Home Blog Page 1056

সাৱধান! বগা নিমখৰ সলনি ক’লা নিমখ ব্যৱহাৰ কৰে নেকি…

বহু লোকে টেবুল ছল্ট অৰ্থাৎ বগা নিমখৰ সলনি ক’লা নিমখ ব্যৱহাৰ কৰে। আজি আমি আপোনালোকক ক’লা নিমখ অধিক পৰিমাণে খোৱাৰ ফলত হোৱা ক্ষতিৰ বিষয়ে ক’ম-

যদি আপুনি ক’লা নিমখ বেছি পৰিমাণে খায় তেন্তে ই শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব। ইয়াৰ উপৰিও শৰীৰত পানী জমা হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। ইয়াৰ ফলত বিপিও বেছি হ’ব পাৰে।

ক’লা নিমখত ফ্ল’ৰাইড আৰু অন্যান্য ৰাসায়নিক পদাৰ্থও থাকে যিয়ে শৰীৰৰ কাৰ্য্যত বহু ধৰণে প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত উচ্চ বি পি ৰোগীয়ে ক’লা নিমখ খোৱাৰ পৰা বিৰত থাকিব লাগে।


ক’লা নিমখত আয়’ডিন নাথাকে, যাৰ বাবে থাইৰয়ডৰ সম্ভাৱনা বৃদ্ধি পায়।

ক’লা নিমখৰ সলনি আয়’ডযুক্ত নিমখ কমকৈ খাব লাগে। অন্যথা অত্যধিক ক’লা নিমখ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।


ক’লা নিমখত ফ্ল’ৰাইড আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। যাৰ বাবে ই শৰীৰৰ কাৰ্য্যকলাপত প্ৰভাৱ পেলায়। ক’লা নিমখৰ অত্যধিক ব্যৱহাৰে বৃক্কত বিপজ্জনক প্ৰভাৱ পেলায়।

বৃক্কত পাথৰ গঠন হ’ব পাৰে। ইয়াত ৰেচক পদাৰ্থ থাকে যিয়ে পেট পৰিষ্কাৰ কৰে। ক’লা নিমখ বেছিকৈ খালে বিপাকীয় ক্ৰিয়া অতি সক্ৰিয় হৈ পৰে। যাৰ বাবে হজম শক্তি প্ৰভাৱিত হয়।

গুমৰাগ-ঐনিতমৰ সুৰত দ্বিতীয় দিনাও উখল-মাখল কাৰেং চাপৰি। জীৱন-জীৱিকা ভিত্তিত উন্নতমানৰ আলোচনা চক্ৰ, বগীবিল কাৰেং চাপৰিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ; পৰম্পৰাগত কৃষ্টি, নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন…

ধেমাজি জিলাৰ চিলাপথাৰৰ বগীবিল দলঙৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কাৰেং চাপৰিত কালিৰে পৰা নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ আৰম্ভ হৈছে।চাৰিদিনিদীয়াকৈ অনুষ্ঠিত কৰা মহোৎসৱৰ আজি দ্বিতীয় দিনাৰ পুৱা ৯ বজাৰ পৰা পঃলঃ মঞ্চত নিশালৈ অনুষ্ঠিত কৰা হয় মিচিং লোকগীতৰ প্ৰতিযোগিতা আৰু দঃঞি মঞ্চত অনুষ্ঠিত কৰা হয় মিচিং লোকনৃত্য প্ৰতিযোগিতা।পুৱা ১১ বজাৰ পৰা থলুৱা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰা হয় আলোচনা সত্ৰৰ। আলোচনা চক্ৰত (ক)”মিচিং যুৱ সকলৰ জীৱন-জীৱিকাৰ বাবে বহনক্ষম পাম ভিত্তিৰ সুযোগ সুবিধা” শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে উদ্যান শস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক ত্ৰিৰঙ্গা ভাৰতীয় বৰুৱাই।

