Home Blog Page 1086

সাৱধান! গৰম পানীৰে চুলি ধুলে বহু সমস্যা হ’ব পাৰে…

শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ মানুহে গৰম পানীৰে গা ধুৱে। গৰম পানাৰে গা ধুলে দিনটোৰ ভাগৰ দূৰ হয় আৰু লগতে টোপনিও ভাল হয়। শীতকালত গৰম পানীৰে মানুহে চুলিও ধুৱে। ইয়াৰ ফলত আপোনাৰ চুলিৰ ক্ষতিও হ’ব পাৰে। গৰম পানীৰে গা ধুলে বহুত সকাহ পোৱা যায় যদিও চুলি ক্ষতি হ’ব পাৰে। আপোনাৰ চুলি বহু পৰিমাণে দুৰ্বল হৈ পৰে। জানি লওক গৰম পানীৰে চুলি ধুলে কি কি সমস্য়া হয়-

শ্বেম্পু কৰাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰিলে চুলি বহুত ভাঙি যায়। ই চুলিৰ পৰা আৰ্দ্ৰতা চিৰদিনৰ বাবে আঁতৰাই পেলায়। আপোনাৰ চুলিবোৰো বৰ শুকান হ’বলৈ আৰম্ভ কৰে।

গৰম পানীৰে চুলি ধুলে চুলি পোৰাৰ লগতে চুলি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। কেৱল কুহুমীয়া পানীৰে চুলি ধুব লাগে।

প্ৰতিদিনে গৰম পানীৰে চুলি ধুলে চুলি শুকান হ’বলৈ আৰম্ভ কৰে আৰু ক্ৰমান্বয়ে প্ৰাণহীন হৈ পৰে। চুলি সৰা সমস্যাৰ সৃষ্টি হয়।

গৰম পানী ব্যৱহাৰ কৰিলেও মূৰৰ ছালৰ যথেষ্ট ক্ষতি হয়। আপুনি বিৰক্তি, উফি আৰু ৰঙা পৰাৰ দৰে সমস্যা দেখিব পাৰে। সেয়েহে সদায় ঠাণ্ডা পানীৰে চুলি ধুব লাগে।


মৈৰাবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমনত মহিলাসহ আঘাতপ্ৰাপ্ত ৪

মৈৰাবাৰী আৰক্ষী থানাৰ অধীনস্থ হাতীমূৰীয়া গাৱৰ ৪নং ৱাৰ্ডৰ হাজেৰা খাতুন(৪৪)আৰু ৬ নং ৱাৰ্ডৰ হেলাল উদ্দিন (৪২)ক আজি ৰাতিপূৱা আনুমানিক ৯ মান বজাত এটা বনৰীয়া গাহৰীয়ে কামুৰি আহত কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে।জানিব পৰা মতে ৪ নং ৱাৰ্ডৰ হাজেৰা খাতুন নামৰ মহিলাগৰাকীয়ে পাকঘৰত ভাত ৰান্ধি থকা অৱস্থাত বনৰীয়া গাহৰিটো পাকঘৰত সোমাই মহিলাগৰাকীক চোচৰাই বাহিৰলৈ আনি পেট আৰু বুকুত জখম কৰে।আনহাতে  বনৰীয়া গাহৰীটোৱে পথাৰত খেলি থকা সৰু লৰা ছোৱালীক আক্ৰমন কৰিব খোজোতে হেলাল উদ্দিনে গাহৰিটোক বাধা প্ৰদান চেষ্টা কৰাত গাহৰীটোৱে হেলালক ভৰিত কামুৰি আঘাতপ্ৰাপ্ত কৰে।স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আঘাতৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে হেলাল উদ্দিনক নগাৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰন কৰে।ইয়াৰ পিছত বিয়লিৰ ভাগত বনৰীয়া গাহৰিটোৱে মৈৰাবাৰীৰ কাষৰীয়া ধিং থানা এলেকাধীন পানবাৰীত আব্দুল খালেক(৫৫) আৰু ছাবিকুল ইছলাম(১৬) নামৰ দুজন লোক ক কামুৰি বেয়াকৈ আঘাতপ্ৰাপ্ত কৰে।ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ পানবাৰী অঞ্চলত এক হোৱাধোৱা লাগে আৰু সকলো ৰাইজ একত্ৰিত হৈ বনৰীয়া গাহৰিটোক কৰায়ত্ত কৰি পথাৰত পানী দিয়া মেচিনৰ পাইপত বান্ধি থয়।বিয়লিৰ ভাগত গাহৰীটোৱে আঘাতপ্ৰাপ্ত কৰা আব্দুল খালেক আৰু ছাবিকুল ইছলামৰ অৱস্থা সংকটজনক বুলি প্ৰত্যক্ষদৰ্শীয়ে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় এক পষেক পূৰ্বে এই বনৰীয়া গাহৰীটোক মৈৰাবাৰী বজাৰৰ দোকানগৃহ এটাৰ ভিতৰত ৰাইজে আৱদ্ব কৰি মৰিগাও বন বিভাগক খবৰ দিছিল।বন বিভাগে যুদ্বত বন্দুক নোহোৱাকৈ যোৱাৰ দৰে মৈৰাবাৰী বজাৰত উপস্থিত হৈ গাহৰিটো কৰায়ত্ত কৰাৰ চেষ্টা চলাইছিল যদিও গাহৰীটোক কৰায়ত্ত পৰা নাছিল।

