Home Blog Page 1114

নৱবৰ্ষ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ অসম গ্ৰন্থমেলাত…

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নপোৱা অৱস্থাৰ সৃষ্টি কৰে চানমাৰি বাকৰিত ৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ বিশাল সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱৰ লহৰ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৪ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ১ জানুৱাৰী পৰ্যন্ত প্ৰায় ৮৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে আজি বিয়লি ২ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান “লেখক-পাঠক সমাৰোহ” ৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে ৷


তেওঁ বিষয় প্ৰসংগত কয়—“লেখক হিচাপে মই কিমান সফল সেই লৈ নিজৰে সংশয় আছে ৷ কিন্তু পাঠক হিচাপে মোৰ আত্মবিশ্বাস গভীৰ ৷ সেই দিশৰ পৰা এই কথা ক’ব পাৰোঁ যে দুজন পৰস্পৰ অচিনাকি ব্যক্তিৰ মাজত যোগসূত্ৰ স্থাপন হোৱাটো হ’ল লেখক আৰু পাঠকৰ প্ৰথম সম্পৰ্ক ৷ আধুনিক সমাজতাত্বিক আৰু সাহিত্য সমালোচকসকলৰ মতেও এখন পুথি পাঠক আৰু লেখক উভয়ে নিজৰ অজ্ঞাতেই যুটীয়াকৈ ৰচনা কৰে ৷ এই সম্পৰ্ক যে সদায়েই ভালপোৱা বা শ্ৰদ্ধাৰেই গঢ়ি উঠে তেনে নহয় ৷ অনৈক্য, মতান্তৰ, মনান্তৰৰ দৰে সম্পৰ্কও হ’ব পাৰে ৷ তেতিয়াও কিন্তু এগৰাকী সফল লেখক আৰু এগৰাকী সফল পাঠকে ধৰ্য্য, সহ্য, পাৰস্পৰিক সহনশীলতা, দেশ-দস্তুৰৰ পৰা আঁতৰি নাযায় ৷ লেখক অবিহনে পাঠকৰো একো অস্তিত্ব নাই আৰু পাঠক নাথাকিলে লেখকো অস্তিত্বহীন ৷ অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু আদৰণীয় ৷” অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক, গ্ৰন্থকাৰ, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ কয় যে লেখক-পাঠকৰ সম্পৰ্কৰ আধাৰ হৈছে কিতাপ , আলোচনী , কাকত ৷ ইয়াত লেখকসকলে লিখে আৰু পাঠক সমাজে পঢ়ে ৷ গতিকে সম্পৰ্কৰ মাধ্যম হৈছে পঠন কাৰ্য ৷ সেয়ে এইক্ষেত্ৰত ইতিবাচক পৰিৱেশ ৰচনা হ’বলৈ হ’লে লেখকে শুদ্ধ ভাষাৰ প্ৰয়োগ, বাছকবনীয়া বিষয় নিৰ্বাচন আৰু সহজ সৰলভাৱে উপস্থাপন কৰিবলৈ যত্নপৰ হোৱা দৰকাৰ ৷ তেওঁ প্ৰসংগক্ৰমে শশী ফুকনে সম্পাদনা কৰা বিস্ময়, ড° ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ বৰুৱাই সম্পাদনা কৰা প্ৰান্তিকৰ বিষয়ে উল্লেখ কৰে ৷ একেদৰে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অনিল বৰুৱাকে