Home Blog Page 1111

ৰাষ্ট্ৰীয় আই টি এফ টাইকোৱান-ডো চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ ১০ স্বৰ্ণসহ মুঠ ২৮ টা পদক অৰ্জন

উড়িষাৰ ৰৌৰকেলাত ২৭ ৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হয় ১৯ সংখ্যক ৰাষ্ট্ৰীয় আই টি এফ টাইকোৱান-ডো চেম্পিয়নশ্বিপ ২০২৩। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে ১০ টা স্বৰ্ণসহ মুঠ ২৮ টা পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩০০ সদস্যই এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ইয়াত তত্বাৱধায়ক হিচাপে উপস্থিত থাকে ভাৰতীয় আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ সভাপতি ছাবুম ৰাকেশ কুমাৰ বাৰ্মা আৰু ইণ্ডিয়ান আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ সাধাৰণ সম্পাদক ছাবুম সঞ্জয় চৌহান।

ৰৌৰকেলাৰ কলিংগা টাইকোৱান-ডো এছ’চিয়েচনৰ উদ্যোগত আৰু ভাৰতৰ ভাৰতীয় আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয় এই প্ৰতিযোগিতা। এই চেম্পিয়নশ্বিপত টাইকোৱান-ডো এছ’চিয়েচন, অসমৰ ৩ গৰাকী বিষয়া আৰু ১৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম দলৰ নেতৃত্বত টাইকোৱান-ডো এছ’চিয়েচন অসমৰ সাধাৰণ সম্পাদক ৰবিজিৎ ৰাজকুমাৰ আৰু সংগ দিয়ে ১নং ডেন ব্লেক বেল্ট অমিত সেন আৰু ব্লেক বেল্ট ১ম ডেন নিলোৎপল নিলয় ফুকনে। অসম দলটোক প্ৰশিক্ষণ প্ৰদান কৰে ডাঃ হীৰক দাস, সভাপতি, টাইকোৱান-দো সন্থা অসম (আই টি এফ), ডাঃ ৰবিজিৎ ৰাজকুমাৰ, বিনোদ বৈশ্য, অমিত সেন আৰু মি. নিলোৎপল নিলয় ফুকনে।

অসম দলে ১০টা সোণ, ৮ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জকে ধৰি মুঠ ২৮ টা পদক লাভ কৰে।

এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ পদক জয় কৰা খেলুৱৈসকল হ’ল
অমিত সেন, ব্যক্তিগত পেটাৰ্ণ (ছিনিয়ৰ, ব্লেক বেল্ট, পুৰুষ);
মনিগ্ৰীভ গগৈ, ব্যক্তিগত স্পাৰিং (ছিনিয়ৰ, ব্লেক বেল্ট, পুৰুষ);
ভাস্বতী দাস, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ছোৱালী);
ময়ুক জ্যোতি দত্ত, ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
তুহিন কোঁৱৰ, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
অধিৰাজ বৰদলৈ, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
ফাৰহান মাহফুজ ইছলাম,
ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
মানব জ্যোতি মণ্ডল, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা) আৰু
কৃষ খাউণ্ড, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা) ।

ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈসকল হ’ল
অমিত সেন, ব্যক্তিগত স্পাৰিং (ছিনিয়ৰ ব্লেক বেল্ট, পুৰুষ)
মনিগ্ৰীভ গগৈ ব্যক্তিগত পেটাৰ্ণ (ছিনিয়ৰ ব্লেক বেল্ট, পুৰুষ);
হিয়া কাকতি, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ছোৱালী);
কৃষ্ণশ্ৰী দাস, ব্যক্তিগত পেটাৰ্ণ (মহিলা);
হেমাংগ জ্যোতি দত্ত, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা);
দীপতাংশু জ্যোতি দত্ত, ব্যক্তিগত স্পাৰিং (ছাব জুনিয়ৰ ল’ৰা),
ময়ুক জ্যোতি দত্ত, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা); আৰু কৃষ্ণশ্ৰী দাস, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ছোৱালী) ।

আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰিছে
ভাস্বতী দাস, ব্যক্তিগত পেটাৰ্ণ (মহিলা);
হিয়া কাকতি, ব্যক্তিগত পেটাৰ্ণ (মহিলা);
হেমাংগ জ্যোতি দত্ত
ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
দীপতাংশু জ্যোতি দত্ত,
ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
কৃষ খাউণ্ড, ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
মানব জ্যোতি মণ্ডল, ব্যক্তিগত পেটাৰ্ণ (পুৰুষ);
অহিৰ ৰাগ গোস্বামী, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা);
ওম বাছফৰ, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা);
দেৱৰাজ বৰদলৈ, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ল’ৰা) আৰু
গৰিমা গৌৰাত্ৰা, ব্যক্তিগত স্পাৰিং ((ছাব জুনিয়ৰ ছোৱালী)।

দলীয় পেটাৰ্ণছ (পুৰুষ, কালাৰ বেল্ট শাখা)তো সোণৰ পদক লাভ কৰে অসমে। অসমৰ দলটোক প্ৰতিনিধিত্ব কৰে হেমাংগ জ্যোতি দত্ত, দেৱৰাজ বৰদলৈ, দীপতাংশু জ্যোতি দত্ত, ময়ুক জ্যোতি দত্ত আৰু অধীৰাজ বৰদলৈয়ে।

প্ৰতিযোগিতাৰ সময়তে ব্লেক বেল্ট পৰীক্ষাও অনুষ্ঠিত হয়। এই পৰীক্ষা পৰিচালনা কৰে ভাৰতীয় আই টি এফ টাইকোৱান-ডো ফেডাৰেচনৰ সাধাৰণ সম্পাদক ছাবুম সঞ্জয় চৌহানে। পৰীক্ষাত অসমৰ দুগৰাকী খেলুৱৈ হিয়া কাকতি আৰু ভাস্বতী দাসক ব্লেক বেল্টৰ ১ম দানেৰে সন্মানিত কৰা হয়।

গুৱাহাটীৰ লাল গণেশৰ আস্থা একাডেমীৰ সমৰ কলা কেন্দ্ৰৰ ছাত্ৰী হিয়া কাকতি। তেওঁ দিপাংকৰ কাকতি আৰু ৰেখা কাকতিৰ কন্যা। হিয়া গুৱাহাটীৰ জ্যোতিকুছিৰ জ্ঞান শিক্ষানুষ্ঠানৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। আনহাতে গুৱাহাটীৰ গণেশগুৰিৰ দিছপুৰ কলেজ সমৰ কলা কেন্দ্ৰৰ ছাত্ৰী ভাস্বতী দাস। তেওঁ দিতু কুমাৰ দাস আৰু কমলা সিং দাসৰ কন্যা তথা গুৱাহাটীৰ গীতনগৰৰ ফেকাল্টী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। এই বাতৰি প্ৰেৰণ কৰিছে টাইকোৱানডো এছ’চিয়েচন, অসমৰ সভাপতি ডাঃ হীৰক দাসে।

গাজাৰ চিৰিয়াখানাত ভয়ানক অৱস্থা, জীৱন বিপদাপন্ন ক্ষুধাৰ্ত জীৱ-জন্তুৰ

বিগত ১২ সপ্তাহ ধৰি ইজৰাইলে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত নিৰ্বিচাৰ আৰু বৰ্বৰ আক্ৰমণ চলাই আহিছে। তাৰ ফলত গাজাত মানুহৰ লগতে জীৱ-জন্তুৰ জীৱনো সংকটত পৰিছে। দক্ষিণৰ ৰাফা চহৰৰ এখন চিৰিয়াখানাতভোকাতুৰ বান্দৰ, চৰাই, সিংহ আদি জীৱ-জন্তুৱে খাদ্যৰ বাবে হুলস্থুল কৰি আছে।

গাজাত বোমা বিস্ফোৰণৰ ফলত অঞ্চলটোৰ ২৩ লাখ বাসিন্দা ঘৰৰ পৰা স্থানান্তৰিত হৈছে। বহু অঞ্চল ধ্বংসাৱশেষলৈ পৰিণত হৈছে। সকলোৱে এতিয়া দক্ষিণৰ ৰাফা চহৰৰ ফালে আগবাঢ়িছে। ফলত আশ্ৰয় শিবিৰ, পথ আৰু খালী ঠাইবোৰ মানুহেৰে ভৰি পৰে।ৰয়টাৰৰ তথ্য অনুসৰি, গাজাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে ৰাফা চিৰিয়াখানাত আশ্ৰয় লৈছে। চিৰিয়াখানাত জীৱ-জন্তুবোৰৰ পিঞ্জৰাৰ কাষত প্লাষ্টিকৰ তম্বু ওলোমাই আশ্ৰয় লৈছে।তেওঁলোকে কয় যে বহু জীৱ-জন্তু অনাহাৰে মৃত্যুমুখত পৰিছে।

