Home Blog Page 1040

মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ লেকৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত মনোমোহা প্ৰাকৃতিক মাৰঙা নামৰ অঞ্চলটো। অঞ্চলটোৰ নৈসৰ্গিক সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে মাৰঙা নামৰ প্ৰাকৃতিক লেকটোৱে। অৱশ্যে প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা মাৰঙা নামৰ অঞ্চলটোত আছে দহখন গাঁও। চাৰিওফালে সৰু-বৰ পাহাৰে আগুৰি থকা গাঁও কেইখনৰ প্ৰাকৃতিক সৌন্দৰ্যই এনেয়ে সকলোকে আকৰ্ষিত কৰে। তাৰ মাজে মাজে থকা কমলা বাগান আৰু খেতি পথাৰে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে। ইফালে তাত থকা গাঁওকেইখন অসমৰ লগত বহু ক্ষেত্ৰত মিল আছে। সেই গাঁওকেইখনৰ মাজভাগত থকা মাৰঙা নামৰ লেকটোৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে।

যিয়ে এবাৰ তালৈ গৈছে তেওঁহে অনুভৱ কৰিব পাৰে তাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ। গুৱাহাটীৰ পৰা মাত্ৰ এঘণ্টাত গৈ পাব পৰা মাৰঙা নামৰ লেকটো পৰিচালনা কৰি অহা থনে ৰাজাই জানিবলৈ দিয়া মতে লেকটোৰ পানীভাগে প্ৰায় ৭.৫ হেক্টৰ মাটিকালিৰে আবৰি আছে। লেকত আছে বহু বিৰল প্ৰজাতিৰ মাছ। পৰ্যটক বা দৰ্শনাৰ্থীৰ বাবে লেকত বটিং কৰাৰ সুবিধাৰ্থে কেবাখনো ফাইবাৰ বোট ৰখা হৈছে।

সমান্তৰালভাবে বিশাল লেকটোৰ মাজত ইপাৰৰ পৰা সিপাৰলৈ অহা – যোৱাৰ সুবিধাৰ বাবে আছে এখন সুন্দৰ দলং। তেনেদৰে আছে চাৰিওকাষে খোজকাঢ়িবৰ বাবে আছে সুন্দৰ পকীপথ। বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অৰ্কিড আৰু থলুৱা প্ৰজাতিৰ গছ – গছনিয়ে লেকৰ সৌন্দৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে। যিসকল লোকে এদিন নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিব বিচাৰে বা প্ৰকৃতিৰ ৰূপ , সুধা পান কৰিব বিচাৰে তেওঁলোকে মাৰঙা লেকলৈ আহিলে সেই মনোবাঞ্ছা পূৰণ কৰিব পাৰিব।

উল্লেখ্য যে লেকটোত পাৰ্কিঙত একেলগে বহু ডাঙৰ – সৰু গাড়ী পাৰ্কিং কৰাৰ সুবিধা ৰখা হৈছে। তেনেদৰে থকা – খোৱাৰ সুবিধাৰ বাবে আছে ৰেষ্টোৰেণ্ট আৰু দুই তাৰকাযুক্ত হোটেলৰ দৰে সুবিধাযুক্ত কোঠা। বিশেষকৈ পানীৰ মাজত থকা অসম আৰ্হিৰ কেইবাটাও পকী ঘৰে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে। এইখিনিতে উল্লেখ্য যে মাৰঙা অঞ্চলটোৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে মেঘালয়ত পৰিচিত হৈ আহিছে। বেচিভাগ লোকেই সুন্দৰকৈ অসমীয়া কব পাৰে। যাৰ বাবে অসমৰ পৰা তালৈ যোৱা লোকে তাত কোনো ধৰণৰ অসুবিধা নাপায়।

বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দাসকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে শ্বিলঙৰ শংকৰ মিছনৰ অধীনত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা নামঘৰ।

বৰ্ত্তমান ৰাইজ – শুভাকাংক্ষীৰ দান – বৰঙণিৰে নামঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। মাৰঙা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জয়মালা বিনং লংডো , সম্পাদক যোগেশ মাৰৱেট , অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “মাৰঙা চচিয়েল এণ্ড কালচাৰেল অৰ্গেনাইজেচন” সভাপতি প্ৰেল বিনং, সম্পাদক বিমৰ চিয়েমকে ধৰি অঞ্চলটোৰ কেবাজনো বাসিন্দাই জানিবলৈ দিয়া মতে অসমৰ পৰা কোনোবা তেঁওলোকৰ তালৈ আহিলে বহুত ভাল পায়। আপোন মানুহ অহা যেন অনুভৱ কৰে।

