Home Blog Page 1080

প্ৰাক্তন প্ৰেমিকক ঘূৰাই পাবলৈ ‘ব্লেক মেজিক’! প্ৰেমৰ নামত যুৱতীয়ে হেৰুৱালে ৮ লাখ টকা…

প্ৰেমিকৰ লগত ব্ৰেকআপ হোৱা বহুদিন হ’ল। অৱশ্যে যুৱতীগৰাকীয়ে অন্তৰৰ পৰা একো মানি ল’ব নোৱাৰিলে। যিয়েই নহওক, আকৌ পুৰণি সম্পৰ্কলৈ ঘূৰি যাব বিচাৰে। উপায় বিচাৰি নাপাই অৱশেষত তেওঁ ‘ব্লেক মেজিক’ৰ জৰিয়তে নিজৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা আৰম্ভ কৰিলে। জ্যোতিষীৰ জালত পৰি যুৱতীগৰাকীয়ে হেৰুৱালে ৮ লাখ ২০ হাজাৰ টকা। বাংগালুৰুৰ জালাহল্লী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ২৫ বছৰীয়া মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী থানাত জ্যোতিষী আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৩ চনৰ ৯ ডিচেম্বৰত ইণ্টাৰনেটৰ জৰিয়তে আব্দুলক লগ পাইছিল যুৱতীগৰাকীয়ে। আব্দুলে যুৱতীগৰাকীক কয় যে তেওঁ নিয়মিতভাৱে জ্যোতিষ চৰ্চা কৰে। যুৱতীগৰাকীয়ে আব্দুলৰ সৈতে আলোচনা কৰিছিল যে কেনেকৈ তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে পুৰণি সম্পৰ্ক পুনৰ জগাই তুলিব পাৰি।

আব্দুলে ছোৱালীজনীক বিশেষ অনুষ্ঠান কৰিবলৈ কয় যাতে প্ৰাক্তন প্ৰেমিকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত আপত্তি নকৰে। সেই কাৰণে তেওঁ পাৰিশ্ৰমিক হিচাপে লৈছিল ৫০১ টকা। ডিজিটেলভাৱে পইচা পঠোৱাৰ পিছত আব্দুলে বিচাৰিছিল যুৱতীগৰাকীৰ এখন ছবি, লগতে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ছবি। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে আব্দুলে আনকি পৰিয়ালৰ সদস্য আৰু সকলো বন্ধু-বান্ধৱীৰ ছবিও বিচাৰিছিল।
আব্দুলে বিশেষ ৰীতি-নীতি কৰি “ক’লা যাদু” কৰিবলৈও কয়। সেই কাৰণে তেওঁ যুৱতীগৰাকীৰ পৰা পাৰিশ্ৰমিক হিচাপে ২ লাখ ৪০ হাজাৰ টকা বিচাৰিছিল।

জ্যোতিষীগৰাকীৰ মতে যুৱতীগৰাকীয়েও নিৰ্দিষ্ট মাচুল দিছিল। ইয়াৰ পিছত আব্দুলে পুনৰ যুৱতীগৰাকীৰ পৰা প্ৰায় ডেৰ লাখ টকা দাবী কৰে। বাৰে বাৰে ইমান টকা দিবলৈ মান্তি নোহোৱাত যুৱতীগৰাকীক ভাবুকি দিবলৈ ধৰিলে। যুৱতীগৰাকীৰ মতে, আব্দুলে তেওঁক ভাবুকি দি থাকিল যে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তসমূহ তেওঁৰ পৰিয়ালৰ লোকক দেখুৱাব। ছোৱালীজনীৰ পৰা আৰু ৪ লাখ ১০ হাজাৰ টকাৰ ভাবুকি দিয়ে। যুৱতীগৰাকীয়ে আব্দুলক মুঠ ৮ লাখ ২০ হাজাৰ টকা দিয়ে।

অৱশেষত ছোৱালীজনীয়ে আব্দুল আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। আব্দুল আৰু তেওঁৰ সহযোগী দুজনক আৰক্ষীয়ে জেৰা কৰে। আব্দুলে আৰক্ষীৰ আগত দাবী কৰে যে ছোৱালীজনীয়ে তেওঁক জোৰ কৰি বিভিন্ন অনুষ্ঠান সম্পন্ন কৰিছিল। লগতে তেওঁ পাৰিশ্ৰমিক হিচাপে লোৱা সকলো ধন যুৱতীগৰাকীক ঘূৰাই দিব বুলিও আৰক্ষীক জনায়।