এখন ছবিত এজন মানুহে অতি দুৰ্বল বান্দৰ এটাক বিলাহীৰ টুকুৰা এটা হাতেৰে খুৱাবলৈ চেষ্টা কৰা দেখা গৈছে। কিন্তু বান্দৰটো নিস্তেজ হৈ আছে। গাজা চহৰৰ পৰা পলায়ন কৰা এডেল গোমাই কয়, “বহু পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে। এতিয়া আমাৰ গোটেই পৰিয়ালটো এই চিৰিয়াখানাতে বসবাস কৰি আছে। ইজৰাইলৰ যুদ্ধ বিমানে আকাশৰ পৰা আমাৰ ওপৰত যি গুলী চলায় তাতকৈ এই জীৱবোৰৰ মাজত জীয়াই থকাটো বহুত বেছি শান্তিপূৰ্ণ।”চিৰিয়াখানাৰ মালিক আহমেদ গোমাই কয় যে ইতিমধ্যে চাৰিটা বান্দৰৰ মৃত্যু হৈছে আৰু পঞ্চমটো এতিয়া ইমানেই দুৰ্বল যে খাদ্য পালেও খাব নোৱাৰে। সিংহৰ পোৱালি দুটাৰ বাবেও তেওঁৰ ভয় হৈছে।”

তেওঁ কয় যে সংঘাত আৰম্ভ হোৱাৰ পৰাই মাতৃ সিংহটোৰ ওজন আধা কমি গৈছে। আগতে প্ৰতিদিনে কুকুৰা দিয়া হৈছিল আৰু এতিয়া কেইবা সপ্তাহ ধৰি অনাহাৰে থকাৰ পিছতহে ৰুটি পায়।চিৰিয়াখানাত কৰ্মৰত পশু চিকিৎসক ছফিয়ান আবিদিনে কয়, “অনাহাৰ, দুৰ্বলতা, ৰক্তহীনতাৰ বাবে প্ৰতিদিনে জীৱ-জন্তু অসুস্থ হৈ মৃত্যু মুখত পৰিছে। এই সমস্যাবোৰে ব্যাপক আকাৰ ধাৰণ কৰিছে। কাৰণ খাবৰ কাৰণে খাদ্য নাই।”

৫ আৰু ৬ জানুৱাৰীত ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন ! উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ডাঃ ৰনোজ পেগু, সাংস্কৃতিক অনুষ্ঠানত সুবাসনা দত্ত, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব ৰিছা ছেত্ৰী,৫ আৰু ৬ জানুৱাৰীত ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন

সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখন অহা ৫ আৰু ৬ জানুৱাৰী তাৰিখত বাটঘৰীয়া শিঙিমাৰী গাঁৱৰ ধনবৰচলা পথাৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰিছে।অধিৱেশনৰ প্ৰথমদিনা পুৱা ৮ মূল তোৰণ উদ্ধোধন কৰিব ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দিপাঙ্কৰ সোনোৱালে।পুৱা ৮-৩০ বজাত স্বচ্ছতা অভিযানৰ পাছত পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱণ সোনোৱালে।পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন কছাৰী আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক দুলেন সোনোৱালে।পুৱা ১০ বজাত গছপুলি ৰোপণ কৰিব বাটঘৰীয়া গাওঁ পঞ্চায়তৰ সভাপতি পদ্ম বড়াই।পুৱা ১১ বজাৰ পৰা শিক্ষা আৰু ক্ৰীড়াৰ জৰিয়তে কেৰিয়াৰ সবলীকৰণ বিষয়ত অনুষ্ঠিত কৰা আলোচনা চক্ৰত সমল ব্যক্তিৰ ভাষণ আগবঢ়াব নৰ্থবেংক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ লৱৰাম সোনোৱালে।

পুৱা ১১-৩০ প্ৰতিনিধি পঞ্জীয়ন।দুপৰীয়া ১২ বজাত প্ৰতিনিধি শিৱিৰৰ মুকলি কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক কুমুদ সাগৰ সোনোৱালে।দুপৰীয়া ১২-৩০ বজাত সোনোৱাল কছাৰী কৃষ্টি প্ৰদৰ্শন।দিনৰ ২ বজাত অনুষ্ঠিত হ’বলগা ন-পুৰণি সতীৰ্থ সন্মিলনৰ উদ্ধোধন কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন  ভাৰপ্ৰাপ্তসভাপতি দিব্যজ্যোতি ডেকাবৰুৱাই। বিয়লি ৪ বজাত জিলা সমিতিৰ অন্তিম কাৰ্য্যনিৰ্বাহক সভা।সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজু সোনোৱালে।সন্ধিয়া ৬-৩০ বজাত প্ৰথমদিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱালে।নিশা ৯ বজাত প্ৰতিনিধি আৰু বিষয় বাচনি সভা।দ্বিতীয় তথা ৬ জানুৱাৰীৰ পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন।অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভিনেত্ৰী ৰিচা ছেত্ৰীয়ে।দুপৰীয়া ১২ বজাত পাঁচ হাজাৰ নাচনীৰ অংশগ্ৰহণত লেচেৰী নৃত্য প্ৰদৰ্শন।দিনৰ ১ বজাৰ পৰা মৃদুপৱণ সোনোৱালৰ সভাপতিত্বত আৰম্ভ হ’বলগা মুকলি সভাত আদৰণি ভাষন ৰাখিব সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে।মুকলি সভাত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু,বিশিষ্ট অতিথি হিচাপে সাংসদ প্ৰদান বৰুৱা, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ

সভাপতি দেবানন্দ চেলেং, জোনাইৰ বিধায়ক ভূৱন পেগু,সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজু সোনোৱাল, ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভঁৰালী,ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাই, টিএমপিকেৰ সাধাৰণ সম্পাদক চান পাংগিং,সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোনোৱাল, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাঘ্ৰী,আছুৰ সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মা, সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্বপ্ৰসাদ দাস প্ৰমুখ্যে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা, শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থাকিব। সন্ধিয়া ৬ বজাত কেৰিয়াৰ গাইডেন্সৰ ওপৰত সমল ব্যক্তি সকলৰ অংশগ্ৰহণত আলোচনা চক্ৰ। জনপ্ৰিয় কন্ঠশিল্পী সুবাসনা দত্তই গীত পৰিৱেশন কৰিব লগীয়া সন্ধিয়া ৭ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰিব সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্য্যবাহী সদস্য ৰিদিপ হাজৰিকাই।

এইবাৰ IPL খেলা হ’ব আটক ধুনীয়া নতুন ষ্টেডিয়ামতঃ ক’ত বনোৱা হৈছে এই ‌ক্ৰিকেট ষ্টেডিয়াম?

এইবাৰ নতুন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাৰে আই পি এল । শেহতীয়াকৈ পঞ্জাৱ ক্ৰিকেট সন্থাই মল্লনপুৰত এখন আটকধুনীয়া নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিছে । তাত অনুষ্ঠিত হ’ব পাৰে IPLৰ মেচ ।

এইবাৰ পঞ্জাৱ কিংছে সেই খেলপথাৰতে নিজৰ ঘৰুৱা মেচ খেলিব পাৰিব । পঞ্জাৱ কিংছৰ বিষয়ববীয়াসকলে এই ষ্টেডিয়ামখন পৰিদৰ্শন কৰিছে । অৱশ্যে আনুষ্ঠানিক ভাবে এতিয়াও কোনো কথা ঘোষণা কৰা নাই। যদিও পঞ্জাৱ কিংছ দলে এই সম্পৰ্কে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই, তথাপিও দলটোৰ এক্স প্লেটফৰ্মত মল্লনপুৰ ষ্টেডিয়ামৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে ।

উল্লেখ্য যে এতিয়া পঞ্জাৱ কিংছ দলৰ ঘৰুৱা খেলপথাৰ মোহালি । কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । কোৱা হৈছিল যে মুল্লানপুৰত ভাৰত আৰু আফগানিস্তানৰ মাজত টি- টুৱেণ্টী মেচৰ আয়োজন কৰা হ’ব । অৱশ্যে সেয়া শেষ মূহুৰ্তত নহ’লগৈ ।

