Home Blog Page 1046

বঙাইগাঁৱত সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বঁটা প্ৰদান

বঙাইগাঁও জিলাত অনুষ্ঠিত অসম সাংস্কৃতিক মহাসংগ্ৰাম”ৰ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বঁটাসমূহ বৃহস্পতিবাৰে প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ ভিতৰত আছিল বিহুনৃত্য প্ৰতিযোগিতা, লোকনৃত্য প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাসমূহ প্ৰথমতে গাঁও-পঞ্চায়ত পৰ্য্যায়ত অনুষ্ঠিত হয় আৰু তাৰ পিছত বিধানসভা সমষ্টি পৰ্য্যায়ত আৰু ইয়াৰ পিচক জিলা পৰ্য্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলাখনত ইতিমধ্যে জিলা পৰ্য্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈছিল যদিও বঁটাসমূহ বৃহস্পতিবাৰে সন্ধিয়াহে প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠান বঙাইগাঁও জিলা সদৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত কৰা হয়।

ফলাফল অনুসৰি বিহুনৃত্যৰ ১২ বছৰৰ পৰা ১৮ বছৰৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বীৰাংগনা বিহু দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে বঙাইগাঁও সাংস্কৃতিক গোষ্ঠী আৰু বঙাইগাঁও গোষ্ঠী চেমনীয়া দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰামধন বিহু দলে। বিহুনৃত্যৰ ১৯ বছৰৰ পৰা ২৪ বছৰৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে কুঁহিপাত বিহু দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে বঙাইগাঁও বিহু হুচৰি দলে আৰু বঙাইগাঁও সাংস্কৃতিক গোষ্ঠীয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নাজিতৰা জেং বিহু দলে।

আনহাতে ২৫ বছৰৰ পৰা ৩৫ বছৰ শাখাৰ বিহুনৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে পোপৰাগাঁও বিহু দল আৰু বঙাইগাঁও কালচাৰেল গ্ৰুপে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে বিৰিণা বিহু দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰামধেনু বিহুৱা দলে। লোকনৃত্য প্ৰতিযোগিতাৰ অন্তৰ্গত ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে চিলাৰায় নৃত্য দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিকুমণি ৰায়ৰ দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ঝাকুৱাপাৰা জুমুৰ নৃত্য দলে।

লোকনৃত্যৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে জানমণি নৃত্য দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে দেৱদাৰু দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে কাকাৰাগাঁও গোৱালিনী নৃত্য দলে। লোকনৃত্যৰ ২৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বোৱাৰী নৃত্য দলে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে বিতুমণি সিংহ নৃত্য দলে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে হিমচুমি গোস্বামীয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰেৰণা কাশ্যপে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বনানী ৰায়ে।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ওংকাৰ ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মিতালী ডেকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিকুমণি ৰাজবংশীয়ে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মানৱ ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে কস্মিতা গোৱালাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বিকাশ গোস্বামীয়ে।

জ্যোতি সংগীত প্ৰতিযোগিতাৰ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে হিমচুমি গোস্বামীয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰেৰণা কাশ্যপে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দীপলেখা দেৱীয়ে। জ্যোতি সংগীতৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে নিৰ্মালি ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মিতালি ডেকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিকুমণি ৰাজবংশীয়ে।

আনহাতে ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰেৱতী ভকতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি দাসে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বুদ্ধ নাথে। ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বনানী ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে দীপলেখা দেৱীয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে চোহিনী দাসে। ৰবীন্দ্ৰ সংগীতৰ ১৯বছৰ বয়সৰ পৰা ২৪বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে দেৱৰীকা ভট্টাচাৰ্য্যই, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ওংকাৰ ৰায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বৰ্ণিতা দত্তই।

আনহাতে ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰেৱতী ভকতে,দ্বিতীয় পুৰস্কাৰ লাভ কৰে পাপৰি ডেকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি দাসে ৷ ইপিনে বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰেৰণা কাশ্যপে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে দীপলেখা দেৱীয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে হিমচুমি গোস্বামীয়ে। ৰাভা সংগীতৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে কবিতা সিংহই, দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি ৰায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে সুখদা বৰ্মনে।

