকিত হ’ব। স্মাৰ্ট চিটী প্ৰকল্পৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্টৰ শিতানত এতিয়ালৈকে ৩৩ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে। কিন্তু কাৰ্যক্ষেত্ৰত এই টকা ক’ত কি দৰে ব্যয় হৈছে তাৰ কোনো চিন-মোকাম নাই।তদুপৰি স্মাৰ্ট চিটীৰ ২০০ কোটি টকা ইলেকট্ৰিক বাছ ক্ৰয় কৰাৰ নামত দেখুওৱা হৈছে। গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰ যি ছুপাৰ ছাকাৰ মেচিন ক্ৰয় কৰিছে সেই টকা আকৌ স্মাৰ্ট চিটী প্ৰকল্পৰহে ধন। এই খিনিতে উল্লেখ কৰাটো বাঞ্ছনীয় যে গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰে গুৱাহাটীৰ নলা চাফা কৰিবলৈ ছুপাৰ ছাকাৰ ক্ৰয় কৰাৰ পিছতো এই মেচিন চলাবলৈ যোৱা ছমাহত ইয়াত নিয়োজিত শ্ৰমিকৰ দৈনিক মজুৰিৰ বাবদ গুৱাহাটী পৌৰ নিগমে ৪২ লাখ ২২ হাজাৰ টকা ব্যয় কৰিছে। অৰ্থাৎ ২৫.৭৪ কোটি টকাৰে ক্ৰয় কৰা মেচিনেৰে নলা চাফা কৰাৰ বাবদ শ্ৰমিকক দিব লগা হৈছে এই ধন। চৰকাৰী পুঁজিৰ অপচয়ৰ আৰু ইয়াতকৈ ডাঙৰ উদাহৰণ ক’তো পোৱা নাযাব। এইখন গুৱাহাটীৰ আকৌ বিভিন্ন উপ-পথত স্মার্ট চিটী প্ৰকল্পৰ অধীনত প্ৰজেক্ট জ্যোতি আঁচনিত দহ হাজাৰ ষ্ট্ৰীটলাইট লগোৱাৰ নামত ইতিমধ্যে খৰচ কৰিছে ১৩.৯২ কোটি টকা।

