Home Blog Page 1141

স্কুল ক্ৰাছক জীৱন সংগী কৰিলে চি এছ কেৰ খেলুৱৈ তুষাৰ দেশপাণ্ডে…

তুষাৰ দেশপাণ্ডে আই পি এল ২০২৪ঃ চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈ তুষাৰ দেশপাণ্ডে বিবাহপাশত আৱদ্ধ। তুষাৰে নভা গদামৱাৰক নিজৰ জীৱন সংগী হিচাপে বাচি লয়। তুষাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে তেওঁৰ বিবাহ সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰে। পত্নী নভাৰ সৈতেও কিছু ছবি শ্বেয়াৰ কৰিছে। ঘনিষ্ঠ আত্মীয়ৰ লগতে কিছু বন্ধুকো তুষাৰৰ বিয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল।তুষাৰ আৰু নভাই স্কুলৰ সময়ৰ পৰাই চিনাকী। ইয়াৰ পিছত তেওঁলোকেও কলেজত একেলগে পঢ়া-শুনা কৰিছিল। এতিয়া দুয়ো বিয়াৰ বান্ধোনত বান্ধ খাইছে। তুষাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বিয়াৰ ফটো। ২১ ডিচেম্বৰত দুয়োৰে বিয়া হৈছিল। ইয়াৰ পূৰ্বে ১২ জুনত এংগেজমেণ্ট হৈছিল। নভা তুষাৰৰ স্কুলৰ ক্ৰাছ আছিল আৰু এতিয়া বহু বছৰৰ পিছত দুয়োৰে বিয়া হৈছিল।

তুষাৰ চেন্নাই ছুপাৰ কিংছৰ এজন গুৰুত্বপূৰ্ণ বলাৰ। বহুবাৰ দলৰ হৈ তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। ঘৰুৱা মেচতো তুষাৰৰ ভাল অভিলেখ আছে। তুষাৰে আই পি এলত এতিয়ালৈকে ২৩খন মেচ খেলিছে। এই সময়ছোৱাত ২৫টা উইকেট লোৱা হৈছে। আই পি এলৰ এখন মেচত তুষাৰৰ সৰ্বোত্তম প্ৰদৰ্শন ৪৫ ৰানত ৩টা উইকেট দখল কৰিছে। তুষাৰে প্ৰথম শ্ৰেণীৰ ৩০খন খেলত ৮১টা উইকেট দখল কৰিছে। তেওঁ ৪০ খন তালিকা ক খেলত ৫১ টা উইকেট দখল কৰিছে। ইয়াৰ লগে লগে তেওঁ এতিয়ালৈকে খেলা ৬৭ খন টি-২০ মেচত ৯৯ টা উইকেট দখল কৰিছে।

আজি ছহিদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী…

আজি ছহিদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যচৰকাৰৰ সাংস্কৃতি পৰিক্ৰমা বিভাগৰ জৰিয়তে বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত ছহিদ গৰাকীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত হয় গহপুৰ হাইস্কুল খেলপথাৰত। অংশগ্ৰহন কৰে
অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বৰাই। পুৱা কনকলতা বৰুৱাৰ কুটীৰৰ পৰা এক শোভাযাত্ৰা বাহিৰ কৰা হয়।তাৰ পিছতে চহিদ কনকলতা বৰুৱাৰ প্ৰতিমুৰ্তিত পুষ্পাঞ্জলী অৰ্পন কৰে সকলোৱে। ১৯২৪ চনৰ ২২ ডিচেম্বৰত জন্ম লাভ কৰা কনকলতা বৰুৱাই ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহন কৰি ৪২ ৰ ২০ চেপ্তেম্বৰত বৃটিছ পুলিছৰ গুলীত প্ৰান আহুতি দিব লগা হৈছিল। গহপুৰৰ পশ্চিম দিশৰ পৰা মৃত্যু বাহিনীৰ মূল স্বেচ্ছাসেৱিকা গৰাকীয়ে আছিল কনকলতা বৰুৱা।

মূখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ কনকলতা মুকুন্দ কাকতিৰ প্ৰতিমুৰ্ত্তীত পুষ্পাঞ্জলী অৰ্পন কৰাৰ পিছতেই ঐতিহাসিক গহপুৰ থানাখন পৰিদৰ্শন কৰে।তাৰ পিছতে মূখ্যমন্ত্ৰীয়ে গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মূল সভাত অংশ গ্ৰহন কৰে। শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালক সভাত মূখ্যমন্ত্ৰীয়ে নিজ হাতে সম্বৰ্ধনা জ্ঞাপন কৰে।তাৰ পিছতেই কনকলতা বৰুৱাৰ ভাতৃ কালিচৰন বৰুৱাৰ “কনকলতা বৰুৱা অন্যান্য” শীষক গ্ৰন্থখনি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ভাষনত কয় যে কনকলতা বৰুৱাৰ বাসগৃহ চৰকাৰী ভাৱে সংৰক্ষন হ’ব। ৩০ কোটি টকা ব্যয়েৰে ছহিদগৰাকীয়ে জন্ম গ্ৰহন কৰা গাওঁ বৰঙাবাৰী অঞ্চল উন্নত কৰি তুলিব। সভাত চহিদ কনকলতা বৰুৱাৰ আৰ্দশেৰে আত্ম নিৰ্ভৰ ভাৰত,আত্ম নিৰ্ভৰ অসম গঢ়িবলৈ সকলোকে আহ্বান জনায় সকলোকে। কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৫০০ বিঘামাটি চৰকাৰক দিবলৈ আহ্বান জনায়।

খালী পেটতে এই ৫ টা ফল খাবলৈ আৰম্ভ কৰক, চৰ্দি আৰু কাহৰ পৰা সকাহ পাব…

সুস্থ হৈ থাকিবলৈ আৰু ৰোগৰ পৰা আঁতৰি থাকিবলৈ ফল-মূল খোৱাটো অতি স্বাস্থ্যকৰ। আমি যিকোনো সময়তে ফল-মূল খাব পাৰো, কিন্তু আপুনি জানেনে যে এনেকুৱা এটা সময় আছে যেতিয়া ফল-মূল খোৱাটো অধিক উপকাৰী। ডায়েবেটিছ, ৰক্তচাপ, মেদবহুলতা আদি ৰোগে প্ৰায় সকলোকে অশান্তি দিছে। এই ৰোগবোৰৰ পৰা সকাহ পাবলৈ হ’লে খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগিব। আজি আমি আপোনালোকক ক’ম কিছুমান ফলৰ বিষয়ে যিবোৰ আপুনি ৰাতিপুৱা খাব পাৰে আৰু ওজন কমাবলৈ। জানো আহক এই বিষয়ে…

তৰমুজত ভিটামিন এ,বি৬,চি,পটাছিয়াম,মেগনেছিয়াম,থাইয়ামিন,ফছফৰাছ,কেলচিয়াম,লাইকোপেনকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। খালী পেটত তৰমুজ খাব পাৰে।

অমিতাত কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন, ভিটামিন চি, ভিটামিন এ, ভিটামিন বি ৯, পটাছিয়াম আৰু মেগনেছিয়ামকে ধৰি বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। অমিতা খালে পাচনতন্ত্ৰ ঠিকেই থাকে।

আপেল খাবলৈ সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। আপেল কালে পাচনতন্ত্ৰ ঠিকেই থাকে আৰু আপুনি বেছি ভোক অনুভৱ নকৰে, যাৰ ফলত আপুনি অতিমাত্ৰা খাদ্য গ্ৰহণ কৰিব নোৱাৰে।

খালী পেটত কল খোৱাতকৈ উত্তম বিকল্প থাকিব নোৱাৰে। কল খালে শৰীৰত তৎক্ষণাত শক্তি লাভ কৰে। কাৰ্বহাইড্ৰেটৰ লগতে ইয়াত প্ৰাকৃতিক চেনি আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। প্ৰতিদিনে পুৱা কল খালে ওজন নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰও সুস্থ হৈ থাকে।

কিউইত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন ই, ভিটামিন কে আৰু পটাছিয়াম আৰু ফলেটকে ধৰি বহুতো প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট থাকে। খালী পেটত কিউই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে ওজন কমাতো সহায় কৰে।

