Home Blog Page 1135

ক্ৰিকেট এৰি কেনেদৰে সময় কটাব বিচাৰে ‘দেশপ্ৰেমিক’ ধোনীয়ে?

আই পি এলৰ নিলামৰ অন্ত পৰিল। সকলোৰে দৃষ্টি এতিয়া মহেন্দ্ৰ সিং ধোনীৰ ওপৰত। তেওঁ কেনেকৈ খেলিব ? তেওঁৰ দলটো আকৌ আই পি এল চেম্পিয়ন হ’ব পাৰিবনে? এনে সকলো প্ৰশ্নই ভাৰতীয় ক্ৰিকেট মহলত প্ৰচাৰিত হৈছে । ক্ৰিকেট এৰিলে কি কৰি সময় কটাব মাহি ওৰফে এম এছ ধোনীয়ে ?

এনে এটা প্ৰশ্নকে বিশ্ব চেম্পিয়ন ভাৰতৰ অধিনায়কক সোধা হৈছিল। সেই প্ৰশ্নৰ উত্তৰত ধোনীয়ে ক’লে, “মই আগতে এই বিষয়ে ভবা নাছিলো । এতিয়াও ক্ৰিকেট খেলি আছো । আই পি এল খেলি আছো । ক্ৰিকেট এৰি কি কৰিম দেখা যাওক । সেনাবাহিনীৰ লগত অধিক সময় কটাব বিচাৰো । কাৰণ যোৱা কেইবছৰমানৰ পৰা সেনাবাহিনীৰ লগত সময় কটাব পৰা নাই ।”

ধোনীৰ দেশপ্ৰেমৰ কথা সকলোৱে জানে । পেৰা ৰেজিমেণ্টত প্ৰশিক্ষণ লৈছিল । আগ্ৰাত সেই প্ৰশিক্ষণৰ সময়ত তেওঁ পাঁচবাৰকৈ পেৰাচুটও চলাইছিল । তেনেদৰেই কোৱা হৈছে । ২০১১ চনত ধোনীয়ে সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদবী অবৈতনিকভাৱে লাভ কৰে ।

২০১৯ চনৰ বিশ্বকাপৰ সময়ত তেওঁৰ গ্ল’ভছত সেনাবাহিনীৰ ‘বলিদান’ স্মাৰক চিহ্ন দেখা গৈছিল । সেই সন্দৰ্ভত বহু চৰ্চা চলিছিল । ভাইৰেল হৈ পৰিছিল সেই ছবি ।

আৰ্তজনৰ কাষত ‘ৱাৰীয়ৰ্ছ’ !

‘মানুহে মানুহৰ বাবে’- আৰ্তজনৰ কাষত wariors ! মহিলা সজাগতা গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ (অসম) চমুকৈ ‘ৱাৰীয়ৰ্ছ’ৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কলাবাৰী আঞ্চলিক সমিতিয়ে ৰূপায়ন কৰিলে শীতৰ উষ্ণতা’ শীৰ্ষক কাৰ্য্যসূচী।

গহপুৰৰ ডিলাপখৰাত ৱাৰিৱৰ্ছ বিশ্বনাথ জিলা সমিতিৰ আহ্বান মৰ্মে কলাবাৰী আঞ্চলিকৰ সমূহ ৱাৰীয়ৰ্চ যোদ্ধা একত্ৰিত হৈ ‘শীতৰ উষ্ণতা’ শীৰ্ষক কাৰ্য্যসূচী হাতত হয় ।

এই থেটোৱৈ লগা জাৰত এযোৰ বস্ত্ৰৰ বাবে হাহাকাৰ কৰি থকা আৰ্তজনৰ মাজত ব্যৱহাৰৰ উপযোগী বস্ত্ৰসমূহ বিতৰণ কৰা কাৰ্যই আৰ্তজনক সকাহ প্ৰদান কৰিছে ।


দেওবাৰে সমগ্ৰ অসমতে wariors সংস্থাটিৱে এনেদৰে বস্ত্ৰ বিতৰণৰ কাৰ্যসূচীৰে প্ৰসংশনীয় প্ৰদক্ষেপ গ্ৰহণ কৰে।