কভিডৰ আগলৈকে লেকলৈ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু মানুহ আহিছিল। কিন্তু কভিডৰ সময়ত মেঘালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহু নীতি – নিয়ম আৰোপ কৰাৰ পাছৰে পৰা মানুহ অহাটো কমি যায় আৰু পৰিস্থিতি স্বাভাবিক হোৱাৰ পাছতো এতিয়াও আগৰ দৰে মানুহ নহা হৈছে বুলি অঞ্চলটোৰ একাংশ সচেতন লোকে জানিবলৈ দিছে।

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত মোদীৰ অন্তিম ভাষণ, অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবঃ মোদী

অহা ২৫ বছৰত ভাৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব। আজি লোকসভাত এনেদৰেই আশা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তদশ লোকসভাৰ অন্তিম বৈঠকত ভাষণ দিয়ে।২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত দিয়া এইটোৱেই তেওঁৰ অন্তিম ভাষণ। ভাষণত মোদীয়ে সকলো সাংসদ আৰু লোকসভাৰ অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ বিগত পাঁচ বছৰত উত্থাপন কৰা বিধেয়ক আৰু সংস্কাৰ যেনে অনুচ্ছেদ ৩৭০ বাতিল আৰু তিনি তালাকৰ বিষয়েও উল্লেখ কৰে। মোদীয়ে কয়- যোৱা ৫ বছৰত মানৱজাতিয়ে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। আমি যি পাৰিছিলো সেয়া কৰিছিলো আৰু দেশৰ প্ৰগতি বন্ধ হ’বলৈ দিয়া নাছিলো। মই সদস্যসকলক ধন্যবাদ জনাব বিচাৰো যে কোভিডৰ সময়ত সাংসদসকলে দেশক সহায় কৰিবলৈ তেওঁলোকৰ দৰমহাৰ ৩০ শতাংশ দান কৰাৰ সিদ্ধান্ত লৈছিল। সকলোৱে কৈছিল যে আমাক এটা নতুন সংসদ ভৱনৰ প্ৰয়োজন, কিন্তু এই বিষয়ত কেতিয়াও সিদ্ধান্ত লোৱা হোৱা নাছিল। আমি এই বিষয়ত এটা সিদ্ধান্ত লৈছিলো আৰু সেই বাবেই আজি আমি আজি নতুন সংসদত বহি আছো। সপ্তদশ লোকসভাৰ উৎপাদনশীলতা আছিল প্ৰায় ৯৭ শতাংশ। মই নিশ্চিত যে আমি সপ্তদশ লোকসভা সমাপ্ত কৰাৰ লগে লগে ১৮ সংখ্যক লোকসভাত ১০০% তকৈ অধিক উৎপাদনশীলতা লাভ কৰিব পাৰিম। তেওঁ কয় যে সংবিধান সৃষ্টিত ভূমিকা থকা লোকসকলে আজি আমাক আশীৰ্বাদ দিছে। গোটেই পৃথিৱীয়ে তথ্যৰ বিষয়ে আলোচনা কৰাৰ সময়তে তথ্য সুৰক্ষা বিধেয়ক গৃহীত কৰা হৈছে। এনেদৰে আমি এটা সম্পূৰ্ণ প্ৰজন্ম সুৰক্ষিত কৰিছো। এয়া আমাৰ যুৱসকলৰ বাবে এক অস্ত্ৰ। আগন্তুক ২৫ বছৰ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। ৰাজনীতিক একাষৰীয়া কৰি ৰাখি এতিয়া আমাৰ দেশৰ আশা-আকাংক্ষা অধিক গুৰুত্বপূৰ্ণ হ’ব লাগিব। অহা ২৫ বছৰত ভাৰতে উপলব্ধি কৰিব যে ই বিকশিত ভাৰতৰ সপোন সাকাৰ কৰিছে। আমি ৬০ খনতকৈয়ো অধিক অপ্ৰয়োজনীয় আইন বাতিল কৰিছো। ব্যৱসায়ৰ সহজতাৰ বাবে এয়া প্ৰয়োজনীয় আছিল।