আনহাতে বিষ্ণু ৰাভা সংগীতৰ ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰেৱতী ভকতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মানৱ ৰায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি দাসে। বঙাইগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত জিলা আয়ুক্ত নিৰ্মালি বৰুৱাৰ তত্বাৱধানত বৃহস্পতিবাৰে সন্ধিয়াৰ বঁটা প্ৰদান অনুষ্ঠানত ওপৰোক্ত সকলো পুৰস্কাৰ বঁটাপ্ৰাপকসকলক প্ৰদান কৰা হয় ৷

উল্লেখ্য যে অসম সাংস্কৃতিক মহাসংগ্ৰাম”ৰ গুৱাহাটীত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত বঙাইগাঁও জিলাৰ চিলাৰায় নৃত্য দলে লোকনৃত্যৰ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শাখাত ৰাজ্যিক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱত ৰাজ্যিক সমবায় কৰ্মীৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণ

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক সমবায় সমিতি আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ যুটীয়া উদ্যোগত সমবায় সমিতিৰ কৰ্মীবৃন্দৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ ওপৰত পষেকযোৰা এক প্ৰশিক্ষণৰ শুকুৰবাৰে শুভাৰম্ভ কৰা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সৌজন্যত আয়োজিত প্ৰশিক্ষণলানিৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ তথা উদ্দেশ্য বাখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ ভাৰপ্ৰাপ্ত মূৰব্বী তথা পথাৰ শস্য বিশেষজ্ঞা ড৹ বন্তি গগৈয়ে প্ৰশিক্ষাৰ্থীসকলক ৰাসায়নিক সাৰৰ নুন্যতম ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ জৰিয়তে কৃষকসকলৰ সুবিধাৰ বাবে ৰূপায়ণ কৰা বিভিন্ন কৰ্মৰাজিৰ ওপৰতো আলোকপাত কৰে।

অনুষ্ঠানত উপস্থিত থাকি নগাঁও জিলা সমবায় সমিতিৰ পঞ্জীয়ক বকুল চন্দ্ৰ বৰাই প্ৰশিক্ষাৰ্থীসকলক সমবায় ভিত্তিত কাম কৰি কৃষিক্ষেত্ৰৰ উন্নতি সাধন কৰিবলৈ উদগনি যোগায়। নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই সভাৰ জৰিয়তে সকলোকে নূণ্যতম সমৰ্থিত মূল্য কেন্দ্ৰৰ দ্বাৰা শস্য বিক্ৰী কৰি এই কেন্দ্ৰ সমূহ বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায়।

অনুষ্ঠানটিত উপস্থিত থাকি ডেফোডিল উদ্যান শস্য মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য্যই প্ৰশিক্ষাৰ্থীসকলক একগোট হৈ কৃষিকৰ্ম কৰি লাভবান্বিত হ’বলৈ অনুৰোধ জনায়।

উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ উন্নয়ণ আয়ুক্ত গুনজিত কাশ্যপে মানৱীয় প্ৰমূল্যবোধ বৰ্তাই ৰাখি কৃষি ব্যৱসায়ৰ জৰিয়তে এখন সূস্থ সমাজ গঢ়িবলৈ আহবান জনায়।

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড৹ অনিমেষ ডেকাই আতঁধৰা অনুষ্ঠানটিত নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩৬ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁওৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পাম পৰিচালক শংকু মনি শৰ্মাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰটিৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে।

‘মোৰ পিতৃয়ে সাক্ষাৎকাৰত কোৱা সকলো কথা মিছা, তেওঁ মোৰ আৰু পত্নীৰ ভাৱমূৰ্তি বিনষ্ট কৰা প্ৰয়াস কৰিছে’ ! পিতৃৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ…

‘মোৰ পিতৃয়ে সাক্ষাৎকাৰত কোৱা সকলো কথা মিছা, তেওঁ মোৰ আৰু পত্নীৰ ভাৱমূৰ্তি বিনষ্ট কৰা প্ৰয়াস কৰিছে’। পিতৃৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ।

উল্লেখ্য, ৰিবাবাই মোৰ ল’ৰাক যাদু কৰিলে, তেওঁলোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই- বুলি এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল ৰবীন্দ্ৰ জাদেজাৰ পিতৃ অনিৰুদ্ধ সিঙে।