Jafa Achiever Awardৰ বিভিন্ন শিতানৰ বঁটা ঘোষণা…

ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফৰ আছাম চমুকৈ জাফা’ই ২০২৩-২৪ বৰ্ষৰ Jafa Achiever Award ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে। ২০২৩-২৪ বৰ্ষৰ Jafa Achiever Award ৰ বিভিন্ন শিতানৰ বটা প্ৰাপক সকল হ’ল ক্ৰমে –

Journalism শিতানত

পৰম প্ৰকাশ গগৈ ( অসমীয়া প্ৰতিদিন)

দিগন্ত ডেকা (দৈনিক জনমভূমি)

সঞ্জীৱ কলিতা ( দৈনিক পূৰ্বোদয়)

ৰাণা ডেকা ( এন কে টিভি)

মমতা মিশ্ৰ (দ্য আসাম ট্ৰিবিউন)

Photo Journalism শিতানত
আব্দুল চাজিদ (ইউ বি ফটো)

Video Journalism শিতানত
কুমাৰ নৃপেন্দ্ৰ ৰাজবংশী ( নিউজ ১৮ অসম নৰ্থ ইষ্ট)

News Anchor শিতানত
মঞ্জুশ্ৰী কলিতা
( নিউজ লাইভ)

Sports Journalism শিতানত
সুবোধ মল্ল বৰুৱা( দৈনিক অসম)

Best School Of Journalism শিতানত
ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন এণ্ড মিডিয়া ষ্টাডিছ গুৱাহাটী

For Excellence In Police Service শিতানত
নিতুল গগৈ ( আই জি পি, এডমিন, অসম আৰক্ষী)

Dynamic Youth Leadership শিতানত
গীতাৰ্থ গোস্বামী
( সদস্য সচিব ,এচ এল এ চি )

For Excellence In Medical Service শিতানত
হেল্থ চিটি হাস্পতাল, গুৱাহাটী

Inspiring Educationist শিতানত
ড° ৰণজিৎ ডেকা
( অধ্যক্ষ তথা পৰিচালন সঞ্চালক , আনন্দৰাম বৰুৱা একাডেমী পাঠশালা )

Inspiring Personality শিতানত
অকণ শইকীয়া ( সমাজকৰ্মী তথা উদ্যোগী)

Social Service শিতানত
মহাজন ক্ৰ ( সমাজকৰ্মী)

Social Influencer শিতানত
সময় গগৈ (ইউটিউবাৰ)

Popular Singer শিতানত
পাপৰি গগৈ ( কণ্ঠশিল্পী)

For Entrepreneur শিতানত
নিপুল কলিতা ( উদ্যোগী)

For youth Activisit শিতানত
বিদ্যুত বিকাশ বৈশ্য ( যুৱ ৰাজনীতিক)

অহা ৬ জানুৱাৰীত দিছপুৰ লাষ্টগেটৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত Jafa Achiever Award ৰ বঁটা সমূহ প্ৰদান কৰা হ’ব। আনহাতে এই অনুষ্ঠানতে ৰাজ্যৰ আন কেইজনমান সমাজকৰ্মী, চিকিৎসক, ছাত্ৰ নেতা, ৰাজনীতিকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হ’ব। এই অনুষ্ঠানত সম্বৰ্ধিত হ’ব লগা বিশিষ্ট ব্যক্তি সকল হ’ল ক্ৰমে – ভৰত শৰ্মা, ৰিকেশ আগৰৱালা, নুৰুল হক চৌধুৰী, প্ৰশান্ত ইংতি, যোগেশ তামুলী, ডা: নিতুল দাস, ঋষিকেশ কলিতা, জেঠমাল মালো আদি।

জাফা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই আজি এক বিবৃতি যোগে Jafa Achiever Awardৰ বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২১ গৰাকী গ্ৰাম্য সাংবাদিককো সেই দিনাই জাফা’ই বঁটা প্ৰদানৰে সন্মানিত কৰিব।

আয়তকৈ অধিক সম্পত্তিঃ পত্নীসহ তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত তামিলনাডুৰ উচ্চ শিক্ষামন্ত্ৰী

