Home Blog Page 1068

নিজৰ ঠাইখনৰ বাবে কিবা এটা কৰাৰ হেঁপাহ এজন ব্যতিক্ৰমী চিকিৎসকৰ…

বহু শিক্ষিত যুৱক যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি বিভিন্ন চৰকাৰী উচ্চ পদস্থ বিষয়া হৈ জীৱন নিৰ্বাহ কৰাৰ পাছত পাহৰি যায় নিজৰ আপোন মানুহখিনিৰ লগতে আপোন অঞ্চলটোৰ কথা । তেনে বহু উদাহৰণ আমাৰ সমাজত আজিও বিদ্যমান । কিন্তু এজন ব্যতিক্ৰমী চিকিৎসক । নাম তেওঁৰ ডা: বিমানজ্যোতি বৰা । নিজৰ গাঁওখনৰ , নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰাৰ হেঁপাহ বিমান জ্যোতিৰ । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা ই, এন, টি বিভাগৰ পৰা বিশেষজ্ঞ চিকিৎসক হিচাপে ডিগ্ৰী লাভ কৰা বিমান জ্যোতিৰ আছে নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰাৰ হেপাহ । তাৰেই লক্ষ্য হিচাপে ডা: বিমান জ্যোতি বৰায়ে নিজৰ জন্মস্থান ধিঙতো আৰম্ভ কৰিছে হেলথ মাল্টি ষ্পেচেয়েলিটি ক্লিনিক নামৰ এক চিকিৎসা প্ৰতিষ্ঠান ।

য’ত অঞ্চলটোৰ বহু দৰিদ্ৰ ৰোগীয়ে লাভ কৰিব কেইবাটাও ৰোগৰ বিনামূলীয়া পৰীক্ষা । তাৰোপৰি বিমান জ্যোতিৰ লগতে কেইবাজনো বিশেষজ্ঞ চিকিৎসকে প্ৰদান কৰিব ৰাইজক চিকিৎসাসেৱা । সেই অনুসৰি আজিৰে পৰা ধিং চহৰৰ মাজ মজিয়াত শুভাৰম্ভ কৰা হয় হেলথ মাল্টি ষ্পেচিয়েলিটি ক্লিনিক নামৰ এক চিকিৎসা প্ৰতিষ্ঠানৰ । যাৰ দ্বাৰা উপকৃত হব বৃহত্তৰ ধিং অঞ্চলৰ ৰাইজ । ডা: বিমান জ্যোতি বৰাৰ এনে সৎ প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰিছে ধিং বাসী ৰাইজে । উল্লেখ্য যে, যি সমুহ পৰীক্ষা আৰু চিকিৎসাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ২৬ কিলোমিটাৰ অতিক্ৰমী যাব লগীয়া হৈছিল নগাঁও চহৰলৈ।

শিশুৰ বাবে শিশুৰ কৰ্কট ৰোগ অতি ভয়ানক, কেনেকৈ ধৰা পেলাব এই ৰোগৰ…

এজন অভিভাৱক হিচাপে সকলোৱে নিজৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল’ব বিচাৰে, এনে পৰিস্থিতিত শিশুৰ কৰ্কট ৰোগ অতি বিপদজনক। যদি আমি বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য চাওঁ তেন্তে আমি দেখিম যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বহু শিশু এই ৰোগত আক্ৰান্তৰ তথ্য পোৱা যায়। যদিও এই শিশুৰ ৮০ শতাংশ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা যায়, তথাপিও আগতীয়াকৈ ৰোগ নিৰ্ণয় নকৰা, বহু পলমকৈ ধৰা পৰাৰ বাবে এনে ৰোগত সমস্যাৰ সৃষ্টি হয়।

