Home Blog Page 1078

এইবাৰ চকলেটৰ ব্যৱসায়তো প্ৰৱেশ কৰিলে মুকেশ আম্বানীয়ে, ক্ৰয় কৰিলে কেইবাটাও পুৰণি জনপ্ৰিয় ব্ৰেণ্ড…

এইবাৰ চকলেটৰ ব্যৱসায়তো প্ৰৱেশ কৰিলে মুকেশ আম্বানীয়ে, ক্ৰয় কৰিলে কেইবাটাও পুৰণি জনপ্ৰিয় ব্ৰেণ্ড। জিঅ’কে আদি কৰি দেশৰ বহু কেইটা ব্যৱসায়ত প্ৰৱেশ কৰা মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীয়ে এতিয়া বজাৰত চকলেটো বিকিব। চকলেটৰ ব্যৱসায়ত হাত দিয়াৰ বাবেই ৰিলায়েন্স কনজিউমাৰে ২৭ কোটি টকাৰে ৮২ বছৰ পুৰণি ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহ ক্ৰয় কৰিছে। চুক্তি অনুসৰি এতিয়া কফি ব্ৰেক আৰু পান পছন্দকে ধৰি ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ জনপ্ৰিয় ব্ৰেণ্ডৰ চকলেটসমূহ আম্বানীৰ কোম্পানীয়ে বিক্ৰী কৰিব। ৰাভালগাঁও চুগাৰ ফাৰ্মে আম মুড, কফি ব্ৰেক, টুটি ফ্ৰুটি, পান পছন্দ, চোকো ক্ৰীম আৰু চুপ্ৰিমৰ দৰে ব্ৰেণ্ডৰ চকলেট বিক্ৰী কৰি আহিছিল কিন্তু এতিয়া ২৭ কোটি টকাৰ বিনিময়ত আম্বানীৰ ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-এ ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহৰ ট্ৰেডমাৰ্ক, ৰেচিপি, আদিৰ অধিকাৰ ক্ৰয় কৰিছে। ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ হৈ হৰ্ষবৰ্ধন ভাৰত দোশী, নিহাল হৰ্ষবৰ্ধন দোশী আৰু লালন অজয় কাপাদিয়ে চুক্তিত স্বাক্ষৰ কৰিছে। উল্লেখ্য আৰচিপিএল হৈছে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ (আৰআৰভিএল) এটা সহায়ক কোম্পানী।

এই কোম্পানীটো মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ খুচুৰা শাখা। ৰাভালগনে কৈছে যে চুক্তি কৰা হৈছে যদিও ৰাভালগনৰ সম্পত্তি, ভূমি, প্ৰকল্প, ভৱন, সঁজুলি, যন্ত্ৰপাতি আদিআম্বানীয়ে ক্ৰয় কৰা নাই। কেৱল কেইটামান জনপ্ৰিয় ব্ৰেণ্ডহে ক্ৰয় কৰিছে। ৰাভালগাঁও চুগাৰৰ মতে, শেহতীয়া বছৰবোৰত ইয়াৰ মিষ্টান্ন ব্যৱসায় চলাই ৰখাটো কঠিন হৈ পৰিছে।” ইয়াৰ ফলত ৰাভালগনে লোকচানৰো সন্মুখীন হৈছে। কেঁচা মাল, শক্তি আৰু শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ ফলত ইয়াৰ ৰাভালগনৰ লাভ কমি আহিছে। আৰচিপিএলৰ এফএমচিজি শাখাত প্ৰাসংগিক খেলুৱৈ হোৱাৰ উচ্চাকাংক্ষা আছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী কৰা হ’ব কাঃ অমিত শ্বাহৰ ঘোষণা…

