Home Blog Page 1023

শিৰিশটিকাত বিনামূলীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰ সম্পন্ন…

সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ অভিনৱ প্ৰদক্ষেপ।গ্ৰাম্য উন্নয়নৰ উদেশ্যেৰে কাঠফুলা খেতিৰ জড়িয়তে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ এক প্ৰয়াস।সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ উদ্যোগত গ্ৰান্ট থ্ৰন্টন ভাৰত(Grant Thornton), এইচ ডি এফচি (HDFC Parivartan) তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অসমৰ উদ্যোগত কাকডোঙা উন্নয়ন খণ্ডৰ পূৱ ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ মহিলাসকলৰ স্বাৱলম্বিতাৰ অৰ্থে তিনিদিনীয়াকৈ কাঠফুলা খেতিৰ প্ৰশিক্ষণ দিয়া হয়।পূৱ ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ মহিলাসকলক সামৰি প্ৰায় দুশ গৰাকী মহিলাক তিনিটা ভাগত এই খেতিৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীযুত ইক্ৰামূল হক।প্ৰশিক্ষক ইক্ৰামূল হকে কাঠফুলাৰ খেতিৰ জৰিয়তে নিবনুৱা মহিলা সকলে স্বাৱলম্বী হোৱা সম্পৰ্কে বহলাই উল্লেখ কৰা লগতে কাঠফুলাৰ খেতিৰ বীজৰ পৰা আৰম্ভ কৰি কেনেধৰণে উৎপাদন কৰা হয় ইয়াৰ সম্পৰ্কে সুন্দৰকৈ প্ৰশিক্ষণ দিয়ে৷এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষণ লোৱা মহিলাসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

প্ৰশিক্ষন অনুস্থানত কাকডোঙা ব্লকৰ প্ৰজেক্ট মেনেজাৰ ঋতুন বাইলুংৰ লগতে গ্ৰান্ট থ্ৰন্টনৰ কনচালটেন্ট চিৰঞ্জীৱ দুৱৰা,দিব্যজ্যোতি কলিতা, ৰাজদ্বীপ বৰা আৰু সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। কাকডোঙা উন্নয়ন খণ্ডৰ শিৰিশটিকাৰ বাঁহগুৰি মিৰি গাঁৱৰ মহিলাসকলকক আৰ্থিক ভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্য আগত ৰাখি গ্ৰান্ট থ্ৰন্টনে ইয়াৰপূৰ্বেও এনেধৰণৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে।উল্লেখ্য যে গ্ৰান্ট থ্ৰন্টন ভাৰত ভাৰত, এইচ ডি এফচি (HDFC) পৰিবৰ্তন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সমৰ্থনত গঢ়ি উঠা সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীয়ে মহিলা সকলৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ লগতে মহিলা সকলক সংস্থাপনৰ বাট মুকলি কৰাই দিবলৈ সক্ষম হৈছে।

গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ ২০২৩ বৰ্ষৰ জ্ঞানপীঠ বঁটা…

গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ জ্ঞানপীঠ বঁটা৷ ভাৰতীয় সংগীতৰ জগতত গুলজাৰ এক সৰ্বজন বিদিত নাম৷ গুলজাৰলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সন্মানীয় জ্ঞানপীঠ বঁটা৷ উৰ্দু ভাষাৰ প্ৰখ্যাত কবি তথা গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ৫৮সংখ্যক জ্ঞানপীঠ বঁটাপ্ৰাপক হিচাপে মনোনীত কৰা হৈছে বুলি জ্ঞানপীঠ বাছনি সমিতিয়ে শনিবাৰে ঘোষণা কৰে। গুলজাৰ হিন্দী চিনেমাত তেওঁৰ কালজয়ী গীতসমূহৰ বাবে সুপৰিচিত আৰু এই যুগৰ অন্যতম শ্ৰেষ্ঠ উৰ্দু কবি হিচাপে বিবেচিত৷ ইয়াৰ পূৰ্বে তেওঁ ২০০২ চনত উৰ্দুৰ বাবে সাহিত্য অকাদেমি বঁটা, ২০১৩ চনত দাদা চাহেব ফাল্কে বঁটা, ২০০৪ চনত পদ্মভূষণ আৰু তেওঁৰ চলচ্চিত্ৰ কৰ্মৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

