Home Blog Page 1057

দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হ’ব অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী! প্ৰসৱৰ তাৰিখ জানি লওক…

২০২৪ চনৰ এই মাহতে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে দ্বিতীয় সন্তানক আদৰি ল’ব। ২০২১ চনৰ জানুৱাৰী মাহত তেওঁলোকৰ প্ৰথম কন্যাৰ জন্ম হৈছিল। অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণৰ খবৰে দীৰ্ঘদিন ধৰি শিৰোনামত আছিল। এতিয়া বিৰাট কোহলীৰ প্ৰাক্তন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু সতীৰ্থ এ বি ডি ভিলিয়াৰ্ছে তেওঁৰ লাইভ ভিডিঅ’ত এই খবৰ নিশ্চিত কৰিছিল। তেওঁৰ সেই ভিডিঅ’টো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত অনুষ্কাক অভিনন্দন জনাইছিল। এতিয়া খবৰ আহিছে যে অনুষ্কা শৰ্মাই কেতিয়া দ্বিতীয় সন্তান জন্ম দিব আৰু ক’ত এই প্ৰসৱৰ পৰিকল্পনা কৰিছে দম্পতীহালে।

তথ্য অনুসৰি ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত অভিনেত্ৰীগৰাকীৰ দ্বিতীয় সন্তানৰ জন্ম হ’ব পাৰে। ২০২৩ চনৰ নৱেম্বৰ মাহত অনুষ্কাক বেবী বাম্পৰ সৈতে দেখা গৈছিল যদিও মানুহে ইয়াক উৰাবাতৰি বুলি অভিহিত কৰিছিল। ২২ জানুৱাৰীত ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত বিৰাট আৰু অনুষ্কাক একেলগে দেখা গৈছিল যেতিয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ বেবী বাম্প লুকুৱাই ৰাখিছিল। এই ভিত্তিত অনুষ্কাই ছেপ্টেম্বৰৰ ভিতৰত আন এটা সন্তান জন্ম দিব পাৰিব বুলি আশা কৰা হৈছে। অৱশ্যে বিৰাট-অনুষ্কাই গৰ্ভাৱস্থাৰ বিষয়ে বা ইয়াৰ সৈতে জড়িত কোনো কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। এতিয়া যদি আমি সন্তানৰ প্ৰসৱৰ কথা কওঁ, তেন্তে সংবাদ মাধ্যমত আৰু এটা কথা চলি আছে যে অনুষ্কাৰ প্ৰসৱ লণ্ডনত হ’ব পাৰে। অনুষ্কা-বিৰাটে সিদ্ধান্ত লৈছে যে প্ৰসৱৰ সময়ত তেওঁলোক লণ্ডনত থাকিব আৰু তাতেই সন্তান জন্ম হ’ব। খবৰ অনুসৰি ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্কাই লণ্ডনত দ্বিতীয় সন্তান জন্ম দিব। বৰ্তমান সময়ত যিকোনো কথা সঠিকভাৱে জানিবলৈ বিৰাট-অনুষ্কাৰ আনুষ্ঠানিক ঘোষণালৈ অপেক্ষা কৰা উচিত।

‘মোৰ বিৰুদ্ধে কেলেংকাৰী প্ৰমাণিত হ’লে মই ৰাজনীতি এৰিম, কেৱল অৱসৰ লোৱাই নহয় ঝাৰখণ্ড এৰিম’-হেমন্ত ছ’ৰেন…

ইডিৰ জিম্মাত বিধানসভাত উপস্থিত হ’ল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। এই সময়ত তেওঁ ভাষণত বিজেপিক তীব্ৰ লক্ষ্য কৰি লয়। হেমন্ত সোৰেনে কৈছিল যে মই চকুলো নুতুকো। সময়ৰ বাবে চকুপানী জমা কৰিম। মোৰ বিৰুদ্ধে কেলেংকাৰী প্ৰমাণিত হ’লে মই ৰাজনীতি এৰিম, কেৱল অৱসৰ লোৱাই নহয় ঝাৰখণ্ড এৰি যাম। মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনৰ ফ্ল’ৰ টেষ্টত অংশগ্ৰহণ কৰিবলৈ ইডি জিম্মাত বিধানসভাত উপস্থিত হ’ল হেমন্ত ছ’ৰেনে। ভূমি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। ইয়াৰ পিছত চম্পাই সোৰেন বিহাৰৰ মুখ্যমন্ত্ৰী হয়।

হেমন্ত ছ’ৰেনে আৰু কয়, “যদি কোনোবাই মোৰ আত্মসন্মানৰ ওপৰত বেয়া চকু ৰাখে, তেন্তে মই এটা উপযুক্ত উত্তৰ দিম।”

নেমুৰ টেঙাৰ সোৱাদে শৰীৰক আৰাম দিয়ে! নেমুৰ অনন্য উপকাৰিতাৰ বিষয়ে জানক…

পাকঘৰত নেমু কেৱল সোৱাদ বৃদ্ধি কৰা ফলে নহয়, স্বাস্থ্যৰ সম্পদও। ইয়াৰ টেঙা সোৱাদে খাদ্যখিনি সুস্বাদু কৰি তোলে আৰু লগতে শৰীৰত বহুতো পুষ্টিকৰ উপাদান যোগান ধৰে। ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ নেমু খোৱাৰ বহুতো স্বাস্থ্য উপকাৰ আছে। নেমুৱে প্ৰাকৃতিকভাৱে শৰীৰক পুষ্টি আৰু সুৰক্ষা প্ৰদান কৰে। দৈনিক খাদ্য তালিকাত নেমু অন্তৰ্ভুক্ত কৰি স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। আহক, আজি নেমুৰ কিছুমান বিশেষ গুণৰ বিষয়ে জানো-