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সজীব হৈ পৰিছে কাৰ প্ৰসংগ। কেন্দৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে নাগৰিকত্ব সংশোধনী আইন (চিএএ) সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে কা কাৰ্যকৰী কৰাৰ অধিসূচনা লোকসভা নিৰ্বাচনৰ আগতে জাৰি কৰা হ’ব। অমিত শ্বাহে ইয়াৰ পূৰ্বেও দেশত কা বলবৎ কৰা হ’ব বুলি বহুবাৰ ঘোষণা কৰিছিল। যোৱা বছৰ ডিচেম্বৰ মাহত তেওঁৰ বংগ ভ্ৰমণৰ সময়ত দাবী কৰিছিল যে কোনেও কাৰ কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰে। গৃহমন্ত্ৰীৰ বক্তব্যৰ পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে অমিত শ্বাহে কাৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰি আহিছে।চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই পদক্ষেপৰ বেছিভাগ কাম মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত সম্পূৰ্ণ হ’ব বুলি শ্বাহে মন্তব্য কৰিছে। একে সময়তে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন সন্দৰ্ভত চলি থকা আলোচনাৰ বিষয়তো তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বাবে ৰামনাথ কোবিন্দ সমিতি গঠন কৰিছে। সমিতিয়ে লোকসভা নিৰ্বাচন ২০২৪ ৰ পূৰ্বে মাৰ্চ মাহত এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিব।

এই মাহৰ আৰম্ভণিতেও শ্বাহে কৈছিল যে লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ আগতে কাৰ নিয়মসমূহৰ বিষয়ে জাননী প্ৰকাশ কৰা হ’ব। ইয়াৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰী সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব। কাৰ অধীনত নাগৰিকত্ব প্ৰদানৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এটা অনলাইন প্ৰণালী প্ৰবৰ্তন কৰাৰ কথাও চিন্তা কৰা হৈছে। উল্লেখ্য বংগত অমিত শ্বাহে কৈছিল ‘নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে’৷ তেওঁ মমতা বেনাৰ্জীৰ বিৰুদ্ধে আইন খনকলৈ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপিৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰিছিল৷ তেওঁ কৈছিল “নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতিৰ অংশ’’। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) ৰূপায়ণ কোনেও বন্ধ কৰিব নোৱাৰে, কিয়নো ই দেশৰ আইন। তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিষয়টোত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ’চিয়েল মিডিয়া আৰু আইটি শাখাৰ সদস্যসকলৰ এক ৰুদ্ধদ্বাৰ বৈঠকত ভাষণ দি শ্বাহে কৈছিল যে কা ৰূপায়ণ হৈছে দলটোৰ প্ৰতিশ্ৰুতি।


অমিত শ্বাহে বিশ্বাস ব্যক্ত কৰি আহিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, বিজেপিয়ে ১৮ খন আসন লাভ কৰিছিল।
উল্লেখ্য নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে মোদীয়েই হওঁক বা শ্বাহেই হওঁক, বংগ প্ৰতিবাৰেই মমতাক আক্ৰমণৰ লক্ষ্য কৰি আহিছে৷ মূলতঃ বংগৰ হিন্দু বঙালী ভোটাৰক আকৃষ্ট কৰাৰ বাবেই বিজেপিয়ে বংগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগটো সঘনাই উচ্চাৰণ কৰি আহিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ ধৰ্মতলাত এক ৰেলীত চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কৈছিল যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো বন্ধ কৰিব নোৱাৰে। বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ বিজেপি ক্ষমতালৈ অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত গায়ন-বায়নৰ সমাহাৰ, লোকাৰণ্য পৰিৱেশ, ভক্তিৰসত শংকৰ সংঘৰ হাতীখলা পথাৰ…