আনহাতে, চিত্ৰকূটৰ তুলসী পীঠৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী ৰামভদ্ৰাচাৰ্যলৈও জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে৷ ৰামভদ্ৰাচাৰ্য এজন প্ৰখ্যাত হিন্দু আধ্যাত্মিক নেতা, শিক্ষাবিদ আৰু ১০০খনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা৷ এক প্ৰেছ বিজ্ঞপ্তিত জ্ঞানপীঠ বাছনি সমিতিয়ে কয়, সংস্কৃত সাহিত্যিক জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু প্ৰখ্যাত উৰ্দু সাহিত্যিক গুলজাৰক ২০২৩ চনৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।উল্লেখযোগ্য যে ২০২১ত এই বঁটা লাভ কৰিছিল অসমৰ প্ৰখ্যাত কবি নীলমণি ফুকনে৷ আৰু ২০২২ত দামোদৰ মৌজোৱে এই সন্মানীয় বঁটা লাভ কৰিছিল।

মলদ্বাৰৰ ভিতৰত ৫.৫ কিলোগ্ৰাম সোণ! আহমেদাবাদ বিমানবন্দৰত শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিলে যাত্ৰীৰূপী চোৰাং বেপাৰীক…

বহু চেষ্টা কৰিও সফল নহ’ল তেওঁ। মলদ্বাৰৰ ভিতৰত সোণ লুকুৱাই আনি ধৰা পৰিল এগৰাকী যাত্ৰী। বিমানত এনেদৰে সোণ চোৰাং কৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে শুল্ক বিষয়াসকলে ধৰা পেলায় যাত্ৰীগৰাকীক। শুল্ক বিষয়াসকলৰ মতে ঘটনাটো আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে। বিষয়াসকলৰ মতে, যাত্ৰীজন সন্দেহজনক অৱস্থাত থকাটো লক্ষ্য কৰা হৈছিল। ইয়াৰ পিছতে তেওঁক বিমানবন্দৰৰ পৰা আটক কৰা হয়। পৰীক্ষাৰ পিছত দেখা যায় যে যাত্ৰীজনে মলদ্বাৰৰ ভিতৰত সোণ ভৰ্তি কৰি আনিছিল।

সোণ চোৰাংকৈ সৰবৰাহ কৰিবলৈ তেওঁ সোণৰ পেষ্ট তৈয়াৰ কৰিছিল আৰু মলদ্বাৰত ভৰাই দিছিল। ধৰা পৰাৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে সোণখিনি উদ্ধাৰ কৰা হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে জব্দ কৰা সোণৰ ওজন ৫.৫ কিলোগ্ৰাম । তেওঁলোকৰ মতে চোৰাং ব্যৱসায়ীসকলে সাধাৰণতে চিচিটিভি কেমেৰা, মিক্সাৰ গ্ৰাইণ্ডাৰ, বৈদ্যুতিক কেটলীৰ ভিতৰত সোণ ভৰাই চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰে। বহুলোকে সোণৰ পেষ্ট তৈয়াৰ কৰে আৰু সেইবোৰ কাপোৰ বা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱাই সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ চেষ্টা কৰে। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে চোৰাংকৈ সৰবৰাহ কৰিব বিচৰা ১০০ কিলোগ্ৰামৰো অধিক ওজনৰ সোণ উদ্ধাৰ কৰা হৈছে।

আস্থা ভোটৰ ‘অজুহাত’ দেখুৱাই আদালতত সোঁশৰীৰে উপস্থিত নাথাকিল কেজৰিৱাল, ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তেহে ল’লে অংশ

দিল্লীৰ আবকাৰী কেলেংকাৰী ইডিয়ে অৰবিন্দ কেজৰিৱালক ছবাৰ মাতি পঠিয়াইছে। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে পাঁচবাৰ ইডিৰ চমনক অবৈধ বুলি অভিহিত কৰি ইজিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল। তেওঁ অৱশ্যে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দিল্লীৰ এখন আদালতত হাজিৰ হয়। আদালতত সোঁশৰীৰে উপস্থিত থাকিব নোৱাৰাৰ কাৰণ হিচাবে তেওঁ আস্থা ভোটৰ কথা উল্লেখ কৰে। আদালতে কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰৰ শুনানিৰ পৰৱৰ্তী তাৰিখ ১৬ মাৰ্চ নিৰ্ধাৰণ কৰিছে।বুধবাৰে দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত ইডিয়ে কেজৰিৱালক ষষ্ঠবাৰৰ বাবে মাতি পঠিয়াইছিল। তেওঁক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল।

