Home Blog Page 1069

”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ হবিবৰ ৰহমানক সম্বৰ্ধনা…

ঘৰে ঘৰে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আছাম ৰাইজিং’, ‘আলোকপ্ৰভঞ্জন’ আৰু মোবাইলে মোবাইলে ‘ডিবি নিউজ’

কাৰ্যসূচীত ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ হবিবৰ ৰহমান

ডাঙৰীয়াক সম্বৰ্ধনা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা

বেবজীয়াত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। এনে অভিযানৰ মাজতে ধাৰাবাহিকভাৱে ভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ দ্ৰব্য।

বেবেজীয়াৰ মনজিৎ শৰ্মা নামৰ এজন লোকৰ ঘৰ ভাড়ালৈ লৈ এক চক্ৰই চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা। আৰক্ষীৰ অভিযান কালত জব্দ কৰিছে ৫১ টাকৈ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।

এক গোপন খবৰৰ ভিত্তিত বেবেজীয়া আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে চলোৱা এই অভিযানত আটকা হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে বিজয় দাস,পাপু বৰা আৰু অনিৰ্বাণ ডেকা।

কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত…

Blazing fire flame black and white for background and abstract
  • কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড।
  • চইলতা কান্দিৰ তাজল উদ্দিন নামৰ এজনৰ ঘৰত এই অগ্নিকাণ্ড।

  • জুইত সম্পূৰ্ণৰূপে জাহ গ’ল লোকজনৰ বাসগৃহ।
  • অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত।
Blazing fire flame black and white for background and abstract

  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।

মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ তলত পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োকে হাস্পতালত ভৰ্তি…

মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ তলত পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ ৰেলিঙত খুন্দা তীব্ৰবেগী বুলেটৰ।

এজন যুৱক আৰু এগৰাকী যুৱতী আহিছিল বাইকখনত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োকে হাস্পতালত ভৰ্তি। আহত অভিজিৎ দাস আৰু পুষ্পাঞ্জলি ডেকা

হিন্দী, তামিল, টেলুগু আৰু বঙালী ভাষাত ‘বীৰাঙ্গনা সাধনী’

অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ বাবে ভাল খবৰ। পূৰ্ণগতিত চিত্ৰগ্ৰহণ চলি থকা অসমীয়া ছবি “বীৰাঙ্গনা সাধনী” ৰ সৈতে জড়িত এই খবৰ।

বলীউডৰ এটি আগশাৰীৰ প্ৰডাকচন হাউছে ‘বীৰাংগনা সাধনী’ৰ চিত্ৰগ্ৰহণৰ কিছু ফুটেজ দেখিয়েই ছবিখন সমগ্ৰ ভাৰতবৰ্ষত হিন্দী, তামিল, টেলেগু আৰু বঙালী ভাষাত মুক্তি দিয়াৰ বাবে আগবাঢ়ি আহিছে।

মুক্তিৰ পূৰ্বেই ছবিখনৰ প্ৰতি সকলোৱে দেখুওৱা এই সঁহাৰি তথা সমাদৰ সঁচাকৈ উল্লেখনীয় বুলি মঙলবাৰে সামাজিক মাধ্যমত প্ৰকাশ ‘বীৰাঙ্গনা সাধনী’ টিমৰ…।

তৃতীয় দিনাও অব্যাহত ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে বিশেষ যাত্ৰা…

“ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, ঘৰে ঘৰে দ্য আছাম ৰাইজিং, ঘৰে ঘৰে আলোকপ্ৰভঞ্জন আৰু মোবাইলে মোবাইলে ডি বি নিউজ”- ‘দৈনন্দিন বাৰ্তা কাকত গোষ্ঠী’ৰ চৈধ্য বছৰীয়া গৌৰৱোজ্জ্বল সফল যাত্ৰা চিৰঞ্জীৱী কৰাৰ লক্ষ্যৰে লোৱা হৈছে বিশেষ পদক্ষেপ। ঠায়ে ঠায়ে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা কাৰ্যসূচী হাতত লোৱা হৈছে। ব্যতিক্ৰম নহয় দৰং জিলাৰ কৌপাটিতৰ নেপালী গাঁও। মঙলবাৰে আবেলি Assam payৰ স্বত্বাধিকাৰী উদীয়মান যুৱক মুস্তাফিজুৰ ৰহমানক এখনি স্মাৰক পত্ৰ, এখনি ফুলাম গামোচা, দৈনন্দিন বাৰ্তা কাকত, দ্য আসাম ৰাইজিং আৰু আলোকপ্ৰভঞ্জন কাকতেৰে জনোৱা হয় সম্বৰ্ধনা।

সম্বৰ্ধিত হৈ দৈনন্দিন বাৰ্তা চিৰঞ্জীৱি হোৱাৰ বাবে মনে-প্ৰাণে প্ৰাৰ্থনা কৰে মুস্তাফিজুৰ ৰহমানে।