ভগবান ৰাম বা ৰামচন্দ্ৰ হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ…

ৰাম বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ’ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ’ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা। ভাৰত আৰু নেপাল দেশত তেওঁৰ পূজাৰ বহুল প্ৰচলন দেখা যায়। হিন্দু ধৰ্মৰ ৰাম উপাসনা-কেন্দ্ৰিক সম্প্ৰদায়বোৰত ৰামক বিষ্ণুৰ অৱতাৰ নামানি সৰ্বোচ্চ ঈশ্বৰ হিচাপে মান্য কৰাৰ প্ৰৱণতা দেখা যায়। ৰামে সূৰ্যবংশত (ইক্ষ্বাকু বংশ বা পৰৱৰ্তীকালত উক্ত বংশৰ ৰজা ৰঘুৰ নামানুসাৰে ৰঘুবংশ নামে পৰিচিত) জন্মগ্ৰহণ কৰিছিল। ৰামৰ এটি বিশেষ মূৰ্তিত তেওঁৰ ওচৰত তেওঁৰ ভাতৃ লক্ষ্মণ, স্ত্ৰী সীতা আৰু ভক্ত হনুমানক দেখা যায়। এই মূৰ্তিকে বোলা হয় “ৰাম পৰিবাৰ।” হিন্দু মন্দিৰত এই “ৰাম পৰিবাৰ” মূৰ্তিৰ পূজাই বেছিকৈ হোৱা দেখা যায়।

হিন্দু ধৰ্মৰ বৈষ্ণৱ সম্প্ৰদায় আৰু বৈষ্ণৱ ধৰ্মগ্ৰন্থবোৰত যিসকল জনপ্ৰিয় দেৱতাৰ কথা পোৱা যায়, তাৰ অন্যতম হ’ল ৰাম। গোটেই দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াত ৰাম জনপ্ৰিয় দেৱতা। লোকবিশ্বাস অনুসৰি ৰামৰ জন্মস্থান হ’ল নেপালৰ অযোধ্যাপুৰী চহৰ। সেই ঠাইত “ৰামলালা” বা শিশু ৰামৰ মূৰ্তিও পূজা কৰা হয়। ৰাম-সংক্ৰান্ত পৌৰাণিক কাহিনীৰ প্ৰধান উৎস হ’ল ভাৰতীয় মহাকাব্য ৰামায়ণ।

অযোধ্যাৰ ৰজা দশৰথ আৰু তেওঁৰ প্ৰধান স্ত্ৰী কৌশল্যাৰ জ্যেষ্ঠপুত্ৰ হ’ল ৰাম। হিন্দুসকলে ৰামক “মৰ্যাদা পুৰুষোত্তম” (অৰ্থাৎ “শ্ৰেষ্ঠ পুৰুষ” বা “আত্মনিয়ন্ত্ৰণৰ অধিপতি” বা “গুণাধীশ”) বুলি কয়। তেওঁ সীতাৰ স্বামী। সীতাক হিন্দুসকলে লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰে। হিন্দুসকলৰ দৃষ্টিত তেওঁ নাৰীৰ আদৰ্শ।

ৰামৰ জীৱনকথাক হিন্দুসকলে ধৰ্মনিষ্ঠাৰ আদৰ্শ হিচাপে মান্য কৰে। তেওঁক আদৰ্শ মানুহ বুলি ভবা হয়। পিতাৰ সম্মানৰক্ষাৰ্থে তেওঁ সিংহাসনৰ অধিকাৰ ত্যাগ কৰি চৈধ্য বছৰৰ বাবে বনলৈ যায়। তেওঁৰ স্ত্ৰী সীতা আৰু ভাতৃ লক্ষ্মণেও তেওঁৰ বিচ্ছেদ সহ্য কৰিব নোৱাৰিব বুলিয়েই তেওঁৰ লগত যায়। তেওঁলোকে একেলগে চৈধ্য বছৰ বনত কটায়। বনবাসকালত লঙ্কাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি নিয়ে।

দীৰ্ঘ অনুসন্ধানৰ পিছত ৰামে ৰাৱণৰ বিৰাট বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰে। এই যুদ্ধত ৰাৱণ পৰাজিত হয়। ৰামে সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহে। তেতিয়া তেওঁৰ ৰাজ্যাভিষেক হয়। পিছত তেওঁ এজন সম্ৰাটত পৰিণত হয়।[8] তেওঁৰ ৰাজ্যত প্ৰজাসকলে সুখ, শান্তিত বাস কৰিছিল আৰু ৰাজ্যৰ সমৃদ্ধি আৰু ন্যায়বিচাৰ অব্যাহত আছিল। এই বাবে ৰামৰ শাসনৰ অনুসৰণত সুশাসিত ৰাজ্যক “ৰামৰাজ্য” বোলাৰ প্ৰৱণতা আৰম্ভ হয়।

ৰামায়ণৰ অন্যতম বৈশিষ্ট্য হ’ল ৰামৰ সীতা-অনুসন্ধান আৰু যুদ্ধজয়ৰ ক্ষেত্ৰত ৰামৰ প্ৰতি সীতাৰ চৰম প্ৰেম আৰু সতীত্বৰ প্ৰতি গুৰুত্ব আৰোপ। ৰাৱণৰ বন্দীনী হোৱা স্বত্বেও সীতাৰ পবিত্ৰতা ৰক্ষিত হৈছিল। আনহাতে, ৰামৰ তিনি অনুজ ভাতৃ লক্ষ্মণ, শত্ৰুঘ্ন আৰু ভৰতো পবিত্ৰতা, ভ্ৰাতৃপ্ৰেম আৰু শক্তিৰ আদৰ্শ।কোনো কোনো মতে তেওঁলোকো “মৰ্যাদা পুৰুষোত্তম” আৰু সপ্তম অৱতাৰৰ অংশ। ৰামৰ পবিত্ৰতাই কিষ্কিন্ধ্যাৰ বানৰ আৰু হনুমানক আকৃষ্ট কৰিছিল। এওলোকেই তেওঁক সীতা উদ্ধাৰত সহায় কৰে।[8] ৰামৰ গল্প ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত বিশেষ জনপ্ৰিয়। হিন্দু ধৰ্মত ৰাম অন্তহীন প্ৰেম,সাহস, শক্তি, ভক্তি, কৰ্তব্য আৰু মূল্যবোধৰ দেৱতা।

আজি গুৱাহাটীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা…

ৰাহুল গান্ধীৰ আজি ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ ষষ্ঠ দিন।

আজি গুৱাহাটীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা।


গুৱাহাটীৰ ভিতৰেৰে ন্যায় যাত্ৰাৰ অনুমতি নাপালে ৰাহুল গান্ধীয়ে।

খানাপাৰাত আৰক্ষীৰ বিশাল সমৰসজ্জা।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত অগ্ৰণী নেতাগৰাকীৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামৰ বিষয়ে জানক…

সুভাষ চন্দ্ৰ বসু : ২৩ জানুৱাৰী ১৮৯৭-১৮ আগষ্ট ১৯৪৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ১৯৪২ চনত জাৰ্মানীত Indische Legionৰ ভাৰতীয় সৈন্যসকল আৰু বাৰ্লিনস্থিত Special Bureau for Indiaৰ জাৰ্মান আৰু ভাৰতীয় বিষয়াসকলে তেওঁক প্ৰথমে “নেতাজী” সম্বোধনেৰে মাতিছিল আৰু বৰ্তমান সমগ্ৰ ভাৰতে তেওঁক এই সন্মানেৰে জানে।

১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।অৱশ্যে মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষ নেতৃত্বৰ সৈতে মতৰ অমিল হোৱাত তেওঁক ১৯৩৯ চনত কংগ্ৰেছ নেতৃত্বৰপৰা অব্যাহতি দিয়া হয়। ১৯৪০ চনত তেওঁ ভাৰত এৰাৰ আগলৈকে ব্ৰিটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল।

১৯৪১ চনৰ এপ্ৰিলত বসু জাৰ্মানীত উপস্থিত হয়। জাৰ্মান নেতৃত্বই অপ্ৰত্যাশিতভাৱে ভাৰতৰ স্বাধীনতাৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰে। ১৯৪১ চনৰ নৱেম্বৰ মাহত জাৰ্মান পূঁজিৰে বাৰ্লিনত Free India Centre স্থাপন কৰা হয় আৰু তাৰ কিছুদিন পাছতে Free India Radio আৰম্ভ কৰা হয় আৰু ৰাতি এই ৰেডিঅ’ৰ সম্প্ৰচাৰ বসুৱে কৰে। Erwin Rommelৰ আফ্ৰিকা কৰ্প্‌ছে কৰায়ত্ত কৰা ভাৰতীয়সকলক লৈ Free India Legion নামেৰে প্ৰায় ৩০০০ জনীয়া এক বাহিনী গঠন কৰা হয়।

এই বাহিনীৰ উদ্দেশ্য আছিল ভৱিষ্যতে জাৰ্মানীৰ সম্ভাব্য স্থলপথেৰে ভাৰত আক্ৰমণত সহায় কৰা। এই সময়তে তেওঁৰ পত্নী Emilie Schenklয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে। ১৯৪২ চনত দক্ষিণ এছিয়াত জাপানৰ জয়লাভ আৰু জাৰ্মানীয়ে বেলেগ কামক অগ্ৰাধিকাৰ দিয়াত, জাৰ্মানীৰ ভাৰত আক্ৰমণৰ সম্ভাৱনীয়তা কমি যায় আৰু বসু দক্ষিণ এছিয়ালৈ আহিবলৈ ব্যগ্ৰ হৈ পৰে। ১৯৪২ চনৰ মে’ মাহত তেওঁ প্ৰথম আৰু একমাত্ৰবাৰ এডল্ফ হিটলাৰক লগ পায়। হিটলাৰেও তেওঁক দক্ষিণ এছিয়ালৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু তেওঁক ছাবমেৰিনৰ যোগান ধৰাৰ কথা দিয়ে। ১৯৪৩ চনৰ ফেব্ৰুৱাৰীত বসুৱে এখন জাৰ্মান ছাবমেৰিনত যাত্ৰা আৰম্ভ কৰে আৰু মাদাগাস্কাৰত তেওঁক এখন জাপানী ছাবমেৰিনলৈ বদলি কৰা হয়। ১৯৪৩ চনৰ মে’ মাহত তেওঁ জাপান অধিকৃত সুমাত্ৰাত পদাৰ্পণ কৰে।

জাপানৰ সহযোগত বসুৱে ইণ্ডিয়ান নেচনেল আৰ্মীক (INA) পুনৰুজ্জীৱিত কৰে আৰু ছিংগাপুৰৰ যুদ্ধত বন্দী হোৱা ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীৰ ভাৰতীয় সৈন্যসকলক একত্ৰিত কৰে। জাপানীসকলে তেওঁলোকৰ অধিকৃত বাৰ্মা, ফিলিপাইন, Manchukuo আদিত পুতলা চৰকাৰ বা তেওঁলোকৰ অনুগ্ৰহাধীন প্ৰভিজনেল চৰকাৰ চলোৱাত সহায় কৰিছিল। জাপান আধীকৃত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন হয় আৰু ইয়াৰ নেতৃত্ব দিয়ে বসুৱে। [17][18] আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী বসুৱে জনপ্ৰিয় ভাৰতীয় শ্লোগান “জয় হিন্দ”ৰ প্ৰথম প্ৰচাৰ কৰে। বসুৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী আছিল ভৌগোলিক বৈচিত্ৰ, ধৰ্মীয় বৈচিত্ৰ্যআৰু লিংগ বৈচিত্ৰৰ এক উদাহৰণ।

কিন্তু তেওঁ আছিল সামৰিকভাৱে অদক্ষ আৰু তেওঁৰ সামৰিক কৰ্মৰাজী ক্ষন্তেকীয়াহে আছিল। ১৯৪৪ৰ শেষৰফালে আৰু ১৯৪৫ৰ প্ৰথমভাগত ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীয়ে প্ৰথমবাৰৰ বাবে জাপানী সৈন্যৰ আগ্ৰাসনক বাধা দিয়ে আৰু জাপানী সৈন্যৰ ভাৰত আক্ৰমণক বিফল কৰে। আধা জাপানী সৈন্যৰ লগতে এই যুদ্ধত ভাগ লোৱা INAৰ আধা সৈন্য এই যুদ্ধত নিহত হয়।INA মলয় উপদ্বীপৰ ফালে পলাই যাবলৈ আৰু পাছত ছিংগাপুৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। বসুৱে নিজৰ সৈন্য বা জাপানী সৈন্যৰ সৈতে আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে মাঞ্চুৰিয়ালৈ পলাই যাবলৈ বিচাৰে যাতে লাহে লাহে ব্ৰিটিছবিৰোধী হৈ অহা ছোভিয়েট ইউনিয়নৰ লগত ভৱিষ্যতে লগ লাগিব পাৰে। কিন্তু তেওঁৰ উৰাজাহাজ টাইৱানত দুৰ্ঘটনাত পতিত হোৱাত তেওঁ মৃত্যুমুখত পৰে। [21] কিছুসংখ্যক ভাৰতীয়ই এই দুৰ্ঘটনাৰ কথা বিশ্বাস কৰা নাছিল আৰু বহুলোকে, বিশেষকৈ বংগৰ বহু লোকে বিশ্বাস কৰিছিল যে বসু পুনৰ আহি ভাৰতক স্বাধীনতা প্ৰদান কৰিব।

ভাৰতীয় জাতীয় কংগ্ৰেছে বসুৰ দেশভক্তিৰ প্ৰশংসা কৰিছিল কিন্তু বসুৰ মতাদৰ্শ আৰু কৰ্মপদ্ধতিৰপৰা, বিশেষকৈ fascismৰ সৈতে তেওঁৰ সহযোগিতাসমূহৰপৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিল। ব্ৰিটিছ প্ৰশাসনে ৩০০ জন INA বিষয়াক INA trialত দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰে কিন্তু শেষত উঠাই লয়।

খকন্দগুৰি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান সম্পন্ন, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত জী-জোঁৱাই সন্মিলন…