৯৩সংখ্যক ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বিতীয় দিনা ৰঙিয়াৰ ভয়ৰা মৰাণজানাৰ হাতীখলা পথাৰত বৈকুণ্ঠপুৰীত পৰিণত হয় সমন্বয় ক্ষেত্ৰ । সমন্বয় ক্ষেত্ৰত অগণন ভকত-বৈষ্ণৱ, সেৱক আৰু আই-মাতৃসকলৰ মিলনৰ তীৰ্থ ভূমিত পৰিণত হোৱা অধিৱেশনত পুৱাৰে পৰা হৰিনামৰ ধ্বনি, পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ আদি অনুষ্ঠিত হৈ যায়। তাৰ পিছত পুৱা ৯ বজাত প্ৰতিনিধি সভাকক্ষত জিলা শাখা সমিতিৰ সভাপতি-সম্পাদকসকলৰ সন্মিলন অনুষ্ঠিত হয়। ইফালে এই সন্মিলনৰ পিছতে দিনৰ ১১ বজাত মূল মঞ্চত সাহিত্য শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হয়। সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড০ জগত চন্দ্ৰ কলিতাই সভাপতিত্ব কৰা বাৰ্ষিক অধিৱেশনৰ মুকলি সভাখন উদ্বোধন কৰে সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাঃ সভাপতি ড০ সুৰেশ চন্দ্ৰ বৰাই । অধিৱেশন কি দৰে চলাব লাগে তথা শংকৰ সংঘৰ আচাৰ-ব্যৱহাৰ আদি সকলো দিশ কেৱল অধিৱেশনৰ পৰা শিকিব পাৰি বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই সভাত ভাষণ প্ৰদান কৰে। ইফালে সংঘৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলাৰ অধ্যাপক মৃণাল কুমাৰ বৰুৱাই গুৰুজনাৰ সাহিত্য চৰ্চা জাতীয় দায়িত্ব বুলি গ্ৰহণ কৰিব লাগে আৰু গুৰুজনাক বাদ দি জাতীয় চেতনা অসম্ভৱ। লগতে গুৰুজনাৰ সাহিত্য অনুগামীৰ অনুপ্ৰেৰণা চিৰন্তন বিদ্যমান হৈ থাকিব বুলি উল্লেখ কৰে। সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এটা জাতিক মানৱীয় সভ্যতা, প্ৰমূল্য, ঐক্যবোধ গুৰুজনাই দি থৈ গৈছে । ৰামৰাজ্যৰ সপোন দেখা ভাৰতত গুৰুজনাই ৫০০ বছৰ আগতে প্ৰতিষ্ঠা কৰি থৈ গৈছে । অসমত কেৱল প্ৰেম, ভাতৃত্ববোধ গুৰুজনাই আগবঢ়াই দিছে।

অসমত গুৰুজনাক সংকটত পেলাবলৈ কিছুমান শক্তি মাজে মাজে জাগ্ৰত হয়। যি জাতীয় চেতনা কেৱল গুৰুজনাৰ সত্তা আদিক লৈ গুৰুজনাই দি যোৱা আদৰ্শ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অৱদানক লৈ বিশদভাৱে আলোকপাত কৰে। আনহাতে, অধিৱেশনত বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুবোধ চন্দ্ৰ দাস উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ অনুপস্থিত থকাত অধিৱেশনৰ বাবে গুৰুজনাক লৈ এক শুভেচ্ছাবাণী পঠিওৱাত পাঠ কৰি দিয়ে। আনহাতে, সভাত নিৰ্দিষ্ট বক্তাৰূপে চিলাৰায় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দ্বিজেন্দ্ৰ নাথ ভকতে গুৰুজনাৰ আদৰ্শ আৰু সংস্কৃতিৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰজা নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ ইতিহাসক লৈ এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাত বিশিষ্ট অতিথি হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তীকে ধৰি বিধায়ক ভৱেশ কলিতা, সংঘৰ কেইবাগৰাকীও বিষয়ববীয়া, অসম জাতীয় পৰিষদৰ দুলু আহমেদ, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা উপস্থিত থাকে।

গায়ন বায়নৰ সমাহাৰেৰে উপচি উঠা হাতীখলা পথাৰৰ শংকৰ সংঘৰ অধিৱেশনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভৱেশ কলিতা; লুৰিণজ্যোতি গগৈ উপস্থিত…

অগণন ভকত-বৈষ্ণৱ সেৱকৰ উপস্থিতিৰে সমন্বয়স্থলী ৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয় দিন। ইফালে দিনত অনুষ্ঠিত হোৱা সাহিত্য শাখা সমিতিৰ মুকলি সভাৰ পিছতে মূল মঞ্চত দিনৰ ২ বজাত সংস্কৃতি শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হয়। এই সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ-পদাধিকাৰ বসুন্ধৰ ডেকাই । সংস্কৃতি শাখা সমিতিৰ সভাপতি পৱিত্ৰ প্ৰাণ বৰাই সভাপতিত্ব কৰা সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গুৰুজনাই সাহিত্য-সংস্কৃতিৰ লগতে জগতখনৰ বাবে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু জগতখনৰ বাবে গুৰুজনাৰ লগতে মাধৱদেৱে যি অৱদান আগবঢ়াই থৈ গ’ল তাক বাদে অন্য দ্বিতীয়, তৃতীয় মহাপুৰুষ সৃষ্টি নহ’ল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে সংস্কৃতি শাখা সমিতিৰ উপ-সভাপতি ডাঃ নৱকৃষ্ণ ৰাজখোৱাৰ লগতে বিশিষ্ট অতিথি হিচাপে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন শ্যামল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলাৰ সহযোগী অধ্যাপক ড০ যাদৱ চন্দ্ৰ বৰা, পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাকে ধৰি সংঘৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

