Home Blog Page 1070

জামুগুৰিহাটৰ চিকিৎসক, কবি, লেখক, সমাজকৰ্মী ডাঃ হৰেণ শইকীয়াক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰী পৰা দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, দ্য আছাম ৰাইজিং,আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ” অভিযান আৰম্ভ কৰা হয়।

এই অভিযানৰ অংশ হিচাপে জামুগুৰিহাটৰ চিকিৎসক, কবি, লেখক, সমাজকৰ্মী ডাঃ হৰেণ শইকীয়াক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’য়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা,

এখন দ্য আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

জামুগুৰিৰ দৰিদ্ৰ পৰিয়াল এটালৈ নামিছে কাল অমানিশা, পৰিয়ালটোৰ তিনিজনেই জটিল ৰোগত আক্ৰান্ত; হৃদয় বান লোকলৈ সহায়ৰ আহ্বান…

সময়ৰ আহ্বানে মানুহক কেতিয়াবা অতি মূমূৰ্ষ অৱস্থালৈ লৈ যায়। তাৰেই এক জলন্ত উদাহৰণ হৈ পৰিছে নগাঁও জিলাৰ বেবেজীয়া সমীপৰ জামুগুৰি গাঁৱৰ দ-ঘাতৰ প্ৰয়াত মনেশ্বৰ নাথৰ ঘৰখন । অতি দৰিদ্ৰতাই গ্ৰাস কৰা ঘৰখনত ভূতৰ ওপৰত দানৱ পৰাদি কাল অমানিশা হৈ নামি আহিছে এটাৰ পাছত আন এটা দুৰাৰোগ্য ৰোগ ।দুখীয়া পৰিয়ালটোৰ মাজত এতিয়া কেবল হুমুনিয়াহৰ বাহিৰে আৰু আন একোৱেই নাই । পিতৃ- মাতৃ আৰু পুত্রই এজনে আনজনৰ মুখলৈ চাই থকাৰ বাহিৰে যেন আন উপায় নোহোৱা হৈছে তেওঁলোকৰ । প্রয়াত মনেশ্বৰ নাথৰ ৪৫ বছৰীয়া পুত্র মিন্টু নাথ বিগত পাঁচ বছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ যোৱা দুমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে। আনহাতে মিন্টু নাথৰ জামুগুৰি বাপুজি হাইস্কুলত নৱম শ্ৰেণীত অধ্যয়নৰত পুত্র সন্তান দীপজ্যোতি নাথ কর্কট ৰোগত যোৱা এবছৰ ধৰি গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে। বিপৰীতে মিন্টু নাথৰ ৩২ বছৰীয়া পত্নী মাইনা দেৱী গল্ড ব্লাডাৰ ৰোগত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত বর্তমান চিকিৎসকে তেওঁক ম’হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ অস্ত্রোপচাৰৰ বাবে স্থানান্তৰিত কৰা বুলি জানিব পৰা গৈছে । স্বাভাৱিকতেই এই ঘটনাত বিব্রত হৈ পৰিছে নাথৰ দৰিদ্ৰ পৰিয়ালটো । উপায়ন্তৰ পৰিয়ালটোৱে সমস্যাৰ মাজত উৱাদিহ হেৰুৱাই পেলাইছে । আৰ্থিক অনগ্ৰসৰতাৰ হেতু পৰিয়ালটোৱে বাট চাব লগা হৈছে মানৱদৰদী কোনো ব্যক্তি, অনুষ্ঠান অথা সংগঠনৰ লগতে বাট চাইছে দৰদী মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ হাতলৈ । দৰিদ্ৰতাত জুৰুলা হোৱা পৰিয়ালটোৰ বাবে এতিয়া দুমুঠি ভালকৈ খাব পৰাটোৱেই প্ৰত্যাহ্বান ।