পিতৃৰ অভিযোগ নস্যাৎ ৰবীন্দ্ৰ জাদেজাৰ। পিতৃৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ক্ৰিকেটাৰগৰাকীৰ।

47th Indian Social Science Congress concludes successfully at USTM

The 47th Indian Social Science Congress, organized by the Indian Social Science Academy (ISSA), and hosted by the University of Science and Technology Meghalaya (USTM) has successfully culminated here today. The five-day-long event, held from February 5 to February 9, 2024, witnessed the convergence of over 200 academicians and scholars from various universities and colleges across India.
The 49th Annual General Body Meeting of the Indian Social Science Academy was also held on 6th February 2024. There were task force meetings and many illuminating deliberations. The delegates included former and present Vice Chancellors, leaders from reputed institutions, researchers, and science communicators.


The attraction of today’s session was a talk by Deepak Arun, a class 11 student from Kerala, on ‘Advanced Educational System Development Project 2023’. The session was chaired by Prof. GD Sharma, Vice Chancellor of USTM. He presented how the higher educational system should be showing that a few subjects should be made mandatory subjects such as: human values, animal husbandry, basic crafting, cooking, proper communication etc.


Dr. T.V. Gopal, Professor of the Department of Computer Science and Engineering, Anna University, Chennai provided insights on the entire conference starting from day one to day five. Prof NP Choubey, General Secretary ISSA, Prof PK Sarkar, President, ISSA and others expressed their views on the conference.


In the Valedictory session, Prof NP Chaubey, Dr RK Sharma, Advisor USTM, Dr BK Das, Pro Vice-Chancellor USTM and Prof Amit Choudhary, Dean, School of Business Sciences USTM highlighted on the different arrangements, technical sessions, and plenary sessions. Prof Sarkar concluded the ceremony with a very profound speech, followed by Dr Chaubey’s gratitude towards the committee members of USTM who helped in conducting the conference without any interruption.


Some of the thematic panels of this five-day-long seminar include ‘Conflicts, War, Peace and Social Security’, ‘Demography and Human Rights’, ‘Ethics of Science and Society’, ‘Global Warming and Climate Change’, ‘Ecological and Environmental Protection Movement’, ‘Information Technology, Mass Media and Culture’, ‘Labour in Organised and Unorganised Sectors’ and ‘Population, Poverty and Migration’.
The Indian Social Science Academy (ISSA), a national institution headquartered in Allahabad, aims to appraise, integrate, and disseminate scientific knowledge concerning humanity, society, and nature in the specific context of India.

আমিনগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত পক্ষাঘাতগ্ৰস্তক এম্বুলেন্সত তুলি আনিলে কাৰ্যালয়লৈ…

আমিনগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত হৃদয় বিদাৰক দৃশ্য! চৰকাৰী কাৰ্যালয়ত মানৱীয়তাৰ সীমা চেৰোৱা ঘটনা।

পক্ষাঘাতগ্ৰস্তক এম্বুলেন্সত তুলি আনিলে কাৰ্যালয়লৈ। পক্ষাঘাতগ্ৰস্ত গোবিন্দ দাসে গাঁৱৰে এজনক বিক্ৰী কৰিছিল ভূমি।

ভূমি বিক্ৰীৰ নথি প্ৰস্তুতৰ বাবে এইদৰে অনা হ’ল উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈ। ৫ বছৰ ধৰি শয্যাশায়ী উত্তৰ গুৱাহাটীৰ লেঙাৰ গোবিন্দ দাস।

1st BN SSB conducted Village Veterinary OPDs under Civic Action Programme

In continuation to various veterinary village OPDs as a part of Veterinary Civic Action Programme in NE region,1st BN Sashastra Seema Bal, Sonapur conducted veterinary village OPDs here at three villages Sariahtali, Barsarkuchi and Kashempur under Nalbari District.

The veterinary camp was organised under the guidance of Sunil Kaushik,Commandant,1st BN SSB. Dr. KK Singh,Vety Comndt SSB took the initiative in conducting the VCA programme assisted by company personnel of C Coy,Nalbari.