নেমুত থকা ভিটামিন চিয়ে শ্বেত ৰক্তকণিকা উৎপাদনত সহায় কৰে, যিয়ে শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। চৰ্দি আৰু কাহৰ দৰে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে নিয়মিতভাৱে নেমু আৰু মৌ মিহলি কুহুমীয়া পানী খোৱাটো উপকাৰী।

নেমুৰ ৰসে পাচন এনজাইমৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত খাদ্য সহজে হজম হয়। পেট ফুলা আৰু বদহজমৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়াতো নেমুৰ পানী ফলপ্ৰসূ।

নেমুৰ পানীয়ে শৰীৰক জলসিঞ্চিত কৰি ৰাখে, যিয়ে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৰাতিপুৱা খালী পেটত নেমু আৰু মৌৰ লগত মিহলি কুহুমীয়া পানী খালে ওজন কমাব পৰা প্ৰক্ৰিয়া ক্ষিপ্ৰ হয়।

নেমুত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট ছালখনক ডেকা কৰি ৰাখে আৰু বলিৰেখা কমায়। নেমুৰ ৰসত অলপ মৌ মিহলাই মুখত লগালে ছালৰ উন্নতি হয়।

নেমুৰ ৰসে চুলিৰ শিপা মজবুত কৰি শুকানতা দূৰ কৰাত সহায় কৰে। উফিৰ সমস্যা দূৰ কৰাত নেমুৰ ৰসও ফলপ্ৰসূ।

নেমুৰ ৰসত এন্টিচেপ্টিক গুণ থাকে, যিয়ে ঘাঁ সোনকালে ভাল হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ঘাঁটোক সংক্ৰমণৰ পৰাও ৰক্ষা কৰে। ইয়াৰ উপৰিও ৰাতিপুৱা খালী পেটত নেমু আৰু পদিনা মিহলি কুহুমীয়া পানী খালে মুখৰ দুৰ্গন্ধ দূৰ হয়।


কেৰিয়াৰকেন্দ্ৰিক উৎসুকতা-সজাগতা আৰু সুবিশাল কৰ্মক্ষেত্ৰ…

কেৰিয়াৰকেন্দ্ৰিক উৎসুকতা-সজাগতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। সাম্প্ৰতিক সময়ত কেৱল অসম বা ভাৰততেই নহয়, সমগ্র বিশ্বতে চর্চিত এটা বিশেষ বিষয় হৈছে কর্মসংস্থাপন। বিশেষকৈ বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰতবৰ্ষত উপযুক্ত কর্মসংস্থাপনৰ বিষয়টোৱে প্রায় সকলো সময়তে সর্বাধিক চর্চা লাভ কৰে। অসমৰ ক্ষেত্ৰতো প্রায় একেখিনি কথাই ক’ব পাৰি। অর্থাৎ, আমাৰ দেশ ভাৰতবর্ষ অথবা ৰাজ্য অসমত নিবনুৱা যুৱক-যুৱতীৰ উপযুক্ত তথা মর্যাদাসূচক কর্মসংস্থাপনৰ বিষয়টোৱে সমাজ জীৱনক বিশেষভাৱে প্রভাৱিত কৰি আহিছে। আনকি নিবনুৱা যুৱক-যুৱতীৰ উপযুক্ত কর্মসংস্থাপনৰ অভাৱত দেশ তথা ৰাজ্যখনে সময়ে সময়ে একাধিক প্রবল আর্থ-সামাজিক-ৰাজনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ আমাৰ ৰাজ্য অসমৰ ক্ষেত্ৰত এই বিষয়টো অতি প্রাসংগিক হিচাপে চিহ্নিত হৈছে। উপযুক্ত অর্হতাসম্পন্ন নিবনুৱা যুৱক-যুবতীসকল নির্দিষ্ট সময়ত কর্মসংস্থাপিত নহ’লে ৰাজ্যখনে কি ভয়াৱহ-অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়, সেয়া বিগত চাৰি-পাঁচটা দশকৰ অসমৰ মানচিত্রখনত এবাৰ ভালকৈ চকু ফুৰাই চালে পৰিষ্কাৰ হৈ পৰে। উঠি অহা প্রজন্ম জাতিৰ মেৰুদণ্ডস্বৰূপ।