(খ)”পৰ্যটন আৰু স্বাস্থ্যখণ্ড প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থাপনা” শীৰ্ষক বিষয়ত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে সোণাপুৰ কলেজৰ ভ্ৰমণ আৰু পৰ্যটন বিভাগৰ সহযোগী অধ্যাপিকা ড৹ স্বপ্না মেধয়ে।(গ)”হস্ত্ৰতাঁতশিল্পৰ সম্ভাৱনীয়তা” শীৰ্ষত বিষয়ৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম গৌৰৱ বঁটা প্ৰাপক জেচিন পাৱ কুম্বাঙে।অনুষ্ঠানত কৃষি আৰু সংশ্লিষ্ট খণ্ডত নৱ সম্ভাৱনীয়তা, উদ্যান শস্য খণ্ডত উদ্যোগৰ সম্ভাৱনীয়তা, কৃষক সকলৰ আয় বৃদ্ধিৰ বাবে বহুতৰপীয়া সমন্বিত আৰু সংমিশ্ৰিত কৃষি পদ্ধতিৰ প্ৰয়োগৰ বিষয়ত বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ আলোচনা আগবঢ়াই সমল ব্যক্তি সকলে। সন্ধিয়া ৫ বজাত অসমীয়া আৰু মিচিং ভাষাত অনুষ্ঠিত কৰা হয় কবি সন্মিলন। বিশিষ্ট কবি নবীন কামান সমন্বয়ক হিচাপে উপস্থিত থকা কবি সন্মিলনত।

সন্ধিয়া ৬ বজাৰ পৰা মিচিং মিউজিকেল বেণ্ডৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানত বমৈ,দঃঞি, লৃচাং,লৃগাং,লৃবাং বেণ্ডৰ বাদ্যযন্ত্ৰ পৰিৱেশন কৰে অভিনাভ অনুৰাগ,অৱনী মিলি, কিশোৰ টাইদ, নিশা অঃমে,ফিৰোজ পাইত,অপাংকি দলে, চিনু পাগলাম,পাপালা মিলি, ধৰ্মৰাগ পাংগিং,আইমী মিলি, ভাইকন মাজুলী, মহেন্দ্ৰ পি,পল্লৱী দলে, দিপ্তীপ্ৰিয়া লাগাছু,ৰুবী কামান,ৰয়েন চুংক্ৰাং,আয়াং দলে,চণ্ডী পেগু, ৰুয়িৰ পেগুয়ে। অনুষ্ঠানত পৰম্পৰাগত ফেশ্বন শ্ব’ আৰু ৰাপাৰ শ্ব’ অনুষ্ঠিত কৰা হয়। কাইলৈ অৰ্থাৎ ৬ ফেব্ৰুৱাৰী পুৱা ১০ বজাৰ পৰা মিচিং লোকগীতৰ চুড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ হ’ব।দিনৰ ১ বজাত টিএমএমকেৰ সভাপতি তিলক দলেৰ সভাপতিত্বত আৰম্ভ হ’বলগা প্ৰথম মুকলি সভাখন উদ্ধোধন কৰিব জোনাইৰ বিধায়ক ভূৱন পেগুয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে এমএচিৰ প্ৰধান পৰমানন্দ চায়েঙ্গীয়া,সন্মানীয় অতিথি হিচাপে ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী,এমএচিৰ অধ্যক্ষ সুশীল কুমাৰ পেগু,বিশেষ সন্মানিত অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ বিধায়ক নিয়ামাৰ কাৰ্বাক,আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, এজেৱাইচিপিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাই, এবছুৰ সভাপতি দ্বীপেন বড়ো,আদি ছাত্র সন্থাৰ সভাপতি জাৰ্ব জামু,গাল’ ছাত্র সন্থাৰ সভাপতি জিৰ্ববলে,নিচি ছাত্র সন্থাৰ সভাপতি নাবাম দদুম,তাগিন ছাত্র সন্থাৰ সভাপতি টাতাক পাগবা,আপাতানি ছাত্র সন্থাৰ সভাপতি পুৰা নাদ’,মিচিং আগম কৌবাঙৰ সভাপতি হৰি নাৰায়ণ পেগু, টিএমএমকেৰ সভানেত্ৰী গীতাঞ্জলী বড়ি পাতিৰ,মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, সদৌ অসম জনজাতি য়ুথ লীগৰ সভাপতি ধীৰেণ ইংতি প্ৰমুখ্যে কাৰ্বি,ৰাভা, দেউৰী, সোনোৱাল কছাৰী, মটক, মৰাণ,তাই আহোম, চুতীয়া, ডিমাছা, হাজং,গোৰ্খা, চাহ জনজাতি, বাঙালী আদি জাতি-জনগোষ্ঠীৰ ছাত্র সংগঠনৰ শীৰ্ষ নেতা সকল উপস্থিত থাকিব। সন্ধিয়া ৫ বজাৰ পৰা মঞ্চত পৰিৱেশন হ’ব সাংস্কৃতিক অনুষ্ঠান।