৬ জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ’ব বিমান সেৱা…

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে ভক্তৰ বাবে সুখবৰ! ৬ জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ’ব বিমান সেৱা।

৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অযোধ্যাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

অযোধ্যাৰ পৰা দিল্লী, আহমেদাবাদ, কলকাতা, মুম্বাই, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই আৰু গোৱাৰ সৈতে এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিব বিমান চলাচল।

আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ স্মাৰক বঁটা ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ প্ৰদান…

আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা-২০২৩’ ঘোষণা।

ব্ৰহ্ম লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ এই বঁটা।

২৭ ডিচেম্বৰত চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত আছুৱে প্ৰদান কৰিব বঁটা।

শীতকালত কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ…

Raw Green Organic Serrano Peppers in a Bowl

আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এবিধ পাচলি। কেৱল ভিটামিন ‘চিয়েই নহয়, ইয়াত ভিটামিন “বি“, ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম তথা শর্কৰাও থাকে- যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কেঁচা জলকীয়াত কেপছেইকিন নামৰ এক উপাদান থাকে, যাৰ বাবেই ইয়াৰ সোৱাদ জ্বলা হয়। তদুপৰি ই ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী। কেঁচা জলকীয়াৰ অন্য কিছু স্বাস্থ্যসন্মত উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন ‘চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে।
  • কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়।
  • শুনিবলৈ আচৰিত যদিও কেঁচা জলকীয়াই ওজন হ্রাস কৰাত সহায় কৰে। দেহৰ অতিৰিক্ত মেদ-চৰ্বি হ্ৰাস কৰি তোলাত কেঁচা জলকীয়া অনন্য। তদুপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

  • বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয়।
  • কেঁচা জলকীয়া এন্টি অক্সিজেনেৰে পূর্ণ। সেয়েহে ই প্রাকৃতিক সুৰক্ষাস্বৰূপে কাম কৰি শৰীৰক “ফ্রি ৰেডিকেল’ হোৱাৰ পৰা ৰক্ষা কৰে। তদুপৰি কেঁচা জলকীয়া প্ৰষ্টেটৰ সমস্যাও দূৰ কৰি ৰখাত সহায়কাৰী।
  • কেঁচা জলকীয়াৰ পৰা এণ্ডৰফিন নামৰ উপাদান নিৰ্গত হয়। যি ব্যক্তিৰ মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। আনহাতে কেঁচা জলকীয়াই বিভিন্ন বিষো উপশম কৰে।
  • কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ। ই এষ্টিঅ’পেৰ’ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।

বিদ্যালয় যুগলকৰণৰ বন্ধু বিদ্যালয় সমাৰোহৰ বঁটা বিতৰণী সভা…

২ নং বকুলী হালধীআটী প্ৰাথমিক বিদ্যালয় আৰু ২নং বকুলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বন্ধুত্বপূৰ্ণ ক্ৰিয়া সমাৰোহৰ বঁটা বিতৰণী সভা। বন্ধু বিদ্যালয় কাৰ্য্যসুৰ্চীৰ জড়িয়তে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন বিষয়ত সুপ্ত প্ৰতিভা বিকাশ মঞ্চ এখন দিয়াৰ প্ৰয়াস।

সেই মহান উদ্দেশ্য আগত ৰাখি বিদ্যালয় সমূহৰ মাজত বন্ধু বিদ্যালয় নামৰ এটি সমাৰোহ আৰম্ভ কৰা হৈছে। এই অনুষ্ঠানত দুখন বিদ্যালয়ে মিলি আয়োজনৰ কৰে। দুখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু শিক্ষকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে। সেইবাবে এই সমাৰোহৰ নাম “বন্ধু বিদ্যালয়” ৷ বন্ধু বিদ্যালয় সমাৰোহখত দুখন বিদ্যালয়ৰ মাজত খেলধেমালি আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সে আটক কৰা বিমানৰ ৩০৩ভাৰতীয় যাত্ৰীক ন্যায়াধীশৰ সন্মুখত হাজিৰ

মানৱ সৰবৰাহৰ সন্দেহত পেৰিছ কৰ্তৃপক্ষই আটক কৰি ৰখা ৩০৩জন যাত্ৰী দেওবাৰে স্থানীয় ন্যায়াধীশৰ সন্মুখত হাজিৰ হয়। বিষয়াসকলে জনোৱা মতে, বিমানবন্দৰতে পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। দেওবাৰৰ পৰা সোমবাৰলৈ স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ পৰা যাত্ৰীসকলক জেৰা কৰিব ন্যায়াধীশে।


ফ্ৰান্সৰ আইন অনুসৰি, বিদেশীক ফ্ৰান্সৰ সীমান্ত আৰক্ষীয়ে চাৰিৰ পৰা আঠ দিনৰ বাবে আটক কৰিব পাৰে। বাধ্যতামূলক পৰিস্থিতিত বিদেশীক সৰ্বাধিক ২৬ দিন নিজৰ জিম্মাত ৰাখিব নালাগে। এই প্ৰসংগত তেওঁলোকক গন্তব্যস্থানলৈ প্ৰেৰণ কৰা উচিত নেকি? স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, প্ৰত্যাৰ্পণ কৰিব নে নকৰে সেই বিষয়ে ন্যায়াধীশে সিদ্ধান্ত ল’ব। “ফ্ৰান্সত আগতে এনেকুৱা হৈছে নেকি নাজানো। কিন্তু, এইটো এটা সমস্যা যিটো সোনকালে সমাধান কৰিব লাগিব, কাৰণ উপযুক্ত নথি-পত্ৰ নথকা বিদেশীক দীৰ্ঘদিন ধৰি আটক কৰি ৰখা হৈছে।”


ডুবাইৰ পৰা নিকাৰাগুয়ালৈ যোৱা ৰোমানিয়াৰ পৰা লিজেণ্ড এয়াৰলাইন্সৰ এখন বিমান বৃহস্পতিবাৰে পেৰিছৰ পৰা ১৫০ কিলোমিটাৰ দূৰৈৰ ভাট্ৰি বিমানবন্দৰত ইন্ধনৰ বাবে ৰৈছিল। মানৱ সৰবৰাহৰ তথ্য লাভ কৰি ফ্ৰান্স কৰ্তৃপক্ষই বিমানখন জব্দ কৰে।

বিমানখনত থকা ৩০৩জন যাত্ৰীৰ অধিকাংশই ভাৰতীয়। স্থানীয় এখন কাকতত প্ৰকাশ পাইছে যে ইয়াৰে ১৩ জন নাবালক। নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁলোক সকলোৱেই নিকাৰাগুয়ালৈ গৈ আছিল মধ্য আমেৰিকাত গৈ অবৈধভাৱে আমেৰিকা বা কানাডাত প্ৰৱেশ কৰাৰ পৰিকল্পনাৰ অংশ। এনে পৰিপ্ৰেক্ষিতত আইনী তদন্তৰ অন্তত যাত্ৰীসকলৰ ভাগ্য জানিব পৰা যাব।

বাইহাটা চাৰিআলিৰ মান্দাকাটাস্থিত ৰাজধানী থিয়েটাৰৰ মুখ্য কাৰ্যালয় মুকলি…

বাইহাটা চাৰিআলিৰ মান্দাকাটাস্থিত ৰাজধানী থিয়েটাৰৰ মুখ্য কাৰ্যালয় মুকলি। ভ্ৰাম্যমাণ নাট্যজগতৰ নৱতম সংযোজন ৰাজধানী থিয়েটাৰৰ মান্দাকাটাস্তিত মুখ্য কাৰ্যালয় মূকলি অনুষ্ঠান।এই অনুষ্ঠানত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী। মুকলি কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক হেমন্ত দত্তই।

কেইবাগৰাকী জেষ্ঠ অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ ৰাজধানী থিয়েটাৰৰ ২০২৪-২০২৫ নাট্যবৰ্ষৰ তিনিখন নাট মঞ্চস্থ কৰাৰ লক্ষ্যৰে অভিজিৎ ভট্টাচাৰ্যৰ “মচি দিম তোমাৰ সেন্দুৰ,তপস্যা আৰু লগতে ৰাজদ্বীপৰ “বিশ্বনাথ জীয়াই আছে,এই তিনিখন নাট প্ৰদৰ্শন কৰা হব বুলি জানিবলৈ দিছে থিয়েটাৰ কৰ্তৃপক্ষই। মান্দাকাটাৰ কুমনগৰত বহুকেইগৰাকী বিশিষ্ট অভিনেতা অভিনেত্ৰীৰ উপস্থিতিত মুখ্য কাৰ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এইবাৰ ৰাজধানী থিয়েটাৰৰ মূল আকৰ্ষণ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা।

তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিনিধি সভাৰ ব্যাপক প্ৰস্তুতি…

তামুলপুৰ জিলাৰ তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও মন্দিৰ প্ৰাংগণত অহা ২৫ আৰু ২৬ ডিচেম্বৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ প্ৰতিনিধি সভাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে সভাৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। কাৰ্যসূচী অনুসৰি ২৫ ডিচেম্বৰৰ পুৱাৰ ভাগত বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ দ্বাৰা মুখ্যদ্বাৰ উন্মোচনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতেই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব যুৱ নেতা সোমনাথ বসুমতাৰীয়ে।

ইয়াৰ পিছতেই ৰভা উন্মোচন, মঞ্চ উদ্বোধন, স্বেচ্ছাসেৱকৰ শিবিৰ মুকলি, প্ৰতিনিধি শিবিৰ আদি মুকলি কৰি দিনযোৰা কাৰ্যসূচী পিছত ২৬ ডিচেম্বৰৰ পুৱাৰে পৰা বৃক্ষৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ অন্তত দুপৰীয়া অনুষ্ঠিত হব মুকলি অধিৱেশন। তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি বিমল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হব লগীয়া মুকলি অধিৱেশন খন উদ্ধোধন কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব এবছুৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই ল’বনে…

বৃহস্পতিবাৰে ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি নিৰ্বাচিত হয় ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং৷ দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে সঞ্জয় সিংকে ধৰি সকলো নৱনিৰ্বাচিত বিষয়াক নিলম্বন কৰে। অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াই ক্ৰীড়া মন্ত্ৰালয়ে নতুন মল্লযুঁজ সন্থা নিলম্বন কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। দেওবাৰৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ডব্লিউ এফ আই নিলম্বন কৰে ক্ৰীড়া মন্ত্ৰালয়ে। মন্ত্ৰালয়ে কয় যে নৱনিৰ্বাচিত সংগঠনটো যেন পূৰ্বৰ বিষয়ববীয়াসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। এইটো ক্ৰীড়া সংহিতা উলংঘা কৰা হৈছে।

সঞ্জয় সিং সভাপতি নিৰ্বাচিত হোৱাৰ পিছত সাক্ষী মালিকে অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ উপৰিও বজৰং পুনিয়াইও ইয়াৰ প্ৰতিবাদত পদ্মশ্ৰী ঘূৰাই দিছিল। লগতে প্ৰদানমন্ত্ৰী মোদীলৈ এখন চিঠিও লিখিছিল। বজৰং পুনিয়াই কয় যে চৰকাৰে ব্রিজ ভূষণ আৰু তেওঁৰ ঘনিষ্ঠ লোকসকলক মল্লযুঁজৰ পৰা আঁতৰাই ৰাখে যদিহে তেওঁ পদ্মশ্ৰী ঘূৰাই ল’বলৈ সাজু। পুনিয়াই কয়, চৰকাৰে সঠিক সিদ্ধান্ত লৈছিল। বজৰং পুনিয়াই কয়, প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক “দেশদ্ৰোহী” আখ্যা দিয়া সকলোৱে ব্রিজ ভূষণৰ বাবে কাম কৰিছিল। চৰকাৰে আমাক পদ্মশ্ৰী দিলে কাৰণ আমি দেশৰ বাবে ভাল কাম কৰিছিলোঁ। মই মোৰ পদ্মশ্ৰী নিশ্চয় ঘূৰাই লম। আমি দেশৰ বাবে তেজ আৰু ঘাম দিছো।