Home Blog Page 1026

দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন

শুকুৰবাৰে দিশপুৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন “প্ৰতিধ্বনি” শুভ উন্মোচন কৰা হয়। এই উপলক্ষে আয়োজিত সভাখনি উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ ওপৰত আলোকপাত কৰে।

গ্ৰন্থখনি উন্মোচন কৰি আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- “অসমীয়া ভাষাত লিখা মিছিং জনগোষ্ঠীৰ লেখিকা চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলনখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল টনকিয়াল কৰিব। নাৰী সমাজৰ মাজত আজিৰ পৰা এক বিশেষ স্থান পাব লেখিকা টায়ে মিলিয়ে। গল্পৰ মাজেদি সমাজত ঘটি থকা এখন ছবি দাঙি ধৰিলে উৎকৃষ্ট গল্প হয়।”

আসাম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিংয়ে আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অগ্ৰণী লেখক দীপক শৰ্মাই কয়, “আমি প্ৰতিটো জাতি, জনাজাতি, জনগোষ্ঠী, উপজাতি সকলোৱে ইজনে-আনজনক হাতে হাত ধৰি আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব লাগে । ভাষা অন্তৰায় নহয়। মাথোঁ, সাহস,অধ্যয়ন, অধ্যাৱসায় থাকিলে ভাল লেখক হ’ব পাৰে ।”

সন্মানীয় অতিথি হিচাপে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মিছিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰেন্দ্ৰ নাথ দলেই অংশ লয়। অনাতাঁৰ শিল্পী অৱনী মিলি আৰু ধৰণী তাৱয়ে হৃদয়স্পৰ্শীকৈ গীত গোৱা সভাত আয়াৰলেণ্ডৰ বিজ্ঞানী ওয়েন দালে, দিশপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতাৰাম দলে, পদ্মলাল পাতিৰি আৰুপদ্মেশ্বৰ পেগুয়ে বক্তব্য দাঙি ধৰে লেখিকাৰ শলাগ লয়।

-দীপক শৰ্মা, গুৱাহাটী

লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল প্ৰথম দিনৰ মেট্ৰিক পৰীক্ষা

আৰম্ভ হ’ল অন্তিমটি হাইস্কুল শিক্ষান্ত পৰীক্ষা। মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰতো শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল প্ৰথম দিনৰ ইংৰাজী বিষয়ৰ পৰীক্ষা।

উল্লেখ্য যে মৰিগাঁও জিলাৰ অন্তৰ্গত অন্যান্য পৰীক্ষা কেন্দ্ৰ সমূহৰ তুলনাত এই বছৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত ৭ টা ফীডাৰ স্কুল ক্ৰমে কাঠনি, শিয়ালমাৰি, তিনিচুকীয়া, তিনিচুকীয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৰজাগাধোৱা, দেৱাগুৰি, দাতিয়ালবড়ী আৰু লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিলাই মুঠ ১০১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে ফ্ৰম ফিলাপ কৰিছিল যদিও শুকুৰবাৰে তাৰ ভিতৰত ৯৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়।

১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ নহ’ল, অনুপস্থিত থকা পৰীক্ষাৰ্থীসকলৰ মাজত ৪ গৰাকী ছাত্ৰ আৰু ১২ গৰাকী ছাত্ৰী। প্ৰায় ৩৫ গৰাকী নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰত দায়িত্ব পালন কৰে বুলি কেন্দ্ৰ ব্যবস্থাপক তথা অধ্যক্ষ নুৰুল হুছেইনে জানিবলৈ দিয়ে। পুৱাৰ ভাগত আৰক্ষীয়ে বেৰীগেট নিদিয়াৰ বাবে মানুহৰ অগনণ ভীৰ পৰিলক্ষিত হৈছিল ।

‘মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল কৰিবৰ বাবে মই হাজাৰবাৰ প্ৰস্তুত আছোঁ’

“মোৰ এখন ফটো ভাইৰেল হ’ল। দলৰ সভাপতি, কলিয়াবৰৰ সাংসদক জনাই মুখ্য মন্ত্ৰীক লগ কৰাৰ ফটো ভাইৰেল হ’ল। তেনে বহু নেতাই মুখ্যমন্ত্ৰীক লগ কৰাৰ ফটো মোৰ হাতত আছে”- এই বক্তব্য সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ। সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ শুকুৰবাৰে বোকাখাতত বিস্ফোৰণ। উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত আলি আয়ে লৃগাং উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন মিচিং জনগোষ্ঠীয় গামোচা পিন্ধোৱাৰ বাবে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা তৎকালে অপসাৰণ কৰা হৈছিল দাদু টায়েক।

৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱৰ জাননী দিয়া গৈছিল দাদু টায়েলৈ। ইয়াৰ পিছতে সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিজনে বোকাখাতত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ প্ৰতি সুচ্চাৰ হৈ পৰে। শুকুৰবাৰে দাদু টায়েই বোকাখাতত এক সংবাদমেল সম্বোধন কৰি নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গৌৰৱ গগৈয়ে নগাঁৱত ৰকিবুল হুছেইনৰ লুঙীৰ তলত সোমাবলৈ গৈছে। কংগ্ৰেছ কাৰো বাপেকৰ সম্পতি নহয়। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনশনত বহিম। ন্যায় নোপোৱালৈকে যুঁজি যাম। বহুত বাঘা বাঘা নেতাৰ মুখা খুলি আছো।

মুখ্যমন্ত্ৰীক ঘৰুৱা কাৰণতহে লগ ধৰা হৈছিল বুলি বক্তব্য ৰখাৰ লগতে গৌৰৱ গগৈৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি টায়েই কয় যে ভূপেন বৰাই টায়েক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ এই বিপদত গৌৰৱ গগৈৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে তেওঁ। তেওঁ লগতে কয় যে মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল কৰিবৰ বাবে মই হাজাৰবাৰ প্ৰস্তুত আছোঁ।

গ্ৰাছ, বোকাখাতৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজনঃ গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণি ‘গ্ৰাছ ৱমেন এৱাৰ্ড ২০২৪’

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা আৰু উজনি অসমত সেউজ বিপ্লৱ গঢ়ি তোলা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছ, বোকাখাতৰ (গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চচাইটি) উদ্যোগত আৰু বোকাখাতৰ প্ৰায় ২০ টা মহিলা সংগঠনৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে আন্তৰ্জাতিক নাৰী দিৱস।

বিভিন্ন কাৰ্যসূচীৰ লগতে ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজন কৰা হৈছে প্ৰৱন্ধ প্ৰতিযোগিতা। “মহিলা সৱলীকৰণত সমাজ আৰু চৰকাৰৰ কৰণীয়” শীৰ্ষক বিষয়ত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা কেৱল মহকুমা ভিত্তিত সীমাবদ্ধ থাকিব। বিশেষকৈ সহযোগী মহিলা অনুষ্ঠানৰ সদস্যাসকলেহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগী সকলে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অংশ গ্ৰহণ কৰিব পাৰিব। প্ৰবন্ধ ১০০০ শব্দৰ ভিতৰত হ’ব লাগিব। ম’বাইল বা কম্পিউটাৰৰ ডিটিপি লেখাহে গ্ৰহণযোগ্য হ’ব। ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত লেখা সমূহ জমা দিব লাগিব। লেখা পঠিওৱা ম’বাইল ৱাটচ এপ নম্বৰ 9707275042, কোনো লেখা গ্ৰুপত নপঠিয়াবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

নাৰীসকলৰ মাজত থলীতে চিঠি লিখা প্ৰতিযোগিতা, আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা নাৰী দিৱসৰ বক্তৃতা আৰু গ্ৰাছৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰৰ প্ৰৱন্ধ সংকলন উন্মোচন কৰা হ’ব। আনহাতে বিগত বৰ্ষসমূহত গ্ৰাছে প্ৰদান কৰি অহা বঁটা সমূহৰ মাজৰ নুমলী হাজৰিকা সোঁৱৰণী ‘”গ্ৰাছ ৱমেন এৱাৰ্ড’২০২৪” এই দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব। এইবাৰৰ নুমলী হাজৰিকা সোঁৱৰণি ‘গ্ৰাছ ৱমেন এৱাৰ্ড’২০২৪ ৰ বাবে গোলাঘাট জিলাৰ বনগাঁৱৰ গিৰিমল্লিকা শইকীয়াক নিৰ্বাচন সমিতিয়ে নিৰ্বাচন কৰিছে। শইকীয়া এগৰাকী নাৰী সৱলীকৰণৰ অগ্ৰণী মহিলা, শিক্ষয়িত্ৰী, লেখিকা, পৰিৱেশ কৰ্মী, কাকতৰ নিয়মীয়া স্তম্ভলেখক, প্ৰৱন্ধকাৰ হোৱাৰ লগতে প্ৰকৃতি বিষয়ক গ্ৰন্থৰ প্ৰণেতা। শুকুৰবাৰে বোকাখাতত এক প্ৰেছ বিবৃতি যোগে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই এই কথা ঘোষণা কৰে।

আনহাতে বিশ্ব পৰিৱেশ দিৱস তথা গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধনিল বৰঠাকুৰ সোঁৱৰণি ‘গ্ৰাছ গ্ৰীণ এৱাৰ্ড”, কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ আৰু স্বচ্ছ আৰু পৰিৱেশৰ বাবে থানেশ্বৰ ভূঞাৰ সোঁৱৰণি ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা” বঁটা সমূহ অহা ৫ জুনত প্ৰদান কৰা হ’ব বুলিও লগতে প্ৰকাশ কৰে। উদ্যোক্তাসকলে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগীয়া নাৰী দিৱসলৈ সকলো ৰাইজক আমন্ত্ৰণ জনাইছে।