ধৰি কেবাগৰাকী প্ৰসিদ্ধ সম্পাদক-সাহিত্যিকৰ ভাষা শৈলীৰ বিষয়েও উল্লেখ কৰি ড° কাশ্যপে কয় যে অনুবাদ সাহিত্যই লেখক-পাঠকৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ইয়াত অংশগ্ৰহণ কৰি নিজৰ লেখক-পাঠকে সৃষ্টি আৰু পঠনৰ অভিজ্ঞতা , উপলব্ধিৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ তেওঁলোকৰ ভিতৰত আছে পদুমী গগৈ, পূৰৱী বৰুৱা,ৰুমী লস্কৰ বৰা, ড° স্মৃতিৰেখা ভূঞা, ড° ৰাজীৱ কুমাৰ সাহা, বংকিম ভাগৱতী, ডাঃ বিজুলী গোস্বামী, দীপশিখা ভাগৱতী,পম্পী হাজং, দিতিমণি গগৈ, ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰীতিৰেখা ভূঞা, নিভাৰাণী ৰয়, মনীষা শৰ্মা, অলকা মহন্ত, মন্দিৰা গগৈ, নৱজ্যোতি নাথ, ডাঃ শুভ্ৰকিংকৰ গোস্বামী, মৃণালিনী শইকীয়া, দুলাল নাথ আদি ৷ সন্ধিয়া এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে অম্বিকাগিৰী নগৰস্থিত শংকৰদেৱ শিশু কুঞ্জ, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ে ৷ অসম গ্ৰন্থমেলা বৌদ্ধিক আন্দোলনৰ অনন্য নিদৰ্শনঃ মন্ত্ৰী ৰঞ্জিত দাস। অসম গ্ৰন্থমেলা, গুৱাহাটীত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ৷ তেওঁ গ্ৰন্থমেলাৰ জনসমাৱেশ অভূতপূৰ্ব বুলি উল্লেখ কৰি কয় যে ৰাজধানী মহানগৰ গুৱাহাটী তথা ৰাজ্যখনৰ জিলাই জিলাই অনুষ্ঠিত অসম গ্ৰন্থমেলা বৌদ্ধিক আন্দোলনৰ অনন্য নিদৰ্শন ৷ ইয়াৰ জৰিয়তে অধ্যয়ন সংস্কৃতি গঢ়ি উঠাত সহায়ক হ’ব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই যৌথ কাৰ্যক্ৰমণিকাই নজিৰ সৃষ্টি কৰিছে ৷ মন্ত্ৰী দাসে গ্ৰন্থমেলাত কেবাখনো নিৰ্বাচিত গ্ৰন্থ ক্ৰয় কৰে ৷ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত পদ্মশ্ৰী অৰূপ কুমাৰ দত্তৰ নতুন গ্ৰন্থ উন্মোচন। কাহিনী-কথন শৈলীৰে জগতগুৰুক প্ৰাণৱন্ত কৰাৰ ব্যতিক্ৰমী প্ৰয়াস। প্ৰকাশক অসম বুক হাইভ। খ্ৰীষ্টীয় বৰ্ষ নৱবৰ্ষ ২০২৪ৰ প্ৰথম দিনটোত ৰাজ্যখনৰ অন্যতম অভিজাত প্ৰকাশন প্ৰতিষ্ঠান “অসম বুক হাইভ”-এ অসমৰ সমাজ-জীৱনলৈ এক শুভ সংবাদ কঢ়িয়াই আনিছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ কৰ্মৰাজী , সামাজিক তত্ব-দৰ্শনক জগতসভাত প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সপক্ষে বিদ্বৎ মহলে দীৰ্ঘদিন ধৰি মত প্ৰকাশ কৰি আহিছে ৷ এইক্ষেত্ৰত এক সময়োচিত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি অসমৰ জনগণৰ এই স্বপ্নক সাকাৰ কৰাৰ দিশত বাট প্ৰশস্ত কৰিছে “অসম বুক হাইভ”-এ ৷

