Home Blog Page 1009

পিয়াঁজক পাকঘৰৰ ঔষধ বুলি কোৱা হয়, পিয়াঁজৰ উপকাৰিতাৰ বিষয়ে জানক…

পিয়াঁজক পাকঘৰৰ ঔষধ বুলি কোৱা হয়, পিয়াঁজৰ উপকাৰিতাৰ বিষয়ে জানক-


কাণ বিষালে পিয়াঁজৰ ৰস গৰম কৰি-৪টোপ দিব।
শিয়াল কুকুৰে কামোৰিলে পিয়াঁজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ ভাল হয়।
চুলি কোচা-কুচিকৈ সৰিলে বা টকৌৱে খালে পিয়াঁজৰ ৰস ঘঁহিব লাগে।
বিচাই কামোৰিলে পিয়াঁজ কাটি চূণ সানি লগাব।
হেকোঁটিত পিয়াঁজৰ ৰস মৌৰে খাব।
শৌচ কচা হলে-ভাতৰ লগত কেচাঁ-পিয়াঁজ খাব।
এচিডিটিত পিয়াঁজৰ ৰস আৰু নেমু ৰস মিহলাই আহাৰৰ পাছত খাব।
ভোক কমিলে-পিয়াঁজৰ টুকুৰাত নেমুৰ ৰস সানি ভাতৰ লগত খাব।
হাগনি হলে-পিয়াঁজ বটি নাভিৰ ওপৰত লেপ দিব আৰু পিয়াঁজৰ ৰস খাব।
গোৰোহা ফাটিলে কেচাঁ-পিয়াঁজ পিহি লগাব।


প্ৰস্ৰাৱ বন্ধ হলে-পিয়াঁজ কাটি পানীত উতলাই সেই পানী খাব লাগে।
মূত্ৰাশয়ত পাথৰ হলে-পিয়াঁজৰ ৰসত পুৰণি গুড় মিহলাই ২০/২৫দিন খালে পাথৰ বাহিৰ হয়।
নাকেৰে তেজ ওলালে-পিয়াঁজ থেতেলিয়াই শুঙিব লাগে।
শক্তিশালী হ’বলৈ সদায়-১চামোচকৈ পিয়াঁজৰ ৰস আৰু ঘীঁউ মিহলাই খাব। ঘীঁউৰ সলনি-২চামুচ মৌ লব পাৰে।
ক’লা দাগত পিয়াঁজৰ ৰস লগালে-দাগ আঁতৰে।
মৌ আৰু বৰলে কামোৰিলে পিয়াঁজৰ ৰস সানিব লাগে।
পিয়াঁজৰ ৰস মূৰত লগালে-ওকণি দূৰ হয়।
উফি হ’লে-গা ধূৱাৰ আগত পিয়াঁজৰ ৰসেৰে মূৰত মালিচ কৰিব লাগে।।
মূৰ-ঘূৰণিত পিয়াঁজৰ ৰস নাকেৰে শুঙিব লাগে।

মৰিগাঁৱত অসম প্ৰিমিয়াৰ ক্ৰিকেটৰ মধ্য অসম মণ্ডলৰ ফাইনেলৰ সফল সামৰণি

অসমৰ সুপ্ত ক্ৰিকেট প্ৰতিভাবোৰৰ সদব্যৱহাৰ কৰিবৰ বাবে আজিৰ পৰা ৬ বছৰৰ আগতে অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰা দূৰদৰ্শী আৰু ফলপ্ৰসু চিন্তাধাৰাৰ সুফল জিলা ক্ৰীড়া সন্থা সমূহে প্ৰত্যক বছৰেই আয়োজিত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ জৰিয়তে লাভ কৰাটো পৰিলক্ষিত হৈছে৷ অসম ক্ৰিকেট সন্থাৰ এনে বলিষ্ঠ পদক্ষেপৰ অংশস্বৰূপে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰমাকান্ত দেউৰী আৰু সম্পাদক জিতু বৰদলৈ নেতৃত্বাধীন নৱনিৰ্বাচিত সমিতিখনে এখন ক্ৰিকেট উপসমিতিৰ জৰিয়তে ষষ্ঠ সংখ্যক অসম প্ৰিমিয়াৰ ক্লাৱ ক্ৰিকেটৰ মৰিগাঁও জিলা পৰ্য্যায়ৰ ১৫ খন খেল ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত নিৰ্মিত সুন্দৰ টাৰ্ফ উইকেটত সফলভাবে আয়োজন কৰাৰ পাছত বিগত ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত মধ্য অসম মণ্ডলৰ গ্ৰপ “বি”ৰ তিনিখন খেল ক্ৰমে গোলাঘাট, কলিয়াবৰ আৰু মৰিগাৱঁৰ আন্তঃক্লাব চেম্পিয়ন দল কেইটাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰে ৷

