Home Blog Page 1079

ছাত্ৰীসকলে সন্মুখীন হৈছে অভাৱনীয় সমস্যাৰ

২০১৭ চনত নতুনকৈ অসমৰ বিভিন্ন স্থানত মুঠ এঘাৰখন পলিটেকনিক কলেজ নিৰ্মাণ কৰাৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰিত প্ৰতিষ্ঠা কৰা ধেমাজি পলিটেকনিক মহাবিদ্যালয়ত আজিও ছাত্ৰী নিবাসৰ ব্যৱস্থা হৈ উঠা নাই। চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক কলেজখন প্ৰতিষ্ঠা হোৱাৰ লগে লগে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখনৰ চৌহদত ছাত্ৰী নিবাস নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবামাহ উকলি গ’ল যদিও বৰ্তমানলৈকে ছাত্ৰী নিবাসটো আনুষ্ঠানিকভাৱে মুকলি নহ’ল যাৰ বাবে ছাত্ৰী সকলে আশুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে।

ধেমাজি পলিটেকনিক কলেজৰ ছাত্র একতা সভাৰ উপ সভাপতি দেৱত্ত দত্ত আৰু সহকাৰী সম্পাদিকা ৰূপা মৰাণে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে ২০১৭ চনত প্ৰতিষ্ঠা কৰা ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাসটোৰ নিৰ্মাণৰ কাম কেইবামাহৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিছেচ কিন্তু আজিও ছাত্ৰী নিবাসটো আনুষ্ঠানিকভাৱে মুকলি কৰি ছাত্ৰীসকলৰ কল্যাণৰ বাবে চিন্তা কৰা পৰিলক্ষিত হোৱা নাই। ছাত্ৰী নিবাসটোৰ আন্তঃগাঁথনিৰ প্ৰায় নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছে।

অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱা ধেমাজি পলিটেকনিকৰ ছাত্ৰী নিবাসটো মুকলি কৰিব বুলি আশ্বাস দিয়াৰ পাছতো কি ৰহস্যৰ বাবে আজিলৈকে মুকলি কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্র একতা সভাৰ নেতৃত্বই। অসমৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক অৱস্থা স্বচ্ছল নথকা পৰিয়ালৰ ছাত্ৰীসকলে অধিক দামত ব্যক্তিগত ভাড়া ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে আৰু ছাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে বুলি উল্লেখ কৰি ধেমাজি পলিটেকনিক কলেজত ছাত্ৰী নিবাসৰ লগতে ছাত্র নিবাসৰ উপৰি খেলপথাৰ উন্নয়নৰ বাবে চৰকাৰক দাবী জনাইছে ছাত্ৰ একতা সভাৰ নেতৃত্বৰ লগতে টিএমপিকেৰ কৰ্মীয়ে।

“মূৰ থকা সকলেহে হেলমেট পিন্ধে…”

“আপোনাৰ বাবে আপোনাৰ পৰিয়াল, প্ৰিয়জনে অপেক্ষা কৰি থাকে”, “মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান কৰক”, “মূৰ থকা সকলেহে হেলমেট পিন্ধে” আদি শ্ল’গানেৰে যোৱা ৯ ফেব্ৰুৱাৰীত মেৰাপানী নগৰত এনেদৰেই হেলমেট পৰিধান নকৰাকৈ বিপজ্জনকভাৱে বাইক চলাই নিজৰ লগতে পৰিয়ালটোলৈ বিপদ মাতি অনা বাইক আৰোহী সকলক সজাগ কৰি দুৰ্ঘটনা ৰোধৰ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফ’ৰামে।

স্বেচ্ছাসেৱী সংগঠন দুটাই পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যৰে মেৰাপানীৰ বিভিন্ন ৰাজহুৱা স্থানত সজাগতা সূচক বেনাৰ, হৰ্ডিং অঁৰাৰ ব্যৱস্থা কৰাৰ লগতে কেইবাটাও ৰাজহুৱা স্থানত পথ সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা অনুষ্ঠানটোত বহুসংখ্যক স্থানীয় ব্যক্তি, বাইক আৰোহী, মেৰাপানী থানাৰ আৰক্ষীৰ লগতে সামাজিক উন্নয়ন ফ’ৰামৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, অধিবক্তা যোগেশ ভূঞা, মেৰাপানী সাংবাদিক সংস্থাৰ সম্পাদক তথা মেৰাপানী ফাউণ্ডেশ্যনৰ সচিব হিৰণ্য গগৈৰ লগতে ফাউণ্ডেশ্যনৰ কৰ্মকতা আৰু সাংবাদিকসকল উপস্থিত থাকে।

ধ্ৰুৱজ্যোতি বৰাই সজাগতা সভা সমূহত ব্যক্তব্য ৰাখি ৰাইজক সজাগ কৰাৰ লগতে অধিবক্তা যোগেশ ভূঞাই যান বাহন আইনৰ সম্পৰ্কত কেতবোৰ নীতি নিয়মৰ বিষয়ে জনসাধাৰণক অৱগত কৰে।

তামুলপুৰত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধানৰ নেতৃত্বৰ প্ৰশিক্ষণ

তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত জিলা পৰ্যায়ৰ ছয় দিনীয়া অনা আবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ শনিবাৰে সফল সামৰণি পৰে।

জিলাখনৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে আয়োজিত এই প্ৰশিক্ষণত তামুলপুৰ জিলাৰ অধীনস্থ ৬৩ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

বিদ্যালয়ৰ প্ৰধান হিচাপে শিক্ষানুষ্ঠানৰ শৈক্ষিক- প্ৰশাসনিক আদি কাম কাজৰ সু-পৰিচালনা কেনেদৰে কৰিব তাৰ ওপৰত নতুন শিক্ষানীতিৰ আধাৰত শিবিৰত প্ৰশিক্ষণৰ দিহা কৰা হয় ৷


এই ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশ লয় ক্ৰমে কামেশ্বৰ দৈমাৰী, কন্দৰ্প দাস, পোখৰেল আকাশ আৰু দীপক কুমাৰ তালুকদাৰে৷ প্ৰশিক্ষণ শিবিৰত তত্ববধায়ক হিচাপে দায়িত্ব পালন কৰে চি আৰ চি চি দেৱেশ্বৰ ৰাভা আৰু হিড়িম্বাছা ব্ৰহ্মই।

আই এ এছ এছ টিত চি এম ই আৰু স্নেক চিম্পজিয়াম-২০২৪ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্রৰ সামৰণি

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱস্থিত ভাৰত চৰকাৰৰ অধীনৰ বিজ্ঞান আৰু প্ৰযুক্তি উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছএছ. টিত ৮ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ‘ধাৰাবাহিক চিকিৎসা শিক্ষা’ (চি.এম.ই.)
আৰু ‘স্নেক চিম্পজিয়াম – ২০২৪’ বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শনিবাৰে বিয়লি সামৰণি পৰে।

উল্লেখ্য যে ধাৰাবাহিক চিকিৎসা শিক্ষা (চি. এম.ই) বিষয়ক আলেচনা চক্ৰখন অনুস্থিত কৰাৰ উদ্দেশ্য আছিল সর্পদংশনৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আহি পৰা জটিল প্ৰত্যাহ্বান সমূহৰ মোকাবিলা কৰাৰ বাবে এক সহযোগিতামূলক মঞ্চ গঠন আৰু চিকিৎসা ব্যৱস্থাপনা কৰা।

তিনিদিনীয়া আলোচনা চক্ৰখনত বিভিন্ন সৰ্প বিষ সম্বন্ধীয় গৱেষণাৰ লগত জড়িত দেশ – বিদেশৰ কেবাজনো বিশেষজ্ঞ আৰু চিকিৎসক উপস্থিত থাকি সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এক গতিশীলতা অনাত গুৰুত্ব আৰোপ কৰিছে।

বিশেষকৈ সৰ্প দংশনৰ ঘটনবোৰৰ সমাধান কৰাৰ বাবে কাৰ্য্যকৰী ৰণনীতি প্ৰস্তুত আৰু চিকিৎসক
সকলক সৰ্পদংশনৰ চিকিৎসাৰ জ্ঞান সমৃদ্ধ কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হয়। ৮ ফেব্ৰুৱাৰীত উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰতিস্থানখনৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূখার্জীয়ে সৰ্পদংশনৰ চিকিৎসাৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত আই এ এছ এছ টিয়ে লোৱা বিভিন্ন পদক্ষেপ সমূহৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানটো ত ৰাজ্যখনৰ কেইবাটাও চিকিৎসা বিভাগৰ বিশিষ্ট ব্যক্তি ক্ৰমে – আই এম এৰ অসম অধ্যায়ৰ সভাপতি অৰুণিমা গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কাৰেং ৰংপী , এন এইচ এমৰ মিছন সঞ্চালক ডঃ এম এছ লক্ষ্মীপ্রিয়া, এন এইচ এম ৰ সঞ্চালক আৰু ৰাজ্যিক নোডেল বিষয়াদ্বয় উপস্থিত আছিল।

আনহাতে তিনিদিনীয়া আলোচনা চক্ৰত সৰ্পবিষ বিষয়ৰ বিশিষ্ট বিশেষজ্ঞ, কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানী ডাঃ দয়াল বন্ধু মজুমদাৰ, পুনেৰ বিঘনাহাৰ নাচিং হোমৰ ডাঃ সদানন্দ ৰাউত, শিৱসাগৰৰ ডেমো কমিউনিটি হেল্থ চেণ্টাৰৰ প্ৰতিনিধি তথা চিকিৎসক ডাঃ এম ভি খাণ্ডিকৰে সমল ব্যক্তি হিচাবে ভাগ লয় । ইয়াৰ উপৰিও আলোচনা চক্ৰখনত সৰ্পদংশনৰ ঘটনাৰ জটিলতাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু চিকিৎসা ৰণনীতি আগবঢ়োৱাত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব প্ৰদান কৰাৰ লগতে ভাগ লোৱা প্ৰতিনিধি সকলে নিজৰ নিজৰ অভিজ্ঞতা সমুহৰ বিষয়ে পাৰস্পৰিক আদান – প্ৰদান কৰে।

থাৰ্ড থিয়েটাৰৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ সফল সামৰণি

থাৰ্ড থিয়েটাৰৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সৌজন্যত আৰু গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ সহযোগত ৯ আৰু ১০ ফেব্ৰুৱাৰীত প্ৰথম ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী, অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাস, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মলয়া গোস্বামী, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জু মনি শইকীয়া, অনিতা শৰ্মা, সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা, বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালান, জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলনৰে এটি মাংগলিক বন্দনাৰে আৰম্ভ হয়।

উক্ত ৰাষ্ট্ৰীয় মহোৎসৱটিত থাৰ্ড থিয়েটাৰৰ কণমানিসকলে মূকাভিনয়ৰ ব্যতিক্ৰমী শৈলীৰে “ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা”দেৱৰ “বুঢ়ী আইৰ সাধুৰ” পৰা দুটি জনপ্ৰিয় সাধু , পশ্চিম বংগৰ দুবাৰকৈ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত মূকাভিনয় শিল্পী কল্পতৰু গুহৰ “Cricket Highlights”, মহোৎসৱ পৰিচালক বিজিত কুমাৰ দাসৰ হাস্য মধুৰ মূকাভিনয়ৰ লগতে ভগৱান শ্ৰীৰাম চন্দ্ৰৰ কাহিনীৰ ওপৰত আধাৰিত এখনি ব্যতিক্ৰমী শৈলীৰ অসমীয়া সংস্কৃতিৰ ভাওনা, সত্ৰীয়া নৃত্য, সমৰ কলা ইত্যাদিৰ পৰীক্ষামূলক ব্যৱহাৰেৰে থাৰ্ড থিয়েটাৰৰ যুৱচামে পৰিৱেশন কৰা “অনন্তগুণ শ্ৰী ৰামচন্দ্ৰ” শীৰ্ষক মূকাভিনয়ৰে গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত উপস্থিত থকা প্ৰতি গৰাকী দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।

এটি কৃষ্ণ বন্দনাৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী থাৰ্ড থিয়েটাৰৰ কিশোৰ চামে অতি মনোমোহাকৈ “ঊষা – অনিৰুদ্ধ”, ক্লাউন এক্টৰ বাবে পৰিচিত মূকাভিনয় শিল্পী প্ৰণৱ জ্যোতি হিৰু, দেৱজিৎ ডেকা, মৃণাংক ডেকা আৰু জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ উৎকৃষ্ট মানদণ্ডৰ মূকাভিনয় প্ৰদৰ্শনেৰে মহোৎসৱৰ সফল সামৰণি পৰে।