তেনেস্থলত ঘৰখনত তিনিজন ৰোগী তিনি ঠাইত চিকিৎসাধীন হৈ থাকিবলগীয়া হোৱা ঘটনাটো নিঃস্ব পৰিয়ালটোৰ বাবে কিমান হৃদয়বিদাৰক সেয়া সহজেই অনুমেয়। তাৰ মাজতে গাঁওখনৰ কোনো কোনো হৃদয়ৱান লোকে সাধ্যানুসাৰে আগবঢ়োৱা ধনকেইটাই তেওঁলোকৰ বাবে হৈ পৰিছে একমাত্ৰ আশাৰ-চাকি। উল্লেখযোগ্য যে মিন্টু আৰু মাইনাৰ প্ৰথম আৰু পঞ্চম শ্রেণীত পঢ়ি থকা আন দুটি কণমানি সন্তানো আছে। পখিলা খেদাৰ বয়সত কণমানি দুটাই ভালকৈ বুজি পোৱা নাই সিহঁতৰ মাক- দেউতাক অথবা ককায়েকৰ জীৱনলৈ নামি অহা দুর্বিষহ কথা। এনে অৱস্থাত প্রতিবেশীৰ আশ্রয়ত থকা কণমানি দুটাৰ কথা ভাবিও সিহঁতৰ মাক-দেউতাকৰ দুচকুৰে অশ্রু বৰষিছে । অতি অন্ধকাৰৰ ভৱিষ্যতক আগত ৰাখি জীৱন সংগ্রামত দিন অতিবাহিত কৰা পৰিয়ালটোৰ প্ৰতি সদাশয় কোনো লোকে আর্থিকভাৱে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেতিয়াহ’লে ৭২৪৭০২ ৬০১৭৭১৫ (একাউন্ট নং), utb 10 rrb agb(ifsc no)ত আগবঢ়োৱাৰ লগতে ৮৪৫৩২-৩৩৫৫৭ এই নম্বৰত যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি তেওলোকলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

Assam Tennis Team Shine, Hakim All Clinched Double Crown…

Assam’s tennis team, represented by Hakim Ali, Purna Jyoti Phukan, Dhruba Jyoti Hazarika and Diganta Borpatra Gohain (all from Duliajan) shines in the 6th National Masters Games -2024 held at Goa from February 06-12, 2024. In the Men’s Singles (above 55 years) category Hakim Ali clinched double crowns by winning gold medal in the singles and also won gold in the doubles categories respectively partnering Purna Jyoti Phukan. In the Men’s Singles (above 55 years) category Purna Jyoti Phukan won a bronze medal.

In the Men’s Singles (above 50 years) category Dhruba Jyoti Hazarika won bronze medal and while partnering Diganta Borpatra Gohain in the doubles in the same category also won the bronze medal.

নাজিৰাত ‘নাৰী উন্নতি’ৰ উদ্যোগত কে’ক বেকিং কৰ্মশালা…

নাজিৰাৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতিৰ উদ্যোগত আৰু বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সস্থিত বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটত মহিলা সকলৰ বাবে ১১ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ আয়োজিত কে’ক বেকিংৰ এক কৰ্মশালাৰ কালি সফল সমাপন হয়। মহিলা সবলীকৰণ আৰু স্বনিৰ্ভৰশীলতাৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাৰ দেওবাৰৰ উদ্বোধনী অনুষ্ঠানত ‘নাৰী উন্নতি’ স্বেচ্ছাসেৱী সংগঠনৰ সভানেত্ৰী আমিনা বেগম,সম্পাদিকা মাতু গগৈ, কোষাধ্যক্ষা শ্বাহনাজ বেগম, বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সঞ্চালিকা চাবা চাহেবা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জনা বৰগোহাঞি, ব’ঠা স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি ফটিক বৰুৱা, বিহু সুৰক্ষা সমিতি নাজিৰাৰ সভানেত্ৰী নিৰূপমা দত্ত, নাজিৰাৰ কেতেকী আচাৰ উদ্যোগৰ স্বত্বাধিকাৰী নাচৰিণ বেগম, সমাজকৰ্মী অভিনৱ দত্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ‘নাৰী উন্নতি’ৰ এই পদক্ষেপক প্ৰশংসা কৰে।

নাৰী উন্নতি স্বেচ্ছাসেৱী সংগঠনৰ সদস্যা ফৰিদা আলি, জয়া দত্ত , আৰু জেনিফাৰ আহমেদ প্ৰশিক্ষক হিচাপে দায়িত্ব সম্পাদন কৰা উক্ত প্ৰশিক্ষণত ‘নাৰী উন্নতি’ৰ সকলো সদস্যাৰ লগতে নাজিৰাৰ কুৰিৰোধিক মহিলাই অংশগ্ৰহণ কৰি উৎসাহিত হয়। প্ৰশিক্ষণৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক ‘নাৰী উন্নতি’ৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

নুমলীগড় ধোদাঙৰ বিশিষ্ট অভিনেতা, নাট্যকাৰ, নাট পৰিচালক, শিল্পী পেঞ্চনাৰ কেশৱ হাজৰিকাৰ পৰলোক…

নুমলীগড়ৰ ধোদাং নিবাসী বিশিষ্ট অভিনেতা, নাট্যকাৰ , নাট পৰিচালক, শিল্পী পেঞ্চনাৰ তথা বাননিয়ন্ত্ৰন বিভাগৰ অৱসৰী কৰ্মচাৰী কেশৱ হাজৰিকা (৮৮)ৰ যোৱা ১৩ ফেব্ৰুৱাৰীত বাৰ্দ্ধক্যজনীত কাৰণত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ৮৫ বাৰকৈ কংসৰ চৰিত্ৰত অভিনয় কৰি অৱশেষত ১৩ ফেব্ৰুৱাৰীৰ পুৱা চাৰি বজাত মৃত্যৰ শীতল কোলাত শুই পৰিল বোকাখাতৰ নুমলীগড়ৰ ধোদাং গাঁৱৰ কংস খ্যাত কেশৱ হাজৰিকা। ভালেকেইখন নাটক ৰচনা কৰি, বিভিন্ন মঞ্চত নাটক পৰিচালনা কৰি, একাঠু বোকাপানি খচকি, জাৰ জহ নামানি বহু কিলোমিটাৰ চাইকেলৰে বাটকুৰি বাই ৭০ দশক মানৰ পৰা বোকাখাত অঞ্চলত নাট্য আন্দোলনৰ গুৰি ধৰা এগৰাকী নাট্য প্ৰেমী কেশৱ হাজৰিকা। হাজৰিকাৰ নাট্য সংকলন “হাফঁলু “। নুমলীগড় সাংবাদিক সংস্থা আৰু, নুমলীগড় ভাস্বতী শাখা সাহিত্য সভাই হাজৰিকাৰ অভিন্দন গ্ৰন্থ প্ৰকাশ কৰি তেখেতক “নাট্য প্ৰাণ” উপাধিৰে বিভূষিত কৰিছিল। গোলাঘাট জিলাৰ বহু গাঁৱত, বহু অঞ্চলত ৭০ দশক মানৰ পৰাই ৰাস আৰু নাটক শিকাই, নিজেও ৮৫ বাৰকৈ কংসৰ চৰিত্ৰত অভিনয় কৰি খলকনিৰ সৃষ্টি কৰিছিল।

প্ৰকৃত অৰ্থত হাজৰিকা এগৰাকী লোকশিল্পী হিচাবে পৰিগণিত। হাজৰিকাৰ পত্নী তথা বিশিষ্ট ধৰ্মপ্ৰাণ আৰু সৰবৰহী মহিলা স্বৰ্ণলতা হাজৰিকাৰ ২০১৫ চনত পৰলোকপ্ৰাপ্তি ঘটিছিল। তেওঁৰ কন্যা ঊষাজোন ফুকন হাজৰিকা এগৰাকী বিশিষ্ট কবি, লেখিকা তথা নুমলীগড় চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অসমীয়াৰ বিষয় শিক্ষয়িত্ৰী। প্ৰয়াত হাজৰিকাই দুই পুত্ৰ আৰু দুই বোৱাৰী, দুই কন্যা আৰু দুই জোৱাই, আঠ নাতি নাতিনীকে ধৰি অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ সকল শোকত ম্ৰীয়মান হৈ পৰে। ধোদাং গাঁৱৰ বয়োজ্যেষ্ঠ শিল্পী গৰাকীৰ নশ্বৰ দেহ পুৱা ধোদাং বৰ নামঘৰৰ প্ৰাঙ্গনলৈ গায়ন বায়ন সমন্বিতে অগনন গুনমুগ্ধই সমদল কৰি নিয়ে আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি সকলোৱে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ধোদাং বৰ নামঘৰৰ সমীপতে অন্তেষ্টিক্ৰীয়া সমাপন কৰে । লোকশিল্পী গৰাকীৰ পৰলোক গমনত ধোদাং বৰ নামঘৰ, ধোদাং শংকৰ জ্যোতি নাট্য মন্দিৰ, ধোদাং ৰশ্মি ৰেখা শিল্পী সমাজ, নুমলীগড় সাংবাদিক সংস্থা, নুমলীগড়,ভাস্বতী শাখা সাহিত্য সভা,নুমলীগড় শাশ্বতী লেখিকা সমাৰোহ সমিতি, ধোদাং শংকৰদেৱ ৰাজহুৱা নামঘৰ, পশ্চিম ধোদাং নামঘৰ, ধোদাং ৰশ্মি ৰেখা শাখা মইনা পাৰিজাত, ধোদাং প্ৰগতিশীল মহিলা সমিতি, ধোদাং সন্মিলিত যুৱ মঞ্চ, বুধবাৰী নামঘৰ সমাজ, বুধবাৰী শংকৰ নাট্য মন্দিৰ, কমাৰ গাঁও আঞ্চলিক সাহিত্য সভা,বোকাখাত মহকুমা পালনাম সমিতি, গোলাঘাট জিলা কবি সন্মিলন, বোকাখাত মহকুমা কবি সন্মিলন, ধনশিৰি পৰীয়া আঞ্চলিক পালনাম সমিতি, ৩ নং ধোদাং প্ৰাথমিক বিদ্যালয়,ধোদাং মধ্য ইংৰাজী বিদ্যালয়, অসম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ গোলাঘাট জিলা সমিতি, কমাৰ গাঁও প্ৰেছ ক্লাব, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, সদৌ অসম মহিলা সাংবাদিক সংস্থা, সদৌ অসম সাংবাদিক সংস্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, ইমজা, কাজিৰঙা নিউজ নেটৱৰ্ক, খবৰ বেকাখাত, অভিনেতা, সমাজকৰ্মী বয়োজ্যেষ্ঠ প্ৰফুল্ল শইকীয়া, পূৰ্ণ বৰুৱা, নুমলীগড় উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰ প্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া, জীতেন বৰা ওজা, অলিমাই হাজৰিকা আদিয়ে শোক প্ৰকাশ কৰি মৃতকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফালে অসম ৰাজ্যিক সাংবাদিক সন্থা,বোকাখাত মহকুমা সাংবাদিক সংস্থা , অসম সত্ৰ মহাসভা, কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, কুৰুৱাবাহী, খতিয়াখলি আঞ্চলিক শিল্পী সমাজ নাট্য মন্দিৰৰ লগতে বহু সংখ্যক ব্যক্তি-সংগঠনে শোক প্ৰকাশ কৰিছে।

অসম কন্যা মধুস্মিতাৰ সাফল্যঃ JEE মেইনচত ছাত্ৰীৰ ভিতৰত তৃতীয় স্থান দখল…

অসমৰ বাবে এক গৌৰৱৰ ক্ষণ। পুনৰ এবাৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত হ’ল যে অসমত প্ৰতিভা তথা কৃতিমানৰ অভাৱ নাই। শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টা কৰিলে অসাধ্য বুলি একো নাই। ২০২৪বৰ্ষৰ IIT জে ই ই মেইনচ পৰীক্ষাত ছাত্ৰী বিভাগত দেশৰ ছাত্ৰীসকলৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে কৃতি শিক্ষাৰ্থী মধুস্মিতা। ২০২৪বৰ্ষৰ জে ই ই মেইনচ পৰীক্ষাত মধুস্মিতাই ২৯০মাৰ্কসহ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। মধুস্মিতাৰ পিতৃও শিক্ষাৰ ক্ষেত্ৰখনত এটি উজ্বল নক্ষত্ৰ। বহৰি সুযোগ্য সন্তান তথা ১৯৮৬চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা ড০ প্ৰশান্ত কুমাৰ তালুকদাৰৰ প্ৰথমা কন্যা মধুস্মিতা।

মধুস্মিতাৰ এই সাফল্যৰ খবৰ পোৱাৰ পাছতে উতফুল্লিত হৈ পৰিছে বহৰিৰ জনতা। সমগ্ৰ অসমবাসীয়ে মধুস্মিতাৰ এই সাফল্যৰ বাবে অভিনন্দন জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪বৰ্ষৰ এই পৰীক্ষাত সমগ্ৰ দেশৰ ১২লাখ ৩১হাজাৰ ৮১৭ লাখ শিক্ষাৰ্থীয়ে আবেদন কৰিছিল। কিন্তু এই পৰীক্ষাটোত অৱৰ্তীণ হৈছিল ১১লাখ ৭০হাজৰ ৩৬গৰাকী শিক্ষাৰ্থী। ইয়াৰ সৰহ সংখ্যক শিক্ষাৰ্থী আছিল মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ। ২০২৪বৰ্ষৰ জে ই ই মেইনচ পৰীক্ষাত ছাত্ৰীৰ সংখ্যা আছিল প্ৰায় ৩৩শতাংশ। ২০২৩বৰ্ষত এই সংখ্যা আছিল ৩০.৮শতাংশ। নেচনেল টেন্সিং এজেঞ্চীয়ে পৰিচালনা কৰা এই গুৰুত্বপূৰ্ণ তথা অতি কঠিন পৰীক্ষাটোত ছাত্ৰীৰ বিভাগত অসম কন্যা মধুস্মিতাৰ এই সফলতা সচাঁকৈয়ে প্ৰশংসনীয়।

কোভিডৰ পিছত এইবাৰ আতংক বিয়পাইছে আলাস্কাপক্সে, এজন আক্ৰান্তৰ মৃত্যু…

বিশ্বত যেন ৰোগৰ অন্ত নাই৷ এইবাৰ আলাস্কাত ধৰা পৰিছে এবিধ নতুন ৰোগ৷ আলাস্কাপক্সৰ নামেৰে পৰিচিত এই ৰোগত ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ আলাস্কাৰ স্বাস্থ্য বিষয়াসকলে কৈছে যে জানুৱাৰীৰ শেষৰ ফালে এংকৰেজৰ দক্ষিণে থকা কেনাই উপদ্বীপৰ বাসিন্দা এজন এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ শেষত তেওঁ মৃত্যুবৰণ কৰে৷ মৃত বৃদ্ধ ব্যক্তিজনৰ দেহত পূৰ্বে কাউপক্সৰ বীজাণু ধৰা পৰিছিল৷ অৱশ্যে পিছত অতিৰিক্ত পৰীক্ষাৰ পৰা গম পোৱা গৈছিল যে তেওঁ আলাস্কাপক্সতো আক্ৰান্ত হৈছিল। আলাস্কাপক্সত আক্ৰান্ত হোৱাৰ পিছতে বৃক্ক বিকল হোৱাৰ লগতে আৰু শ্বাস-প্ৰশ্বাস বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে৷ স্বাস্থ্য বিষয়াসকলে ধাৰণা কৰা অনুসৰি লোকজনে হয়তো তেওঁৰ মেকুৰীৰ পৰাই ভাইৰেল ৰোগবিধত আক্ৰান্ত হৈছিল।


আলাস্কাপক্স কি?


আলাস্কাপক্স হৈছে এক ডিএনএ ভাইৰাছ, যি স্মলপক্স, মাঙ্কিপক্স আৰু কাউপক্সৰ দৰে একে প্ৰজাতিৰ। ইয়াক প্ৰথমবাৰৰ বাবে ২০১৫ চনত আলাস্কাৰ ফেয়াৰবেংকছত এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত চিনাক্ত কৰা হৈছিল৷ স্তন্যপায়ী প্ৰাণীয়ে এই বীজাণু বিয়পাব পাৰে৷ আলাস্কাপক্সত আক্ৰান্ত লোকসকলৰ ছালত এক বা একাধিক ঘা তথা অন্যান্য লক্ষণ যেনে পেশী ফুলা , গাঁঠি বা পেশীৰ বিষ আদি হয়। অৱশ্যে স্বাস্থ্য বিজ্ঞানীসকলৰ মতে আলাস্কাপক্স মানুহৰ পৰা মানুহলৈ সংক্ৰমণ ঘটাৰ এতিয়াও কোনো প্ৰমাণ পোৱা হোৱা নাই৷ অৱশ্যে আলাস্কাপক্সত আক্ৰান্ত লোকৰ ঘাঁৰ পৰা ওলোৱা ৰস আনৰ দেহত লাগিলে তেনে লোকৰো এই ৰোগ হোৱাৰ আশংকা থাকে৷ সেয়েহে আলাস্কাপক্সৰ ফলত হোৱা ঘাঁ বেণ্ডেজেৰে ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়া হয়৷ সৌভাগ্যক্ৰমে ভাৰতত এতিয়াও এই ৰোগৰ প্ৰাদুৰ্ভাব ঘটা নাই৷

ৰিলায়েন্সে সৃষ্টি কৰিলে ইতিহাস ! ২০ কোটি টকাৰ মাৰ্কেট কেপ অতিক্ৰম কৰা দেশৰ ভিতৰতে প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত…

দেশৰ বিশাল কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সৃষ্টি কৰিলে আন এক অভিলেখ। ২০ লাখ কোটি টকাৰ মাৰ্কেট কেপ অতিক্ৰম কৰা দেশৰ ভিতৰতে প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স।

যোৱা এসপ্তাহৰ পৰা কোম্পানীটোৰ শ্বেয়াৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। মঙলবাৰে বিএছইত ৫২ সপ্তাহৰ সৰ্বোচ্চ ২৯৫৭.৮০ টকাত উপনীত হয়। ১.৮৯ শতাংশ ।

২ সপ্তাহত মূল্য ১ লাখ কোটি টকা বৃদ্ধি
কেৱল যোৱা দুসপ্তাহৰ ভিতৰত কোম্পানীটোৰ ষ্টকৰ মাৰ্কেট কেপ প্ৰায় ১ লাখ কোটি টকা বৃদ্ধি পাইছে। যোৱা ২৯ জানুৱাৰীতেই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ষ্টকে ১৯ লাখ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰিছিল। ২০২৪ চনত ৰিলায়েন্সক লৈ বিনিয়োগকাৰীৰ মাজত প্ৰচণ্ড উৎসাহৰ সৃষ্টি হৈছে। এই কেইটামান দিনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ প্ৰায় ১৪ শতাংশ বৃদ্ধি পাইছে।

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰা ৫ টা খাদ্য, যিবোৰ দৈনিক খালে আঁতৰি থাকিব পাৰিব মানসিক চাপৰ পৰা…

শৰীৰত থকা চাৰিটা হৰম’নৰ বাবে আপুনি সুখ অনুভৱ কৰে। ৪টা হৰম’ন ড’পামিন, চেৰ’টনিন, অক্সিট’চিন আৰু এণ্ড’ৰ্ফিনে নিয়ন্ত্ৰণ কৰে। যদি ইয়াৰ মাত্ৰা কমি যায় তেন্তে ব্যক্তিজনে মানসিক চাপ বা ভাল অনুভৱ নকৰে। এনে পৰিস্থিতিত আপোনাৰ সুখ আৰু দুখৰ বাবে কোনবোৰ হৰম’ন দায়ী আৰু ইয়াৰ ভাৰসাম্য ৰক্ষা কৰি মানসিক চাপৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি। আমোদজনক কথাটো হ’ল আপুনি এই হৰম’নৰ মাত্ৰা আপোনাৰ খাদ্যৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব পাৰে। অৰ্থাৎ, যদি আপুনি অত্যধিক মানসিক চাপ অনুভৱ কৰিছে বা অফ মুডত আছে, তেন্তে ইয়াক ঠিক কৰিবলৈ আপুনি মাত্ৰ কিছুমান সঠিক খাদ্য খাব লাগিব। মনত ৰাখিব যে খাদ্যই আপোনাৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে-

কাঠফুলা বা মাছৰুম এন্টিডিপ্ৰেছন গুণৰ বাবে জনাজাত। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে, যিটো এটা মেজাজ নিয়ন্ত্ৰণকাৰী ভিটামিন। ই চেৰ’টনিন সংশ্লেষণৰ মাত্ৰাৰ সৈতে জড়িত, যাৰ বাবে ব্যক্তিজনে সুখী আৱেগ অনুভৱ কৰিবলৈ সক্ষম হয়। এনে পৰিস্থিতিত যেতিয়াই আপোনাৰ মেজাজ বন্ধ হৈ থাকে, তেতিয়াই মাছৰুম খোৱাৰ ৰেচিপি আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

এভোকেডোত পুষ্টিকৰ উপাদানৰ পৰিমাণ বেছি। এভোকেডোত থকা ভিটামিন বি ৩ আৰু ওমেগা-৩ ফেটি এচিডে চেৰ’টনিনৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে, যিটো এটা সুখী হৰম’ন। এনে পৰিস্থিতিত গোটেই দিনটো সুখী হৈ থাকিবলৈ চালাড, চেণ্ডুইচ বা ব্ৰেকফাষ্টত এভোকেডো অন্তৰ্ভুক্ত কৰিব পাৰি।

ডাৰ্ক চকলেট খালে শৰীৰত সুখী হৰম’নৰ মাত্ৰা বৃদ্ধি পায়। ইয়াত পোৱা এন্টিঅক্সিডেন্টে মেজাজ উন্নত কৰে বুলি জনা যায়। ইয়াৰ উপৰিও ইয়াত ট্ৰিপট’ফেন থাকে, যিয়ে চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰে আৰু আপোনাক ভাল অনুভৱ কৰাই।

যদি আপুনি শুকান ফল নাখায়, তেন্তে আজিয়েই ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, কাৰণ ই আপোনাৰ সুখৰ চাবিকাঠি। প্ৰতিদিনে এমুঠি আলমণ্ড বা আখৰোট খালে লোভ কমি যায়, মেজাজ উন্নত হয় আৰু মানসিক চাপৰ পৰা আঁতৰত থাকে। ইয়াত থকা এন্টিঅক্সিডেন্টৰ বাবে এনে হয়।

আইৰণৰ পৰিমাণৰ বাবে পৰিচিত পালেঙে সুখী হৰম’ন বৃদ্ধিৰ কামো কৰে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু ভিটামিন ই থাকে, যাৰ ফলত ই আপোনাৰ হজম শক্তি আৰু ছালৰ বাবে স্বাস্থ্যকৰ। এনে পৰিস্থিতিত স্মুদি, চূপ বনোৱা বা পালেঙৰ তৰকাৰী খোৱাটো আপোনাৰ বাবে অতি উপকাৰী।


কোমোৰা এবিধ পুষ্টিকাৰক পাচলি ! নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই কিদৰে সহায় কৰে জানক…

কোমোৰা হৈছে লতাজাতীয় গছত লগা এবিধ পাচলি। এইবিধ ফল কুমলীয়া অৱস্থাত সেউজীয়া হৈ থাকি পূৰঠ অৱস্থাত বা বা ছাইবৰণীয়া হৈ পৰে। স্বভাৱত ই লাউজাতীয়(gourd)। সেয়ে ইংৰাজীত ইয়াক White gourd বা Ash gourd বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Benincasa hispidai। সংস্কৃতত ইয়াক কুষ্মাণ্ড কোৱা হয়, অৰ্থ বহুৰূপী। হয়তো গাৰ ৰং ভিন্ন ৰূপত পোৱা হেতুকেই এনে নাম ৰখা হৈছে। গছৰ গা আৰু পাত খহটা আৰু সৰু সৰু শুং বিস্তৃত হৈ থাকে। ফুল হালধীয়া, ফল সাধাৰণতে চুঙাকৃতিৰ, দৈৰ্ঘ্যই ৩০-৪০ ছেঃমিটাৰলৈ হয়। আগেয়ে আমাৰ ৰাজ্যত বাৰিষাহে ইয়াৰ খেতি কৰা হৈছিল। কিন্তু আজিকালি বছৰৰ সকলো সময়তে ব্যৱহায়িক ভিত্তিত ইয়াৰ খেতি কৰিবলৈ লোৱাত বজাৰত বাৰ মাহেই ইয়াক পোৱাটো সম্ভৱ।

কোমোৰা এনে এবিধ পাচলি যাক কুমলীয়াৰপৰা পূৰঠ, আনকি শুকান অৱস্থাতো খাব পাৰি। কোমোৰাত থকা দুবিধ বিশেষ উপাদান- Alunsenol আৰু Multiflorenolৰ বাবে ৰুগীয়া কোষত সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষমতা থাকে বুলি পোহৰলৈ অহাৰ পিছত ইয়াৰ ব্যৱহাৰিক গুৰুত্বও ভালেখিনি বৃদ্ধি পাইছে।

  • ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।
  • নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।
  • পুৰুষৰ শুক্ৰাণুৰ সংখ্যাগত তথা গুণগত মান বৃদ্ধিত ই যথেষ্ট সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰে।
  • কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।

  • পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
  • কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।
  • ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।
  • ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।
  • ইয়াৰ গুটি পুষ্টিদায়ক আৰু শৰীৰৰ কলা বৰ্দ্ধনত সহায়ক।
  • পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।

লেখক: অৰ্পণ দত্ত