ইয়াৰ উপৰিও চিকিৎসাৰ মাজভাগত এৰি দিলে আৰু বিষক্ৰিয়া আৰু পুনৰ ৰোগ হোৱাৰ বাবে মৃত্যুও হ’ব পাৰে। শিশু আৰু কিশোৰ-কিশোৰীৰ আটাইতকৈ সাধাৰণ কৰ্কট ৰোগ হ’ল লিউকেমিয়া (২৪.৭%), টিউমাৰ আৰু স্নায়ুতন্ত্ৰ (১৭.২%), নন-হকিং লিম্ফোমা (৭.৫%), হকিং লিম্ফোমা (৬.৫%), কোমল কলাৰ চাৰকোমা (৫.৯%)। শিশুৰ কৰ্কট ৰোগ ধৰা পেলাবলৈ বহু ধৰণৰ নমুনাৰ প্ৰয়োজন হয় যাৰ ভিতৰত তেজ, ছিৰাম, শৰীৰৰ তৰল পদাৰ্থ আৰু কলা আদি অন্তৰ্ভুক্ত। এই ধৰণৰ অনুসন্ধানৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ প্ৰকৃত প্ৰকাৰটো জানিব পৰা আৰু ৰোগটো কিমান গভীৰ সেই বিষয়ে তথ্য লাভ কৰিলে চিকিৎসা কৰাটো সহজ হৈ পৰে।


আঞ্চলিক বন বিষয়া শশী মহন সিংহক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰীৰ পৰা দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে আছাম ৰাইজিং’, ‘ঘৰে ঘৰে আলোকপ্ৰভঞ্জন’ আৰু ‘মোবাইলে মোবাইলে ডি বি নিউজ’ কাৰ্যসূচী আৰম্ভ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰা আঞ্চলিক বন বিষয়া শশী মহন সিংহক এই যাত্ৰাৰ অংশীদাৰ কৰি বনাঞ্চল ৰক্ষাৰ্থে তথা জীৱ কুলৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবে তথা কৰ্মদক্ষতাৰ বাবে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনোৱা হয়।


পোন প্ৰথম বাৰৰ বাবে গোৱালপাৰাত উৎপন্ন হোৱা বহুমূলীয়া বনচোম নামৰ গছজোপা এতিয়া সমগ্ৰ পৃথিৱীতে জনাজাত। পৰৱৰ্তী সময়ত এই গছজোপা গোৱালপাৰাতো বিলুপ্ত হৈ গৈছিল।

আঞ্চলিক বন বিষয়া শশী মহন সিংহৰ প্ৰচেষ্টাত পুনৰ ১ লাখ পুলি গোৱালপাৰাত ৰোপণ কৰা হৈছে। বিষয়া গৰাকীৰ এই প্ৰচেষ্টাক শলাগ জনাই ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰা হয়।

-নেকিবুৰ জামান, গোৱালপাৰা।

প্ৰেম দিৱসৰ দিনা কৰীনাই স্বামীক জনালে শুভেচ্ছা, কি উত্তৰ দিলে ছেইফে?

বলীউডৰ জনপ্ৰিয় দম্পতীৰ ভিতৰত অন্য়তম ছৈফ আলী খান আৰু কৰীনা কাপুৰ খান। দম্পতীহালৰ সম্পৰ্ক সমীকৰণটো আন বহুতকৈ পৃথক হোৱাৰ একাধিক প্ৰমাণ পোৱা গৈছে। ছৈফে নিজে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰে। কিন্তু তেওঁৰ দৈনন্দিন জীৱনৰ ছবি কৰীনাৰ ছ’চিয়েল মিডিয়া পেজত পোৱা যায়।

বুধবাৰে এই বিখ্যাত দম্পতীয়ে কেনেদৰে প্ৰেম দিৱস উদযাপন কৰিছে সেই বিষয়ে অনুৰাগীসকলে কৌতুহলী হৈ পৰিছিল। কিন্তু কৰীনাই নিজেই ইংগিত দিলে যে তেওঁলোকে এই বিশেষ দিনটো বেলেগ ধৰণেৰে পাৰ কৰিছে। বুধবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীজত অনুৰাগীৰ সৈতে এক চমু কথা-বতৰা শ্বেয়াৰ কৰে কৰীনাই।

স্বামীক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাই কয় যে “ভেলেন্টাইন ডে’ৰ শুভেচ্ছা ছাইফু”। ইয়াৰ পিছতেই উত্তৰত ছেইফে বাৰু কি ক’লে? পত্নীৰ শুভেচ্ছাৰ উত্তৰত ছেইফে মাত্ৰ ‘ঠিক আছে’ বুলি ক’লে; আৰু এটাও অতিৰিক্ত শব্দ খৰচ কৰা নাছিল। এই ধেমেলীয়া ঘটনাটোৰ বিষয়ে কৰীনাই হাঁহিমুখীয়া ইমোজিৰে নিজৰ অনুৰাগীসকলক জনায়।