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট ! ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন…

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট
কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি আজাৰাৰ কেবাঠাইতো ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰে । জিলা পৰিবহন বিষয়া(প্ৰৱৰ্তক) হিমাংশু দাসৰ নেতৃত্বত ভি আই পি, ৰাণী গেট, আজাৰা আৰু ধাৰাপুৰ চাৰিআলীত নাট প্ৰদৰ্শন কৰে ।

“পথ সুৰক্ষা – জীৱন ৰক্ষা ” বাণীৰে প্ৰদৰ্শিত বাটৰ নাটৰ জৰিয়তে ৰাইজক দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰা, চাৰিচকীয়া চলাওতে চিট বেল্ট , সুৰাপান কৰি গাড়ী নচলাব, চলন্ত অৱস্থাত ম’বাইল ব্যৱহাৰ নকৰিব, তীব্ৰ গতি পৰিহাৰ কৰক,

নাবালক কিশোৰ-কিশোৰীক বাহন চলাব নিদিব আদি বাণীৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলাই । কাইলৈও মহানগৰীৰ বিভিন্ন স্হানত বাটৰ নাট প্ৰদৰ্শন কৰিব বুলি প্ৰৱৰ্তক পৰিদৰ্শক মুকুট দাসে জানিবলৈ দিয়ে ।

লাহৰীঘাটৰ বৰিবন্ধাত অনুষ্ঠিত ম’হ যুঁজত অঘটন ! ম’হ যুঁজ উপভোগ কৰি থকা অৱস্থাত গোনা ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন…

লাহৰীঘাটৰ বৰিবন্ধাত অনুষ্ঠিত ম’হ যুঁজত অঘটন।

ম’হ যুঁজ উপভোগ কৰি থকা অৱস্থাত গোনা ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। আহত লোকজনৰ নাম শৰৎ চন্দ্ৰ নাথ।

আহত শৰৎ চন্দ্ৰ নাথ ধিং নিয়ন্ত্ৰিত বজাৰ সমিতিৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত মা অনুষ্ঠানঃ শতাধিক আই মাতৃক সম্বৰ্ধনা…

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত, গোগামুখ মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত আৰু লখিমপুৰৰ অগ্ৰণী ব্যৱসায়ীক প্ৰতিষ্ঠান জি বৰদলৈ এন্টাৰপ্ৰাইজৰ পৃষ্ঠপোষকতাত ৩৪ সংখ্যক বৰ্ষৰ ২৪৫ সংখ্যক ‘মা’ অনুষ্ঠান আজি গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটো উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ অনুষ্ঠানটো উদ্বোধন কৰি তেওঁ কয়- ‘মা’ অনুষ্ঠান এটি মানৱ দৰদী অনুষ্ঠান ৷ বৃদ্ধ পিতৃ-মাতৃসকলক সেৱা কৰাৰ মানসেৰে অসমৰ বিভিন্ন প্ৰান্তত জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈ এই অনুষ্ঠান আয়োজন কৰি আহিছে ৷ ‘মা’ অনুষ্ঠানে  হাজাৰ হাজাৰ দুখীয়া, দিশহাৰা পিতৃ-মাতৃক সহায় কৰি  আহিছে আৰু  নৱপ্ৰজন্মক নিজৰ পিতৃ-মাতৃক কি দৰে আদৰ-সন্মান কৰিব লাগে তাৰে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছে বুলি অধ্যক্ষ ড° ঝাই মত প্ৰকাশ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈ কয়- মোৰ নিজৰ মাকক কেতিয়াবাই হেৰুৱালো যদিও মোৰ হাজাৰ হাজাৰ মাতৃ অসমত আছে ৷

