Home Blog Page 1086

নগাঁৱত সামাজিক নাটক ‘আবেলিৰ গান’ মঞ্চস্থ

নগাঁও ফৌজদাৰীপট্টিৰ কলা মন্দিৰত ৭ ফেব্ৰুৱাৰীৰ সন্ধ্যা মঞ্চস্থ হৈ যায় ‘আবেলিৰ গান’ নামৰ এখনি সামাজিক নাটক। বিশিষ্ট গল্পকাৰ, লেখক, জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিঙৰ এটি গল্পৰ আধাৰত তথা গল্পকাৰগৰাকীৰ নাট্যৰচনাৰে প্ৰথমবাৰৰ বাবে মঞ্চস্থ হয় নাটকখনি।

যুৱ নাট্যকৰ্মী গৌৰাংগ বৰাৰ পৰিচালনা আৰু পৰিকল্পনাৰে ‘ৰূপান্তৰ’ৰ প্ৰযোজনাত মঞ্চস্থ হোৱা ‘আবেলিৰ গান’ যথাৰ্থতে এক সংলাপধৰ্মী নাটক। অশান্ত অসমৰ এছোৱা সময়ক লৈ ৰচিত হৈছে এই নাটকখনি। সেই সময়ৰ বহু যুৱক -যুৱতীৰ স্বাভাৱিক জীৱন বিঘ্নিত হৈছিল। আশাবোৰ থান-বান হৈছিল ।

পথচ্যুত হৈছিল অজস্ৰজন। এনে এখন বিদীৰ্ণ সমাজৰ কৰুণ বিননি নাট খনিৰ জৰিয়তে প্ৰতিফলিত কৰা হৈছে। ইয়াৰ মাজতো জীৱনৰ নিষিদ্ধ আনন্দৰ সন্ধানত ব্যস্ত আছিল সমাজৰ অনেক চিনাকি মুখ।


কোনো নিৰ্দিষ্ট বাৰ্তাৰ অবিহনেই আমাৰ পৰিচিত সমাজৰ চিনাকি মুখৰ দুটা বিপৰীতধৰ্মী দিশৰ উপস্থাপনৰ জৰিয়তে দৰ্শকৰ বিমল মনোৰঞ্জনৰ উদ্দেশ্যে নাটখনি ৰচনা কৰা হৈছে। নাটকখনিত অভিনয় কৰে ড০ চন্দন হাজৰিকা, গৌৰাংগ বৰা, কাব্যৰূপা বৰা আৰু ৰুলি শইকীয়াই।

নাটৰ ৰূপসজ্জা প্ৰশান্ত বৰাৰ। সংগীত অভিনাশ দাস, পোহৰ সজ্জা লক্ষ্যজ্যোতি শইকীয়া আৰু পোহৰ ব্যৱস্থাপক প্ৰশান্ত বৰাৰ। নাটখনিৰ সফল মঞ্চায়নে দৰ্শকক প্ৰথমৰে পৰা অন্তিম মুহূৰ্তলৈকে মোহাচ্ছন্ন কৰিছিল বুলিব লাগিব। এগৰাকী সাধাৰণ দৰ্শকৰ দৃষ্টিৰে চাবলৈ গ’লে নাটখনি উপস্থাপনৰ বেলিকা অভিনয় শিল্পীসকলে সামগ্ৰিক ভাৱে সুন্দৰ অভিনয়ৰে সকলো দৰ্শককে সন্মোহিত কৰিছিল। ইফালে, এক বাস্তৱধৰ্মী কাহিনীক নাট্যৰূপ দিবলৈ যাওঁতে নাট্যকাৰে বিভিন্ন দিশ চালি-জাৰি চাই সংযোজন-বিয়োজন কৰা যেন লাগে।