আনহাতে, অধিৱেশনৰ দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি সংস্কৃতি শাখা সমিতিৰ মুকলি সভাৰ পিছতে সন্ধিয়া সমূহীয়া প্ৰাৰ্থনা, নাম-প্ৰসংগ আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। সাংস্কৃতিক সমাৰোহ মুকলি কৰে বিশিষ্ট শিল্পী তথা আৰ জে বি কলেজৰ সহযোগী অধ্যাপক ড০ মল্লিকা কন্দলীয়ে। তাৰ পিছত নিশা শংকৰদেৱ সংঘৰ অধিৱেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰৰ নাটঘৰত বায়ন বিশাৰদ বেদনিধি বৰদলৈয়ে নাট উদ্বোধন কৰাৰ লগে লগে অংকীয়া নাট প্ৰদৰ্শন হয় আৰু শেষত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত প্ৰতিনিধি সভাকক্ষত প্ৰতিনিধি সভাৰে অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সামৰণি পৰে।

ভাৰত বনাম অষ্ট্ৰেলিয়া, অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল…

আজি অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। দক্ষিণ আফ্ৰিকাৰ ভূমিত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ হাই ভল্টেজ মেচ । ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন। আনহাতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ ১৯ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ভাৰতীয় অধিনায়ক উদয় চাহাৰান আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক হিউ ৱেইবগেনে ট্ৰফী লৈ পোজ দিছে।

দক্ষিণ আফ্ৰিকাৰ চাহাৰা পাৰ্ক উইলোম’ৰ ক্ৰিকেট ষ্টেডিয়ামত ২০২৪ চনৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব অধিনায়ক উদয় চাহাৰান নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোৱে ইতিহাস ৰচনা কৰি ষষ্ঠটো ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ খিতাপ দখল কৰাৰ লক্ষ্য লৈছে।

ধৰ্মীয় ঐক্যৰ প্ৰতীক হৈ পৰিছে ৫০০ বছৰীয়া দৰগাহ, কেৱল মুছলমানেই নহয় এই দৰগাহত মূৰ দোৱাই হিন্দুসকলেও…

৫০০ বছৰীয়া এটা দৰগাহ এতিয়া ধৰ্মীয় ঐক্যৰ প্ৰতীক হৈ পৰিছে। কেৱল মুছলমানেই নহয় হিন্দুসকলেও এই দৰগাহত মূৰ দোৱায়। দিল্লীৰ মাজমজিয়াত অৱস্থিত এই দৰগাহৰ নাম হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ।

চৈয়দ মহম্মদ নিজামুদ্দিন আউলিয়াক ভাৰতৰ অন্যতম বিখ্যাত চুফী সন্ত হিচাপে গণ্য কৰা হয়। তেওঁ আছিল চুন্নী মুছলমান পণ্ডিত আৰু চিষ্টী চুফী সাধু। বেছিভাগ চিষ্টি চুফী সন্তৰ দৰে নিজামুদ্দিন আউলিয়াইও আল্লাহক উপলব্ধি কৰাৰ উপায় হিচাপে প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানৱতা আল্লাহৰ প্ৰেমত নিহিত হৈ আছে।


সংসদত পুনৰ আক্ৰমণাত্মক ৰূপত পৱিত্ৰ মাৰ্ঘেৰিটা, কংগ্ৰেছৰ পূৰ্বৰ কুকীৰ্তি উদঙালে সদনত

লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চৰকাৰৰ অৰ্থনৈতিক শ্বেতপত্ৰৰ সমৰ্থনত শনিবাৰে ৰাজ্যসভাত ভাষণ প্ৰদান কৰি মোদী চৰকাৰক উচ্চ প্ৰশংসা কৰাৰ সমান্তৰালভাৱে পুনৰবাৰ কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা।