মই অসমৰ বিভিন্ন ঠাইলৈ গৈ স্নেহৰ মাতৃসকলৰ পৰা প্ৰতি এমাহ-দুমাহৰ মুৰে মুৰে আশীৰ্বাদ লৈ আহিছোঁ ৷ মই তেওঁলোকক সন্তান বিভিন্ন উপহাৰ দি সেৱা জনাইছোঁ ৷ আজিৰ পৃথিৱীখন যান্ত্ৰিকতাৰ পৃথিৱী ৷ এই পৃথিৱীত সকলোৱে ব্যস্ত কোনেও কাকো মুৰ তুলি চাবলৈ যেন সময় নাই এনে অৱস্থা হৈছে ৷ আনকি নিজৰ বৃদ্ধ পিতৃ-মাতৃকো নিজৰ সন্তানে বৃদ্ধাশ্ৰমত ৰাখি আধুনিকতাৰ ঢঙত উঠি-ভাঁহি ফুৰে ৷  যি পিতৃ-মাতৃয়ে অনন্ত কষ্ট, দুখৰ বোজা লৈ, সীমাহীন সপোন দেখি ডাঙৰ-দীঘল কৰিলে এই সন্তানে যদি ক্ষন্তেকীয়া সুখৰ বাবে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখে তেন্তে ইয়াতকৈ দুুুখৰ বিষয় একো হ’ব নোৱাৰে ৷ পৃথিৱীৰ শ্ৰেষ্ঠ শব্দটোৱে হৈছে ‘মা’ ৷ ‘মা’ শব্দটো জীয়াই থাকিলেহে পৃথিৱীখন জীয়াই থাকিব আৰু মাতৃসকলক সন্মান কৰিলে ‘মা’ নামৰ বিশাল শব্দটোৰ মূল্য থাকিব বুলি তেওঁ আৱেগিকভাৱে অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু পিতৃ-মাতৃসকলক তেওঁ অৱগত কৰে ৷ অনুষ্ঠানত নিজ পিতৃ-মাতৃক সঠিকভাৱে শুশ্ৰূষা কৰাৰ বাবে ঔম প্ৰকাশ তিৱাৰীক ‘মা’ অনুষ্ঠানৰ শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা প্ৰদান কৰা হয় ৷ বঁটাটোত আছে নগদ ধন, শৰাই, মানপত্ৰ, চেলেং চাদৰ আৰু ফুলাম গামোচা ৷

অনুষ্ঠানত শতাধিক পিতৃ-মাতৃক উপহাৰ সামগ্ৰী প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পৰেশ দলে, হাজং ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ হাজং, গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিগন্ত বৰুৱা আদিয়ে ৷ এই সুন্দৰ অনুষ্ঠানত গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলে নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন নামৰ চুটি নাটখন প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে ৷

ৰাহুল গান্ধীক এলিয়েন আখ্যা বিধায়িকা সুমন হৰিপ্ৰিয়াৰ…

ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ।

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি হাজোৰ বিধায়িকাগৰাকীয়ে সমালোচনা কৰে ৰাহুল গান্ধীক।

বিধায়িকাগৰাকীয়ে ক’লে, ‘‘ৰাহুল গান্ধী এটা এলিয়েন। ৰাহুল গান্ধী কোন গ্ৰহৰ পৰা আহিছে গম নাপাওঁ। আজি আছে কাইলৈ আকৌ উৰি যাব নিজৰ গ্ৰহলৈ’।

সামাজিক মাধ্যমত ৰামলালাৰ মূৰ্তি ছবি শ্বেয়াৰ কৰিলে পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰে…

ৰাম মন্দিৰঃ বৰ্তমান সমগ্ৰ বিশ্বতে ৰাম মন্দিৰৰ চৰ্চা চলিছে। ভাৰতীয়ৰ লগতে বিদেশীসকলো ৰাম মন্দিৰক লৈ উৎফুল্লিত। ইফালে ৰাম মন্দিৰ সন্দৰ্ভত সুখদায়ক বক্তব্য প্ৰদান কৰিছে পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰে। ভগৱান ৰাম ৰামনগৰলৈ অহাত সকলোৱে সুখী। ইফালে, ৰাম মন্দিৰ সন্দৰ্ভত এক বিবৃতি দিছে পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেনিছ কানেৰিয়াই। ৰামলালাৰ ছবিও তেওঁ শ্বেয়াৰ কৰিছে।