“ঐতিহ্যমণ্ডিত কলিয়াবৰত হাজাৰী ভাওনা মহোৎসৱে ঐতিহ্যৰ চানেকী বহন কৰি আহিছে”–মন্ত্ৰী কেশৱ মহন্ত

“ঐতিহ্যমণ্ডিত কলিয়াবৰত অতীজৰে পৰা পৰম্পৰা হিচাপে পালন কৰি অহা হাজাৰী ভাওনা মহোৎসৱে ঐতিহ্যৰ চানেকী বহন কৰি আহিছে” -ঐতিহ্যমণ্ডিত হাটবৰ হাজাৰৰ উদ্যোগত আৰু কলিয়াবৰৰ হাজাৰ সমূহৰ সহযোগত আগন্তুক ২৩, ২৪ আৰু ২৫ মাৰ্চত হাটবৰত অনুষ্ঠিত হ’ব লগীয়া হাজাৰী ভাওনা উৎসৱৰ শুকুৰবাৰে এক মাঙ্গলিক পৰিৱেশত ‘হাজাৰী ভাওনা-২০২৪’ৰ লাইখুটা স্থাপন কৰি এই মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগনত তাল-খোল, ডবা-কা‍ঁহ-শংখৰ মঙ্গলধ্বনি আৰু আয়তীসকলৰ উৰুলিৰ মাজতে লাইখুটা স্থাপন কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাইজক উদ্দেশ্যি লগতে কয় যে, হাজাৰী ভাওনা সংস্কৃতিয়ে সমাজখন অধিক সুন্দৰ আৰু শক্তিশালী কৰিব। কলিয়াবৰত হাজাৰী ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰা আছে। এই ঐতিহ্য ৰক্ষা কৰি লুপ্ত হ’বলৈ ধৰা হাজাৰী ভাওনাক আমিয়েই জীয়াই ৰাখিব লাগিব। প্ৰতি দুবছৰৰ মূৰত হাজাৰী ভাওনা অনুষ্ঠিত কৰিবলৈও ৰাইজৰ প্ৰতি আহ্বান জনালে মন্ত্ৰী গৰাকীয়ে।

বিপুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোতৰ আৰম্ভণিতে উদ্যাপন সমিতিৰ সভাপতি কেশৱ মহন্তক গায়ন-বায়ন সহিতে ভাওনা থলীলৈ আদৰি অনা হয়। লাইখুঁটা স্থাপনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী কেশৱ মহন্তই। হাজাৰী ভাওনা উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিদ্বয় নৰেন বৰা, প্ৰদীপ গায়ন, সম্পাদক বিপুল বৰাৰ উপৰি আন পাঁচখন হাজাৰৰ সভাপতি-সম্পাদক ক্ৰমে চতিয়াল হাজাৰৰ হৰকান্ত বৰা, ৰমণী শইকীয়া, বৰভগীয়া হাজাৰৰ বিপুল কাকতি, কৰুণা বৰা, পশ্চিম কলিয়াবৰ হাজাৰৰ ৰূপেশ্বৰ নাথ, সোনাৰীগাঁও হাজাৰ সমিতিৰ যোগেন হাজৰিকা, দিলীপ হাজৰিকা আৰু উত্তৰ কলিয়াবৰ হাজৰৰ বকুল বৰা আৰু প্ৰৱীণ ভূঞাৰ উদ্‌যাপন সমিতিৰ ১২ খন উপ সমিতিৰ বিষয়ববীয়াই লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

তদুপৰি ৰোগীয়া দেহাৰে থৰকবৰক খোজেৰে ভাওনা থলীত ৯৪ বছৰত উপস্থিত হয় বড়িগাৱঁৰ হৰেন শৰ্মা প্ৰমুখ্যে কেইবাজনো বয়োজ্যেষ্ঠ লোক। দিলীপ হাজৰিকাৰ তত্বাৱধানত লাইখুটাৰ বাবে চোঁৱা গছ কটাই আনি বগা ৰং বোলোৱা লাইখুটাত জিতুমণি বৰাই ‘হাজাৰী ভাওনা – ২০২৪ অংকন’ কৰি আকৰ্ষণীয় কৰি তোলে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কলিয়াবৰৰ ভিন্ন স্তৰৰ ব্যক্তি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে যোগদান কৰে। উল্লেখযোগ্য যে, শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি আগন্তুক ২৩, ২৪ আৰু ২৫ মাৰ্চত তিনি দিনীয়াকৈ আয়োজন কৰা হাজাৰী ভাওনাত প্ৰথম দুটা দিনত চাৰিখন খলাত ৮ খন ভাওনা পৰিৱেশিত হ’ব। এই উপলক্ষে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে।