উত্তৰ ভাৰতত বৰফ পৰাৰ বাবে হিমস্খলনৰ সম্ভাৱনা, জাৰি কৰিছে সতৰ্কবাণী…

বংগত শীতকালৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে। আনহাতে উত্তৰ ভাৰতত শীতকাল অব্যাহত আছে। বৰফ পৰিছে। উত্তৰ ভাৰতৰ আৰু তিনিখন ৰাজ্য হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমক মৌসম ভৱনে প্ৰবল বৰষুণ আৰু ওখ অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ সতৰ্ক কৰি দিছে। জাৰি কৰা হৈছে সতৰ্কবাণী। ৭ ফেব্ৰুৱাৰীলৈকে হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ পৰিব পাৰে বৰফ। কাশ্মীৰত বিগত কিছুদিন ধৰি বৰফ পৰি আছে।

কাশ্মীৰৰ ৰাস্তা-ঘাটবোৰ বগা বৰফৰ চাদৰেৰে আবৃত। বহু ঘৰো বৰফেৰে আবৃত। বতৰ বিজ্ঞানীসকলে কয় যে মঙলবাৰৰ পৰা বতৰ সামান্য পৰিৱৰ্তন আৰু উন্নতি হ’ব পাৰে। দেওবাৰেও কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰচণ্ড বৰফ পৰাৰ ফলত জীৱন ব্যাহত হৈছে। বহু বিমানো বাতিল হোৱা দেখা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথ অতিৰিক্ত বৰফৰ বাবে সকলো গুৰুত্বপূৰ্ণ পথ বন্ধ। ফলত পৰ্যটকসকলো বিপদত পৰিছে। আনহাতে দিল্লী, ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱতো বৰষুণ। এনে বতৰৰ বাবে বহু বিমান সংস্থাই যাত্ৰীসকলক সতৰ্কবাণী জাৰি কৰিছে।

লক্ষীমপুৰত আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছৰ সামৰণি, শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা , দ্বিতীয় শ্ৰেষ্ঠ শিৱসাগৰ জিলা…

অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত ৩দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৫ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। ৰাজ্যৰ ১২২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহন কৰা এই বৰ্ষৰ প্ৰতিযোগিতাখনক এথলীট সকলে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা বুলিও‌ অভিহিত কৰে। আনহাতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ডিব্ৰুগড়ে শ্ৰেষ্ঠ দল আৰু শিৱসাগৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। ইপিনে প্ৰতিযোগিতা‌ত ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে- ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ দ্ৰোণ পেগু(ধেমাজি), ছোৱালী শাখাত প্ৰতিক্ষা চেতিয়া(শিৱসাগৰ),১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ স্নিগ্ধ প্ৰতীম কোঁৱৰ (শিৱসাগৰ),ছোৱালী শাখাত জেচমিন বৰা (ধেমাজি) ,১৮ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ পাৰ্থপ্ৰতিম বুঢ়াগোহাঁই (শিৱসাগৰ), ছোৱালী শাখাত ৰিমঝিম শইকীয়া (গুৱাহাটী),২০ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ ঐক্ষিক গগৈ(শিৱসাগৰ),ছোৱালী শাখাত মুনমুন চেতিয়া (তিনিচুকীয়া) লগতে পুৰুষ শাখাত জংছাৰ বসুমতাৰী আৰু মহিলা শাখাৰ ৰিম্পী বুঢ়াগোঁহাই(তিনিচুকীয়া)অম্ব্ৰিকা নাৰ্জাৰী( কোকৰাঝাৰ)।