আনুষংগিক দিশতো খুটি-নাটি উলিয়াবলৈকো বিচাৰি ফুৰিব লাগিব সাধাৰণ দৰ্শকে। মুঠতে নাটখনি সফলতাৰে মঞ্চস্থ কৰাৰ ক্ষেত্ৰত আটায়ে যথেষ্ঠ কষ্ট স্বীকাৰ কৰা বুলিব লাগিব। দৰ্শকে আগলৈকো নাট্যকাৰগৰাকীৰ আন নাট আৰু উপভোগ কৰিবলৈ পাব বুলি আশা ৰাখিছে।

-জয়ন্ত বৰা, বঢ়মপুৰ

মহানগৰীৰ গণেশগুৰিত ৭মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। ৭মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড।

হাহাকাৰ অৱস্থা ।

অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে উপস্থিত হৈছে ।

জু‌ই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে অগ্নি নিৰ্বাপক বাহিনীৰ ।

বোকাখাত উপ জিলাৰ বনগাঁৱত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত কৃত্ৰিম চৰাই বাহ স্থাপন

নুমলীগড়ৰ পৰা উজনি অসমলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰ লেনলৈ উন্নীকৰণৰ ফলত কাটি পেলাব লগীয়া হৈছে দাঁতি-কাষৰীয়া বহু মূল্যৱান পুৰঠ গছ। ইয়ে পাৰিপাৰ্শ্বিকতাত আঘাত হানিছে। গছবোৰত বসবাস কৰা যথেষ্ট সংখ্যক পক্ষীয়ে বাসস্থান হেৰুৱাইছে। পৰিৱেশ সংৰক্ষণৰ বাবে ই এক ভাবুকি হৈ পৰিছে। এই পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থতে বোকাখাত উপ জিলাৰ বনগাঁৱত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত আৰম্ভ হৈছে কৃত্ৰিম চৰাই বাহ স্থাপন।

৬ ফেব্ৰুৱাৰীত বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে চৰাইৰ বাবে পোৰামাটিৰে নির্মিত কেইবাটাও চৰাইৰ কৃত্ৰিম বাহ স্থাপন কৰে।

উল্লেখযোগ্য যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক লৈ “চৰাই বান্ধৱ” নামেৰ এটা দল গঠন কৰা হৈছিল। “চৰাই বান্ধৱ”নামৰ ছাত্ৰ ছাত্ৰীসকলৰ এই দলটোৰ মূল উদ্দেশ্য হ’ল চৰাইৰ পৰ্যৱেক্ষণ, চৰাইৰ সুৰক্ষা আৰু বাসস্থানৰ নিৰাপত্তা প্ৰদান কৰা।

বর্তমান ৰাষ্ট্ৰীয় ঘাইপথবোৰ ফ’ৰলেনলৈ উন্নীতকৰণৰ ফলত বৃহৎ পৰিমাণৰ গছ কাটি পেলোৱা হৈছে আৰু মূলতঃ মানুহৰ আশে পাশে বাস কৰা চৰাইবোৰ বাসস্থানৰ অভাৱত ভুগা পৰিলক্ষিত হৈছে৷ বাসস্থান হেৰুওৱা চৰাইবোৰ মানুহৰ হিংসাৰো বলি হোৱা দেখা গৈছে৷ এনে এক প্ৰতিকূল পৰিৱেশৰ লগত খাপ খোৱাকৈ কৃত্ৰিম বাহৰ ব্যৱস্থা কৰি পক্ষী সংৰক্ষণৰ দিশত “চৰাই বান্ধৱ” দলটো আগবাঢ়ি আহিছে।

উল্লেখ্য যে স্থানীয় মৃৎশিল্পীৰ সহায়ত পোৰামাটিৰে এই কৃত্ৰিম চৰাইৰ বাহ নির্মাণ কৰি উলিওৱা হৈছে৷ বিদ্যালয়ত চৰাইৰ বাহ স্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক চৰাইৰ ৰক্ষণাৱেক্ষণ আৰু পর্যৱেক্ষনৰ বাবে আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। গিৰিমল্লিকা শইকীয়াই জনোৱা মতে, তৃণমূল পর্যায়ত চৰাই সংৰক্ষণৰ বাবে এয়া এক দীর্ঘম্যাদী বাস্তৱসন্মত কার্যক্ষম আঁচনি পৰীক্ষামূলকভাৱেহে আৰম্ভ কৰা হৈছে।