বিশিষ্ট সাহিত্যিক-গৱেষক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই মহাপুৰুষজনাৰ মহাজীৱনক আধাৰ কৰি ৰচনা কৰা “Saint; Saviour; Soul; Society” শীৰ্ষক গ্ৰন্থখন ইতিমধ্যে ছপা কৰি “অসম বুক হাইভ”-এ আজি উন্মোচনৰ ব্যৱস্থা কৰে গ্ৰন্থমেলাৰ বাকৰিত ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়া, নৃত্যাচাৰ্য, পদ্মশ্ৰী যতীন গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁই, বিশিষ্ট সাংবাদিক , “দ্য আছাম ট্ৰিবিউন”ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৷ “Saint; Saviour; Soul; Society” গ্ৰন্থখনে পাঠকৰ দীৰ্ঘদিনীয়া হেঁপাহ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে কেউগৰাকী উন্মোচকে ৷কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা সভাখন জোনালী ওজা বসুমতাৰীয়ে পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ কৰা হয় ৷ অসম বুক হাইভৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামীয়ে গ্ৰন্থকাৰ আৰু উন্মোচকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷ সমাজ, সংকট আৰু সাহিত্য উন্মোচন।

গ্ৰন্থমেলাৰ বীৰেন্দ্ৰ নাথ দত্ত সভাগৃহত আজি উন্মোচিত হয় ড° গৰিমা কলিতাই ৰচনা কৰা গ্ৰন্থ “সমাজ, সংকট আৰু সাহিত্য” ৷ কিতাপখন উন্মোচন কৰে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰাই ৷ সভাত নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰবীন গোস্বামী, বিশিষ্ট কবি অনুভৱ তুলসী , বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যই ৷

দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (GUCDOE)ৰ অধীনত নতুন শৈক্ষিকবৰ্ষৰ বাবে দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীত (ONLINE MODE) নামভৰ্তিৰ বাবে আবেদনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিজ্ঞান- এই চাৰিটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া অহা ৪ জানুৱাৰী ২০২৪ৰ পৰা আৰম্ভ হ’ব বুলি শিক্ষাকেন্দ্ৰৰ সঞ্চালক ড০ দেৱহৰি তালুকদাৰে জানিবলৈ দিয়ে ।

এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ বা ইয়াৰ অন্যান্য অধ্যয়নকেন্দ্ৰ, নতুবা GUCDOE ৱেবছাইট- www.gucdoe.in ৰ পৰা সৱিশেষ তথ্য লাভ কৰিব পাৰিব । অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে ৮৮১১০৯২৬৮৮, ৮৮১১০৯২৬৭৯, ৮৮১১০৯২৬৯৩ ত যোগাযোগ কৰিব পাৰিব ।

নাচবৰত বিহালী প্ৰেছ ক্লাৱৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে দিনযোৰাকৈ উদযাপন কৰা হয়। পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দীপক শৰ্মাই ।
স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঊষা ঘিমিৰেই।


তাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । আকস্মিক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত হয় ক্ৰমে ঋতুস্মিতা হাজৰিকা, ডিম্পী মাহাতু আৰু যুটীয়াভাৱে অঞ্জুমণি ওৰাং আৰু বিস্মিতা দেৱী ।


চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত হয় ক্ৰমে নিকিতা তেলেঙা, পিণ্টু তেলেঙা আৰু আকাশী ওৰাং। বিচাৰক হিচাপে উপস্থিত থাকে দীপক শৰ্মা, দিলীপ তেলেঙা আৰু দিগন্ত কুমাৰ দাস। পৰিচালনা কৰে অম্লান কাশ্যপ চাহা, কৰণ শইকীয়া, ত্ৰিদিৱ দাস আৰু খগেন মটকে।


দুপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই । সভাৰ আঁ‌ত ধৰে সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে ।


আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী দিলীপ কাকতীয়ে। তেখেতে নিজৰ বক্তব্য প্ৰসঙ্গত ‘সাংবাদিক সকলে নীতি-আদৰ্শ বজাই ৰাখি, সত্য-নিষ্ঠ, যুক্তিসিদ্ধ, সমাজৰ উপকাৰী হোৱাকৈ বাতৰি পৰিৱেশন কৰিব লাগে বুলি কৈ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অটুত ৰাখিবলৈকো আহ্বান জনায়।


আন এগৰাকী অতিথি, প্ৰতিমা বৰুৱা পাণ্ডে বঁ‌টা প্ৰাপক বিনোদ খনালেও নিজৰ বক্তব্যত “বিহালীৰ সাংবাদিকে সদায় দহৰ উপকাৰী, সমাজৰ হিতসাধন কৰা, সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদ পৰিৱেশন কৰাটো আমি বিচাৰো আৰু তেতিয়াহে সাংবাদিকৰ দায়বদ্ধতা পৰিষ্কাৰ ৰূপত ফুটি উঠিব আৰু নতুন দিগন্তৰ সূচনা হ’ব” বুলি উল্লেখ কৰে ।
বিহালীৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজ সচেতন ব্যক্তি নিৰঞ্জন দাসেও বক্তব্য ৰাখি “সংবাদ সদায় নিৰপেক্ষ, নিঃস্বাৰ্থ ৰূপত পৰিৱেশন কৰিব লাগে, কিন্তু কাৰোবাক তোষামোদ কৰা, ভালৰি বোলোৱা, সমাজৰ বা অঞ্চলটোৰ অনিষ্টকৰ বাতৰি যুগুত কৰা বা প্ৰকাশ কৰাটো নিবিচাৰো।


সুস্থ গণতন্ত্ৰৰ প্ৰতিষ্ঠাত এগৰাকী সাংবাদিকৰ যথেষ্ট ভূমিকা থাকে, যিটো আদৰণীয় ” বুলি কয় ।
সভাত বিহালীৰ সমাজ জীৱনলৈ যথেষ্ট বৰঙনি আগবঢ়োৱা, নিঃস্বাৰ্থ সমাজ সেৱী জয় কুমাৰ সুতাৰক আনুষ্ঠানিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি জয় কুমাৰ সুতাৰে বিহালী প্ৰেছ ক্লাৱৰ বিভিন্ন সমাজমুখী পদক্ষেপক ভূয়সী প্ৰশংসা কৰি “মোৰ দৰে এজন সাধাৰণ ব্যক্তিক এনেধৰণে সম্বৰ্দ্ধনা জ্ঞাপন কৰাটোত মই অতি আচৰিত হৈছোঁ” বুলি উল্লেখ কৰি “সাংবাদিকে সমাজ গঠনত বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে” বুলিও কয় । ৰাজহুৱা একাষাৰত অৱসৰপ্ৰাপ্ত শিক্ষক কীৰ্তি গোস্বামীয়ে বক্তব্য ৰাখি ‘সমাজ পৰিৱৰ্তনত সাংবাদিকে বহুখিনি বৰঙণি আগবঢ়াব পাৰে আৰু প্ৰকৃত সাংবাদিক সদায় সমাজৰ প্ৰতি দায়িত্বশীল, নীতিবোধ সম্পন্ন আৰু নিঃস্বাৰ্থ হৈ সেৱা আগবঢ়োৱা ব্যক্তি হ’ব লাগে’ বুলি কয় ।


পূৱ বিহালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ ৰয়ে নিজৰ বক্তব্যত ‘সাংবাদিক এজন সমাজৰ অতন্দ্ৰ প্ৰহৰী হ’ব লাগে, যাতে সমাজৰ কিবা উপকাৰ হয়’ বুলিও কয় ।


কাৰ্যসূচীৰ মাজত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ বিতৰণ কৰা হয় । এই কাৰ্যসূচী পৰিচালনা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাসে । বিমলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলপ্ৰসাদ ভট্টৰায়ে সভাখন সামগ্ৰিক পৰিচালনাত সহযোগিতা আগবঢ়ায়।


সভাত বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন উপসভাপতি ঘনশ্যাম বৰাল, বিশ্বনাথ জিলা প্ৰশাসনে ৰাষ্ট্ৰী প্ৰেছ দিৱসত সম্বৰ্দ্ধনা জনোৱা বিহালী প্ৰেছ ক্লাৱৰ পত্ৰিকা সম্পাদক তথা প্ৰাক্তন সহকাৰী সম্পাদক ৰোহিণী কৌড়িণ্যক সম্বৰ্ধনা জনোৱা হয়।


সভাত প্ৰাক্তন ছাত্ৰ নেতা অমৰজ্যোতি ফুকন, অধীৰ সৰকাৰ, সমাজকৰ্মী দিলীপ তেলেঙা, মঃ আলি হুছেইন, গণেশ বৰা, সাহিত্যিক পেন্সনাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীকান্ত শৰ্মাকে ধৰি কে’বাগৰাকীও গণ্যমান্য লোকে অংশগ্ৰহণ কৰে।

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত শোণিতপুৰৰ সাত গৰাকী প্ৰগতিশীল কৃষকক সম্বর্ধনা জিলা কৃষি বিভাগৰ

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে শোণিতপুৰ জিলা কৃষি বিভাগে জিলাখনৰ সাতগৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনাই৷ বিগত সময়চোৱাত জিলাখনৰ কৃষি খণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰত বিশেষ অৱদানৰে বিভিন্ন স্থানত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শোণিতপুৰৰ সাত গৰাকীকৈ প্ৰগতিশীল কৃষক ঘনশ্যাম নাথ, শৰৎ বৰুৱা, জিতুমনী কলিতা, জিতেন কুজুৰ, আব্দুল খালেক, সুভাষ সিং আৰু কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰা হয়।

জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক হৰেশ্বৰ দাস, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান, মহকুমা কৃষি বিষয়া প্ৰণৱ বৰা, অঞ্জুমণি ভাগৱতী, ধীৰেন শৰ্মা, কৃষি উন্নয়ন বিষয়াসকল আৰু জিলা কৃষি বিভাগ, এপাৰ্ট- আত্মাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতত অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াই৷

