Home Blog Page 1134

লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মক আছুৱে আগবঢ়াব ২০২৩ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা…

২০২৩ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা । সদৌ অসম ছাত্ৰই আগবঢ়াই আহিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়োৱা হৈছে লোক সংস্কৃতিৰ একান্ত সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ । আছুৱে এইবেলি এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে কোকৰাঝাৰৰ দোতমাৰ আঙঠিহাৰ নিৱাসী ৰহেন্দ্ৰ নাথ ব্ৰহ্ম ।ৰহেন্দ্ৰ নাথ ব্ৰহ্ম লোক সংস্কৃতিৰ এজন একনিষ্ঠ সাধক।

সৰুৰে পৰাই সংস্কৃতিৰ চৰ্চাৰ সৈতে জড়িত হৈ আহিছে ব্ৰহ্ম। উল্লেখ্য অহা ২৭ ডিচেম্বৰত গুৱাহাটীৰ চানমাৰীত আনুষ্ঠানিকভাৱে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হ’ব ৰহেন্দ্ৰ নাথ ব্ৰহ্মক । উল্লেখ্য প্ৰতিমা বৰুৱা পাণ্ডে মৃত্যু দিৱসৰ দিনা প্ৰদান কৰা হ’ব বঁটাটি।

৫০০ বছৰৰ অপেক্ষাৰ অন্ত পৰিবঃ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ শুভ উদ্বোধন, অযোধ্যাই লাভ কৰিব প্ৰথমটো বিমানবন্দৰ…

৫০০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। ২০২৪ বৰ্ষৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। সেই দিনটোতে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত স্থাপন কৰা হ’ব ৰামলালাৰ মূৰ্তি। ইয়াৰ সমান্তৰালভাবে অযোধ্যাই লাভ কৰিব প্ৰথমটো বিমানবন্দৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চহৰখনত ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ লগতে শ্ৰী ৰাম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু অযোধ্যা ৰে’ল ষ্টেচনো উদ্বোধন কৰিব। সেইমৰ্মে ২৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে অয়োধ্যাত ৩,২৮৪ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অযোধ্যাৰ আয়ুক্ত গৌৰৱ দয়ালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ অযোধ্যা ভ্ৰমণৰ সময়ত এটি ৰোড শ্ব’ আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। ৰাম মন্দিৰ উদ্বোধন মহোৎসৱৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু পৌৰাণিক অনুষ্ঠানৰ মাজেৰে দীৰ্ঘপ্ৰতীক্ষিত ৰাম মন্দিৰৰ শুভ উদ্বোধন হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ। অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে। বহুতে ভাবিছে ৰামলালাৰ প্ৰতিমূৰ্তি কিমান বজাত স্থাপন কৰা হ’ব? পণ্ডিতসকলে তিথি-নক্ষত্ৰলৈ চাই মাত্ৰ ৮৪ ছেকেণ্ডৰ এটা শুভ মুহূৰ্তটো ঠিক কৰিছে। অৰ্থাৎ ৰামলালাৰ জীৱন প্ৰতিষ্ঠা কৰাত ৮৪ ছেকেণ্ড অতি তাৎপৰ্যপূৰ্ণ। এই ৮৪ ছেকেণ্ডৰ ভিতৰতে ৰামলালা সিংহাসনত বহোৱা হ’ব আৰু প্ৰাণ প্ৰতিষ্ঠা হ’ব।

ৰামলালা মূৰ্তি স্থাপনৰ বাবে আটাইতকৈ শুভ সময় হ’ব ৮৪ ছেকেণ্ড। এই শুভ মুহূৰ্ত ২২ জানুৱাৰীৰ পৰা নিশা ১২:২৯:৪০ বজাৰ পৰা ১২:৩০:৩২ বজালৈ আৰম্ভ হয়। জ্যোতিষীসকলৰ মতে এই সময়ত বিশ্বব্ৰহ্মাণ্ডত ৬টা গ্ৰহ অনুকূল অৱস্থাত থাকিব। কাশীৰ জ্যোতিষী পণ্ডিত গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিদে এই মুহূৰ্তটোক আটাইতকৈ শুভ ৰূপত বাছি লৈছে। এই মুহূৰ্তটো ৰামলালাৰ জীৱন প্ৰতিষ্ঠা কৰাৰ সময় হিচাপে বাছি লোৱা হৈছে। ভূমি পূজাৰ শুভ সময় নিৰ্ধাৰণ কৰিছিল জ্যোতিষী পণ্ডিত গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিদাই। ৰামমন্দিৰ থিৰথক্ষেত্ৰ ট্ৰাষ্টে সমগ্ৰ দেশৰ পণ্ডিত আৰু জ্যোতিষীসকলক ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ সময় নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৫ আগষ্টত কৰ’ণা পৰিস্থিতিৰ মাজতে অযোধ্যাত মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। ২২ জানুৱাৰীত মন্দিৰটো উদ্বোধন কৰা হ’ব, কিন্তু ১৬ জানুৱাৰীতো বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব। সকলো বৈদিক অনুষ্ঠান সচৰাচৰৰ দৰে পালন কৰা হ’ব। বৈদিক ব্ৰাহ্মণ পণ্ডিত লক্ষ্মী কান্ত দীক্ষিত বাৰাণসীলৈ আহি আছে সচৰাচৰৰ দৰে সকলো বৈদিক ৰীতি-নীতি কৰিবলৈ। ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে মুঠ ৪০০০ সাধুলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।

জে এন ১ প্ৰজাতিকলৈ শংকা বৃদ্ধি, কিন্তু পুনৰ ল’ব নালাগে কোভিড ভেকছিন; জনালে কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে…

শীতৰ আগমণৰ লগে লগে দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ নতুন উপ-প্ৰকাৰ জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ১০০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে উদ্বেগ বাঢ়ি আহিছে। প্ৰশ্ন উত্থাপিত হৈছে এনে পৰিস্থিতিত পুনৰ কোভিড ভেকছিন ল’বলগীয়া হ’ব নেকি?দেশৰ কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। ইণ্ডিয়া-এছএআৰএছ-চিঅ’ভি২ জিনোমিক্স কনচৰ্টিয়ামৰ মুৰব্বী ড০ এন কে অৰোৰাই কয় যে নতুন প্ৰজাতিয়ে আশংকা বৃদ্ঘি কৰিলেও পৃথক ভেকছিনৰ কোনো প্ৰয়োজন নহ’ব। কিন্তু তেওঁ সাৱধানতাৰ বিষয়ত অধিক জোৰ দিছে। ডাঃ অৰোৰাই কয় যে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোক, যাৰ কোমৰ্বিডিটি আছে বা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল,তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন। তেওঁ ক’লে, ” সপ্তাহত বিভিন্ন অঞ্চলত নতুন উপ-প্ৰকাৰ উপস্থিতি ধৰা পৰিছে। । আমি এতিয়ালৈকে কোভিডৰ ৪০০ ৰো অধিক উপ-প্ৰকাৰ বিচাৰি পাইছো। কিন্তু সৌভাগ্যক্ৰমে, কোনো অমাইক্ৰন প্ৰকাৰ অধিক বিপজ্জনক নহয় বা চিকিৎসালয়ত ভৰ্তি হোৱাৰো প্ৰয়োজন নহয়।”


ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে যোৱা এমাহত বিশ্বজুৰি কৰোনাৰ ঘটনা ৫২ শতাংশ বৃদ্ধি পাইছে। কিন্তু এয়া স্পষ্ট নহয় যে কিমান শতাংশ লোক নতুন উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে।

দিল্লীৰ মণ্ডীহাউচ স্থিত ‘ললিত কলা একাডেমীত’ অসমৰ ৩ চিত্ৰশিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শন…

দিল্লীৰ মণ্ডীহাউচ স্থিত “ললিত কলা একাডেমীত” ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈআয়োজিত ৰাষ্ট্ৰীয় প্ৰৰ্দশনী বাবে নিৰ্বাচিত হোৱা অসমৰ ‘গ্ৰোপ ৯০/২১’ শীৰ্ষক শিল্পপ্ৰদৰ্শনীখনত অসমৰ মুঠ ৩ জন চিত্ৰশিল্পী ক্ৰমে অতুল চন্দ্ৰ বৰুৱা,পৰেশ শইকীয়া , নীলাঞ্জনা গগৈ, ১ জন ভাস্কৰ্য শিল্পী ৰুদ্ৰাংকুৰ হাজৰিকা আৰু ৩ জন ছপাচিত্ৰ শিল্পী ক্ৰমে চন্দন বৰুৱা, চিমি দাস, চোপ্ৰিয়া সিংৰ শিল্পকৰ্ম প্ৰদৰ্শিত হৈ আছে ৷


উক্ত শিল্প প্ৰদৰ্শনীখন দেওবাৰে দিনৰ ১২.৩০ বজাত ভাৰতৰ বিশিষ্ট চিত্ৰশিল্পী ‘কবিতা নায়েৰ’ ডাঙৰীয়ানীয়ে উদ্বোধন কৰে।

ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন

ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস দেওবাৰে দিনয়োৰা কাৰ্যসূচীৰে দিচপুৰস্থিত ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত অনুস্থিত হয়৷ এই উপলক্ষে পুৱা দহ বজাৰ পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰীড়া বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিক পুলিন দাস আৰু নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰনি এই চিত্ৰাংকন প্ৰতিযোগিতাত অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতা উদ্বোধন কৰে আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ তথা গুৱাহাটী টেনিচ ক্লাৱৰ সভাপতি কল্যাণ কুমাৰ দাস আৰু ১২৮ নং চি আৰ পি এফ, নুনমাটিৰ চেকেণ্ড লেফটেনেন্ট আৰিয়ান কুমাৰে।

ইয়াৰ পিচতে অনুষ্ঠিত খেল মহাৰণ ২০২৩ -২০২৪ শীৰ্ষক আলোচনা চক্ৰত সমল ব্যক্তিৰূপে ভাষণ দিয়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুঙে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ বাবে আৰু প্ৰতিভাসমূহক বিচাৰি উলিয়াবলৈ অসম চৰকাৰ আৰু ক্ৰীড়া বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰে।

এই আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুন নেছা, ক্ৰীড়া সংগঠক আৰু গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাস, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতা,চাউথ পইন্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দ, ১২৮ নং চি আৰ পি এফ, নুনমাটিৰ এছিষ্টান্ত কমাণ্ডদেন্ত আৰিয়ান কুমাৰ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাজকুমাৰ দাস আদিয়ে খেল মহাৰণ সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়াই ।

জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো চাৰি গৰাকী প্ৰতিভাবান খেলুৱৈ ক্ৰমে ভাৰোত্তোলক ৰিকি গগৈ, ফুটবলাৰ মাইডাংশ্ৰী নাৰ্জাৰী, টাইকোৱাণ্ডো খেলুৱৈ এনশিখা সিং, আৰু ডবা খেলুৱৈ মায়াংক চক্ৰৱৰ্তীক এন আৰ এল কেচ এৱাৰ্ড সহ নগদ ২৫ হাজাৰ টকা, মানপত্ৰ, জাপি আৰু স্মাৰকেৰে প্ৰয়াত ক্ৰীড়া সাংবাদিক গৌতম বৰা আৰু কুলেন কলিতা সোঁৱৰণি মোষ্ট প্ৰমিজিং আৰু মোষ্ট আপকামিং বঁটা প্ৰদান কৰা হয় ।

এই অনুষ্ঠানতে বঁটা প্ৰাপ্ত চিত্ৰাংকন প্ৰতিযোগীসকলক পুলিন দাসৰ পুত্ৰ কল্যাণ কুমাৰ দাসৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰাইজমানি আৰু বঁটা প্ৰদান কৰা হয়৷ আজিৰ অনুষ্ঠানত ক্ৰীড়া সাংবাদিক তথা ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ সভাপতি পুলিন সাহা, কাৰ্যকৰী সভাপতি কুমুদ তালুকদাৰ, সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ গগৈ, সাংবাদিক হিলদুল গগৈ, অনিৰুদ্ধ যাদৱ, ৰাজেশ সিং গোল্ডী , আজাদ গগৈ আদিকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত আছিল।

১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণিঃ দিল্লীবাসীৰ মনত স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ অধিক মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি

সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্ৰ্যতাৰ তিনিদিনীয়া উদযাপনৰ অন্ত পেলাই দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণৰ সফল সমাপ্তি ঘটে। ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ক্ৰেতা, কলা-সংস্কৃতিপ্ৰেমীকে ধৰি খাদ্যৰসিকসকলৰ ব্যাপক সমাগম ঘটে।

প্ৰথম দিনকেইটাত পাপন, শ্ৰুতি হাচান আৰু অন্যান্য শিল্পিসকলৰ মনজুৰোৱা প্ৰদৰ্শনৰ পিছত অন্তিম দিনটোত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁৰ সুৰৰ যাদুৰে দিল্লীবাসীক মন্ত্ৰমুগ্ধ কৰে। আজি ডিজে ন’-ডি, গাইগৌ বেণ্ড, ৰমন লামা আৰু বেণ্ড, ৱাংডেন পি শ্বেৰ্পা আৰু ৰাভাটৰৰ সুন্দৰ প্ৰদৰ্শনৰ লগতে বিশেষ কাৰ্যসূচীত আছিল স্বৰ্গীয় নেপথ্য কণ্ঠশিল্পী কে কেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ বেণ্ডৰ দ্বাৰা প্ৰদৰ্শিত বিশেষ সংগীতানুষ্ঠান।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “দিল্লীয়ে নিৰন্তৰভাৱে আমাক মৰমৰ বৰ্ষাৰে সিক্ত কৰি আহিছে আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। ৰাইজৰ সঁহাৰি সঁচাকৈয়ে চমৎকাৰ। তিনিওদিনেই আগ্ৰহী পৰ্যটকৰ ভিৰ দেখা গ’ল। আমি প্ৰতিষ্ঠিত আৰু উদীয়মান দুই ধৰণৰ শিল্পীৰ বাবে মঞ্চ মুকলি কৰি ৰাখো। বিক্ৰী আশাপ্ৰদ হোৱাৰ বাবে বিপনীসমূহে সন্তুষ্টি প্ৰকাশ কৰাটোৱে আমাকো উৎসাহিত কৰিছে। পৰ্যটনৰ প্ৰতি দৰ্শনাৰ্থীসকলৰ গভীৰ আগ্ৰহ দেখা গ’ল। সকলোৰে বাবে ফেষ্টিভেলৰ বজাৰখন আছিল অন্যতম আকৰ্ষণ। সামগ্ৰিক ফলাফল আমি আশা কৰাৰো বহু উৰ্ধত। সকলোৰে সামূহিক প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। অহা বছৰ আপোনালোকক পুনৰ আদৰণি জনাবলৈ আমি অপেক্ষাৰত।”

নাগালেণ্ডৰ ভূমি সম্পদ বিভাগৰ আয়ুক্ত সচিব ভি কেজোৰ ভাষ্য খুবেই ইতিবাচক- “নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত বাস কৰা উত্তৰ-পূবৰ ৰাইজৰ লগত দিল্লীবাসী আৰু সমগ্ৰ দেশ আৰু দেশৰ বাহিৰৰ ব্যক্তিসকল জড়িত হোৱাৰ এক পুনৰুজ্জীৱিত মঞ্চ। আমাৰ বিপনীৰ কফিৰমন জুৰোৱা সুকীয়া সোৱাদে বহুতো পৰ্যটকক আকৰ্ষিত কৰিছিল। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়ত নাগালেণ্ড কফি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ বাবে আমি আয়োজকসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই অনুষ্ঠান অংশগ্ৰহণকাৰীসকলৰ মাজত উন্নত পাৰস্পৰিক বুজাবুজি ৰক্ষাৰ এক উৎকৃষ্ট মাধ্যম।”

পৰম্পৰাগত আচাৰ আৰু হস্তনিৰ্মিত গৃহজ্জাৰ সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ গুৱাহাটীৰ পৰা অহা চুমি ফুড প্ৰডাক্টৰ চুমি কছাৰীয়ে কয়- “মই বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰোঁ। মিঠা-টেঙাৰ পৰা নিমখীয়া আৰু মচলাযুক্ত আচাৰলৈকে। কিছুমান আচাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আমি বিশেষকৈ ভূত জলকীয়া, অমৰা, জলফাই আৰু বাহ গাঁজৰ আচাৰৰ ভাল ব্যৱসায় কৰিলো। অহা বছৰ পুনৰ অংশগ্ৰহণ কৰিবলৈ বাট চাই আছোঁ।”

গাইগৌ বেণ্ডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কণ্ঠশিল্পী ডব্লিউ দাহৰিনি ভেমাই সংগীত, ফেশ্বন, খাদ্য, নৃত্য আৰু কলাৰ জৰিয়তে মানুহ সংযোগী মঞ্চ হিচাপে ফেষ্টিভেলৰ ভূমিকাৰ কথা কয়- “নৰ্থ ইষ্ট ফেষ্টিভেলে কেৱল নিজা শিল্প প্ৰদৰ্শনৰ বাবেই মঞ্চ প্ৰদান নকৰে, লগতে অঞ্চলটোৰ শিল্পী আৰু সংগীতজ্ঞসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগো প্ৰদান কৰে৷ যোৱা বছৰৰ ৰক বেটেল প্ৰতিযোগিতাত অন্তিম দলসমূহৰ ভিতৰত থকাটো আমাৰ বেণ্ডৰ বাবে মাইলৰ খুঁটি আছিল। আৰু এই বছৰ আমি মূল মঞ্চত প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱাটোও আমাৰ বাবে অতি উৎসাহৰ কথা। আমি পওলা আৰু ইংৰাজীৰ সংমিশ্ৰণত ইণ্ডি ফ’ক ফিউজন সংগীত প্ৰদৰ্শনকৰো। মণিপুৰৰ সেনাপতি জিলাৰ পৌমা নাগাসকলৰ পওলা ভাষাৰ সংগীতে শান্তি আৰু ঐক্যৰ বাৰ্তা কঢ়িয়ায়।”

তামিলনাডুত জন্ম দিল্লীস্থিত নম্ৰথা মুদালিয়াৰে নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁৰ বছেৰেকীয়া অংশগ্ৰহণৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে- “মই অঞ্চলটোৰ সমৃদ্ধ সংস্কৃতি, মনোমোহা বন্যজীৱন আৰু ইয়াৰ লোকসকলৰ উষ্ণ আতিথ্যৰ প্ৰতি খুবেই আকৰ্ষিত। অঞ্চলটোৰ তিনিখন ৰাজ্য ভ্ৰমণ কৰাৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশত এক দুঃসাহসিক ট্ৰেকিং অভিযানৰ পৰিকল্পনা কৰিছো। এই বছৰ ফেষ্টিভেলত জনজাতীয় মোটিফৰ এটা নগা স্কাৰ্ট আৰু এযোৰ কাণফুলি কিনিছো। ইয়ালৈ আহি সদায়েই বৰ ভাল লাগে।”

থলুৱা বস্ত্ৰত সমসাময়িক ডিজাইনেৰে সোণত সুৱগা চৰাই আজিৰ ফেশ্বন শ্ব’ সজাই তোলে উত্তৰ-পূবৰ প্ৰতিভাশালী ডিজাইনাৰ আৰবিন টনজাম, আৰ টু বুটিক আৰু বৰষা ফুকনৰ বসুন্ধৰাই। ফেষ্টিভেলৰ বজাৰ আৰু প্ৰদৰ্শনীক্ষেত্ৰখনে পৰ্যটকক অহৰহ আকৰ্ষণ কৰিছিল। কেক, ব্ৰেডৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত ব্যঞ্জন যেনে জাদোহ, শ্বা ফেলি, পোৰা গাহৰি, ভজা হাঁহ, ম’ম’ আৰু ফলৰ ৱাইনে খাদ্যৰসিকসকলক সোৱাদ ল’বলৈ বাধ্য কৰে।

আয়োজকসকলে অন্তিম দিনাৰ কাৰ্যসূচীত উত্তৰ-পূব ভাৰতৰ সমস্যাসমূহক মানুহৰ মাজলৈ ওলিয়াই অনাৰ ক্ষেত্ৰত অসামান্য ভূমিকা লোৱা আঞ্চলিক সংবাদ মাধ্যমৰ ব্যক্তিত্ব শ্ৰী চি কে নায়ক, শ্ৰীযুত কল্লোল ভৌমিক আৰু শ্ৰীযুত প্ৰাঞ্জল প্ৰতিম দাসৰ ব্যতিক্ৰমী অৱদানক সন্মান জনায়। অজস্ৰ সাংস্কৃতিক অভিজ্ঞতাপূৰ্ণ একাদশ নৰ্থ ইষ্ট ফেষ্টিভেলে আকৌ এবাৰ স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ আৰু অধিক ৰোমাঞ্চকৰ পৰিকল্পনাৰে উভতি অহাৰ আশ্বাস দিয়ে।


সফলতাৰে সামৰণি পৰিল অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ-২০২৩; সামৰণি অনুষ্ঠানত দুই ‘অৰ্জুন’ হিমা আৰু নয়নমণিৰ অংশগ্ৰহণ

ক্ৰীড়া আৰু প্ৰযুক্তিৰ সমাহাৰেৰে ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়শ্বিপ-২০২৩ৰ সফল সামৰণি পৰিল। সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত ‘অৰ্জুন’ হিমা দাস আৰু ‘অৰ্জুন’ নয়নমণি শইকীয়া।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ এই দুই ষ্টাৰ খেলুৱৈয়ে তৰুণ খেলুৱৈসকলক উদ্দেশ্যে শুভেচ্ছামূলক চমু ভাষণ আগবঢ়ায়। প্ৰতিযোগিতাত ৰাজ্যৰ ৩৬ খন জিলাৰ ল’ৰা, ছোৱালী উভয়ৰ ৫ হাজাৰ খেলুৱৈয়ে ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ অনূৰ্ধ্বৰ আৰু ছিনিয়ৰ শাখাত ব্যক্তিগত আৰু দলীয় শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়।

উল্লেখ্য যে, ২১ ডিচেম্বৰৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ৰাজ্যিক প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ভিডিঅ’ ৰিভিউ চিষ্টেম আৰু জয়ষ্টিক। ইয়াৰপৰো সকলো পৰ্যায়ৰ খেলুৱৈৰ সুবিধা হোৱাকৈ খেলখনত কোনো ধৰণৰ পঞ্জীয়ন মাচুলৰ ব্যৱস্থা কৰা হোৱা নাছিল।

চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত পদক বিজয়ী খেলুৱৈক পদক প্ৰদান কৰিবৰ বাবে প্ৰতিটো দিনতে বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে আহি অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে। প্ৰথমবাৰৰ বাবে অতি ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত খেলুৱৈ, প্ৰশিক্ষক, ৰেফাৰী, টেকনিকেল অফিচিয়েলকে ধৰি আমন্ত্ৰিত সকলো অতিথি তথা অভিভাৱকসকলক সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়তো এইধৰণৰ যোগাত্মক সহযোগিতা কামনা কৰিছে।

খ্ৰীষ্টমাছৰ গছজোপা আৰু আঁৰৰ কিছু কথা

বৰদিনৰ সময়ত গৃহ সাজ সজ্জাৰ বাবে এক দৰকাৰী আৰু গুৰুত্বপূৰ্ণ অংগ হৈছে খ্ৰীষ্টমাছ গছজোপা৷ চিৰসেউজীয়া এইজোপা গছে প্ৰতিখন ঘৰতে খ্ৰীষ্টমাছ উদযাপনৰ এক অবিচ্ছেদ্য অংশ হিচাপে অতীজৰে পৰা নিজৰ ভূমিকা পালন কৰি আহিছে৷সৰু সৰু ল’ৰাছোৱালীবোৰে ঘৰৰ অন্যান্য সদস্য সকলৰ সৈতে মিলি গছজোপা আটকধুনীয়াকৈ সজায়৷ সিহঁতৰ বাবে এই গছজোপাৰ সাজসজ্জা অসীম উলাহ আৰু আনন্দৰ উৎস হৈ পৰে৷


পশ্চিমৰ দেশবোৰৰ বিভিন্ন উৎসৱৰ লগত জড়িত আচাৰ-অনুষ্ঠান আৰু সাজ সজ্জাৰ আহিলা হিচাপে ব্যৱহৃত খ্ৰীষ্টমাছ গছজোপাৰ মূল উৎস “জাৰ্মানী’ বুলি দাবী কৰা হয়। এক প্ৰবাদ মতে জাৰ্মানীত প্ৰায় ৭২৩ চনত ইংৰাজ মিছনেৰী চেণ্ট বনিফেচে থৰ (ড’নাৰ) দেৱতাক বলি হিচাপে উৎসৰ্গা কৰিবলৈ ওক গছৰ কাষত গৈছিল। বলি প্ৰস্তুত কৰি যেতিয়া গছজোপাৰ কাষলৈ কুঠাৰ লৈ গৈছিল আৰু তাৰ কাষ পোৱাৰ পিছত সেই চিৰসেউজ গছজোপাক তেওঁলোকৰ “পবিত্ৰ গছ”বুলিহে স্বীকৃতি দিছিল।


সেইবাবে একাংশই মত প্ৰকাশ কৰে যে তাৰপিছতেই জাৰ্মানীত চিৰসেউজ গছবোৰ খ্ৰীষ্টান ধৰ্মৰ আচাৰ-অনুষ্ঠানৰ অংশ হৈ পৰিছিল আৰু মধ্যযুগত তাক“স্বৰ্গ গছ” হিচাপে গণ্য কৰা হৈছিল। এই চিৰসেউজ গছবোৰত আপেল ওলোমাই ঘৰত প্ৰদৰ্শন কৰা হৈছিল বিশেষকৈ ২৪ ডিচেম্বৰত, যাক তেওঁলোকে আদম আৰু হৱাৰ ধৰ্মীয় উৎসৱৰ দিন বুলি পালন কৰি আহিছে। মাৰ্টিন লুথাৰেও প্ৰথমে ১৬ শতিকাত গছত জ্বলোৱা মমবাতি ওলোমাই থৈছিল বুলি কোৱা হয়—আৰু লাহে লাহে এই স্বৰ্গৰ গছ খ্যাত বৃক্ষবোৰ খ্ৰীষ্টমাছ গছ হিচাপে প্ৰচলিত হৈছিল৷

অমৰ আৰু অনন্ত জীৱনৰ প্ৰতীক হিচাপে এজোপা চিৰসেউজ গছ, যিদাল গছ বৰদিন উদযাপনৰ এক প্ৰধান অংশ বিশেষ হিচাপে ব্যৱহাৰ কৰাটো প্ৰাচীন মিচৰীয়াসকলৰ সময়ৰ পৰা আৰম্ভ হোৱা বুলি প্ৰবাদ চলি আহি আছে। তদুপৰি চীনা আৰু ইব্ৰীসকলৰ বাবে এই গছজোপাৰ স্থাপন এক প্ৰথাৰ দৰে আছিল। ইতিহাসৰ তথ্য অনুসৰি ইউৰোপীয়সকল যথেষ্ট প্ৰকৃতি প্ৰেমিক আছিল তেওঁলোকৰ মাজত পূৰ্বৰে পৰা বৃক্ষ পূজা প্ৰচলিত আছিল। স্ক্যাণ্ডিনেভিয়ান সকলৰো পৰম্পৰাগত বিশ্বাস অনুসৰি অপশক্তি বা চয়তানক ভয় খুৱাবলৈ প্ৰধানকৈ নৱবৰ্ষত ঘৰ আৰু ভঁৰালৰ সমুখত এই চিৰসেউজ গছজোপাক বৰদিনৰ সময়ত সজাই ৰখা হৈছিল।
চৰাইবোৰৰ বাবে গছ ৰোপণৰ জৰিয়তে সিহঁতক বাসস্থানৰ দিহা কৰিবলৈ খ্ৰীষ্টান লোকসকলে তাহানিৰ পৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে বৃক্ষৰোপণ আৰু গছগছনিৰ প্ৰতি মৰম সমাদৰ তেওঁলোকৰ অন্যতম বৈশিষ্ট্য।


জাৰ্মানীৰ লোকসকলে শীতকালত বৰদিনৰ সময়ত প্ৰধানকৈ “ইউল’’নামৰ এবিধ গছক সুন্দৰকৈ সজাই পৰাই তেওঁলোকৰ ঘৰৰ প্ৰৱেশদ্বাৰত বা ঘৰৰ ভিতৰত ৰখা হৈছিল। ১৮২০ চনৰ পৰা আমেৰিকাত যেতিয়া বৰদিনৰ জনপ্ৰিয়তা বাঢ়িবলৈ আৰম্ভ হৈছিল দেশখনৰ প্ৰথমটো বৰদিনৰ গছ ১৮৩০ চনত প্ৰদৰ্শন কৰা বুলি জনা যায়। প্ৰধানকৈ খ্ৰীষ্টমাছ গছৰ সাজসজ্জা আৰু স্থাপনৰ জনপ্ৰিয়তা বিশ্বৰ এখন প্ৰভাৱশালী আলোচনী“Godie’s Lady’s Book ’’ৰ সহায়ত বিয়পি পৰিছিল। , যিয়ে ১৮৫০ চনত ১৮৪৮ চনৰ ব্ৰিটিছ ৰজাৰ চিত্ৰনো প্ৰকাশ কৰিছিল। ১৮৭০ চনৰ ভিতৰত আমেৰিকাত বৰদিনৰ গছে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰি উঠে আৰু প্ৰায় ঘৰে ঘৰে ইয়াক লক্ষ্য কৰা হয়।


১৬ শতিকাৰ গ্ৰাম্য ইংৰাজী গীৰ্জাৰ ৰেকৰ্ডসমূহে ইংগিত দিয়ে যে হলি আৰু আইভী শীতকালত কিনা হৈছিল। জুডিথ ফ্লেণ্ডাৰছৰ খ্ৰীষ্টমাছ: এ বায়’গ্ৰাফীৰ মতে এই সময়ত ব্যক্তিগত ঘৰ আৰু ৰাস্তাবোৰো সেউজীয়াৰে সজাই তোলা হৈছিল । ফ্লেণ্ডাৰছে ধাৰণা কৰে যে শীতকালীন মেপলৰ দৰে পেৰিছসমূহে হলি আৰু আইভীৰে সজাই তোলা খুঁটাটোত খ্ৰীষ্টমাছ গছৰ এটা পূৰ্বসূৰী দেখা যায়; এটা বিৱৰণীত লণ্ডনত হোৱা ধুমুহাই এটা সমীক্ষাক ভাঙি পেলালে যিটোক “জনসাধাৰণৰ ওচৰত খ্ৰীষ্টমাছৰ বিনিময়ৰ বাবে” বুলি বৰ্ণনা কৰা হৈছে।


জাৰ্মানসকলে প্ৰব্ৰজন কৰাৰ লগে তেওঁলোকৰ লগত বৰদিনৰ গছবোৰো অন্য দেশলৈ লৈ গৈছিল, বিশেষকৈ ইংলেণ্ডলৈ। তাত ১৭৯০ চনত তৃতীয় জৰ্জ ৰজাৰ জাৰ্মানীৰ পত্নী চাৰ্লটে ছুটীৰ বাবে গছ সজাইছিল। কিন্তু জাৰ্মানীত জন্মগ্ৰহণ কৰা এজন ৰাজকুমাৰ এলবাৰ্ট আৰু তেওঁৰ পত্নী ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াইহে এই পৰম্পৰাক ব্ৰিটিছৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। এই দম্পতীহালে বৰদিনৰ গছক ছুটীৰ উৎসৱৰ এক বিশিষ্ট অংশ কৰি তুলিছিল আৰু ১৮৪৮ চনত লণ্ডনৰ এখন বাতৰি কাকতত সজোৱা গছৰ চাৰিওফালে থকা ৰাজকীয় পৰিয়ালটোৰ এটা চিত্ৰ প্ৰকাশ পাইছিল। ইংৰাজৰ ঘৰত বৰদিনৰ গছ অতি সোনকালেই সাধাৰণ হৈ পৰিল।


পৰিতাপৰ কথা যে যদিও লাহে লাহে বৰদিনৰ গছবোৰৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল আনফালে কিন্তু এই পৰম্পৰাই বিশেষকৈ জাৰ্মানীৰ বনাঞ্চলত বিস্তৰ ক্ষতিকাৰক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছিল। তাৰ বিকল্পৰ ব্যৱস্থা হিচাপে জাৰ্মানসকলে ১৮৮০ চনৰ পৰা কৃত্ৰিম হাঁহৰ পাখিৰ গছ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। তাৰপাছত এই গছবোৰক বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছিল আৰু সময়ৰ লগে লগে হাঁহৰ পাখিৰ ঠাইত আন সামগ্ৰীবোৰে সাজসজ্জাৰ ঠাই লব আৰম্ভ কৰিলে।


১৯৩০ চনত এটা উল্লেখযোগ্য ঘটনা ঘটিল যেতিয়া টয়লেট বাটিৰ ব্ৰাছ নিৰ্মাণ কৰা এটা কোম্পানীয়ে উদ্বৃত্ত সামগ্ৰী ব্যৱহাৰ কৰি কৃত্ৰিম গছ সৃষ্টি কৰা বুলি অভিযোগ কৰিছিল। এই “ব্ৰিষ্টল ‘’গছবোৰে জনপ্ৰিয়তা লাভ কৰিছিল যদিও পিছলৈ ইয়াৰ ঠাইত এলুমিনিয়াম আৰু তাৰ পিছত প্লাষ্টিকৰ সংস্কৰণে ঠাই লব ধৰিলে। আমেৰিকাত ২০২১ চনত ৮৪ শতাংশ ঘৰে ব্যৱহাৰ কৰা খ্ৰীষ্টমাছ গছবোৰ কৃত্ৰিম আছিল।



১৯ শতিকাৰ ভিতৰত খ্ৰীষ্টমাছ গছ জাৰ্মান সকলৰ এক প্ৰতিষ্ঠিত পৰম্পৰা হৈ পৰিছিল। উক্ত ধৰ্মীয় উৎসৱৰ দিনা নিজৰ নিজৰ ঘৰত সকলোৱে এই “স্বৰ্গ গছ’’ স্থাপন কৰিছিল। গছবোৰত ৱেফাৰ ওলোমাই থোৱা হৈছিল যিবোৰে প্ৰতিনিধিত্ব কৰিছিল ইউখাৰিষ্টিক গৃহস্থৰ প্ৰতীক হিচাপে যি আছিল খ্ৰীষ্টানসকলৰ মুক্তিৰ প্ৰতীক। তদুপৰি তাত মমবাতিও জ্বলোৱা হৈছিল, যীচু খ্ৰীষ্টক জগতৰ পোহৰ হিচাপে ব্যাখ্যা কৰি তাৰ প্ৰতীকাত্মক ৰূপত প্ৰদৰ্শন কৰিবলৈ।
এই খ্ৰীষ্টমাছ বিশেষ গছবোৰ প্ৰধানকৈ একচিৰসেউজ গছ , যাকপ্ৰায়ে পাইন , স্প্ৰুচ বা ফাৰ , লাইট আৰু অলংকাৰৰ অংশ হিচাপে সজাই তোলা হয় বৰদিনৰ উৎসৱৰ দিনা।


আমেৰিকানসকলে বৰদিনৰ গছবোৰ মূলতঃ ঘৰতে বনোৱা অলংকাৰেৰে সজাইছিল, আনহাতে বহু জাৰ্মান আমেৰিকান লোকে আপেল, বাদাম আৰু মাৰ্জিপান কুকিজ ব্যৱহাৰ কৰিছিল।


গছৰ সজ্জাত ডোঙাযুক্ত পপকৰ্ণ উজ্জ্বল ৰঙেৰে ৰং কৰি জামু আৰু বাদামৰ সৈতে আন্তঃসংলগ্ন কৰি যোগ কৰা হৈছিল। লাহে লাহে বিদ্যুতৰ সাঁ সঁজুলিৰে সজাই গছবোৰক পোহৰাই তোলা হৈছিল। লাহে লাহে সমগ্ৰ দেশতে প্ৰত্যেকৰে ঘৰৰ চৌহদত বৰদিনৰ গছ জিলিকিব ধৰিলে আৰু আমেৰিকাতো ই এক পৰম্পৰা হিচাপে পৰিণত হ’ল।
কেইবিধমান জনপ্ৰিয় বৰদিনৰ গছ যিবোৰ সদায়েই জনপ্ৰিয় আৰু ব্যৱহাৰৰ উপযুক্ত বুলি বিবেচিত হৈ আহিছে। তাৰভিতৰত অন্যতম হৈছে“নৰ্ডমেন ফাৰ’। এইবিধ গছ ডাঠ, কোমল চিকচিকিয়া আৰু জোঙা, যিবোৰৰ ওপৰত গাঢ় সেউজীয়া আৰু তলৰ ফালে নীলা-সেউজীয়া ৰং থাকে। ইয়াৰ আগবোৰ বিভিন্ন ধৰণৰ খ্ৰীষ্টমাছ সাজ সজ্জাৰ উপকৰণবোৰ সুন্দৰ ভাৱে ধৰি ৰখাৰ বাবে উৎকৃষ্ট বুলি কোৱা হয়।

আনবিধ হৈছে “নৰৱে স্প্ৰুচ’’। ই পৰম্পৰাগত খ্ৰীষ্টমাছ গছ যিটো ভিক্টোৰিয়া যুগৰ পৰাই জনপ্ৰিয় হৈ আহিছে। ইয়াৰ গা গছৰ গঠন চুটি আৰু পাতল, উজ্জ্বল আৰু গভীৰ সেউজীয়া নোমযুক্ত আগ থাকে। ইয়াৰ আকৃতি আন জাততকৈ অধিক ত্ৰিকোণীয়। বাকলিবোৰ আকৰ্ষণীয় ৰঙা-বাদামী, সুগন্ধিযুক্ত আৰু অধিক জোপোহা। এজোপা উৎকৃষ্ট খ্ৰীষ্টমাছ গছ হিচাপে “নৰৱে স্প্ৰুচ’ ইউৰোপৰ একক জনপ্ৰিয় জাত আছিল যদিও শেহতীয়াকৈ “নৰ্ডমেন ফাৰৰ’’ দৰে জাতৰ আগমনত ইয়াৰ জনপ্ৰিয়তা কিছু হ্ৰাস হৈছে।

অন্য এবিধ গছ “ছাৰ্বিয়ান বা ওমোৰিকা স্প্ৰুচ’’ খ্ৰীষ্টমাছ গছৰ ভিতৰত অন্যতম। ইয়াৰ আকৃতি আন প্ৰকাৰৰ গছতকৈ অধিক চিকুন, যাৰ বাবে ই সৰু ঘৰ, বাৰাণ্ডা বা কৰিডৰৰ বাবে একেবাৰে উপযুক্ত। ইয়াৰ আগ “নৰৱে স্প্ৰুচৰ’’ দৰেই যদিও সমতল আৰু কোমল। ইয়াৰ ৰং নীলা আৰু তলৰ ফালে প্ৰায় বগা। ডালবোৰ অলপ তললৈ নামি গৈছে যদিও ব্যৱধান সঠিক মাপত আছে, যাৰ ফলত আগবোৰ সজাবলৈ সহজ হৈ পৰে।
কিন্তু সাম্প্ৰতিক কৃত্ৰিম গছৰ পয়োভৰে বৰদিনৰ এই প্ৰাকৃতিক গছবোৰৰ জনপ্ৰিয়তা ম্লান কৰি তুলিছে। কৃত্ৰিম বৰদিনৰ গছবোৰ সহজলভ্য আৰু কম খৰচী হোৱা বাবে প্ৰাকৃতিক এই গছবোৰ ৰোপণ আৰু প্ৰতিপালনৰ দিশত কিছু বাধা আহিছে বুলি কব পাৰি।


“টাইমছ নাউ’’ত উল্লিখিত এটি লেখাৰ মতে, “পঞ্চাশ বছৰৰ পাছতো খ্ৰীষ্টমাছ গছ উদ্যোগত কৃত্ৰিম গছৰে আধিপত্য আছে। নীলছনৰ এক সমীক্ষা অনুসৰি ২০১৮ চনত খ্ৰীষ্টমাছ গছ থকা প্ৰায় ৯.৫ কোটি আমেৰিকান পৰিয়ালৰ ভিতৰত ৮২% গছ কৃত্ৰিম আৰু ১৮% গছ আছিল বাস্তৱ। এই অনুপাতৰ কাৰণ বহুত। জলবায়ু পৰিৱৰ্তনে গছ গজাবলৈ অধিক কঠিন কৰি তুলিছে। মহামন্দাৰ সময়ত কৃষকসকলে কম গছ ৰোপণ কৰিছিল আৰু সাধাৰণতে গছবোৰ বৃদ্ধি হ’বলৈ ৭ৰ পৰা ১০ বছৰ সময় লাগে। আৰু আনকি সেইবোৰ খেতি কৰা কৃষকৰ অভাৱো হয়, কাৰণ তেওঁলোকে ব্যৱসায়ৰ পৰা ওলাই অহা বয়স বৃদ্ধি পায়। ’’


নেশ্যনেল খ্ৰীষ্টমাছ ট্ৰি এছ’চিয়েশ্যনে সেই একেবোৰ পৰিৱেশ সচেতন গ্ৰাহকক এই যুক্তি দি আবেদন জনাইছে যে প্ৰকৃত গছবোৰে স্থানীয় অৰ্থনীতিক সমৰ্থন কৰে। ইয়াক আমেৰিকা আৰু কানাডাত খেতি কৰা হয়, আনহাতে বহু প্লাষ্টিকৰ গছ চীনত নিৰ্মাণ কৰা হয় — আৰু প্ৰকৃত গছ নবীকৰণযোগ্য সম্পদ আৰু পুনঃব্যৱহাৰযোগ্য, আনহাতে কৃত্ৰিম ধৰণৰত কিছুমান অজৈৱ-বিঘ্নিত অংশ থাকিব পাৰে৷’’


সেইবাবে পাঁচ দশকৰ আগতে মণ্ট্ৰিয়েলৰ এজন অধ্যাপকে দীৰ্ঘদিনীয়া প্ৰকৃত গছ এটা গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰি টাইমক প্ৰকৃত খ্ৰীষ্টমাছ গছৰ পৰম্পৰা ৰক্ষাৰ বাবে বৃহত্তৰ দাৰ্শনিক যুক্তিটো বুজাই দিছিল: “আমি কৃত্ৰিম পৰিৱেশত বাস কৰোঁ। বাকী থকা কেইটামান বস্তুৰ ভিতৰত বৰদিনৰ গছজোপা অন্যতম।”

বৰদিনৰ দৰে পৱিত্ৰ উৎসৱৰ উদাযপনত এই গছবোৰে নিজৰ চিৰসেউজ বৈশিষ্ট্যতাৰে মনবোৰকো সেউজীয়া কৰি ৰখাৰ অনুপ্ৰেৰণা দিয়ে৷ শীতকালতো নিজৰ সেউজীয়া পাত ধৰি ৰাখি চিৰজীৱন আৰু অমৰত্বৰ চিন হিচাপে মানৱ সমাজক সমৃদ্ধ কৰি আহিছে৷

-পুষ্পাঞ্জলি শিৱমশৰ্মা
অনসূয়া আবাস, লঙ্কেশ্বৰ

ক্ষেত্ৰীৰ তেঘেৰিয়াৰ বনভোজস্থলীত পৰিবহণ বিভাগৰ সজাগতা সভা

শীতৰ আগমনৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ক্ষেত্ৰী স্থিত তেঘেৰিয়াৰ বনভোজস্থলীত সকলোকে সচেতন হৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে মত বিনিময় কৰে পৰিবহন বিভাগৰ এটা দলে।

বিশেষকৈ যাত্ৰীবাহী মেজিক-মেক্সিম’ চালকসকলক বনভোজৰ এই সময়চোৱাত মদ্যপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত হ’ব লগা আইনী ব্যৱস্থা সন্দৰ্ভতো অৱগত কৰে পৰিবহন বিষয়া হিমাংশু দাসে।

পৰিবহন বিষয়াগৰাকীয়ে কাৰো ঘৰলৈ দুখৰ বতৰা নোযোৱাকৈ নতুন বছৰৰ শুভাৰম্ভণি কৰিবলৈ আহ্বান জনায় ৰাইজক।

মাৰ্ঘেৰিটাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’

দেশৰ দুৰ্গম তথা প্ৰতিটো অঞ্চললৈকে চৰকাৰী আঁচনিসমূহৰ কাৰ্যকৰী, প্ৰসাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে “বিকশিত ভাৰত সংকল্প যাত্ৰা” শীৰ্ষক এক কাৰ্যসূচী।

সংকল্প যাত্ৰাৰ কাৰ্যসূচী দ্বাৰা অনাময় সুবিধা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ প্ৰৱেশাধিকাৰ, দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, সঠিক পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱা পানী আদিৰ দৰে কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ কাষলৈ গৈ তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰা।

যাত্ৰাৰ সময়ত নিশ্চিত কৰা বিৱৰণৰ জৰিয়তে সাম্ভাব্য হিতাধিকাৰীসকলৰ নামভৰ্তি কৰা হ’ব। দেওবাৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি অন্তৰ্গত কেটেতং আৰু বৰগোলাই গাওঁ পঞ্চায়তত ‘বিকশিত ভাৰত যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই কাৰ্যসূচীত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি ঠাইতে হিতাধিকাৰীসকলৰ পৰা আবেদন গ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাসহ বিজেপিৰ দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে।