Home Blog Page 1094

ভোগালী বিহুৰ দিনকেইটাত পুনৰ ৰন্ধন গেছৰ সংকটত পৰিব ৰাজ্যবাসী!

অনির্দিষ্টকাললৈ ধৰ্মঘটৰ কার্যসূচী ৭টাকৈ চিলিণ্ডাৰ পৰিবহণ সেৱাৰ।

নর্থ-ইষ্ট পেক্ড এলপিজি ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশ্যন(NEPLTA)ৰ উদ্যোগত প্রতিবাদ।

ধৰ্মঘটৰ ফলত স্থবিৰ হৈ পৰিছে উত্তৰ-পূবৰ কেইবাটাও বটলিং প্লান্ট।

উত্তৰ গুৱাহাটী, মির্জা, সৰপৰা, শিলচৰত বটলিং প্লান্টতো স্থবিৰতা।

স্থবিৰ হৈ পৰিছে তিনিচুকীয়া, দুলীয়াজান, ডিমাপুৰস্থিত প্লান্টকেইটাও।

পৰিবহণ সংস্থাৰ দাবীসমূহ নিষ্পত্তি নকৰাপৰ্যন্ত ধৰ্মঘটৰ হুংকাৰ।

IOCL কর্তৃপক্ষই থলুৱা পৰিবহণ সংস্থাসমূহক প্ৰৱঞ্চনাৰ অভিযোগ।

থলুৱা ব্যৱসায়ীসকলক বকেয়া নিদিয়াকৈ নতুন নিবিদা আহ্বান IOCLৰ।

IOCLৰ এনে কাণ্ডৰ বিৰুদ্ধে ধর্মঘট কার্যসূচী পৰিবহন সংস্থাটোৰ।

ভোগালী বিহুৰ দিনকেইটাত পুনৰ ৰন্ধন গেছৰ সংকটত পৰিব ৰাজ্যবাসী।

পুনৰ বন্ধ হৈ পৰিছে ৰন্ধন গেছ চিলিণ্ডাৰৰ সাতটাকৈ পৰিবহণ সেৱা।

প্ৰথমবাৰৰ বাবে কৌপাটি জাতীয় বিদ্যালয়ত প্ৰাক্তন সতীৰ্থ সন্মিলন

ওদালগুৰি জিলাৰ এক উন্নতমানৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰী। ২০০৫ স্থাপিত বিদ্যালয় খনে শিক্ষাৰ দিশত আগবঢ়াই আনিবলৈ বৃহত্তৰ অঞ্চলত এক উল্লেখযোগ্য ভুমিকা পালন কৰি আহিছে।

বৰ্তমান বিদ্যালয়খনত নিম্ন প্ৰাথমিকৰ পৰা স্নাতকলৈ অধ্যয়ন কৰা আছে বিশেষ সুবিধা। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° লুটন চৰকাৰ, দ্বীপ জ্যোতি দাস,গুৰু তাঁতী আদি কৰি ভালেকেই জন শিক্ষকৰ অশেষ কষ্ট ফলস্বৰূপে বিদ্যালয় খনে বিদ্যালয় খনে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব লৈ সমৰ্থক হয়। বৰ্তমান কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰীত প্ৰায় ১১৫ জন শিক্ষক আৰু ২৫০০ পৰা ৩০০০ ছাত্ৰ-ছাত্ৰী আছে।

২০০৫ চনৰ ১১ জানুৱাৰীত প্ৰতিষ্ঠিত বিদ্যালয় খনত তিনি ধৰি চলি আছে বিশেষ কিছুমান অনুষ্ঠান। যোৱা ৯ জানুৱাৰীত অনুষ্ঠিত হৈছিল ফাতেমা দোৱাজ দহম। ১১ জানুৱাৰীত অনুষ্ঠিত হয় বিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন, বৃক্ষৰোপণকে আদি কৰি আছিল বহু কাৰ্যসূচী।

শুক্ৰবাৰে বিদ্যালয়খনত অনুষ্ঠিত হয় প্ৰথম বাৰ বাবে প্ৰাক্তন সতীৰ্থ সন্মিলন। বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ যোৱা প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰীক লৈ অনুষ্ঠিত হয় এই অনুষ্ঠানটো। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আবেগিক হৈ পৰে অতীতৰ সেই স্কুলীয়া জীৱনৰ কথা মনত কৰি।