যোৱা সপ্তাহতৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰীক বাৰে বাৰে চমন জাৰি কৰাৰ পিছতো তেওঁ কিয় ইডিৰ সন্মুখত উপস্থিত হোৱা নাই সেই বিষয়ত প্ৰশ্ন কৰিছিল। তেওঁক শনিবাৰে আদালতত ব্যক্তিগতভাৱে উপস্থিত হ’বলৈ কোৱা হৈছিল। কিন্তু কেজৰিৱালে আস্থা ভোটৰ কথা উল্লেখ কৰি ভিডিঅ’ কনফাৰেন্সৰ যোগেদিহে আদালতত উপস্থিত থাকে। কেজৰিৱালে পূৰ্বেও পাঁচবাৰ ইডিৰ চমনৰ সঁহাৰি দিয়া নাছিল।ফলত তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছিল। এনে ঘটনাক্ৰমৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুক্ৰবাৰে দিল্লী বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱটো আজি বিধানসভাত আলোচনা কৰা হ’ব। উল্লেখ্য যোৱা মাহত কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো বিধায়কক বিজেপিয়ে “ক্ৰয়” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ “ৰেকৰ্ড” কৰা হৈছে। কেজৰিৱালে কৈছিল “বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে। পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল।

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ন্যায়াধীশে কেজৰিৱালক ব্যক্তিগতভাৱে আদালতলৈ আহিবলৈ আৰু তেওঁ কিয় ইডিৰ চমন এৰাই চলিছে সেয়া বাখ্যা কৰিবলৈ নিৰ্দেশ দিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ‘যাদুকৰী সংখ্যা’ হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে। বিজেপিৰ মাত্ৰ আঠজন বিধায়ক আছে।

অম্বিকাগিৰী উদ্যানৰ নৱনিৰ্মীত ভৱনৰ শুভ উদ্বোধন

শনিবাৰে চানমাৰিৰ নৱগিৰিত স্থাপিত অম্বিকাগিৰী উদ্যান প্ৰাঙ্গণত উদ্যান সমিতিৰ কাৰ্য্যালয় আৰু সভাগৃহৰ  শুভ উদ্বোধন কৰা হয়৷ পঙ্কজ দত্ত আৰু পৰিয়ালবৰ্গৰ আৰ্থিক অনুদানৰে নিৰ্মিত এই ভৱনটো ৺প্ৰতাপ দত্ত আৰু ৺কুঞ্জলতা দত্তৰ নামত উৎসৰ্গিত কৰা হয়৷

মাঙ্গলিক প্ৰথাৰে আয়োজিত এই অনুষ্ঠানত অম্বিকাগিৰী উদ্যান সমিতিৰ বিষয়ববীয়া, সদস্য আৰু নৱগিৰি অঞ্চলৰ ৰাইজৰ উপস্থিতিত নৱনিৰ্মীত ভৱনটো আনুষ্ঠানিক ভাবে মুকলি কৰা হয়৷ এই অনুষ্ঠানতেই নৱনিৰ্মীত ভৱনটো অম্বিকাগিৰী উদ্যান সমিতিলৈ হস্তান্তৰ কৰা হয়৷

বহু আকাংশিত সমিতিৰ কাৰ্য্যালয়ৰ লগতে নৱগিৰি অঞ্চলত মেল-মিটিঙৰ উপযোগীকৈ সভাঘৰ আগবঢ়োৱা বাবে উদ্বোধনী অনুষ্ঠানত পঙ্কজ দত্ত আৰু পৰিয়ালবৰ্গক ভূয়সী প্ৰসংশা কৰে৷

শ্যামা প্ৰসাদ মুখাৰ্জীক সন্মান জনোৱাৰ বাবেই ৩৭০ খন আসন জিকিব লাগিবঃ বিজেপিৰ ৰাষ্ট্ৰীয় বৈঠকত দলীয় নেতা-কৰ্মীলৈ আহ্বান মোদীৰ