Nearly 100 animals were treated during the camp.Villagers,SSB personnel and media persons were present. SSB is always with the common people and doing its best for the welfare of the local people with the motto “Service Security and Brotherhood”.

জাগুনৰ ৩১৫ নং অসম-অৰুণাচল জয়ৰামপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

জাগুনৰ ৩১৫ নং অসম-অৰুণাচল জয়ৰামপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।

এখন তীব্র বেগী AS23AF9809 নম্বৰৰ মহেন্দ্ৰা থাৰ বাহনে মহতিয়াই এগৰাকী মহিলাক। থিতাতে নিহত হয় মহিলা গৰাকী।

নিহত মহিলাগৰাকীৰ নাম মীনা পুন (৪৫) ঘৰ আঠ মাইল পাৰ্বতীপুৰ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰি থাৰ বাহন খন পলাই যায় যদিও অৰুণাচল আৰক্ষীয়ে বাহনখনক জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকী বীৰেন বৰা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।


-পৱন দত্ত, জাগুন

চাৰিগৰাকীকৈ সুন্দৰী অভিনেত্ৰী মাতৃ হ’ব ২০২৪ বৰ্ষত…

বৰ্তমান বলীউডত সুখৰ প্ৰতিধ্বনি। ৮ ফেব্ৰুৱাৰীত য়ামী গৌতমে ভাল খবৰ দিলে আৰু মাত্ৰ এদিন পিছত ৯ ফেব্ৰুৱাৰীত ৰিচা চাধাই ভাল খবৰ দিলে। এই দুগৰাকী তাৰকাৰ ভাল খবৰৰ খবৰ ছচিয়েল মিডিয়াত সকলোতে বিয়পি পৰিছে। কিন্তু আপুনি জানেনে যে কেৱল এই দুগৰাকী সুন্দৰীয়েই নহয় আৰু দুগৰাকী বিখ্যাত চেলিব্ৰিটি অতি সোনকালে মাতৃ হ’বলৈ গৈ আছে। বিবাহৰ ১৬ মাহৰ পিছত পিতৃ-মাতৃ হ’বলৈ গৈ আছে আলী ফজল আৰু ৰিচা চাধা। এই ভাল খবৰটো ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰাৰ সময়ত এই দুয়োগৰাকী তাৰকাই এটা পিক শ্বেয়াৰ কৰে। এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত দুয়োজনে কয় যে এতিয়া তেওঁলোকৰ বয়স দুৰ পৰা তিনিজন হ’ব।


‘আৰ্টিকেল ৩৭০’ ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ সময়তে আদিত্য ধৰে য়ামী গৌতমৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। খবৰ অনুসৰি য়ামি ৫ মাহৰ গৰ্ভৱতী। ট্ৰেইলাৰ মুকলিৰ সময়ত ইয়ামি গৌতমে নিজৰ বেবী বাম্পটো অফ হোৱাইট ৰঙৰ ড্ৰেছ আৰু পাতল ৰঙৰ অভাৰকোটেৰে ঢাকি ৰখা দেখা গৈছিল।


বলীউডৰ এই দুগৰাকী সুন্দৰীৰ উপৰিও ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগী প্ৰিয়া মালিকো গৰ্ভৱতী। ছ’চিয়েল মিডিয়াত প্ৰিয়াই নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি বহু ছবি শ্বেয়াৰ কৰে।


অনুষ্কা শৰ্মাৰ পুনৰ গৰ্ভৱতী হোৱাৰ খবৰ পোৱা গৈছে বহু দিনৰ পৰা। আনকি শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক যেতিয়াই দেখা গৈছিল তেতিয়াই তেওঁক ঢিলা কাপোৰ পিন্ধি পেটটো ঢাকি ৰখা দেখা গৈছিল। যাৰ বাবে এই খবৰবোৰে অধিক চৰ্চা লাভ কৰিলে।


এই খবৰৰ মাজতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এ বি ডি ভিলিয়াৰ্ছে শেহতীয়াকৈ এটা ডাঙৰ দাবী কৰিছিল যে ভাৰতৰ কিংবদন্তি বেটছমেন বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ ওলাইছে। কিন্তু এতিয়া তেওঁৰ শেহতীয়া বক্তব্যত ক্ষমা বিচাৰিছে। বিৰাট আৰু অনুষ্কাক লৈ তেওঁ যি কৈছিল সেয়া ভুল আছিল।