সফল ভাৱে সামৰণি পৰিল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,খকন্দগুৰি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান। ২০ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সোণালী জয়ন্তী উৎসৱৰ বাকৰিত মুখৰিত হ’ল বৰ অসমৰ কৃষ্টি-সংষ্কৃতি। প্ৰথম দিনটোত পুৱাই পঞ্চাশ খন পতাকা উত্তোলনেৰে আৰম্ভ হয় উৎসৱৰ অনুষ্ঠান। সমাজকৰ্মী লক্ষেশ্বৰ বৰুৱাই আগবঢ়োৱা খকন্দগুৰি প্ৰাথমিক শাখাৰ নামঘৰৰ মূল তোৰণ আৰু শিক্ষাবিদ যজ্ঞেশ্বৰ ভূঞাৰ সোঁৱৰণত নিৰ্মাণ হ’ব লগীয়া সোণালী জয়ন্তীৰ স্মৃতিসৌধৰ কৰা হয় আধাৰশিলা । উজ্জ্বল বৰুৱা আৰু শঙ্কৰী সংস্কৃতিৰ সাধক পৱিত্ৰ প্ৰাণ বৰাই আধাৰশিলা স্থাপন কৰাৰ পিছত ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে নামঘৰীয়া ফনীধৰ বৰাই । প্ৰাথমিক শাখাৰ যুৱকসকলে নিৰ্মাণ কৰা আটকধুনীয়া সুউচ্চ তোৰণ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ কুমাৰ বৰাই ।

ব্ৰহ্মপুত্ৰ শঙ্কৰদেৱ শিশু নিকেতনৰ পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৰগীত পৰিবেশনেৰে মঞ্চ শুভাৰম্ভনি কৰাৰ পিছতে সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়াই । বিয়লি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই উদ্বোধন কৰা বৰগীত, শঙ্কৰী নৃত্য আৰু ভাওনাৰ সংলাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক প্ৰতিযোগীয়ে। দ্বিতীয় দিনা অনুষ্ঠিত হয় জী- জোঁৱাই সন্মিলন । খকন্দগুৰি প্ৰাথমিক শাখাৰ পৰা বিয়া হৈ যোৱা জীয়ৰী আৰু জোঁৱাই সকলক একগোট কৰি অনুষ্ঠিত জী-জোঁৱাই সন্মিলনৰ আঁট ধৰে জেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰে । ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ সচিব ম: চাহাবুদ্দিন আহমেদে উদ্বোধন কৰা সন্মিলনখনিত জী-জোঁৱাই সকলে অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ পাই আৱেগিক হৈ পৰে । আনহাতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই জী-জোঁৱাই সন্মিলনত উপস্থিত হৈ আগতে এনে ব্যতিক্ৰমী আয়োজন কেতিয়াও দেখিবলৈ পোৱা নাই বুলি উল্লেখ কৰে । উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে নামঘৰটিৰ আন্ত:গাঁঠনিৰ বাবে সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি পূৰণ কৰে । বিয়লি পদ্মধৰ বৰাই উদ্বোধন কৰা বিয়ানাম আৰু নিচুকনি গীতৰ প্ৰতিযোগিতাৰ পিছত সন্ধ্যা অনুষ্ঠিত হয় স্বৰ্ণিল সময়ৰ বৰ্ণিল গাঁঠা শীৰ্ষক বিশেষ অনুষ্ঠানৰ । অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ,গোলাঘাট জিলা শাখাৰ সভাপতি চন্দ্ৰ হাজৰিকা,সম্পাদক পৱিত্ৰ নাথৰ লগতে কেইবাখনো আঞ্চলিক শাখাৰ সভাপতি,সম্পাদক আৰু বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।

অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী মন্টু গোঁহাই আৰু যতীন বৰাই দিহানাম পৰিৱেশন কৰাৰ উপৰিও শঙ্কৰী সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শিত হয় । দুয়োটা দিনতে অনুষ্ঠিত বিভিন্ন আকৰ্ষণীয় কাৰ্যক্ৰমনিকাই আধ্যাত্মিক বাতাৱৰণৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটিত । সোণালী জয়ন্তী আৰম্ভণি অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে সকলোলৈকে কৃতজ্ঞতা জনাইছে আদৰণী সমিতিয়ে । চলিত বৰ্ষৰ শেষৰ ভাগত বৃহৎ কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হ’বলগীয়া সামৰণি উৎসৱত সকলোৰে সহযোগিতাৰ কামনা কৰিছে উদ্যোক্তাসকলে।

