Home Blog Page 1077

মন্ত্ৰী-আমোলা, বিষয়াৰ বাসগৃহত প্ৰিপেইড মিটাৰ সংলগ্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী…

মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ দৰমহাৰ পৰা অতি নামমাত্ৰ মাহিলী বিদ্যুৎ বিল কৰ্তন কৰা হয়।


মন্ত্ৰীৰ কলনীত থকা বাসগৃহকে ধৰি প্ৰতিটো চৰকাৰী কোৱাৰ্টাৰত ব্যক্তিগত প্ৰিপেইড মিটাৰ সংলগ্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


এই ব্যৱস্থাৰ লক্ষ্য হৈছে মন্ত্ৰী, বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে যাতে কোনো ধৰণৰ ৰাজসাহায্যযুক্ত বিদ্যুৎ লাভ নকৰে।


মন্ত্রী, বিষয়াৰ বিদ্যুতৰ বিল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ পোষ্ট Xত।

শিশু নিৰ্যাতনৰ গোচৰৰ ক্ষমাক লৈ পদত্যাগ হাংগেৰীৰ ৰাষ্ট্ৰপতি ন’ভাকেৰ…

‘শিশু নিৰ্যাতনকাৰীক ক্ষমা কৰি মই ভুল কৰিলো’। শিশু নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত লোকক ক্ষমা কৰাৰ বাবেই পদত্যাগ কৰিলে হাংগেৰীৰ ৰাষ্ট্ৰপতি কাটালিন ন’ভাকে।২০২৩ চনৰ এপ্ৰিল মাহত কাটালিন ন’ভাকে প্ৰায় ৪০ জন মান লোকক ক্ষমা কৰিছিল। শিশু নিৰ্যাতন ঢাকি ৰখাত সহায় কৰাৰ বাবে দোষী সাব্যস্ত হোৱা এজন লোকক ক্ষমা কৰাৰ বাবে শনিবাৰে হাংগেৰীৰ ৰাষ্ট্ৰপতি কেটালিন ন’ভাকে পদত্যাগ কৰে।

ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত ভাষণত পদত্যাগ ঘোষণা কৰি ন’ভাকে কয় যে, “মই ভুল কৰিলোঁ… আজি মোক আপোনালোকে ৰাষ্ট্ৰপতি হিচাপে সম্বোধন কৰাৰ শেষ দিন।”

অসুস্থ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী…

হঠাৎ অসুস্থ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী।


GMCHত চিকিৎসাধীন বিধায়ক ফণীভূষণ চৌধুৰী।

জ্বৰত আক্ৰান্ত হৈ ICUত চিকিৎসাধীন বিধায়গৰাকী।


কলাক্ষেত্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে অসুস্থ হৈ পৰিছিল বিধায়কগৰাকী।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ।

ভগৱান শিৱৰ তৃতীয় চকুৰ কেনেকৈ আবিৰ্ভাৱ হ’ল…

পৃথিৱীৰ প্ৰতিটো জীৱৰ জীৱনৰ ৰহস্য ভগৱান মহাদেৱৰ চকুত লুকাই আছে। ভগৱান শিৱ আৰু পাৰ্বতীৰ মাজত হোৱা ৰহস্যময় কথা-বতৰাৰ বিষয়ে মহৰ্ষি নাৰদে আমাক কৈ গৈছে। ভগৱান শিৱই চকু মুদি থাকিলেও সকলো জানে? এটা কাহিনী আছে যে এবাৰ মহৰ্ষি নাৰদে নাৰায়ণ-নাৰায়ণ জপ কৰি ঋষিৰ সমাৱেশত উপনীত হৈছিল। সকলোৱে তেওঁক আদৰণি জনাই ক’লে যে তেওঁ সঠিক সময়ত আহিছে। আমি মা পাৰ্বতী আৰু ভগৱান শংকৰৰ কাম-কাজৰ বিষয়ে আলোচনা কৰি আছিলো। আপুনি সৰ্বজ্ঞানী, এতিয়াৰ আগতে আন কোনোৱে নজনা কথা এটা আমাক কওক।

এই বিষয়ে নাৰদয়ে ভগৱান শংকৰৰ তৃতীয় চকুৰ ৰহস্যৰ বিষয়ে তথ্য দিওঁতে ক’লে যে ভগৱান শিৱই হিমালয় পৰ্বতত এখন সভা আয়োজন কৰিছিল, য’ত সকলো দেৱতা, ঋষি আৰু জ্ঞানী লোক উপস্থিত আছিল। তেনেতে হঠাৎ সেই সভালৈ পাৰ্বতী আহি আমোদ-প্ৰমোদত দুয়োখন হাত ভগৱান শিৱৰ চকুত ৰাখিলে। মাতৃ পাৰ্বতীয়ে ভগৱান শিৱৰ চকু ঢাকি দিয়াৰ লগে লগে বিশ্বব্ৰহ্মাণ্ডত আন্ধাৰ হৈ পৰিল। ইয়াৰ পিছত পৃথিৱীত উপস্থিত থকা সকলো জীৱৰ মাজত আতংকৰ সৃষ্টি হৈছিল। জগতৰ এই অৱস্থা দেখি ভগৱান শিৱ বিচলিত হৈ পৰিল আৰু একে সময়তে তেওঁৰ কপালত পোহৰৰ ৰশ্মি প্ৰকাশ কৰিলে, যাৰ বাবে জগতখন পুনৰ সজীৱ হৈ উঠিল।

এই পোহৰৰ ৰশ্মি ভগৱান শিৱৰ তৃতীয় চকু হিচাপে আবিৰ্ভাৱ হৈছিল। পিছত মাতৃ পাৰ্বতীয়ে ক’লে যে তেওঁ তেনে নকৰিলে জগতখন ধ্বংস হৈ গ’লহেঁতেন। তেওঁৰ চকুৱেই জগতৰ ৰক্ষক। চকু মুদি থাকিলে পৃথিৱীখন কেনেকৈ গতি কৰে জানিবলৈকে শিৱৰ তৃতীয় চকুটো জগাই তুলিলে।

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন ! ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা…

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন । লোকে লোকাৰণ্য হৈ পৰিছে অধিৱেশনস্থলী । অসমৰ বিভিন্ন স্থানৰ পৰা লক্ষ্য লক্ষ্য ভকত ,আই-বাপ আহি ভৰি পৰিছে অধিৱেশনস্থলী ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা । 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় এই যাত্ৰা ।বাৰে ৰহনীয়া অসমৰ কৃষ্টি কলা প্ৰদৰ্শন কৰা হয় এই ভাগৱত শোভাযাত্ৰাত ।

৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন। ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰ পূৰ্ণগতিত চলিছে অধিৱেশন। ৩০ লাখ ভকত–বৈষ্ণৱ। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে ৰঙিয়া। অধিৱেশনথলীৰ অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হ’ল গুৰু আসন। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত বৈকুণ্ঠপুৰী হৈ পৰিছে এতিয়া অধিৱেশনথলী

প্ৰায় ৫০ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ । ৭০০ বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন। ৩০৮ টা চৌকাৰে সাজু ৰান্ধনীশাল, ১১০ টা শিবিৰ, একেলগে আহাৰ গ্ৰহণ কৰিছে ১০ হাজাৰ ভক্তই ।

চাইবাৰ অপৰাধৰ বলি অভিনেতা মহেশ বাবুৰ ১১ বছৰীয়া কন্যা…

চাইবাৰ অপৰাধৰ বলি হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ কন্যা সীতাৰা। কোনোবাই তেওঁৰ নামত ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট চলাই আছে। ছ’চিয়েল মিডিয়াৰ যুগত কেৱল সাধাৰণ জনতাই নহয়, বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিও চাইবাৰ অপৰাধৰ বলি হৈছে। এতিয়া চাউথৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ কন্যা সীতাৰাও ইয়াৰ বলি হৈছে।আচলতে কোনোবাই ছ’চিয়েল মিডিয়াত সীতাৰ নামত ভুৱা একাউণ্ট চলাই আছে। এই তথ্য সীতাৰাৰ পিতৃ-মাতৃ মহেশ বাবু আৰু অভিনেত্ৰী নম্ৰতা শিৰোডকাৰে তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে দিছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কন্যাৰ ভুৱা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে সকীয়াই দিছে।