এখন ৰাজ্য অর্থনৈতিক-সামাজিক-সাংস্কৃতিক-ক্রীড়া তথা ৰাজনৈতিক ইত্যাদি ক্ষেত্রত সুস্থ, ইতিবাচক আৰু প্ৰগতিৰ দিশত আগুৱাই যাবলৈ হ’লে যুৱক-যুৱতীসকল উপযুক্ত সময়ত সংস্থাপিত হ’বই লাগিব। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ প্ৰগতিৰ গতি স্তব্ধ হোৱাটো নিতান্তই স্বাভাৱিক। প্রগতি স্তব্ধ মানেই শান্তিৰ বাটো বন্ধ। সেইবাবে শান্তি আৰু প্রগতি এটা মুদ্রাৰ ইপিঠি-সিপিঠিৰ দৰে। উপযুক্ত অর্হতাসম্পন্ন নিবনুৱা যুৱক-যুৱতীৰ মর্যাদাসম্পন্ন কর্মসংস্থাপনৰ বিষয়টো উচ্চাৰিত হ’লেই সৌ সিদিনালৈকে বিশেষকৈ অসমত চৰকাৰী চাকৰিৰ বিষয়টোৱে সবাতোকৈ অধিক চর্চা লাভ কৰিছিল। অর্থাৎ নিবনুৱা যুৱক-যুৱতীৰ কর্মসংস্থাপন মানেই চৰকাৰী চাকৰিত নিযুক্তি। কিন্তু অপ্রিয় হ’লেও সত্য যে কেন্দ্রীয় অথবা ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্রণালয়-বিভাগৰ অধীনত বছৰি মাত্র নির্দিষ্টসংখ্যক পদত নিযুক্তিৰেই নিবনুৱা সমস্যাৰ কেতিয়াও বাস্তৱসন্মতভাৱে সমাধান সম্ভৱ নহয়। সমগ্র দেশৰ কথা বাদ দিলেও অসমৰ দৰে ৰাজ্যখনত প্রতি বছৰে লক্ষাধিক হাৰত কাৰিকৰী- অকাৰিকৰী শিক্ষাগত অর্হতা থকা দক্ষতাসম্পন্ন (skilled) যুৱক-যুৱতী সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হৈ ওলাই আহে। অর্থাৎ তেওঁলোক এক কথাত নিবনুৱা। এইক্ষেত্রত বিশেষ বা উপযুক্ত শিক্ষাগত অর্হতা নথকা বা বিশেষ কামত পাৰদর্শী নোহোৱা (unskilled) যুৱক-যুৱতীৰ পৰিসংখ্যাটোও বিচাৰ্যৰ বিষয়। অর্থাৎ দক্ষতাসম্পন্ন (skilled) আৰু দক্ষতাবিহীন (unskilled) নিবনুৱাৰে ভৰি থকা অসমৰ দৰে ৰাজ্যখনৰ এই ভয়াৱহ সমস্যাটোৰ গঠনমূলক আৰু বাস্তৱসন্মত সমাধান কিদৰে সম্ভৱ সেয়া নিঃসন্দেহে গভীৰ বিশ্লেষণৰ বিষয়। প্রসংগক্রমে উনুকিয়াব পাৰি যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বিশেষকৈ কংগ্রেছৰ অপশাসনত অসম লোকসেৱা আয়োগকে ধৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত চাকৰিৰ এখন মুকলি বজাৰ বহিছিল। চাকৰিৰ এই মুকলি বজাৰখনত কেৱল ধনী শ্রেণী আৰু প্রভাৱশালী পৰিয়ালৰ সন্তানেহে নিযুক্তি লাভ কৰাটো সম্ভৱ হৈছিল। এই ক্ষেত্রত মেধা বা যোগ্যতা হৈ পৰিছিল সম্পূর্ণ গৌণ। পৰম সৌভাগ্যৰ কথা এয়ে যে প্রায় তিনি বছৰ পূর্বে ৰাজ্যৰ শাসনলৈ অহা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁট চৰকাৰখনে সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে এক লাখ চৰকাৰী নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল। এতিয়া সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যে দেশৰ অন্যতম গতিশীল, দক্ষ, ভৱিষ্যদ্রষ্টা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কার্যকালত প্রায় এক লাখ নিবনুৱা যুৱক-যুৱতীয়ে অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগত একমাত্র মেধা আৰু উপযুক্ত যোগ্যতাৰ বলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত চাকৰি লাভ কৰা হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী যুৱক-যুৱতীসকলেই উপযুক্ত প্রমাণ।


পূর্বে উল্লেখ কৰা হৈছে যে কেৱল চৰকাৰী চাকৰিৰ কৰ্মসংস্থাপনৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ কেতিয়াও বাস্তৱসম্মতভাৱে সমাধান কৰাটো সম্ভৱ নহয়। এই ক্ষেত্রত নিবনুৱা যুৱক-যুৱতীৰ উপযুক্ত কর্মসংস্থাপনৰ অন্যতম বিশাল ক্ষেত্রখনেই হৈছে ব্যক্তিগত খণ্ড। কিন্তু এইক্ষেত্রত স্বাভাৱিকতে প্রশ্ন উত্থাপিত হ’ব যে অসম তথা দেশ-বিদেশৰ কোনটো ব্যক্তিগত খণ্ডৰ কোনটো পর্যায়ৰ পদত অসমৰ যুৱক-যুবতীসকলে নিযুক্তি লাভ কৰিব? তদুপৰি এই নিযুক্তি লাভৰ প্রক্রিয়া কেনে ধৰণৰ? অর্থাৎ কোনটো পর্যায়েৰে গৈ কি ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা অথবা সাক্ষাৎকাৰৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহত আমাৰ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলে কর্মসংস্থাপন লাভ কৰিব পাৰিব? একেদৰে লোকসেৱা আয়োগকে ধৰি কেন্দ্রীয় অথবা ৰাজ্য চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰতো কিদৰে নিজকে উপযুক্তভাৱে যোগ্য কৰি নিশ্চিতভাৱে সংস্থাপনৰ বাট মুকলি কৰি ল’ব পাৰি? এনেবোৰ দিশ সাম্প্রতিক সময়ত সবাতোকৈ গুৰুত্বপূর্ণ বিষয়। অর্থাৎ চৰকাৰী অথবা বেচৰকাৰী যিকোনো কর্মক্ষেত্ৰত নিজৰ দক্ষতা অনুসৰি সংস্থাপিত হ’বলৈ হ’লে ছাত্র জীৱনৰ পৰাই এক নির্দিষ্ট পদ্ধতিৰ মাজেৰে আগুৱাই যাব লাগিব। বিষয়বাছনি, পাঠ্যক্রম, নির্দিষ্ট প্রতিষ্ঠান, অধ্যয়নৰ খৰচ, নিয়োগৰ সম্ভাৱনীয়তা ইত্যাদি হৈছে ইয়াৰ বিভিন্ন শাখা-প্রশাখাস্বৰূপ। কার্যতঃ এই দিশবোৰকে সামৰি সৃষ্টি হৈছে শিক্ষার্থীৰ কেৰিয়াৰকেন্দ্রিক প্রক্রিয়া। আজিৰ দিনত এই দিশত শিক্ষার্থীয়ে শৈক্ষিক জীৱনৰ নির্দিষ্ট সময়ৰ পৰা সচেতনভাৱে আগুৱাই নগ’লে এটা সময়ত নিজৰ লগতে সমাজৰ বাবেও ক’ব নোৱৰা বোজাস্বৰূপ হৈ পৰে। এনেবোৰ দিশ গুৰুত্বসহকাৰে বিচাৰ-বিবেচনা কৰি আমাৰ অধীনত থকা অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকৰ সৌজন্যত যোৱা ২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নেডফী হাউছত এখন মেগা কেৰিয়াৰ কাউন্সিলিং প্রগ্রেম তথা কেৰিয়াৰ মেলা অনুষ্ঠিত কৰা হৈছিল। আৰম্ভণিতে এই কথা স্পষ্ট কৰি দিয়া ভাল যে এয়া আছিল কেৱল কেৰিয়াৰ ফেয়াৰহে, নিয়োগ মেলা নহয়। অর্থাৎ এই কেৰিয়াৰ ফেয়াৰলৈ আহিলে ছাত্র-ছাত্রী বা নিবনুৱা যুৱক-যুৱতীসকলে হাততে চাকৰিৰ নিযুক্তিপত্র লাভ নকৰে, ইয়াৰ সলনি ছাত্র-ছাত্রীক কেৰিয়াৰ সম্পৰ্কীয় অসম তথা দেশ-বিদেশৰ বিভিন্ন প্রতিষ্ঠানৰ উপযুক্ত তথা প্রকৃত তথ্য প্রদান কৰা হয়, যাৰ জৰিয়তে অনাগত দিনত সংশ্লিষ্ট ছাত্র-ছাত্রীয়ে এখন উপযুক্ত কর্মক্ষেত্ৰৰ বাবে নিজকে গঢ়ি তুলিব পাৰিব। তদুপৰি এই কেৰিয়াৰ মেলাৰ অন্যতম প্রাথমিক উদ্দেশ্য আছিল দেশৰ আগশাৰীৰ কাউন্সেলাৰৰ দ্বাৰা কাউন্সিলিং আৰু প্রেৰণাদায়ক বক্তব্য প্রদান। যাৰ জৰিয়তে ছাত্র-ছাত্রীসকল সংশ্লিষ্ট কেৰিয়াৰৰ প্ৰতি উদ্বুদ্ধ হ’ব পাৰে। নৱমৰ পৰা দ্বাদশ আৰু স্নাতক পৰ্যায়ৰ ছাত্র-ছাত্রীক সাঙুৰি লোৱা হৈছিল এই কেৰিয়াৰ মেলাত। ইয়াৰ জৰিয়তে সম্ভাৱ্য জীৱিকা আৰু সংস্থাপনৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছিল। একেদৰে বিদ্যালয় পর্যায়ৰ পৰা ছাত্র-ছাত্রীয়ে সঠিক সময়ত সঠিক কেৰিয়াৰ বাছনি কৰাত সহায় কৰাৰ উপৰি ছাত্র-ছাত্রীয়ে আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ পৰিকল্পনা আৰু কৌশল প্রস্তুত কৰাত সহায় কৰাৰ দিশটোও এই কেৰিয়াৰ মেলাত আছিল আন এক গুৰুত্বপূর্ণ দিশ। একেদৰে স্ব-নির্ভৰশীল, ব্যৱসায় আৰু উদ্যমিতা আদিৰ ক্ষেত্ৰত উপলব্ধ সুযোগ-সুবিধা আৰু তথ্যৰ সৈতে পৰিচয় কৰি দিয়াৰ প্রয়াসো আছিল এই কেৰিয়াৰ মেলাৰ আন এক বিশেষ বৈশিষ্ট্য। সৌভাগ্যৰ বিষয় এয়ে যে যোৱা ২ ফেব্ৰুৱাৰীত নেডফী হাউছত অনুষ্ঠিত কেৰিয়াৰ মেলাত দেশৰ সৰ্বমুঠ ৩১টা প্রতিষ্ঠিত প্রতিষ্ঠানে যোগদান কৰিছিল। কেৰিয়াৰ মেলালৈ অহা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ কেইবা সহস্রাধিক ভিন্ন পর্যায়ৰ ছাত্র-ছাত্রীয়ে সংশ্লিষ্ট প্রতিষ্ঠানসমূহে সময়ৰ সৈতে সংগতি ৰাখি প্রদান কৰা বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে অৱগত হৈছিল। একেদৰে সংশ্লিষ্ট প্রতিষ্ঠানসমূহত উপলব্ধ নতুন নতুন তথা অপৰম্পৰাগত পাঠ্যক্রমৰ বিষয়েও অংশগ্রহণকাৰী ছাত্র-ছাত্রীসকলে তথ্য আহৰণ কৰিবলৈ সুবিধা পাইছিল। এই কেৰিয়াৰ মেলাত অংশগ্রহণ কৰা ৩১টা প্রধান প্রতিষ্ঠান হৈছে- নেচনেল ইনষ্টিটিউট অব ডিজাইন, যোৰহাট; ডিবিএইচআৰজিএফটিআই, কামৰূপ, ফুডক্রাফট ইনষ্টিটিউট, নগাঁও, ছিপেট, কামৰূপ, লাভলী প্রফেচনেল ইউনিভাৰ্ছিটী, পাঞ্জাব; ইনষ্টিটিউট অব হোটেল মেনেজমেণ্ট, গুৱাহাটী, টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্স, জালুকবাৰী; নৰ্থ ইষ্ট স্কীল চেণ্টাৰ, গুৱাহাটী; লক্ষ্মীবাই ইনষ্টিটিউট অব ফিজিকেল এডুকেচন, সোণাপুৰ, আছাম স্টার্টআপ; আই টি আই, অসম; আই আই ই, গুৱাহাটী; চণ্ডিগড় ইউনিভাৰ্ছিটী; ৰবীন্দ্র নাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভূপাল; ডনবস্ক’ ইউনিভাৰ্ছিটী, গুৱাহাটী; আছাম ইঞ্জিনীয়াৰিং ইনষ্টিটিউট, গুৱাহাটী; নেচনেল ইনষ্টিটিউট অব ফেচন টেকন’লজি, শ্বিলং, ইণ্ডিয়ান ইনষ্টিটিউট অব হেণ্ডলুম টেকন ‘লজি, গুৱাহাটী; শ্রীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটী অব হেল্থ ছায়েন্স, গুৱাহাটী; চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়, জালুকবাৰী; মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়; এনৰিছ মাই কেৰিয়াৰ, বাংগালুৰু শিৱ নাদৰ বিশ্ববিদ্যালয়, উত্তৰ প্রদেশ; দ্য জর্জ টেলিগ্রাফ ট্রেইনিং ইনষ্টিটিউট, গুৱাহাটী; চেণ্টাৰ ফৰ এলএমএনটি ৰিচাৰ্ছ এণ্ড ট্রেইনিং, মহাৰাষ্ট্র, এনআইইএলআইটি, গুৱাহাটী; কম্প’জিত ৰিজিঅ’নেল চেণ্টাৰ, ভাঙাগড়; অসম অভিযান্ত্রিক মহাবিদ্যালয়, জালুকবাৰী; কে কে সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়; মডেল কেৰিয়াৰ চেণ্টাৰ, গুৱাহাটী।


গুৰুত্বপূর্ণ বিষয় এয়ে যে সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ অমৃত কালত ৰাষ্ট্ৰখনক বিশ্বগুৰু বনাবলৈ আমাৰ দেশৰ সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে আত্মনির্ভৰ ভাৰতবৰ্ষ গঢ়াৰ সংকল্প দোহাৰিছে। অর্থাৎ নিজৰ ভৰিৰ ওপৰত থিয় দি উপযুক্তভাৱে আৰু মর্যাদাসম্পন্ন ৰূপত নিজকে ভাৰতৰাষ্ট্রৰ এগৰাকী উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোডী ডাঙৰীয়াই। কার্যতঃ আত্মনিৰ্ভৰ ভাৰতবৰ্ষ গঢ়াৰ এক বাস্তৱিক পদক্ষেপৰ অংশ হিচাপে আয়োজন কৰা হৈছিল এই কেৰিয়াৰ মেলা। য’ত ২০০খনতকৈয়ো অধিক শিক্ষানুষ্ঠানৰ ৩০০০০ তকৈ অধিক ছাত্র-ছাত্রীয়ে অনলাইন-ভার্চুৱেলী তথা প্রত্যক্ষভাৱে অংশগ্রহণ কৰিছিল। ইয়াৰ সহায়ত শিক্ষার্থীসকলে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ তথাকথিত ‘ৰেডিমেড’ চাকৰিৰ অবিহনে নিজকে স্বাৱলম্বী কৰি তুলিব পৰা কেৰিয়াৰ সম্পৰ্কীয় তথ্য লাভ কৰিছিল। অর্থাৎ এয়া আছিল কেৰিয়াৰ সম্পৰ্কীয় শিক্ষাৰ্থীৰ তথ্য লাভৰ এখন উপযুক্ত কেৰিয়াৰ ফেয়াৰ। ই জবমেলা বা নিযুক্তি মেলা নহয়। উক্ত দিনা শিক্ষার্থীসকলৰ মনত কেৰিয়াৰ সম্পৰ্কীয় উৎসুকতা জগাই তোলাৰ বাবে আমন্ত্ৰণ কৰা হৈছিল দেশ তথা বিশ্বৰ এগৰাকী প্রসিদ্ধ কেৰিয়াৰ পৰামর্শদাতা তথা এনৰিছ মাই কেৰিয়াৰৰ প্ৰতিষ্ঠাপক-মুখ্য কার্যবাহী বিষয়া শ্রীনিশান্ত ছাৰাউগীক। সেইদিনা বিশ্বৰ অন্যতম খ্যাতিমান কেৰিয়াৰ পৰামৰ্শদাতা শ্রীনিশান্ত ছাৰাউগীৰ তথ্যসমৃদ্ধ বক্তব্য উপস্থাপনে হাজাৰ হাজাৰ শিক্ষার্থীক কেৰিয়াৰ সম্পৰ্কীয় পাঠ্যক্ৰমৰ প্ৰতি উদ্বুদ্ধ কৰিব পৰাটো আছিল স্বাভাৱিকতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মেগা কেৰিয়াৰ কাউন্সেলিং প্রগ্রাম তথা কেৰিয়াৰ মেলাৰ অন্যতম সাফল্য। কিন্তু এই কথা পুনৰবাৰ দোহাৰিব খুজিছোঁ যে মই এই বিভাগটোৰ দায়িত্ব লোৱাৰ পাছত বিগত সময়ছোৱাত নিয়োগ তথা কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্রহণ কৰা হৈছে। এই ক্ষেত্রত আশানুৰূপ সফলতাও লাভ কৰা হৈছে। বিভাগটোৱে গ্রহণ কৰা এলানি ইতিবাচক কর্মসূচীৰ ভিতৰত নিঃসন্দেহে যোৱা ২ ফেব্ৰুৱাৰীৰ কেৰিয়াৰ মেলাখনো অন্যতম। অৱশ্যে আমি এই কথা পাহৰিলে নহ’ব যে চৰকাৰী বিভাগ বা সঞ্চালকালয় এটাই ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এটা নির্দিষ্ট পৰিসীমালৈহে বাট দেখুৱাই দিব পাৰিব। ইয়াৰ প্ৰধান গুৰিবঠা ধৰি ভবিষ্যতৰ বাটত আগুৱাই যাব লাগিব স্বয়ং শিক্ষার্থীসকল। সেইবাবে এই লেখাৰ আৰম্ভণিতে প্ৰাসংগিকভাৱে মনলৈ আহিছিল ‘মিছাইলমেন’ হিচাপে প্রখ্যাত, বিশ্বৰ অন্যতম প্রসিদ্ধ বিজ্ঞানী, আমাৰ ভাৰতবৰ্ষৰ ভূতপূৰ্ব ৰাষ্ট্রপতি এ পি জে আব্দুল কালামৰ এষাৰ সাৰগৰ্ভ কথা- আমি যদি সূৰ্যৰ দৰে জিলিকিব খোজোঁ তেন্তে প্রথমতে সূর্যৰ দৰে পুৰিবও লাগিব। অর্থাৎ আমি আমাৰ অধ্যৱসায়, কর্মসহিষ্ণুতা আৰু ত্যাগেৰেহে নিজৰ জীৱনত উজলি উঠিব পাৰিম। স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ নির্দিষ্ট পাঠ্যক্রম সমাপ্ত কৰি তথা ছাত্র জীৱনত বিশেষ পৰিকল্পনা অবিহনে শিক্ষা জীবন সম্পূর্ণ কৰি অৱশেষত নিবনুৱা বুলি হা-হুমুনিয়াহ কাঢ়িলেই সমস্যাৰ সমাধান নহয়। সেইবাবে আজিৰ প্ৰতিযোগিতামূলক সমাজখনত নিজকে খাপ খুৱাই ল’বলৈ ছাত্র জীৱনৰ নির্দিষ্ট বয়সৰ পৰাই কেৰিয়াৰ সম্পর্কীয় দিশত অধিক মনোযোগ দিব লাগিব। এয়াই হৈছে সময়ৰ আহ্বান।

উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন ধামী কেবিনেটৰ ! ৬ ফেব্ৰুৱাৰীত বিধানসভাত কৰা হ’ব বিধেয়ক উত্থাপন…

উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন ধামী কেবিনেটৰ, ৬ ফেব্ৰুৱাৰীত বিধানসভাত কৰা হ’ব বিধেয়ক উত্থাপন

ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা দেশৰ প্ৰথম খন ৰাজ্য হ’বলৈ গৈ আছে উত্তৰাখণ্ড। ৰাজ্য খনৰ পুষ্কৰ সিং ধামী কেবিনেটে দেওবাৰে সন্ধিয়া এখন বৈঠকৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন জনায় । ধামী কেবিনেটে খচৰাখন অনুমোদন জনোৱাৰ পিছত ইয়াক এখন বিধেয়কৰ ৰূপত বিধানসভাত উত্থাপন কৰা হ’ব। বাতৰি অনুসৰি, আজি সন্ধিয়া মুখ্যমন্ত্ৰী ধামীৰ বাসগৃহত কেবিনেট বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ইউচিচি খচৰা সমিতিয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত খচৰা দাখিল কৰিছিল।চৰকাৰে৬ ফেব্ৰুৱাৰীত বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰিব। । ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ বাবে সুসংগত নাগৰিক নিশ্চিত স্থাপন কৰা।

ইউনিফৰ্ম চিভিল কোডৰ খচৰা প্ৰস্তুত কৰিবলৈ নিযুক্ত কমিটীয়ে শুকুৰবাৰে ডেৰাডুনত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক খচৰা দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত পেনেলে মুখ্য সেৱক সদনত আয়োজিত এক কাৰ্যসূচীত ধামীলৈ ইউচিচিৰ খচৰা দাখিল কৰে। খচৰা দাখিল কৰাৰ পূৰ্বে ধামীৰ চৰকাৰী বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়।

৫-৮ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ড বিধানসভাৰ বিশেষ চাৰিদিনীয়া অধিৱেশন অনুষ্ঠিত কৰি ইউ চি চি সন্দৰ্ভত আইন প্ৰণয়ন কৰিব। ইউচিচিৰ খচৰা লাভ কৰাৰ পিছত শনিবাৰে কেবিনেট বৈঠকত অনুমোদন দিব ৰাজ্য চৰকাৰে। ৬ ফেব্ৰুৱাৰীত সদনত বিধেয়কৰ ৰূপত এই খচৰা উত্থাপন হোৱাৰ সম্ভাৱনা আছে। যদি ইউ চি চি কাৰ্যকৰী হয় তেন্তে উত্তৰাখণ্ড স্বাধীনতাৰ পিছত দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব যিয়ে ইউনিফৰ্ম চিভিল কোড গ্ৰহণ কৰিব।


ইউনিফৰ্ম চিভিল কোডৰ প্ৰসংগত ধামীয়ে কয় , ” ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ উদ্দেশ্যে খচৰা প্ৰস্তুত কৰিবলৈ গঠন কৰা কমিটীয়ে আজি পুৱা ১১ বজাত ডেৰাডুনত খচৰা দাখিল কৰিব। পৰ্যালোচনাৰ অন্তত আমি আগন্তুক সময়ত বিধানসভা অধিৱেশনত এখন বিধেয়ক আনি ৰাজ্যত ইউ চি চি কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়ি যাম।”
উল্লেখ্য ২০২২ চনৰ মে’ মাহত ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ ন্যায়াধীশ দেশাইৰ নেতৃত্বত পাঁচজনীয়া সমিতি গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজ কৰ্মী মনু গৌৰ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘন সিং আৰু দুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা ডাংৱাল ইউনিফৰ্ম চিভিল কোডৰ খচৰা কমিটিত আছিল।