উল্লেখযোগ্য যে, তুংখুঙীয়া বুৰঞ্জী অনুসৰি স্বৰ্গদেউ লক্ষ্মী সিংহৰ শাসনকালত কলিয়াবৰত আঠটা হেজাৰ সংগঠন গঠন কৰা হৈছিল। কলিয়াবৰ শাকমুঠি হাজাৰ (এতিয়া হাটবৰ হাজাৰ)ত উনৈশ শতিকাৰ পঞ্চম দশকত পোনপ্ৰথমবাৰৰ বাবে হাজাৰী ভাওনাৰ প্ৰথমে হাটবৰত চাৰিখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল বুলি জনা যায়।

তাৰ পাছৰে পৰা কলিয়াবৰত বিভিন্ন সময়ত হাজাৰী ভাওনা অনুষ্ঠিত কৰা হৈছিল। শেষৰ বাৰৰ বাবে ২০০০ চনত হাটবৰত অনুষ্ঠিত হাজাৰী ভাওনাৰ ২৩ বছৰৰ বিৰতিৰ পাছত পুনৰ হাটবৰত হাজাৰী ভাওনা অনুষ্ঠিত হ’ব।

ঘা নিৰাময়ৰ বাবে ভাৰতীয় বিজ্ঞানীয়ে উদ্ভাৱন কৰা এবিধ বিশেষ জেল…

কেইজনমান ভাৰতীয় বিজ্ঞানীয়ে দুবিধ পলিমাৰৰ সংমিশ্ৰণ ঘটাই শৰীৰত পোৱা আঘাতৰ ফলত হোৱা ঘা সোনকালে শুকুৱাই পেলাব পৰা এবিধ হাইড্ৰ’জেল উদ্ভাৱন কৰিছে। এইবিধ নতুন হাইড্ৰ’জেল ব্যৱহাৰৰ প্ৰধান সুবিধাটো হ’ল- দুবিধ পলিমাৰৰ মিশ্ৰণ শৰীৰৰ ঘাত প্ৰয়োগ কৰিলে শৰীৰৰ ৩৭° চেলচিয়াছ উত্তাপত দ্ৰুতগতিত ঘাডোখৰ পূৰ কৰে আৰু অধিক তাপ উৎপাদনো হ’বলৈ নিদিয়ে। জেল প্ৰয়োগৰ সময়ত ঘাডোখৰত অধিক উত্তাপ সৃষ্টি হ’লে কিছুমান কোষৰ মৃত্যু হ’ব পাৰে আৰু তাৰ ফলত ঘাডোখৰ ভাল হোৱাত পলম হ’ব পাৰে।

গুজৰাটৰ ভৱনগৰৰ চেন্ট্ৰেল চল্ট মেৰাইন কেমিকেলচ ৰিচাৰ্ছ ইনষ্টিটিউটৰ এজন গৱেষক বিজ্ঞানী সুৰেশ কুমান জিওৰাজকাই প্ৰকাশ কৰিছে যে- এই নতুন হাইড্ৰ’জেলবিধে কোনো ধৰণৰ উপদ্ৰব্যৰ সৃষ্টি নকৰে। সেয়ে এইবিধ ঔষধ জৈৱ সহযোগী। লগতে ই এবিধ জৈৱ ভংগুৰ দ্ৰব্য, সেয়ে এই দ্ৰব্যই ঘা শুকুওৱা আৰু কোষকলা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

এইবিধ পলিথাইলিন গ্লাইকলৰ ৰূপান্তৰিত সংষ্কৰণ আৰু এবিধ প্ৰতিক্ৰিয়া কৰিব পৰা ব্লক পলিমাৰৰ সংমিশ্ৰণ ঘটাই বিজ্ঞানীসকলে এইবিধ জেল প্ৰস্তুত কৰিছে। এই দুবিধ উপাদানৰ প্ৰতিক্ৰিয়াৰ ফলত চাৰি মিনিটতকৈ কম সময়ত এবিধ হাইড্ৰ’জেলৰ সৃষ্টি হয়।