ইপিনে গুৱাহাটী পৌৰ নিগমেও উপ-পথত ষ্ট্ৰীটলাইট লগোৱাৰ নামত খৰচ কৰিছে কেবা কোটি টকা। গতিকে গুৱাহাটীত ষ্ট্ৰীটলাইট জ্বলোৱা কেবাটাও বিভাগ আছে। আনহাতে স্মার্ট চিটী প্ৰকল্পৰ স্পাইন ৰোড প্ৰজেক্ট নামৰ (Spine Roads Project) আন এটা শিতানত ষ্ট্ৰীটলাইট লগোৱাৰ নামত এতিয়ালৈ মোকোলাই দিছে ২.৩৪ কোটি টকা। ঠিক এনেদৰে জজ খেলপথাৰ উন্নয়নৰ নামত ২.৬০ কোটি টকা ব্যয় কৰা হৈছে। এখন মুকলি খেলপথাৰৰ উন্নয়নৰ নামত ২.৬০ কোটি কেনেদৰে ব্যয় হ’ব পাৰে সেয়া আশ্চৰ্যৰ বিষয়। গুৱাহাটী পৌৰ নিগমক আকৌ ৩৭ লাখ স্মাৰ্ট চিটী পুঁজিৰ পৰা আদায় দিয়া দেখুওৱা ইছে কিন্তু এই পুঁজি খৰচৰ কোনো শিতান নাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে স্মাৰ্ট চিটী প্ৰকল্পই ২০ লাখ আৰু কলাক্ষেত্ৰত ওখ লাইট লগোৱাৰ বাবে ৭৩ লাখ টকা ব্যয় কৰা হৈছে। যি সময়ত কলাক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰৰ সুকীয়া পুঁজি আছে সেই সময়ত কলাক্ষেত্ৰৰ নামত আকৌ স্মাৰ্ট চিটীৰ পুজি ব্যয় কৰাৰ কাৰণ বোধগম্য হোৱা নাই।একেদৰে গুৱাহাটীত ৩০টা স্মার্ট বাঅ’ টইলেট (Smart Bio Toilet)ৰ নামত ৮.৩১ কোটি আৰু ২০টা Any Time Water মেচিন স্থাপনৰ নামত ২.৫৫ কোটি টকা খৰচ কৰা হৈছে। ‘আপ’ অসমে এই সন্দৰ্ভত ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি দেখিছে যে বেছিভাগ ঠাইতে এই দুটা আঁচনিৰ অস্তিত্ব নাই অথবা বিকল। অতি আশ্চৰ্যৰ বিষয় যে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে দেৱাল অংকনৰ নামতো খৰছ কৰিছে ৯২ লাখ টকা। স্মাৰ্ট চিটিৰ আই চি চি চি (ICCC building) প্ৰজেক্টৰ নামত ১৬ লাখ টকা ব্যয় কৰা দেখুওৱা হৈছে কিন্তু এই বিল্ডিঙ (Building)টো ক’ত আছে বা কেনে ধৰণে ১৬ লাখ টকা ব্যয় কৰা হ’ল তাৰ কোনো সঠিক উত্তৰ নাই। এনেদৰে গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ৩.৪১ কোটি টকা, গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ব্যৱস্থাৰপনাৰ নামত ২.৫৪ কোটি টকা ব্যয় কৰাৰ লগতে শেহতীয়াকৈ গুৱাহাটীত দেখা Intergrated Traffic Management Systemৰ নামত খৰছ কৰা হৈছে ৪.৫৪ কোটি টকা। লক্ষণীয় বিষয়তো এই যে কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে স্মাৰ্ট চিটীৰ বাবে আবন্টন দিয়া পুঁজিৰ ‘Head Of Account’ সলনি কৰিব নোৱাৰে। কিন্তু গুৱাহাটীত দেখা গৈছে স্মাৰ্ট চিটীৰ পুঁজি অন্য বিভাগেও ব্যৱহাৰ কৰি আছে। এতিয়া প্ৰশ্ন হ’ল ২০০ কোটি টকাৰে ইলেকট্ৰিক বাছ ক্ৰয় কৰাৰ ফলত গুৱাহাটী কেনেদৰে স্মাৰ্ট চিটী হ’ব? স্মাৰ্ট চিটীৰ নামত এনেদৰে ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ কৰি আপ অসমে স্মাৰ্ট চিটীৰ পুঁজি ব্যয়ৰ পুংখানুপুংখ হিচাপ আৰু প্ৰতিটো শিতানৰ কামৰ বৰ্তমানৰ অৱস্থাৰ তদন্ত কৰিবলৈ দাবী জনায়। আজিৰ সংবাদ মেলত আপ অসমৰ ৰাজ্যিক নেতৃত্ব ক্ৰমে লক্ষ্মীকান্ত দুবে আৰু হেমন্ত ফুকনো উপস্থিত থাকে।

কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন

কৃতি চানন ফটোশ্বুট: কৃতি চাননে আজি তেওঁৰ ৩২ তম জন্মদিন উদযাপন কৰিছে। কৃতিয়ে তাইৰ কেৰিয়াৰত বহুতো হিট ছবি দিছে। তেওঁ তেওঁৰ সৌন্দৰ্য আৰু ফ্লাৰ্টিং অভিনয়েৰে অনুৰাগীসকলৰ হৃদয়জয় কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চলচ্চিত্ৰৰ বিষয়ে আলোচনাত আছে, কিন্তু ইয়াৰ উপৰিও, তেওঁ তেওঁৰ সম্পৰ্কৰ বাবে চৰ্চালৈ আহিছিল। তেওঁৰ নাম স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে জড়িত আছিল।

কৃতি চাননৰ যুটি প্ৰতিজন অভিনেতাৰ খুব ওচৰত। কিন্তু তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে আলোচনা কৰা হৈছিল। দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছিল।

কৃতি আৰু সুশান্তৰ এখন ফটোশ্বুটও প্ৰকাশ কৰা হৈছিল, য’ত কৃতি আৰু সুশান্তৰ ঘনিষ্ঠতা স্পষ্টভাৱে দেখা গৈছিল। এই ফটোবোৰে দুয়োজনৰ ৰসায়নক আৰু অধিক সুন্দৰ কৰি তুলিছিল।

কৃতি আৰু সুশান্তে একেলগে এখন চলচ্চিত্ৰ কৰিছিল, যাক ‘ৰাবতা’ বুলি কোৱা হৈছিল। এই ছবিখনত দুয়োকে খুব ওচৰত দেখা গৈছিল।সুশান্ত সিং ৰাজপুত আৰু কৃতি চাননক ফটোশ্বুটৰ এই ছবিবোৰত হত্যাকাৰীভংগী মাৰি থকা দেখা গৈছিল। এই তাৰকাসকলৰ এই ছবিবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈছিল।

সুশান্ত সিং ৰাজপুত আৰু কৃতি চাননৰ এই ছবিবোৰ দেখি তেওঁলোক উন্মাদ হৈ পৰিছিল। সুশান্ত সিং ৰাজপুত আৰু কৃতি চাননক ফটোশ্বুটৰ পৰা এই ছবিখনত খুব ওচৰত দেখা গৈছে।

চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা

এক গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ আৰক্ষীৰ এটি দল আৰু মৰিগাঁও A B I শাখাৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দিলোৱাৰ হুছেইনে নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে এখন টেম্পুত আহি থকা অবস্থাতে মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ তিনি আলিৰ পৰা আটক কৰে । নগাঁও গৰুখুঁতি বাৰুকটা গাঁৱৰ ইচমত আলিৰ পুত্ৰ দিলোৱাৰ হুছেইনক আৰক্ষীয়ে সুধপোচৰ বাবে থানালৈ লৈ যায়।আৰু বৰ্তমান অধিক তদন্তৰ বাবে ধৃত দিলোৱাৰ হুছেইনক আৰক্ষীয়ে মিকিৰভেটা আৰক্ষী থানালৈ লৈ যায় ।মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিজেন চন্দ্ৰ বৰাই সংবাদ মাধ্যমৰ আগত জব্দকৃত ড্ৰাগচ খিনিৰ মূল্য পাঁচ লাখ টকাৰ হ’ব বুলি মন্তব্য আগবঢ়াই।

দৈনন্দিন বাৰ্তা মিকিৰভেটা প্ৰতিবেদকঃ পুলক নাথ , মৰিগাঁও (মিকিৰভেটা)

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ক’ভিড নীতি -নিৰ্দেশনা পালন কৰি  মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোলাঘাটত সদৌ অসম ছাত্র সন্থাই ৰূপায়ণ  কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নগৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে  অসমকে ধৰি গোলাঘাটতো নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে ।তেনেক্ষেত্ৰত  অতি শীঘ্ৰে চৰকাৰক অত্যাৱশ্যকীয় বয়-বস্তু সমূহৰ মূল্যবৃদ্ধি  নিয়ন্ত্ৰণ কৰিবলৈ  দাবী ছাত্র সন্থাৰ ।

Delhi Blast: দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ

দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ
দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ

দিল্লী বিস্ফোৰণত নিহতৰ সংখ্যা ১২জন লৈ বৃদ্ধি।(Delhi Blast)

গুৰুতৰভাৱে আহত ২০ জন লোক।

চিকিৎসাধীন DNA পৰীক্ষাৰে সম্পন্ন হ’ব।

নিহতসকলৰ মৃতদেহ চিনাক্ত।

দিল্লী বিস্ফোৰণৰ তদন্তৰ দায়িত্ব NIAক অর্পণ কৰা হৈছে।

গৃহ মন্ত্ৰালয়ে তদন্তৰ দায়িত্ব নিয়াক অৰ্পণ।

দিল্লী বিস্ফোৰণৰ ঘটনাত পুলৱামা লিংক।

বিস্ফোৰণৰ পিছতে শংকিত পাকিস্তানৰ পেট্ৰ’লিং।

Delhi blast: ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ

Delhi blast: ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ
Delhi blast: ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ

ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।(Delhi blast)

দিল্লীৰ ভয়ংকৰ বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

তেওঁ কয় যে ঘটনাত জড়িত কোনো লোক সাৰি নাযায়। আক্ৰমণকাৰীসকলক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব। সমগ্র দেশ ভুক্তভোগীসকলৰ কাষত আছো আমি ।এই আক্রমণৰ আঁৰৰ শিপা উঘালি পেলাম, প্রতিজন দোষীকে কঠোৰ শাস্তি দিয়া হ’ব। আমাৰ সকলো সংস্থাই এই আক্ৰমণৰ অনুসন্ধান কৰি আছে, মই ওৰে নিশা ঘটনাৰ বুজ লৈ আছিলোঁ।

কালি ৰাজধানী দিল্লীত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। এখন হুণ্ডাই i20 বাহনৰ পৰা এই বিস্ফোৰণ হয়। বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰিছে। বিস্ফোৰণ সংঘটিত কৰা i20 বাহনখন লালকিল্লা মেট্ৰ ষ্টেশ্যনৰ পৰা ডাঃ ওমৰ নবীয়ে চলাই আনিছিল। ডাঃ ওমৰ নবী পৰিয়ালৰ ৩জন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে।

Nupur Bora: ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ

ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ
ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ

মুকলি আকাশৰ তললৈ আহিল ACS নূপুৰ বৰা।(Nupur Bora)

ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ।

আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নূপুৰ বৰা।

বিশেষ আদালতে মঞ্জুৰ কৰিলে নূপুৰ বৰাৰ জামিন।

১৬ ছেপ্টেম্বৰত নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল CM ভিজিলেন্সে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ACS নূপুৰ বৰাৰ।

Sukaphaa: ম্যানমাৰ পৰা শিপা বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ

ম্যানমাৰ পৰা শিপা বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ
ম্যানমাৰ পৰা শিপা বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ

ম্যানমাৰ পৰা শিপা (Sukaphaa) বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ। হাবুঙত কঁকাল ঘুৰাই নাচিলে জীয়ৰী ৷ আহোমৰ দ্বিতীয় ৰাজধানী হাবুংত চুকাফাৰ বংশধৰ। অসমৰ অন্যতম সৰ্ববৃহৎ জনগোষ্ঠীৰ হৈছে তাই আহোম জনগোষ্ঠী। স্বৰ্গদেউ চাওলুং চুকাফাক পিতৃ পিতামহ জ্ঞান কৰি অসমত ইতিহাস সৃষ্টি কৰা এটি জনগোষ্ঠী।

বংশৰ বুৰঞ্জী বিচাৰি ৭ নবেম্বৰত অসমত উপস্থিত হয় সুদুৰ ম্যানমাৰৰ পৰা অহা এটা সজাতি দল। সজাতি দলটোত আহিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ নিচায়েকৰ পুতেক চুকানফা নাতি শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্নত সন্ধান কৰিব বংশৰ ঐতিহ্য, সমান্তৰাল ভাৱে আজি উপস্থিত হয় আহোমৰ দ্বিতীয় ৰাজধানী হাবুংত চুকাফাৰ বংশধৰ সকল।

হাবুঙত উপস্থিত হৈ কৈ গ’ল মনৰ কথা লগতে দুয়ো দেশৰ বংশধৰ সকলক কেনেকৈ একত্ৰিত কৰিব তাৰ ওপৰত আলোচনা।

Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ

Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ
Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ

সোমবাৰে ৰাজধানী দিল্লীত ভয়াৱহ বিস্ফোৰণ।(Delhi Blast)

এখন হুণ্ডাই i20 বাহনৰ পৰা এই বিস্ফোৰণ।

আনহাতে দিল্লী এই ভয়াবহ কাণ্ডৰে জড়িত জম্মু-কাশ্মীৰৰ ৪ চিকিৎসক।

দিল্লীৰ বিস্ফোৰণৰ পূৰ্বে গ্ৰেপ্তাৰ জম্মু-কাশ্মীৰৰ ৪ চিকিৎসকক।

ড০ মুজামিল চাকিল, আদিল আহমেদ ৰাথেৰ, চিকিৎসক মইনুদ্দিন ছৈয়দ, চাহিন চাহিদক গ্ৰেপ্তাৰ।

দিল্লীৰ বিস্ফোৰণৰ লগত কানেকশ্যন চিকিৎসককেইজনৰ।

তেওঁলোকৰ পৰা জব্দ ৰাইফল, পিষ্টল আৰু বৃহত পৰিমাণৰ বেটাৰী।

কাশ্মীৰৰ চিকিৎসক মুজামিল চাকিৰৰ ঘৰৰ পৰা জব্দ ২,৯০০ কেজি বিস্ফোৰক।

আদিল আহমেদৰ পৰা জব্দ AK 47 ৰাইফল।

ড০ চাহিন চাহিদৰ বাহনৰ পৰা জব্দ ৰাইফল, জীবন্ত কার্টিজ।

বিস্ফোৰণ সংঘটিত কৰা i20 বাহনখন লালকিল্লা মেট্ৰ ষ্টেশ্যনৰ পৰা ড০ ওমৰ নবীয়ে চলাই আনিছিল।

দিল্লীত বিস্ফোৰণৰ পূৰ্বে CCTVত বন্দী হৈছিল i20 বাহনখন।

ড০ ওমৰ নবী ফৰিদাবাদৰ অলফালাহ মেডিকেল কলেজৰ চিকিৎসক আছিল।

Dharmendra : বৰ্তমানেও সুস্থ অৱস্থাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ

Dharmendra Passes Away: বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান
Dharmendra Passes Away: বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান

বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান বুলি ভুৱা খবৰ ইলাইছিল।(Dharmendra)

৮৯ বছৰীয়া প্ৰখ্যাত অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছে মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালত।

প্ৰিয় অভিনেতাগৰাকীৰ বিয়োগৰ খবৰ দেশজুৰি প্ৰচাৰ হৈছিল।

৩০০ৰো অধিক ছবিত অভিনয় কৰিছে ধর্মেন্দ্ৰই।

তেওঁ স্বাস্থ্য বুজ ল’বলৈ কালি দিনটোত বহু বলীউদৰ ৰথী-মহাৰথীৰ আগমণ হৈছিল চিকিৎসালয়লৈ।

আনহাতে অভিনেতাগৰাকীৰ পত্নী হেমা মালিনীয়ে তেওঁৰ মৃত্যুৰ খবৰ ভুৱা বুলি সামাজিক মাধ্যমত জনাই।

বৰ্তমানেও সুস্থ অৱস্থাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ।

মৃত্যুৰ খবৰৰ ভুৱা বাতৰি প্ৰচাৰক লৈ সৰৱ হেমা মালিনী।

Titabar Murder Case: তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ

তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ
তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ

তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ। (Titabar Murder Case)

অভিযুক্ত জগত সিঙৰ দুই পুত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ।

তিতাবৰত সংঘটিত সন্ধানহীন যুৱতী হত্যাকাণ্ডত জড়িত মুঠ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মূল অভিযুক্ত জগত সিং, জগত সিঙৰ ২ পুত্ৰ কৃষণ সিঙ আৰু জীৱন সিঙক গ্ৰেপ্তাৰ।

আনহাতে ৰেকিবুদ্দিন আহমেদ নামৰ এগৰাকী ফাৰ্মাচিষ্টকো গ্ৰেপ্তাৰ আৰক্ষীৰ।

শৌচাগাৰৰ টেংকীত উদ্ধাৰ হৈছিল সন্ধানহীন য়ুৱতীগৰাকীৰ মৃতদেহ।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ
Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় (Zubeen Garg Death Case) বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ। টীয়কৰ দুই যুৱতীয়ে জুবিনৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে আৰম্ভ কৰিছে যাত্ৰা। জুবিন গাৰ্গৰ পুৰণি গৃহৰ পৰা ন্যায় বিচাৰি যাত্ৰা আৰম্ভ। দেহত মায়াবিনীকে ধৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত। হাৰ্টথ্ৰবৰ জন্মদিনৰ দিনা জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ পৰিকল্পনা। এন গগৈ আৰু চুমী শইকীয়াই এই যাত্ৰা আৰম্ভ কৰিছে।

টীয়কৰ টামুলীচিগাস্থিত হিয়াৰ আমঠু সুদুৰ সোণাপুৰৰ সমাধিস্থলীলৈ আজি পুৱাই পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে টীয়কৰ দুই যুৱতী ক্ৰমে চুমি শইকীয়া আৰু নিজু গগৈ। দেহৰ অংগত মায়াবিনীকে ধৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত খোদিত কৰি জুবিনৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি এইদৰে পদযাত্ৰা আৰম্ভ কৰিছে এই দুই যুৱতীয়ে। অহা ১৮ নৱেম্বৰ অৰ্থাৎ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিনৰ দিনা জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ পৰিকল্পনা লৈ এই যাত্ৰা আৰম্ভ কৰিছে আৰু উক্ত দিনা চৰকাৰে কি ন্যায় দিয়ে তাৰ বাবে অধিক আগ্ৰহেৰে আছে বুলি মন্তব্য কৰিছে এই দুই অনুৰাগীয়ে।ইপিনে যদি ৰাইজে বিচৰা ধৰণে ন্যায়ৰ উত্তৰ নাপাই তেন্তে অনাগত দিনত এইসকল অনুৰাগী কোনো কাৰণতে ৰৈ নাথাকে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত জুবিন গাৰ্গৰ সুযোগ্য পৰিবাৰ গৰিমা গাৰ্গকো ৰাজ পথত ওলাই আহি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

Titabar Murder News: তিতাবৰত চাৰিদিনে সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ

তিতাবৰত চাৰিদিনে সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ
তিতাবৰত চাৰিদিনে সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ

তিতাবৰত সন্ধানহীন (Titabar Murder News) যুৱতীৰ মৃতদেহ উদ্ধাৰ। শৌচাগাৰৰ টেংকীত উদ্ধাৰ সন্ধানহীন যুৱতীগৰাকীৰ মৃতদেহ। তিতাবৰৰ শিলিখা গাঁৱত হৈছে এই ঘটনা। পাতি লোৱা বৰদেউতাক জগত সিঙে হত্যা কৰি মৃতদেহ লুকুৱাই ৰখাৰ অভিযোগ। ইউনিফৰ্মত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক। তিতাবৰত সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পাছতে ৰিজাৰ্ভ ক্ল’জ OCক। OC লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্ল’জ। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে ন্যায়ৰ দাবীত তিতাবৰ আৰক্ষী থানাৰ প্ৰতিবাদ সাব্যস্ত ৰাইজৰ।

পাতি লোৱা বৰদেউতাক জগত সিঙে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছে।‌। মহাবিদ্যালয়ৰ ইউনিফৰ্মত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক। তিতাবৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

তিতাবৰত সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পাছতে ৰিজাৰ্ভ ক্ল’জড কৰা হৈছে OCক। OC লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্ল’জ। OC লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশনা জাৰি। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল’জ। সমগ্ৰ ঘটনাটো অকণো গুৰুত্ব দিয়া নাছিল OC লক্ষ্মণ কুমাৰ দাসে।

তিতাবৰত বিগত ৪ দিনে সন্ধানহীন হৈ থকা যুৱতীৰ মৃতদেহ উদ্ধাৰ। অভিযুক্ত জগত সিঙৰ দোকান চৌহদৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ বিপ্লৱী দাসৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে জগত সিঙক।

Asom Sahitya Sabha: শিৱসাগৰত অসম সাহিত্য সভাৰ ‘সুৱাগ তোলা অনুষ্ঠান’ সম্পন্নঃ স্মাৰক গ্ৰন্থ ‘চন্দ্ৰকান্ত’ উন্মোচন পদুম ৰাজখোৱাৰ

স্মাৰক গ্ৰন্থ 'চন্দ্ৰকান্ত' উন্মোচন পদুম ৰাজখোৱাৰ
স্মাৰক গ্ৰন্থ 'চন্দ্ৰকান্ত' উন্মোচন পদুম ৰাজখোৱাৰ

এটা ভৱনক লৈ শতবৰ্ষ (Asom Sahitya Sabha) উদযাপন কৰাটো এটা জাতিৰ বাবে বিৰল পৰিঘটনা, এই আয়োজনে দানবীৰ ৰাধাকান্ত সন্দিকৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াস কৰা হৈছে। আজি অসম সাহিত্য সভাৰ চেৰাশালী শিৱসাগৰত উপস্থিত থাকি আমি পৰম সন্তোষ লাভ কৰিছোঁ। অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত শাখা সাহিত্য সভাসমূহৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে সুৱাগ তোলা অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়।

তেওঁ লগতে কয় যে ৰাধাকান্ত সন্দিকৈৰ সপোন ইন্দ্ৰকান্ত ব্যাকৰণ প্ৰকাশ কৰিব অসম সাহিত্য সভাই । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসমীয়া জাতিৰ আৱেগ, এই ভৱনৰ শতবৰ্ষ আয়োজন কৰাটোৱেই ভৱনদাতা ৰাধাকান্ত সন্দিকৈৰ প্ৰতি কৃতজ্ঞতাৰ চিন। দানী ব্যক্তি এজনৰ প্ৰতি অসম সাহিত্য সভাই কৰিব লগা শ্ৰদ্ধাই হৈছে আজিৰ এই আয়োজন, এই আয়োজনে কেৱল অসম সাহিত্য সভাৰেই নহয় সমগ্ৰ অসমীয়া জাতিৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা সভাখনত ড০ সীমান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘চন্দ্ৰকান্ত’ উন্মোচন কৰে পদুম ৰাজখোৱাই।

শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি সাহিত্যিক প্ৰেম গগৈয়ে উদ্বোধন কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক ড০ ৰঘুনাথ কাগয়ুঙ, ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতান, সাংগঠনিক সম্পাদকদ্বয় দুলাল নাথ আৰু সুনীল গুৰুঙ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজন, হাস্য ব্যংগ উপসমিতিৰ আহ্বায়ক জিতুল বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মিণ্টু দাস, মৃনাংক শইকীয়া, মনোৰঞ্জন টায়ে, শিৱসাগৰ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি সন্তোষ দত্ত, প্ৰাক্তন জিলা প্ৰতিনিধি বিনোৱা টায়ে, জিলা সভাপতি যোগেশ কিশোৰ ফুকন, উপসভাপতি তথা আদৰণী সমিতিৰ সম্পাদক ড০ জীৱন কলিতা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, জিলা সভাপতি মহেন্দ্ৰ হাজৰিকা, উপসভাপতি মাধৱ মহন্ত, সম্পাদক মিতালী শইকীয়া, চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁই, সম্পাদক বিপুল বৰুৱা, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত, শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহৰ সভাপতি-সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে কেইবাশতাধিক সাহিত্য অনুৰক্ত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

আদৰণি সমিতিৰ সভাপতি তথা জিলা উন্নয়ন আযুক্ত সমীৰণ বৰাই প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধূৰ বক্তৃতা প্ৰদান কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে। ইফালে, দিনটোৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ১০৮ খন পতাকাৰ মূল পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে আৰু পুৱা ৯.৩০ বজাত স্মৃতি তর্পণ কৰে ৰংপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেম বৰুৱাই । ইয়াৰ পিছতে শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা ১০.৩০ বজাত শুভাৰম্ভ হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মোহিত কৰে।