কেপচনত কন্যাৰ আচল একাউণ্টটো টেগ কৰি তেওঁ কৈছে যে এইটোৱেই একমাত্ৰ সীতাৰ একাউণ্ট। পোষ্টটোত তথ্যও দিয়া হৈছে যে ব্যক্তিজনে ছ’চিয়েল মিডিয়াত আন ব্যৱহাৰকাৰীলৈও ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ লিংক প্ৰেৰণ কৰিছে। ইয়াৰ লগতে সীতাৰাৰ অফিচিয়েল একাউণ্টৰ বাহিৰে আন কোনো ইনষ্টাগ্ৰাম একাউণ্টত বিশ্বাস নকৰিবলৈ সকলো ফ’ল’ৱাৰক অনুৰোধ জনাইছে সীতাৰাৰ পিতৃ-মাতৃয়ে। মহেশ বাবুৰ এই ভুৱা একাউণ্টৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু এতিয়া তদন্ত চলি আছে। দেউতাকৰ দৰে সীতাৰাও যথেষ্ট জনপ্ৰিয়।সৰু ১১ বছৰ বয়সতে ছ’চিয়েল মিডিয়াত ভাল ফেন ফ’ল’ৱাৰ সৃষ্টি কৰিছে। সীতাৰাই বিজ্ঞাপনৰ ক্ষেত্ৰতো কাম কৰি আহিছে। বিজ্ঞাপনৰ পৰা পোৱা ধন তাৰকাগৰাকীয়ে দান কৰিছিল। সীতাৰাক ‘প্ৰিন্সেছ’ নামৰ এখন চুটি ছবিতো দেখা গৈছে।

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত মুকলি হ’ব চিৰিয়াখানা…

অসম কেবিনেটৰ এখন বৈঠক শনিবাৰে নিশা গুৱাহাটীত অনুষ্ঠিত কৰা হয়। কেবিনেটৰ বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্ত সমূহ সন্দৰ্ভত সংবাদমেলত সদৰী কৰে। মন্ত্ৰী বৰুৱাই কয় – ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত হব মুকলি চিৰিয়াখানা। এই চিৰিয়াখানা খনে ৫৫০০ হাজাৰ মানুহক উপকৃত কৰিব আৰু ইয়াৰ বাবে ধন ২০২৪-২৫ বৰ্ষৰ বাজেটত অনুমোদন জনোৱা হ’ব।

এই মুকলি চিৰিয়া খানাৰ বাবে ২৫৯ কোটি টকা মুকলি কৰি দিয়া হ’ব। কেবিনেটত লগতে ১৯৫৬ চনৰ পৌৰ নিগমৰ বিধেয়ক এখনৰ সংশোধনীত অনুমোদন জনোৱা হয়। লগতে ৰাজ্যৰ ১০ খন ৰূপায়ন নামেৰে আঁচনি এখন গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই আঁচনিয়ে অসমৰ ১০ খন চহৰক সামৰি লব।কেবিনেটত ভিডিপি সংশোধনী বিধেয়কতো অনুমোদন জনোৱা হয়। অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ চাকৰি বিলুপ্তি ঘটাই নতুন পদ সৃষ্টি কৰাৰ সিদ্ধান্তও কেবিনেটত লোৱা হয়।


সচিবালয়ত নতুনকৈ ৩৫২ টা পদ সৃষ্টি কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় এতিয়াৰে পৰা কোনো লোকে তন্ত্ৰ-মন্ত্ৰ বেজালি কৰি চিকিৎসা কৰিব নোৱাৰিব। ইয়াৰ বাবে নতুন বিধেয়ক অনা হ’ব। বিধেয়ক খনৰ খনৰ নাম Assam healing privantion of reveal practice act 2024।

ভেলেণ্টাইন ডে’ত এই ৫ টা উপহাৰ দিয়ক আপোনাৰ সংগীক, আনন্দ আৰু সুখেৰে পাৰ হ’ব জীৱনটো…

ফেব্ৰুৱাৰী মাহটোক অতি বিশেষ বুলি গণ্য কৰা হয়। আজি ভেলেণ্টাইন উইকৰ চতুৰ্থ দিন যিটো টেডি ডে হিচাপে পালন কৰা হয়। আজিৰ দিনটোত মানুহে নিজৰ সংগীক সুখী কৰিবলৈ টেডি উপহাৰ দিয়ে। ১৪ ফেব্ৰুৱাৰীত উদযাপন কৰা হ’ব ভেলেণ্টাইন ডে’। এই দিনটোত মানুহে নিজৰ প্ৰেম প্ৰকাশৰ বাবে সংগী বা পত্নীক উপহাৰ দিয়ে। সদায় মনত ৰাখিব যে আপুনি উপহাৰ দিয়া বস্তুটো আপোনাৰ সন্মুখত থকা ব্যক্তিজনে ভাল পাব লাগে আৰু তেওঁৰ বাবে শুভ বুলি প্ৰমাণিত হ’ব লাগে। আজি আমি আপোনালোকক এনে কিছুমান উপহাৰৰ ধাৰণা জনাবলৈ ওলাইছো যিবোৰ বাস্তু শাস্ত্ৰৰ মতে শুভ-

বাস্তু শাস্ত্ৰৰ মতে এযোৰ হাতী উপহাৰ দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। এযোৰ হাতীৰ উপৰিও মাত্ৰ এটা হাতীও দিব পাৰে। এই হাতীটো ৰূপ, পিতল বা কাঠৰ পৰা তৈয়াৰ কৰা হ’লে ভাল।

বতাহৰ চিম বাস্তু শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। ঘৰত প্ৰয়োগ কৰিলে ঋণাত্মক শক্তি ওলাই যায় আৰু ধনাত্মকতা বাস কৰে। ভেলেণ্টাইন ডে’ত আপোনাৰ সংগীক বতাহৰ চিম উপহাৰ দিব পাৰে।

বাস্তু শাস্ত্ৰৰ মতে আপোনাৰ সংগীক সতেজ ফুল দিব পাৰে। কোৱা হয় যে ইয়াৰ ফলত সম্পৰ্কত সতেজতা আহি পৰে। কোনোবাই কেতিয়াও কাকো ভুৱা, আড়ম্বৰপূৰ্ণ ফুল দিব নালাগে। ইয়াৰ ফলত সম্পৰ্কত তিক্ততাৰ সৃষ্টি হয়।

ভেলেণ্টাইন ডে’ত আপুনি উপহাৰ দিব পাৰে হাঁহি থকা বুদ্ধৰ প্ৰতিমূৰ্তি। ঘৰত ৰাখিলে সুখ, শান্তি আৰু ইতিবাচকতা আনে। জীৱনত ইতিবাচকতা আহে।

বাস্তু শাস্ত্ৰত বাঁহ গছ অতি শুভ বুলি গণ্য কৰা হয়। ভেলেণ্টাইন ডে’ত আপোনাৰ সংগীক বাঁহৰ গছ দিব পাৰে। ইয়াৰ ফলত কেৰিয়াৰৰ উন্নতিৰ পথ মুকলি হয়।


৯ দিন, ১২০০ কিলোমিটাৰ চাইকেল চলাই মুম্বাই পালেহি কাৰ্তিক আৰিয়ানৰ অনুৰাগী…

কাৰ্তিক আৰিয়ানক লগ কৰিবলৈ ৯ দিন ১২০০ কিলোমিটাৰ চাইকেল চলাইল আহিল এজন অনুৰাগীয়ে। এনে পৰিস্থিতিত অভিনেতাগৰাকীয়েও নিজৰ ইচ্ছা পূৰণ নোহোৱাকৈ থাকিব নিদি ঘৰৰ পৰা ওলাই আহি অনুৰাগীজনক লগ কৰে, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বলীউডৰ যুৱ আৰু মনোমোহা অভিনেতা কাৰ্তিক আৰিয়ানে অভিনয়ৰ লগতে আচৰণেৰে অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়েও একেধৰণৰ কাম কৰিছে। কাৰ্তিকক লগ কৰিব বিচৰা এজন ব্যক্তিয়ে ঝাঁচীৰ পৰা মুম্বাইলৈ ১২০০ কিলোমিটাৰ যাত্ৰা ৯ দিনত সম্পূৰ্ণ কৰিছিল। চাইকেলেৰে চহৰৰ দূৰত্ব অতিক্ৰম কৰা এই অনুৰাগীৰ ইচ্ছাও অপূৰ্ণ হ’বলৈ নিদিলে কাৰ্তিক। অভিনেতাজনে নিজৰ ঘৰৰ পৰা ওলাই আহি অনুৰাগীজনক লগ কৰিলে আৰু লগতে তেওঁৰ সৈতে ফটো ক্লিক কৰিলে।


ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কাৰ্তিক আৰিয়ানৰ অনুৰাগীৰ ভিডিঅ’। ভিডিঅ’টোত কাৰ্তিক আৰিয়ানে ক’লা টি-চাৰ্ট আৰু নেভি ব্লু ট্ৰাউজাৰ পিন্ধি থকা দেখা গৈছে, আনহাতে তেওঁৰ লগত থিয় হৈ থকা ব্যক্তিজনেই হৈছে অনুৰাগী যিয়ে অভিনেতাজনক লগ কৰিবলৈ ঝান্সীৰ পৰা মুম্বাইলৈ চাইকেল চলাই আহিছে।

‘সত্যপ্ৰেম কি কথা’ত কিয়াৰা আদৱানীৰ সৈতে ৰূপালী পৰ্দাত শেষবাৰৰ বাবে দেখা গৈছিল কাৰ্তিক আৰিয়ানক। এতিয়া অভিনেতাগৰাকীক অতি সোনকালে ‘চান্দু চেম্পিয়ন’ৰ চৰিত্ৰত দেখা যাব। খবৰ অনুসৰি ‘চান্দু চেম্পিয়ন’ৰ পিছত কাৰ্তিকৰ বাকেট লিষ্টত আশিকী ৩ আৰু ভূল ভুলীয়াও আছে।


ৰাতিৰ আহাৰ খোৱাৰ পিছত এই ৫টা যোগ আসন কৰক, খাদ্য সোনকালে হজম হ’ব…

বহুতে ৰাতিৰ আহাৰ খাইয়ে শুবলৈ যায়। এনে এইটো কৰা উচিত নহয়। লঘু আহাৰ ৰাতি খাব লাগে, যাতে খাদ্যখিনি সহজে হজম কৰিব পৰা যায়। ৰাতি বেছি গধুৰ বা টেঙা খাদ্য খাব নালাগে। ইয়াৰ ফলত পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। ৰাতিৰ আহাৰ সদায় শুৱাৰ ৩ ঘণ্টা আগতে খাব লাগে। আজি আমি আপোনালোকক কম যে খাদ্য খোৱাৰ পিছত কোনবোৰ যোগ আসন কৰিব লাগে-

যাতে আপোনাৰ খাদ্য সহজে হজম হয়। ৰাতি খাইয়ে লগে লগে শুলে আপোনাৰ খাদ্য হজম হোৱাত বাধা দিয়ে, যাৰ ফলত পেটৰ লগত জড়িত সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। খাদ্য খোৱাৰ পিছত যোগাসন কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস পায়। যদি আপুনি দৈনিক খাদ্য খোৱাৰ পিছত বজ্ৰাসন আসন কৰে, তেন্তে আপুনি কেতিয়াও বদহজমৰ দৰে সমস্যাৰ সন্মুখীন নহয়। মেদবহুলতা আঁতৰোৱাতো ই উপকাৰী।

ৰাতি বেছি গধুৰ খাদ্য খাব নালাগে। এনে কৰিলে আপোনাৰ পেটত বহুত অসুবিধা হ’ব পাৰে। লাহে লাহে আপুনি মেদবহুলতাৰ বলি হ’বলৈ আৰম্ভ কৰে। খাদ্য খোৱাৰ ৫ মিনিট পিছতো সেতুবন্ধাসন কৰিব লাগে। হাওঁফাওঁ আৰু থাইৰয়ডৰ সমস্যা আঁতৰাই ৰখাতো ই অতি উপকাৰী। ঋতুস্ৰাৱৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ৰাতি ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িব লাগে। শোৱাৰ কমেও ৩ ঘণ্টা আগতে সদায় ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে। সুপ্ত বুদ্ধ কনাসনও কৰিব লাগে। এনে কৰিলে আপুনি ৰাতি ভাল টোপনি লাভ কৰিব। আপোনাৰ খাদ্যও ভালদৰে হজম হয়। দৈনিক এই কাম কৰিলে ওজন কমা আৰু পাচনতন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যায়।

দৈনিক খাদ্য খোৱাৰ পিছত বালাসন কৰিলে আপোনাৰ শৰীৰটো ফিট হৈ থাকে আৰু মেদবহুলতা সৃষ্টি নকৰে। ওজন বৃদ্ধিৰ সমস্যা দূৰ কৰিবলৈও ইয়াক সেৱন কৰিব লাগে। মেৰুদণ্ড দীঘল আৰু টানি লোৱাতো ই অতি উপকাৰী। লগতে ডিঙিৰ বিষ নিৰাময় কৰে।

খাদ্য খোৱাৰ পিছতো বিপৰিত কৰণী আসন কৰিব লাগে। ভৰিৰ বিষ আৰু ভাগৰ ক্ষন্তেকতে উপশম কৰাত ই অতি উপকাৰী। ডিঙিত সামান্য টানিও অনুভৱ কৰিব পাৰে। প্ৰতিদিনে খাদ্য খোৱাৰ পিছত এনে কৰিলে মানসিক চাপৰ পৰা সকাহ পাব পাৰে।