আচলতে বৃহস্পতিবাৰে ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হয় ৰামলালাৰ নতুন মূৰ্তি। কালি ইয়াৰ ছবিখন চৰ্চাত আছিল। সকলোৱে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছিল। এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰবীণ লেগ স্পিনাৰ ডেনিছ কানেৰিয়াইও নতুন প্ৰতিমূৰ্তিৰ ছবি শ্বেয়াৰ কৰি এটা আচৰিত কেপচন লিখিছিল। ডেনিছ কানেৰিয়াই ছ’চিয়েল মিডিয়া চাইট এক্সত লিখিছে, মোৰ ৰামলালা বহি আছে। অৱশ্যে প্ৰথমবাৰৰ বাবে ৰাম মন্দিৰক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কানেৰিয়াই। ৰাম মন্দিৰক লৈ তেওঁ ইয়াৰ পূৰ্বেও বহুবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দিনটোত বিশেষ ছুটী দিয়াৰ বাবে মৰিচাছ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছিল।

ৰামৰ অযোধ্যাত গৃহহীন লক্ষ্মণ! ৰাজপথত ঘূৰি ফুৰা দেখা গ’ল ৰামায়ণৰ ৰাম, সীতা আৰু লক্ষ্মণক…

ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীৰ বাবে মাথোঁ কেইদিনমান বাকী। ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভগৱান ৰামৰ মূৰ্তি উন্মোচন অনুষ্ঠানক লৈ প্ৰতিজন ভাৰতীয় অতিশয় উৎসাহিত। ভক্তৰ লগতে এই ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হ’বলৈ অযোধ্যালৈ চেলিব্ৰিটিও আগমণ। ইয়াৰ লগে লগে ভগৱান ৰাম চহৰৰ সকলো হোটেলতে হাউচফুল বুকিং কৰা হৈছে। টিভিৰ ৰামায়ণৰ ৰাম, সীতা আৰু লক্ষ্মণেও ১৭ জানুৱাৰীত অযোধ্যাত উপস্থিত হয়। এতিয়া ৰামানন্দ সাগৰৰ ৰামায়ণত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সুনীল লাহিৰীয়ে প্ৰকাশ কৰিলে যে তেওঁ অযোধ্যাত থাকিবলৈ ঠাই পোৱা নাই।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত টিভিৰ ৰামায়ণৰ ৰাম, সীতা আৰু লক্ষ্মণ অৰ্থাৎ অৰুণ গোবিল, দীপিকা চিখলিয়া আৰু সুনীল লাহিৰীক অযোধ্যাৰ ৰাজপথত ঘূৰি ফুৰা দেখা গৈছে। এই সময়ছোৱাত তিনিওজনকে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল। টিভিৰ ৰাম, সীতা আৰু লক্ষণক চাবলৈও মানুহ যথেষ্ট উৎসাহিত। এই সকলোবোৰৰ মাজতে ৰামায়ণৰ লক্ষ্মণ অৰ্থাৎ সুনীল লাহিৰীয়ে অযোধ্যাত সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে এক সংবাবগোষ্ঠীৰ আগত কয়।

অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে অযোধ্যালৈ অহা দুদিন হ’ল যদিও তেওঁ এতিয়াও থাকিবলৈ ঠাই বিচাৰি পোৱা নাই। তেওঁ কয় যে হোটেলৰ সকলো কোঠা প্ৰায় ভৰি পৰিছে আৰু উদ্বোধনীৰ সময়লৈকে তেওঁ ক’ত থাকিব সেই লৈ চিন্তিত। অৱশ্যে অতি সোনকালে অযোধ্যাত বসবাসৰ বাবে উপযুক্ত স্থান বিচাৰি পাব বুলিও আশা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে।