ইণ্ডাষ্ট্ৰীৰ ভিৰৰ মাজত অলপ মনে মনে থাকি ভাল পায় ছাইফে। তেওঁ বৰ ৰোমান্টিক নহয়, বহুবাৰ স্বীকাৰ কৰিছে। কিন্তু প্ৰেম দিৱসত দুয়োৰে সম্পৰ্কৰ সমীকৰণ মুকলিকৈ অনুৰাগীৰ সন্মুখত ৰখাৰ বাবে গৰিষ্ঠসংখ্যক অনুৰাগীয়ে প্ৰশংসা কৰে কৰীনাক।

মাজবাটত পুনৰ ১০৭ কেজি ভাং জব্দ ! এজনক আটক…

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা পুনৰ অভিযান চলাই ভাং জব্দ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে এজন ভাং সৰবৰাহ কৰাৰ সন্দেহত আটক কৰে। জানিব পৰামতে মাজবাট আৰক্ষীয়ে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে,

এছ আই কুশল চন্দ্র নাথ আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা লগত যোৱা এটা আৰক্ষীৰ দলে মাজবাট থানা এলেকাৰ লামাবাৰী হাটখোলা বজাৰৰ কাষৰ তামোল বাৰিত লুকুৱাই থোৱা অৱস্থাত ১০৭ কেজি ভাং জব্দ কৰে।‌

লগতে লামাবাৰী হাটখোলাৰ অমিত দৈমাৰী (৩২) নামৰ এজন ভাং সৰবৰাহ কৰাৰ সন্দেহত আটক কৰে আৰক্ষীয়ে। আজি মাজবাট আৰক্ষীয় ৭/২৪ নম্বৰ এটা কেছ ৰুজু কৰি ওদালগুৰিৰ আদালতত হাজিৰ কৰোৱাত আদালতে লোকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। জব্দ কৰা ভাং খিনিৰ বজাৰ মুল্য প্ৰায় ১১ লাখ টকা হব বুলি মাজবাট আৰক্ষীয়ে জানিবলৈ দিয়ে।

তামুলপুৰৰ গান্ধীবাৰীত অগ্নিকাণ্ডৰ ফলত ১০বিঘা চিত্ৰনলা খেতি ভষ্মিভূত…

তামুলপুৰৰ গান্ধীবাৰীত অগ্নিকাণ্ড, অগ্নিকাণ্ডৰ ফলত ১০বিঘা চিত্ৰনলা খেতি ভষ্মিভূত।

তামুলপুৰ জিলাৰ অন্তৰ্গত গান্ধীবাৰীত আজি সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে অঘটন। জানিব পৰা মতে গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালৰ বনাঞ্চলত অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ১০ বিঘা চিত্ৰনলা খেতিৰ বাগান ভষ্মীভুত হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি।

গাঁৱৰ ৰাইজে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানলৈ জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ৷

গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা গৃহ তিনিবছৰে নহ’ল সম্পূৰ্ণ…

কঠীয়াতলী উন্নয়নখণ্ডৰ অন্তৰ্গত গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত বৰপথাৰ পঞ্চায়তে কৰা গৃহৰ নিৰ্মাণ তিনিবছৰে নিৰ্মান সম্পূৰ্ণ নহল।মুকলি আকাশৰ তলত অধ্যয়ন কৰিছে ছাত্ৰ -ছাত্ৰীয়ে
ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ
দুশ ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শিক্ষক দুজন ;শ্ৰেনী কোঠালীও দুটা

কঠীয়াতলী উন্নয়ন খণ্ডই নিৰ্মান কৰা অতিৰুক্ত শ্ৰেণী কোঠাৰো তিনিবছৰত নিৰ্মান সম্পূৰ্ণ ছাত্ৰ -ছাত্ৰীৰ হাঁহাকাৰ

মুকলি আকাশৰ তলতে পাঠদান কৰিছে ছাত্ৰ -ছাত্ৰীক

কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত বৰপথাৰ পঞ্চায়তে নিৰ্মান কৰা গৃহৰ তিনিবছৰে নিৰ্মান সম্পূৰ্ণ নহল। যাৰ কাৰনে গৃহৰ অভাৱত মুকলি আকাশৰ তলত অধ্যয়ন কৰিছে ছাত্ৰ -ছাত্ৰীয়ে।উল্লেখ্য যে কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয় খনত দিৰ্ঘদিনধৰি ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শ্ৰেণীকোঠাৰ অভাৱত ভুগি আহিছে বৰ্তমান বিদ্যালয় খনত দুশ ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শিক্ষক দুজন ;শ্ৰেনী কোঠালীও দুটা

থকাৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।জানিব পৰা মতে বিদ্যালয় খনত কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তুৰ্গত বৰপথাৰ গাঁও পঞ্চায়তে বিদ্যালয় খনত এক চৰকাৰী আঁচনিৰ জৰিয়তে এটা অতিৰুক্ত শ্ৰেণীকোঠা নিৰ্মানৰ বাবে চাৰিলাখ টকা অনুমোদন দি কাম হাতত লৈছিল।কিন্তু আজিকোপতি এই গৃহটো কাম সম্পূৰ্ণ নহল।তাৎপৰ্য্য পূৰ্ণ যে কঠীয়াতলী উন্নয়ন খণ্ডৰ বৰপথাৰ পঞ্চায়তে কৰা এই কামটোত কোনো ফলক নলগোৱাত ৰাইজে সঠিক তথ্যৰ জ্ঞাত নোহোৱাৰ অভিযোগ উঠিছে।

অভিযোগ মতে কামতো নিৰিক্ষনৰ বাবে উন্নয়ন খণ্ডৰ কোনো অভিযন্ত্ৰা বিষয়া উপস্থিত নোহোৱা এই কামতোৰ চোৱা চিতাৰ দ্বায়িত্ব বহন কৰিছিল বৰপথাৰ গাঁও পঞ্চায়তৰ প্ৰয়াত সভানেত্ৰীৰ স্বামী নৃপেন নাথে।এই শ্ৰেণী কোঠাটো নিৰ্মান সম্পূৰ্ণ হলেও ছাত্ৰ -ছাত্ৰীৰ শিক্ষাদানত কিছুসকাহ হল হেতেন বুলি জানিব দিছে বিদ্যালয় খনৰ সভাপতি গৰকীৰ লগতে প্ৰধান শিক্ষক গৰাকীয়ে

নাজিৰাৰ লক্ষ্মীজানত ভয়ংকৰ পথ দুৰ্ঘটনা…

নাজিৰাত আইন শৃংখলাৰ ব্যাপক অৱনতি | নাজিৰা মহকুমা বিভিন্ন প্ৰান্তত আৰক্ষীৰ দিনে-নিশাই পানী নহৰকা তালাচী | কিন্তু এই তালাচী কেৱল মাত্ৰ লঘু বাহনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে | মলবাহী বাহনৰ ক্ষেত্ৰত বিশেষ ৰেহাই অসম আৰক্ষীৰ | যাৰ বাবে গধূৰ তীব্ৰবেগী বাহনে প্ৰায়ে প্ৰাণ কাঢ়ে নাজিৰাত বহু নিৰপৰাধী পথাচাৰীৰ |

লঘু বাহনৰ পৰা ৰাজহ সংগ্ৰহত ব্যস্ত অসম আৰক্ষীৰ বেহু ভাঙিলে উদণ্ড ডাম্পাৰ চালকে | প্ৰাপ্ত তথ্য অনুসৰি নাজিৰাৰ লক্ষ্মীজান Forest গেটৰ সমীপত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে | এখন শিল কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰে সন্মুখৰ পৰা অহা এখন প্লেজাৰ স্কুটি মহতিয়াই নিয়ে | ড্ৰাম্পাৰৰ চকাৰ তলত সোমাই থিতাতে মৃত্যু হয় স্কুটি আৰোহীৰ |

স্কুটি শিকিবলৈ যোৱা কিশোৰী গৰাকীৰ মৃত্যুক লৈ অঞ্চলজুৰি চাঞ্চল্য | জানিব পৰা মতে কিশোৰী গৰাকীৰ পিতৃৰ নাম বিৰেন পানিকা, ঘৰ লক্ষ্মীজান চাহ বাগিচা লাইনত | পৰৱৰ্তী ক্ষণত ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে উদণ্ড ড্ৰাম্পাৰ সহ চালকক আৰক্ষীয়ে আটক কৰিছে | এতিয়া প্ৰশ্ন হয় ? নাজিৰাত চৰকাৰৰ Hit and run এতিয়া কোন দিশে পৰিচালিত হৈছে |

ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ…

ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, কোকৰাঝাৰ জিলাৰ সাপকাটা গাওঁৰ নাম:- অণুৰাভা বয়স (২৩) পিতা:- ফুলেশ্বৰ ৰাভা নামৰ ছোৱালী জনীয়ে নিজ ইচ্ছাকৃত ভাৱে আদালতৰ অংগীকাৰ পত্ৰৰ যোগেদি

হিন্দু ধৰ্ম ত্যাগ কৰি অনুফা খাতুন বুলি নামেৰে আজিৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰে। আনকী যুৱতীজনীয় ইছলাম ধৰ্মৰ সকলো নিয়ম নীতিৰে পালন কৰাৰ প্ৰতিজ্ঞা প্ৰকাশ কৰে।

যুৱতী গৰাকীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত ভাষ্য প্ৰদান কৰিছে ।

প্ৰেম জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী ! আজি প্ৰেম উদযাপন কৰাৰ দিন…

প্ৰেম স্বৰ্গীয় …

প্ৰেমে মানুহক জীয়াই থকাৰ প্ৰৰণা দিয়ে। বিশ্বাসেই হ’ল প্ৰেমৰ মূল বিন্দু।প্ৰেম জীৱনৰ শ্ৰেষ্ঠ অনুভৱ। কিন্তু প্ৰেম মানেই বিবাহ নহয়।প্ৰেম মানেই দৈহিক মিলন নহয়।প্ৰেম হৃদয়ৰ গোপন কথাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংগীত তৰংগ। প্ৰেমক কোনো ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়। প্ৰেম আত্মাৰ আজন্ম সহযাত্ৰী।
প্ৰেম চিৰকালেই পূৰ্ণ, স্বয়ংসম্পূৰ্ণ। প্ৰেমৰ অনুভৱেই নিংসগ সময়ক সংগীতময় কৰি তোলে। আত্মাৰ সতে আত্মাই কথা পাতে। যিজন সঁচা প্ৰেমত পৰিছে,সদায়ে উমি উমি জ্বলে।এই জ্বলন পৃথিৱীৰ ভিতৰত সুমধুৰ।যি জীৱন বাটৰ শক্তি আৰু প্ৰেৰণাৰ উৎস।


গীতাৰ মতে প্ৰেম সকলোতকৈ শ্ৰেষ্ঠ। প্ৰেম অন্তৰৰ পৰা কৰা আৰধনা। ঈশ্বৰক আৰধনা কৰাৰ দৰেই প্ৰেমকো
অন্তৰেৰে আৰধনা কৰা হয়। যান্ত্ৰিকতাৰ যুগত স্বাৰ্থপৰৰ বাবে প্ৰেম ধ্বংস হৈছে। প্ৰেমক উপভোগৰ সামগ্ৰী কৰি তুলিছে। সেই প্ৰেমত বিশ্বাস নাই,আবেগ নাই আছে মাথোঁ আকাঙ্খা।

প্ৰেম জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী।এই প্ৰেমে যাক চুই যায় তাৰ জীৱন ধন্য।প্ৰেম পবিত্ৰ,নিৰ্মল বৰষুণ।প্ৰেম আহে দুভৰিত জুনুকা পিন্ধি।

প্ৰেমৰ আবেশে হৃদয়ক সিক্ত কৰি তোলে।প্ৰেম একপ্ৰকাৰ বিষাদৰ পিয়লা। এই বিষাদৰ পিয়লাৰ অনুভূতিবোৰ পি খায়ো ভাগৰি নপৰে জীৱন।বিষাদৰ আমেজক যিয়ে বুকুত ধাৰণ কৰিব পৰা নাই তেওঁ জীৱনত একোৱেই পোৱা নাই। বুকুৰ বিষাদকে শক্তি কৰি ললেই জীৱনত সফলতাৰ উঢঢ শিখৰ চুব পাৰি। প্ৰেম এক পবিত্ৰ আৰধনা ।প্ৰেম হৃদয়ৰ এক স্বত‍:স্ফৰ্ত অনুৰণন।প্ৰেমত কোনোবাই অবহেলা কৰিলেও জীয়াই থকাৰ
স্পৃহা হেৰুৱাই পেলাব নালাগে।কিয়নো প্ৰেম এটা স্বৰ্গীয় অনুভূতিহে, প্ৰেম এটা স্বৰ্ত নহয়..

লেখিকা ভূমিকা দাস