তেওঁৰ ভাষণত কংগ্ৰেছৰ পূৰ্বৰ কুকীৰ্তি উদঙাই কয় যে উত্তৰ পূৰ্বঞ্চলৰ গুৰুত্বপূৰ্ণ অংগৰাজ্য নাগালেণ্ডত প্ৰথমটো ৰে’লৱে ষ্টেচন স্থাপন হৈছিল ১৯০৩ চনত আৰু ৰাজ্যখনে দ্বিতীয়টো ষ্টেচন লাভ কৰিবলৈ এটা শতিকা অপেক্ষা কৰিবলগীয়া হৈছিল। ২০২২ চনত মোদী ডাঙৰীয়াৰ সদিচ্ছাত নাগালেণ্ডত দ্বিতীয়টো ৰে’লৱে ষ্টেচন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয়।

মোদী চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ সফলতাক উচ্চ প্ৰশংসাৰে উপচাই সাংসদগৰাকীয়ে পুনৰ কয় যে অসমৰ দীৰ্ঘতম পথ আৰু ৰেল সংযোগী বগীবিল দলঙৰ আধাৰশিলা ১৯৯৭ চনত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই স্থাপন কৰিছিল। এই দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০০২ চনত, তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত। আশ্বৰ্যজনক কথাটো এয়াই যে এই দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছিল অভিলেখসংখ্যক ২১ বছৰ পিছত, অৰ্থাৎ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি বগীবিল দলঙৰ নিৰ্মাণকাৰ্যত গুৰুত্ব আৰু অগ্ৰাধিকাৰ প্ৰদান কৰাৰ পিছতহে এয়া সম্ভৱ হৈ উঠিল।

ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে বগীবিল দলঙৰ বাবে যিদৰে অসমবাসীয়ে দেৱগৌড়া আৰু বাজপেয়ীক সদায় মনত ৰাখিব, ঠিক সেইদৰে ১৯৬২ চনত চীনৰ আগ্ৰাসনৰ সময়ত অসমক প্ৰায় চীনৰ হাতত সমৰ্পণ কৰা প্ৰধানমন্ত্ৰী নেহেৰুকো অসমবাসীয়ে মনত ৰাখিব। একেদৰে নিজৰ অংগৰাজ্য মিজোৰামত চৰকাৰী বায়ু সেনাৰ দ্বাৰা নিজা নাগৰিকৰ ওপৰত বোমা নিক্ষেপ কৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো উত্তৰ পূৰ্বাঞ্চলে মনত ৰাখিব।

সাংসদ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পুনৰ কয় যে অসমৰ পৰা দুই তিনিবাৰকৈ সংসদলৈ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰা ড° মনমোহন সিঙে নিজৰ সুদীৰ্ঘ কাৰ্যকালত মাত্ৰ ৮ কি ৯ বাৰ অসম ভ্ৰমণ কৰিছিল; তাৰ বিপৰীতে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ এতিয়ালৈ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ৬৫ বাৰ ভ্ৰমণ কৰিছে। এয়াই কংগ্ৰেছ আৰু বিজেপিৰ তফাৎ। তেওঁ পুনৰ কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলে ৰাহুল গান্ধীকো মনত ৰাখিব, যিয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত কৰা এক টুইটত বিনাদ্বিধাই উল্লেখ কৰিছিল যে ভাৰত মানে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা বেংগল; তেওঁৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চল নাথাকেই।

আনকি সৌ সিদিনা ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছত সাংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই কৈছিল যে সৰু সুৰা ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ তেওঁলোক মুঠেই উদ্বিগ্ন নহয়। সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছে সদায় উত্তৰ পূৰ্বাঞ্চলক নিৰ্বাচনী আসনৰ সংখ্যাৰে দৃষ্টি দি আহিছে, উন্নয়নৰ পৰিমাপেৰে বা জনতাৰ প্ৰতি থাকিবলগীয়া সন্মানেৰে নহয়। কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া উত্তৰ পূৰ্বাঞ্চল আধুনিক ভাৰতৰ ‘বিকাশ ইঞ্জিন’ হৈ উঠিছে আৰু সেইবাবেই উত্তৰ পূৰ্বাঞ্চলৰ ২৫ খন লোকসভাৰ আসনৰ কেউখনেই এতিয়া মোদী ডাঙৰীয়াৰ পক্ষত। উল্লেখ্য যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদান কৰা ভাষণত অসমৰ সাংসদগৰাকীৰ বক্তব্যৰ সন্দৰ্ভত দুবাৰকৈ বিশেষভাৱে উল্লেখ কৰে ।