ঘৰৰ এই সমূহ দিশত ফেঁচাৰ মূৰ্তি ৰাখক, ঘৰলৈ আহিব সুখ-শান্তি…

বাস্তু শাস্ত্ৰত ঘৰত পক্ষীৰ মূৰ্তি ৰখাটো শুভ বুলি গণ্য কৰা হয়। শাস্ত্ৰত ফেঁচাক লক্ষ্মী দেৱীৰ বাহন বুলি কোৱা হয়। আপোনাৰ ঘৰ বা অফিচত কোন দিশত ফেঁচা এটা ৰাখিলে ভাল সেয়া জানি লওক। বাস্তু শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ আছে যাৰ সহায়ত জীৱনলৈ সুখ কঢ়িয়াই আনিব পাৰি। বাস্তুৰ মতে কিছুমান বস্তু ঘৰত ৰখাটো শুভ বুলি গণ্য কৰা হয়। এইবোৰ ঘৰত ৰাখিলে সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি কোৱা হয়। ইয়াৰ লগতে ঘৰৰ সদস্যসকলেও জীৱনত আগবাঢ়িবলৈ আৰম্ভ কৰে। তেনে এটা বস্তু হ’ল পক্ষীৰ মূৰ্তি, বাস্তু শাস্ত্ৰত ফেঁচাক শুভ বুলি গণ্য কৰা হয়। গতিকে কিছুমান বাস্তু টিপচ জানি লওক-

শাস্ত্ৰ অনুযায়ী ফেঁচা দেৱী লক্ষ্মীৰ বাহন, সেয়েহে এই পক্ষীৰ মূৰ্তি ঘৰত ৰাখিলে ধনৰ নাটনি নহয়। ঘৰত ফেঁচাৰ মূৰ্তি ৰাখিলে দেৱী লক্ষ্মীয়ে বাস কৰে। বাস্তু শাস্ত্ৰৰ মতে, ঘৰত পখিৰ মূৰ্তি ৰাখিলে ঘৰৰ বাস্তু দোষবোৰো দূৰ হয়।

বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ উত্তৰ-পশ্চিম দিশত সদায় ফেঁচা মূৰ্তি ৰাখিব লাগে। লগতে এটা কথা মনত ৰাখিব যে ফেঁচাৰ মুখখন ঘৰৰ মূল দুৱাৰৰ ফালে হ’ব লাগে, ইয়াৰ ফলত ঘৰত নেতিবাচকতা নাহে ।

ঘৰৰ বাহিৰেও আপুনি আপোনাৰ অফিচত এটা ফেঁচা ৰাখিব পাৰে। অফিচত ৰাখিলে ইতিবাচকতা আহে আৰু নেতিবাচকতা দূৰ হয় যাৰ ফলত ব্যক্তিজনে আগবাঢ়ি যায় আৰু নতুন সুযোগ পায়।

বাস্তু শাস্ত্ৰৰ মতে, ফটোতকৈ ঘৰত ফেঁচা মূৰ্তি ৰখাই ভাল। যদি মূৰ্তিটো ব্ৰঞ্জৰ হয় তেন্তে ইয়াক অধিক উপকাৰী বুলি গণ্য কৰা হয়।

জয় মেহতাৰ জন্মদিনত পত্নী জুহি চাওলাৰ বিশেষ কেক উপহাৰ, কেকৰ মূল্য জানিলে আচৰিত হ’ব…

বলীউডৰ অভিনেত্ৰী জুহি চাওলাই স্বামী জয় মেহতাৰ ৬৩ সংখ্যক জন্মদিনৰ বিশেষ ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায়। এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক জন্মদিনৰ কেকৰ আভাস দেখুৱাইছে। ফটোখনৰ লগতে জুহীয়ে জয়ৰ বাবে বিশেষ কেপচনো লিখিছে। সেই অভিনেত্ৰীসকলৰ তালিকাত জুহি চাওলাৰ নাম অন্তৰ্ভুক্ত। যিয়ে বছৰ বছৰ ধৰি নিজৰ অভিনয়ৰ জৰিয়তে বলীউডত ৰাজত্ব কৰি আহিছে। এতিয়া ডাঙৰ পৰ্দাত খুব কমেকৈ দেখা পোৱাৰ পাছতো ছ’চিয়েল মিডিয়াত তেওঁ অতি সক্ৰিয়।


আচলতে জুহি চাওলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত স্বামী জয়ৰ বিশেষ জন্মদিনৰ কেকৰ এখন ছবি শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰিয় সকলো বস্তুৰ লগতে স্বামী জয়ৰ ছবিৰে কেকটো প্ৰস্তুত কৰি উলিয়াইছে।

এই ফটোখনৰ কেপচনত জুহি চাওলাই লিখিছে, ‘মোৰ জীৱনৰ দয়ালু, উদাৰ, মৰমিয়াল, বন্ধুত্বপূৰ্ণ আৰু আটাইতকৈ বিৰক্তিকৰ ব্যক্তিজনৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ। জন্মদিনত মেহতাক শুভেচ্ছা জনোৱা দেখা যায়। জুহি চাওলা আৰু জয় মেহতাৰ বিবাহ ২০১৫ চনত হৈছিল।