তৃতীয়টো কাৰ্যকালৰ বাবে দিল্লীৰ শাসনৰ বাঘজৰী হাতত লোৱাৰ কথা চিন্তা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে সেই আশাই ব্যক্ত কৰিলে মোদীয়ে। শনিবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। বিজেপিয়ে একেৰাহে দুটা কাৰ্যকালৰ বাবে সহজে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এইবেলি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আদেশ গ্ৰহণ সাৰোগত কৰি পুনৰ চৰকাৰ গঠনৰ মন মেলিছে। প্ৰধানমন্ত্ৰীয়ে এইবেলি সেয়ে লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা আসনৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে।

তেওঁৰ নতুন লক্ষ্য হৈছে বিজেপিৰ বাবে ৩৭০ খন আসন। মন কৰিব যে ৫৪৩ খন আসন থকা লোকসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা হৈছে ২৭২। সেয়ে শাসকীয় দলে দুই-তৃতীয়াংশ আসন দখল কৰিব বিচাৰিছে। আজি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত মোদীৰ মুখতো সেয়ে সেই কথাই শুনা গ’ল। দলটোৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ লক্ষ্যৰ কথা উল্লেখ কৰে। তেওঁ ৩৭০ নম্বৰৰ সৈতে জড়িত কৰি শ্যামা প্ৰসাদ মুখাৰ্জীৰো কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিয়ে তেওঁক সন্মান জনোৱাৰ বাবেই এই সংখ্যাটো জিকিব লাগিব।


বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱদে পিছত সাংবাদিকসকলক বৈঠকৰ বিষয়ে অৱগত কৰে। বংগ বিজেপিৰ মুৰব্বী সুকান্তই অসুস্থতাৰ বাবে বৈঠকলৈ যাব নোৱাৰিলে। অৱশ্যে দিলীপ ঘোষ আৰু শুভেন্দু অধিকাৰী উপস্থিত আছে। তেওঁলোকৰ সন্মুখত মোদীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ে কয়। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ বিৰুদ্ধে মাত মাতিছিল। ২০১৯ চনত বিজেপি চৰকাৰে অৱশেষত কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰে আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰ কৰে।

ৰাম মন্দিৰ নিৰ্মাণৰ উপৰি বিজেপিৰ এটা মূল কাৰ্যসূচী আছিল অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি। মোদীয়ে সেয়ে এই সংখ্যাটোৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হয়। যাতে পাঁচ বছৰৰ পাছতো এই সফলতাৰ বিষয়টো ৰাইজৰ মনত থাকে। তেওঁ শ্যামা প্ৰসাদৰ প্ৰতি সন্মান জনাই বংগ বিজেপিক পুনৰুজ্জীৱিত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।যোৱাবাৰ, বিজেপিয়ে অপ্ৰত্যাশিতভাৱে বংগত ১৮ খন আসন লাভ কৰিছিল। কিন্তু পৰৱৰ্তী যিকোনো নিৰ্বাচনতে তেওঁলোকে প্ৰদৰ্শনৰ সেই গ্ৰাফ বজাই ৰাখিব পৰা নাই। এইবাৰ, গেৰুৱা শিবিৰে বংগত পুনৰ অধিক আসনৰ ওচৰ চাপিবলৈ ব্যাকুল হৈ পৰিছে।


প্ৰধানমন্ত্ৰীয়ে দলৰ নেতাসকলক প্ৰতিটো বুথৰ পৰা কমেও ৩৭০ টা ভোট দিয়াটো নিশ্চিত কৰিবলৈ কয়। মোদীয়ে প্ৰথমবাৰৰ বাবে ভোট দান কৰা সকলক যোৱা ১০ বছৰত হোৱা অগ্ৰগতিৰ কথা বিতংকৈ অবগত কৰিবলৈও কয়।

মহিলা ভোটাৰসকলে যোৱা দুবাৰত বিজেপিক আশীৰ্বাদ দিছে। মোদীয়ে এইবাৰো এই ধাৰাটো অব্যাহত ৰখাৰ বিষয়ত নজৰ ৰাখিবলৈ কয়। তেওঁ কয় যে বিজেপিৰ ১০ বছৰৰ শাসনত দুৰ্নীতিৰ কোনো অভিযোগ উত্থাপিত হোৱা নাই আৰু উন্নয়নৰ গতি অব্যাহত আছে। তেওঁ অৱশ্যে নেতাসকলক সতৰ্ক কৰি দিয়ে যে বিৰোধীয়ে নিৰ্বাচনৰ সময়ত বিভিন্ন বিষয়ত লোকসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব আৰু নেতিবাচক প্ৰচাৰ চলাব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত নৰেন্দ্ৰ মোদীয়ে উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ বিষয়ত গুৰুত্ব দিয়ে।

তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা ! আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক…

তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা। আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোক।

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে, বিস্ফোৰণৰ পৰিসৰ ইমানেই অধিক আছিল যে আতচবাজী কাৰখানাটোৰ উপৰিও চাৰিটা অট্টালিকাৰো বিস্তৰ ক্ষতিসাধন হয়।

প্ৰাথমিক তদন্তত কাৰখানাটোৰ ৰাসায়নিক মিশ্ৰণ কক্ষত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰে।

যান্ত্ৰিকতাৰ বাবে অসুখী বহু লোক ! সুখী জীৱনৰ ১০ টা উপায়…

১) সন্তুষ্টিৰে খাদ্য গ্ৰহণ কৰক। প্ৰতিদিনে প্ৰতিসাঁজ আহাৰেই আপোনাৰ মন:পুত নহ’বও পাৰে। আপুনি বিচৰা ধৰণে খাই ভাল লগা ব্যঞ্জন প্ৰতিদিনৰ আহাৰত নাপাবও পাৰে। এজন মানুহে তেতিয়াহে সুখ অনুভৱ কৰে, যেতিয়া তেওঁ দুখৰ মুখামুখি হয়। একেদৰে সুস্বাদু আহাৰ প্ৰতিদিনে গ্ৰহণ কৰি থাকিলে আহাৰ গ্ৰহণৰ তৃপ্তি নোপোৱা হ’ল। সেয়ে কেতিয়াবা অতি সাধাৰণ খাদ্যও সন্তষ্টিৰে গ্ৰহণ কৰা উচিত। বিভিন্ন অধ্যয়নৰ পৰা এই কথা প্ৰমাণ হৈছে যে আহাৰৰ প্ৰতি যেতিয়া মানুহৰ আগ্ৰহ কমি যায়, তেতিয়া জোৰ কৰি আহাৰ খোৱা অনুচিত। আপুনি এই কথাটো নিজৰ সন্তানৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাবচোন। সিহঁতে কেতিয়াবা একেবাৰে খাব নিবিচাৰে। সেই কথাটোত গুৰুত্ব নিদি আপুনি সিহঁতক খাবলৈ নিদিলে সিহঁতক এটা সময়ত আপোনা-আপুনি খাবলৈ বিচাৰে। খাদ্য-দৰ্শনৰ সুত্ৰ মতেও এই কথা প্ৰমাণ হৈছে যে চকুৰে বেয়া লগা খাদ্য গ্ৰহণেও মানুহক সুখী কৰাত সহায় কৰে।

২) যথেষ্ট পৰিমাণৰ পানী খাওক: আমাৰ শৰীৰটো চাফা কৰি ৰখাত পানীয়ে যথেষ্ট সহায় কৰে। আমি নজনাকৈয়ে পানীয়ে আমাক শক্তি যোগায় আৰু মানসিক সজাগতা বৃদ্ধি কৰে। পানী কম খোৱাৰ এটা সাধাৰণ প্ৰমাণ হ’ল প্ৰস্ৰাৱৰ বৰণ। শেঁতা হালধীয়া প্ৰস্ৰাৱ হ’লে জানিব যে আপোনাৰ পানী খোৱা কম হৈছে। শৰীৰ সুস্থ কৰি ৰাখিবলৈ যথেষ্ট পানী খাওক।

৩) মনোযোগেৰে দৈনন্দিন কাম-কাজ কৰক: নিজৰ কাম কাজ কেতিয়াও খেয়ালী মনেৰে কৰিবলৈ চেষ্টা নকৰিব। কামত সন্তুষ্টি পালেহে মনৰ সন্তুষ্টি লাভ কৰিব। খুব খৰকৈ বা খুব লাহে লাহে কাম নকৰি এটা নিৰ্দিষ্ট গতিত নিজৰ কাম সমাপন কৰি সুখী হ’বলৈ চেষ্টা কৰক।