মানুহৰ শৰীৰৰ উত্তাপত এই দুবিধ উপাদানৰ মিশ্ৰণ আংশিক গোটা জেললৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ পানী শুহি লোৱাৰ বিশেষ ক্ষমতা থাকে। শৰীৰৰ ঘাৰে ওপৰত প্ৰয়োগ কৰাৰ আগতে বা বেজিৰে প্ৰৱেশ কৰোৱাৰ আগতে এইবিধ দ্ৰব্য তৰল অৱস্থাত ৰাখিব পাৰি। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এইবিধ দ্ৰব্য জেল ৰূপত ঘাৰ ওপৰত লাগি ধৰে আৰু ঘাডোখৰৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰে। ইয়াৰ ফলত ঘাডোখৰ চাপ খাই আহে। এইবিধ দ্ৰব্যৰ মাজত এন্টিবায়েটিক ঔষধো মিহলাই দিব পাৰি আৰু আঘাতপ্ৰাপ্ত অংশত প্ৰয়োজন অনুসৰি এইবিধ ঔষধ মুকলি কৰি দিয়ে। অৱশ্যে এইবিধ ঔষধ এতিয়াও ‘ক্লিনিকেল’ প্ৰয়োগৰ বাবে সাজু হৈ উঠা নাই। এই দ্ৰব্যবিধৰ ফলাফলৰ কথা ‘মেটাৰিয়েল কেমিষ্ট্ৰি’ নামৰ জাৰ্ণেলত প্ৰকাশ পাইছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

গোগামুখ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপঃ হাই জাম্প খেলুৱৈ অনামিকা পেগুলৈ আৰ্থিক সহযোগিতা

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ মহাবিদ্যালয়খন নতুন ৰূপত উদ্ভাহিত হ’বলৈ আৰম্ভ হৈছে৷ মহাবিদ্যালয়খনত বিগত বৰ্ষত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতে অধ্যক্ষ ড°  দিলীপ কুমাৰ ঝাই মহাবিদ্যালয়খনত বহু উন্নয়নমুখী আঁচনি হাতত লোৱাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীসকলৰ সম্পৰ্ক সুদৃঢ় কৰিছে আৰু বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰিছে৷

ইয়াৰে অন্যতম হৈছে মহাবিদ্যালয়খনৰ প্ৰতিভাৱান খেলুৱৈ তথা হাই জাম্পাৰ অনামিকা পেগুক আৰ্থিক সহযোগিতা আগবঢ়োৱাটো৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ঝাৰ প্ৰত্যক্ষ তত্বাবধানত প্ৰতিভাৱান হাই জাম্পাৰ অনামিকা পেগুক মহাবিদ্যালয়খনৰ পৰিয়ালে সম্পূৰ্ণৰূপে পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে খেলুৱৈ গৰাকীয়ে যাতে আৰ্থিক দিনতাত পৰি খেলত পিছপৰি নাযায় তাৰ বাবে প্ৰতিমাহে আৰ্থিক সাহায্য আগবঢ়াব৷

অনামিকাক প্ৰতি মাহে এই টকা যোগান ধৰিব অধ্যক্ষ দিলীপ কুমাৰ ঝাৰ দৰমহাৰ টকাৰে৷ শুকুৰবাৰে হাই জাম্পাৰ অনামিকাক প্ৰথমটো আৰ্থিক সাহায্য আগবঢ়াই অধ্যক্ষ দিলীপ কুমাৰ ঝা আৰু মহাবিদ্যালয়খনৰ তৃতীয় বৰ্গৰ সহায়ক নৱ কুমাৰ পেগুৱে৷ উল্লেখনীয় যে, অনামিকাই ইতিমধ্যে হাই জাম্পত অসম দলক প্ৰতিনিধিত্ব কৰি ইষ্ট জ’ন এথ্‌লেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷

গুৱাহাটী সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় এথ্‌লেটিক ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰায়েলৰ হাই জাম্পত প্ৰথম স্থান অধিকাৰ কৰি চলিত বৰ্ষত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় জুনিয়ৰ এথ্‌লেটিক সমাৰোহত অসম দলক প্ৰতিনিধিত্ব কৰিব অনামিকাই৷ তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ অধীনত ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয় খেলপথাৰত চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় এথ্‌লেটিক সমাৰোহত অনামিকাই হাই জাম্পত প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ত্ৰিপ’ল জাম্পত দ্বিতীয় স্থান অধিকাৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সদৌ অসম এথ্‌লেটিক সমাৰোহত অনামিকাই দ্বিতীয় স্থান লাভ কৰিছে৷ উল্লেখনীয় যে, অনামিকাৰ ঘৰ ধেমাজি জিলাৰ মিংমাঙৰ কঠালগুৰিত যদিও আইতাকৰ ঘৰত অনামিকা থাকে৷ অনামিকাৰ সকলো আপডাল অনামিকাক আপডাল কৰে আইতাক আৰু আইতাকৰ পৰিয়ালে৷

গোগামুখ মহাবিদ্যালয় আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ এনে মহানুভৱতাই অনামিকাক অধ্যয়নৰ সমান্তৰালভাৱে খেলাৰ বাবেও অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ঝাই মহাবিদ্যালয়খনৰ প্ৰতিভাৱান খেলুৱৈ শংকৰ বসুমতাৰী, পাহি দলে, পাৰিজাত দলে, ছোনীয়া বসুমতাৰী, বেবী দেউৰী,  বৰ্ষামণি পায়েং, জোনাকী দলে আদিকো পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰ-পত্ৰ পুৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই আটাইইগৰাকী খেলুৱৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আন্তঃমহাবিদ্যালয় এথ্‌লেটিক মীটত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ 

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ভাৰত ভ্ৰমণ…

২৬ ৰাজ্য ভ্ৰমণ কৰি অসমত উপস্থিত চত্তীশগড়ৰ চাইক্লিষ্ট অমৰ পাটলে । ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস ছত্তীশগড়ৰ যুৱক অমৰ পাটলে (২৬) ৰ । সমগ্র ভাৰতত বৃদ্ধি পোৱা মাৰাত্মক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চাইকেল চলাই ভাৰত ভ্ৰমণ কৰা এগৰাকী যুৱক ৰঙিয়াত উপস্থিত হৈছে ।

ড্রাগছ আৰু বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে ২০২৩ বৰ্ষৰ ৯ মে’ৰ পৰা ছত্তীশগড়ৰ ৰাইগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যুৱকজনে । ইতিমধ্যে ১৫,০০০ কিলোমিটাৰ চাইকেলেৰে যাত্রা কৰিছে অমৰ পাটলেই । যুৱকজনে বিদ্যালয়, মহাবিদ্যালয়, পথচাৰীসকলক ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে শপত বাক্য পাঠ কৰোৱায় ।

চাইকেল যাত্ৰাৰে ৰাজ্যত এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে অমৰ পাটলেই । মাদক দ্ৰৱ্য সেৱন বৰ্জন কৰা, নিচামুক্ত কৰাৰ বাৰ্তা কঢ়িয়াইছে যুৱকজনে । নিচাযুক্ত দ্ৰব্যৰে দেশত সংঘটিত বিভিন্ন ঘটনা-দুৰ্ঘটনাসমূহৰ ৰোধ কৰাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা চলাইছে । লগতে বিদ্যালয়ৰ পাঠ্যক্ৰমত ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে জ্ঞান দিব পৰাকৈ পাঠদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

শিলবৰীত স্বৰ্গীয় ছোলেমান আলী প্ৰাইজমানি ক্ৰিকেট টুৰ্ণমেন্টৰ শুভ উদ্বোধন

দৰং জিলাৰ শিলবৰীত ছিৰাজুল হক হাইস্কুল খেল পথাৰত শুক্ৰবাৰে আবেলি দুই বজাত শুভ উদ্বোধন হ’ল স্বৰ্গীয় ছোলেমান আলী প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণমেন্টৰ। শিলবৰী গাঁও পঞ্চায়তৰ সচিব আশ্বাদুদ জামান আশ্বাদে নিজৰ পিতৃ সোঁৱৰণীত আগবঢ়ায় এই পুৰস্কাৰ। আৰম্ভনীতে আশ্বাদুদ জামান আশ্বাদ আৰু শিক্ষক মুছাব্বিৰুল হকে ৰঙা ফিটা কাটি খেল পথাৰৰ মাজত প্ৰৱেশ কৰে। খেল পথাৰত প্ৰথমে উপস্থিত থকা স্থানীয় বিশিষ্ট ব্যক্তিসকলক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

কণ কণ ল’ৰা ছোৱালীৰ বিহুনৃত্য আৰু শিলবৰী স্কাই লাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত এটা নৃত্যই উপস্থিত থকা সকলোকে এক মনোৰঞ্জন দিয়ে। সকলোৱে থিয় হৈ পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সঙ্গীত।

স্থানীয় বিশিষ্ট প্ৰাক্তন খেলুৱৈ দ্বাৰা আৰম্ভ হ’ল প্ৰথম দিনাৰ উদ্বোধনী খেল। উদ্বোধনী খেলত অংশগ্ৰহণ কৰে শিলবৰী ৰাইনো ক্ৰিকেট দল আৰু বেছিমাৰী ক্ৰিকেট দল। স্বৰ্গীয় ছোলেমান আলী প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণমেন্ট অনুষ্ঠিত কৰা শিলবৰী যুৱ সমাজৰ হৈ ৰাহুল ইছলামে কয় যে এতিয়ালৈ দৰং,ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰায় চৈধ্য খন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে।

খেলখনত বিজয়ী দলে পাৱ ৩০,০০০ টকা আৰু ট্ৰফি আৰু দ্বিতীয় বিজয়ী দলে পাৱ ১৬,০০০ টকা আৰু ট্ৰফি। লগতে আছে বিভিন্ন পুৰস্কাৰ। খেলখনত অংশগ্ৰহণ বাবে ক্ৰিকেট দলে পৰিচালনা সমিতিক যোগদান মাচুল হিচাপে দিব লাগিব ২৯৯৯ টকা। ১৬-০২-২৪ তাৰিখে শুভ উদ্বোধন হোৱা খেলখন প্ৰায় একমাহ চলিব বুলি জনায়।

বৃহত্তৰ শিলবৰী অঞ্চলৰ ৰাইজ ক্ৰীড়া প্ৰেমী সেই বাবে ৰাইজে অনুষ্ঠিত যি কোনো খেলতে সহায় সহযোগিতা আগবঢ়ায় আৰু প্ৰতিদিনেই খেল পথাৰৰ চাৰিও পিনে সহস্ৰাধিক দৰ্শক ভৰি পৰে। শুক্ৰবাৰে অনুষ্ঠিত উদ্বোধনী খেল খনত উপস্থিত থাকে শিক্ষক তথা যুৱ লেখক মুছাব্বিৰুল হক, আনন্দ ৰাম বৰুৱা একাডেমীৰ প্ৰধান শিক্ষক মাজাহাৰুল ইছলাম, ৰামানুজন একাডেমীৰ প্ৰধান শিক্ষক ছাক্লিন মোস্তাক,শিলবৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সদস্য মাইনুল হক, ৰাজীৱ আহমেদ, হুমায়ুন ৰছিদ, শিক্ষক আবুল বাদশাৰ, স্থানীয় যুৱ সমাজ কৰ্মী জিয়াউদ্দিন ইউছোফ, বিশিষ্ট ক্ৰীড়া প্ৰেমী আব্দুল ছাত্তাৰ, আব্দুৰ ৰছিদ,আজাহাৰুল ইছলাম,স্বপন কুমাৰ দাস,বিজয় চন্দ্ৰ ঘোষ, প্ৰবীন কুমাৰ ঠাকুৰ,জাবেৰ আহমেদ আদি কৰি বহু মান্য গন্য ব্যক্তি, লগতে উপস্থিত থাকে শিলবৰী স্কাই লাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী, দুই সহস্ৰাধিক ৰাইজ।

গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক আগবঢ়াই নিয়াৰ সময় সমাগত

গ্ৰামাঞ্চলত খেলুৱৈৰ সৃষ্টিৰ বাবে ফুটবল, ভলীবলৰ লগতে ক্ৰিকেট, বেডমিন্টন, কাবাডী, খো খো, এথলেটিকছ ইত্যাদিৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে। ফুটবল ভলীবল গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় খেল। খেলুৱৈ নহলেও এদিনৰ বাবে ফুটবলটো লথিয়াই দিয়া বা ভলীবল নেখেলা ব্যক্তি নাই বুলি কলেও ভুল কোৱা ন’হব। উক্ত খেল কেইবিধ খেলুৱৈয়ে খেলি আছে যদিও সেয়া খেল, ধেমালিৰ বস্তু হৈয়ে আছে। আনন্দ বিনোদনৰ বাবেই যেন খেলি থকা হৈছে এনে ভাৱ হয়। অৱশ্যে দুই এজনে কষ্ট কৰি প্ৰশিক্ষণ লৈ নিজকে খেলুৱৈ হিচাপে সমাজত চিনাকী দিব পাৰিছে। ইয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কিন্তু তেনে খেলুৱৈৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। নিজেই তৈয়াৰ কৰি লোৱা কাঠৰ বেটেৰে অখৰা মখৰা খেল পথাৰত দ্ৰুতগতিত অহা টেনিচ বলটো বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ মাৰি পঠিয়াওৱাটো গ্ৰামাঞ্চলৰ খেলুৱৈৰ বাবে সহজ কথা।

দেখি দেখিয়েই প্ৰতিটো ক্ৰিকেটৰ শ্বটেই তেওঁলোকে আয়ত্ব কৰিব পাৰিছে। এনে এখন গাঁও বিচাৰি পোৱা নাযায় য’ত ক্ৰিকেট খেলা নহয়। ক্ৰিকেট খেলা তেওঁলোকৰ নিচা। কিন্তু এওঁলোকে পদ্ধতিগত ভাবে প্ৰশিক্ষণৰ সুবিধা পোৱা নাই বা ইয়াৰ বাবে ক্ৰীড়া সংগঠকৰ অভাৱ স্পষ্ট হৈ ৰৈছে।

এওঁলোকক যদি অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ দিয়া হয় তেতিয়াহ’লে অসমৰ ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি দৃঢ়তাৰে ক’ব পাৰি। এথলেটিকছতো দৌৰা, জপিওৱা, ওজন দলিওৱা ইত্যাদি গ্ৰামাঞ্চলৰ খেলুৱৈয়ে একো নভবাকৈয়ে সদায় অনুশীলন কৰি থাকে। কিন্তু খেলুৱৈ হ’ম বুলি কোনেও অনুশীলন কৰি থকা দেখা নাযায়।

প্ৰায় ভাগ ল’ৰা ছোৱালীয়ে পুৱা বিয়লি দৌৰা, লংজাম্প আদিৰ অনুশীলন কৰে যদিও তেওঁলোকে ডিফেঞ্চত চাকৰি পোৱাৰ তাগিদাতহে অনুশীলন কৰি থাকে। এতিয়া ৰাজ্যৰ সৰ্বত্ৰতে এই দৃশ্য সুলভ হৈ পৰিছে। তেওঁলোকে আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো দূৰৈৰ কথা জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছ লীগতো অংশগ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কাবাডী, খো খো কম ঠাইত, কম খৰচতে খেলিব পাৰি এই খেলত প্ৰতিভাৱান খেলুৱৈৰ অভাৱ নাই। আটায়ে এই খেল খেলি খেলবিধক উপভোগ কৰে। আনকি গ্ৰামাঞ্চলত কাবাডী, খো খোৰ প্ৰতিযোগিতাও আয়োজন কৰা হয়।

খেল দুয়োটাই বিচৰা ধৰণেই খেলুৱৈৰ শাৰীৰিক অবয়ব চকুত লগা। কিন্তু নাই পদ্ধতিগত প্ৰশিক্ষণ। বেডমিন্টন, আৰ্চাৰী আদি বহুত খৰচী খেল বাবেই গ্ৰামাঞ্চলত খেলুৱৈয়ে খেলিবলৈ সুযোগ আৰু সুবিধা নাপায়। এই খেলৰ লগত খেলুৱৈ সকলক জড়িত কৰিব পাৰিলেও সুফল পোৱা যাব বুলি কব পাৰি। ইয়াৰ উপৰিও অলিম্পিক স্বীকৃতিপ্ৰাপ্ত বহু খেলেই গ্ৰামাঞ্চলৰ খেলুৱৈৰ মাজত পৰিচিত নহয়। যিবোৰ খেল খেলি খেলুৱৈয়ে উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’লহেঁতেন।

অৱশ্যে “খেল মহাৰণ” অনুষ্ঠিত হোৱাত বহুতো খেলুৱৈ নতুন জীৱন পোৱা যেন অনুভৱ হৈছে। অইন নহলেও গ্ৰামাঞ্চলত ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি হৈছে। যদিহে আঁচনি খন দীৰ্ঘকালীন হয় তেতিয়াহ’লে অসমৰ ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি কব পাৰি। বৰ্তমান সময়ত গ্ৰামাঞ্চলটো খেলুৱৈ সকলে খেলৰ বাবে আগ্ৰহ প্ৰকাশ নকৰা হৈছে বা অভিভাৱক সকলেও নিজৰ ল’ৰা ছোৱালীক খেলিব দিবলৈ অনীহা প্ৰকাশ কৰা দেখা গৈছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল খেল খেলি জীৱন জীবিকাৰ পথ পাবলৈ সক্ষম নহ’লে কোনো খেলুৱৈয়ে খেলিবলৈ ইচ্ছা প্ৰকাশ নকৰে। ইয়াৰ উপৰিও পৰিয়ালত এটি বা দুটি সন্তান গতিকে অভিভাৱক সকলে ল’ৰা ছোৱালীক খেলিব দি ৰিস্ক লব নোখোজে।

কিন্তু এতিয়া আৰু সেই দিন নাই। সময় বাগৰাৰ লগে লগে এই ধাৰা সলনি হ’ল। খেল এতিয়া আৰু ধেমালিৰ বস্তু হৈ থকা নাই। ক্ৰীড়াৰ জড়িয়তে এতিয়া খেলুৱৈয়ে নিজৰ কেৰিয়াৰ গঢ়ি ল’ব পৰা হৈছে। গতিকে খেলুৱৈ আগবাঢ়ি আহি নিজক প্ৰতিষ্ঠা কৰাৰ সময় সমাগত। পঢ়াৰ লগতে খেলক সমান্তৰাল ভাৱে আগবঢ়াই লৈ যাব পাৰিলে ছাত্ৰ-ছাত্ৰী সকলে আহি থকা দিনত যথেষ্ট লাভৱান হব বুলি আশা কৰিব পাৰি। খেল খেলি খেলুৱৈ হ’ব নোৱাৰিলেও এটা সুস্থ শৰীৰ, সুস্থ মনৰ লগতে ঐক্য, সংহতি, সম্প্ৰতি, ভাতৃত্ববোধ ইত্যাদি সজ গুণৰ অধিকাৰী হ’ব পাৰি। এই কথাকে সৰোগত কৰি খেলুৱৈয়ে খেলিবলৈ ওলাই আহিলে সুফল পোৱা যাব বুলি সচেতন ক্ৰীড়া প্ৰেমীয়ে আশা প্ৰকাশ কৰিছে।

-দীপক কুমাৰ দাস, নলবাৰী