সুদক্ষ ক্ৰিকেট সংগঠক মানস প্ৰতীম পাটৰৰ দ্বাৰা সংগঠিত আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ লেভেল বি পৰীক্ষাত উত্তীৰ্ণ প্ৰশিক্ষক দ্বীপজ্যোতি দেৱনাথৰ জৰিয়তে প্ৰশিক্ষিত মৰিগাঁও জিলাৰ চেম্পিয়ন দল নিউ আৰ্ট প্লেয়াৰ্ছ ক্ৰিকেট ক্লাৱ বা নেপচিচিয়ে বিগত তিনিটা ছিজনৰ দৰে এইবছৰো সুন্দৰ আৰু সংঘবদ্ধ প্ৰদৰ্শন আগবঢ়াই একেৰাহে ৬ খন খেলত জয়ী হৈ মধ্য অসম মণ্ডলৰ গ্ৰুপ “বি”ৰ চেম্পিয়ন হিচাপে মাণ্ডলিক পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ পৰা অসমৰ ১২ টা শীৰ্ষ ক্লাৱৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া অসম ক্লাৱ ক্ৰিকেট প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত খেলাৰ যোগ্যতা আৰু গৌৰৱ অৰ্জন কৰিছে ৷

বিগত খেলসমূহত নিজৰ প্ৰদৰ্শনৰে নেপচিচিৰ হৈ উজলি উঠিছে বিশেষভাৱে প্ৰতিভাবান ক্ৰিকেটাৰ ক্ৰমে হীৰক জ্যোতি চৌধুৰী, ৰঞ্জিত চাংমাই ,ৰাহুল সিঙ তোমৰ, সঞ্জীব দত্ত, ছাদেক ইমৰাণ চৌধুৰী, সীমান্ত নেওগ ,ৰাহুল কলিতা, শ্বোহেইল ৰহমান আৰু উদীয়মান ক্ৰিকেটাৰ নীহাল বৈশ্যকে ধৰি অন্যান্য সকল ৷ বিগত ২৫ বছৰৰো অধিক কাল ধৰি মৰিগাঁও ক্ৰিকেট জগতলৈ ৭৫ জন সুদক্ষ আন্তঃজিলা ক্ৰিকেটাৰ সৃষ্টিত অনবদ্য বৰঙনি আগবঢ়াই অহা সুসংগঠিত নেপচিচিৰ এনে প্ৰদৰ্শনত জিলিকি উঠিছে মৰিগাঁও ক্ৰিকেটৰ উত্তৰণৰ যাত্ৰা৷

মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত নেপচিচি, মৰিগাঁও আৰু গ্ৰুপ “এ”ৰ নগাঁও, বোকাখাত, তিতাবৰ আৰু হোজাই জিলাৰ মাজত অনুষ্ঠিত লীগৰ চেম্পিয়ন দল নগাঁৱৰ স্টাৰ স্পৰ্টিং ক্লাৱৰ মাজত কালি অনুষ্ঠিত হোৱা মধ্য অসম মণ্ডলৰ ফাইনেল খেলত নগাঁৱৰ স্টাৰ স্পৰ্টিং ক্লাবে তীব্ৰ প্ৰতিদণ্ডতাৰ অন্তত মৰিগাঁও নেপচি ক্লাবক ৪ উইকেটত পৰাস্ত কৰি মাণ্ডলীক চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে ৷

তিৱা স্বায়ত্ত্ব পৰিষদৰ মূখ্য কায্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ মূখ্য অতিথি হিচাপে উপস্থিত থকা বঁটা বিতৰণী সভাত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম হকী সন্থাৰ সম্পাদক তপন দাসে অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ যোগ্যতা অৰ্জন কৰাৰ বাবে নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাব আৰু মৰিগাঁৱৰ নেপচিচি ক্লাবলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে ক্ৰিকেট উপসমিতিৰ তত্ত্বাৱধানত অসম ক্ৰিকেট সন্থাৰ ১৯ খন খেল সুন্দৰ ব্যৱস্থাপনাৰে আয়োজিত কৰাৰ বাবে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ শলাগ লয় ৷

অসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম অলিম্পিক সন্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত হয়।সভাখনত সভাপতিত্ব কৰে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সন্থাৰ সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো সভাত দাঙি ধৰে। সভাই আসন্ন লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কমিটিখনৰ কাৰ্যকাল তিনিমাহৰ বাবে বৃদ্ধি কৰে।

আনহাতে, ১৮-২৩ মাৰ্চত নাগালেণ্ডত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ- ইষ্ট অলিম্পিকৰ বাবে শক্তিশালী অসম দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অমল নাৰায়ণ পাটোৱৰীক নৰ্থ- ইষ্ট অলিম্পিকৰ চেফ ডে মিছন তথা কাৰ্যনিৰ্বাহক সদস্য পংকজ তেৰণ আৰু উজ্জ্বল বৰুৱাক ডেপুটি চেফ ডে মিছনৰ দায়িত্ব প্ৰদান কৰে৷

KIUG 2023: Tejaswini bags Delhi University’s first medal with 25m Sports Pistol gold, Chandigarh University sit atop of medal standings

Guwahati, Feb 24: Pistol shooter Tejaswini dominated the women’s 25m Sports Pistol event to give University of Delhi their first medal of the 4th Khelo India Youth Games Ashtalakshmi 2023, while Chandigarh University went on top of the standings on the back of two gold medals from wrestling.
Tejaswini, who had qualified for the final in second position, with a total of 579 points, opened up a two-point lead over closest competitor Simranpreet Kaur Brar of Panjab University and then continued to increase the advantage to win with a total of 36 points at the Kahilipara Shooting Range here on Saturday.


Simranpreet finished with 31 points while Punjabi University’s Ishneet Aulakh took home the bronze with 21 points.
Aulakh joined hands with Pardeep Kaur Sidhu and Arshdeep Kaur to clinch the team gold with a total of 1691 points with Savitribai Phule (1651 pts) and University of Rajasthan (1630) bagged the silver and bronze medal respectively.
Meanwhile, Chandigarh University went on top of the overall standings with wrestlers Ravi Kumar (77kg Greco Roman), Sachin Mor (79kg freestyle), Ravi Kumar (77kg Greco Roman) and Sachin (92kg freestyle) clinching gold medals at the Indira Gandhi Indoor Stadium, Kohima, to take their tally to 12 gold, 11 silver and 14 bronze at the time of writing.


Second edition champions Jain University were in second place with 8 gold, 6 silver and six bronze while Savitribai Phule University were third with six gold, 8 silver and 12 bronze.
In the archery competition being held at SAI centre in Meghalaya, Pawan of Punjabi University and Soumya Negi of Lovely Professional University claimed the recurve men and women gold medals respectively.

In the men’s final, Pawan defeated Mrinal Chauhan of Lovely Professional University 6-4 while Soumya got the better of Bhargaviben Vargishkumar of Hemchandracharya North University in tie-break.
In the hockey competition being held at Maulana Md. Tayabullah Stadium, Guwahati, ITM University women set up a summit clash with Sambalpur University while Rabindranath Tagore University will meet Bengaluru City University in the men’s final.
In the women’s semi-final, ITM University defeated Punjabi University 2-0 with Lalita and Aanchal Sahu scoring two goals in quick succession in the 59th minute while Sambalpur University defeated Ranchi University 2-1.


In the men’s semi-final, Bengaluru City University thrashed Manomaniam Sundarnar University 3-0 while Rabindranath Tagore University defeated Chandigarh University 3-2 in shoot out after both teams were locked 2-2 at full time.

RESULTS
ARCHERY
Men
Recurve Individual: Gold –Pawan (Punjabi Uni); Silver – Mrinal Chauhan (Lovely Professional Uni); Bronze – Jaswinder Singh (Punjabi Uni)
Recurve Team: Gold – Lovely Professional University; Silver – Punjabi University; Bronze – Savitribai Phule University
Women
Recurve Individual: Gold – Somya Negi (Lovely Professional Uni); Silver – Bhargaviben Vargishkumar (Hemchandracharya North Uni); Bronze – Sabitri Kumari (Ranchi Uni)
Recurve Team: Gold – Guru Jambheshwar Uni; Silver – Lovely Professional University; Bronze – Punjabi University
Recurve Mixed team: Gold – Amit Kumar/Kratika Bichpuriya (Rani Durgavati Uni); Silver – Shivam Kumar/Ridhi (Kurukshetra Uni); Bronze – Anuj Bhambhu/Pariksha (Maharaja Ganga Singh Uni)
FOOTBALL
MEN:
Group B: University of Kerala bt Shivaji University 7-0; Mahatma Gandhi University bt Adamas University 1-0
HOCKEY (Semis)
Men: Rabindranath Tagore Uni bt Chandigarh University 2-2 (3-2 SO); Bengaluru City University bt Manomaniam Sundarnar University 3-0

Women: ITM University bt Punjabi University 2-0; Sambalpur University bt Ranchi University 2-1
SHOOTING
Women:
25m Sports Pistol: Gold – Tejaswini (Uni of Delhi) 36; Silver – Simranpreet Kaur Brar (Panjab Uni) 31; Bronze – Ishneet Aulakh (Punjabi Uni) 21
25m Sports Pistol Team: Gold – Punjabi University 1691; Silver – Savitribai Phule University 1651; Bronze – University of Rajasthan 1630
WRESTLING
Men
57kg FS: Gold – Amol Bhongarde (SU); Silver – Shravan Kaushal (DAV); Bronze – Satish (CBLU)
65kg FS: Gold – Pardeep (SKVVC); Silver – Jasbir Khatkar (PUP); Bronze – Atul (GKU)
70kg FS: Gold – Mahesh Langoti (RCU); Silver – Pramod Kumar (RTMNU); Bronze – Vishal (CU)
74kg FS: Gold – Goverdhan Jat (DAV); Silver – Vikash (SRU); Bronze – Ankit (Guj)
79kg FS: Gold – Sachin Mor (CU); Silver – Suraj (KUK); Bronze – Akash (UOM)
92kg FS: Gold – Sachin (CU), Silver – Himanshu Antil (DCRUST); Bronze – Prateek Fougat (SGU)
97kg FS: Gold – Parveen Kumar (LPU); Silver – Sumit (CU); Bronze – Abhishek Nagar (CKU)
60kg GR: Gold – Mohit Narwal (GKU); Silver – Udit Patel (MPU); Bronze – Kapil Dalal (NILMU)
63kg GR: Gold – Pawan (CBLU); Silver – Hariom Puri (RTU); Bronze – Ankit (GNDU)
67kg GR: Gold – Satpal Malik (PDDUSU); Silver – Navdeep Malik (UOT); Bronze – Rahul (GKU)
72kg GR: Gold – Naveen (VBSPU); Silver – Anil (MDU); Bronze – Sachin (CU)
77kg GR: Gold – Ravi Kumar (CU); Silver – Amrinder Singh (GNDU); Bronze – Pardeep Mann (LNIPE)
82kg GR: Gold – Ankit (CRSU); Silver – Satish Deshwal (SLBSRSU); Bronze – Ankit Boora (CU)
97kg GR: Gold – Yashveer (GJU); Silver – Ganesh Chavan (PAHSU)
Women
50kg: Gold – Hanny Kumari (PU); Silver – Anju (LPU); Bronze – Savita Malik (PUP)
53kg: Gold – Nancy (CKU); Silver – Kirti (LPU); Bronze – Sheetal (CBLU)
55kg: Gold – Nikkl (PDDUSU); Silver – Ashlesha Trimbak (PAHSU); Bronze – Swati (GKU)
59kg: Gold – Manju (DU); Silver – Nitika (CU); Bronze – Deepti (PU)
62kg: Gold – Pragati Gaikwad (BVUM); Silver – Nikita (DU); Bronze – Vaishnavi Patil (UOM)
72kg: Gold – Manju (CU); Silver – Varsha (CDLU); Bronze – Tanu Sharma (PU)

ABOUT KHELO INDIA UNIVERSITY GAMES 2023 ASHTALAKSHMI
The Khelo India University Games is a multi-discipline sports event aimed at promoting sports and fitness among university students in India. A vision of Hon’ble Prime Minister Narendra Modi and organised by the Ministry of Youth Affairs and Sports, Government of India, it provides a platform for young athletes to showcase their talent and compete at the national level. The Khelo India University Games Ashtalakshmi 2023, being staged over the seven states of north-east India, feature an array of sporting disciplines including athletics, rugby, basketball, volleyball, swimming, badminton, hockey, fencing, kabaddi, football, tennis, mallakhamb, judo, table tennis, boxing, shooting, weightlifting, archery, wrestling, and yogasana. The Games are aimed at finding the talent that will make the nation proud in global sports tournaments.

অনুপম জীৱনৰ প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা সম্পন্ন

ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’ এ জজ খেল পথাৰস্থিত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত শনিবাৰে আয়োজন কৰা প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰৰ অনুৰ্ধ ছোৱালীৰ আন্তঃ ক্লাৱ/ আন্তঃ গোট / প্ৰতিষ্ঠান প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ (খ) দল চেম্পিয়ন হয়।

এই দলটোৱে উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰেই ( ক) দলক পৰাজিত কৰে। খেলৰ সামৰণিত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে প্ৰাক্তন আন্তৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ স্নিগ্ধা বৰুৱাই। বঁটা বিতৰণী অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা চাইজুদ্দীন আহমেদ, অইলৰ অৱসৰ প্ৰাপ্ত বিষয়া প্ৰণয় বৰুৱা,এছোচিয়েচন অৱ ড্ৰাগ ৰিহেবিলিটেচন চেন্টাৰচৰ উপদেষ্টা সিদ্ধাৰ্থ প্ৰতীম দত্ত,সভাপতি যুগব্ৰত হাজৰীকাকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে শনিবাৰে পুৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঁয়ে। প্ৰতিযোগিতাখন উদ্বোধন কৰি উপাধ্যক্ষ বৰগোহাঁয়ে ড্ৰাগছ সেৱনৰ ভয়াবহতাৰ সন্দৰ্ভত উপস্থিত খেলুৱৈ আৰু সমবেত ৰাইজক অৱগত কৰে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে অনুপম জীৱনৰ উপদেষ্টা বসন্ত কুমাৰ শৰ্মাই। স্মন্তব্য যে উক্ত প্ৰতিযোগিতা খনত গুৱাহাটীৰ ৬টা ভলীবল দলৰ লগতে দ্বিশতাধীক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে অংশ গ্ৰহণ কৰে ।

বিশ্বনাথ আৰু শোণিতপুৰ জিলাত মিছন বসুন্ধৰা ২.০ ৰ অধীনত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই শনিবাৰে জিলা দুখনৰ বিহালী, বিশ্বনাথ আৰু ন-দুৱাৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰি অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ ৰ অধীনত আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথমতে মন্ত্ৰী হাজৰিকাই বিহালী সমষ্টিৰ অধীনৰ বৰগাঙস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত উপস্থিত হৈ সমষ্টিটোৰ ৩২০৯ টা পৰিয়ালৰ মাজত ভূমি পট্টা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি মাহত তেওঁ দুবাৰৰ পৰা তিনিবাৰ পৰ্যন্ত বিশ্বনাথ আৰু শোণিতপুৰ জিলা ভ্ৰমণ কৰিব লগা হয়। কিন্তু মন্ত্ৰীগৰাকীৰ প্ৰতিটো ভ্ৰমণৰ অন্তৰালতে জনসাধাৰণৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰৰ আন্তৰিক প্ৰয়াসৰ কথা নিহিত হৈ থাকে।

মন্ত্ৰী গৰাকীয়ে কয়, “মই প্ৰতিমাহতে বিশ্বনাথ আৰু তেজপুৰলৈ দুই তিনিবাৰ আহো, কিন্তু ইয়াত এনেই চাহ-ভাত খাবৰ বাবে নাহো, কেতিয়াবা যদি ৰেচন কাৰ্ড বিতৰণৰ বাবে আহো, আন কেতিয়াবা মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা বিতৰণৰ বাবে আহো, বান-খহনীয়া ৰোধৰ কাম কৰিবৰ বাবে আহো, অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, চিকিৎসালয় আৰম্ভ কৰিবলৈ আহো অথবা ৰাষ্ট্ৰা-পথ নিৰ্মাণ সংক্ৰান্তত আহো”।

বিগত তিনিটা বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অহৰ্নিশে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে মিছন বসুন্ধৰাৰ অধীনত এই সময়খিনিত প্ৰায় ১১ লাখ পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে। মিছন বসুন্ধৰা ২.০ ৰ অধীনত প্ৰায় ২ লাখ ৩০ হাজাৰ পৰিয়ালে এই কেইটা দিনতে ভূমিৰ পট্টা লাভ কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এনেদৰে জনজাতি, অনুসূচিত জাতিৰ ভূমিপুত্ৰসকলে সহজতে ভূমিৰ পট্টা লাভ কৰিব বুলি আজিৰ পৰা কিছু বছৰৰ আগতে কোনেও ভাৱিব পৰা নাছিল।

আনহাতে মাথো আঢ়ৈটা বছৰতে সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে প্ৰায় ৯৫ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰি অসম চৰকাৰে এক প্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে অসমত টকা দি চৰকাৰী চাকৰি লোৱা পৰিৱেশ ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নোহোৱা কৰি পেলালে।

বিশ্বনাথ আৰু শোণিতপুৰ জিলা দুখনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই পাছত ক্ৰমে বিশ্বনাথ আৰু ন-দুৱাৰ সমষ্টিও ভ্ৰমণ কৰে আৰু সমষ্টি দুটাত ক্ৰমে ৩৮০৪ আৰু ৪৭০২ টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰে। দুয়োটা সমষ্টিতে ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত মন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনৰ জনকল্যাণমূলক কাম আৰু আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। গুৱাহাটীৰ পৰা বিহালী সমষ্টিৰ বৰগাঙলৈ ৰাষ্ট্ৰা মসৃণ হোৱাৰ ফলত এতিয়া মাথো তিনি ঘণ্টাৰ ভিতৰতে যাত্ৰা সম্ভৱ হৈ উঠা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া অসমৰ সকলোফালেই বাট পথৰ অৱস্থা উন্নত হৈছে। আগতে ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিজা পুঁজিৰে দলং নিৰ্মাণৰ কল্পনাও কৰিব পৰা নাছিল বুলি ভাষণ প্ৰসংগত উল্লখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলংখন সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ পুঁজিৰে কৰা হৈছে। গুৱাহাটীৰ চাৰিওদিশে ’ৰিং ৰোড’ নিৰ্মাণৰ লক্ষৰে ইতিমধ্যে প্ৰায় ১০০০০ কোটি টকাৰ প্ৰকল্পৰ বাবে টেণ্ডাৰ প্ৰক্ৰিয়াও আৰম্ভ হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰিছে। এই কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে অসমতো প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ অধীনত প্ৰায় ১২০০০০০ কৃষক উপকৃত হ’বলৈ সক্ষম হৈছে। অসমত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লাগি লাগি কৃষকৰ সুবিধাৰ বাবে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত ন্যুনতম সমৰ্থন মূল্য কাৰ্যকৰী কৰি তুলিছে। আনহাতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই, অৰুণোদয়, মিছন ভূমিপুত্ৰ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, মেডিকেল কলেজ নিৰ্মাণ আদি জনকল্যাণমূলক আঁচনি আৰু কামৰ মাজেৰে ৰাজ্য চৰকাৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনক বিগত তিনিটা বৰ্ষত নতুনকৈ প্ৰাণ প্ৰদান কৰিছে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে।

মিছন বসুন্ধৰা ২.০ ৰ অধীনত জিলা দুখনত ভূমি পট্টা প্ৰদানৰ এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীক বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু পদ্ম হাজৰিকাৰ লগতে জিলা দুখনৰ আয়ুক্ত আৰু আন বিষয়াসকলে সংগ দিয়ে।

২৯ ফেব্ৰুৱাৰীলৈ মাজত মাথোঁন ৪ দিন! যানবাহন কৰ পৰিশোধ কৰি সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ আহ্বান পৰিবহণ বিভাগৰ

যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰকাটল ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰি বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণ কৰিবলৈ পৰিবহণ বিভাগে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও অধিক সংখ্যক বাহনেই আজিও এই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰা দেখা নাযায় ৷

ব্যক্তিগত, ব্যৱসায়িক বাহনৰ কথাটো বাদেই বিভিন্ন নিৰ্মাণ প্ৰতিষ্ঠান আনকি অসমৰ মাটিত বছৰ বছৰ ধৰি নিৰ্বিবাদে ব্যৱসায়-বাণিজ্য চলাই থকা বৰ্হিৰাজ্যৰ বহুজাতিক প্ৰতিষ্ঠানসমূহৰো অসম চৰকাৰক সময়মতে যানবাহনৰ কৰ আদায় দিয়াত যেন অকণো ভূক্ষেপ আৰু দায়বদ্ধতা নাই। ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ এটা উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দলে মহানগৰ খনৰ চুকেকোণে অতৰ্কিত অভিযান চলাই দহ হাজাৰৰো অধিক বিভিন্ন বাহনৰ গৰাকী, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিবলৈ জৰুৰী জাননী প্ৰেৰণ কৰাৰ পিছতো এতিয়াও যেন অধিকসংখ্যকৰে এইক্ষেত্ৰত গা লৰা নাই।

বেপৰোৱা মনোবৃত্তিৰ এচাম যানবাহন ব্যৱহাৰকাৰীয়ে চৰকাৰক যান-বাহনৰ কৰ ফাঁকি দি যেন বাঘৰ আগত ছাগে অগাদেৱা কৰাৰ আচৰনতহে লিপ্ত হৈছে ৷ সেয়ে যানবাহনৰ কৰ আদায়ৰ সময়সীমা প্ৰায় শেষ হ’বলৈ ধৰাত বাহনৰ গৰাকীসকলক উদ্দেশ্যি ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে যান-বাহনৰ গৰাকীয়ে দিয়া ৰাজহ এখন কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেটিৰ অন্যতম শক্তিশালী উৎস ৷

তদুপৰি পথত সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ ক্ষেত্ৰতো এই ৰাজহৰ অৱদান মনকৰিবলগীয়া। কিয়নো সকলো কৰ-কাটল আদায় দিয়াৰ পিচতহে বাহনৰ নথিপত্ৰসমূহ সঠিক হয়। সেয়ে যানবাহনৰ কৰ পৰিশোধ কৰি পথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে কৰ অনাদায়ী বাহনৰ গৰাকী, বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ প্ৰতি অতি বিনয়েৰে আহ্বান জনায়।

ইফালে এই সময়চোৱাৰ ভিতৰত কৰ আদায় নিদিয়া যানবাহনৰ বিৰুদ্ধে অহা ১ মাৰ্চৰ পৰা “অভিযান ছাৰখাৰ ৩” আৰম্ভ হোৱাৰ কথা তেওঁ পূণৰ সদৰি কৰে। উল্লেখ্য যে, এই সময়চোৱাত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত বৃহৎ প্ৰৱৰ্তক পৰিদৰ্শক, যানবাহন পৰিদৰ্শকৰ দলে ৰাজধানী মহানগৰ সংযোগী সকলোবোৰ গুৰুত্বপূৰ্ণ পথত পানীনসৰকা তালাচী চলাই কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে অতিৰিক্ত জৰিমনা বিহি বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে বাহনসমূহ জব্দ কৰি স্ক্ৰেপ কৰিবলৈ পঞ্জীভুক্ত বাহন স্ক্ৰেপেজ ( RVSF) প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব।

দংগল খ্যাতি প্ৰয়াত অভিনেত্ৰী সুহানীৰ ঘৰলৈ গৈ সমালোচনাৰ সন্মুখীন আমিৰ খান…

সুহানী ভাটনগৰৰ মৃত্যুৰ এসপ্তাহৰ পিছত তেওঁলোকৰ ঘৰলৈ গৈ পিতৃ-মাতৃক লগ কৰে আমিৰ খানে। কিন্তু অভিনেতাজনক তালৈ যোৱাৰ সময়ত সমালোচনা কৰা হৈছিল। ‘দংগল’ মুক্তি পোৱাৰ সময়ত ববিতা ফ’গাটৰ চৰিত্ৰত অভিনয় কৰা সুহানী ভাটনাগৰৰ বয়স আছিল ১০ বছৰ। আমিৰ খানৰ সুহানীৰ সৈতে ভাল সম্পৰ্ক আছিল। আমিৰেও সুহানীক বৰ ভাল পাইছিল। ‘দংগল’ মুক্তি পোৱা বহু বছৰ পাৰ হৈ গ’ল, সুহানীও ডাঙৰ হ’ল। কিন্তু ১৯ বছৰ বয়সত ১৬ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে সুহানীয়ে। সুহানীৰ অকাল মৃত্যুৰ খবৰ পাই আমিৰ সম্পূৰ্ণ নিমাত হৈ পৰিল। এই সন্দৰ্ভত তেওঁ নিজেও এটা শব্দও কোৱা নাছিল। কিন্তু তেওঁৰ প্ৰডাকচন কোম্পানীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট পোষ্ট কৰি সুহানীৰ আত্মাৰ শান্তিৰ কামনা কৰে। মৃত্যুৰ এসপ্তাহৰ পাছত আমিৰ সুহানীৰ মাক-দেউতাকক তেওঁলোকৰ ঘৰত লগ কৰিবলৈ গৈছিল।

সুহানী ঘৰৰ সকলো সদস্যৰ সৈতে কথা পাতিলে আমিৰ খানে। তাৰে এখন ছবি এতিয়া ভাইৰেল হৈ আছে। ফটোখনত দেখা গৈছে সুহানীৰ মাক আৰু আমিৰে হাতত চুহানীৰ এখন ফ্ৰেমযুক্ত ফটো লৈ থকা। দুয়োজনে কেমেৰাৰ সন্মুখত পোজ দিলে। মুখত এটি সামান্য হাঁহি। এই ছবিখন ওলোৱাৰ পিছৰে পৰা আৰম্ভ হৈছে বিতৰ্ক আৰু সমালোচনা।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৫৩ জনীয়া এটা দল আজি ওমৰাহ হজ যাত্ৰাৰ বাবে দিল্লী হৈ ছৌদি আৰৱৰ পবিত্র মক্কালৈ যাত্ৰা…

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৫৩ জনীয়া এটা দল আজি ওমৰাহ হজ যাত্ৰাৰ বাবে দিল্লী হৈ ছৌদি আৰৱৰ পবিত্র মক্কালৈ যাত্ৰা কৰে। কামৰূপ,বঙাইগাওঁ,বৰপেটা, নগাওঁ, যোৰহাট, শিৱসাগৰ, দৰং, তিনিচুকীয়া, তামুলপুৰ ইত্যাদিকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ওমৰাহ হজ যাত্ৰাৰ বাবে ওলোৱা দলটিক বিদায় সম্ভাষণ জনাবলৈ পৰিয়াল, শুভাকাংক্ষীসহ প্ৰায় ৫০০ ব্যক্তিয়ে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰেহি। ওমৰাহ হজ যাত্ৰাৰ বাবে ওলোৱা দলটিত প্ৰাক্তন অধীক্ষক অভিযন্তা ৰমজান আলী খণ্ডকাৰ, বিশিষ্ট সংগীত শিল্পী নেকীব হুছেইন, এচিয়াৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথম পুৰস্কাৰ প্ৰাপ্ত খেলুৱৈ তৈবুন নিছা, কামৰূপ জিলাৰ ২ নং ধুহি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছৈয়দ আব্দুল লতিভ, অৱসৰ প্ৰাপ্ত কৃষি বিষয়া দিলোৱাৰ হুছেইন, ৰূপহীহাট সমষ্টিৰ বিধায়ক মহম্মদ নুৰুল হুদা, ইণ্ডিয়ান বেঙ্কৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ প্ৰৱন্ধক আব্দুল খালেক ইত্যাদিকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়ে অংশ লয় এই ওমৰাহ হজ যাত্ৰাত।

হাজী সকলৰ সুবিধাৰ্থে হজ্জ যাত্ৰী সকলক অহা-যোৱা আৰু মক্কা মদিনাত সংগ দিব ট্ৰেভেলচৰ স্বত্বাধিকাৰী আলহাজ মনিৰ উদ্দিনে। চৰকাৰী স্বীকৃতিপ্রাপ্ত আল-আমিনা ট্যুৰচ্ এণ্ড ট্রেভেলচৰ জৰিয়তে গুৱাহাটীৰ পৰা ছৌদি আৰবৰ পৱিত্র মক্কাত ওমৰাহ হজ্জ কৰাৰ বাবে নেতৃত্ব দি লৈ যোৱা আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালক আলহাজ মনিৰ উদ্দিনৰ লগতে বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ তাপেশ্বৰা গাঁৱৰ অসমীয়া ৰান্ধনী ছাজান আলীও যাত্ৰা কৰে। উল্লেখ্য যোগ্যযে পাকৈত ৰান্ধনী ছাজান আলীয়ে ওমৰাহ হজ্জ যাত্ৰী সকলক আৰবত থকাৰ সময় খিনিতো অসমীয়া আহাৰ ৰান্ধি খোওৱাৰ দায়িত্ব লয়। তাৰ বাবে লাগতীয়াল সামগ্ৰী ট্ৰেভেল এজেঞ্চী টোৱে লগত লৈ যায়।তাৰোপৰি ওমৰাহ হজ্জ যাত্ৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু হজ্জ যাত্ৰী সকলৰ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিও মজুত কৰি লোৱাৰ লগতে মহিলা আৰু পুৰুষ সকলৰ থকা মেলাৰ সুকীয়া আৰু সুন্দৰ ব্যৱস্থা আছে বুলিও আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ সঞ্চালকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ওমৰাহ হজ্জ যাত্ৰী সকলে পবিত্ৰ মক্কাত গৈ ওমৰাহ হজ্জৰ গোটেইখিনি কাম সমাপ্ত কৰি নিৰাপদে ঘূৰি আহিবৰ বাবে আৰু লগতে সমুহ অসম বাসীৰ মঙ্গলৰ বাবে আজি হাতিগাওঁ চাৰিআলী মজিদৰ প্ৰাক্তন ইমাম মালোনা ইদ্দিছ আলী চাহাবে আল্লাৰ ওচৰত দোৱা কৰে। লগতে দলটোক নেতৃত্ব দি লৈ য়োৱা সঞ্চালক মনিৰুদ্দিনৰ বষীয়ান পিতৃ মালামিয়াই হজ যাত্ৰী সকলক বিমান বন্দৰত উষ্ম সম্ভাষণ জনায়।

হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত সদ্য অনুষ্ঠিত বুলবুলি চৰাই যুঁজ খেলৰ বঁটা বিতৰণী অনুষ্ঠান…

তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত, বুলবুলি চৰাই যুঁজ খেল পৰিচালনা সমিতিৰ সহযোগত সদ্য অনুষ্ঠিত হৈ যোৱা ঐতিহাসিক বুলবুলি চৰাই যুঁজ খেলৰ বঁটা বিতৰণী অনুষ্ঠানটি সম্পন্ন কৰা হয়।

ঐতিহাসিক বুলবুলি যুঁজৰ প্ৰথম পুৰস্কাৰ বিজেতা বিশ্বজিৎ বিশ্বাসীক ধনেশ্বৰ ভৰালী সোৱৰনী চলন্ত বঁটা, নগদ ধন ৩০,০০০টকা; দ্বিতীয় পুৰস্কাৰ বিজেতা ক্ৰমে দিপক কলিতা, পৰমেশ নায়ক, নয়নজ্যোতি মালাকৰক ১৩৩ তম হাজো ৰাইজৰ দুৰ্গোৎসৱ উদযাপন সমিতিৰ এককালীন বঁটা,নগদ ধন ২০,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ বিজেতা ঘণশ্যাম মালাকৰ, নিপন দত্ত, বাবুল মজুমদাৰ, শৰৎ দাস, ৰাজীৱ দাস মানৱ দাস, ভবেন ওজা, চন্দ্ৰ কান্ত মালাকৰক শিৰিষ চন্দ্ৰ ওজা সোঁৱৰনী চলন্ত বটা, নগদ ধন ১০,০০০ টকাৰে পুৰষ্কৃত কৰা হৈছে আৰু কিচিন দাসে নিচুকনি বঁটা পাবলৈ সক্ষম হ’য়।