বিজয়ী প্ৰতিযোগীসকলক উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে পদকসমূহ প্ৰদান কৰে। প্ৰতিযোগিতাৰ শেষত বঁটা প্ৰদান অনুষ্ঠানত অসম অসম এথলেটিকছ সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে খেলুৱৈসকলক উদ্দশ্যি বহুমূলীয়া মন্তব্য আগবঢ়াই।

৪০০মিটাৰ দৌৰ ইভেন্টেৰে সামৰণি পৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড• বিমান চেতিয়া, লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া তথা অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়াসকল।প্ৰতিযোগিতখন সুন্দৰভাৱে সফল সামৰণি পৰাত ক্ৰীড়াপ্ৰেমী ৰাইজক সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিযোগিতাৰ শেষত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলৰ মনোৰঞ্জনৰ বাবে অসমৰ কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে।

Indigenous sports to showcase India’s deep rooted sporting culture at the Khelo India University Games 2024 ASHTALAXMI…

Traditional Sports have always been an important part of the nation’s tradition. In 2018, When the Khelo India Mission was launched with Prime Minister, Narendra Modi’s vision of taking sports to every child and making India’s sports ecosystem the most powerful in the world, the inclusion of traditional sports was an important step towards the ‘Make in India’ and ‘Made in India’ concepts. The trend of including traditional sports in Khelo India was visible in the different editions of the games. Khelo India University Games 2024 ASHTALAXMI is another step towards taking forward this journey of sports revolution and this edition will have two traditional sports at display – Mallakhamb and Yogasana. Mallakhamb will be organized in Sarusajai sports complex Guwahati. Agartala is the capital city of Tripura will play a host to Yogasana.


Interestingly each of these Indigenous sports showcase India’s deep rooted sporting culture from ancient times, but also how each of these sports have a played a role in many other forms of international sport. Mallakhamb, the state sport of Madhya Pradesh first came to limelight in front of the whole world during the Berlin 1936 Olympics as it was displayed there. Mallakhamb is also used as a traditional training style by wrestlers. Yogasana needs no introduction as one of the most prominent form of fitness regime practiced globally and is a gift from India to the world. Mallakhamb involves gymnast performing aerial yoga or gymnastic postures and wrestling grips in concert with a vertical stationary or hanging wooden pole, cane, or rope. The traces of Mallakhamb can be found as old as 2nd century BCE – 1st century CE in ancient Chandraketugarh pottery carvings. Apart from this, the game is also mentioned in the books of Buddhist Chinese pilgrims in India. However, the earliest direct description of Mallakhamb can be found in the early 12th century text called Manasollasa, which was written by the Chalukya King, Someshvara III.
It was dormant for a long time in the medieval period but was revived by the Maratha kings in order to train the Peshwa army. Since then, the sport has spread all over the country. The first ever Mallakhamb World Championships was held in 2019 in Mumbai, in which over 150 athletes from 15 countries participated.


The sport is completely based on fitness and flexibility and is performed on a 2.6 m tall wooden base with a width of 55 cm and has simple rules which make it quite similar to gymnastics. Competitors perform acrobatic stunts while standing upright on a pole or hanging rope and judges score them according to the mastery of the skill. Over the years three types of Mallakhamb have gained popularity in competitions namely Pole Mallakhamb, Hanging Mallakhamb and Rope Mallakhamb.

আস্থা ভোটত জয় লাভ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ…

আস্থা ভোটত জয় লাভ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ। সোমবাৰে ঝাৰখণ্ড বিধান সভাত ট্ৰাষ্ট ভোট গ্ৰহণত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অংশগ্ৰহণ কৰে। চৰকাৰৰ পক্ষত ৪৭টা, বিৰোধী ২৯টা ভোট। ৮১ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে জেএমএম মিত্ৰজোঁটৰ প্ৰয়োজন আছিল ৪১ জন বিধায়কৰ সমৰ্থন। নিৰ্বাচনত অধিক বিধায়কৰ সমৰ্থন পোৱা যায়। ফলত চম্পাই সোৰেন মুখ্যমন্ত্ৰী হিচাপে থাকি গ’ল।

৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত জয়ৰ যাদুকৰী সংখ্যা ৪১। সংখ্যাগৰিষ্ঠতাৰ বাবে ৪১ জন বিধায়কৰ সমর্থন প্রয়োজন৷ আস্থা ভোটত চম্পাই ছ’ৰেনৰ সপক্ষে ৪৭টা ভোট। বিধানসভাত আস্থা ভোটৰ বিপৰীতে ২৯টা ভোট। ঝাৰখণ্ড চৰকাৰৰ চালকৰ আসনত থাকি গ’ল প্ৰবীণ নেতা চম্পাই সোৰেন।

মায়ামৰা লোক সাংস্কৃতিক সাধক কিমন ফুকনৰ মৃত্যু…

ডিব্ৰুগড় জিলাৰ চাবুৱা নিকটৱৰ্তী চেতিয়া গাঁৱৰ নিবাসী, জনপ্ৰিয় সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত চৰকাৰী গাঁওবুঢ়া কিমন ফুকনৰ (৮২) ৪ ফ্ৰেব্ৰুৱাৰীত দিনৰ ১ বজাত আকস্মিকভাৱে হৃদয়ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয়। স্বাভাৱিকতে এই খবৰে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায় । জানিব পৰা মতে সুদীৰ্ঘ বছৰ ধৰি মায়ামৰা ধৰ্মীয় সমাজৰ মৃদংগীয়া গায়ন-বায়নৰ ওজা হিচাপে পৰিচিত প্রয়াত কিমন ফুকনে তিনিচুকীয়া জিলাৰ পানীতোলাত এখনি বৰসবাহত কীৰ্তন কৰি থকা অৱস্থাতে গা বেয়া লাগি ঢলি পৰে ।

ৰাইজে ততাতৈয়াকৈ অসুস্থ হৈ পৰা ব্যক্তিজনক চিকিৎসাৰ বাবে টাটা ৰেফাৰেল এণ্ড হস্পিটেললৈ লৈ যায় যদিও চিকিৎসকে ব্যক্তিজনক ইতিমধ্যে মৃত বুলি জ্ঞাত কৰে । উল্লেখ্য যে ১৯৪১ চনত জন্ম গ্ৰহণ কৰা প্ৰয়াত কিমন ফুকন প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া হিচাপে কৰ্তব্য পালন কৰাৰ লগতে স্থানীয় বহু কেইটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতে এগৰাকী মায়ামৰা ধৰ্মীয় সমাজৰ গায়ন-বায়নৰ ওজা হিচাপে অগনন যুৱকক প্ৰশিক্ষণ প্ৰদান কৰিছিল।

গাঁওবুঢ়া হিচাপে গাঁৱৰ ভকত সমাজত সংস্কাৰ আনি ভক্ত সমাজখনক আগুৱাই নিবলৈ সক্ষম হৈছিল। তেখেতৰ এই ব্যক্তিত্ব গুণৰ বাবে বহু অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে। এইগৰাকী সৰবৰহী সাংস্কৃতিক সাধকৰ মৃত্যত চেতিয়া গাঁও সূৰ্যোদয় সংঘ, চাবুৱা কাৰাটে একাডেমি, হাতীআলি এথলেটিকচ্ সন্থা, চাবুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদ, মটক সম্মিলন, চাবুৱা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে গাঁৱৰ যুৱ সমাজে শোক প্ৰকাশ কৰৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। অগনন গুণমুগ্ধসকলৰ উপস্থিতিত মায়ামৰা ধৰ্মীয় ৰীতি নীতিৰে এক শোকাকুল পৰিৱেশৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেখেতে পুত্ৰ, বোৱাৰী আৰু এটি নাতিক এৰি থৈ গৈছে ।

নিজতকৈ ২৩ বছৰ সৰু পত্নী শ্বুৰাৰ সৈতে কিদৰে ভেলেণ্টাইন ডে উদযাপন কৰিব আৰবাজ খানে…

পত্নী শ্বুৰাৰ সৈতে এখন ৰোমান্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰবাজ খানে। ‘ভেলেন্টাইন উইক’ ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ। কিন্তু ভেলেণ্টাইন উইকৰ উত্তেজনাত যেন ইতিমধ্যে আৰবাজ খান আৰু শ্বুৰা খান ডুব গৈছে। বিয়া হোৱাৰ পিছৰে পৰা দুয়োৰে দৃঢ় বন্ধন দেখুৱাই প্ৰায়ে কেমেৰাৰ সন্মুখত বন্দী কৰা হৈছিল। এতিয়া আৰবাজে ইনষ্টা ষ্ট’ৰীত পত্নী শ্বুৰাৰ সৈতে এখন ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত দম্পতীহালক মিল থকা কাপোৰ পিন্ধি থকা দেখা গৈছে।

শ্বুৰাৰ খান আৰু অৰবাজ খানৰ বিবাহৰ মাত্ৰ ডেৰ মাহ হ’ল। যোৱা কিছুদিনত এই দম্পতীক বলীউডৰ আটাইতকৈ ৰোমান্টিক দম্পতী হিচাপে কেমেৰাত বন্দী কৰা হৈছিল। কেতিয়াবা আৰবাজক দেখাৰ পিছত শ্বুৰাক লাজ অনুভৱ কৰা দেখা গৈছিল আৰু কেতিয়াবা আৰবাজে পত্নী শ্বুৰাৰ সৈতে লাজতে ৰঙা পৰা দেখা গৈছিল। এতিয়া প্ৰেমত পৰা এই দম্পতীৰ এখন ৰোমান্টিক ফটো ভাইৰেল হৈ পৰিছে।


এই ফটোখনত শ্বুৰা আৰু আৰবাজে কমলা ৰঙৰ মিল থকা টি-চাৰ্ট পিন্ধা দেখা গৈছে। আৰবাজে ইনষ্টাগ্ৰাম ষ্ট’ৰীত হাৰ্ট আইকনৰ সৈতে এই ৰোমান্টিক ফটোখন শ্বেয়াৰ কৰিছে। ইয়াৰ পূৰ্বে আৰবাজে শ্বুৰাৰ জন্মদিনত এটা দীঘলীয়া পোষ্টৰ সৈতে এখন ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছিল। আৰবাজ আৰু শ্বুৰাৰ বয়সৰ পাৰ্থক্য যথেষ্ট বেছি। শ্বুৰাৰ বয়স ৩৩ বছৰ আনহাতে আৰবাজৰ বয়স ৫৬ বছৰ। অৰ্থাৎ শ্বুৰা আৰবাজতকৈ ২৩ বছৰ সৰু। ইয়াৰ পিছতো দুয়োৰে বয়সৰ ব্যৱধান দেৱালত পৰিণত নহ’ল। যোৱা বছৰৰ ২৪ ডিচেম্বৰত অৰ্পিতা খানৰ ঘৰত দুয়োৰে বিয়া হৈছিল আৰু লগতে এটা সৰু পাৰ্টিৰো আয়োজন কৰিছিল। য’ত আহিছিল বলীউডৰ কিছুমান নিৰ্বাচিত তাৰকা।


হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেটৰ সামৰণি ! মহাৰাণা ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেন্টত ৰিভাৰ ৰাইন চেম্পিয়ন…

হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেটৰ সামৰণি ঃ মহাৰাণা ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেন্টত ৰিভাৰ ৰাইন চেম্পিয়ন