প্ৰতিদিনে কিমান পৰিমাণৰ চকলেট খাব, হৃদযন্ত্ৰৰ পৰা মগজুলৈকে সকলো সুস্থ হৈ থাকিব…

যদি আপুনি আজি আপোনাৰ সংগীৰ বাবে চকলেট কিনিছে, তেন্তে এই লেখাটো আপোনাৰ বাবে। আজি আমি আপোনালোকক কম কোনটো চকলেট উপহাৰ হিচাপে দিব লাগে। ইয়াৰ লগত জড়িত কিছু সুবিধা আছে যিয়ে আপোনাৰ সংগীক সদায় সুস্থ কৰি ৰাখিব। দম্পতীয়ে ইজনে সিজনক চকলেট দি চকলেট দিৱস উদযাপন কৰে। অৱশ্যে আজি আপুনি আপোনাৰ যিকোনো ঘনিষ্ঠ ব্যক্তিক চকলেট দি বিশেষ অনুভৱ কৰিব পাৰে। কিন্তু আপুনি জানেনে যে এই চকলেট কেৱল মুখৰ মিঠাৰ বাবেই নহয়, ইয়াৰ লগত জড়িত কিছু স্বাস্থ্যকৰ উপকাৰো আছে। গতিকে জানি লওক কোনটো চকলেট উপহাৰ দিব লাগে আৰু ইয়াৰ উপকাৰ কি –

যদি আপুনি ডাৰ্ক চকলেট খায় তেন্তে আপুনি নিশ্চিতভাৱে স্বাস্থ্যৰ কিছু উপকাৰ পাব পাৰে।
ডাৰ্ক চকলেট খোৱাৰ উপকাৰিতাৰ বিষয়ে জানক-

হৃদৰোগ প্ৰতিৰোধ কৰা
উচ্চ ৰক্তচাপত উপকাৰী
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ডায়েবেটিছত উপকাৰী
মগজুৰ কাৰ্য্যক্ষমতা উন্নত কৰে
মানসিক চাপ হ্ৰাস কৰে

এক তথ্য অনুসৰি ২০১৪ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে চকলেট খোৱা মহিলাসকলে নিজৰ ওজন ভালদৰে বজাই ৰাখিবলৈ সক্ষম হয়।

ডাৰ্ক চকলেট খালে স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায়। কিন্তু ইয়াৰ বাবে নিৰ্ধাৰিত পৰিমাণত খোৱাটো প্ৰয়োজনীয়। এনে পৰিস্থিতিত যদি আপুনি প্ৰতিদিনে এটা বৰ্গক্ষেত্ৰ বা সৰু টুকুৰা চকলেট খায় তেন্তে সেয়া আপোনাৰ বাবে অমৃতৰ দৰে বুলি প্ৰমাণিত হ’ব পাৰে।