পঞ্জাৱ ক্ৰিকেট সন্থা চমুকৈ পি চি এৰ সম্পাদকগৰাকীয়ে এটা ৱেবছাইটযোগে কয় যে ক্ষেত্ৰখনৰ কিছু অংশত এতিয়াও কাম বাকী আছে । সেয়ে আফগানিস্তানৰ খেলখন মোহালিত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ ! ইস্তেমাৰ বিশাল আয়োজন…

ইছলাম ধৰ্মী ব্যাক্তি সকলৰ বাবে ভাল খবৰ । অসমৰ হোজাই জিলাত হবলৈ গৈ আছে ইস্তেমা ।হোজাইৰ মোৰাঝাৰত এইবেলি আয়োজন হবলৈ গৈ আছে উমুমী ইস্তেমা । ২০২৪ বৰ্ষৰ ৪,৫,৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব ইস্তেমা । এই ইস্তেমা মোৰাঝাৰৰ শিৱপুৰ-বৰপুখুৰীৰ বিশাল খেতি পথাৰত ব্যাপক প্ৰস্তুতি চলিছে ৷

অসমৰ চাৰিখন জিলাৰ লগতে অসমকে ধৰি উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলামধৰ্মী ২৫ লাখ লোকৰ সমাগম হব বুলি জনা গৈছে ৷ এই ইস্তেমাক মোৰাঝাৰ অঞ্চলত ব্যাপক উচাহ উদ্বীপনা দেখিবলৈ পোৱা গৈছে

বিশেষকৈ আয়োজক সমিতিকে ধৰি ধৰ্মপ্ৰাণ ৰাইজৰ পাৰ ভঙা উচাহ

ইতিমধ্যে মুল মছজিদখৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে অহা শুক্ৰবাৰে ইস্তেমাস্থলিত জোম্মাৰ নামাজ আদায় কৰি মুল পেণ্ডেলৰ লাইখুঁটা স্থাপন কৰা হব৷ সেয়েহে সমুহ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে৷

বুধবাৰে নুপুৰ খানৰ বিয়া, মাৰাঠী সাজেৰে জোঁৱায়েকৰ ঘৰত উপস্থিত আমিৰ খানৰ দুই প্ৰাক্তন পত্নী…

কাইলৈ বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ মৰমৰ কন্যা ইৰা খান আৰু নুপুৰ শিখা। বিয়াৰ মাত্ৰ এদিন পূৰ্বে আজি হালধী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আমিৰ খানৰ প্ৰাক্তন পত্নী ৰীনা দত্ত আৰু কিৰণ ৰাও মাৰাঠী সাজেৰে দৰা নুপুৰ শিখাৰেৰ ঘৰত উপস্থিত হয়।

দুই শাহু আইৰ সৈতে প’জ দিলে দৰা নুপুৰ শিখাৰে। মহাৰাষ্ট্ৰীয় দেখা গ’ল ৰূপত কিৰণ ৰাওক। কন্য়া ইৰা বিয়াৰ হালধী অনুষ্ঠানৰ উপলক্ষে আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু ৰীণা দত্ত নুপুৰৰ ঘৰত উপস্থিত হয়।

পৰিয়ালৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন অভিনেত্ৰী মাধুৰী দীক্ষিত নেনেৰ…

নৱবৰ্ষৰ আৰম্ভণিতে পৰিয়ালৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী মাধুৰী দীক্ষিত নেনেয়ে। বলীউডৰ আটাইতকৈ প্ৰতিভাৱান অভিনেত্ৰী মাধুৰী দীক্ষিত সদায় লাইমলাইটত থাকে। শ্ৰীৰাম নেনে আৰু দুই পুত্ৰৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈ প্ৰণাম জনাই। মাধুৰীয়ে বাপ্পাৰ আশীৰ্বাদ বিচাৰিল তেওঁৰ ছবি ‘পাঞ্চক’ মুক্তিৰ পূৰ্বে।


বৰ্তমান মাধুৰী দীক্ষিত ব্যস্ত তেওঁৰ ছবি ‘পাঞ্চক’ৰ প্ৰচাৰত। ছবিখনৰ বিষয়ে কোৱাৰ সময়ত মাধুৰীয়ে পূৰ্বে কৈছিল- “পাঞ্চকৰ ধাৰণাটো অতি সহজ। অন্ধবিশ্বাসে আমাক আগুৰি ধৰিব পাৰে আৰু আমাক অযুক্তিকৰ ভয়ৰ দিশে লৈ যাব পাৰে, যিয়ে আমাক অৰ্থহীন পৰিস্থিতিত অৱতৰণ কৰিব পাৰে। আমি প্ৰডাকচনক লৈ অতিশয় উৎসাহিত।” ‘পাঞ্চক’ৰ তাৰকা অভিনেতা-অভিনেত্ৰীৰ বিষয়ে ক’বলৈ গ’লে ছবিখনত আদিনাথ কোথাৰে, দিলীপ প্ৰভালকাৰ, ভাৰতী আচৰেকাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সামৰণি পৰিল দেৰগাঁৱৰ জাতীয় বিদ্যালয়ৰ ২৩তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী…

নৱবৰ্ষৰ প্ৰথম দিনটোতে দেৰগাঁৱৰ জাতীয় বিদ্যালয়ৰ ২৩তম প্ৰতিষ্ঠা দিৱস দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ২০০১ চনতে প্ৰতিষ্ঠা হোৱা অন্যতম এক অসমীয়া মাধ্যমৰ বেচৰকাৰী এই বিদ্যালয় খননে ২৩টা বছৰে বহু মানৱ সম্পদ গঢ় দিলে। বিদ্যালয় খনৰ পৰা সফলতাৰে শিক্ষা সমাপ্ত কৰি বহু ছাত্ৰ-ছাত্ৰী অসম তথা ভাৰতৰ বাহিৰতো প্ৰতিষ্ঠিত হৈ আছে বিভিন্ন ক্ষেত্ৰত।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশনৰে শুভাৰম্ভনী হোৱা সভা খনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া মাধুৰ্য্য শইকীয়াই সমল ব্যক্তি হিছাপে উপস্থিত থাকি বিজ্ঞান বিষয়ক এক মননশীল বক্তব্য প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী,শিক্ষক- শিক্ষয়িত্ৰী সকলৰ দ্বাৰা বাৰেৰহণীয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল সামৰণি পৰে।

নতুন বছৰত এই ৮টা সংকল্পৰে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব…

নৱবৰ্ষৰ আৰম্ভণিতে আপুনিও আপোনাৰ মানসিক স্বাস্থ্য পৰিৱৰ্তন কৰক। ২০২৪ চনত এজন সুখী, সুস্থ ব্যক্তি হিচাপে নিজকে গঢ়ি তোলক। নিয়মিতভাৱে ব্যায়াম কৰক, সঠিক খাদ্যাভ্যাস গঢ়ি তোলক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যাবলৈ চেষ্টা কৰক। এইবোৰ কথা অতি প্ৰয়োজনীয় কাৰণ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মেজাজৰ ওপৰত পৰে।


মানসিক স্বাস্থ্য বৃদ্ধিৰ বাবে আপোনাক জনাম কেইটামান টিপছ-


১/ নিয়মীয়া ব্যায়ামৰ অগ্ৰাধিকাৰ দিয়া
নিয়মিত শাৰীৰিক কাৰ্য্যকলাপত লিপ্ত হোৱা যাতে ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু এণ্ড’ৰ্ফিন মুক্ত হয়, সুখ বৃদ্ধি কৰে আৰু মানসিক চাপ হ্ৰাস কৰে।


২/ মননশীল খাদ্যাভ্যাস
চেনিযুক্ত বা প্ৰচেছড খাদ্যৰ অত্যধিক সেৱন পৰিহাৰ কৰক যিয়ে মনোযোগ আৰু একাগ্ৰতাত প্ৰভাৱ পেলাব পাৰে।
মানসিক সুস্থতাৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাতি ভাল টোপনি নিশ্চিত কৰিবলৈ কেফেইন আৰু চেনিযুক্ত পানীয় সীমিত কৰক।

৩/ গুণগত মানৰ টোপনি
প্ৰতি নিশা ছয়ৰ পৰা আঠ ঘণ্টাৰ টোপনি নিশ্চিত কৰক যাতে মনোযোগ আৰু মেজাজ বৃদ্ধি পায়, খিংখিঙীয়া আৰু ক্ৰেংকিনেছ প্ৰতিৰোধ কৰে।