২০২২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে মুস্তাফিজুৰ ৰহমানে ৰাইজৰ বাবে মুকলি কৰিছিল Assam Pay নামৰ এপ্লিকেচন। মুকলিৰ পিছতে অসমবাসী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিল Assam Pay নামৰ এপ্লিকেচনটোৱে। পিছপৰা অঞ্চলৰ যুৱক মুস্তাফিজুৰ ৰহমানে বহু ঘাত-প্ৰতিঘাতৰ মাজেদি নিজৰ Axom Tech Seva Private limited নামৰ এক প্ৰতিষ্ঠিত কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ২০২০ চনত মুস্তাফিজুৰ ৰহমানে TikMik নামৰ এপ্লিকেচন আৱিষ্কাৰ কৰি সমগ্ৰ অসমত আলোৰন সৃষ্টি কৰিছিল।

টকাৰ অভাৱৰ বাবে TikMik নামৰ এপ্লিকেচন আৱিষ্কাৰ কৰি সফলতা লাভ কৰিব পৰা নাছিল। পিছলৈ নিজাকৈ YouTube চেনেলত ভিডিঅ’ আপলোড কৰিছিল যদিও সফলতা লাভ কৰিব পৰা নাছিল। তাৰ পিছত অনলাইন যোগে মাত্ৰ ১০ হাজাৰ টকা ঋণ লৈ Assam Pay নামৰ এপ্লিকেচন আৱিষ্কাৰ কৰি ৰাইজৰ বাবে মুকলি কৰিছিল। মুকলিৰ পিছতে অসমবাসী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। লাহে লাহে সফলতাৰ হাঁহি দেখিবলৈ পালে মুস্তাফিজুৰ ৰহমানে। বৰ্তমান মুস্তাফিজুৰ ৰহমানৰ কোম্পানীত প্ৰায় ১০ জনৰো অধিক লোকে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে লগতে ১ লাখৰো অধিক ব্যাৱহাৰকাৰীলৈ আগুৱাই যাবলৈ সক্ষম হৈছে মুস্তাফিজুৰ ৰহমান। দলগাঁৱৰ যুৱক মুস্তাফিজুৰ ৰহমানৰ এনে কৰ্মত সমগ্ৰ দলগাঁওবাসী উৎফুল্লিত।

মাজুলীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকে প্ৰমুখ্য কৰি প্ৰায় ২৫০ লোকৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান…

আজি ভাৰতীয় জনতা পাৰ্টি,মাজুলী জিলাৰ উদ্যোগত মাজুলী মিনি ষ্টেডিয়াম, গড়মূৰত আয়োজিত “বিশাল গণ সমাৱেশ”ত অংশগ্ৰহণ কৰি মাজুলীবাসী ৰাইজক সম্বোধন কৰে ভৱেশ কলিতাই । উক্ত সমাৱেশত বিজেপিৰ প্ৰতি ৰাইজৰ অকৃত্ৰিম সঁহাৰি তথা সমৰ্থন দেখি সঁচাকৈ আপ্লুত ।


আজিৰ সমাৱেশত দলৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বধীন ডাবুল ইঞ্জিনৰ চৰকাৰৰ বিকাশমুখী যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ, গণ শক্তি দলয় কাৰ্যকৰ্তা, ৱাৰ্ড সদস্য, পঞ্চায়তৰ সভাপতি আদিৰ উপৰিও সামাজিক ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকে প্ৰমুখ্য কৰি প্ৰায় ২৫০ লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।


মাজুলীবাসী ৰাইজৰ এই সঁহাৰিয়ে প্ৰমাণ কৰিলে যে দেশত পুনৰ এবাৰ মোদী চৰকাৰ নিশ্চিত। আজি ভাৰতীয় জনতা পাৰ্টি দলত নতুনকৈ যোগদান কৰা সমূহ কাৰ্যকর্তাক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনোৱাৰ লগতে মাজুলীবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভৱেশ কলিতাই।

গোলকগঞ্জৰ বিশিষ্ট সমাজ সেৱক কাৰ্তিক চন্দ্ৰ ৰায়ক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰীৰ পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, দ্য আছাম ৰাইজিং, আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ” অভিযান আৰম্ভ কৰা হয়।


এই অভিযানৰ অংশ হিচাপে গোলকগঞ্জৰ বিশিষ্ট সমাজ সেৱক কাৰ্তিক চন্দ্ৰ ৰায়ক দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা,

এখন দা আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

– জামানুৰ ৰহমান, চাপৰ

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া পেন্সনাৰ ৰাজেন বৰকাকতিক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰীৰ পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, দ্য আছাম ৰাইজিং, আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ” অভিযান আৰম্ভ কৰা হয়।

এই অভিযানৰ অংশ হিচাপে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া পেন্সনাৰ ৰাজেন বৰকাকতিক নগাঁও চহৰস্থিত তেওৰ নিজা বাসগৃহত দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা,

প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা, এখন দা আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

সোৱণশিৰিৰ অৱনৰি জনজাতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মণিপুৰ মেদকক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰী পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা ,দ্য আছাম ৰাইজিং,আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ”অভিযান আৰম্ভ কৰা হয়।

এই অভিযানৰ অংশ হিচাপে সোৱণশিৰিৰ অৱনৰি জনজাতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মণিপুৰ মেদকক দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা, এখন দা আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

-কৃষ্ণকান্ত মেদক, সোৱণশিৰি