আমি যোৱা পাঁচ বছৰত সমাজৰ প্রান্তিক লোকসকলৰ ওপৰত গুৰুত্ব দিছো। দৰিদ্ৰসকলে আমাক বিশ্বাস কৰিছে । আমি ট্ৰেন্সজেণ্ডাৰ আইন আনিছো। প্ৰায় ১৭,০০০ ট্ৰেন্স লোকৰ ওচৰত এতিয়া একোখন আইডি কাৰ্ড আছে। নিৰ্বাচন ওচৰ চাপি আহিছে আৰু কিছুমান লোক সেই বিষয়ত উদ্বিগ্ন হৈ পৰিছে। মোদীয়ে কয় “আমাৰ নিৰ্বাচনে আমাৰ দেশৰ প্ৰতি বিশ্বৰ সন্মান বৃদ্ধি কৰিব। ’’ তথ্য কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভতো নিৰ্দেশনা আছে,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়। কোনো চৰকাৰে উদ্ভাৱন অবিহনে কাম কৰিব নোৱাৰে। এই সদনে উদ্ভাৱনৰ প্ৰচাৰৰ বাবে এক আইনী পৰিকাঠামো গঠন কৰিছিল – ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন। ইয়াৰ ফলত আমাৰ দেশ গৱেষণা আৰু উদ্ভাৱনৰ দিশত আগুৱাই যাব। ভাৰতে জি-২০ৰ সভাপতিত্ব লাভ কৰিছে। আমাৰ নেতৃত্বত, পি-২০ অনুষ্ঠিত হৈছে। সমগ্ৰ বিশ্বই ভাৰতৰ কথা জানিছে বুলিও মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

ইণ্ডিয়া মিত্ৰজোঁটত বিভাজন স্পষ্টঃ পঞ্জাৱ আৰু চণ্ডীগড়ত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব আপ…

‘ইণ্ডিয়া’ মিত্ৰজোঁটত এতিয়া ভাঙোন স্পষ্ট হৈ পৰিছে। কুছুদিন পূৰ্বে মিত্ৰজোঁটৰ পৰা আঁতৰি এনডিএত চামিল হৈছিল নীতিশ কুমাৰ৷ পৰৱৰ্তী সময়ত বংগকন্যা মমতাই স্থিতি গ্ৰহণ কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে৷ একেদৰে, ন্যায় যাত্ৰা চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈছিল অখিলেশ যাদৱ৷ আৰু শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে মিত্ৰতা ভংগ কৰিলে ‘ইণ্ডিয়া’ৰ সৈতে৷ পঞ্জাৱ আৰু চণ্ডীগড়ত আম আদমী পাৰ্টীয়ে এককভাৱেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে৷ আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে পঞ্জাবত ‘ইণ্ডিয়া’ৰ সৈতে কোনো মিত্ৰতা নহ’ব৷ তেওঁ লগতে কয় যে তেওঁৰ দলে আগন্তুক সাধাৰণ নিৰ্বাচনত পঞ্জাব আৰু চণ্ডীগড়ৰ ১৪ খন লোকসভা আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয়, আপে অনাগত দিনত পঞ্জাবৰ ১৩ খন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব।হজৰত নিজামুদ্দিনৰ বিষয়ে কোৱা হয় যে তেওঁৰ কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ ওপৰতো প্ৰভাৱ আছিল।