প্ৰচণ্ড শীতকো নেওচি ৰামলালাৰ দৰ্শনৰ বাবে হাজাৰ হাজাৰ লোক উপস্থিত ৰাম মন্দিৰত…

আজি পুৱা প্ৰতিজন ৰামভক্তৰ বাবে এক বিশেষ দিন। কাৰণ আজি প্ৰথম পুৱা ৰাম লল্লাক ভৱিষ্যৎ আৰু ঐশ্বৰিক মন্দিৰত স্থান দিয়া হৈছে। আজি প্ৰথম পুৱা ৰামভক্তসকলে মন্দিৰলৈ গৈ পূজা কৰিছে। বৰ্তমান সময়ত ৰামলালাৰ দৰ্শন কৰিবলৈ মন্দিৰত এক বৃহৎ ভক্তৰ ভিৰ সমবেত হৈছে। বৰ্তমান অযোধ্যাৰ তাপমাত্ৰা ৬ ডিগ্ৰী। কিন্তু প্ৰচণ্ড ঠাণ্ডাৰ মাজতো ভক্তৰ উৎসাহ কমি যোৱা নাই। সকলোৰে মুখত ৰামৰ বন্দনা। সোমবাৰে (২২ জানুৱাৰী) শুভ সময়ত ৰাম লাল্লাৰ অভিষেক সম্পূৰ্ণ ৰীতি-নীতিৰে সমাপ্ত হোৱাৰ লগে লগে ৰাম ভক্তৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল আৰু আজিৰ পৰা প্ৰতিজন সাধাৰণ ভক্তই ৰাম লল্লাৰ দৰ্শন কৰিছে। ৰামলালাৰ দৰ্শন পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ। দৰ্শনৰ সময় এনেকুৱা যে ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে মানুহে ৰামলালা চাবলৈ সুযোগ পাব। ইয়াৰ পিছত ৰাইজে নিশা ৩ বজাৰ পৰা ১০ বজালৈ ৰামলালাৰ দৰ্শন কৰিব পাৰিব।

ৰাম মন্দিৰৰ ৰাম লল্লাৰ ভোগ আৰতি দিনৰ ১২ বজাত, সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত আৰু ৮.৩০ বজাত হ’ব শেষ আৰতি। অনলাইন আৰু অফলাইনত ল’ব পৰা আৰতিৰ বাবে বিনামূলীয়া পাছ ল’ব লাগিব। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত ৱেবছাইট অনুসৰি শ্ৰী ৰাম জন্মভূমিত অৱস্থিত শিবিৰৰ কাৰ্যালয়ৰ পৰা বৈধ চৰকাৰী আইডি দেখুৱাই অফলাইন পাছ লাভ কৰিব পাৰিব। ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী সম্পূৰ্ণ হয়। প্ৰাণ প্ৰতিষ্ঠাত ৭০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। কোটি কোটি ৰাম ভক্তৰ বিশ্বাসৰ প্ৰতীক ৰাম মন্দিৰ। মহীশূৰৰ শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা এই মন্দিৰত ৫১ ইঞ্চিৰ ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰা হৈছে। এই ভাস্কৰ্যটোত ভগৱান বিষ্ণুৰ দহটা অৱতাৰ, ভগৱান হনুমান আদি হিন্দু দেৱতা আৰু অন্যান্য প্ৰধান হিন্দু ধৰ্মীয় প্ৰতীকৰ খোদিত চিত্ৰও সন্নিবিষ্ট কৰা হৈছে। বহু প্ৰত্যাশিত ৰামলালাৰ প্ৰতিমূৰ্তি অভিষেকৰ পিছত সোমবাৰে সন্ধিয়া ৰাম মন্দিৰকে ধৰি অযোধ্যাৰ সকলো মন্দিৰ পোহৰেৰে সজাই তোলা হয়। ফটকাৰ জিলিকনিৰে আকাশখন দীপাৱলীৰ দৰে পোহৰ হৈ উঠিল। ​

আমেৰিকাত পুনৰ দুৰ্বৃত্তৰ তাণ্ডৱ…

আমেৰিকাত পুনৰ দুৰ্বৃত্তৰ তাণ্ডৱ।


আমেৰিকাৰ চিকাগো চহৰত গুলীয়াই ৭জন লোকক হত্যা৷


মৃত ৭ জন লোক একেটা পৰিয়ালৰে সদস্য৷


হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তই।

দক্ষিণ চীনত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, দিল্লীতো অনুভূত হয় কম্পনৰ…

দক্ষিণ চীনত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, দিল্লীতো অনুভূত হয় কম্পনৰ।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই টুইটাৰত প্ৰকাশ কৰা অনুসৰি চীনৰ দক্ষিণ জিনজিয়াং অঞ্চলত ৭.২ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয় নিসা ১১.২৯ বজাত।

ইয়াৰ পূৰ্বে শনিবাৰে আন্দামান আৰু নিকোবৰ দ্বীপক ৪.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।

শোণিতপুৰ জিলা সাহিত্য সভাৰ দশম বাৰ্ষিক (মধ্যকালীন) অধিৱেশন সম্পন্ন

শোণিতপুৰ জিলা সাহিত্য সভা দশম বাৰ্ষিক (মধ্যকালীন) অধিৱেশন খনি হাটিঙা ৰঙাচকুৱা শাখা সাহিত্য সভাৰ আতিথ্যত এদিনীয়াকৈ অনুষ্ঠিত হোৱা হাটিঙা (ৰামপুৰ)ৰ কলাগুৰু ৰঙ্গমঞ্চত অতি সফলতাৰে ২১ জানুৱাৰী তাৰিখে সামৰণি পৰে৷

কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ৯ বজাত বৃক্ষৰোপন কৰে ৰঙাচকুৱা অঞ্চলৰ নব্বৈ বছৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তি ধনেশ্বৰ হাজৰিকাই৷ ইয়াৰ পিছতেই শোণিতপুৰ সাহিত্য সভাৰ জিলা সভাপতিৰ অনুপস্থিতিত জিলাৰ উপ সভাপতি ষড়ানন দেৱ নাথে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে৷ উত্তোলনী ভাষণত তেখেতে অসম সাহিত্য সভা জন্ম লগ্নৰ পৰা আজিৰ তাৰিখলৈকে উত্তৰণ আৰু বিকাশ সম্পৰ্কে সাৰগৰ্ভ ভাষণ দিয়ে৷ ইয়াৰ পিছতেই জিলাৰ সম্পাদক দুলাল নাথে মুখ্য স্মৃতি তৰ্পক হিচাপে কাৰ্যসূচী সমাপণ কৰে৷

দিনৰ ১০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়৷ এই শোভাযাত্ৰাখনি শুভাৰম্ভ কৰে অঞ্চলটোৰ অৱসৰ প্ৰাপ্ত শিক্ষক ভৱেন চন্দ্ৰ নাথে৷ দিনৰ ১০ বজাত ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত জিলা সভাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়৷ এই সভাত বালিপৰা শাখা সাহিত্য সভা, পাঁচমাইল শাখা সাহিত্য সভা,পশ্চিম বিহগুৰি শাখা সাহিত্য সভা, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা শাখা সাহিত্য সভা, বাঁহবাৰী শাখা সাহিত্য সভা, দ-পৰ্বতীয়া শাখা সাহিত্য সভা,পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভা, বৰঝাৰ তেলেৰীয়া শাখা সাহিত্য সভা, ৰঙাপৰা শাখা সাহিত্য সভা, ৰঙাচকুৱা শাখা সাহিত্য সভা, উত্তৰ জামুগুৰি শাখা সাহিত্য সভা, খনামুখ শাখা সাহিত্য সভা, নপাম শাখা সাহিত্য সভা, আৰু নৱ গঠিত পূৱ জামুগুৰি শাখা সাহিত্য সভা, চিঙেলী মৰা শাখা সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে৷

জিলাৰ প্ৰাক্তন উপ সভাপতি নৰহৰি চুতীয়া উপস্থিত থকা প্ৰতিনিধি সভাখনি উদ্বোধন কৰে স্থানীয় সমাজকৰ্মী মৃদুল কুমাৰ নাথে৷ ইয়াৰ পিছত দিনৰ ১০-৩০ বজাৰ পৰা স্থানীয় ৰাইজৰ সহযোগত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা খনি অনুষ্ঠিত হয়৷ এই শোভাযাত্ৰাখনি শুভাৰম্ভ কৰে অঞ্চলটোৰ অৱসৰ প্ৰাপ্ত শিক্ষক ভৱেন চন্দ্ৰ নাথে৷ ইয়াৰ পিছত অধিৱেশনৰ মূল কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা মুকলি সভাখন অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি আঁতধৰে সম্পাদক দুলাল নাথে৷ অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট কবি গীতিকাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া দে্ৱে মুকলি সভাখন উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত তেখেতে অসম সাহিত্য সভাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা প্ৰাতঃস্মৰণীয় ব্যক্তি পদ্মনাথ গোহাঞিৰ বৰুৱাকে আদি কৰি ব্যক্তিসকলৰ নাম শ্ৰদ্ধাৰে স্মৰণ কৰে৷

মধ্যকালীন অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি পুম্প থাপাই আদৰণি ভাষণ দিয়ে৷ আদৰণি ভাষণত তেওঁ বৃহত্তৰ ৰঙাচকুৱা হাটিঙা অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক ,কৃষি এই অঞ্চলৰ অৱদান আদি বিভিন্ন বিষয় সম্পৰ্কে উল্লেখ কৰে৷ মুকলি সভাৰ মুখ্য অতিথি তথা মৰিয়াহোলা উপন্যাসৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক সাহিত্য অকাডমী বঁটা বিজয়ী জয়ন্ত মাধৱ বৰাই অসমীয়া জাতিৰ উত্তৰণত অসম সাহিত্য সভাৰ ভূমিকা প্ৰয়োজন আছে বুলি উল্লেখ কৰে৷ ৰজাঘৰীয়াই অসমীয়া ভাষাক এলাগি কৰাৰকথা আক্ষেপেৰে দোহাৰে৷