এই প্ৰকল্পৰ সফলতাই অসমৰ বিদ্যালয় চৌহদবোৰ চৰাইৰ কাকলিৰে আশ্ৰম সদৃশ কৰি গঢ়ি তোলাৰ সম্ভাৱনা কঢ়িয়াই আনিব৷ “চৰাই বান্ধৱ”ৰ মূল কথা “চৰাই থাকিলেহে আমিও থাকিম। একেলগে আমিও থাকিম চৰাইও থাকিব”।

“চৰাই বান্ধৱ”ৰ বৰ্তমান ৩০ জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটোৰ সদস্য হ’ল বৰষা, ৰোহিত প্ৰিয়ম, চোমালিকা, প্ৰিয়াংকী, সত্যপল, ৰাজদীপ, দীপাংকৰ, আৰিয়ন , বেদান্ত, আশিস, পৰমজ্যোতি, জ্ঞানজ্যোতি, উদয়, সৌৰভ, মণিকা, পৰী, পপী, ৰিমা, অলিভিয়া, কবিতা, ডিম্পল, প্ৰীতম, সংগীতা, দৃষ্টিপ্ৰিয়া, দৃষ্টি, এঞ্জেলিকা, জয়শ্ৰী, টুলটুলী, মুনু, দৰ্পণ।

চাদ্ৰী ভাষাৰ চুটি ছবি ‘প্ৰাণেৰ চুগা’ৰ চুটিঙৰ শুভাৰম্ভ…

অলপতে অসমৰ জনপ্রিয় কণ্ঠশিল্পী, পৰিচালক, প্ৰযোজক, অভিনেতা, গীতিকাৰ ,সুৰকাৰ, চিত্ৰনাট্যকাৰ মংগল নায়কৰ হৃদয়স্পর্শী চাদ্ৰীভাষাৰ এক চুটি ছবি “প্ৰাণেৰ চুগা”ৰ চুটিঙৰ শুভাৰম্ভ কৰা হয়। শান্তি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা মংগল নায়কৰ আৰু সহ পৰিচালক অতুল ভূমিজৰ। নগাওঁ জিলাৰ চাপানালাত চুটিং কৰা ছবিখনত অভিনয় কৰিছে শেৱালী ভূমিজ, মনোৱাৰ হুছেইন, সুপ্ৰীতি নায়ক (শিশু শিল্পী), পাৰ্বতী গগৈ, মঞ্জু ভূমিজ, শিৱ গগৈৰ লগতে বহু ন-পুৰণি শিল্পী।

কেমেৰাত আছে চাবিৰ আহমেদ আৰু চাজু। ছবিখনৰ কাহিনীত উল্লেখ থকা গাঁৱৰ এগৰাকী দুখীয়া পৰিয়ালৰ বিশেষ ভাবে সক্ষম কিশোৰীৰ ওপৰত আধাৰিত। ছবিখনৰ চুটিঙৰ কাম ইতিমধ্যে পূর্ণ গতিত চলি আছে। ছবিখনৰ মহুৰৎ অনুষ্ঠানত অৰবিন্দ চৌধুৰী, অৰুন কুমাৰ মূৰ্মূ, কমল শইকীয়া, কৃষ্ণ কুৰ্মী, জুতিকা ভূঞা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছবিখনে সমাজৰ বাবে সুন্দৰবাৰ্তা বহন কৰিব বুলি আশা কৰিছে ৰাইজে ৷