আকৌ কোনোবাই আনন্দিত হৈ উঠে বহু দিন পিছত সহপাঠীক লগ পাই। বিভিন্ন বছৰত ছাত্ৰ-ছাত্ৰীসকলে স্মৃতিত সজাই ৰাখিবলৈ ফটো তোলা ব্যস্ত হোৱাও দেখা যায়। বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মান পত্ৰ আৰু ফুলাক গামোচাৰে সম্বৰ্ধনা জনায়।

লগতে বিদ্যালয় কৰ্তৃপক্ষই আমাক জনোৱা মতে বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ওলাই গৈ বৰ্তমান ৭ জন চিকিৎসা বিজ্ঞানত অধ্যয়নৰত, ২জন ইঞ্জিনিয়াৰিং, ১ জন কৃষি বিজ্ঞানী,৩জন যোৰহাট কৃষি বিশ্ববিদ্যালয় অধ্যয়নৰত, ৩০ জন শিক্ষক, ৫জন অধিবক্তা, এজন পুলিচ অধিকক্ষক, ১ জন বায়ুসেনা, ২ জন নৌসেনা ১২জন অসম পুলিচ, ২০ ভাৰতীয় সৈন্যকে আদি কৰি কেইবাজনো ছাত্ৰ-ছাত্ৰী বৰ্তমান সমাজত প্ৰতিষ্ঠিত হৈ আছে।

শুকুৰবাৰৰ এই অনুষ্ঠানত প্ৰায় সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে। শুক্ৰবাৰে অনুষ্ঠিত বিশেষ দিনটোত এখন ‘স্মৃতি ৰেখা’ নামৰ আলোচনীও প্ৰকাশ কৰাৰ মনস্থ কৰে বিদ্যালয় কৰ্তৃপক্ষ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয়যাত্রা

সদ্যঘোষিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিৰ সফলতাক লৈ ৰাজ্যিক বিজেপিয়ে সন্তোষ্টি প্রকাশ কৰাৰ লগতে জয় লাভ কৰা প্ৰতিজন প্রার্থীক আন্তৰিক অভিনন্দন জনাইছে।

শুকুৰবাৰে দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়, ‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনসাধাৰণ আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণৰ সর্বাংগীন বিকাশ সম্ভৱ হৈছে। ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰৰ শাসনত জাতি, ধর্ম, বর্ণ, নির্বিশেষে দেশৰ প্রতিটো প্ৰান্তৰ জনসাধাৰণে উন্নয়নৰ মুখ দেখিছে। সেয়ে সকলো অঞ্চলৰ ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে। বিগত সময়ছোৱাত বিজেপি চৰকাৰে ডিমা-হাচাও জিলাখনত উন্নয়নৰ এক নৱধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰো পুনৰাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ডিমা- হাচাওবাসীয়ে বিজেপিৰ পক্ষত বিপুল হাৰত ভোট প্রদান কৰি দলটোক জয়যুক্ত কৰালে। বিজেপিৰ প্ৰতি আকুন্ঠ সমর্থন আগবঢ়োৱাৰ বাবে শ্রী কলিতাই ডিমা-হাচাওবাসীক ধন্যবাদ জনায়’।

তেওঁ লগতে কয়, দলৰ এই অভূতপূৰ্বৰ সফলতাৰ আঁৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, অসম চৰকাৰৰ কেইবাজনো মন্ত্রী, বিধায়ক, সাংসদ আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অক্লান্ত পৰিশ্ৰম আৰু তৃণমূলৰ কাৰ্যকৰ্তা সকলৰ সহযোগ নিহিত হৈ আছে। সকলোলৈ আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে লগতে তৃণমূল পর্যায়ৰ কাৰ্যকর্তা সকলৈয়ো ধন্যবাদ জনালোঁ।

গুৱাহাটী মহানগৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু…

গুৱাহাটী মহানগৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু। বিগত কিছুদিন ধৰি মানসিক ৰোগৰ চিকিৎসা চলি আছিল কিশোৰীগৰাকীৰ ।

নিজৰ কোঠাতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ।

বশিষ্ঠ আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত CID, ফৰেনছিক দলৰ।

বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ ‘পঞ্চকৰ্মা ব্লক’ আৰু ‘আয়ুষৰ ফাৰ্মাক’ল’জী আৰু ৰসায়ন পৰীক্ষাগাৰ’

ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰে আজাৰাৰ সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰ আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠানৰ

বৰসজাই হাইস্কুল খেলপথাৰত আয়োজিত হয় উদ্বোধন আৰু শিলান্যাস অনুষ্ঠান

অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, CARIৰ সহঃ সঞ্চালক ডাঃ দীনেশ বৰুৱা, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি

বেপৌৰ আন্তৰাষ্ট্ৰীয় জল মহোৎসৱত ব্ৰঞ্জৰ পদক জয় লাভ কৰা নিশামণি বৰাক ৰাজহুৱা সম্বৰ্ধনা…

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী পাল তোলা খেলুৱৈ নিশামণি বৰাই বেপৌৰ আন্ত ৰাষ্ট্ৰীয় জল মহোৎসৱত ব্ৰঞ্জৰ পদক জয় কৰি অসম তথা ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা নিশামণি বৰাক নগাজৰী গাঁৱৰ নিজ গৃহত আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ তামিলনাডুত কিছুদিনৰ বাবে প্ৰশিক্ষন গ্ৰহন কৰি নিজ গৃহলৈ অহা নিশামণিক নগাজৰী গাঁৱৰ গৃহত পানজান ,খনিকৰ , পদুমনি আৰু নগাজৰী গাৱৰ ৰাইজে নিশামনিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়৷

আনহাতে দৈনন্দিন বাৰ্তা কাকতৰহৈ হেমন্ত তামুলীয়ে নিশামণিক দৈনন্দিন বাৰ্তা কাকতৰ বাৰ্ষিক স্মৃতি গ্ৰন্থ আদৈদ্যয়া আগবঢ়ায় । সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ তথা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী নিশামণিয়ে আগন্তুক প্ৰতিযোগিতা সমূহত পদক জয় কৰিবলৈ উন্নত প্ৰশিক্ষন গ্ৰহনৰ কৰিবৰ বাবে সাজু হৈছে যদিও আৰ্থিক দুৰৱস্হাৰ বাবে থমকি ৰব লগা হৈছে ৷ নিশামণিৰ উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ বাবে ইতিমধ্যে বিধায়ক বিশ্বজিৎ ফুকনে আৰ্থিক সাহাৰ্যৰ কথা ইতিমধ্যে ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

ৰোনাল্ডোৱে নাজানে বিৰাট কোহলী কোন…

এটা ভিডিঅ’ত ইউটিউবাৰ স্পীডে ব্ৰাজিলৰ মহান ফুটবলাৰ ৰোনাল্ডোক বিৰাট কোহলীৰ বিষয়ে প্ৰশ্ন কৰা দেখা গৈছে। এই কথা পোহৰলৈ আহে ইউটিউবাৰ স্পীডৰ ৰোনাল্ডোৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত। ইয়াত যেতিয়া স্পীডে ৰোনাল্ডোক বিৰাট কোহলীৰ বিষয়ে সুধিছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ এই নামৰ বিষয়ে নাজানে। অৱশ্যে স্পীডে যেতিয়া বিৰাট কোহলীৰ ছবি দেখুৱাইছিল তেতিয়া ৰোনাল্ডোৱে কিং কোহলীক চিনি পাইছিল। স্পীড এজন বিখ্যাত ইউটিউবাৰ। তেওঁৰ সম্পূৰ্ণ নাম ডেৰেন জেছন ৱাটকিন্স জুনিয়ৰ যদিও ছ’চিয়েল মিডিয়াত তেওঁ ‘স্পীড’ নামেৰে বিখ্যাত। ২০২৩ চনৰ বিশ্বকাপৰ সময়তো তেওঁ ভাৰতলৈ আহিছিল। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ ব্যক্তিত্বক লগ পাই আহিছে। শেহতীয়াকৈ ব্ৰাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰোনাল্ডোক লগ পোৱাৰ সময়ত তেওঁৰ বহু আমোদজনক কথা-বতৰা হৈছিল। এই সময়ছোৱাত তেওঁ ৰোনাল্ডোক বিৰাটৰ বিষয়ে সুধিছিল।

স্পীডে সুধিলে- বিৰাট কোহলীক চিনি পায় নেকি? এই বিষয়ে ৰোনাল্ডোৱে ক’লে- কোন? তেতিয়া স্পীডে ক’লে- বিৰাট কোহলী এজন ভাৰতীয়। এই সন্দৰ্ভত ৰোনাল্ডোৱে ক’লে- নাই। ইয়াত স্পীডে আচৰিত হৈ সুধিলে যে আপুনি সঁচাকৈয়ে কোহলীক চিনি নাপায় নেকি? এই বিষয়ে ৰোনাল্ডোৱে আচৰিত হৈ স্পীডক সুধিলে, সেইটো কি? এজন খেলুৱৈ? স্পীডে উত্তৰ দিলে- তেওঁ এজন ক্ৰিকেটাৰ। তেতিয়া ৰোনাল্ডোৱে ক’লে- ইয়াত ক্ৰিকেট ইমান জনপ্ৰিয় নহয়। ইয়াৰ পিছত স্পীডে নিজৰ মোবাইলত বিৰাটৰ ছবিখন দেখুৱালে। তাৰ পিছত ৰোনাল্ডোৱে হয় বুলি উত্তৰ দিলে। অৰ্থাৎ ৰোনাল্ডোৱে বিৰাটৰ ছবি সংবাদ মাধ্যমত দেখিছে যদিও তেওঁৰ বিষয়ে তেওঁ নাজানিছিল।