নিউ জাৰ্চীয়ে ফিফা বিশ্বকাপৰ ফাইনেল ২০২৬ আয়োজন কৰিবলৈ সাজু…

ফিফা বিশ্বকাপ ২০২৬ৰ সূচী ঘোষণা।

২০২৬ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবল।

মেক্সিকোৰ আজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।

নিউ জাৰ্ছীত ১৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল।

আটলাণ্টা আৰু ডালাছত হ’ব ছেমি-ফাইনেল।

লছ এঞ্জেলছ, বষ্টন, মিয়ামী আৰু কা-চিটিত হ’ব কোৱাৰ্টাৰ ফাইনেল।

কানাডা, মেক্সিকো, আমেৰিকাত অনুষ্ঠিত হ’ব ‘২৬ৰ বিশ্বকাপ ফুটবল।

১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ১০৪খন মেচ।

বিমানৰ ভিতৰত প্ৰকৃততে কি ঘটে ! বৰ্ণনা কৰিলে বিমান পৰিচালকে…

বিশ্বত প্ৰতি দিনেই লাখৰ ঘৰত বিমান চলাচল হৈ আছে। প্ৰতিদিনে বিমানৰ ভিতৰত বহু কথাই ঘটে। তেনেবোৰ ঘটনাৰ সাক্ষী হৈ ৰয় বিমান পৰিচালক-পৰিচালিকাসকল। শেহতীয়াকৈ এজন বিমান সেৱকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মুখ্য এয়াৰলাইনৰ তেওঁৰ কেৰিয়াৰত ২৫ বছৰ ধৰি কৰা চাকৰি কালৰ অভিজ্ঞতা ৰাজহুৱা কৰিছে। বিমানত ঘটা কিছুমান “ঘৃণনীয়” কথা প্ৰকাশ কৰাৰ পিছত ইণ্টাৰনেটত তেওঁৰ কথাবোৰ ভাইৰেল হৈ পৰিছে।

নাম প্ৰকাশ নকৰা কৰ্মীগৰাকীয়ে কৈছে যে বিমানত তেওঁ উদ্ধাৰ কৰা সামগ্ৰীবোৰৰ ভিতৰত ব্যৱহাৰ কৰা কণ্ডোম, পেলাই দিয়া আণ্ডাৰৱেৰ (পুৰুষ আৰু মহিলা) আদিও আছিল। তেনে সামগ্ৰী প্ৰায়ে তেওঁ বিমানৰ ভিতৰত উদ্ধাৰ কৰাৰ কথাই বিমানত কি ঘটে সেই কথা উন্মোচন কৰিছে বুলি বহুতে মন্তব্য কৰিছে। তেনে সামগ্ৰী দেখি বহু যাত্ৰীয়ে লাজতে মুখ ঢাকিছিল।

বিমান সেৱকেগৰাকীয়ে লগতে কৈছে যে তেওঁ প্ৰতি সপ্তাহত শৌচাগাৰত ধূমপান কৰিবলৈ চেষ্টা কৰা লোকসকলক ধৰে পেলাইছিল। তেওঁ প্ৰতি ছমাহত সমস্যাৰ সৃষ্টি কৰা সুৰাপায়ী যাত্ৰীৰ মুখামুখী হ’বলগীয়া হৈছিল। তেওঁ কয় যে লাছ ভেগাছত বহু মাতাল লোকে বিমানত উঠিবলৈ চেষ্টা কৰে। বিমাীন সেৱকৰ চাকৰিৰ প্ৰত্যাহ্বানবোৰৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় “আপোনাৰ পত্নীৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব লাগিব। আপুনি অনুষ্ঠান, বন্ধৰ দিন আদি হেৰুৱাব লাগিব। যদি পৰিয়ালত সৰু ল’ৰা-ছোৱালী থাকে তেন্তে অলপ বেছিয়েই কষ্ট হয়” ।

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা ! ১৫৩-এ আৰু অন্যান্য ধাৰাৰ অধীনত এজাহাৰ দাখিল…

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা, এজাহাৰ দাখিল

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা। চ’চিয়েল মিডিয়াত ৰাম মন্দিৰকলৈ বিতৰ্কিত পোষ্ট কৰি বিপদত পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ জীয়ৰী সুৰন্যা আয়াৰ। সুৰন্যা আয়াৰৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছে।উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু বিজেপি নেতা অজয় আগৰৱালাই দিল্লীৰ চাইবাৰ অপৰাধ আৰক্ষী চকীত সুৰন্যা আয়াৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁ অভিযোগ কৰে যে ২০ জানুৱাৰীত সুৰন্যাই ৰাম মন্দিৰ উদ্বোধনৰ বিষয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত “আপত্তিজনক মন্তব্য” কৰিছিল।

২০ জানুৱাৰীৰ লগতে আন দিনবোৰত তেওঁ ফেচবুক, ইউটিউব আৰু অন্যান্য ছ’চিয়েল মিডিয়াত অত্যন্ত আপত্তিজনক পোষ্ট কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩-এ আৰু অন্যান্য ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অধিবক্তাগৰাকীয়ে দাবী কৰিছে যে সুৰন্যা আয়াৰৰ ৩৬ মিনিটৰ ভিডিঅ’টোত কেইবাটাও আপত্তিজনক প্ৰসংগ আছে।২০ জানুৱাৰীত সুৰন্যাই ছ’চিয়েল মিডিয়াত এইবুলি পোষ্ট কৰিছিল, “ৰাম মন্দিৰৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মই আজি উপবাস কৰিম।

এই উপবাস কেৱল মুছলমান ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাৰ বাবে”। বিজেপিৰ নেতাগৰাকীয়ে প্ৰশ্ন কৰিছে- ৰাম মন্দিৰটো ৫০০ বছৰৰ পিছত নিৰ্মাণ কৰা হৈছে, সেয়াও উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ সন্মতিত। তাৰ পাছতো আপোনাৰ দৰে শিক্ষিত পৰিয়ালৰ লোকসকলে কেনেকৈ এনে মন্তব্য কৰিব পাৰে? লিখিত অভিযোগ দাখিল কৰাৰ পিচত আইনী মেৰপেছত সোমাই পৰিছে আয়াৰ। অৱশ্যে, এতিয়ালৈকে তেওঁ এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। বহুতে দাবী কৰিছে যে আয়াৰৰ পোষ্টটো প্ৰকৃততে ঘৃণামূলক ভাষণৰ দৰেই।

ঝাৰখণ্ডত ফ্ল’ৰ টেষ্টৰ সন্মুখীন হ’ব চম্পাই ছ’ৰেন চৰকাৰ…

ঝাৰখণ্ডৰ ৰাজনীতিঃ আজি ফ্লৰটেষ্টৰ সন্মুখীন হ’ব ঝাৰখণ্ডৰ নতুন চৰকাৰ।

JMM মিত্ৰজোঁটৰ ৪৮গৰাকী বিধায়কে নিৰ্ণয় কৰিব ছোৰেনৰ ভাগ্য।

বিধানসভাত মুখ্যমন্ত্ৰী চাম্পাই ছোৰেনে প্ৰমাণ কৰিব লাগিব সংখ্যাগৰিষ্ঠতা।

চৰকাৰক প্ৰয়োজন ৪১টা ভোট; হায়দৰাবাদ ৰিজৰ্টৰ পৰা আহিছে শাসকীয় মিত্ৰজোঁটৰ ৩৯জন বিধায়ক; দলৰ পিতৃপুৰুষ শ্বিবু ছ’ৰেনৰ হস্তক্ষেপৰ পিছত চৰ্তসাপেক্ষ সমৰ্থন আগবঢ়াইছে বিদ্ৰোহী জেএমএমৰ বিধায়ক লবিন হেমব্ৰমে।

আজি অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড বিধানসভাত নতুন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনৰ গুৰুত্বপূৰ্ণ মজিয়া পৰীক্ষাৰ বাবে দেওবাৰে হায়দৰাবাদৰ পৰা ৰাঁচীলৈ উভতি আহে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকল।

সততা এতিয়াও জীয়াই আছে ! অটো চালকে মহিলাক ওভতাই দিলে এৰি থৈ যোৱা সোণ ভৰ্তি বেগ…

সততা এতিয়াও আছে, অটো চালকে মহিলাক ওভতাই দিলে এৰি থৈ যোৱা সোণ ভৰ্তি বেগ

ওড়িশাৰ এজন অটো চালকৰ সততাৰ কথাই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। মানৱতা আৰু সততাৰ এতিয়াও মৃত্যু ঘটা নাই । সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এজন অটো চালকে। মহিলাগৰাকীয়ে তেওঁৰ ল’ৰা ছোৱালীৰ সৈতে বিয়ালৈ গৈ আছিল। খৰখেদাকৈ অটোৰ পৰা নামি যোৱাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ বেগটো পাহৰি অটোতে এৰি থৈ গ’ল। মোনাটোত ৫ লাখ টকাৰ সোণৰ অলংকাৰ আছিল। মহিলাগৰাকী নামি যোৱাৰ পিছত অটো চালকজন ঘৰলৈ উভতি আহিছিল।

অটোৰ চালকজনে সোণেৰে ভৰ্তি বেগ দেখা পাই লগে লগে আৰক্ষীৰ কাষ চাপে। তেওঁ আৰক্ষীৰ হাতত বেগটো ওভতাই দি মহিলাগৰাকীৰ সন্ধান কৰিবলৈ অনুৰোধ জনায়। ঘটনাটো ওড়িশাৰ ভদ্ৰক অঞ্চলত সংঘটিত হৈছে। অটো চালকজনৰ নাম ইনায়ত খান ।আৰক্ষীয়ে সন্ধান চলাই শুভস্মিতা লেঙ্কা নামৰ মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হয়। তালানগৰ অঞ্চলৰ শুভস্মিতাই তেওঁৰ সন্তানৰ সৈতে ইনায়াতৰ অটোত গৈছিল।ইনায়াতে কয় যে মহিলাগৰাকীক নমাই থৈ তেওঁ ঘৰলৈ গৈছিল আৰু অটোৰ ভিতৰত এটা মোনা পৰি থকা দেখিছিল।

ইনায়াতে ধৰিব পাৰিছিল যে বেগটো এগৰাকী মহিলা যাত্ৰীগৰাকীৰেই হ’ব তেওঁ লগে লগে তালানগৰ আৰু ঝামঝাৰী অঞ্চলত মহিলাগৰাকীক বিচাৰি গৈছিল। কিন্তু ইনায়েতে মহিলাগৰাকীক বিচাৰি নাপালে। অৱশেষত তেওঁ বেগটো ভদ্ৰক আৰক্ষী থানাত চমজাই দিয়ে। পিছত শুভস্মিতাই আৰক্ষী থানাৰ পৰা তেওঁৰ বেগটো সংগ্ৰহ কৰে ।সুভাষমিতাই কয় যেতেওঁৰ বেগত সোণ আছিল। সেয়া বিয়াত দিবলৈ নিছিল।বেগটো ঘূৰাই দিয়াৰ বাবে তেওঁ ইনায়াতক ধন্যবাদ জ্ঞাপন কৰে। অটো চালকগৰাকীৰ এনে সততাই সকলোকে আনন্দিত কৰিছে।