চুম্বনৰ দৃশ্যক লৈ বিতৰ্কত ফাইটাৰ, ছবিখনলৈ প্ৰেৰণ কৰিছে আইনী জাননী…

হৃতিক ৰোশন আৰু দীপিকা পাডুকনে অভিনীত ছবি ‘ফাইটাৰ’ৰ চুম্বনৰ দৃশ্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ছবিখনৰ নিৰ্মাতাসকলে লাভ কৰিছে আইনী জাননী। হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ ছবি ‘ফাইটাৰ’ৰ চুমা দৃশ্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অসমত পোষ্ট কৰা উইং কমাণ্ডাৰ সৌম্যদীপ দাসে সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবিখনলৈ আইনী জাননী প্ৰেৰণ কৰিছে। মানহানিৰ গোচৰো দাখিল কৰিছে। উইং কমাণ্ডাৰে কয় যে ছবিখনত নিৰ্মাতাসকলে বায়ুসেনাক ভুল ধৰণে উপস্থাপন কৰিছে। ভাৰতীয় বায়ুসেনাৰ ইউনিফৰ্ম পিন্ধি হৃতিক ৰোশন আৰু দীপিকা পাডুকনক চুমা খাই থকা দেখা গৈছে, যাৰ ফলত বায়ুসেনাৰ সৈতে জড়িত লোকৰ আৱেগক আঘাত হনাৰ অভিযোগ।

এই আইনী জাননীত কোৱা হৈছে যে বায়ুসেনাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি তাত এনে দৃশ্য অন্তৰ্ভুক্ত কৰাটো সম্পূৰ্ণ ভুল। জাতিৰ প্ৰতীক হোৱা ইউনিফৰ্মখনক ‘ফাইটাৰ’ত চুমা খোৱাৰ দৃশ্য দেখুৱাই ভুলকৈ উপস্থাপন কৰা হৈছে। অভিযোগকাৰীয়ে ক্ষতিপূৰণ আৰু ক্ষমা বিচাৰিছে।



নগাঁৱত সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ ধৰ্মঘট

সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰে সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ কেন্দ্রীয় কমিটিৰ নির্দেশক্রমে সন্থাই ২০২৩ বৰ্ষৰ ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়াকৈ ৰূপায়ণ কৰা ধর্ণা কাৰ্যসূচী আৰু ২৯ ডিচেম্বৰত সর্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰাৰ পাছতো অসম চৰকাৰে সন্থাৰ দাবীসমূহৰ প্রতি কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা আয়ুক্তৰ অধীনৰ কর্মচাৰীসকলে সর্বাত্মক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে।

নগাঁও জিলা আযুক্তৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত উক্ত কাৰ্যসূচীত প্রায় দুই শতাধিক কর্মচাৰীয়ে অংশগ্রহণ কৰে। কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া দাবী সমূহ মূলত: চৈধ্য দফীয়া।

দাবী সমূহৰ অন্যতম বর্তমানে জিলা প্ৰশাসন কর্মচাৰীসকলক সুকীয়া গ্রেড-প্ৰে (Grad Pay) প্রদান কৰা, আয়ুক্ত কার্যালয় সমূহত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জিলা – প্রশাসন কর্মচাৰীসকলক প্ৰদান কৰা ৩ শতাংশ অতিৰিক্ত দৰমহা জাৰিকাৰক সকলক অতি শীয়ে আদায়ৰ ব্যৱস্থা কৰা আৰু ২০০৫ চনৰ পাছত যিসকল কর্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল তেওঁলোকক এন-পি-এছ (NPS) বাতিল কৰি অ’-পি-এছ (OPS) প্রদান কৰা আদি সমাধানৰ বাবে গণতান্ত্রিকভাবে এই কার্যসূচী পালন কৰিবলৈ বাধ্য হয় বুলি সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ নগাওঁ জিলা সমিতিৰ সভাপতি পুষ্পেন্দ্র দাস, সম্পাদক বিপুল চন্দ্র বৰাৰ লগতে কেন্দ্রীয় সমিতিৰ উপ-সভাপতি জয়ন্ত কুমাৰ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইয়াৰ সমান্তৰালভাবে কাইলৈ ৯ ফ্রেব্রুৱাৰীত এই সর্বাত্মক অসহযোগ কার্যসূচী পালন কৰা হ’ব বুলি জানিবলৈ দিয়ে। যদি ইয়াৰ পাছতো চৰকাৰে সন্থাৰ দাবী সমূহ অতি সোনকালে পূৰণ নকৰে তেন্তে অনাগত দিনত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্থাৰ প্ৰচাৰ সম্পাদকদ্বয় সীমান্ত হাজৰিকা আৰু ৰাজেশ সোমে জানিবলৈ দিয়ে।