থাৰ্ড থিয়েটাৰ ৰ এই প্ৰয়াসত প্ৰায় ৮০ জন ছাত্ৰ ছাত্ৰীৰ ব্যক্তিক্রমী শৈলীৰ সুন্দৰ মূকাভিনয়ে ভৱিষ্যতে অসমৰ বহু ছাত্ৰ ছাত্ৰী এই মূকাভিনয় কলাৰ প্ৰতি আগ্ৰহী কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

I.N.D.I.A.ত আউল লগালে অৰবিন্দ কেজৰিৱালে! পঞ্জাৱত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত…

লোকসভা নিৰ্বাচনৰ পূৰ্বে I.N.D.I.A.ত আকৌ আউল।


আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৰিছে ডাঙৰ ঘোষণা।


পঞ্জাৱত আন দলক এৰি নিদিয়ে এখনো আসন।


পঞ্জাৱৰ ১৪ সংসদীয় সমষ্টিতে প্ৰাৰ্থী দিব AAP-এ।

১০-১৫ দিনৰ ভিতৰত পঞ্জাৱত আপ-এ ঘোষণা কৰিব প্ৰাৰ্থী।

টেঙাখাতত বাঘৰ পোৱালি উদ্ধাৰ

টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত বায়নচুক গাঁৱত উদ্ধাৰ দুটা বাঘৰ পোৱালি।


এটা মৃত আৰু আনটো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল এজনী মৃত বাঘ৷ ৰাইজৰ সন্ধেহ মৃত বাঘজনীৰ পোৱালি উদ্ধাৰ হোৱা বাঘ দুটা ৷

-ব্ৰজেন গগৈ,টেঙাখাত

বিবাহক লৈ শ্বাহিদৰ মন্তব্য! বিবাহৰ সিদ্ধান্ত পূৰ্বে কি কি কথাত মনত ৰাখিব লাগে জানি লওক…

অভিনেতা শ্বাহিদ কাপুৰে ২০১৫ চনত আঠ বছৰ পূৰ্বে মীৰা ৰাজপুতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দিল্লীৰ পৰা মীৰা ৰাজপুতৰ লগত বিয়া হৈছিল শ্বাহিদে। তেওঁলোকৰ পৰিয়ালটো কন্যা মিছা আৰু পুত্ৰ জেনেৰে ভৰি আছে! টিনচেল টাউনত শ্বাহিদ-মীৰাক লৈ চৰ্চা। শ্বাহিদ-মীৰাৰ মধুৰ সম্পৰ্কৰ আভাস ছচিয়েল মিডিয়াত দেখা যায়। বহুতে প্ৰশ্ন কৰে যে শ্বাহিদ-মীৰাৰ সফল বিবাহিত জীৱনৰ ৰহস্য কি? শেহতীয়াকৈ শ্বাহিদে এক সাক্ষাৎকাৰত নিজৰ বিবাহিত জীৱনৰ বিষয়ে মুকলিকৈ কয়। শ্বাহিদে কয়, “বিবাহৰ পিছত নাৰী জীৱনলৈ আহি পুৰুষৰ জীৱন সংগঠিত কৰে।” প্ৰতিজন যুৱকে নিজৰ জীৱনলৈ এগৰাকী নাৰী অহাৰ পিছতহে এজন ভাল পুৰুষ হ’ব পাৰে। এই প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি থাকে। জীৱনটো এনেকুৱাই অনুভৱ হয়।” অৱশ্যে শ্বাহিদৰ এই ভিডিঅ’ সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ পিছত এই বিষয়ে বহু আলোচনা আৰম্ভ হ’ল। এজন নেটিজেনে লিখিছে, “বিয়াৰ পিছত পত্নী আনিছিলা, নে নেনী? ” আন এজন ব্যক্তিয়ে লিখিছে, “শ্বাহিদৰ কথা শুনি তেওঁ স্কুলত পঢ়ি থকা যেন লাগে! পুৰুষৰ জীৱনত নাৰীৰ অস্তিত্ব সেইটোৱেই নেকি?

বিবাহ জীৱনৰ অন্যতম ডাঙৰ সিদ্ধান্ত আৰু সিদ্ধান্তটো তেনেকুৱাই, য’ত নিজৰ ভৱিষ্যতৰ লগতে আন এজনৰ ভৱিষ্যতও জড়িত হৈ থাকে। গতিকে বিয়াৰ সিদ্ধান্ত লোৱাৰ সময়ত এজন সম্ভাৱ্য জীৱন সংগীৰ লাভ-লোকচানৰ বিষয়ে স্পষ্ট ধাৰণা থকাটো অতি প্ৰয়োজনীয়। যদি সম্পৰ্কীয় বিবাহ হয়, তেন্তে প্ৰি-কথোপকথনৰ সম্ভাৱনা আৰু কম। আনকি সম্পৰ্কৰ জৰিয়তে বিবাহলৈ আগবাঢ়ি যোৱাসকলেও মনত ৰখা প্ৰয়োজন যে বিয়াৰ আগৰ আৰু পিছত সম্পৰ্কৰ ৰসায়ন বিজ্ঞান সামান্যভাৱেহে সলনি হয়। প্ৰতিদিনে কাৰোবাৰ লগত কেইঘণ্টামান কথা পতা আৰু একেখন চালিৰ তলত একেলগে দিন কটাব পৰাৰ মাজত ডাঙৰ পাৰ্থক্য! খৰখেদাকৈ বিবাহৰ সিদ্ধান্ত লোৱাতকৈ কিছু সময়ৰ পাছত এই সিদ্ধান্ত সযতনে লোৱা উচিত। বিয়াৰ সিদ্ধান্ত লোৱাৰ আগতে কি কথা মনত ৰাখিব লাগে-

১) আপোনাৰ সংগীক কিমান ভাল দেখা যায় তাত গুৰুত্ব নিদিব, তেওঁলোকৰ লগত কেমিষ্ট্ৰী আছে নে নাই সেইটোত অধিক গুৰুত্ব দিব।
২)বিবাহৰ পূৰ্বে সংগীৰ আৰ্থিক দিশৰ বিষয়ে আলোচনা কৰা। এতিয়া পুত্ৰ-কন্যা উভয়ে ঘৰৰ খৰচৰ দায়িত্ব সমানে বহন কৰে। বিবাহিত জীৱনত ইজনে সিজনৰ আৰ্থিক অৱস্থাৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়।
৩) দুজন মানুহৰ বাহিৰেও দুটা পৰিয়াল বিবাহৰ লগত জড়িত। দুয়োৰে পৰিয়ালৰ লগত কেনেধৰণৰ ৰসায়ন বিজ্ঞান আগতীয়াকৈ জানি লোৱা ভাল। নিজৰ উপৰিও পৰিয়ালৰ কিছু প্ৰয়োজন আছে, সেই বিষয়ে সংগীক আগতীয়াকৈ জনাওক।
৪) আপোনাৰ সংগীৰ ওপৰত নিজৰ মতামত জাপি নিদিব। আপোনাৰ ভাল লগা আৰু অপছন্দৰ বিষয়ে আগতীয়াকৈ আপোনাৰ সংগীৰ লগত কথা পাতক। বিয়াৰ পিছত সংগীৰ ওপৰত এটা চৰ্ত জাপি দিয়াৰ ভুল নকৰাটোৱেই ভাল।
৫) কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব সেই বিষয়ে আগতীয়াকৈ সংগীৰ লগত আলোচনা কৰা ভাল। বহু সময়ত পেছাৰ দাবীৰ বাবে কৰ্মক্ষেত্ৰত বহু সময় কটাবলগীয়া হয়, পাৰিবাৰিক জীৱনলৈ বেছি সময় দিয়াটো সম্ভৱ নহয়। যদি আপোনাৰ ক্ষেত্ৰত এনেকুৱা হয়, তেন্তে আগতেই প্ৰকাশ কৰক। লগতে সংগীৰ বিষয়েও জানি লওক।


ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সদ্যঘোষিত বি ডি এচ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান ফাৰহীন তবচ্ছুমৰ…

ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সদ্যঘোষিত বি ডি এচ চূড়ান্ত পৰীক্ষাত প্ৰথম স্হান ফাৰহীন তবচ্ছুম অসমৰ ভিতৰত তৃতীয়

যোৱা ৯ ফেব্ৰুৱাৰী ,২০২৪ তাৰিখে ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ২০২৩ বৰ্ষৰ চূড়ান্ত বি ডি এচ (Bachelor of Dental Surgery ) পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। এই ফলাফলত ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰথম স্থান আৰু অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰে ফাৰহীন তবচ্ছুমে।


ফাৰহীন তবচ্ছুম উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ঢালিগাঁওত থকা দিল্লী পাব্লিক স্কুলৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈ ২০১৯ চনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। চাৰি বছৰীয়া এই পাঠ্যক্ৰমত তেওঁ প্ৰতিটো পৰীক্ষাতে সফলতাৰে উত্তীৰ্ণ হয়। এই সফলতাৰ কৃতিত্ব তেওঁৰ পিতৃ মাতৃৰ লগতে শিক্ষক সকলক দিয়ে বুলি জানিবলৈ দিয়ে।

ফাৰহীন তবচ্ছুমৰ পিতৃ ফৰহাদ-উল হক এগৰাকী বিষয়া আৰু মাতৃ আর্জু গৃহিনী।তেওঁলোকৰ দুই কন্যাৰ ভিতৰত ফাৰহীন তবচ্ছুম প্ৰথম কন্যা আৰু দ্বিতীয় কন্যা তামান্না বৰ্তমানে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত। এগৰাকী ভাল চিত্ৰশিল্পী ৰূপে পৰিচিত ফাৰহীন তবচ্ছুম চিত্ৰ ইতিমধ্যে জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ পৰা প্ৰকাশিত জাৰ্নেলৰ লগতে এইমচৰ পৰা প্ৰকাশিত “মাইনচ” নামৰ জাৰ্নেলত প্ৰকাশ পাইছে।

‘ঘোঁৰা’ খ্যাত মানস চলিহাৰ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান ! অসম আৰক্ষীৰ চোৰাংচোৱা গিৰিত জড়িত মানস চলিহা…

মানস চলিহাই একালত অসম আৰক্ষীৰ চোৰাংচোৱা হৈ কাম কৰিছিল আৰু ৰাজ্যৰ বিভিন্ন স্থানত আলফাৰ কেডাৰ আৰক্ষীক ধৰোৱাই দিছিল বুলি তেওঁ আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,

মানসৰ লগত ‘গুপ্তচৰ’ মানস বৰগোঁহায়ে সহযোগিতা কৰিছিল বুলিও স্বীকাৰ কৰিছে অৰ্থাৎ দুয়ো মানসে ইজনে–সিজনক চিনি পোৱা কথা সত্য। আৰক্ষীৰ অতি বিশ্বাসজন হ’বলৈকে আলফাৰ কেম্পলৈ মানস বৰগোঁহাইক প্ৰেৰণ কৰিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি কৰিছে।

বিগত শনিবাৰে পশ্চিমবংগৰ এখন হোটেলত আত্মগোপন কৰি থকা মানস চলিহাক আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীৰ জিম্মাত প্ৰায় ৭ দিন থকাৰ পাছতো মানসে তেওঁৰ ওপৰত লগা অভিযোগবোৰ মানি লোৱা নাছিল আৰু সেইবোৰত সত্যতা নাই বুলি দাবী কৰিছিল।

কিন্তু আলফা (স্বাধীন)ৰ কেম্পত গুপ্তচৰগিৰি কৰাৰ অপৰাধত বন্দী হোৱা মানস বৰগোহাঁইয়ে ভিডিঅ’যোগে মানস চলিহাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। শেহতীয়াকৈ মানস বৰগোহাঁইয়ে আন এক ভিডিঅ’ত মানস আৰু আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই কেনেদৰে আৰু কোনবোৰ অবৈধ কামৰ লগত জড়িত সেই সকলো তথ্য দিয়ে। ইয়াৰ পাছতেই আজি মানস চলিহাই আৰক্ষীৰ সন্মুখত তেওঁৰ ওপৰত লগা অভিযোগবোৰ স্বীকাৰ কৰিছে বুলি বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে।