Home Blog Page 1120

কেৱল পুৰণি পেলনীয়া কাগজ-পত্ৰ বিক্ৰী কৰিয়েই মোদী চৰকাৰে লাভ কৰিলে ১,১৬৩ কোটি টকা, ওলাল চন্দ্ৰযান অভিযানৰ খৰচ…

কেৱল পুৰণি পেলনীয়া কাগজ-পত্ৰ বিক্ৰী কৰিয়েই মোদী চৰকাৰে লাভ কৰিলে ১,১৬৩ কোটি টকা। মোদীৰ চৰকাৰে স্বচ্ছতাৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। সেইবাবেই চৰকাৰী কাৰ্যালয়ত জমা হোৱা পুৰণি কাগজ-পত্ৰ, ফাইল আদি বিক্ৰী কৰি দিয়া হৈছে। আচৰিত হ’বলগীয়া কথাটো এয়াই যে কেন্দ্ৰই কেৱল পুৰণি নথিপত্ৰ, ভঙা যন্ত্ৰ আদি বিক্ৰী কৰি ১,১৬৩ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত, কেৱল অক্টোবৰ মাহতে ৫৫৭ কোটি টকা উপাৰ্জন হৈছিল। কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা পুৰণি কাগজপত্ৰ, নথিপত্ৰ, ফাইল, পুৰণি সঁজুলি, আচবাব আদি বিক্ৰী কৰাৰ পৰা ১,১৬৩ কোটি টকা উপাৰ্জন হৈছে। যোৱা বছৰৰ অক্টোবৰ মাহত মোদী চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত এক পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিছিল। এমাহত চৰকাৰে প্ৰায় ৫৫০ কোটি টকাৰ পৰুণি পেলনীয়া সামগ্ৰী বিক্ৰী কৰিছিল। সূত্ৰ অনুসৰিযোৱা দুবছৰত ৯৬ লাখ পুৰণি পেলনীয়া ফাইল বিক্ৰী কৰা হৈছে। ফলত কাৰ্যালয়সমূহৰ ৩৫৫ লাখ বৰ্গফুট ঠাই খালী হৈ পৰিছে। এই ঠাই এতিয়া আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে। দৰাচলতে মোদী চৰকাৰে দীৰ্ঘদিন ধৰি চৰকাৰী কামৰ ডিজিটেলকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে। বেছিভাগ কাম এতিয়া ই-ফাইলৰ জড়িয়তে কৰা হৈছে। বাজেটতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৰ্থাৎ সকলোবোৰ ডিজিটাইজ কৰাৰ চেষ্টা চলোৱা হৈছে। গতিকে কাগজৰ ফাইলৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে। বহু ফাইল এতিয়া অপ্ৰয়োজনীয় হৈ পৰিছে। সেয়ে চৰকাৰে সেইবোৰ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰতৰ চন্দ্ৰযান ৩ মিছনৰ ব্যয় আছিল প্ৰায় ৬০০ কোটি টকা। পূৰ্বৱৰ্তী চন্দ্ৰ অভিযানসমূহতো প্ৰায় একে পৰিমাণৰ ধনেই ব্যয় হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, মোদী চৰকাৰে কেৱল আৱৰ্জনা বিক্ৰী কৰিয়েই দুটাকৈ চন্দ্ৰযান অভিযানৰ ব্যয় উলিয়াবলৈ সক্ষম হৈছে।

আলফা-চৰকাৰৰ শান্তি চুক্তিঃ শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি…

শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জাবেদ আৰমান স্বাক্ষৰিত নিৰ্দেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচ জন বা তাতোধিক লোকৰ সমাৱেশ, সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা নিষিদ্ধ কৰিছে।


জিলাখনত সমাজবিৰোধী শক্তিৰ দ্বাৰা অসামাজিক কাৰ্যকলাপ তথা উগ্ৰপন্থীৰ আইন বিৰুদ্ধ কাৰ্যকলাপ, গুলিচালনা, হত্যা, ধনদাবী বা ধনলুটৰ আশংকা কৰি দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰিছে।

জনতা দল ইউনাইটেডৰ সভাপতি পদৰ পৰা পদত্যাগ লালন সিঙৰ, নীতিশ কুমাৰ হ’ব নতুন সভাপতি…

জনতা দল ইউনাইটেডত নিৰ্বাচনৰ পূৰ্বে এক জোকাৰণি উঠিছে। দলৰ কাৰ্যকৰী বৈঠকত ৰাজীৱ ৰঞ্জন ওৰফে লালন সিঙে সভাপতি পদৰ পৰা পদত্যাগপত্ৰ প্ৰদান কৰাৰ পাছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক জনতা দল (ইউনাইটেড)ৰ নতুন সভাপতি হিচাপে মনোনীত কৰা হৈছে। নেতৃত্বৰ সম্ভাৱ্য পৰিৱৰ্তন সম্পৰ্কে জেডিইউ নেতা আৰু সহযোগীসকলৰ পৰা কেইবাসপ্তাহধৰি চলি থকা পূৰ্বানুমান পাছত আজিৰ এই ঘোষণা বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ লালন সিঙে তেওঁৰ ভাষণত পদ ত্যাগ কৰাৰ কাৰণ হিচাপে আগন্তুক নিৰ্বাচনত অধিক গুৰুত্ব দিব আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰে। তাৰ পাছতে তেওঁ নীতিশ কুমাৰক দলত তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰস্তাৱ দিয়ে৷

জেডিইউৰ সাধাৰণ সম্পাদক ৰাম কুমাৰ শৰ্মাই কয়, লালন সিঙে প্ৰথমে পদত্যাগৰ প্ৰস্তাৱ দিছিল আৰু ইয়াক গ্ৰহণ কৰা হৈছিল। একেসময়তে, নীতিশ কুমাৰ পৰৱৰ্তী সভাপতি হ‘ব বুলি উত্থাপিত প্ৰস্তাৱ গৃহীত হয়। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঁঝিয়ে নেতৃত্ব পৰিৱৰ্তনৰ পাছত নীতিশ কুমাৰক তৎক্ষণাৎ সমালোচনা কৰিছে। এক্স (পূৰ্বতে টুইটাৰ)ত এটা পোষ্টত তেওঁ কয়, নীতিশ কুমাৰৰ তিনিবছৰীয়া পৰিকল্পনাৰ অধীনত লালন সিঙকো নিশ্চিহ্ন কৰা হৈছে।

নতুন দিল্লীত স্বাক্ষৰ হ’ল আলোচনাপন্থী আলফা, কেন্দ্ৰ আৰু অসম চৰকাৰৰ ঐতিহাসিক চুক্তি…

১২ বছৰৰ প্ৰক্ৰিয়াৰ পিছত শুকুৰবাৰে নতুন দিল্লীৰ নৰ্থ ব্লক স্বাক্ষৰিত হল কেন্দ্ৰীয়-ৰাজ্য আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি।অসমৰ ভূমি সমস্যাকে ধৰি আন কেইবাটাও দিশত আলোকপাত কৰা চুক্তি খন স্বাক্ষৰৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আলফাৰ ৮জন প্ৰতিনিধি, ১৪ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে অন্য বিষয়-ববীয়া। শান্তি চুক্তিত স্বাক্ষৰৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো অসমৰ বাবে এক সোণালী দিন৷ তেওঁ এই প্ৰক্ৰিয়াত জডড়িত হোৱা বাবে আলফাৰ সমূহ প্ৰতিনিধিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনায়। শ্বাহে কয় যে, আজি মোৰ বাবে গুৰুত্বপূৰ্ণ দিন। আজি অসমৰ ভৱিষ্যতৰ বাবে সোণালী দিন। বহু বছৰ ধৰি অসম তথা উত্তৰ-পূৱৰ লোকে হিংসাৰ বলি হৈ আহিছে। কিন্তু যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ আহিছে তেতিয়াৰ পৰা উত্তৰ-পূৱৰ লগত দিল্লীৰ দূৰত্ব কম কৰাৰ চেষ্টা চলাই থকা হৈছে। সকলোৰে লগত মুকলিকৈ কথা পতা হৈছে।

প্ৰধানমন্ত্ৰীৰ মাগদৰ্শনতেই উত্তৰ-পূৱক সন্ত্ৰাসবাদমুক্ত, হিংসা মুক্ত কৰাৰ পৰিকল্পনা আগত লৈ গৃহ মন্ত্ৰালয়ে কাম কৰি গৈছে। যোৱা ৫ টা বৰ্ষত উত্তৰ-পূৱত ৯ খনকৈ শান্তি আৰু সীমা সম্বন্ধীয় চুক্তি স্বাক্ষৰিত হৈছে। যাৰ বাবে উত্তৰ-পূৱত শান্তি স্থাপন হৈছে। আলফা-চৰকাৰৰ মাজত হোৱা শান্তি চুক্তি গুৰুত্বপূৰ্ণ। আলফাই সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ লগতে আত্মসমৰ্পন কৰি, সশস্ত্ৰ সংগঠন ভংগ কৰি আৰু সকলো শিবিৰ খালী কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত চামিল হোৱাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ একতা আৰু অখণ্ডতা সন্দৰ্ভত তেওঁলোকে যি সহমতি প্ৰদান কৰিছে সেয়া আনন্দৰ বিষয়। আলফাৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি শ্বাহে কয় যে, আলফাৰ দীঘলীয়া সংঘৰ্ষত এতিয়ালৈকে প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে। এই সকলো আমাৰ দেশৰেই নাগৰিক। আজি সেই সকলো সমস্যাৰ সমাধান হ’ল। আলফাৰ প্ৰতিনিধিসকলৰ সৈতে কথা পাতি অসমৰ বাবে বৃহৎ আৰ্থিক পেকেজৰ ব্যৱস্থা কৰা হৈছে। লগতে অসমৰ বিকাশৰ বাবে বহু প্ৰকল্পত স্বীকৃতি দিয়া হৈছে। আমি বিশ্বাস দিব খোজো সেই চুক্তিত থকা প্ৰতিটো কমা, দাড়ি, দফা কাৰ্যকৰী কৰা হ’ব।

লগতে তেওঁ কয় যে, আলফাৰ সকলো প্ৰতিনিধিক বিশ্বাস দিব খোজো যে তেওঁলোকে দাবী কৰাৰ পূৰ্বে সকলো দফা কাৰ্যকৰী কৰা হ’ব। আৰু ইয়াৰ বাবে কমিটি গঠন কৰাও হ’ব।তেওঁ কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দিল্লী আৰু উত্তৰ-পূবৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল আৰু সকলোৰে সৈতে মুক্ত মনেৰে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

আলফাৰে হোৱা চুক্তি ১০০ শতাংশই ৰূপায়ণ কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰ আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হয়। চুক্তি স্বাক্ষৰৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰ আৰু অসম চৰকাৰে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ আলোচনাপন্থী গোটৰ সৈতে স্বাক্ষৰ কৰা শান্তি চুক্তিৰ বিষয়সমূহ এশ শতাংশ কাৰ্যকৰী কৰিব।আলফাৰ সৈতে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকক কয় যে আজি স্বাক্ষৰিত চুক্তিখন এশ শতাংশ কাৰ্যকৰী কৰা হ’ব। শৰ্মাই কয় “অসম চৰকাৰ আৰু ভাৰত চৰকাৰে চুক্তি খনত কাৰ্যকৰী কৰিবলগীয়া কেইবাটাও বিষয় আছে। গৃহ মন্ত্ৰালয়ে এতিয়ালৈকে অঞ্চলটোত স্বাক্ষৰিত হোৱা আন সকলো চুক্তি কাৰ্যকৰী কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰিছে। মই বিশ্বাস কৰোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে চুক্তিখন এশ শতাংশ কাৰ্যকৰী কৰিব ।

মই সকলোকে আশ্বাস দিছো যে আমি অসমক বিকাশৰ দিশে আগুৱাই নিম আৰু ৰাজ্য খনক ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিম।,” অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজি স্বাক্ষৰিত চুক্তিয়ে অসমলৈ স্থায়ী শান্তি আনিব। তেওঁ কয় “আজি এই চুক্তি স্বাক্ষৰ কৰাৰ পিছত অসমৰ জনসাধাৰণৰ সকলো আশা-আকাংক্ষা পূৰণ হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ অসম আৰু উত্তৰ-পূবৰ প্ৰতি থকা দৃষ্টিভংগীয়ে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিছে। এতিয়ালৈকে স্বাক্ষৰিত সকলো শান্তি চুক্তিয়েই শান্তি স্থাপনত অৰিহণা যোগাইছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ সকলো ৰাজ্যতে শান্তি চুক্তি স্বাক্ষৰিত হৈছে। আজি অসমৰ মাত্ৰ ১৫ শতাংশ অঞ্চল সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত আছে। ৰাজ্যৰ বাকী অংশ এই আইনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। এই চুক্তিয়ে অসমত স্থায়ী শান্তি আনিব,”।

মানসিকতাৰ পৰিবৰ্তনৰ বাবেহে দেশৰ উন্নতি সম্ভৱপৰ হৈছে-প্ৰধান মন্ত্ৰী গতিশক্তি যোজনা সন্দৰ্ভত উদ্যোগ মন্ত্রী বিমল বড়া…

মানসিকতাৰ পৰিবৰ্তনৰ বাবেহে দেশৰ উন্নতি সম্ভৱপৰ হৈছে-প্ৰধান মন্ত্ৰী গতিশক্তি যোজনা সন্দৰ্ভত উদ্যোগ মন্ত্রী বিমল বড়া
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো দিশতে নাগৰিকসকলৰ মানসিকতাৰ পৰিবৰ্তন সাধনৰ ক্ষেত্রত উদ্যোগ লোৱা বাবেহে আজি দেশৰ উন্নতি সম্ভৱপৰ হৈছে -দিছপুৰ জনতা ভৱনত ৰাজ্যৰ উদ্যোগ বিভাগে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ বাবে প্ৰধানমন্ত্ৰী মন্ত্রী গতি শক্তি যোজনা সন্দৰ্ভত আয়োজন কৰা এক প্ৰশিক্ষণ মূলক কাৰ্যসূচীত বিষয়া সকলক সম্বোধন কৰি দিয়া ভাষণত উদ্যোগ মন্ত্রী বিমল বড়াই এইদৰে কয়।
অসমত প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা ৰূপায়ণৰ ক্ষেত্রত সকলো কাম নিজৰ বুলি ললেহে প্ৰকৃতাৰ্থত এই আঁচনি ৰূপায়ণ সম্ভৱপৰ হৈ উঠিব বুলি মন্ত্রী গৰাকীয়ে বিষয়া সকলৰ আগত কয়।

মূল্য সংযোজনৰ জৰিয়তে কিদৰে পুৰণি সামগ্রী এবিধক নতুনকৈ বিপণনৰ জৰিয়তে উপস্হাপন কৰিব পাৰি সেই ক্ষেত্রত গুৰুত্ব আৰোপ কৰি উদ্যোগ মন্ত্রী বড়াই প্ৰধানমন্ত্ৰী মন্ত্রী গতি শক্তি যোজনাৰ দ্বাৰা চৰকাৰী ধনৰ অপব্যয় হ্ৰাস কৰি সকলো ক্ষেত্রত দ্ৰুত যোগাযোগ ব্যৱস্হাৰ সহায়ত সংহতভাৱে আচনি ৰূপায়ণত অগ্ৰসৰ হবলৈ মন্ত্রী বড়াই সভাত বিষয়া সকলক আহ্বান জনায়। সভাৰ আৰম্ভণিতে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড০লক্ষ্মণন এছে বিষয়া সকলক উদ্যেশি প্ৰধানমন্ত্ৰী গতি শক্তি যোজনা সন্দৰ্ভত বিষদ ভাবে কয়।


উল্লেখ্য যে যোগাযোগ ব্যৱস্হাৰ উন্নয়ন, ব্যয় হ্ৰাস আৰু দক্ষতা বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধিৰে দেশৰ উদ্যোগ খণ্ডৰ ৰূপান্তৰেই হৈছে প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ মূল উদ্দেশ্য।
প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ জৰিয়তে দুই লাখ কি:মি:পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, দুশটা নতুন বিমানকোঠ, হেলিপ’ৰ্ট, বিমান পৰিবহনৰ সহায় হোৱাকৈ পানীত বিমানকোঠ নিৰ্মাণৰ বাবে১০০ লাখ কোটি টাকা ব্যয়ৰ আঁচনি লোৱা হৈছে। অসমত যাতে এই আঁচনি খন সূচাৰুৰূপে ৰূপায়িত হয় তাৰ বাবে এই প্ৰশিক্ষণ মূলক কাৰ্যসূচী আয়োজন কৰা বুলি উদ্যোগ বিভাগৰ যুটীয়া সচিব ছাজ্জাদ আলমে সভাত বাখ্যা কৰে।

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ…

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হয় চুক্তি।

আলফাৰ হৈ চুক্তিত স্বাক্ষৰ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, চিত্ৰবন হাজৰিকা, প্ৰণতি ডেকা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, মিথিংগা দৈমাৰীৰ।

২০২৪ ৰ আই পি এলৰ মাজত মাথোঁ কেইটামান মাহ ! সমস্যাত ভিন্ন ফেন্সাইজি দলৰ ৫ তাৰকা ক্ৰিকেটাৰ…

২০২৪ ৰ আই পি এলৰ বাবে নিজা নিজা ৰণ নীতি সাজু প্ৰতিটো দলৰ । কিন্তু উদ্বেগৰ বিষয়টো হ’ল — এইবাৰ বিভিন্ন ফ্ৰেন্সাইজি দলৰ পাঁচ জনকৈ তাৰকা ক্ৰিকেটাৰ ভিন্ন কাৰণত বাহিৰ হ’ব পাৰে । হাৰ্ডিক পাণ্ডিয়া গুৰুতৰ আঘাতপ্ৰাপ্ত হোৱাৰ বাবেই মুম্বাইৰ ইণ্ডিয়ানছৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে । বিগত কিছুদিন ধৰি হাৰ্ডিক পাণ্ডিয়াই আঘাতৰ পৰা সুস্থ হৈ উঠা নাই । জানিব পৰা মতে ক্ৰিকেট তাৰকা হাৰ্ডিক পাণ্ডিয়াই আঘাতপ্ৰাপ্ত হোৱাৰ বাবেই আফগানিস্তানৰ টি- টুৱেণ্টী শৃংখলাৰ পৰা অব্যাহতি লয় । তথাপি তেওঁ আই পি এলৰ ২০২৪ ছিজন খেলাৰ বাবে সাজু । ইফালে মহম্মদ ছামিৰ আঘাত গুজৰাট টাইটানছ বাবে চিন্তাৰ বিষয় হৈ উঠিছে ।

টি- টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ২০২৪ ৰ প্ৰথম মাহত হ’বলগীয়া মেচত মহম্মদ ছামিয়ে খেলাৰ সম্ভাৱনা নাই । এনে অৱস্থাত ছামিয়ে আই পি এলত খেলিব নে নাই সেয়া বিবেচনাৰ বিষয় হৈ পৰিছে ।

ইফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটাৰ সূৰ্য কুমাৰ যাদৱ আঘাতপ্ৰাপ্ত হৈছিল । আঘাতৰ পাছত সূৰ্য্য কুমাৰ সুস্থ হৈ উঠিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ।‌ সেয়েহে তেওঁ আই পি এল ২৪ ৰ বাবে সাজু নে নাই সেয়া লক্ষ্যণীয় হ’ব ।

কিয়নো লোকসভা নিৰ্বাচনৰ বাবে মাৰ্চত আই পি এল ২০২৪ আগতীয়াকৈ আৰম্ভ হ’ব পাৰে । একেদৰে মহেন্দ্ৰ সিং ধোনী আঁঠুৰ সমস্যাত ভুগিছে । যোৱা আই পি এল ছিজনত ক্ৰিকেট তাৰকাগৰাকীৰ এই সমস্যা পৰিলক্ষিত হৈছিল । ২০২৩ ৰ আই পি এলৰ ছিজনত চি এছ কেৰ অধিনায়কজনে কৈছিল যে, ভৱিষ্যতে খেলা- নেখেলা — এই সকলোবোৰ তেওঁৰ শৰীৰে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ।

আনফালে আই পি এলৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলা আফগানিস্তানৰ নবীন- উল- হক আই পি এলৰ ২০২৪ প্ৰতিযোগিতাৰ পৰা বঞ্চিত হ’ব পাৰে । কিয়নো আফগানিস্তান ক্ৰিকেট বোৰ্ডে তেওঁক আই পি এল টি- টুৱেণ্টী লীগৰ অগ্ৰাধিকাৰ দিয়াৰ বাবে বাধা আৰোপ কৰিছে । পৰৱৰ্তী এমাহত কি হ’ব সেয়া চাবলৈ আকৰ্ষণীয় হ’ব । কিয়নো এ চি বিয়ে নবীন – উল- হকক আই পি খেলিবলৈ আপত্তি বিহীন প্ৰমাণ পত্ৰ দিবলৈ বাধ্য হ’ব‌ও পাৰে ।

ইলন মাস্কৰ কাৰখানাত ৰবটৰ আক্ৰমণত আহত মানৱ !

ৰবটেও মানুহক আক্ৰমণ কৰিব পাৰে। সেই কথাৰ প্ৰমাণ পোৱা গ’ল ইলন মাস্কৰ এটা কাৰখানাত। টেছলাৰ টেক্সাছৰ কাৰখানাত ৰবটৰ আক্ৰমণত এজন কৰ্মী আঘাতপ্ৰাপ্ত হয়। ঘটনাটোৰ কথা স্বীকাৰ কৰিছে টেছলাৰ চিইঅ’ ইলন মাস্কে। তেওঁ দাবী কৰে যে ৰবটটোৰ কোনো দোষ নাই। প্ৰসংগক্ৰমে ইলন মাস্কৰ বিখ্যাত গাড়ী নিৰ্মাতা টেছলাৰ টেক্সাছৰ কাৰখানাৰ কৰ্মীক সহায় কৰিবলৈ তিনিটা ৰবট ৰখা হৈছে। কিন্তু এটা ৰবটে হঠাতে তাত থকা এজন কৰ্মীক কৃত্ৰিম নখৰে আঁচোৰ মাৰি পেলায়। সদ্য প্রকাশিত সংস্থাটোৰ প্রতিবেদনত এই কথা জানিব পৰা গৈছে৷ অৱশ্যে এই ঘটনা তিনি বছৰৰ আগৰ বুলিও দাবী কৰা হৈছে প্ৰতিবেদনত। অৱশ্যে শেহতীয়াকৈ ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত মুকলিকৈ কৈছে। খবৰ অনুসৰি, আক্ৰান্ত কৰ্মীজনে টেক্সাছৰ কাৰখানাটোত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল নতুন এলুমিনিয়ামৰ পাত কাটি নতুন গাড়ীত ব্যৱহাৰ কৰা।

ঘটনাৰ দিনটোত দুটা ৰবট স্থবিৰ কৰি ৰখাৰ বিপৰীতে এটা ৰবট আংশিকভাৱে কাৰ্যক্ষম হৈ আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, তৃতীয়টো ৰবটে ক্ষতিগ্ৰস্ত কৰ্মীজনক বাধা দি আছিল। ইয়াৰ পিছতো কৰ্মীজনে কাম কৰি যোৱাৰ লগে লগে ৰবটটোৱে কৃত্ৰিম নখেৰে পিঠি আৰু হাত দুখন খোঁচ মাৰিলে। খবৰ অনুসৰি ৰবটে আক্ৰমণ কৰাৰ পিছত দুৰ্ঘটনাস্থলী তেজেৰে লুতুৰি-পুতুৰি হৈ পৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় কৰ্মীজনক। এজন সহকৰ্মীয়ে লগে লগে জৰুৰীকালীন ‘ষ্টপ’ বুটাম বা ‘জৰুৰীকালীন’ বুটামটো টিপে। ফলত অভিযন্তাজন ৰবটৰ হাতৰ পৰা সাৰি যাব পাৰে। টেছলাৰ বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰীসকলে অৱশ্যে অভিযোগ কৰে যে টেছলা কোম্পানীয়ে নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰায়ে আপোচ কৰে, যাৰ ফলত কৰ্মীসকল বিপদত পৰে। আমেৰিকাৰ অকুপেচনেল ছেফটি এণ্ড হেল্থ এডমিনিষ্ট্ৰেচন (OSHA)ক দাখিল কৰা প্ৰতিবেদন অনুসৰি ২০২১ আৰু ২০২২ চনত টেছলাৰ টেক্সাছৰ কাৰখানাটো বছৰত এবাৰহে পৰিদৰ্শন কৰা হৈছিল। বিশেষকৈ যেতিয়া টেছলাৰ টেক্সাছৰ কাৰখানাত আন কাৰখানাতকৈ দুৰ্ঘটনা বা আঘাতৰ হাৰ বেছি।

বানে বিধ্বস্ত কৰিছিল মঙল গ্ৰহকো! নাছাই প্ৰেৰণ কৰা ৰভাৰে দিছে তথ্য…

নাছাই প্ৰেৰণ কৰা ৰভাৰে দিছে মঙল গ্ৰহ সন্দৰ্ভত নিত্য নতুন তথ্য । তথ্য মংগল গ্ৰহো বানপানী হৈছিল। মংগল গ্ৰহৰ পৃষ্ঠত সঁচাকৈয়ে লাখ লাখ বছৰৰ আগতে পানী আছিল আৰু সম্ভৱতঃ জীৱও আছিল বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। কিন্তু পিছৰটোৰ নিৰ্ণায়ক প্ৰমাণ এতিয়াও পোৱা গৈছে। কিন্তু বিজ্ঞানীসকলে নিশ্চিত যে মংগল গ্ৰহ এসময়ত জলজ পৃথিৱী আছিল। মংগল গ্ৰহৰ পৃষ্ঠত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰি ঘূৰি ফুৰা নাছাৰ ৰভাৰখনে শেহতীয়াকৈ পানী ছিটিকি পৰাৰ প্ৰমাণ পাইছে। চলিত মাহৰ আৰম্ভণিতে নাছাই প্ৰকাশ কৰিছিল এখন ফটো। প্ৰজাৰ্ভেন্সৰ মাষ্টকেম-জেড কেমেৰাই ধৰা এই ছবিখনত মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত ইফালে সিফালে বিয়পি থকা শিল আৰু শিলগুটিৰ সংগ্ৰহ দেখা গৈছে।

নাছাই কয় যে ফটোখনত দেখা পোৱা শিল আৰু শিলগুটিবোৰ ‘কোটি কোটি বছৰৰ আগতে প্ৰবল বানপানীৰ পানীত উটি আহিছিল।