আয়তকৈ অধিক সম্পত্তি আহৰণ কৰি বিপদত পৰিল তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী কে পোনমুদি আৰু তেওঁৰ পত্নী। মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। দম্পতীহালক ৫০ লাখ টকাৰ জৰিমনাও বিহা হৈছে। উপাৰ্জনতকৈ অধিক সম্পত্তি আহৰণ কৰাৰ বাবেই মন্ত্ৰী আৰু তেওঁৰ পত্নীক কাৰাদণ্ড বিহা হৈছে। দম্পতীহালৰ বিৰুদ্ধে প্ৰথম এজাহাৰ ২০০২ চনত পঞ্জীয়ন কৰা হৈছিল। অভিযোগ কৰা হৈছিল যে ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত যেতিয়া ৰাজ্য খনত এআইএডিএমকে শাসনত আছিল, কে পোনমুদি আৰু তেওঁৰ পত্নীৰ সম্পত্তি তেওঁলোকৰ উপাৰ্জনৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে বৃদ্ধি পাইছিল। দুয়োৰে বিৰুদ্ধে ১.৪ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তি আহৰণৰ অভিযোগ উত্থাপন হৈছিল।


গোচৰটোত ৰায়দান কৰি ন্যায়াধীশ জি জয়চন্দ্ৰনে মন্তব্য কৰে, “আন কোনো বিভাগ নহয়, তেওঁ উচ্চ শিক্ষা বিভাগৰ দায়িত্বত আছিল। তেওঁ এনে কাৰ্যৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ ক্ষতি কৰিছে।’’ মন্ত্ৰীগৰাকীৰ অধিবক্তাই অনুৰোধ কৰিছিল যে ৭৩ আৰু ৬০ বছৰ বয়সৰ দুগৰাকী ব্যক্তিৰ বয়সৰ কথা বিবেচনা কৰি শাস্তি হ্ৰাস কৰিব লাগে। অৱশ্যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিবলৈ ৩০ দিনৰ সময় বান্ধি দিছে। যদি তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপায়, তেন্তে আত্মসমৰ্পণ কৰিব লাগিব।এই ৰায়ে তামিলনাডুত জোকাৰণিৰ সৃষ্টি কৰিছে।

মৰিগাঁও জিলাৰ কৃষি বিভাগৰ উদ্যোগত মূল্য সংযোজন বিত্তীয় সন্মিলনৰ শুভাৰম্ভ…

মৰিগাঁও জিলা কৃষি বিভাগ আৰু মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART) ৰ উদ্যোগত তথা সমাহাৰ প্ৰকল্পৰ অধীনত আজি মৰিগাঁও পবিতৰা প্ৰেক্ষাগৃহত ‘মূল্য সংযোজন বিত্তীয় সন্মিলন’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভনি কৰি জিলা আয়ুক্ত শ্ৰীযুত দেবাশীষ শৰ্মাই আধুনিক কৃষি ব্যৱস্থা, কৃষি বিভাগে ৰূপায়ন কৰা বিভিন্ন আঁচনি, কৃষক সকলে দোপত দোপে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে। সন্মিলনত নগাঁও, দৰং আৰু মৰিগাঁও জিলাৰ বিভিন্ন কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া, খণ্ড কাৰিকৰী প্ৰবন্ধক, সহকাৰী প্ৰযুক্তি প্ৰবন্ধক আৰু প্ৰগতিশীল কৃষক উপস্থিত থাকে।

জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ জিলা নডেল বিষয়া তপন কুমাৰ ব্ৰহ্ম, সহকাৰী কৃষি সঞ্চালক ড০ মুনীন শৰ্মা, ৰংগ-দেৰ সম্বন্বয়ক হিমাংশু গায়ন, এপাৰ্টৰ অৰ্থনৈতিক বিশেষজ্ঞ ফজলুল কবিৰ বৰা, প্ৰগাম মেনেজাৰ অংশুমান কাকতি, ই এছ এ এফ প্ৰজেক্ট মেনেজাৰ অৰ্নৱ গোস্বামী, সমোন্নতিৰ মুখ্য প্ৰকল্প বিষয়া পংকজ বৰ্মন, ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাৱ নেছনেল বেংকৰ মুখ্য পৰিচালক, কালগুদি, গ’ গ্ৰীণ ইত্যাদিৰ বিষয়া তথা প্ৰতিনিধি আৰু জিলা কৃষি বিভাগ আৰু কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

