স্থানীয় বাৰ্তা

Nagaon News: মুছলমান সম্প্ৰদায়ৰ শিক্ষিতা যুৱতীৰ হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন

মুছলমান সম্প্ৰদায়ৰ আঢ্যৱন্ত পৰিয়ালৰ এগৰাকী শিক্ষিতা যুৱতীয়ে সোমবাৰে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। নগাঁও চহৰৰ শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰত যুৱতীগৰাকীয়ে যাৱতীয় নিয়ম নীতিৰ মাজেৰে এই প্ৰত্যাৱৰ্তন কৰে।(Nagaon News)

Assam Heat Wave: গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ বাকী দিনকেইটাত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ আহ্বান

উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুযায়ী আগন্তুক দিন কেইটাত তাপমান অধিক বঢ়াৰ আশংকা কৰা হৈছে৷ সৰ্বাধিক ৪২ ডিগ্ৰী পৰ্য্যন্ত সূৰ্যৰ উত্তাপে দহিব অসমক৷

AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ

নাজিৰাত অ’এনজিচিৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ পৰিষদ বিক্ষোভ(AJYCP protests against ONGC)

Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ

প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি। তাৰপিছতে নাবালিকাৰ সৈতে অশ্লীল ভিডিঅ’ বাহিৰ হয় ছ’চিয়েল মিডিয়াত এজন ONGCৰ কৰ্মচাৰীৰ।(Nazira ONGC employee goes to jail)

Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !

চৰকাৰ আৰু বিভাগীয় কতৃপক্ষই বলপূর্বক ৰাইজৰ মুৰত জাপি দিয়া স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাক লৈ ডিমৌৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাইজৰ সহযোগত ডিমৌৰ বিভাগীয় কাৰ্যালয় সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি দুখিয়া-দৰিদ্ৰ লোকৰ তেজ খোৱা স্মার্ট মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনাইছিল। কিন্তু বিভাগীয় কতৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কোনো কাৰণতে গুৰুত্ব নিদিলে। সেয়ে আজি পুনৰ খাটি খোৱা ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কতৃপক্ষক চমজাই দিয়েহি। (Smart Meter)

Popular