নিজামুদ্দিন আউলিয়াৰ জন্ম উত্তৰ প্ৰদেশৰ ১২৩৮ খ্ৰীঃত চৈয়দ আব্দুল্লাবিন আহমেদ আল হুছেইনী বাদায়ুনি আৰু বিবি জুলেখাৰ ঘৰত হৈছিল। ২১ বছৰ বয়সত নিজামুদ্দিন চুফী সন্ত ফৰিদুদ্দিন গঞ্জশকাৰৰ শিষ্য হয়। চুফী সন্ত ফৰিদুদ্দিন গঞ্জশকাৰক বাবা ফৰিদ বুলিও জনা যায়।নিজামুদ্দিন দিল্লীৰ বহু ঠাইত আছিল আৰু অৱশেষত উত্তৰ প্ৰদেশৰ গিয়াচপুৰত বসতি স্থাপন কৰিছিল। তেওঁলোকে তেওঁলোকৰ খানকাহ (উপাসনাৰ স্থান আৰু চুফী ৰীতি-নীতি) নিৰ্মাণ কৰিছিল, ধনী আৰু দৰিদ্ৰ লোকে তাত ভিৰ কৰিছিল। নিজামুদ্দিন আউলিয়াৰ কিছুমান বিখ্যাত শিষ্য আছিল, যাৰ ভিতৰত আছিল শ্বেখ নাছিৰুদ্দিন চিৰাগ ডেলহাভি আৰু আমিৰ খুচৰো। ১৩২৫ চনৰ ৩ এপ্ৰিলত নিজামুদ্দিন আউলিয়াৰ মৃত্যু হয়। দিল্লীৰ হজৰত নিজামুদ্দিন দৰগাহ তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁৰ দৰগাহ ‘হজৰত নিজামুদ্দিন আউলিয়া মেহবুব-ই-ইলাহি দৰগাহ’ ১৫৬২ চনত নিৰ্মাণ কৰা হৈছিল আৰু দিল্লীৰ নিজামুদ্দিন পশ্চিম অঞ্চলত আছে। হজৰত নিজামুদ্দিন দৰগাহত প্ৰতিদিনে তীৰ্থযাত্ৰীৰ ভিৰ হয়। সন্ধিয়া, মানুহে ইয়ালৈ কাৱালী শুনিবলৈ আহে। কেৱল মুছলমানেই ইয়ালৈ নাহে, হিন্দুসকলেও প্ৰাৰ্থনা কৰিবলৈ ইয়ালৈ আহে।আপৰ এনে সিদ্ধান্তই লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটৰ সম্ভাৱনাক ম্লান কৰি পেলাইছে।

বৰ্তমান কেন্সাৰ ৰোগে মানৱ সমাজত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ! হালধি কেন্সাৰৰ বাবেও উপকাৰী…

ভাৰতীয়সকলে প্ৰায়ভাগ ব্যঞ্জন প্ৰস্তুত কৰোতে হালধি ব্যৱহাৰ কৰে। হালধি খাদ্যৰ ৰ্ং আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয়। আমাৰ স্বাস্থ্যৰ ওপৰতো হালধিৰ যথেষ্ট প্ৰভাৱ আছে। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

হালধিৰ বৈজ্ঞানিক নাম Curcuma domestica.ই Zingideraceae গোত্ৰৰ অন্তৰ্ভুক্ত। হালধিৰ উৎপত্তিস্থল দক্ষিণ-পূৱ এছিয় বুলি জনা যায়। ইংৰাজীত হালধিক Turmeric বোলে।

উদ্ভিদজোপাৰ মাটিৰ তলত বাঢ়ি অহা মূলাকাৰ কাণ্ড প্ৰধানকৈ ব্যৱহাৰ কৰা হয়। পুৰঠ ৰাইজ’মত শল্কপত্ৰ দেখা পোৱা যায়। এনে কাণ্ড শুকুৱাই গুড়ি কৰি অথবা কেঁচাই পটাত বটি আঞ্জাত ব্যৱহাৰ কৰিব পাৰি। থাইলেণ্ডত কেঁচা হালধিৰ ব্যৱহাৰ বেছি বুলি জনা যায়।

ভাৰতবৰ্ষত প্ৰায় ৪,০০০ বছৰৰ পূৰ্বৰ পৰাই হালধিৰ ব্যৱহাৰৰ কথা জনা যায়। ধৰ্মীয় অনুষ্ঠানতো হালধীৰ ব্যৱহাৰ বৈদিক যুগৰ পৰাই চলি আহিছে। বৰ্তমানো ধৰ্মীয় অনুষ্ঠানত হালধিৰ ব্যৱহাৰ বিদ্যমান।