-জয়ন্ত বৰা, বঢ়মপুৰ

দক্ষিন বেছিমাৰী প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ, উৎসৱ মুখৰ পৰিৱেশ…

ৰাজ্যত চলি আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ২০২৪ বৰ্ষৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ। বৃহস্পতিবাৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ অন্তিম দিনা উৎসৱ মূখৰ পৰিবেশ দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়। দৰং জিলাৰ দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী গাঁও পঞ্চায়তত অৱস্থিত ১৯৫২ চনত স্থাপিত দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়। আটকধুনীয়া কৈ সজোৱা হৈছে বিদ্যালয়ৰ চৌপাশ। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ ৰাতিপুৱা ছাত্ৰ- ছাত্ৰী সকল আহি উপস্থিত হ’ল বিদ্যালয়ত। ৰাতিপুৱা ৮-৩০ মিনিটত বিদ্যালয়ত উপস্থিত হয় মূল পৰ্যবেক্ষক। বিদ্যালয় কতৃপক্ষই এখনি জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিষয়া গৰাকীক বিদ্যালয়লৈ আগবঢ়াই আনে। ছাত্ৰ-ছাত্ৰী সকলৰ মেধা গুনৰ উপৰিও বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশৰ লগত বিদ্যালয়ৰ চৌহদৰ আটকধুনীয়া পৰিৱেশ। ৰাতিপুৱা ৮-৪৫ বজাত প্ৰাত:সভা।প্ৰাত: সভাত ছাত্ৰ ছাত্ৰীয়ে বিশেষ পাৰদৰ্শিতা কাৰ্যসূচীত একাধিক ক্ৰমে ড্ৰিল আৰু মাৰ্চিং, একাদশ ব্ৰত, কোৰান পাঠ,ৰামধনু,প্ৰাৰ্থনা সংগীত,অসম সংগীত/জাতীয় সংগীত,শান্তি স্তুত,সংকল্প,মহৎ লোকৰ বানী,সাঁথৰ, কৌতুক,নেওঁতা আদি পাঠ কৰি প্ৰাত:সভা সমাপ্ত কৰি শাৰী পাতি ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ শ্ৰেনী কোঠালৈ প্ৰবেশ কৰে। বৃহস্পতিবাৰে অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ অন্তিম দিনা চুড়ান্ত পৰ্য্যায়ত পৰিদৰ্শক সকলে দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয় পৰ্যবেক্ষণৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ পাঠ্যক্ৰম ভিক্তিত শৈক্ষিক মূল্যায়ন কৰে। শৈক্ষিক মূল্যায়নৰ মূল দায়িত্বত আছিল চিৰঞ্জীতা দত্ত আৰু সহ পৰিদৰ্শক হিচাপে উপস্থিত থাকে যুগেশ দাস,সবিতা দাস,আব্দুৰ ৰহিম,ফাতেমা খাতুন আৰু নছিমুদ্দিন আহমেদ।

দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয় খনে বৃহত্তৰ শিলবৰী অঞ্চল খনৰ বাবে কেইবা বাৰো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয় পৰিচালনা সমিতি,আন্ত গাঁথনি,শিক্ষক শিক্ষয়িত্ৰী সকলৰ চেষ্টা,স্থানীয় ৰাইজৰ সহায় সহযোগিতা,সচেতন অভিভাৱক হোৱা হেতুকে বিদ্যালয় খন সাধাৰণ বিদ্যালয়তকৈ বহু গুনে আগবঢ়া।বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল বাৰি,সহ শিক্ষক হবিবুৰ ৰহমান,এ.এম.এ ছাত্তাৰ আকন্দ,একাশ্বৰ হাজং,বাবলী মজুমদাৰ,দিজু মনি ডেকা, অবৈতনিক শিক্ষয়িত্ৰী আনোৱাৰা বেগম, প্ৰতি জনেই কৰ্তব্য পৰায়ন। ছাত্ৰ-ছাত্ৰী বিভিন্ন দিশত আগুৱাই নিবলৈ অ-প্ৰান চেষ্টা কৰে বুলি স্থানীয় ৰাইজে জনায়। বৃহস্পতি বাৰে অনুষ্ঠিত গুণোৎসৱ বিদ্যালয় খনত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হাইদৰ আলী, সদস্য হেলাল উদ্দিন, ইছলাম উদ্দিন,নুৰ হুছেইন,আইনুল হক সদস্যা ফজিলা খাতুন,জেচমিনা খাতুন, আনোৱাৰা বেগম, প্ৰাক্তন ছাত্ৰ জেহিৰুল ইছলাম, পঞ্চায়ত সদস্যা ছালাম খাতুন আদি কৰি মাতৃ গোটৰ ভালে কেইজনী সদস্যা। স্থানীয় ৰাইজৰ সহায় সহযোগিতা, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা চাই মূখ্য পৰ্যবেক্ষণৰ দায়িত্বত থকা বিষয়া চিৰঞ্জীতা দত্ত বাইদেউৱে সন্তোষ্টি প্ৰকাশ কৰে। বিদ্যালয় খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক আব্দুল বাৰিয়ে জনায় যে আমাৰ বিদ্যালয় খনে বিগত বৰ্ষতকৈ এই বছৰ গুণোৎসৱত ভাল ফলাফল লাভ কৰিব। অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুণোৎসৱে বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ দিশত বিভিন্ন প্ৰকাৰে সহায় কৰিছে।

‘মই তাৰকা নহয়…’ ৫০০ কোটিৰ ছবিত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি ট্ৰ’লৰ সন্মুখীন হোৱা ছেইফে ক’লে মই তাৰকা নহয়…

আদিপুৰুষ ছবি মুক্তি পোৱাৰ ৮ মাহ হ’ল। কিন্তু এই ছবিখনৰ প্ৰতি মানুহৰ ক্ষোভ এতিয়াও একেই আছে। ছবিখনত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা ছেইফ আলী খানক বহুত ট্ৰল কৰা হৈছিল। কিন্তু এতিয়া এই ভূমিকাক লৈ ছাইফে নিজৰ মৌনতা ভংগ কৰিছে। যোৱা বছৰ ‘আদিপুৰুষ’ ছবিখন মুক্তি পোৱাৰ লগে লগে অনুৰাগীয়ে ছবিখনত দেখা তাৰকাসকলক তীব্ৰভাৱে ট্ৰ’ল কৰিছিল। শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰা প্ৰভাসেই হওক বা ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা ছেইফে হওক। ৫০০ কোটি টকাৰ এই মেগা বাজেট ছবিখনক লৈ মানুহে ইমানেই কঠোৰ কথা কৈছিল যে ছবিখনৰ সংলাপ লেখক মনোজ মুন্টাশ্বিৰেও ক্ষমা খুজিবলগীয়া হৈছিল। এই ছবিখন মুক্তি পোৱাৰ ৮ মাহৰ পাছত এতিয়া ছৈফ আলী খানে নিজৰ চৰিত্ৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে। ছেইফে ক’লে যে মই এনেকুৱা তাৰকা নহয় যে মই যিকোনো কাম কৰিব পাৰো।