ক’ভিডৰ পিছত বহু মহিলাৰ যৌন ইচ্ছা কমি গৈছে, কেনেকৈ ঘূৰাই আনিব এই ইচ্ছা…

ক’ভিড ১৯ মহামাৰীৰ আৰম্ভণি বহু আগতেই হৈছিল যদিও ইয়াৰ প্ৰভাৱ আজিও দেখা পোৱা যায়, বিশেষকৈ মহিলাৰ অন্তৰংগ আকাংক্ষা যথেষ্ট হ্ৰাস পাইছে। পৃথিৱীখন স্তব্ধ হৈ পৰিছিল, যাৰ বাবে আমি সকলো লকডাউনৰ বাবে ঘৰতে আবদ্ধ হৈ আছিলো।ক’ভিডৰ বাবে বহু লোকে প্ৰাণ হেৰুৱালে, বাচি থকা সকলে আপোনজনক হেৰুৱাৰ দুখ অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ইয়াৰ বাহিৰেও আন বহুতো ক্ষতি হৈছে যিবোৰৰ কথা সততে কোৱা নহয়। বিএমচি পাব্লিক হেল্থ জাৰ্নেলত প্ৰকাশিত এক গৱেষণাৰ মতে, কৰ’না কালৰ পিছত বহু মহিলাৰ যৌন ইচ্ছা কমিছে। এই গৱেষণা ২০২২ চনৰ জানুৱাৰী মাহত কৰা হৈছিল য’ত মুঠ ২১টা অধ্যয়ন বিশ্লেষণ কৰা হৈছিল আৰু দেখা গৈছে যে পুৰুষতকৈ মহিলাসকলে যৌন ইচ্ছাৰ সৈতে অধিক সংগ্ৰাম কৰি আছে। আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ চান্টা বাৰ্বাৰা চহৰৰ এজন মেৰেজ এণ্ড ফেমিলি থেৰাপিষ্টে চিএনএনক কয় যে, ‘মই মহামাৰীৰ প্ৰথম কেইমাহমানৰ পৰা এই বিষয়ে শুনি আহিছো আৰু ই নিশ্চিতভাৱে এটা ট্ৰেণ্ড আছে যিটো অব্যাহত আছে যদি আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত ইচ্ছাৰ অভাৱ হয়, তেন্তে এই সমাধানটোৱেই সমাধান।

যৌন ইচ্ছা কেনেকৈ বৃদ্ধি কৰিব-

১/ আৱেগিক সংযোগ গুৰুত্বপূৰ্ণ

ক’ভিডৰ বাবে বহু মহিলা মানসিক চাপৰ বলি হৈছে, স্পষ্ট যে মানসিক চাপৰ সময়ত কোনো ভাল কাম কৰাৰ ইচ্ছা নাথাকে। যদি আপুনি নিজৰ মাজত যৌন ইচ্ছা জাগ্ৰত কৰিব বিচাৰে, তেন্তে আপোনাৰ সংগী বা স্বামীৰ সৈতে আপোনাৰ আৱেগিক সংযোগ বৃদ্ধি কৰক।

২/ মানসম্পন্ন সময় দিয়ক

বিবাহ বা সম্পৰ্কত বহুদিনৰ পিছত যৌন ইচ্ছা প্ৰায়ে কমিবলৈ আৰম্ভ কৰে, আপুনি যেতিয়া আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাব তেতিয়াহে আৱেগিক সংযোগ বৃদ্ধি কৰিব পাৰিব। ইয়াৰ বাবে পুৰণি সুখৰ দিনবোৰ মনত ৰাখিব আৰু পত্নীৰ লগত আড্ডা বা খোৱাৰ পৰিকল্পনা কৰক। যদি বাহিৰত যাত্ৰা সম্ভৱ নহয়, তেন্তে ঘৰতে ভাল কিবা এটা ৰান্ধি একেলগে খাদ্যখিনি খাব। ইচ্ছা কৰিলে একেলগে বহি নিজৰ প্ৰিয় চিনেমাও চাব পাৰে।

৩) মানসম্পন্ন যৌনতাক অগ্ৰাধিকাৰ দিয়ক

যদি আপুনি কেৱল নিয়মীয়া জীৱনৰ অংশ বুলি বিবেচনা কৰি যৌন সম্পৰ্ক স্থাপন কৰিছে, তেন্তে ই এক ডাঙৰ ভুল। আপোনাৰ যৌন সম্পৰ্কক গুণগত সম্পৰ্ক গঢ়ি তোলক। প্ৰথম লগ পোৱাৰ দৰে সংগীৰ সৈতেও অন্তৰংগ হওক। যদি আপুনি এই কাম নকৰে তেন্তে আপোনাৰ সম্পৰ্কটো বিৰক্তিকৰ হৈ থাকিব।

যৌন সম্পৰ্ক স্থাপনৰ সময়ত বহু মহিলাই ব্যক্তিগত অংগত তীব্ৰ বিষ অনুভৱ কৰে, তাৰ পিছত অন্তৰংগ হ’বলৈ ভয় কৰে। যদি আপোনাৰ লগত এনেকুৱা কিবা এটা হৈছে, তেন্তে বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় পৰীক্ষাসমূহ কৰাই ভাল। সাধাৰণতে মহিলাসকলে পুৰুষতকৈ চিকিৎসকৰ পৰামৰ্শ কম লয়। অৱশ্যে এই ধাৰাটো সলনি কৰিব লাগে।