হালধিৰ ঔষধি গুণ

  • হালধি বিষনাশক। শৰীৰৰ্ কোনো অংশ আঘাটপ্ৰাপ্ত হৈ বিষ হ’লে আৰু ফুলি উঠিলে কেঁচা হালধি পটাত বটি আঘাটপ্ৰাপ্ত অংশত বান্ধি দিলে উপশম পোৱা যায়। চীনাসকলে প্ৰসৱৰ পিছত প্ৰসৱ-বেদনাৰ পৰা সকাহ পাবলৈ বটা হালধি অভ্যন্তৰীণভাৱে ব্যৱহাৰ কৰে। তদুপৰি তেওঁলোকে ঋতুস্ৰাৱৰ দোষ আৰু ছালৰ বেমাৰতো হালধিৰ ব্যৱহাৰ প্ৰাকৃতিক চিকিৎসা পদ্ধতিত কৰে বুলি জনা যায়।
  • হালধি পেলুনাশক। পেটত হোৱা গেছ কমোৱাত সহায়ক। অভোক হ’লে হালধিৰ আৰ্থ্ৰাইটিছ, পেটৰ নানা ধৰণৰ সমস্যা, উচ্চ ৰক্তচাপ, যকৃত, গলব্লাডাৰৰ সমস্যাৰ বাবেও হালধি উপকাৰী।
  • ই এবিধ এণ্টি-অক্সিডেণ্ট। হালধিৰ ব্যৱহাৰে গাৰ ছাল উজ্জ্বল কৰে। প্ৰসাধন সামগ্ৰীত হালধিৰ ব্যৱহাৰ দেখা যায়। ইয়াক ৰক্তশোধক বুলিব পাৰি। শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত হালধি সহায়ক।
  • বহু ব্যক্তি পেটৰ এক সমস্যাত ভোগা দেখা যায়। ইয়াক Irritable bowel syndrome (IBS)বোলে।IBS ৰ বাবে হালধি উপকাৰী। Helicobacter pylori নামৰ বীজাণুৱে পেটৰ নানা সমস্যাৰ সৃষ্টি কৰে।

  • হালধীয়ে এই বীজাণুবিধ ধ্বংস কৰিব পাৰে। প্ৰতিদিনে তিনি গ্ৰাম কেঁচা হালধি খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। প্ৰতিদিনে তিনি গ্ৰাম কেঁচা হালধি খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। অৱশ্যে অতিমাত্ৰা সেৱন কৰিলে পেটৰ ঘা আলচাৰ কৰিব পাৰে।
  • বৰ্তমান কেন্সাৰ ৰোগে মানৱ সমাজত এক ভয়াৱহ ৰুপ ধাৰণ কৰিছে। হালধি কেন্সাৰৰ বাবেও উপকাৰী। প্ৰকৃতাৰ্থত হালধিয়ে শৰীৰক বিষ মুক্ত কৰে।
  • হালধি কাহ, কফ, টনছিলৰ সমস্যাৰ বাবেও উপকাৰী। সুৰাপান কৰাৰ ফলত যকৃত ৰুগীয়া হ’লে হলাধিয়ে যকৃতৰ ৰুগীয়া কোষ সজীৱ কৰাত অৰিহণা যোগায়।
  • বিজ্ঞানীসকলে কৰা গৱেষণাৰ পৰা জনা গৈছে যে ২-৩ গ্ৰাম কেঁচা হালধিৰ সেৱন ২-৩ মাহ কৰাৰ পিছত পেটৰ ঘা (আলচাৰ) ৭৫ শতাংশ হ্ৰাস হৈছে। কেঁচা হালধি, আদা আৰু ক’লা জালুক মিহলাই পৰিমিত পৰিমাণত সেৱন কৰিলে পেটৰ ক্ৰিয়া সবল আৰু সক্ৰিয় হয়।
  • মুঠতে আঞ্জাত ব্যৱহাৰ কৰাৰ উপৰি কেঁচা হালধিৰ নিয়মিত ব্যৱহাৰে নানা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

ড০ মঞ্জুৰাণী দেৱী

মন্ত্ৰী-আমোলা, বিষয়াৰ বাসগৃহত প্ৰিপেইড মিটাৰ সংলগ্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী…

মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ দৰমহাৰ পৰা অতি নামমাত্ৰ মাহিলী বিদ্যুৎ বিল কৰ্তন কৰা হয়।


মন্ত্ৰীৰ কলনীত থকা বাসগৃহকে ধৰি প্ৰতিটো চৰকাৰী কোৱাৰ্টাৰত ব্যক্তিগত প্ৰিপেইড মিটাৰ সংলগ্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


এই ব্যৱস্থাৰ লক্ষ্য হৈছে মন্ত্ৰী, বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে যাতে কোনো ধৰণৰ ৰাজসাহায্যযুক্ত বিদ্যুৎ লাভ নকৰে।


মন্ত্রী, বিষয়াৰ বিদ্যুতৰ বিল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পোষ্ট Xত।