অনুষ্ঠানটোত আদৰণী ভাষণ প্রদান কৰে জিলা কৃষি বিষয়া শইকীয়াই। উল্লেখযোগ্য যে,এই অনুষ্ঠানতে যোৱা ১৬-১৮ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ‘অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা- ২০২৩’ ত পশুপালন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ ‘শ্রেষ্ঠ কৃষক’ৰ সন্মানেৰে সন্মানিত হোৱা ডিপোটা কৃষি চক্ৰৰ অন্তৰ্গত দ-বেছেৰীয়াৰ ঘনশ্যাম নাথক সম্বর্ধনা জ্ঞাপন কৰা হয় । জিলা কৃষি বিভাগ আৰু আত্মাৰ সহযোগত গাহৰি, হাঁহ, ছাগলী ইত্যাদি ফাৰ্মৰ জড়িয়তে বছৰি কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাথক আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ তে শ্ৰেষ্ঠ কৃষকৰ বঁটাসহ ৫০ হেজাৰ টকাৰ চেক প্রদান কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

অনুষ্ঠানতে সম্পূর্ণ প্ৰাকৃতিকভাৱে কৃষিকাৰ্য কৰি বহুজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ ত প্ৰগতিশীল কৃষকৰ সন্মান লাভ কৰা চিলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত আদৰ্শ কৃষক শৰৎ বৰুৱা, পশুপালনৰ জড়িয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে বহুজনক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হোৱা ঢেকিয়াজুলি কৃষি চক্ৰৰ জিতুমনী কলিতা আৰু ৰঙাপাৰাৰ আদৰ্শ কৃষক জিতেন কুজুৰকো সম্বর্ধনা জ্ঞাপন কৰা হয়।

আনহাতে তেজপুৰ লিচুৰ জৰিয়তে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা একমাত্র কৃষক উৎপাদক কোম্পানী ‘অগ্নিগড়’ এফ পি চিৰ, বি অ ডি আব্দুল খালেককো সম্বর্ধনা জ্ঞাপন কৰা হয় । শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত উত্তৰ লখিমপুৰস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু লক্ষীমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত ‘মাণ্ডলিক কৃষক সমাৰোহ ২০২৩’ ত অসমৰ উদ্যান শস্যৰ বাবে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে খালেকক সম্বর্ধনা জ্ঞাপন কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

এই সমাৰোহতে সন্মান লাভ কৰা তেজপুৰ পৰোৱাৰ আন এজন কৃষক সুভাষ সিংকো সম্বর্ধনা জ্ঞাপন কৰা হয় । কুহিয়াঁৰ খেতিৰ জৰিয়তে গুৰ উৎপাদন কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সুভাষে । ইয়াৰ উপৰিও নাৰী শক্তিৰ প্ৰতীক জয়মতী কৃষক উৎপাদক কোম্পানীটোক নেতৃত্ব দি কৃষি বিপ্লৱৰ সূচনা কৰা কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰিলে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই।

উল্লেখযোগ্য যে দেশৰ ভূতপূর্ব প্রধানমন্ত্রী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত গঠিত অটল ফাউণ্ডেশ্যন’ৰ অন্তৰ্গত দেশৰ ৰাজধানী নতুন দিল্লীৰ ‘প্ৰধানমন্ত্ৰী সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত সামাজিক উন্নয়ন আৰু দেশৰ বিকাশত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্ৰেৰণাদায়ক ‘অটল গৌৰৱ’ সন্মানেৰে সন্মানিত হৈ কমল কুমাৰী বড়োৱে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ

নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়াইছে বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ।

১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা ধনী বৰাই ১৯৭৭ চনত সাপ্তাহিক নীলাচল কাকতত যোগ দিয়ে আৰু পৰবৰ্তী সময়ত আজিৰ অসম আৰু অগ্ৰদূত কাকতৰ উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। গভীৰ অধ্যয়নপুষ্ট ধনী বৰাই বাদ আৰু ব্যাখ্যা, আধুনিক ব্যাখ্যা, বিদায় আধুনিকতা, জাতিসত্তা ভাষা আৰু সংস্কৃতি আদি গ্ৰন্থেৰে প্ৰাচ্য আৰু পাশ্চাত্যৰ গ্ৰন্থ, বৌদ্ধিক ব্যক্তিত্ব, সাহিত্য আৰু সমাজ-সংস্কৃতি তত্ত্ব আৰু ধাৰাৰ একাণপতীয়া চৰ্চা কৰি অসমীয়া সমালোচনা সাহিত্যক সমৃদ্ধ কৰি আহিছে। প্ৰচাৰবিমুখ এই লেখকজনৰ চিন্তাৰ মৌলিকতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতিফলন তেওঁৰ প্ৰৱন্ধসমূহত প্ৰকাশ পাইছে।


শিৱকান্ত-ক্ৰান্তিকাল ন্যাসে ২০১১চনৰ পৰা আগবঢ়াই অহা এই সন্মান ইতিমধ্যে কবীন ফুকন, আনন্দ চন্দ্ৰ দত্ত , প্ৰণৱজ্যেতি ডেকা, অনিল ৰায়চৌধুৰী, জ্ঞান পূজাৰী, সনন্ত তাতী, বসন্ত ডেকা, ৰফিকুল হোছেইন, খগেন গগৈ, জ্যোতিষ শিকদাৰ আদি বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছিল।

শিৱকান্ত-ক্রান্তিকাল ন্যাসৰ হৈ অৰিন্দম বৰকটকী আৰু ক্রান্তিকাল প্রকাশনৰ হৈ কৈলাশ কুমাৰ ৰাজখোৱাই এই কথা অৱগত কৰে।

১০৮ স্থানত একেলগে সূৰ্য্য নমস্কাৰ কৰি মানুহে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে গুজৰাটেঃ প্ৰধানমন্ত্ৰী মোদী…

নতুন বছৰৰ প্ৰথম দিনটোত গুজৰাটৰ ৰাইজে এক আচৰিত সাফল্য অৰ্জন কৰিছে। ৰাজ্যৰ ১০৮ স্থানত মানুহে কৰিলে সূৰ্য্য নমস্কাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিছে, ‘গুজৰাটে ২০২৪ চনক এক উল্লেখযোগ্য কৃতিত্বৰে আদৰণি জনাইছে। আমি সকলোৱে জনা মতে আমাৰ সংস্কৃতিত ১০৮ নম্বৰৰ বিশেষ তাৎপৰ্য আছে। আপোনালোক সকলোকে সূৰ্য্য নমাস্কাৰক দৈনন্দিন কাম-কাজৰ অংশ হিচাপে গঢ়ি তুলিবলৈও মই আহ্বান জনাইছো। ইয়াৰ বহু উপকাৰ আছে। ‘সূৰ্য্য নমস্কাৰ’ সূৰ্য্যক প্ৰণাম হিচাপে আগবঢ়োৱা হয় কাৰণ ই সকলো জীৱক পুষ্টি প্ৰদান কৰে। শক্তিৰ প্ৰাথমিক উৎস হিচাপে সূৰ্য্য কেৱল খাদ্য শৃংখলৰ ধাৰাবাহিকতাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ই মানুহৰ মন আৰু শৰীৰকো শক্তি প্ৰদান কৰে বুলি মন্তব্য কৰে প্ৰধামন্ত্ৰীগৰাকীয়ে।

শ্ৰীনগৰত -৫.২ ডিগ্ৰী চেলছিয়াছ ঠাণ্ডা

বছৰৰ প্ৰথম দিনটোত জম্মু-কাশ্মীৰত তীব্ৰ ঠাণ্ডা পৰিলক্ষিত হয়। শ্ৰীনগৰৰ উষ্ণতা -৫.২ ডিগ্ৰী চেলছিয়াছ পঞ্জীয়ন কৰা হৈছে, যাৰ ফলত ডাল হ্ৰদৰ কিছু অংশকে ধৰি কাশ্মীৰ অঞ্চলৰ অসংখ্য জলভাগ জমা হৈ পৰিছে। ফলত বৰফৰ এক যথেষ্ট তৰপ গঠন হ’ল। বতৰ বিজ্ঞান বিভাগৰ মতে শ্ৰীনগৰত নূন্যতম উষ্ণতা মাইনাছ ৫.২ ডিগ্ৰী চেলছিয়াছ।

আনহাতে দক্ষিণ কাশ্মীৰত কাজিগুণ্ডত নূন্যতম মাইনাছ ৩.৬ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। পহলগামত মাইনাছ ৫.৭ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। কোকেৰনাগ, মাইনাছ ১.৭ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। কাশ্মীৰৰ উত্তৰত কুপৱাৰাত মাইনাছ ৪.৫ ডিগ্ৰী চেলছিয়াছৰ নিম্নতম তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। বিখ্যাত স্কি ৰিজৰ্ট গুলমাৰ্গত মাইনাছ ৩.৪ ডিগ্ৰী চেলছিয়াছৰ বিপৰীতে মাইনাছ ৩.৫ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।

কাশ্মীৰৰ তুলনাত লাডাখ উপত্যকাত আৰু অধিক ঠাণ্ডা উষ্ণতা দেখা গৈছে, সমগ্ৰ অঞ্চলটোত শূন্যৰ তলত পঞ্জীয়ন হৈছিল। প্ৰাথমিক চহৰ লেহত হাড় কপোৱা ঠাণ্ডা হোৱা মাইনাছ ১০.০ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে কাৰ্গিলে মাইনাছ ৯.২ ডিগ্ৰী চেলছিয়াছৰ কঁপনি সহ্য কৰিছিল। বিশ্বৰ দ্বিতীয় শীতল স্থান হিচাপে পৰিচিত ড্ৰাছে জম্মু-কাশ্মীৰৰ আটাইতকৈ ঠাণ্ডা স্থান হিচাপে নিজৰ খ্যাতি অক্ষুণ্ণ ৰাখি মাইনাছ ১৩.৬ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা পঞ্জীয়ন কৰে।

বতৰ বিজ্ঞান বিভাগে ৫ জানুৱাৰীলৈকে মূলতঃ শুকান বতৰৰ ভৱিষ্যদ্বাণী কৰিছে। “সামগ্ৰিকভাৱে ৫ জানুৱাৰীলৈকে বতৰৰ কোনো উল্লেখযোগ্য কাৰ্যকলাপৰ সম্ভাৱনা নাই।” ইয়াৰ পৰা ইংগিত পোৱা গৈছে যে আগন্তুক দিনত জম্মু-কাশ্মীৰৰ উষ্ণতা অধিক হ্ৰাস পাব।

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যবাসীয়ে আনন্দ উল্লাহৰ মাজত নৱবৰ্ষৰ আদৰণি জনাইছে। কৰবাত সপৰিয়ালে জুতিৰে এসাজ বনভোজ আয়োজন আন কৰবাত আকৌ সপৰিয়ালে ভ্ৰমণ।ব্যতিক্ৰম নহয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানও। নৱবৰ্ষৰ প্ৰথমটো দিনতেই অগণন পৰ্যটকৰ সমাগম ঘটিছে উদ্যানখনত।

মনৰ আনন্দত সপৰিয়ালে জীপ ছাফাৰী কৰি উদ্যানখনত এপাক মাৰি আনন্দত মতলীয়া হৈ পৰিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক মনোমোহা দৃশ্য, মুক্ত বিচৰণ কৰি থকা বনৰীয়া জীৱ-জন্তু আৰু বিভিন্ন ৰঙ-বিৰঙী চৰাই-চিৰিকতি চাই। কোনোবাই দেখা চাইছে গড়, হৰিণা আকৌ কোনোবাই দূৰৰ পৰা দেখা পাইছে বনৰাজক। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল।

শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন…

বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এক অগ্ৰগনি শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন ফিল’বাৰী। ফিল’বাৰী অঞ্চলৰ কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত ১৯৯৯ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীয়ে। এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া নিকেতনখনে অহা ৯ আৰু ১০ জানুৱাৰী তাৰিখে উদযাপন কৰিব ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। আজি মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কাৰ্যসূচীত বন্তী প্ৰজ্বলন কৰে ৰবৰগুৰী নামঘৰৰ মেধি অমৰ শইকীয়াই আৰু লাইখুটা স্থাপন কৰে কোঁ‌ৱামৰা শাখা সত্ৰৰ সত্ৰাধিকাৰ ঔমদেৱ গোস্বামীদেৱে।

ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত সমুহ ফিল’বাৰীবাসী ৰাইজ, অভিভাৱক, অভিভাৱিকা, নিকেতনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগীতা কামনা কৰিছে উদযাপন সমিতিৰ লগতে নিকেতনৰ পৰিয়ালবৰ্গই।

ড্ৰাগছ কেলেংকাৰীৰ ভয়াবহতা এতিয়া অতীত, নৱবৰ্ষৰ দিনা কাৰ সৈতে কি খালে শ্বাহৰুখৰ পুত্ৰ আৰিয়ানে?

বলীউডৰ সকলোৱে নিজৰ নিজৰ ধৰণেৰে নৱবৰ্ষ উদযাপন কৰাত ব্যস্ত থকা দেখা গ’ল। কোনোবাই যদি গোটেই ৰাতি পাৰ্টি কৰিলে, কোনোবাই চহৰৰ পৰা আঁতৰত সময় পাৰ কৰে। ২০২৩ চনৰ শেষ সন্ধিয়া শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বন্ধু-বান্ধৱীৰ সৈতে এখন বিখ্যাত হোটেলত পাৰ্টি কৰা দেখা গ’ল।

২০২১ চনৰ ড্ৰাগছ কেলেংকাৰীৰ পিছত তেওঁ নিজকে অলপ লুকুৱাই ৰাখিছিল ডেৰ-দুবছৰ। ঘৰৰ পৰা বেছি বাহিৰলৈ ওলোৱা নাছিল। অৱশ্যে ২০২৩ চনটো আৰিয়ানৰ বাবে ভাল দৰেই পাৰ হ’ল। তেওঁৰ পিতৃ শ্বাহৰুখ খানে পৰিচালনা কৰা প্ৰথমটো বিজ্ঞাপনত তেওঁৰ মুখখন দেখুৱাইছিল। তেওঁৰ প্ৰথম ৱেব ছিৰিজ ‘ষ্টাৰডম’ও পূৰ্ণ গতিত চলি আছে। গতিকে বছৰৰ শেষত আৰিয়ানক সুখৰ মেজাজত দেখা গ’ল। আৰিয়ানৰ নৱবৰ্ষৰ উদযাপন ৰাজকীয় শৈলীত চলে।

দেওবাৰে আৰিয়ানৰ পাৰ্টিত আন তাৰকাৰ সন্তানো উপস্থিত আছিল। খবৰ অনুসৰি, আৰিয়ানৰ বন্ধু-বান্ধৱীয়ে এই অনুষ্ঠানৰ সকলো ব্যৱস্থা কৰিছিল। এই পাৰ্টিত নিছা দেৱগনৰ পৰা ওৰিলৈকে আৰিয়ানৰ সকলো বন্ধু উপস্থিত আছিল। ইতিমধ্যে এটা ভিডিঅ’ ভাইৰেল হৈছে। য’ত আৰিয়ানে বাৰত বহি শ্বট লোৱা দেখা যায়। মদ্যপানৰ আনন্দ তেওঁলোকৰ চকুত ধৰা পৰিছে। বহু দিনৰ পাছত আৰিয়ানক এনেদৰে ৰাজহুৱা স্থানত দেখা গ’ল। ড্ৰাগছৰ অপৰাধৰ বাবেও কাৰাবাস খাটিছিল। ২১ দিন জেলত থকাৰ পিছত তেওঁ ওলাই আহিবলৈ সক্ষম হয়। মুক্তিৰ পিছৰে পৰা তেওঁ সদায় ৰাজহুৱা স্থানত লো প্ৰফাইল ৰাখিছে। অৱশ্যে ইয়াতকৈ উত্তেজিত অৱস্থাত তেওঁক কেতিয়াও দেখা পোৱা নগ’ল। পৰিয়ালৰ সৈতে বিভিন্ন অনুষ্ঠানত দেখা গৈছিল। এনে লাগে যেন ইমান দিনৰ মূৰত সি নিজৰ অতীতৰ স্মৃতিবোৰ অতিক্ৰমী বন্ধু-বান্ধৱীৰ লগত সহজেই মিলিব পাৰিছে।

অৱশ্যে এইবাৰ আৰিয়ানৰ লগত নাছিল ভগ্নী সুহানা খান। কাৰণ, শ্বাহৰুখ-কন্যাই মুম্বাইৰ বাহিৰলৈ গৈছিল প্ৰেমিক তথা ‘দ্য আৰ্চিজ’ৰ সহ অভিনেতা অগস্ত্য নন্দৰ সৈতে ছুটী কটাবলৈ।