এক সাক্ষাৎকাৰত মুকলিকৈ কয় ছেইফে। ‘আদিপুৰুষ’ ছবি সন্দৰ্ভত ছেইফে কৈছিল – ‘মই এনেকুৱা তাৰকা নহয় যে মই যিকোনো কাম কৰিব পাৰো।’ বাস্তৱিক হোৱাটো ভাল, কিন্তু মই নিজকে সঁচাকৈয়ে কেতিয়াও তাৰকা বুলি ভবা নাছিলো।’

ইয়াৰ লগতে ছাইফ আলী খানে আৰু কয়- ‘মোৰ মা-দেউতা ডাঙৰ তাৰকা, কিন্তু তেওঁলোক মোৰ বাবে বাস্তৱবাদী আৰু স্বাভাৱিক। জীৱনত আৰু আছে। মোৰ মনোযোগ সদায় সেইটোৱেই আছিল… মই অনুভৱ কৰোঁ যে বিফলতাক ভয় কৰা উচিত নহয়।

ছেইফে কয়- ‘যদি আপুনি কিবা এটাত বিফল হৈছে, তেন্তে আপুনি সেয়া এৰাই চলিব লাগিব, বেয়া অনুভৱ কৰিব লাগিব আৰু ক’ব লাগিব, ‘ভাল চেষ্টা কৰক আৰু তাৰ পিছত আগবাঢ়ি যাওক।’


অষ্টম ৰাষ্ট্ৰীয় পেৰা বচিয়া চেম্পিয়নশ্বিপৰ বাবে অসম দল ৰাওনা

গোৱালিয়ৰত ৭ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত লগা অষ্টম ৰাষ্ট্ৰীয় পেৰা বচিয়া চেম্পিয়নশ্বিপৰ বাবে অসম দল ইতিমধ্যে ৰাওনা হৈছে।

২৪ জানুৱাৰীত গুৱাহাটীৰ আদাবাৰীৰ উদয়াচলত অনুষ্ঠিত ৰাজ্যিক পাৰা বচিয়া বাছনি পৰীক্ষাৰ ভিত্তিত অসম দল গঠন কৰা হয়।

২০২৪ চনৰ অষ্টম ৰাষ্ট্ৰীয় পেৰা বচিয়া চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত খেলুৱৈসকল হৈছে

১) জগদীশ বসুমতাৰী

২) ৰাহুল ৰবি দাস

৩) অংকুশ বৈশ্য

৪) সৌৰভ ঠাকুৰ

৫) ৰীতা দাস

৬) প্ৰত্যাশী কাশ্যপ

৭) সন্ধ্যা ভূমিজ

৮) প্ৰিয়া দেৱী শৰ্মা

দলৰ মেনেজাৰ আৰু প্ৰশিক্ষকসকল

ক) সুব্ৰত দাস (প্ৰশিক্ষক তথা এথলীট এস্কৰ্ট)

খ) পূজা দেৱী শৰ্মাহ (টিম মেনেজাৰ তথা এথলীট এস্কৰ্ট)

গ) সুব্ৰত দাস (পুৰুষ প্ৰশিক্ষক তথা এথলীট এস্কৰ্ট) ।

২৬ মাৰ্চ, ২০১০ চনৰ পিছত বিবাহপাশত আৱদ্ধ হোৱাসকলে ছমাহৰ ভিতৰত কৰিব লাগিব বাধ্যতামূলক পঞ্জীয়ন…

উত্তৰাখণ্ডত আইনত পৰিণত ইউনিফৰ্ম চিভিল কোড বিধেয়ক। ফলত যদি কাৰোবাৰ বিয়া ২৬ মাৰ্চ, ২০১০ৰ পিছত হৈছে, তেন্তে তেনে বিবাহ পঞ্জীয়ন কৰিব লাগিব। যিসকলে ইতিমধ্যে সেয়া কৰিছে তেওঁলোকে পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নহ’ব। এই ব্যৱস্থা উত্তৰাখণ্ড বিধানসভাত উত্থাপন কৰা ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কত আছে। উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত আলোচনাৰ পিছত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কখন গৃহীত কৰা হয়। এই বিধেয়কৰ মতে যদি কাৰোবাৰ বিয়া ২৬ মাৰ্চ, ২০১০ -ৰ পিছত হৈছে , তেন্তে তেনে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।