অসম সাহিত্য সভালৈ তৰুণ প্ৰজন্ম অহাটো নিত্যান্তই প্ৰয়োজন বুলি কয়৷ সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য মহেন্দ্ৰ কুমাৰ নাথে কল্পজ্যোতি নাথৰ সম্পাদনা প্ৰকাশ হোৱা শোণিতপুৰ জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে৷ সভাৰ মাজতে নৰ্থ ইষ্ট ফাউণ্ডেচনৰ পৰা ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ লাভ কৰা জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ ফুকনক সম্বৰ্ধনা জনোৱা হয় আৰু মধ্যকালীন অধিৱেশন উপলক্ষে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাসুদেৱ শৰ্মা, চাহজনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি অনিল কুৰ্মী, চাওতালী সাহিত্য পৰিষদৰ সভাপতি কৃষ্ণ কান্ত মাঝি জিলাৰ উপ সভাপতি ষড়ানন দেৱ নাথ উপস্থিত থকা সভাখনত পিছলৈ জিলাৰ সহকাৰী সম্পাদক কামিনী বৰুৱা আৰু শাখা সম্পাদক অনন্ত বৰদলৈয়ে পৃথকে পৃথকে মধ্যকালীন অধিৱেশনত উপস্থিত তথা সৰ্ব দিশত সহযোগিতা কৰা সকলোলৈ শলাগ জ্ঞাপন কৰে৷

উল্লেখ্য যে হাটিঙা অঞ্চলৰ কৰুণাময় যুৱক সংঘৰ যুৱক যুৱতী সকলে সভাৰ আৰম্ভণি গীতটো পৰিৱেশন কৰাৰ লগতে প্ৰতিনিধি সভাত গৃহীত তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ মুকলি সভাত পাঠ কৰে সম্পাদক দুলাল নাথে৷ উল্লেখ্য যে হাটিঙা ৰামপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত শোণিতপুৰ জিলা সাহিত্য সভাৰ দশম বাৰ্ষিক (মধ্যকালীন) অধিৱেশন খনি মিলনতীৰ্থত পৰিণত হোৱাৰ বাবে সকলোৰে শলাগ লৈছে জিলাৰ সম্পাদক দুলাল নাথ আৰু শাখাৰ সম্পাদক অনন্ত বৰদলৈয়ে৷

মৰিধল মহাবিদ্যালয়ত সম্পন্ন আন্তঃমহাবিদ্যালয় এথলেটিক্স মীট

এই পৃথিৱী এক ক্ৰীড়াংগন/ ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন…..। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক শান্তিৰ প্ৰাংগন হিচাপে বিবেচিত হয় অহা মৰিধল মহাবিদ্যালয়ত ষষ্ঠ বাৰলৈ অনুষ্ঠিত হ’ল বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় এথলেটিক্স মীট।

১৮ ৰ পৰা ২০ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই ক্ৰীড়া সমাৰোহত বিশ্ববিদ্যালয়ৰ অধীনস্থ ২৭ খন মহাবিদ্যালয়ৰ প্ৰায় ২২০ জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনা উক্ত ক্ৰীড়া সমাৰোহখনি উদ্বোধন কৰি লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰখনৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা লভিবলৈ আহ্বান জনায়।

উদযাপন সমিতিৰ সম্পাদক ভূপেন গগৈয়ে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দ্বিপেন শইকীয়াই ছাত্ৰ সমাজে ক্ৰীড়া সংস্কৃতিক এক শান্তি আৰু সম্প্ৰীতিৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা উচিত বুলি মন্তব্য আগবঢ়াই আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে সকলো পক্ষকে আদৰণি জনায়।

ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ লগতে অংশগ্ৰহণকাৰী মহাবিদ্যালয় সমূহৰ পতাকা উত্তোলন কৰা হয়। তিনিদিনীয়া প্ৰতিযোগিতাৰ কাৰ্যক্ৰমণিকাত কেইবাগৰাকীও বিশিষ্ট অতিথিৰ লগতে জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ উপস্থিত থাকে।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ হৈ বিপুল চুতীয়া, প্ৰাণজিৎ বৰুৱা, সুবুধ বৰা, ডুলু বৰাৰ লগতে ধেমাজি ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰায় দহ গৰাকী ক্ৰীড়াবিদৰ নেতৃত্বত প্ৰতিযোগিতাসমূহ পৰিচালিত হয়। ক্ৰীড়া প্ৰতিযোগিতাখনি সফলভাৱে সম্পন্ন কৰি তুলাৰ কাৰণে মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে কাৰ্যকৰী সভাপতি প্ৰণৱ কটকী, সম্পাদক ভূপেন গগৈয়ে মহাবিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ-ছাত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰে।