Home Blog Page 1130

মঙলবাৰে এই সমূহ নিয়মেৰে পূজা কৰক ভগৱান হনুমানক, সলনি হ’ব ভাগ্য…

বিশ্বাস অনুসৰি মঙলবাৰে যদি কোনো ভক্তই নিয়মিতভাৱে বজৰংবলীক ধ্যান আৰু পূজা কৰে তেন্তে তেওঁৰ জীৱনৰ পৰা সকলো বিপদ নাইকিয়া হৈ যাব, তেওঁৰ জীৱনলা কঢ়িয়াই আনিব সুখ। একে সময়তে ভগৱান হনুমানক পূজা কৰি সাধনাৰ সকলো কামনা পূৰণ হয়। মঙলবাৰৰ দিনটো ৰামভক্ত হনুমানক উচৰ্গা কৰা হৈছে। সেয়ে মঙলবাৰে বজৰংবলীৰ বাবে পূজা আৰু ব্ৰত ৰখাৰ পৰম্পৰা আছে। ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰে যদি কোনো ভক্তই নিয়মিতভাৱে বজৰংগবলীক ধ্যান আৰু পূজা কৰে তেন্তে তেওঁৰ জীৱনৰ পৰা সকলো বিপদ নাইকিয়া হৈ যায়। হনুমান পূজাৰ উপকাৰিতা আৰু মন্ত্ৰ জানো আহক-

১) বিশ্বাস অনুসৰি যদি কোনো ৰামভক্তই হনুমানক পূজা কৰে, তেন্তে তেওঁৰ ওচৰত ভূত-পিশাচ বিচৰণ নকৰে।

২) প্ৰতি মঙলবাৰ আৰু শনিবাৰে হনুমানাষ্টক পাঠ কৰা সাধকে শনি দোষৰ পৰা সকাহ পায়।
৩/ নিতৌ ৰামভক্ত হনুমানক পূজা কৰা ব্যক্তিজন প্ৰতিটো দুৰ্ঘটনাৰ পৰা সুৰক্ষিত। বিশ্বাস মতে হনুমানয়ে এজন ব্যক্তিৰ সকলো বিপদ ধ্বংস কৰে।
৪) ধৰ্মীয় বিশ্বাস অনুসৰি নিতৌ ৰামভক্ত হনুমানক পূজা কৰা ব্যক্তিয়ে সকলো ধৰণৰ ৰোগৰ পৰা সকাহ পায়।
৫/ যদি আপুনি আৰ্থিক সংকটৰ সৈতে যুঁজি আছে তেন্তে প্ৰতিদিনে নিয়মিতভাৱে বজৰংগবলীক পূজা কৰক। ইয়াৰ লগে লগে আপোনাৰ ঘৰত ধনৰ দেৱী লক্ষ্মী বাস কৰে, যাৰ ফলত আৰ্থিক লাভৰ পথ মুকলি হয়।



উভতি চাওঁ ২০২৩ঃ অসামৰিক বিমান পৰিবহনত অসমকে কি পালে? গুৱাহাটীকে ধৰি ১৩ টা বিমানবন্দৰত আৰম্ভ হ’ল ডিজি যাত্ৰা…

২০২৩ বৰ্ষটো দেশৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ বাবে এক বিশেষ সাফল্যৰ বছৰ হিচাবে পৰিগণিত হৈছে। এই বছৰটোতে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে কেইবাটাও বিশেষ সাফল্য অৰ্জন কৰিছে। । উত্তৰ-পূব ৰাজ্যসমূহৰ অসামৰিক বিমান পৰিবহন খণ্ডৰ বিকাশৰ বাবেও মন্ত্ৰালয়ে কেইবাটাও উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ কেইটামান গুৰুত্বপূৰ্ণ সাফল্য উল্লেখ কৰা হ’ল:

আৰচিএছ-উড়ান

দেশৰ বিভিন্ন অঞ্চলক বিমান সেৱাৰে সংযোগ কৰা, সন্তুলিত আঞ্চলিক বিকাশ ত্বৰান্বিত কৰা আৰু জনসাধাৰণৰ বাবে সুলভ উৰণৰ ব্যৱস্থা কৰাৰ বাবে ২০১৬ চনত আৰচিএছ-উড়ান আৰম্ভ কৰা হৈছিল। আৰচিএছ-উড়ান হৈছে এক স্ব-বিত্তীয় নিৰ্ভৰ আঁচনি, যাৰ অধীনত মুখ্য পথবোৰত প্ৰতিটো প্ৰস্থানৰ বাবে নামমাত্ৰ শুল্ক ধৰা হয়সুলভ উৰণৰ বাবে ৰাজসাহায্যও প্ৰদান কৰা হয়। ৬০ টা নতুন আৰচিএছ পথ ২০২৩ বৰ্ষৰ ১ জানুৱাৰীত আৰম্ভ হৈছিল। ৰাউৰকেলা, হোলোংগী, জামছেদপুৰ, কোচবিহাৰ, উৎকেলা আৰু শিৱমোগাৰ বিমান বন্দৰত এই আঁচনি কাৰ্যকৰী কৰা হৈছে। দেশৰ উত্তৰ-পূব ৰাজ্যসমূহত ১২ টা নতুন আৰচিএছ পথ আৰম্ভ কৰা হৈছে।

ডিজি যাত্ৰা
ডিজি যাত্ৰা হৈছে ফেচিয়েল ৰেকগনিশ্বন টেকন’লজী (এফআৰটি)ৰ ওপৰত আধাৰিত এক প্ৰকল্প। প্ৰকল্পটোৰ অধীনত যিকোনো যাত্ৰীয়ে নিজৰ পৰিচয় জনাবলৈ মুখমণ্ডলৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰি কাগজবিহীন প্ৰক্ৰিয়াকৰণৰ জৰিয়তে বিমানবন্দৰৰ বিভিন্ন চেক পইণ্টৰ মাজেৰে পাৰ হ’ব পাৰে। এতিয়ালৈকে ৩৫ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে ডিজি যাত্ৰাএপ ডাউনলোড কৰিছে। ১৩ টা বিমানবন্দৰত ডিজিযাত্ৰা আৰম্ভ কৰা হৈছে:-দিল্লীত, বাংগালুৰু বাৰাণসী, হায়দৰাবাদ, পুনে, কলকাতা , বিজয়ৱাড়া , আহমেদাবাদ, মুম্বাই, কোচিন, গুৱাহাটী, জয়পুৰ আৰু লক্ষ্ণৌ। এতিয়ালৈকে ৯১ লাখৰো অধিক যাত্ৰীয়ে ডিজি যাত্ৰাৰ সুবিধা লাভ কৰিছে। পৰ্যায়ক্ৰমে সকলো বিমানবন্দৰকে ডিজি যাত্ৰাৰে সামৰি লোৱা হ’ব।

কৃষিউড়ান ২.০
কৃষিউড়ান ২.০ আঁচনি খন ২৭ অক্টোবৰ ২০২১ত ঘোষণা কৰা হৈছিল। এই আঁচনিৰ অধীনত বৰ্তমানে থকা ব্যৱস্থাবোৰ উন্নত কৰি, মুখ্যতঃ পাহাৰীয়া অঞ্চল, উত্তৰ-পূবৰ ৰাজ্য আৰু জনজাতীয় অঞ্চলৰ পৰা খাদ্য সামগ্ৰী পৰিবহনৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। এই আঁচনিখনে দেশৰ ৫৮ টা বিমানবন্দৰক সামৰি লৈছে। মুখ্যতঃ উত্তৰ-পূব, পাহাৰীয়া আৰু জনজাতীয় অঞ্চলক সামৰি লোৱা ২৫ টা বিমানবন্দৰৰ উপৰি অন্যান্য অঞ্চলৰ ৩৩ টা বিমানবন্দৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিমান পৰিবহনৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ চলাচল সহজ কৰি তোলাৰ বাবে আঁচনিখনৰ অধীনত নিৰ্বাচিত বিমানবন্দৰত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ (এএআই) আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা সামগ্ৰী সৰবৰাহকাৰীসকলক অৱতৰণ মাচুল, পাৰ্কিং মাচুল আদি ৰেহাই দিয়াৰ পৰিকল্পনা কৰা হৈছে।

বিমানবন্দৰত যাত্ৰীৰ ভিৰ: ২০২২ বৰ্ষত উৎসৱৰ বতৰ/ শীতকালত দেশৰ মুখ্য বিমানবন্দৰবোৰত ভিৰৰ বিষয়টোকলৈ কিছু চিন্তাৰ উদ্ৰেক ঘটিছিল। কিয়নো বিভিন্ন স্থানত যাত্ৰীৰ প্ৰক্ৰিয়াকৰণৰ কামৰ বাবে অধিক সময় লাগিছিল। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানবন্দৰত আন্তঃগাঁথনিৰউন্নয়নৰ বাবে সেইবোৰ বাধা চিনাক্ত কৰাৰ ক্ষেত্ৰত বিমানবন্দৰ অপাৰেটৰ, বিচিএএছ, এমএইচএ, চিআইএছএফ, বিঅ’আই আদিকে ধৰি সকলো অংশীদাৰৰ সহযোগিতা লাভ কৰিছে আৰু তেনে বাধা আঁতৰাবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত, দিল্লী, মুম্বাই, বাংগালুৰু, হায়দৰাবাদ, কলকাতা আৰু চেন্নাই বিমানবন্দৰৰ মেট্ৰ’ বিমানবন্দৰ পৰিচালকসকলক যাত্ৰী প্ৰক্ৰিয়াকৰণৰ বাধা চিনাক্ত কৰিবলৈ আৰু বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পৰৱৰ্তী সময়ত, ২৩ ছেপ্টেম্বৰত ভূৱনেশ্বৰ, চণ্ডীগড়, গোৱা, পাটনা, জয়পুৰ, গুৱাহাটী, লক্ষ্ণৌ, আহমেদাবাদ, ত্ৰিবান্দ্ৰম আৰু কোচিনৰ দৰে আৰু ১০ টা বিমানবন্দৰ চিনাক্ত কৰা হৈছিল, য’ত বিমানবন্দৰ পৰিচালকসকলক প্ৰযুক্তিৰ উন্নয়েনেৰে ভিৰৰ সমস্যাটো সমাধান কৰিবলৈসক্ষম কৰি তোলা হৈছিল।

গ্ৰীণফিল্ড বিমানবন্দৰ: ভাৰত চৰকাৰে এক গ্ৰীণফিল্ড বিমানবন্দৰ নীতি, ২০০৮ প্ৰস্তুত কৰিছে, যি নীতিয়ে দেশত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে নিৰ্দেশনা, প্ৰক্ৰিয়াকৰণ আৰু চৰ্তাৱলী নিৰ্ধাৰণ কৰিছে। ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশত ২১ টা গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে ‘নীতিগত’ অনুমোদন প্ৰদান কৰিছে। গোৱাৰ মোপা, নৱী মুম্বাই, শিৰডী আৰু মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ, কৰ্ণাটকৰ কালাবুৰাগী, বিজয়পুৰা, হাছান আৰু শিৱমোগা, মধ্য প্ৰদেশৰ ডাব্ৰা (গোৱালিয়ৰ), উত্তৰ প্ৰদেশৰ কুশীনগৰ আৰু নয়ডা (জেৱাৰ), গুজৰাটৰ ধোলেৰা আৰু ৰাজকোট, পুডুচেৰীৰ কাৰাইকাল, পুডুচেৰীত কাৰাইকাল, অন্ধ্ৰ প্ৰদেশৰ দাগাদাৰ্থী, ভোগাপুৰম আৰু ওৰাভাকাল (কুৰনুল), পশ্চিম বংগৰ দুৰ্গাপুৰ, ছিকিমৰ পাকয়ং, কেৰালাৰ কান্নুৰ আৰু সমগ্ৰ দেশৰ অৰুণাচল প্ৰদেশৰ ইটানগৰ আদি এনে বিমানবন্দৰৰ ভিতৰত আছে। ইয়াৰ ভিতৰত দুৰ্গাপুৰ, শিৰডী, সিন্ধুদুৰ্গ, পাকিয়ং, কান্নুৰ, কালাবুৰাগী, ওৰাভাকাল, কুশীনগৰ, ইটানগৰ, মোপা, শিৱমমোগা আৰু ৰাজকোটৰ ১২ টা গ্ৰীণফিল্ড বিমানবন্দৰ কাৰ্যকৰী কৰা হৈছে।অৰুণাচল প্ৰদেশৰ তেজু বিমানবন্দৰত নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। য’ত ৰানৱেৰ সম্প্ৰসাৰণ (১৫০০ মিটাৰ x ৩০ মিটাৰ) কৰা হৈছে৷ দতুপৰি এটা নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ, আৰু এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ তথা এটিচি টাৱাৰ ১৭০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হৈছে। নতুনকৈ বিকশিত আন্তঃগাঁথনিটো ২৪ ছেপ্টেম্বৰ, ২০২৩ত উদ্বোধন কৰা হৈছিল।


ড্ৰোন: ড্ৰোন নিয়ম, ২০২১-ৰ অধীনত ড্ৰোন প্ৰমাণপত্ৰ আঁচনিৰ বাবে ২৬ জানুৱাৰী ২০২২ তাৰিখে জাননী দিয়া হৈছিল৷ ফলত ড্ৰোন নিৰ্মাতাসকলৰ দ্বাৰা ড্ৰোনৰ শ্ৰেণীৰ প্ৰমাণপত্ৰ লাভ কৰাটো সহজ হৈ পৰিছে। ড্ৰোন আমদানি নীতিৰ বাবে ৯ ফেব্ৰুৱাৰী ২০২২ তাৰিখে জাননী দিয়া হৈছিল৷ বিদেশী ড্ৰোন আমদানি নিষিদ্ধ কৰা হৈছে আৰু ড্ৰোনৰ অংশৰ আমদানি মুকলি কৰা হৈছে৷ ড্ৰোন পাইলট অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাও বাতিল কৰা হৈছে।
২০২৩ বৰ্ষত ভাৰতৰ ঘৰুৱা যাত্ৰীৰ যাতায়তে অভিলেখস্থাপন কৰিছে: চলিত বৰ্ষৰ ১৯ নৱেম্বৰত ভাৰতৰ এয়াৰলাইনসমূহে ৪,৫৬,৯১০ গৰাকী ঘৰুৱা যাত্ৰী কঢ়িয়াই নিছে। কোভিড মহামাৰীৰ পিছত এয়া আছিল সৰ্বাধিক এদিনীয়া বিমান যাত্ৰীৰ যাতায়াতৰ অভিলেখ৷ যি প্ৰাক-কোভিড গড়তকৈ ৭.৪ % বেছি৷

হজযাত্ৰীৰ বাবে এয়াৰ চাৰ্টাৰ অপাৰেচন : হজ এয়াৰ চাৰ্টাৰ অপাৰেচন ২০২৩ চনৰ ২১ মে’ৰ পৰা আৰম্ভ হৈছিল আৰু একেটা বৰ্ষৰে ৩ আগষ্টত সম্পূৰ্ণ হৈছিল। এই বছৰ পাঁচটা ভাৰতীয় বিমান পৰিবহন সংস্থা- এয়াৰ ইণ্ডিয়া, এআই এক্সপ্ৰেছ, ইণ্ডিগো, ভিষ্টাৰা, স্পাইচজেট আৰু তিনিটা চৌদি কোম্পানী- চৌদিয়া, ফ্লাইনাছ আৰু ফ্লাইডিলে হজ এয়াৰ চাৰ্টাৰ অপাৰেচন ২০২৩ ত অংশগ্ৰহণ কৰিছিল আৰু সমগ্ৰ দেশৰ ২০ টা নিৰ্দিষ্ট স্থানৰ পৰা ১,৩৯,৪২৯ গৰাকী তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল।

ইটানগৰত ‘বিক্ৰেতাবিহীন বজাৰ’ উন্মোচন…

সূৰ্য উঠা ঠাই অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰস্থিত NERISTত মঙলবাৰে সাহিত্য অভিযন্তা চুমিন্দ্ৰ চৌধুৰীৰ উপন্যাস ‘বিক্ৰেতাবিহীন বজাৰ’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংচিয়ে৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নেৰিষ্টৰ ডাইৰেক্টৰ নৰেন্দ্ৰনাথ এছ, ডীন এম চন্দশেষৰণ৷ ইতিমধ্যেই কেইবাখনো গ্ৰন্থ প্ৰকাশ পোৱা চৌধুৰীৰ এইখন তৃতীয় উপন্যাস৷

যদি আপুনি আপোনাৰ বিয়াত বলীউডৰ অভিনেত্ৰীৰ দৰে ধুনীয়া দেখাব বিচাৰে তেন্তে বিয়াৰ ৫ দিনৰ পূৰ্বে কৰক এই কাম….


বিয়া এখনত সকলোৰে বাবে কইনা আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ সৌন্দৰ্য্য আৰু ছালৰ বিশেষ যত্ন ল’ব লগা হয়। বিয়াৰ আগতে কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰি আপোনাৰ মুখখন সুন্দৰ কৰি তুলিব পাৰে। প্ৰতিগৰাকী ছোৱালীয়ে বিবাহত ধুনীয়া দেখাব বিচাৰে। কেৱল দামী লেহেংগা, গহনা আৰু মেক-আপৰ দ্বাৰাহে এই কাম সম্ভৱ নহয়, এনে পৰিস্থিতিত প্ৰাকৃতিক সৌন্দৰ্য্যৰ ওপৰতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। সৌন্দৰ্য্য বিশেষজ্ঞসকলৰ মতে, যদি আপুনি বিয়াৰ পাঁচ দিন আগতেই কিছুমান কাম কৰিবলৈ আৰম্ভ কৰে, তেন্তে আপুনি লাভ কৰিব মুখৰ গ্ল’….

গ্ল’য়িং মুখ পাবলৈ আপোনাৰ খাদ্যত প্ৰচুৰ পৰিমাণে ফল-মূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰক। গোটেই দিনটো সৰু সৰু আহাৰ খালে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ইয়াৰ ফলত মানসিক চাপ পৰিচালনা কৰে আৰু মুখমণ্ডলত গ্ল’ আহে।

মুখত গ্ল’ পাবলৈ প্ৰতিদিনে অন্ততঃ দুগিলাচ শাক-পাচলিৰ ৰস খাব লাগে। বিলাহী, কচু আৰু পদিনাৰ ৰসে শৰীৰক বিষমুক্ত কৰে।

প্ৰটিন আৰু কেলচিয়াম সমৃদ্ধ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰক। খাদ্য বিশেষজ্ঞৰ মতে প্ৰতিদিনে কমেও ৪০ৰ পৰা ৪৫ গ্ৰাম প্ৰটিন গ্ৰহণ কৰিব লাগে।

সতেজ কমলাৰ ৰস খালে ছাল আৰু চুলিয়ে উপযুক্ত পুষ্টি লাভ কৰিব। ভিটামিন চি কমলাত পোৱা যায় যিয়ে শৰীৰত অন্যান্য পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰে। ইয়াত উপস্থিত থকা পুষ্টিই সৌন্দৰ্য্য বৃদ্ধিৰ কাম কৰে।

এজন ব্যক্তিয়ে প্ৰতিদিনে কমেও ২-৩ লিটাৰ পানী খাব লাগিব। ইয়াৰ ফলত শৰীৰ জলসিঞ্চিত হৈ থাকে। ইচ্ছা কৰিলে সতেজ ৰস আৰু নাৰিকল পানীও খাব পাৰে। ইয়াৰ ফলত মুখৰ উজ্বলতা বৃদ্ধি পাব।


পাকিস্তানত প্ৰথমবাৰলৈ নিৰ্বাচনত হিন্দু মহিলাৰ প্ৰতিদ্বন্দ্বিতা, কোন এইগৰাকী সবেৰা প্ৰকাশ…

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰলৈ হিন্দু মহিলাৰ প্ৰতিদ্বন্দ্বিতা৷

পাকিস্তান পিপলছ পাৰ্টিৰ টিকটত নিৰ্বাচনত নামিব সবেৰা প্ৰকাশ৷

২০২৪চনৰ ৮ ফেব্ৰুৱাৰীত পাকিস্তানৰ সাধাৰণ নিৰ্বাচন৷ বুনেৰ জিলাৰ পি কে-২৫ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

খাইবাৰ পখতুনখোৱাৰ বুনেৰ জিলাৰ সবেৰা প্ৰকাশ নামৰ হিন্দু মহিলাগৰাকীয়ে পাকিস্তানত আগন্তুক নিৰ্বাচনত সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে।

বৰদিনৰ আনন্দ দেখিবলৈ পোৱা নগ’ল যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামত, নিমাওমাও পৰিৱেশ…

যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামত নিমাওমাও পৰিবেশ৷ যিটো সময়ত বৰদিনৰ আনন্দত উটি-ভাঁহি গৈছে বিশ্ব, সেই সময়তে খোদ যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামতে নাই বৰদিনৰ কোনো উচাহ৷ কাৰণ যুদ্ধই সকলো কাঢ়ি নিছে বেথেলহামত। বৰদিনৰ সময়তে বেথেলহামত বিৰাজ কৰিছে নিৰ্জনতাই। ইজৰাইল-হামাছ যুদ্ধৰ বাবে বেথেলহামৰ মেংগাৰ চ’কত দেখিবলৈ পোৱা নগ’ল আলোকেড়ে সুসজ্জিত কৰা উৎসৱমুখৰ পোহৰৰ লগতে বৰদিন উৎসৱৰ আনন্দ।

উল্লেখ্য যে বৰদিনৰ পূৰ্বে বহু পেলেষ্টাইনী নিৰাপত্তাৰক্ষীয়ে খালী চৌহদত টহল দি থকা দেখা গৈছিল। বিগত ছয় বছৰ ধৰি জেৰুজালেমত বাস কৰা ভিয়েটনামী ‘ফ্ৰান্সিস্কান ভিক্ষু’ ব্ৰাডাৰ জন ভিন্ধে কয় যে ‘এই বছৰ খ্ৰীষ্টমাছ ট্ৰী আৰু পোহৰৰ অবিহনে ইয়াত কেৱল দেখা গৈছে আন্ধাৰ। তেওঁ লগতে কয় যে প্ৰতি বছৰে তেওঁ বেথেলহামলৈ বৰদিন উদযাপন কৰিবলৈ আহে। এইবেলি বৰদিনৰ উদযাপন বাতিল কৰাৰ ফলত বেথেলহামৰ অৰ্থনীতিত এক গুৰুতৰ প্ৰভাৱ পৰে। বেথেলহামৰ আয়ৰ আনুমানিক ৭০ শতাংশই পৰ্যটনৰ পৰা আহে। প্ৰায় সকলো পৰ্যটনৰ ৰাজহ বৰদিনৰ বতৰতে আহে। কিন্তু বিমান সংস্থাই ইজৰাইললৈ বিমান সেৱা বাতিল কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াৰ ডাঙৰ প্ৰভাৱ পৰলক্ষিত হয়। স্মৰ্তব্য যে বেথেলহামৰ ৭০খনতকৈও অধিক হোটেল বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে, যাৰ ফলত হাজাৰ হাজাৰ লোক নিবনুৱা হৈ পৰিছে।

৭ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা ২০-২৫লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৩,৬৮৮জন লোক আহত হয়।

তুমি হৈ গ’লা হিন্দু! গেৰুৱা হিজাব পিন্ধি যোগীক লগ কৰাৰ বাবেই কাজীৰ ৰোষত মুছলমান মহিলা

গেৰুৱা হিজাব পিন্ধি যোগী লগ কৰাৰ বাবেই কাজীৰ ৰোষত মুছলমান মহিলা৷ মূৰত গেৰুৱা স্কার্ফ মেৰিয়াই সেই গৰাকী মহিলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক লগ কৰিবলৈ গৈছিল৷ সেয়াই আছিল তেওঁৰ অপৰাধ৷ গেৰুৱা পোছাক পৰিধান কৰাৰ বাবেই মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এগৰাকী কাজীয়ে৷ অৱশেষত আৰক্ষী আয়ুক্তৰ ওচৰত উপস্থিত হৈ মহিলাগৰাকীয়ে মকাজীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ কাজীয়ে মহিলাগৰাকীক ভাবুকি দি কৈছিল যে মহিলাগৰাকীয়ে গেৰুৱা দুপাট্টা পিন্ধিছে, এতিয়া সেয়ে তেওঁ হিন্দু হৈ পৰিছে। ঘটনাটো কানপুৰৰ৷ চহৰ খনৰ আলহিৱা হাছমী নামৰ এগৰাকী মহিলাই কাজী হাফিজ আব্দুল কুদুছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আলহিৱা হাছমীয়ে কয় যে জনতা দৰবাৰত মুখ্যমন্ত্ৰীক লগ কৰি কানপুৰলৈ উভতি অহাৰ পিছত, যেতিয়া তেওঁ নিজৰ চহৰ ত উপস্থিত হৈছিল, কাজীয়ে তেওঁক লাঠি দেখুৱাইছিল আৰু গালিও পাৰিছিল। কাজীয়ে কৈছিল, “তুমি মুখ্যমন্ত্ৰীক লগ পাইঠা, সেয়েহে এতিয়া তুমি হিন্দু হৈ পৰিছা। তুমি এই চহৰখন এতিয়া বাস কৰাৰ যোগ্য নহয়।”আলহিৱাই অভিযোগ কৰে যে তেওঁৰ ভাতৃসকলে দেউতাকৰ মৃত্যুৰ পিছত ২০০০ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ সম্পত্তি হস্তগত কৰিছিল আৰু তেওঁক খেদি দিছিল। মহিলাগৰাকীয়ে এতিয়া সেই কথাটোতেই যুঁজি আছে। ইফালে, অঞ্চলটোৰ কিছুমান আধিপত্য থকা যুৱকে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে যেতিয়া কোনো ঠাইত তেওঁৰ গোচৰৰ কোনো শুনানিৰ ব্যৱস্থা লোৱা হোৱা নাছিল, সেয়ে তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰবাৰত উপস্থিত হৈছিল। উৎপীড়কসকলে মহিলাগৰাকীক ভাবুকি দিছে যে ‘ বিজেপি চৰকাৰ যোৱাৰ পিছত তেওঁৰ অৱস্থা অতি বেয়া হ’ব।’

ভুক্তভোগীয়ে কয় যে তেওঁ ২০২৩ চনৰ ২৯ নৱেম্বৰত কাজী আব্দুল কুদদুছক লগ পাইছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে কাজীয়ে তাইক দুৰ্ব্যৱহাৰ কৰিছিল আৰু হিন্দু হৈ পৰা বুলি কৈছিল৷ এই ঘটনাই উত্তৰ প্ৰদেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

হিমাচল প্ৰদেশৰ কুল্লুৰ পাটলিকুহাল বনাঞ্চলত বনজুই, বহু বনজ সম্পদৰ ধ্বংস…

হিমাচল প্ৰদেশত বনজুই৷ কুল্লু বনাঞ্চলৰ পাটলিকুহালৰ বিস্তীৰ্ণ এলেকা বনজুইৰ কবলত৷ সোমবাৰে হিমাচল প্ৰদেশৰ কুল্লুৰ পাটলিকুহাল বনাঞ্চলত এক বৃহৎ বনজুইৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত কোটি কোটি টকাৰ বনজ সম্পদ ধ্বংস হয়। বনাঞ্চলত জুই বিস্তাৰ আৰু তীব্ৰতৰ হোৱাৰ পিছত অলপ সময়ৰ পিছতে বনাঞ্চলৰ পৰা বৃহৎ বৃহৎ জুইৰ শিখা ওলাই অহা দেখা গ’ল।

বৃহৎ বনজুইৰ বাবে অঞ্চলটোত ধোঁৱা বিয়পি পৰে। জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। ব্যাপক বনজুইৰ ফলত কোটি কোটি টকাৰ বনজ সম্পদ ধ্বংস হয়

ৰাজপথত আৰ্তজনৰ সৈতে বৰদিন উদযাপন কৰিলে ছানী লিয়নে…

খ্ৰীষ্টমাছ ২০২৩: ছানী লিয়নে এইবাৰ বিশেষ ধৰণেৰে বৰদিন উদযাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে এইবাৰ আৰ্তজনৰ সুখৰ বাবে কাম কৰি স্বামী ডেনিয়েল ৱেবাৰ আৰু সন্তানৰ সৈতে বৰদিন উদযাপন কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো বৰদিনৰ উত্তেজনা দেখা গ’ল বলীউডত। চেলিব্ৰিটিসকলে নিজৰ নিজৰ ষ্টাইলত উদযাপন কৰিছে এই বিশেষ দিনটো। অভিনেত্ৰী তথা উদ্যোগী ছানী লিয়নে এইবাৰ বিশেষ ধৰণেৰে বৰদিন উদযাপন কৰিছে। স্বামী ডেনিয়েল ৱেবাৰ আৰু সন্তানৰ সৈতে অভিনেত্ৰীগৰাকীয়ে এইবাৰ আৰ্তজনৰ সৈতে বৰদিন উদযাপন কৰিছে। বৰদিনৰ দিনা ছানি-ডেনিয়েল আৰু তেওঁলোকৰ সন্তান দুটাই মুম্বাইৰ ৰাজপথত সুখ বিয়পাবলৈ ওলাই আহিল বহুত উপহাৰ লৈ।

বৰদিন উদযাপন বহু ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য’ত দম্পতীহালে আৰ্ত শিশুক বৰদিনৰ উপহাৰ দিয়া দেখা গৈছে। অনুৰাগীসকলে ছানি লিয়নৰ এই সুন্দৰ ইংগিতৰ প্ৰশংসা কৰিছে। ইয়াৰ লগতে ছানি লিয়ন, ডেনিয়েল আৰু তেওঁলোকৰ পৰিয়ালে উপহাৰৰ বাহিৰেও বৰদিনৰ আনন্দ বিয়পাই দিলে, যিয়ে সমাজৰ লোকসকলৰ মাজত আশাৰ অনুভূতি জগাই তুলিলে।

কৈৱৰ্তসকলক স্বায়ত্ব-শাসন পৰিষদ দাবীৰে নেঘেৰিটিঙত ৰাজহুৱা সভা। সৰ্বপ্ৰথম, সৰ্বশ্ৰেষ্ঠ, সৰ্ববৃহৎ বাণীৰে কেন্দ্ৰীয় সমিতি গঠন…

অসমীয়া কৈৱৰ্ত সকলৰ জাতীয় প্ৰভূত্ব বিকাশ আৰু সৰ্বাংগীন উন্নতিৰ বাবে কৈৱৰ্ত স্বায়ত্ব শাসনৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে কৈৱৰ্ত সম্প্ৰদায় লোকসকল।এই সন্দৰ্ভত সোমবাৰে দেৰগাঁৱৰ নেঘেৰিটিং নাট্য মন্দিৰত আয়োজিত কৰা হয় এখন ৰাজহুৱা সভা।সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী তথা ৰাজনীতিবিদ ড° ৰমানন্দ দাসে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৈৱৰ্ত স্বায়ত্ব শাসন পৰিষদৰ অসমৰ মুখ্য আহ্বায়ক বিপুল কৈৱৰ্ত্তই।অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন তথা পঞ্জীয়ক ড° লক্ষ্মীকান্ত হাজৰিকা,অসমৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰৰ প্ৰধান সম্পাদক ঠানুৰাম দাস,সমাজ সংগঠক চুৰেণ দাস,অধিবক্তা দিলিপ কুমাৰ দাস,প্ৰাক্তন অ.এন.জি কৰ্মী অচ্যুত কুমাৰ দাস,ড° প্ৰণৱ জ্যোতি দাস,যুৱ সমাজকৰ্মী কনমইনা দাস,জোনমণি দাস,বিপিন বড়া আদি কৰি কেইবাখনো জিলা পৰা অহা বিভিন্ন দপ্তৰ বিশিষ্ট লোকসকলৰ উপস্থিতিত সৰ্বপ্ৰথম,সৰ্বশ্ৰেষ্ঠ,সৰ্ববৃহৎ বাণীৰে
কৈৱৰ্ত স্বায়ত্ব শাসন পৰিষদৰ সমিতিখন সভাৰ সিদ্ধান্ত মৰ্মে ড° ৰমানন্দ দাসক কেন্দ্ৰীয় সমিতি সভাপতি হিচাপে,বিপুল কৈৱৰ্ত্তক মুখ্য সম্পাদক হিচাপে লৈ ৫১জনীয়া ৰাজ্যিকভাৱে পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।সভাত প্ৰাচীন অসমীয়া কৈৱৰ্তসকলক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক স্বায়ত্ব শাসিত পৰিষদ দাবী উত্থাপন কৰে।সভাৰ প্ৰসংগত অসমত বাসকৰা প্ৰায় ১৪ লাখ কৈৱৰ্ত লোকৰ হৈ ন্যাৰ্য প্ৰাপৰ দাবীৰে বিভিন্ন চৰকাৰী সুবিধা আদায়ৰ বাবে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়া মাজেৰে সংগ্ৰাম অব্যাহত ৰাখিব বুলি নৱ গঠিত কৈৱৰ্ত স্বায়ত্ব-শাসন পৰিষদ গঠন দাবীৰে অসমৰ ৰাজ্যপাল,মুখ্যমন্ত্ৰী,জনজাতি উন্নয়ন মন্ত্ৰী,মুখ্য সচিব আৰু জিলা উপায়ুক্তক দাবী পূৰণৰ লিখিত স্মাৰক পত্ৰ প্ৰদান কৰিব।

বিশেষকৈ কৈৱৰ্তসকলৰ স্বকীয় সংস্কৃতি,পৰম্পৰা আৰু ভাষাৰ অস্তিত্বৰ লগতে ৰাজনৈতিক,আৰ্থসামাজিক,শৈক্ষিক আদি দিশৰ উন্নয়নৰ বাবেই স্বায়ত্ব শাসন বিচাৰিছে বুলি জানিবলৈ দিয়ে।উল্লেখযোগ্য যে,অসম বিধানসভাত অনুসূচিত জাতি সংৰক্ষিত আসনৰ ক্ষেত্ৰত চৰকাৰে শেহতীয়াকৈ অতি পৰিকল্পিত ৰাজনৈতিকভাৱে উজনি অসমত কৈৱৰ্তসকলৰ বাবে এখন আসন কৰ্তন কৰাক লৈ চৰকাৰে প্ৰতাৰণা কৰা গুৰুতৰ অভিযোগ কৈৱৰ্ত লোকসকলৰ।তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে,ৰাজ্যৰ অধিকাংশ জিলাত কৈৱৰ্তসকলৰ সংখ্যাগৰিষ্ঠতা সৰ্বাধিক,কিন্তু উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ বা বিধায়কৰ পক্ষপাতিত্ব ভূমিকা গ্ৰহণ কৰি কৈৱৰ্ত এলেকা সমূহত উন্নয়নৰ ক্ষেত্ৰত পিঠি দিয়াৰ অভিযোগ উঠিছে।সেয়েহে কৈৱৰ্ত লোকসকল বসবাস কৰা জিলাসমূহৰ ৰাস্তা-ঘাট,বিদ্যুতৰ সংযোগ,স্কুল,হাস্পতাল আদিৰ অভাৱৰ লগতে চাকৰিৰ ক্ষেত্ৰতো চৰকাৰে কৈৱৰ্ত লোকসকলক বঞ্চিত কৰি অহাৰ গুৰুতৰ অভিযোগ তুলি কৈৱৰ্ত স্বায়ত্ব-শাসন পৰিষদৰ দাবী উত্থাপিত কৰিছে।