Home Blog Page 1001

সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনৰ ভেৰগাঁও চাহ খেতিয়ক গোটৰ ৰূপালী জয়ন্তী

বনাঞ্চল ধ্বংস কৰি চাহ বাগিচা স্থাপন কৰাৰ ফলত বন্যহস্তীৰ লগতে বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ ভূমি আৰু খাদ্য হ্ৰাস পাইছে। সেয়ে চাহ বাগিচাৰ মালিক গোষ্ঠীয়ে বাগিচাৰ মাজত হাতীৰ খাদ্যৰ বাবে গছ ৰোপণ কৰিবলৈ আছুতীয়া ভূমিৰ ব্যৱস্থা কৰিলেহে ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ কিছু কমিব। এই আহ্বান অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। ভেৰগাঁৱৰ ৰঙাজুলিত অনুষ্ঠিত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনৰ ভেৰগাঁও গোটৰ ৰূপালী জয়ন্তী সমাৰোহৰ মঙলবাৰে অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অধ্যক্ষ দৈমাৰীয়ে এইদৰে কয়।

তেওঁ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নত উল্লেখনীয় বৰঙণি যোগাই অহা বুলিও ভাষণত কয়। দৈমাৰীয়ে ভেৰগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অবগত কৰোৱা সমস্যাবোৰ পৰ্যায়ক্ৰমে সমাধানৰ আশ্বাস দিয়াৰ লগতে ৰঙাজুলিত এখন বিজ্ঞান আৰু কমাৰ্চ পাঠ্যক্ৰমৰ চৰকাৰী মহাবিদ্যালয় স্থাপনৰ কাম আগবাঢ়ি থকা বুলি প্ৰকাশ কৰে। তেওঁ পানেৰী সমষ্টিৰ ডিমাকুছি, ভেৰগাঁও, খাগ্ৰাবাৰী আৰু টংলাত অচিৰেই ৰূপায়ণ কৰিবলগীয়া বিভিন্ন আঁচনিৰ সম্পৰ্কেও ভাষণত সদৰী কৰে।

আনহাতে সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰবিৰাম বড়োৱে চাহ খেতিৰ সৈতে জড়িত আধুনিক প্ৰযুক্তি, চাহৰ বজাৰ আদিৰ বিষয়ে বিস্তাৰিতভাবে উল্লেখ কৰে। বড়োৱে একাংশ চাহ খেতিয়ক তথা ঔষধ ব্যৱসায়ীয়ে কেইবাবিধো নিষিদ্ধ ৰাসায়নিক কীট নাশক, জীৱানুনাশক আদি চাহ খেতিত প্ৰয়োগৰ বাবে গোপনে ক্ৰয়- বিক্ৰয় কৰি থকা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ মানুহকে ধৰি সমস্ত প্ৰাণীকুলৰো স্বাস্থ্যৰ বাবে হানিকাৰক এনে ৰাসায়নিক দ্ৰব্য সমূহ চাহখেতিত প্ৰয়োগ বন্ধ কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি দিবলৈ চৰকাৰী – বেচৰকাৰী সকলো পক্ষকে আহ্বান জনায়।

অনাগত দিনবোৰত ক্ষুদ্ৰ চাহ উদ্যোগীসকলে তীব্ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈ থাকিবলৈ তেখেতে আহবান জনায়। সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভেৰগাঁও গোটৰ প্ৰাক্তন সভাপতি ৰমাকান্ত বড়াই উদ্বোধন কৰা সভাখনৰ মাজতে ৰূপালী জয়ন্তী উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা দিবাকৰ বড়া সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে।

ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চৰণ দৈমাৰীয়ে সঞ্চালনা কৰা সভাখনৰ আঁতধৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভেৰগাঁও গোটৰ সম্পাদক দিবাকৰ বড়াই। সভাত ৰাজ্যিক বি জে পিৰ এছ টি মৰ্চাৰ সম্পাদিকা পিংকী বসুমতাৰী, ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জৌস্ৰাং বড়ো, প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক ডেভিদচন দৈমাৰী, ভেৰগাঁও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰা, সন্থাৰ ডিমাকুছি মণ্ডলৰ উপদেষ্টা কৃষ্ণ বসুমতাৰী, সুৰেণ বড়ো, শৈলেন দাস, অধ্যক্ষ কেশৱ শৰ্মা, সভাপতি গৌতম শৰ্মা, সম্পাদক মণিৰাম বড়ো, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা, শুক্লাই আই টি আইৰ অধীক্ষক ড° দীজু কুমাৰ বড়ো, এবছু নেতা নগেন বড়ো, আছা নেতা ভূবন তাঁতী, জাৰ্মানী গবেষক পৰ্যটকদ্বয় মেৰী পিটাৰচন আৰু টি পিটাৰচনসহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।


মুকলি সভাৰ পূৰ্বে অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত ভেৰগাঁও চাহ খেতিয়ক সন্থাৰ প্ৰয়াত প্ৰাক্তন সভাপতিদ্বয় কমলা কান্ত বড়া, কিৰিটী কুণ্ডল ডেকাক মৰোণোত্তৰ ভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে বিষয়ববীয়া শান্তিৰাম ডেকা, ধৰ্ম কান্ত ৰাভা, সঞ্জীৱ ৰাভা, ধ্ৰুৱজ্যোতি বড়ো, দিবাকৰ বড়া, ৰমাকান্ত বড়া আৰু নৱকান্ত বড়োকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সভাত কেইবাটাও নৃত্যৰ দলে নৃত্য পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। ভেৰগাঁৱৰ ৰঙাজুলিত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনৰ ভেৰগাঁও গোটৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে আয়োজিত ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিনা ২৫ ফেব্ৰুৱাৰীৰ পুৱা গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি কালি সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ২৫ খন পতাকা উত্তোলন কৰা হয়। সন্থাৰ পতাকা ভেৰগাঁও গোটৰ সভাপতি নৱকান্ত বড়োৰ লগতে আন ২৪ গৰাকী স্থানীয় বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰাৰ লগতে ৰূপালী জয়ন্তীৰ পতাকা উদযাপন সমিতিৰ সভাপতি ধৰ্মকান্ত ৰাভাই উত্তোলন কৰে।

স্মৃতি তৰ্পন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চৰণ দৈমাৰীয়ে। ইয়াৰ পিচত অনুষ্ঠিত লক্ষ্যভেদ খেল উদ্বোধন কৰে আদৰ্শ মীন পালক ধৰ্মেশ্বৰ ৰাভাই। ইয়াৰ পিচত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিমাকুছি মণ্ডলৰ সম্পাদক মণিৰাম বড়োৱে উদ্বোধন কৰা কৃষি কৰ্মশালাত সমল ব্যক্তি হিচাপে ডিমাকুছি কৃষি মহকুমাৰ কৃষি উন্নয়ন বিষয়া নীহাৰিকা দত্ত, ভাৰতীয় ষ্টেট বেংকৰ ভেৰগাঁও শাখাৰ প্ৰবন্ধক অশোক বসুমতাৰী আৰু বিশিষ্ট চাহ খেতিয়ক জয়ন্ত বড়োৱে অংশগ্ৰহণ কৰে। আবেলি গীত- মাতৰ অনুষ্ঠান মুকলি কৰে অনাতাঁৰ নাট্যকাৰ পুলিন তালুকদাৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভেৰগাঁও গোটৰ প্ৰাক্তন সভাপতি শান্তিৰাম ডেকাই।

৮ মাৰ্চৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট

অহা ৮ৰ পৰা ১৯ মাৰ্চলৈ শ্ৰীলংকাৰ কেণ্ডীৰ পাল্লাকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতা৷ এইবাৰ প্ৰতিযোগিতাত অংশ ল’ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, ইংলণ্ডৰ কেভিন পিটাৰচেন, পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি, ভাৰতৰ যুৱৰাজ সিং তথা হৰভজন সিং আদিৰ দৰে কিংবদন্তি খেলুৱৈসকলে৷

প্ৰতিযোগিতাখনৰ সকলো খেল বিশ্বজুৰি সম্প্ৰচাৰ কৰিব ষ্টাৰ স্প’ৰ্টছে৷ আনহাতে, অগ্ৰণী ক্ৰীড়া প্ৰতিষ্ঠান টয়ম স্প’ৰ্টছ লিমিটেডো ডব্লিউ চি এলৰ সৈতে নিজৰ অংশীদাৰিত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ মুঠ ১২ দিন ধৰি চলিব লগা প্ৰতিযোগিতাখনত মুঠ ২২ খন মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰ চেম্পিয়ন ট্ৰফীৰ বাবে বিশ্বৰ তাৰকা ক্ৰিকেটাৰৰে গঠিত সাতটা দলে যুঁজ দিব৷

প্ৰতিযোগিতাখনৰ সন্দৰ্ভত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে কয় ‘ক্ৰিকেট খেলপথাৰত মোৰ আবেগক পুনৰ জগাই তুলিবলৈ তথা মোৰ চমক পুনৰবাৰ প্ৰদৰ্শন কৰিবলৈ পাই মই ৰোমাঞ্চিত হৈছো৷ আমাৰ প্ৰাক্তন খেলুৱৈসকলৰ বাবে এয়া এক অন্যন সুযোগ৷ আমি অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ সাজু হৈছো’৷

ইফালে, ইংলণ্ডৰ তাৰকা পিটাৰচেনে কয়, ‘টয়ম স্পৰ্টছ লিমিটেডৰ জড়িয়তে ডব্লিউ চি এলত যোগ দি মই সন্মানিত হৈছো৷ ক্ৰিকেটৰ প্ৰতি থকা চিৰস্থায়ী আবেগ প্ৰদৰ্শন কৰাৰ লগতে বিশ্বজুৰি অনুৰাগীসকলৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত সহযোগী কিংবদন্তিসকলৰ সৈতে সহযোগিতা কৰাৰ এয়া এক ৰোমাঞ্চকৰ সুযোগ’।

টি এছ এলৰ অধ্যক্ষ মহমেদালী বুধৱানীয়ে বিশ্ব ক্ৰিকেটাৰৰ অংশগ্ৰহণে ডব্লিউ চি এলৰ আকৰ্ষন বৃদ্ধি কৰাৰ বিষয়ে অবগত কৰে৷ ইফালে, বলীউডৰ চলচ্ছিত্ৰ আৰু সংগীত নিৰ্মাণৰ ক্ষেত্ৰত দক্ষতাৰ বাবে বিখ্যাত জাবাৱা এণ্টাৰটেইনমেণ্টৰ যোগেদি বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগনে ডব্লিউ চি এলৰ প্ৰচাৰত অংশ ল’ব বুলি কোম্পানীৰ সঞ্চালক হৰ্ষিত টোমাৰে ব্যক্ত কৰে৷ ইফালে, চলিত বৰ্ষৰে তিনিৰ পৰা ১৩ জুলাইলৈ আমেৰিকাত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ সমৰ্থনত অনুষ্ঠিত হ’ব বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ-২০২৪৷

গহপুৰত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ…

গহপুৰৰ ককিলাৰ ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত ভূমি পট্ৰা বিতৰনি অনুষ্ঠানত অংশ গ্ৰহণ কৰে মূখ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়ে । গহপুৰত মিচন বসুন্ধৰা ২ আচনিৰ অধিনত ১০,২৫৫ খন পট্টা বিতৰণ । ইয়াৰে গহপুৰৰ পৰা লাভ কৰে ৭৪০৯ খন পট্ৰা । ২০২৬ চনৰ আগতে অসমৰ মাটি বাৰী সমস্যা সম্পূৰ্ণ ৰূপে দূৰ কৰা হৱ । অসমৰ মানুহে যাতে কোনো সমস্যা ত পৰিব নালাগে ।

তাৰবাবে আমাৰ চৰকাৰে অৰ্পান চেষ্টা কৰি আহিছো আৰু কৰি যাম ।ছহিদ কণকলতা বৰুৱাৰ অত্মদানা এক নজিৰ বিহীন ঘটনা । অসম বিধান সভাত কনকলতা বিশ্ব বিদ্যালয়ৰ আইন মঞ্জুৰ হল । বিশ্ববিদ্যালয়ৰ কাম সোনকালে আৰম্ভ হব । এক লাখ চাকৰিৰ দিয়াৰ পাছত আকৌ ৩৫হাজাৰ চাকৰি মুকলি কৰি দিলো । ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয় দিম ।

ৰেচন কাৰ্ড থকা পৰিয়ালৰ মূৰব্বী ক বীমা কৰা হৱ ।প-পত্ৰ পূৰনৰ কেইদিনমান পাছতে লাখপতি বাইদেউ আচনিৰ ১০ হাজাৰ টকা সোমোৱই দিয়া হৱ । উক্ত অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা , গহপুৰৰ বিধায়ক , বিহালীৰ বিধায়ককে ধৰি বিজেপি,এজিপিৰ দল সমূহৰ নেতা সকল উপস্থিত থাকে ।

পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ উন্নয়নৰ বাৰ্তাৰে বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বাইক ৰেলী

সোমবাৰে চিলাপথাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি-পট্টা বিতৰণৰ পাছত মঙলবাৰে পুনৰ চিলাপথাৰ বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে। পুৱা প্ৰায় ৯ মান বজাত বিশেষ হেলিকপ্টাৰ যোগে কাৰেং চাপৰিত থকা হেলিপেদত অৱতৰণৰ পাছত চিলাপথাৰ দিজমূৰ -সোণাৰী মাজুলী সংযোগী মাথাউৰিৰ কাৰেং চাপৰিৰ অংশৰ পৰা বাহিৰ কৰা বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি নিজে বাইক চলাই ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে এক প্ৰাকৃতিক মনোমোহা বিননন্দীয়া পৰিৱেশেৰে ভৰপূৰ মাথাউৰিৰ ওপৰেৰে উন্নয়নৰ বাৰ্তা লৈ মাজুলীলৈ যাত্ৰা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, চৰকাৰখনৰ প্ৰায় এক হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাথাউৰি কাম পকী কৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কাৰেং চাপৰিৰ পৰা মাজুলীলৈ সুন্দৰভাৱে পকী কৰণ কৰা হ’ল। পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মাথাউৰিৰ ওপৰেৰে কোনোধৰণৰ সমদলৰ কৰা নাই যদিও মাথাউৰিৰ কাষত বান গৰাখহনীয়াৰ মাজত জীৱন সংগ্ৰাম কৰা নৈপৰীয়া ৰাইজক পৰিদৰ্শন কৰাৰ ৰেলীৰ যোগে এক প্ৰয়াস কৰা হৈছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ৰেলীয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ দায়িত্ব কমিব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপি চৰকাৰখনৰ লগতে অসমৰ সৰ্বসাধাৰণৰ ৰাইজ এশ শতাংশ লগত আছে। একালৰ জৰাজীৰ্ণ মথাউৰিৰ এতিয়া পকী পথলৈ ৰূপান্তৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ দিনতে সম্ভৱ হৈছে যাৰ বাবে জোনাই, ধেমাজি, ঢকোৱাখানা, মাজুলীৰ ব্ৰহ্মপুত্ৰ নৈপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ পৰা সুৰক্ষিত হ’ব।

লগতে অসমত ধুমুহা আহিব বুলি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ সন্দৰ্ভত ৰাজনীতি কৰা মানুহৰ মনটো পবিত্ৰ হ’ব লাগে, ধুমুহা আহিব, জুই জ্বলিব এইধৰণৰ কথা ভাবি লাভ নাই। ধুমুহাই মানুহৰ মন বেয়া কৰে কংগ্ৰেছহে ধুমুহা বিছাৰে আমি সৰু সৰু মৃদু বতাহেদি অসমৰ উন্নয়ন কৰিম বুলি কংগ্ৰেছেক সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীৰ এই ৰেলীৰ সময়ত মাথাউৰিৰ ঠায়ে ঠায়ে নৈপৰীয়া মিচিং ৰাইজে পুষ্প বৃষ্টি কৰাৰ লগতে গামোচা পিন্ধাই বিভিন্ন শ্লোগান দি উষ্ম আদৰনী জনোৱা পৰিলক্ষিত হয়। লখিমপুৰ সাংসদ প্ৰদান বৰুৱা,জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু মাজুলীৰ বিধায়ক ভুৱন গামে সংগ দিয়া এই বাইক ৰেলীত প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

তিনিচুকীয়া জিলা বক্সিং সংস্থাৰ সভাপতি আজিম খানক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ক চিৰঞ্জীৱী কৰি ৰখা বাবে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’য়ে ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে The Assam Rising’, ‘ঘৰে ঘৰে আলোকপ্ৰভঞ্জন’ আৰু ‘মোবাইলে মোবাইলে DB NEWS’ এক যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে মাৰ্ঘেৰিটাৰ আজিম খানক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আজিম খান তিনিচুকীয়া জিলা বক্সিং সংস্থাৰ সভাপতি উপৰিও ৰাষ্ট্ৰীয় বস্কিংৰ বিচাৰক আৰু পৰিচালক। মঙলবাৰে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ হৈ মাৰ্ঘেৰিটাৰ স্থানীয় সংবাদ দাতা বিকাশ বৰুৱাই তেখেতক এখনি ফুলাম গামোচা, এখনি সম্বৰ্ধনা পত্ৰ আৰু ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তিনিখন ছপা কাকত ক্ৰমে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আসাম ৰাইজিং’ আৰু ‘আলোকপ্ৰভঞ্জন’ৰ এটাকৈ প্ৰকাশিত কাকত প্ৰদান কৰে।

খানে যুৱ প্ৰজন্মক সংবাদ পত্ৰৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ ছপা মাধ্যম সমূহে গ্ৰহণ কৰিব লগীয়া পদক্ষেপ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰে।উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকি মাৰ্ঘেৰিটাৰ এগৰাকী অন্যতম যুৱ সাংবাদিক অভিজিত কাকতিয়ে ৰাজ্যৰ ছপা মাধ্যমসমূহে ল’ব লগা পদক্ষেপ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে।

তেখেতে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ক আগন্তুক সময়ত নৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰা বিভিন্ন শিতান ৰাখিবৰ বাবে আহ্বান জনায়।

-বিকাশ বৰুৱা, মাৰ্ঘেৰিটা

RJ Mandy from Guwahati, Assam wins Unicef Radio For Child Award in Mumbai…

RJ Mandy from Guwahati,Assam wins Unicef Radio For Child Award in Mumbai,India.

RJ Mandy from Radio Gupshup 94.3 FM,Assam,North East Wins Unicef Radio For Child Award today for the Best Spot for Climate Change in Mumbai conferred by Unicef Celebrity Ambassador Ayushmann Khurana.


22 radio professionals from all over India from All India Radio, Community Radio and Private FM, took away the Radio4ChildAwards 2024 trophy today given away by renowned Bollywood actor and UNICEF India National Ambassador #AyushmannKhurrana, in Mumbai today.

The Awards were given across three themes – #RoutineImmunization, #ClimateChange and #ChildProtection. RJ Mandy has a Radio Experience of 17 years and is currently The Cluster Programming Head and Hosts The RJ Mandy Show every Morning from 7am to 12pm on Radio Gupshup 94.3 FM Proud to be Local!

ইটাখোলাৰ দুই যুৱকৰ কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন

আজিৰ যুৱ প্ৰজন্মই যি দৰে এটা চৰকাৰী চাকৰি যোগাৰৰ বাবে হাবাথুৰি খাই ফুৰিছে ঠিক একে সময়তে এইখন ৰাজ্যতে শিক্ষিত নিবনুৱা হিচাপে চৰকাৰী কিম্বা কোম্পানী চাকৰিলৈ ধাপলি নেমেলি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ইটাখোলা অঞ্চলত দুগৰাকী শিক্ষিত যুৱকে।

বিশ্বনাথৰ ইটাখোলাৰ সমীপৰ চেঙামাৰীত ১০০ বিঘা কৃষি ভুমিত কৃষি কৰ্মৰ জৰিয়তে একোজন আদৰ্শ কৃষক ৰূপে প্ৰতিষ্ঠা হোৱাৰ লগতে আন দহ গৰাকী নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে চতিয়া খনাগুৰিৰ নিৱাসী শিক্ষিত যুৱক সিদ্ধাৰ্থ শংকৰ কলিতা আৰু ভাতৃ অন্নদা শংকৰ কলিতা।

চাকৰি মনোবৃতি এৰি কৃষি কৰ্মকে জীৱিকাৰ পথ হিচাপে বাচি লৈ দুই যুৱক সিদ্ধাৰ্থ আৰু অন্নদাই ‘বাজিকৰ’ নামৰ কৃষি পাম খুলি বতৰ অনুযায়ী কৰি আহিছে ভিন ভিন শস্যৰ খেতি। বিশেষকৈ তামোল-পান, ধান, আলু, মটৰ, সৰিয়হ আৰু ৰঙালাও খেতিক প্ৰাধান্য দিয়া এই দুই যুৱ কৃষকে এইবাৰ প্ৰায় ৪০ বিঘা কৃষি ভূমিত উন্নত প্ৰাজাতিৰ আলু খেতি কৰি ১৩০ টনৰো অধিক আলু উৎপাদন কৰিবলৈ লক্ষ্য কৰি লৈছে।

অৱশ্যে ইতিমধ্যে ইয়াৰে উৎপাদিত ৩৫ টন আলু ৰাজ্যৰ সুপ্ৰতিষ্ঠিত কোম্পানী আৰু বিভিন্ন স্থানলৈ ৰপ্তানি কৰিছে।আজিৰ পৰা ২০ বছৰ পূৰ্বে তেওঁলোকে ২২ বিঘা কৃষি ভূমিত কৃষি কৰ্ম আৰম্ভ কৰা কৃষি পামখন বৰ্তমান প্ৰায় ১০০ বিঘা মাটিলৈ সম্প্ৰসাৰিত হৈছে। ইয়াৰ লগতে যুৱ কৃষকদ্বয়ে এই কৃষি ভূমিত বতৰ অনুযায়ী বিভিন্ন শাক-পাচলিৰ খেতি কৰাৰ উপৰি প্ৰায় ২০ বিঘা ভুমিত এখন আছে তামোল পানৰ বাৰি কৰিছে।

এই বেলি প্ৰায় ১২ বিঘা মাটিত মটৰ মাহৰ খেতি কৰাৰ উপৰি উন্নতমানৰ গাহৰি আৰু লোকেল মূৰ্গী পালন কৰিও লাভান্বিত হৈছে বুলি জনায়। মনকৰিবলগীয়া যে যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ কলিতাই কৃষি কৰ্মৰ সমান্তৰালকৈ কাব্য চৰ্চাৰ জৰিয়তে সাহিত্যক্ষেত্ৰখনৰ দ্বাৰাও বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে।

‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা লাভ কৰি কাকত গোষ্ঠীটোৰ দীৰ্ঘায়ু কামনা বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহৰ

“কাকত এখন যেতিয়া প্ৰলোভিত হয়, তেতিয়া কাকতখনে লক্ষ্যৰ পৰা বিচলিত হ’বই। গতানুগতিক হৈ কাকতখন যে চলাই নিব লাগে সেইটো নহয়। যি বিলাক জীৱন্ত সমস্যা আছে আৰু যি বিলাক সমস্যাৰ এই কথা ব্যক্ত কৰা হয় ইয়াক প্ৰতিফলিত কৰিব পাৰিব লাগে”- এই মন্তব্য পদ্মশ্ৰী ইমৰান শ্বাহৰ। নিজৰ নিভাজ কথাশিল্পৰ জড়িয়তে অসমৰ সাহিত্যৰ ভঁৰালটোক কটকটীয়া কৰাত উদগনি যোগাই অহা ইমৰান শ্বাহ এগৰাকী কবি, সাহিত্যিক, সাংবাদিক হোৱাৰ ওপৰি একেলেঠাৰীয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম উপত্যকা বঁটা প্ৰাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধীৰে বিভূষিত, কেন্দ্ৰীয় চৰকাৰৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত ইমৰান শ্বাহ আজিও এগৰাকী দুৰন্ত তৰুণ। এই গৰাকী দুৰন্ত তৰুণক এতিয়াও বয়সে বিচলিত কৰিব পৰা নাই।

‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে কাকতগোষ্ঠীৰ তৰফৰ পৰা অসমৰ বৰেণ্য ব্যক্তিসকলৰ লগতে বিভিন্ন দিশত কাম কৰি থকা বিশিষ্ট ব্যক্তিসকলক কাকতগোষ্ঠীৰ চৈধ্য বছৰীয়া পৰিক্ৰমাৰ অংশীদাৰ কৰাৰ লক্ষ্যৰে আয়োজন কৰা বিশেষ অনুষ্ঠানৰ যোগেদি বৰেণ্য কথাশ্লিল্পী ইমৰান শ্বাহক সোমবাৰে অংশীদাৰ কৰা হয়। ‘দৈনন্দিন কাকত গোষ্ঠী’ৰ প্ৰতিনিধি দলটোৱে সোমবাৰে পুৱাৰ ভাগত ইমৰান শ্বাহৰ শিৱসাগৰ নগৰৰ ধাইআলিৰ বাসগৃহত উপস্থিত হয়। স্বয়ং অসম সাহিত্য সভাৰ এই গৰাকী বৰ্ষীয়ান সভাপতি ইমৰান শ্বহে প্ৰতিনিধি দলটোক নিজ গৃহলৈ আদৰি নি আতিথ্য প্ৰদান কৰে।

কাকতগোষ্ঠীৰ তৰফৰ পৰা ইমৰান শ্বাহক গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধনা পত্ৰ আৰু দৈনন্দিন বাৰ্তা কাকতগোষ্ঠীৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ডায়েৰী প্ৰদান কৰা হয়। দৈনন্দিজন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে যে – ‘সাহিত্যিক হিচাপে নহয়, মই ছাত্ৰ অৱস্থাৰ পৰাই বেলেগ বেলেগ ধৰণে সাংবাদিক বা সাংবাদিকতাৰ যিটো ধাৰা ইয়াৰ সৈতে বিভিন্ন ধৰণে জড়িত। বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ দিনৰ পৰাই স্বনামধন্য সাংবাদিক তিলক হাজৰিকা, নিৰুধ চৌধুৰীৰ সৈতে মোৰ এক ভাল সৰ্ম্পক আছিল। সংবাদ পত্ৰৰ যিটো মাধ্যম ইয়াৰ সৈতে জনসাধাৰণৰ যিটো সম্বন্ধ আছে এই সম্বন্ধ কিন্তু আলোচনী বিলাকৰ সৈতে নাথাকে।

কম পঢ়া শুনা বা দৰিদ্ৰ মানুহৰ বাতৰি কাকতখনতেই তেওঁলোকৰ সীমা। এইসকল মানুহৰ ওচৰলৈ যাবলৈ মই সদায় যত্ন কৰি আহিছো আৰু সেই কাৰণেই মই তেনেদৰে লিখি আহিছো। বিগত সময়ত মই নিজেও ‘সোঁৱণশিৰি’ নাম দি এখন বাতৰি কাগজ উলিয়াবলৈ চেষ্টা কৰিছিলো। কিন্তু কাকতখন তিনি-চাৰিটা সংখ্যা প্ৰকাশ হোৱাৰ পিছতেই বন্ধ হৈ গ’ল। কিয় বন্ধ হ’ল আপোনালোকে অৱগত। যিহেতু ইয়াৰ সৈতে জড়িত হৈ আছে অৰ্থনীতিৰ বিষয়টো। আনহাতে এখন কাকতৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে অৰ্থনীতিৰ লগতে অন্য কিছুমান ফেক্টৰ আছে, যি বিলাকে কাগজখনক সদায় নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰে। এনেদৰে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰোঁতে কাকতখনৰ সম্পাদক বা তেওঁৰ সহযোগী সকলৰ বহু ক্ষেত্ৰত তেওঁলোকৰ ভুমিকাটো গৌণ হ’ব লগীয়া হয়। সেইটো হ’লে কাকতখনৰ নিজস্বতাটো নষ্ট হৈ যাব। ইয়াৰ বাবেই মই প্ৰকাশ কৰা কাকতখনৰ ধাৰাবাহিকতাটো ৰক্ষা কৰিব নোৱাৰিলো। আজি কালি এখন কাকত পৰিচালনা কৰিবৰ বাবে বহু টকা পইচাৰ কথা আহি পৰে। কাকতখন প্ৰকাশৰ ক্ষেত্ৰত বিজ্ঞাপনৰ ভুমিকা থাকে। কিন্তু এই বিজ্ঞাপনৰ দিশটোত প্ৰলোভিত হোৱাৰ সম্ভাৱনা সদায় থাকি যায়। কাকত এখন যেতিয়া প্ৰলোভিত হৈ তেতিয়া তেওঁলোকে লক্ষ্যৰ পৰা বিচলিত হ’বই। সেইটো লক্ষ্য ৰখাৰ প্ৰয়োজন। আনটো দিশ হৈছে যে কাকতখন গতানুগতিক হ’ব নালাগে। গতানুগতিক হৈ কাকতখন যে চলাই নিব লাগে সেইটো নহয়। যি বিলাক জীৱন্ত সমস্যা, যি বিলাক সমস্যাৰ বিষয়ে আমি ৰাজনৈতিক নেতাৰ পৰা জানিব নোৱাৰো আচলতে তেওঁলোকে এই সমস্যা বিলাক নুচুৱে। এই জীৱন্ত সমস্যা বিলাকৰ বহু আঁতৰত থাকিয়েই ৰাজনৈতিক নেতা বিলাকে বৰ ডাঙৰ ডাঙৰ কথা কোৱাৰ বাবে আমি প্ৰায়ে সেই বিলাকক সঁচা বুলিয়েই মানি লওঁ। কিন্তু আচল যি জনতা, যি সৰ্ব সাধাৰণ ৰাইজে বাসকৰা দেশখন আচলতে কৰবাতে থাকি যায়। বৰ্তমান আমাৰ এই একেই অৱস্থা হৈছে। আমি আমাৰ অসমৰ প্ৰকৃত ছবিখন নাপাম আৰু…’। এইখিনি সম্পাদন কৰাৰ ক্ষেত্ৰত কাকতত গধুৰ আৰু গভীৰ দায়িত্ব আহি পৰে বুলি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয়।

ইয়াৰ লগতে বিশিষ্ট কথাশিল্পী গৰাকীয়ে আলোকপ্ৰভঞ্জন ওৱেলফেয়াৰ চ’ছাইটি আৰু দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীক প্ৰশংসা কৰাৰ লগতে কাকতগোষ্ঠীটোৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞিৰ প্ৰচেষ্টাত অসমৰ সংবাদ জগতত ‘দ্য আছাম ৰাইজিং’, ‘দৈনন্দিন বাৰ্তা’ আৰু ‘আলোকপ্ৰভঞ্জন’ কাকত তিনিখনৰ লগতে গোষ্ঠীটোৰ নৱতম ডিজিটেল সংযোজন ডি বি নিউজে যি ধাৰাবাহিকতা ৰক্ষা কৰি বাতৰি পৰিৱেশন কৰি আহিছে এই ধাৰাটোক ধৰি ৰাখিবৰ বাবে তেওঁ আহবান জনাই।

এই সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে দৈনন্দিন বাৰ্তাৰ শিৱসাগৰস্থ জ্যেষ্ঠ সাংবাদিক ফিৰোজ খানে। উপস্থিত থাকি দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞি, আলোকপ্ৰৱঞ্চনৰ সম্পাদক কোমোদ নাথ, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া, শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ, বিশ্বনাথৰ সাংবাদিক ত্ৰিদ্বিপ বৰা, মৰিয়নিৰ কৃষ্ণ শৰ্মাৰ লগতে সমুদ্ৰজিৎ গগৈ আৰু দিলিস্থান খান।

সোণাৰি থুকুবিলত এছেঙ বেডমিণ্টন একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিত এদিনীয়া বেডমিণ্টন প্ৰতিযোগিতা…

চৰাইদেউ জিলাৰ সোণাৰি থুকুবিলত এছেঙ বেডমিণ্টন একাডেমী নামৰ এটা বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ নতুন কৈ মুকলি কৰা হৈছে । এই কেন্দ্ৰটো প্ৰথমে স্বত্বাধিকাৰ হিচাপে জানুমত গগৈয়ে আগবঢ়াইছে আৰু স্থানীয় ৰাইজেও সহায় সহযোগিতা আগবঢ়াইছে। জানুমত গগৈৰ এই একাডেমী খন খোলাৰ এটাই উদ্দেশ্য যে থুকুবিল গাঁও খনৰ লগতে পাৰ্শ্বতী এলেকাত বহুতো ছাত্র ছাত্ৰী আছে । কিছুমান ছাত্র ছাত্ৰীয়ে খেলিবলৈ ইচ্ছা থাকিলেও টকা-পইচাৰ অভাৱত নাম ভৰ্ত্তি কৰিব নোৱাৰে । সেয়েহে সেই ছাত্র ছাত্ৰী সকলৰ মনৰ আশাবোৰকে লৈ আজি এছেঙ বেডমিণ্টন একাডেমী নামেৰে নামাকৰণ কৰি নতুন একাডেমী খন উদ্ধোধন কৰে চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত পলাশ আহোম ৰাজকুমাৰে।

এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানত টোৰ প্ৰথম দিনাই সদৌ অসম ভিত্তিত এদিনীয়া বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈ সকলে অংশগ্ৰহণ কৰিছে। চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত পলাশ ৰাজকুমাৰ আহোমে খেলুৱৈ সকলক সাৰুৱা বক্তব্যৰে উৎসাহিত কৰি বেডমিণ্টন খেলখন উদ্ধোধন কৰে।

পবিত্ৰ ৰমজান মাহত কি কি কৰিব আৰু কি কি নকৰিব, জানি লওক…

পবিত্ৰ ৰমজান মাহ আৰম্ভ হ’বলৈ আৰু কেইটামান দিন। মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণৰ বাবে ৰমজান মাহটো অতি গুৰুত্বপূৰ্ণ। ৰমজানত ৰোজা পালন কৰা হয়। ৰমজান মাহটো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। গোটেই ৰমজান মাহত ৰোজা ৰখাৰ পিছত ঈদ পালন কৰা হয়। ৰমজান মাহত সৰ্বাধিক সময় আল্লাহৰ প্ৰাৰ্থনাত ব্যয় কৰা হয়। লগতে ভাল কাম কৰা হয়। লগতে ইছলামৰ মতে সকলো প্ৰাপ্তবয়স্ক লোকৰ বাবে (গৰ্ভৱতী মহিলা আৰু ৰোগীৰ বাহিৰে) ৰমজান মাহত ৰোজা ৰখাটো অতি প্ৰয়োজনীয়। এনে কৰিলে ব্যক্তিজনৰ পাপ ক্ষমা হয়। এইবাৰ ভাৰতত ১১ মাৰ্চ সোমবাৰৰ পৰা আৰম্ভ হ’ব ৰমজান। ১০ এপ্ৰিল বুধবাৰে ৰমজানৰ অন্ত পৰিব। ইয়াৰ পিছত ঈদ উদযাপন কৰা হ’ব। ৰমজান মাহত কি কৰিব আৰু কি কৰিব নালাগে জানো আহক-


ৰমজান মাহত দৈনিক ৫ বাৰ নামাজ পঢ়া হয়।


ৰোজা ৰখাসকলে পবিত্ৰ ৰমজান মাহত দৰিদ্ৰ আৰু আৰ্তজনক যিমান পাৰে সহায় কৰিব লাগে।


ৰোজা ৰখাসকলে সূৰ্যাস্তৰ পিছত আজানৰ আগত একো খাব বা পান কৰিব নালাগে।


উপবাসৰ সময়ত ধূমপান নকৰিব। এনে কৰিলে ৰোজা ভাঙি যায়।


পবিত্ৰ ৰমজান মাহত মনলৈ বেয়া চিন্তা নানিব। নতুবা কাৰো কথা বেয়াকৈ নাভাবিব। কাৰো লগত কাজিয়া বা তৰ্ক নকৰিব।