সংসদৰ পৰা পুনৰ তিনি সাংসদক নিলম্বন, মুঠ নিলম্বিতৰ সংখ্যা ১৪৬লৈ বৃদ্ধি, বিৰোধী বিহীন সংসদত গৃহীত হ’ল নিৰ্বাচন আয়ুক্ত বিধেয়ক, ২০২৩

সংসদৰ শীতকালীন অধিৱেশন সমাপ্ত হ’বলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে বৃহস্পতিবাৰেও সংসদৰ পৰা তিনিগৰাকী সাংসদক নিলম্বন কৰা হয়৷ তেওঁলোক আটাইকেইজনেই কংগ্ৰেছৰ সাংসদ।ফলত নিলম্বিত বিৰোধী সাংসদৰ সংখ্যা ১৪৬লৈ বৃদ্ধি পালে৷ইয়াৰ ভিতৰত লোকসভাৰ নিলম্বিত সাংসদৰ সংখ্যা হৈছে ১০০ গৰাকী। আজি নিলম্বন কৰা হৈছে কংগ্ৰেছ সাংসদ দীপক বাইজ, নকুল নাথ আৰু ডি কে সুৰেশক৷ ১৩ ডিচেম্বৰৰ সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰাৰ সময়ত লোকসভা আৰু ৰাজ্যসভা দুয়োৰে কাম-কাজত ব্যাঘাত সৃষ্টি কৰা আৰু শ্ল’গান দিয়াৰ বাবে ১৪ ডিচেম্বৰৰ পৰা ১৪০জনতকৈও অধিক বিৰোধী সাংসদক নিলম্বন কৰা হৈছে।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছৰ তিনিজন সাংসদক সদনত প্ৰতিবাদ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল। প্ৰশ্নকাল গ্ৰহণ কৰাৰ লগে লগে বিৰোধী সাংসদসকলে শ্ল’গান দিয়া শুনা গৈছিল। প্ৰশ্নকাল সমাপ্ত হোৱাৰ লগে লগে অধ্যক্ষই প্ৰতিবাদকাৰী সদস্যসকলক সতৰ্ক কৰি দিয়ে আৰু কংগ্ৰেছৰ তিনিজন সাংসদৰ নাম উল্লেখ কৰে। ৪ ডিচেম্বৰত আৰম্ভ হোৱা অধিৱেশনত ১৪ ডিচেম্বৰত ১৪গৰাকী, সোমবাৰে আন ৭৮গৰাকী আৰু মঙলবাৰে ৪৯গৰাকী আৰু আজি আৰু দুজন সাংসদক নিলম্বিত কৰা হয়। বৃহস্পতিবাৰে ইণ্ডিয়া ব্লকৰ সাংসদসকলে বৃহস্পতিবাৰে বিৰোধী আইন প্ৰণেতাসকলক নিলম্বন কৰাৰ প্ৰতিবাদত সংসদৰ পৰা দিল্লীৰ বিজয় চ’কলৈ যাত্ৰা কৰে৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ ভিতৰত নিৰাপত্তা উলংঘনৰ বিষয়ত কথা নক’লে সংসদীয় বিশেষাধিকাৰ উলংঘা কৰিছে। লক্ষণীয়ভাৱে সাংসদসকলক নিলম্বন কৰাৰ পাছত সংসদে আজি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্তাৱলী আৰু কাৰ্যকাল) বিধেয়ক, ২০২৩ গৃহীত কৰে। এই বিধেয়কখনে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিয়োগৰ বাবে এটা প্ৰণালী স্থাপন কৰিব বিচাৰিছে। সংসদে দূৰসংযোগ বিধেয়ক, ২০২৩ও গৃহীত কৰে যিয়ে চৰকাৰক ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত অস্থায়ীভাৱে টেলিকম সেৱাৰ নিয়ন্ত্ৰণ ল’বলৈ অনুমতি দিব বিচাৰে আৰু উপগ্ৰহ স্পেকট্ৰাম আৱণ্টনৰ বাবে এক নিলামবিহীন পথ প্ৰদান কৰিব বিচাৰে। বৃহস্পতিবাৰে সংসদৰ পৰা পুনৰ কংগ্ৰেছৰ তিনিগৰাকী সাংসদক নিলম্বন কৰা হয়৷ ইয়াৰ লগে লগে নিলম্বিত বিৰোধী সাংসদৰ সংখ্যা ১৪৬লৈ বৃদ্ধি পালে৷ আজি নিলম্বন কৰা হৈছে কংগ্ৰেছ সাংসদ দীপক বাইজ, নকুল নাথ আৰু ডি কে সুৰেশক৷

১৩ ডিচেম্বৰৰ সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰাৰ সময়ত লোকসভা আৰু ৰাজ্যসভা দুয়োৰে কাম-কাজত ব্যাঘাত সৃষ্টি কৰা আৰু শ্ল’গান দিয়াৰ বাবে ১৪ ডিচেম্বৰৰ পৰা ১৪০জনতকৈও অধিক বিৰোধী সাংসদক নিলম্বন কৰা হৈছে।লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছৰ তিনিজন সাংসদক সদনত প্ৰতিবাদ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল। প্ৰশ্নকাল গ্ৰহণ কৰাৰ লগে লগে বিৰোধী সাংসদসকলে শ্ল’গান দিয়া শুনা গৈছিল। প্ৰশ্নকাল সমাপ্ত হোৱাৰ লগে লগে অধ্যক্ষই প্ৰতিবাদকাৰী সদস্যসকলক সতৰ্ক কৰি দিয়ে আৰু কংগ্ৰেছৰ তিনিজন সাংসদৰ নাম উল্লেখ কৰে।৪ ডিচেম্বৰত আৰম্ভ হোৱা অধিৱেশনত ১৪ ডিচেম্বৰত ১৪গৰাকী, সোমবাৰে আন ৭৮গৰাকী আৰু মঙলবাৰে ৪৯গৰাকী আৰু আজি আৰু দুজন সাংসদক নিলম্বিত কৰা হয়।বৃহস্পতিবাৰে ইণ্ডিয়া ব্লকৰ সাংসদসকলে বৃহস্পতিবাৰে বিৰোধী আইন প্ৰণেতাসকলক নিলম্বন কৰাৰ প্ৰতিবাদত সংসদৰ পৰা দিল্লীৰ বিজয় চ’কলৈ যাত্ৰা কৰে৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ ভিতৰত নিৰাপত্তা উলংঘনৰ বিষয়ত কথা নক’লে সংসদীয় বিশেষাধিকাৰ উলংঘা কৰিছে।

লক্ষণীয়ভাৱে সাংসদসকলক নিলম্বন কৰাৰ পাছত সংসদে আজি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্তাৱলী আৰু কাৰ্যকাল) বিধেয়ক, ২০২৩ গৃহীত কৰে। এই বিধেয়কখনে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিয়োগৰ বাবে এটা প্ৰণালী স্থাপন কৰিব বিচাৰিছে। সংসদে দূৰসংযোগ বিধেয়ক, ২০২৩ও গৃহীত কৰে যিয়ে চৰকাৰক ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত অস্থায়ীভাৱে টেলিকম সেৱাৰ নিয়ন্ত্ৰণ ল’বলৈ অনুমতি দিব বিচাৰে আৰু উপগ্ৰহ স্পেকট্ৰাম আৱণ্টনৰ বাবে এক নিলামবিহীন পথ প্ৰদান কৰিব বিচাৰে।

শতাধিক বিৰোধী সাংসদক নিলম্বনৰ বিৰুদ্ধে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পদযাত্ৰাৰে প্ৰতিবাদ, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ বিবৃতি দাবী

শতাধিক বিৰোধী সাংসদক নিলম্বনৰ বিৰুদ্ধে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পদযাত্ৰাৰে প্ৰতিবাদ সাৱস্ত্য কৰে। সংসদৰ পৰা বিৰোধী দলৰ শতাধিক সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটে বৃহস্পতিবাৰে পদযাত্ৰা কৰে। বিৰোধী দলৰ সাংসদসকলে সংসদৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটিৰ বিৰুদ্ধে সৰব হৈ পৰে। আজি অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন বিজেপি বিৰোধী দলৰ সাংসদসকলে পুৰণি সংসদ ভৱনৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা বিজয় চকলৈ পদযাত্ৰা কৰে। তেওঁলোকে “গণতন্ত্ৰ বচাওক” বুলি লিখা বেনাৰপ্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে।কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলেও এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী, সঞ্জয় ৰাউত আৰু ৰাম গোপাল যাদৱে পদযাত্ৰাত ভাগলৈ মোদী বিৰোধী শ্ল’গান দিয়ে। সাংসদসকলে কয়, “স্বৈৰাচাৰীতাৰে কাম নকৰিব।’’ পিছত, নিলম্বিত সাংসদসকলে নতুন সংসদলৈ যায় আৰু গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত একত্ৰিত হয়। ৰাহুল গান্ধীয়েও এই পদযাত্ৰাীত যোগদান কৰে।

সংসদত নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহৰ বিবৃতি দাবী কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, “আমি সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি বিচাৰিছিলো। মই গৃহমন্ত্ৰীৰ পৰা এটা বিবৃতি বিচাৰিছিলো। কিন্তু তেওঁলোক সংসদলৈ অহা নাই। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত এই সন্দৰ্ভত বক্তব্য ৰাখিছে। কিন্তু তেওঁ সংসদত একো কোৱা নাই। এয়া নিয়ম বিৰোধী। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে সংসদত বক্তব্য ৰখা উচিত।’’ খাৰ্গেই সাংসদসকলক নিলম্বন কৰাৰ বিষয়েওপ্ৰশ্ন উত্থাপন কৰে। তেওঁ দাবী কৰে যে চৰকাৰে সংসদ সুস্থিৰভাবে চলাবলৈ নিদিয়ে। এই নিলম্বন সংসদীয় নিয়মৰ বিৰুদ্ধে আৰু এয়া অবৈধ। কংগ্ৰেছৰ সভাপতিজনে অভিযোগ কৰে যে ধনখৰে তেওঁৰ ‘জাট’ পৰিচয়ৰ প্ৰসংগ উলিয়াই জাতিগত সহানুভূতি লাভ কৰাৰ চেষ্টা কৰিছে।

ভাৰতত ৪ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিষিদ্ধ হ’ল কাহৰ দৰব…

ভাৰতত ৪ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিষিদ্ধ হ’ল কাহৰ দৰব

ভাৰতত চাৰি বছৰৰ তলৰ কোনো শিশুকে কাহৰ দৰব খুৱাব পৰা নাযাব। চৰকাৰে এইক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা।শেহতীয়াকৈ ভাৰতত উৎপাদিত কফ চিৰাপ খাই বিশ্বৰ কেইবাখনো দেশত ১৪১ টি শিশুৰ মৃত্যু ঘটিছে। এনে ঘটনাৰ পিছতে অতি কম বয়সৰ শিশুসকলৰ বাবে যে বজাৰত এতিয়া উপলব্ধ কফ চিৰাপ নিৰাপদ নয় সেই কথা চৰকাৰে উপলব্ধি কৰিছে। এনেবোৰ দিশ ফঁহিয়াই চাই কেন্দ্ৰই চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কফ চিৰাপ ব্যৱহাৰৰ বিষয়ত এক কঠোৰ সিদ্ধান্ত লৈছে।

ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে বৃহস্পতিবাৰে চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কাহৰ ঔষধৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই কৈছে যে অননুমোদিত কফ চিৰাপসমূহ কম বয়সৰ শিশুৰ বাবে কিমান নিৰাপদ সেই কথাত সন্দেহ আছে। সেয়ে বিষয়টো সন্দৰ্ভত আলোচনাৰ পিছত চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত কাহৰ ঔষধ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জাম্বিয়া, উজবেকিস্তান আৰু কেমেৰুনত ২০১৯ চনৰ পৰা এতিয়ালৈকে কফ চিৰাপ খাই কমেও ১৪১ টি শিশুৰ মৃত্যু হৈছে।


কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকে কয় যে দেশত প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰাৰ পিছত ২০১৯ চনত কমেও ১২ টি শিশুৰ মৃত্যু হৈছিল। বিষক্ৰিয়াৰ ফলত চাৰিটা শিশু শাৰীৰিকভাৱে অক্ষম হৈ পৰিছিল। কম দামত জীৱন ৰক্ষাকাৰী ঔষধৰ যোগানৰ বাবে ভাৰতক “বিশ্বৰ ফাৰ্মাচী” বুলি কোৱা হয়। অৱশ্যে, যোৱা কেইবছৰমানত শিশুৰ ঔষধসমূহ কিমান নিৰাপদ তাকে লৈ বিভিন্ন অভিযোগ উত্থাপিত হৈছে। এনে পৰিস্থিতিত ঔষধ নিয়ন্ত্ৰক সংস্থা ফিক্সড ড্ৰাগ কম্বিনেচন (এফডিচি)য়ে নতুন নিৰ্দেশনা জাৰি কৰিছে। চাৰি বছৰৰ তলৰ শিশুৰ কাহৰ ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত ১৮ ডিচেম্বৰতে লোৱা হৈছিল যদিও শেহতীয়াকৈ সেয়া ৰাজহুৱা কৰা হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে কৈছে যে এতিয়াৰে পৰা কাহৰ ঔষধৰ বটলবোৰৰ ওপৰত বিশেষ সতৰ্কবাণী লিখা হ’ব। এইবুলি লিখা হ’ব যে এই ঔষধবিধ চাৰি বছৰৰ তলৰ শিশুৰ বাবে সুৰক্ষিত নহয়।

ব্ৰীজভূষণৰ অনুগতৰ জয়লাভঃ প্ৰতিবাদ জনাই মল্লযুঁজৰ পৰাই অৱসৰ ল’লে সাক্ষী মালিকে…

প্ৰতিবাদৰ জুইকুৰা যেন উমি উমি জ্বলি আছে মল্লযোদ্ধাৰ মনত। পুনৰ তাৰেই বহিঃ প্ৰকাশ ঘটিল। একাংশ মল্লযোদ্ধা যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভাৰতীয় মহিলা মল্লযোদ্ধাই অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ আদায় কৰিছিল দেশবাসীৰ প্ৰভূত সমৰ্থন আৰু সহযোগিতা৷ কিন্তু, মূৰকত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল তেওঁলোক৷ এতিয়া ব্ৰীজভূষণৰ অনুগতক ভাৰতীয় মল্লযুদ্ধ ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত কৰাত ক্ষোভত ফাটি পৰিছে সাক্ষী মালিক, ভিনেশ ফোগাট আৰু বজৰং পুনিয়া৷

ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী সাক্ষী মালিক আজি এখন সংবাদমেলক আৱেগিক হৈ পৰা দেখা গ’ল৷ সাক্ষীয়ে কয় যে তেওঁ মল্লযুদ্ধৰ কেৰিয়াৰ ত্যাগ কৰিবলৈ গৈ আছে৷ ব্ৰীজভূষণ শৰণ সিঙৰ অনুগত সঞ্জয় সিঙে ৰেছলিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবেও সাক্ষীয়ে হতাশা ব্যক্ত কৰে।বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত বহুপ্ৰতীক্ষিত ডব্লিউএফআই নিৰ্বাচনত সঞ্জয় সিঙে কমনৱেলথ গেমছৰ প্ৰাক্তন স্বৰ্ণপদক বিজয়ী অনিতা শ্বেওৰানক ভোটত পৰাস্ত কৰে। সাক্ষীয়ে লগতে কয় যে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্ৰীজভূষণ শৰণ সিঙৰ পৰিয়াল আৰু ঘনিষ্ঠ সহযোগীসকলক অনুমতি নিদিয়াৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ে মল্লযোদ্ধাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। সাক্ষীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ মল্লযুদ্ধ ফেডাৰেচনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় সিং ব্ৰীজভূষণ শৰণ সিঙৰ সোঁহাত। টকিঅ’ অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াৰ সৈতে সংবাদমেল সম্বোধন কৰা সাক্ষী মালিক ভাগি পৰে৷ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অশ্ৰুধাৰা৷