মনকৰিবলগীয়া কথাটো হ’ল আইনখন ৰূপায়ণ হোৱাৰ ছমাহৰ ভিতৰত বিবাহৰ পঞ্জীয়ন নকৰা সকলৰ ওপৰত ১০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব। যিসকলে পঞ্জীয়নত মিছা তথ্য দিয়ে তেওঁলোকৰ বিৰুদ্ধে ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব। ইউচিচিত এই কথা স্পষ্ট কৰা হৈছে যে যদি বিবাহ সম্প্ন হোৱা মহিলা বা পুৰুষ ৰাজ্যখনৰ বাসিন্দা হয়, তেন্তে তেওঁৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব। ২৬ মাৰ্চ, ২০১০ লৈকে পঞ্জীয়ন নোহোৱা বিবাহবোৰ (উত্তৰাখণ্ড বাধ্যতামূলক বিবাহ পঞ্জীয়ন আইন) ইউচিচি কাৰ্যকৰী হোৱাৰ ছমাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। যিসকল ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকে আইনখন আৰম্ভ হোৱাৰ ছমাহৰ ভিতৰত উপ-পঞ্জীয়কৰ কাৰ্যালয়ত এই বিষয়ত ঘোষণাপত্ৰ দাখিল কৰিব লাগিব। ২০১০ চনৰ পূৰ্বৰ দম্পতীসকলে ইচ্ছা কৰিলে তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন কৰিব পাৰিব। ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত, স্বামী আৰু পত্নীয়ে একেলগে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব । তেওঁলোকে বিবাহৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত উপ-পঞ্জীয়কৰ সন্মুখত হাজিৰ হ’ব লাগিব। চৰ্তটো হ’ল যে দুয়োগৰাকীৰ মাজৰে এগৰাকী ৰাজ্যখনত বাস কৰা হ’লে এই নিয়ম মানিব লাগিব।। একেদৰে, ২০১০ চনৰ আগৰ দম্পতীসকলৰ বাবেও কিছুমান আনুষ্ঠানিকতা থাকিব।চৰকাৰে এনেবোৰ বিষয় চোৱা-চিতাৰ বাবে উপ-পঞ্জীয়ক, পঞ্জীয়ক, পঞ্জীয়ক জেনেৰেল নিয়োগ কৰিব। ইউচিচিৰ অধীনত ৰাজ্য চৰকাৰে এজন সচিব পৰ্যায়ৰ বিষয়াক মহাপঞ্জীয়ক হিচাপে নিযুক্তি দিব। ইয়াৰ পিছত উপ সংগ্ৰাহকৰ পৰ্যায়লৈকে বিষয়াসকলক বিভিন্ন অঞ্চলৰ বাবে পঞ্জীয়ক আৰু উপ পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হ’ব।

যিকোনো ব্যক্তিয়ে বিবাহ সম্পন্ন হোৱাৰ পিছত ইচ্ছাকৃতভাৱে পঞ্জীয়ন নকৰিলে বা পঞ্জীয়নত অৱহেলা কৰিলে তেওঁলোকক উপ-পঞ্জীয়কে ১০,০০০ টকালৈকে জৰিমনা বিহিব পাৰিব। পঞ্জীয়নত মিছা তথ্য বা জাল নথি পত্ৰ প্ৰদান কৰা ব্যক্তিক তিনি মাহলৈকে কাৰাবাস বা ২৫,০০০ টকা লৈকে জৰিমনা বিহা হ’ব পাৰে বা দুয়োটাই কাৰ্যকৰী কৰা হ’ব পাৰে। একেদৰে ১৫ দিনৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়াৰ বিষয়ত ব্যৱস্থা গ্ৰহণ নকৰা উপ-পঞ্জীয়ককো ২৫,০০০ টকালৈকে জৰিমনা বিহা হ’ব পাৰে।