৪) প্ৰকৃতিক উপলব্ধি কৰিবলৈ শিকক: বাৰিষাৰ বৰষুণত বিৰক্ত হোৱা অথবা শীতৰ ঠাণ্ডাত অতিষ্ঠ হৈ নিজৰ মন বেয়া নকৰিব। বতৰৰ এই পৰিৱৰ্তনবোৰ আনন্দ মনেৰে গ্ৰহণ কৰক আৰু শীত কালত ৰ’দত বহি শীতৰ আমেজ লওক। একেদৰে বাৰিষাৰ বতৰত বৰষুণত ছাতি লৈ এপাক ফুৰিও মনৰ আনন্দ উপলব্ধি কৰক।

৫) যথেষ্ট পৰিমাণে টোপনি যাওক: টোপনিয়ে আমাৰ শাৰীৰিক- মানসিক কাৰ্যক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক। সময় বেছি পালেও তাতকৈ বেছি বিছনাত শুই নাথাকিব। এই সৰু অভ্যাসটোৱে আপোনাক কৰ্মক্ষম কৰি তুলিব। দিনত শোৱাৰ অভ্যাস থাকিলে আধা ঘণ্টাতকৈ বেছি জিৰণি নল’ব।

৬) খোজ কাঢ়ক: খোজ কাঢ়িলে সৰ্বশৰীৰত তাৰ প্ৰভাৱ পৰে। আমাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হয় বাবে তাৰ প্ৰভাৱ শৰীৰ  আৰু মগজুত পৰে। এই প্ৰভাৱে মন ভাল লগাৰ হৰম’নত ক্ৰিয়া কৰে। সেয়ে প্ৰতিদিনে অন্তত: আধা ঘণ্টা হ’লেও খোজ কাঢ়িব।

৭) কাৰ্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক সক্ৰিয়তা বঢ়াওক। বয়সৰ লগে লগে মানুহৰ শাৰীৰিক সক্ৰিয়তা কমি আহে। এই সক্ৰিয়তা বৃদ্ধি কৰিবৰ বাবে আমি শৰীৰত বয়সে পেলোৱা প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিব লাগে। তাৰ বাবে শৰীৰটো সক্ৰিয় হৈ থকাটো প্ৰয়োজন। এইক্ষেত্ৰত ব্যায়ামে যথেষ্ট প্ৰভাৱ পেলায়। আপোনাৰ জীৱনশৈলীৰ লগত মিলাই নিজে কিছুমান ব্যায়াম পচন্দ কৰি অনুশীলন কৰাৰ অভ্যাস কৰক।

৮) আনৰ প্ৰতি সহানুভুতি আৰু দয়ালু হওক: আনৰ দুখত দুখী হ’ব পৰাটো আৰু আনৰ সুখত সুখী হ’ব পৰাটো মানুহৰ মহৎ গুণ। এই গুণ আপুনিও আহৰণ কৰিবলৈ চেষ্টা কৰক। সপ্তাহৰ এসাঁজ আনক খুৱাই যি মানসিক তৃপ্তি লাভ কৰিব তাক শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি।

৯)পৰিয়ালৰ লগত ফুৰ্তি-তামাচাৰে সময় কটাওক: আপুনি যিমানেই ব্যস্ত নহওক কিয়, পৰিয়ালক কিছু সময় দিয়াটো অতি জৰুৰী। পৰিয়ালৰ সকলোৱে যেতিয়া সুখী অনুভৱ কৰিব, তাৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব।

১০) আনক উৎসাহ দিবলৈ চেষ্টা কৰক: আধুনিক জীৱনত কিছুমান কথা জটিল। সেয়ে কিছুমান নেতিবাচক দিশ আওকাণ কৰি ইতিবাচক চিন্তাৰ ওপৰত বেছি মনোযোগ দিব। ভাল কাম দেখিলে সদায় উৎসাহ দিব আৰু আপুনি যে সেই কথাত সুখী অনুভৱ কৰিছে সেই কথা আনক বুজাবলৈ চেষ্টা কৰিব।

৪ লাখ টকীয়া বেগলৈ এয়াৰপ’ৰ্টত আলিয়া ভাট…

বলীউডৰ প্ৰিয় আৰু প্ৰতিভাৱান অভিনেত্ৰী আলিয়া ভাট ফেশ্বন চেন্সৰ বাবে সদায় শিৰোনামত থাকে। শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত তেওঁক দেখা গৈছিল।

কিন্তু সকলোৱে চকু আলিয়া ভাটৰ ক’লা ৰঙৰ বেগটোলৈ। যাৰ দাম প্ৰায় ৪.১৩ লাখ টকা। আনহাতে বিনা মেক-আপেৰে আলিয়াৰ প্ৰাকৃতিক ৰূপটো সঁচাকৈয়ে প্ৰশংসনীয়।

আপোনাৰ সন্তানৰ মনত কি চলি আছে কেনেকৈ বুজিব, এই সহজ টিপছবোৰ জানি লওক…

আমি আপোনাক এনে কিছুমান টিপছ ক’ম যিয়ে আপোনাৰ সন্তানৰ অনুভৱ আৰু চিন্তাধাৰা বুজিবলৈ সহায় কৰিব। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ মন বুজিবলৈ ইচ্ছা কৰে। শিশুৰ মনত কি চলি আছে সেই কথা জনাটো কেতিয়াবা প্ৰত্যাহ্বান হৈ পৰে। বহু সময়ত পিতৃ-মাতৃয়ে বুজি নাপায় আৰু ল’ৰা-ছোৱালীয়ে ভুল পদক্ষেপ লয়। নিজৰ নিজৰ পৃথিৱীত, নিজৰ অনুভৱ, সপোন আৰু চিন্তাৰে বাস কৰে। প্ৰায়ে পিতৃ-মাতৃয়ে চিন্তিত হৈ পৰে যে তেওঁলোকৰ সন্তান সুখী নে, কোনো কথাত চিন্তা কৰিছে নে স্কুলত ভাল ফলাফল লাভ কৰিছে নে নাই। এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ আৰু নিজৰ সন্তানৰ ওচৰ চাপিবলৈ অভিভাৱকসকলে এই পৰামৰ্শসমূহ মানি চলিব লাগে-

আপোনাৰ সন্তানৰ লগত বন্ধুৰ দৰে কথা পাতক। তেওঁলোকৰ দিনটোৰ বিষয়ে সুধিব, তেওঁলোকৰ ভাল লগা অপছন্দৰ বিষয়ে জানিব।ইয়াৰ ফলত তেওঁলোকে আপোনাৰ লগত মুকলিকৈ কথা পাতিব।


যেতিয়া আপোনাৰ সন্তানে আপোনাক কিবা এটা কয়, তেতিয়া ভালদৰে শুনিব। তেওঁলোকে কোৱা কথাবোৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰাওক। ভালদৰে শুনিলে ল’ৰা-ছোৱালীয়ে নিজৰ মতামত প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব।


শিশুটি যদি বিপদত পৰে, তেন্তে তেওঁক বকাবকি কৰাৰ পৰিৱৰ্তে সহানুভূতি দেখুৱাওক। তেওঁলোকৰ অনুভৱ বুজিব আৰু সমাধানৰ ক্ষেত্ৰত সহায় কৰক।


আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাওক। একেলগে খেলক, পঢ়ক বা যিকোনো সৃষ্টিশীল কাম কৰক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক মজবুত হ’ব।


শিশুৰ আগ্ৰহ আৰু চখক সমৰ্থন কৰক, যিমানেই আচহুৱা নহওক কিয়। নতুন নতুন কথা শিকিবলৈ আৰু অন্বেষণ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰক।


শিশুৱে নিৰাপদ অনুভৱ কৰিবলৈ নিয়ম আৰু সীমা গুৰুত্বপূৰ্ণ। কিন্তু সেইবোৰ কাৰ্যকৰী কৰাৰ সময়ত সংবেদনশীল আৰু শুদ্ধ হওক।


শিশুসকলক বিশ্বাস কৰক যে তেওঁলোকে আপোনাক যিকোনো কথা ক’ব পাৰে আৰু আপুনি তেওঁলোকক বুজিব আৰু সমৰ্থন কৰিব। তেওঁলোকৰ বস্তু আন কাৰোবাৰ লগত শ্বেয়াৰ নকৰিব। শ্বেয়াৰ কৰিলে ল’ৰা-ছোৱালীয়ে কথা কোৱা বন্ধ কৰি দিয়ে।