ৰোনাল্ডোৱে ১৯৯৪ চনৰ পৰা ২০১১ চনলৈকে ব্ৰাজিলৰ হৈ ফুটবল খেলিছিল। এই সময়ছোৱাত তেওঁ ৯৮খন মেচত ৬২টা গ’ল দিয়ে। ব্ৰাজিলৰ বিশ্বকাপ বিজয়ী দলৰ সদস্যও। তিনিবাৰকৈ ‘ফিফা প্লেয়াৰ অৱ দ্য ইয়েৰ’ৰ সন্মানো লাভ কৰে। ফুটবল জগতৰ মহান খেলুৱৈৰ ভিতৰত তেওঁক গণ্য কৰা হয়। বাৰ্চিলোনা, ৰিয়েল মাদ্রিদ আৰু ইণ্টাৰ মিলানৰ দৰে ডাঙৰ দলৰ সৈতে ক্লাব ফুটবলত দীৰ্ঘদিন ধৰি খেলি আহিছে।


গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত ভুলতেও নকৰিব এই সমূহ কাম, সমস্যাৰ সন্মুখীন হ’ব শিশুটি…

গৰ্ভাৱস্থাত মহিলাসকলে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। এই সময়ছোৱাত নাৰীৰ শৰীৰটো অতি সুক্ষ্ম হয়, সেয়েহে তেওঁলোকক অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়।এই সময়ত অলপ অসাৱধানতা হ’লেও বহু গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। যিহেতু গৰ্ভাৱস্থাৰ আৰম্ভণিতে মহিলাৰ হৰম’ন আৰু শৰীৰত অহৰহ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। গতিকে সেই অনুসৰি গৰ্ভাৱস্থাৰ যত্নৰ টিপছ মেনেজ কৰিব লাগে। গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত যিকোনো ধৰণৰ অসাৱধানতা আৰু ভুলৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা উচিত। কি কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক…

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত কি কৰিব নালাগে

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত কঠোৰ ব্যায়াম পৰিহাৰ কৰিব লাগে। অন্যথা বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হ’ব পাৰে। আনকি গৰ্ভপাতৰ দৰে পৰিস্থিতিও হ’ব পাৰে। লগতে বেছি ওজনৰ বস্তু তুলিব নালাগে। যেনে বাল্টি পানী বা তেনেধৰণৰ বস্তু ব্যৱহাৰ কৰা উচিত নহয়।

ধূমপান অৰ্থাৎ মদ আৰু চিগাৰেট গৰ্ভাৱস্থাৰ পিছত বন্ধ কৰিব লাগে। বেছিকৈ চাহ-কফি খোৱাৰ পৰাও বিৰত থাকিব লাগে। ধূমপায়ীৰ সংস্পৰ্শলৈ অহাটোও এৰাই চলিব লাগে, কাৰণ এক ছেকেণ্ড ধোঁৱাই মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

গৰ্ভৱতী মহিলাই নিজৰ মানসিক স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগে। যিহেতু এই সময়ছোৱাত হৰম’ন আৰু শৰীৰত বহু পৰিৱৰ্তন ঘটে। এনে পৰিস্থিতিত মানসিক চাপও বহু পৰিমাণে বৃদ্ধি পায়, যিটো গৰ্ভাৱস্থাত একেবাৰেই ভাল বুলি গণ্য কৰা নহয়।

গৰ্ভাৱস্থাত কি কি কৰিব লাগে-

১) গৰ্ভাৱস্থাত খাদ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে গৰ্ভাৱস্থাত বিশেষ সাৱধানতা অৱলম্বন কৰি উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰিব লাগে।
২) গৰ্ভাৱস্থাত নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা। ইয়াৰ দ্বাৰা মাতৃ আৰু সন্তানৰ যত্ন লোৱাৰ বিষয়ে জনাত সহায় হয় আৰু লগতে যিকোনো সমস্যাৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে।