শিশু নিৰ্যাতনৰ গোচৰৰ ক্ষমাক লৈ পদত্যাগ হাংগেৰীৰ ৰাষ্ট্ৰপতি ন’ভাকেৰ…

‘শিশু নিৰ্যাতনকাৰীক ক্ষমা কৰি মই ভুল কৰিলো’। শিশু নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত লোকক ক্ষমা কৰাৰ বাবেই পদত্যাগ কৰিলে হাংগেৰীৰ ৰাষ্ট্ৰপতি কাটালিন ন’ভাকে।২০২৩ চনৰ এপ্ৰিল মাহত কাটালিন ন’ভাকে প্ৰায় ৪০ জন মান লোকক ক্ষমা কৰিছিল। শিশু নিৰ্যাতন ঢাকি ৰখাত সহায় কৰাৰ বাবে দোষী সাব্যস্ত হোৱা এজন লোকক ক্ষমা কৰাৰ বাবে শনিবাৰে হাংগেৰীৰ ৰাষ্ট্ৰপতি কেটালিন ন’ভাকে পদত্যাগ কৰে।

ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত ভাষণত পদত্যাগ ঘোষণা কৰি ন’ভাকে কয় যে, “মই ভুল কৰিলোঁ… আজি মোক আপোনালোকে ৰাষ্ট্ৰপতি হিচাপে সম্বোধন কৰাৰ শেষ দিন।”

অসুস্থ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী…

হঠাৎ অসুস্থ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী।


GMCHত চিকিৎসাধীন বিধায়ক ফণীভূষণ চৌধুৰী।

জ্বৰত আক্ৰান্ত হৈ ICUত চিকিৎসাধীন বিধায়গৰাকী।


কলাক্ষেত্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে অসুস্থ হৈ পৰিছিল বিধায়কগৰাকী।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ।

ভগৱান শিৱৰ তৃতীয় চকুৰ কেনেকৈ আবিৰ্ভাৱ হ’ল…

পৃথিৱীৰ প্ৰতিটো জীৱৰ জীৱনৰ ৰহস্য ভগৱান মহাদেৱৰ চকুত লুকাই আছে। ভগৱান শিৱ আৰু পাৰ্বতীৰ মাজত হোৱা ৰহস্যময় কথা-বতৰাৰ বিষয়ে মহৰ্ষি নাৰদে আমাক কৈ গৈছে। ভগৱান শিৱই চকু মুদি থাকিলেও সকলো জানে? এটা কাহিনী আছে যে এবাৰ মহৰ্ষি নাৰদে নাৰায়ণ-নাৰায়ণ জপ কৰি ঋষিৰ সমাৱেশত উপনীত হৈছিল। সকলোৱে তেওঁক আদৰণি জনাই ক’লে যে তেওঁ সঠিক সময়ত আহিছে। আমি মা পাৰ্বতী আৰু ভগৱান শংকৰৰ কাম-কাজৰ বিষয়ে আলোচনা কৰি আছিলো। আপুনি সৰ্বজ্ঞানী, এতিয়াৰ আগতে আন কোনোৱে নজনা কথা এটা আমাক কওক।

এই বিষয়ে নাৰদয়ে ভগৱান শংকৰৰ তৃতীয় চকুৰ ৰহস্যৰ বিষয়ে তথ্য দিওঁতে ক’লে যে ভগৱান শিৱই হিমালয় পৰ্বতত এখন সভা আয়োজন কৰিছিল, য’ত সকলো দেৱতা, ঋষি আৰু জ্ঞানী লোক উপস্থিত আছিল। তেনেতে হঠাৎ সেই সভালৈ পাৰ্বতী আহি আমোদ-প্ৰমোদত দুয়োখন হাত ভগৱান শিৱৰ চকুত ৰাখিলে। মাতৃ পাৰ্বতীয়ে ভগৱান শিৱৰ চকু ঢাকি দিয়াৰ লগে লগে বিশ্বব্ৰহ্মাণ্ডত আন্ধাৰ হৈ পৰিল। ইয়াৰ পিছত পৃথিৱীত উপস্থিত থকা সকলো জীৱৰ মাজত আতংকৰ সৃষ্টি হৈছিল। জগতৰ এই অৱস্থা দেখি ভগৱান শিৱ বিচলিত হৈ পৰিল আৰু একে সময়তে তেওঁৰ কপালত পোহৰৰ ৰশ্মি প্ৰকাশ কৰিলে, যাৰ বাবে জগতখন পুনৰ সজীৱ হৈ উঠিল।

এই পোহৰৰ ৰশ্মি ভগৱান শিৱৰ তৃতীয় চকু হিচাপে আবিৰ্ভাৱ হৈছিল। পিছত মাতৃ পাৰ্বতীয়ে ক’লে যে তেওঁ তেনে নকৰিলে জগতখন ধ্বংস হৈ গ’লহেঁতেন। তেওঁৰ চকুৱেই জগতৰ ৰক্ষক। চকু মুদি থাকিলে পৃথিৱীখন কেনেকৈ গতি কৰে জানিবলৈকে শিৱৰ তৃতীয় চকুটো জগাই তুলিলে।

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন ! ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা…

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন । লোকে লোকাৰণ্য হৈ পৰিছে অধিৱেশনস্থলী । অসমৰ বিভিন্ন স্থানৰ পৰা লক্ষ্য লক্ষ্য ভকত ,আই-বাপ আহি ভৰি পৰিছে অধিৱেশনস্থলী ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা । 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় এই যাত্ৰা ।বাৰে ৰহনীয়া অসমৰ কৃষ্টি কলা প্ৰদৰ্শন কৰা হয় এই ভাগৱত শোভাযাত্ৰাত ।

৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন। ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰ পূৰ্ণগতিত চলিছে অধিৱেশন। ৩০ লাখ ভকত–বৈষ্ণৱ। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে ৰঙিয়া। অধিৱেশনথলীৰ অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হ’ল গুৰু আসন। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত বৈকুণ্ঠপুৰী হৈ পৰিছে এতিয়া অধিৱেশনথলী

প্ৰায় ৫০ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ । ৭০০ বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন। ৩০৮ টা চৌকাৰে সাজু ৰান্ধনীশাল, ১১০ টা শিবিৰ, একেলগে আহাৰ গ্ৰহণ কৰিছে ১০ হাজাৰ ভক্তই ।

চাইবাৰ অপৰাধৰ বলি অভিনেতা মহেশ বাবুৰ ১১ বছৰীয়া কন্যা…

চাইবাৰ অপৰাধৰ বলি হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ কন্যা সীতাৰা। কোনোবাই তেওঁৰ নামত ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট চলাই আছে। ছ’চিয়েল মিডিয়াৰ যুগত কেৱল সাধাৰণ জনতাই নহয়, বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিও চাইবাৰ অপৰাধৰ বলি হৈছে। এতিয়া চাউথৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ কন্যা সীতাৰাও ইয়াৰ বলি হৈছে।আচলতে কোনোবাই ছ’চিয়েল মিডিয়াত সীতাৰ নামত ভুৱা একাউণ্ট চলাই আছে। এই তথ্য সীতাৰাৰ পিতৃ-মাতৃ মহেশ বাবু আৰু অভিনেত্ৰী নম্ৰতা শিৰোডকাৰে তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে দিছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কন্যাৰ ভুৱা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে সকীয়াই দিছে।

কেপচনত কন্যাৰ আচল একাউণ্টটো টেগ কৰি তেওঁ কৈছে যে এইটোৱেই একমাত্ৰ সীতাৰ একাউণ্ট। পোষ্টটোত তথ্যও দিয়া হৈছে যে ব্যক্তিজনে ছ’চিয়েল মিডিয়াত আন ব্যৱহাৰকাৰীলৈও ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ লিংক প্ৰেৰণ কৰিছে। ইয়াৰ লগতে সীতাৰাৰ অফিচিয়েল একাউণ্টৰ বাহিৰে আন কোনো ইনষ্টাগ্ৰাম একাউণ্টত বিশ্বাস নকৰিবলৈ সকলো ফ’ল’ৱাৰক অনুৰোধ জনাইছে সীতাৰাৰ পিতৃ-মাতৃয়ে। মহেশ বাবুৰ এই ভুৱা একাউণ্টৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু এতিয়া তদন্ত চলি আছে। দেউতাকৰ দৰে সীতাৰাও যথেষ্ট জনপ্ৰিয়।সৰু ১১ বছৰ বয়সতে ছ’চিয়েল মিডিয়াত ভাল ফেন ফ’ল’ৱাৰ সৃষ্টি কৰিছে। সীতাৰাই বিজ্ঞাপনৰ ক্ষেত্ৰতো কাম কৰি আহিছে। বিজ্ঞাপনৰ পৰা পোৱা ধন তাৰকাগৰাকীয়ে দান কৰিছিল। সীতাৰাক ‘প্ৰিন্সেছ’ নামৰ এখন চুটি ছবিতো দেখা গৈছে।