তেজপুৰৰ ৰাজপথত শিল্প, সংস্কৃতি, সাহিত্য, ইতিহাসৰ নান্দনিক প্ৰদৰ্শন

সংস্কৃতিৰ নগৰী তেজপুৰ শনিবাৰে পুৱাৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্য, অসমীয়া লোককলা, শিল্পকলা, ভাওনা শিল্প আদিৰে মুখৰিত হৈ পৰিল। চৌদিশে মাথোঁ শিল্পৰ সমাহাৰ। শিক্ষাৰ্থীৰ পাৰভঙা উছাহৰ মাজত বুৰ গ’ল সমগ্ৰ তেজপুৰ চহৰ।

উল্লেখ্য যে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা তেজপুৰ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিনটোৰ পুৱাই মহাবিদ্যালয়ৰ পৰা গজৰাজক সন্মুখত লৈ আৰম্ভ কৰা মহাবিদ্যালয়খনৰ ২১ টা বিভাগৰ প্ৰায় দুই সহস্ৰাধিক শিক্ষাৰ্থীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰে সমগ্ৰ তেজপুৰ চহৰ।

তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই আনুষ্ঠানিক ভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰাৰ পূৰ্বে অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকা আৰু উপাধ্যক্ষ ৰীতা শইকীয়া দত্তকে ধৰি একাংশ অধ্যাপক – অধ্যাপিকাৰ উপস্থিতিত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আদিত্য ৰাণা কাশ্যপে বিধায়ক গৰাকীক ফুলাম গামোচা আৰু ফুলাম জাপিৰে আদৰণী জনোৱাৰ পিছত বিধায়ক গৰাকীয়ে তেজপুৰ মহাবিদ্যালয় ইতিমধ্যে ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰত এখন পৰিচিত মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰি শোভাযাত্ৰাত প্ৰদৰ্শন কৰা বিষয় সমূহে সামগ্ৰিক ভাৱে বৃহত্তৰ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সমান্তৰাল ভাৱে ইতিহাসকো প্ৰতিফলিত কৰিবলৈ সক্ষম হোৱাতো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে।


ইয়াৰ পিছতেই মহাবিদ্যালয় প্ৰাংগনৰ পৰা আনন্দ উল্লাসৰ মাজেৰে আৰম্ভ হয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা।
উল্লেখ্য যে, তেজপুৰ চহৰৰ তিনি কিলোমিটাৰ পৰিভ্ৰমণ কৰা এই শোভাযাত্ৰাত ছাত্ৰী নিবাসৰ দলটিয়ে “ব্ৰক্ষ্মপুত্ৰ উপনৈ সমূহ” শীৰ্ষক বিষয়ত ফেষ্টুনত সকলো উপনৈৰ নাম লিখি অগ্ৰসৰ হোৱাৰ লগতে অসমীয়া বিভাগে “অসমীয়া সংস্কৃতি” শীৰ্ষক বিষয়ত অসমীয়া সংস্কৃতিৰ সকলো দিশ প্ৰতিফলিত কৰাৰ উপৰি উদ্ভিদ বিজ্ঞান বিভাগে “বিহু” শীৰ্ষক বিষয়, বাণিজ্য প্ৰশাসন বিভাগে “ৰাসলীলা” শীৰ্ষক বিষয়ত ৰাস ভাওনাৰ সামগ্ৰিক দৃশ্যাংশ, শিক্ষা তত্ত্ব বিভাগে “বুঢ়ী আইৰ সাধুৰে মুখৰিত সোণালী শৈশৱ” শীৰ্ষক বিষয়ত বুঢ়ী আইৰ সাধুত ব্যৱ্হৃত সকলো জতুৱা ঠাঁচ, ফকৰা যোজনা, পটন্তৰ প্ৰদৰ্শনৰ লগতে বাণিজ্য বিভাগে” অনৈক্যৰ মাজত ঐক্য” শীৰ্ষক বিষয়, ভূগোল বিজ্ঞান বিভাগে “অংকীয়া নাট” শীৰ্ষক বিষয়ত সকলো অংকীয়া নাটৰ দৃশ্য, দৰ্শন বিভাগে “দৌল উৎসৱ” শীৰ্ষক বিষয়ত হোলী গীতৰ সমাহাৰ, ৰাজনীতি বিজ্ঞান বিভাগে “বাৰ মাহৰ চানেকীৰে অসমীয়া জাতীয় জীৱন” শীৰ্ষক আকৰ্ষণীয় বিষয়, অৰ্থনীতি বিভাগে “বিভিন্ন যুগ” শীৰ্ষক বিষয়ত প্ৰত্যেক যুগৰ তাৎপৰ্য প্ৰদৰ্শন, ৰসায়ন, পদাৰ্থ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগে” অসমৰ পৰম্পৰাগত কৃষি পদ্ধতি” শীৰ্ষক বিষয়ৰ উপৰি কলা আৰু সংগীত বিভাগ, নেপালী বিভাগ, বাংলা বিভাগ, হিন্দী বিভাগ, ইংৰাজী বিভাগকে ধৰি আটাইকেইটা বিভাগে প্ৰদৰ্শন কৰা অনুষ্ঠানে তেজপুৰীয়া ৰাইজক মুগ্ধ কৰি তোলে।

আনহাতে মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতামূলক ভাৱে উলিওৱা এই শোভাযাত্ৰাৰ বাবে বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা আৰু বিশিষ্ট কলা নিৰ্দেশক কুলেন বৰা।শোভাযাত্ৰাৰ পিছতেই মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয় শীৰ্ষ গীতেৰে আৰম্ভ হয় বঁটা বিতৰণী আৰু মহাবিদ্যালয় সপ্তাহৰ মূল সভা।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত এই মূল অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্হ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন্দ্ৰ কুমাৰ দেউৰী।

আনহাতে মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ড॰ স্বাধীনতা মহন্তই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা এই মূল সভাতে মহাবিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হোৱা সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়া প্ৰতিযোগিতা সমূহৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ১৮ নম্বৰ স্থানেৰে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী প্ৰয়াসী গৌতমক অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকাই অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ।আনহাতে বিয়লিৰ পৰা সন্ধিয়ালৈকে অনুষ্ঠিত আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান।

‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৰহাট চেম্পিয়ন

শিৱসাগৰ ‘গ্ৰীফন ক্লাব’ৰ উদ্যোগত চহৰৰ বডিং খেলপথাৰত অনুষ্ঠিত হোৱা ‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’ সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে যোৰহাটে।

এক পক্ষীয় ফাইনেলত যোৰহাট দলে গোলাঘাট দলক ১০৩ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে লাভ কৰে ‘শিক্ষাবিদ স্বৰ্গীয় ঈশ্বৰ লাল চাহু সোঁৱৰণী বঁটা আৰু নগদ ধন।

প্ৰথমে বেটিং কৰি যোৰহাটে দুই প্ৰাৰম্ভিক বেটচ’মেন জুতিকা ৰায়ৰ ৫৯, কল্পনা চাওতালৰ ৩৭ আৰু মধ্যক্ৰমৰ বেটচ’মেন বেদশ্ৰী বৰপাত্ৰগোঁহাইৰ আক্ৰমণাত্মক ২২ ৰানৰ সহায়ত ১৭০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গোলাঘাটে ১৯.২ অভাৰত সকলো উইকেট হেৰুৱায় ৬৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

যোৰহাটৰ কল্পনা চাওতালে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘স্বৰ্গীয় শৈলেন বৰদলৈ সোঁৱৰণী বঁটা’ লাভ কৰাৰ বিপৰীতে গোলাঘাটৰ খুচি কুমাৰীয়ে সকলো দিশতে অনবদ্য প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘শিক্ষাবিদ, সাংবাদিক স্বৰ্গীয় দেবেন শইকীয়া সোঁৱৰণী বঁটা লাভ কৰাৰ লগতে প্ৰতিযোতাখনিত মুঠ ১৯২ ৰান সংগ্ৰহ কৰি শ্ৰেষ্ঠ বেটচ’মেনৰো সন্মান লাভ কৰে।

আনহাতে যোৰহাটৰ কাকলী শইকীয়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ হিচাপে বিবেচিত হয়। খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত, শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, সম্পাদক মনোজ ভাগৱতী, জ্যেষ্ঠ সাংবাদিক ইনামুল হাজৰিকা, সুমেশ ডেকা আৰু দাতা পৰিয়ালৰ সদস্যসকলৰ লগতে যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে।

পুৰণিগুদাম কবি সন্মিলনৰ চোতালে-চোতালে কবিৰ মেল অনুষ্ঠান সম্পন্ন

আখৰ পঢ়িব নজনা লোকেও কাব্যিক পৰম্পৰাৰ বাবেই কীৰ্তন ভাগৱত সহজে পঢ়িব পাৰে। অসমীয়া সাহিত্যৰ সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰচলিত অলংকাৰটোৱেই হ’ল কবিতা- পুৰণিগুদাম কবি সন্মিলনৰ “চোতালে চোতালে কবিৰ মেল” শীৰ্ষক এটি অবিৰত কবিতা পাঠৰ অনুষ্ঠানত উপস্থিত থাকি চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিন্তাশীল লেখক ড° ইন্দ্ৰজিৎ বেজবৰুৱাই শনিবাৰে এইদৰে কয়।

পুৰণিগুদাম মাজগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকিবুৰ ৰহমানৰ আতিথ্যত আয়োজিত এই কবিৰ মেলত কবিসকলে স্বদেশ আৰু স্বজাতিক জাগ্ৰত কৰা কবিতা পাঠ কৰি পৰিৱেশ জীপাল কৰি তোলে। কবি, সাহিত্য সংগঠক দুলাল বৰাই নৱকান্ত বৰুৱাৰ “কবিতা মানুহৰ ৰখীয়া হৈ থাকিব” বোলা এই কথাষাৰ দাঙি ধৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিৰোধিতাৰে স্বৰচিত কবিতা পাঠ কৰি ৰাছিয়া চৰকাৰৰ ৰোষত পৰা ৰাছিয়াৰ যুৱ কবি অৰ্তময় কৰমদিনে যুদ্ধবিৰোধী কবিতা পাঠ কৰাৰ অপৰাধত আদালতে সাত বছৰৰ কাৰাদণ্ডৰ বিধান দিয়া বাতৰিটোত বিশ্বৰ সচেতন মহলক আঘাত দিয়াৰ লগতে পুৰণিগুদাম কবি সন্মিলনকো আঘাত দিছে বুলি মন্তব্য কৰে।

চামগুৰি মহাবিদ্যালয়ৰ অধ্যাপক হিৰণ্য কুমাৰ শৰ্মাই আঁত ধৰা কবিৰ মেলত পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতা, কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰা, সম্পাদক হেমন্ত কুমাৰ বৰা, কুমাৰ বিভূতি, বসন্ত কৌশিক ভাগৱতী, দ্বীপজ্যোতি বৰা, প্ৰদীপ কুমাৰ শইকীয়া, বিপুল মজিন্দাৰ, দ্বিজেন্দ্ৰ মোহন শইকীয়া, শেৱালী বৰা, বিনু হাজৰিকা, হাৰুনাৰ ৰচিদ, লক্ষেশ্বৰ শৰ্মা, নিজৰা বৰা, মোচ্চাছিক হুছেইন, বিচিত্ৰ নাৰায়ণ বৰা, আবু মনচুৰল হক, জগত চন্দ্ৰ বৈৰাগী, অসীম বৰা, খগেন গায়ন, অমিয়া বৰা, কবিতা দাস, জয়ন্তী বৰা, কাবেৰী মহন্ত, অনু কোঁৱৰ, কবীন পাটৰ, নাৰায়ণ দাসকে ধৰি প্ৰায় অৰ্ধ শতাধিক কবিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কবি, গায়িকা হেলেন পণ্ডিত, প্ৰফুল্ল বৰাই গীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে। উল্লেখযোগ্য যে, এই কবিমেলতে বিশিষ্ট কবি লেখক লক্ষেশ্বৰ শৰ্মাৰ “অস্তিত্বৰ সময় – ২” শীৰ্ষক এখনি কাব্যগ্ৰন্থ উন্মোচিত হৈ যায়। উক্ত গ্ৰন্থখনি ড° ইন্দ্ৰজিৎ বেজবৰুৱাই উন্মোচন কৰে।