শীতকালত বেছিকৈ কণী খালে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে…

প্ৰায়বোৰ ঘৰতে প্ৰতিদিনে কণী খাই। কণীত প্ৰ’টিন, ভিটামিন বি ২ (ৰাইব’ফ্লেভিন), ভিটামিন বি ১২, ভিটামিন ডি, ক’লিন, আইৰণ আৰু ফ’লেটকে ধৰি বিভিন্ন প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। দৈনিক কণী খোৱাটোৱে শৰীৰৰ সামগ্ৰিক বিকাশত সহায় কৰে। কিন্তু কণী স্বাস্থ্যকৰ হোৱাৰ লগতে পুষ্টিকৰ হোৱাটো কোনো কথা নহয়। কণীত খাদ্যৰ কলেষ্টেৰল প্ৰচুৰ পৰিমাণে থাকিলেও ই অস্বাস্থ্যকৰ নহয় আৰু খাদ্যত থকা কলেষ্টেৰলৰ পৰা পৃথক, যেনে ট্ৰেন্স ফেট আৰু চেচুৰেটেড ফেট বেছি থকা কলেষ্টেৰল।

কণীত পুষ্টিকৰ উপাদান থাকে, প্ৰতিটো ডাঙৰ কণীৰ কুহুমত প্ৰায় ১৮৬ মিলিগ্ৰাম কলেষ্টেৰল থাকে, যিটো দৈনিক ৩০০ মিলিগ্ৰামৰ পৰামৰ্শ দিয়া সীমাতকৈ অধিক। কিছুমান গৱেষণাই সুস্থ জনসংখ্যাৰ বাবে প্ৰতি সপ্তাহত ২-৪টা কণী আৰু হৃদযন্ত্ৰৰ ৰোগ (CVD) আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে তাতোকৈ বেছি কণী সেৱন সীমিত কৰাৰ পৰামৰ্শ দিয়ে।

প্ৰতি সপ্তাহত ২-৭টা কণী খালে এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা উচ্চ বজাই ৰখাত সহায় কৰে।

কন্য়া বিয়াৰ বিদায় ক্ষণত আৱেগিক ৰূপত অভিনেতা আমিৰ খান…

কন্যা আয়ৰাৰ বিয়াত আমিৰ খান আৱেগিক হৈ পৰিছিল। অভিনেতাগৰাকীক কেইবাবাৰো চকুলো মচি থকা দেখা গৈছিল। ইয়াৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আমিৰ খানৰ মৰমৰ কন্যা ইৰা খানৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে আদালতৰ বিবাহ আৰু তাৰ পিছত উদয়পুৰত গ্ৰেণ্ড খ্ৰীষ্টান বিবাহ। এতিয়া আমিৰ খানৰ কন্যা ৰাণীৰ গ্ৰেণ্ড ৱেডিঙৰ ভিতৰৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এটা ভিডিঅ’ত আমিৰ খানক কন্যাৰ বিয়াত অতি আৱেগিক দেখা গৈছে। মঞ্চত যেতিয়া আয়ৰা আৰু নুপুৰৰ খ্ৰীষ্টান বিবাহ অনুষ্ঠান চলি আছিল, তেতিয়া আমিৰ খানে চকুপানী মচি থকা দেখা গৈছিল। ভাইৰেল হোৱা আন এটা ভিডিঅ’ত অভিনেতাগৰাকীয়ে প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে কইনা কন্যা আয়ৰাৰ বাহুত ধৰি বিয়াৰ বাবে লৈ যোৱা দেখা গৈছে। এই সময়ছোৱাত অভিনেতাগৰাকীয়ে পুনৰবাৰ চকুৰ পৰা চকুলো মচি থকা দেখা গ’ল।

৩ জানুৱাৰীত মুম্বাইত আয়ৰা খান আৰু নুপুৰ শিখাৰেৰ পঞ্জীয়নভুক্ত বিবাহ হৈছিল। তাৰপিছতে ১০ জানুৱাৰীত আয়ৰা আৰু নুপুৰৰ খ্ৰীষ্টান বিয়া অনুষ্ঠিত হয়। আনহাতে ১৩ জানুৱাৰীত আয়ৰা-নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন।
খবৰ অনুসৰি অহা ১৩ জানুৱাৰীত আয়ৰা আৰু নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন পাৰ্টি অনুষ্ঠিত হ’ব। আমিৰ খানে এই পাৰ্টিত বলীউডৰ সকলো বন্ধু-বান্ধৱী আৰু সহ অভিনেতাক নিমন্ত্ৰণ জনাইছে। কোৱা হৈছে যে আমিৰ খানৰ কন্যাৰ ৰিচেপচন পাৰ্টিত শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে সকলো তাৰকাই অংশগ্ৰহণ কৰিব পাৰিব।