ব্যক্তিগত কাম-কাজৰ বাবে সময় নিৰ্ধাৰণ কৰক, সেয়া অকলে হওক বা বন্ধুৰ সৈতে হওক, ৰিচাৰ্জ কৰিবলৈ আৰু ব্যক্তিগত প্ৰয়োজনীয়তাক অৱহেলা কৰাটো ৰোধ কৰক।


দৈনন্দিন কামৰ একাগ্ৰতা ভাঙিবলৈ আনন্দ কঢ়িয়াই অনা কাৰ্য্যকলাপ, যেনে নৃত্য, চিত্ৰকলা, খেলা-ধূলা, বা বাগিচাৰ কামত সময় উচৰ্গা কৰক।

প্ৰয়োজন, চিন্তা, ইচ্ছা প্ৰকাশ কৰিবলৈ সম্পৰ্কত মুকলি যোগাযোগ বজাই ৰাখক।

ভৱিষ্যতৰ চিন্তা বা অতীতৰ ওপৰত গুৰুত্ব দিয়াতকৈ বৰ্তমানৰ ওপৰত গুৰুত্ব দিবলৈ মাইণ্ডফুলনেছক আকোৱালি লওক।



এই টিপছসমূহ ধাৰাবাহিকভাৱে কাৰ্যকৰী কৰিলে মানসিক স্বাস্থ্য আৰু সুখী জীৱনত অৰিহণা যোগাব। এই সকলোবোৰ কাৰ্যকৰী কৰি অনুসৰণ কৰিলে নিশ্চিতভাৱে এজন ব্যক্তিৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায়ক হ’ব আৰু নতুন বছৰটো সুখী হ’ব।

জাপানৰ বিধ্বংসী ভূমিকম্পত মৃতকৰ সংখ্যা বৃদ্ধি, স্বাভাৱিক নহয় বৰ্তমান পৰিস্থিতি…

সোমবাৰে জাপানৰ পশ্চিম অঞ্চলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয়। ভূমিকম্পৰ লগে লগে জাপান চৰকাৰে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। ভূমিকম্পত জাপানৰ মৃত্যু সংখ্যা বৃদ্ধি, কমেও ৩০ জন লোকৰ মৃত্যু।
উদ্ধাৰকাৰী দলৱে নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। জাপান কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি নৱবৰ্ষৰ দিনা জাপানত ১৫৫টা ভূমিকম্প সংঘটিত হয়। বৰ্তমানলৈ কমেও ৮জন লোকৰ মৃত্যু হৈছে।কেইবাটাও ভূমিকম্পৰ পিছত জাপানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰা হ’ব। বিষয়াসকলৰ মতে, ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙি যায়। জনপ্ৰিয় পৰ্যটন এলেকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে দীৰ্ঘম্যাদী ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

জাপানত হোৱা প্ৰবল ভূমিকম্পৰ পিছত ছুনামী সন্দৰ্ভত সতৰ্কতা জাৰি কৰা হৈছে। কিন্তু আমেৰিকাৰ এটা সংস্থাই দাবী কৰিছে যে এতিয়া চুনামীৰ বিপদ বহুলাংশে নাইকিয়া হৈছে। কিন্তু জাপানৰ কিছুমান অঞ্চলত এতিয়াও ১ মিটাৰ (৩.৩ ফুট)তকৈও অধিক ওখ ঢৌ বাঢ়িছে। আচলতে এই দাবী হাৱাইত অৱস্থিত পেচিফিক চুনামি ৱাৰ্নিং চেণ্টাৰে কৰিছে।

জাপান ভূমিকম্পৰ চুনামীৰ সতৰ্কবাণী: উত্তৰ কোৰিয়া আৰু ৰাছিয়াত চুনামীৰ সতৰ্কবাণী জাৰি, মানুহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে
সোমবাৰে মধ্য জাপানত সংঘটিত হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত জাপান, উত্তৰ কোৰিয়া আৰু ৰাছিয়াত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাছিয়াৰ সুদূৰ পূব অঞ্চলত চুনামীৰ সতৰ্কবাণীৰ খবৰ নিশ্চিত কৰি ক্ৰেমলিনে মানুহক নিৰাপদ অঞ্চললৈ যাবলৈ কয়।