লতাশিল খেলপথাৰত সামৰণি পৰিল হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেন্টৰ । মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছিল এই ৪০ অ’ভাৰৰ টুৰ্ণামেন্টৰ । ৪ ফ্ৰেব্ৰুৱাৰী, দেওবাৰে ফাইনেলত জয়ী হৈ খিতাপ দখল কৰিলে ৰিভাৰ ৰাইন ক্লাবে । ২১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰথম বাৰলৈ আয়োজন কৰা এই প্ৰতিযোগিতাৰ ১৪ টা দলৰ ভিতৰত ফাইনেলত প্ৰৱেশ কৰে ৰিভাৰ ৰাইন আৰু ৰয়েল ক্ৰিকেট একাডেমীয়ে । ফাইনেলত ৰিভাৰ ৰাইন ক্লাবে ৰয়েল ক্ৰিকেট একাডেমীক ১০৬ ৰাণত পৰাস্ত কৰে । ৰিভাৰ ৰাইনে ৪০ অভাৰত ৭ উইকেটত কৰা ২৫৭ ৰাণৰ প্ৰত্যুত্তৰত ৰয়েলে ৩২.২ অভাৰত ১৫১ ৰাণতে ইনিংছ সামৰে । বিজয়ী দলৰ অঞ্চলত দাসে সৰ্বাধিক ৫৫ আৰু অধিনায়ক মৃন্ময় দাসে ৪২ ৰাণ কৰে ।

এই দলৰে বলাৰ ভাস্বত অধিকাৰীয়ে ৫ টা উইকেট দখল কৰে । চেম্পিয়ন দল ৰিভাৰ ৰাইনে ট্ৰফীসহ ৩০ হেজাৰ টকা আৰু ফাইনেলিষ্ট ৰয়েলে ট্ৰফীসহ ২০ হেজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে । ফিল্ডিঙত ৰয়েলৰ কুশল ঠাকুৰ, উইকেট কীপিঙত ৰিভাৰ ৰাইনৰ নিহাল বৈশ্য, বলিঙত ৰয়েলৰ অমন পাণ্ডে, বেটিঙত ৰিভাৰ ৰাইনৰ মৃন্ময় দাসক শ্ৰেষ্ঠ বঁটাৰে পুৰস্কৃত কৰা হয় । টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মহাৰাণাৰ অৰ্থব্য আখাড়ে । বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰিমল ভট্ৰ, শংকৰ দত্ত লহকৰ, মুকুট দাস, প্ৰণৱ শৰ্মা, জি এছ এৰ ক্ৰিকেট সম্পাদক নাছিৰ গুল খান ,

বঙাইগাঁওৰ আৰক্ষী অধীক্ষক ফকৰুল ইছলাম , চিকিৎসক এইছ বি মেধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি । প্ৰতিযোগিতাখনৰ সামৰণিত মহাৰাণা এথলেটিক ক্লাবৰ উপ সভাপতি তথা শ্বেইখ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী শ্বেইখ আলতাফ হুছেইনে এনে ধৰণৰ প্ৰতিযোগিতা প্ৰতি বছৰতে আয়োজন কৰা হ’ব বুলি মন্তব্য কৰিছে । মুখ্য অতিথি বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াই ১৪ বছৰ অনূৰ্ধ্ব খেলুৱৈসকলৰ ৪০ অ’ভাৰৰ এনে প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আয়োজকক ধন্যবাদ জনায় ।

গ্ৰেমী এৱাৰ্ড ২০২৪ৰ মঞ্চত উজলিল ভাৰতীয় বেণ্ড…

গ্ৰেমী এৱাৰ্ডৰ মঞ্চত উজলিল ভাৰতীয় বেণ্ড৷


ভাৰতীয় বেণ্ডলৈ শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম বঁটা৷


ভাৰতীয় বেণ্ড ‘শক্তি’ৰ এলবাম ‘দিছ মোমেণ্ট’লৈ এই বঁটা৷


এই বেণ্ডৰ সদস্য শংকৰ মহাদেৱন, ওস্তাদ জাকিৰ হুছেইন।